তিনিবছৰ অতি কষ্টেৰে পাৰ কৰাৰ পাছত পান্ধাৰীনাথ আৰু কৌশল্যা শেলকেই ফ্ৰেব্ৰুৱাৰীত নিজৰ পুত্ৰৰ বিবাহকাৰ্যৰ দিন চূড়ান্ত কৰিছে। 'কন্যা বিচাৰি যাওতে নাকচ কৰাৰ অপমান কথাৰে বৰ্ণনা কৰিব নোৱাৰি। কন্যা ঘৰে আমাক সোধা প্ৰথম প্ৰশ্নটো হ'ল- খেতিৰ বাদে (দৰাৰ) আন কোনো উপাৰ্জনৰ বাট আছেনে?' ৫২ বছৰীয়া পান্ধাৰীনাথে দুখেৰে ক'লে।'
মহাৰাষ্ট্ৰৰ ওচমানাবাদ জিলাৰ খামাছৱাড়ী গাঁৱত থকা পৰিয়ালৰ চাৰি একৰ খেতিৰ মাটিত ২৬ বছৰীয়া ৰঞ্জিতে ছয়াবিন, বুট আৰু জোৱাৰৰ খেতি কৰে। পান্ধাৰীনাথে গাঁৱৰ ডাকঘৰত কেৰাণীৰ কাম কৰে, মাহে ১০ হাজাৰ টকা দৰমহা পায়। কিছুদিন ৰঞ্জিতেও চাকৰি বিচাৰিছিল, কিন্তু নাপালে। এতিয়া খেতিয়েই ৰঞ্জিতৰ উপাৰ্জনৰ একমাত্ৰ উৎস।
'এতিয়া নিজৰ জীয়ৰীক কোনেও খেতিয়কলৈ বিয়া দিব নিবিচাৰে। বিশেষকৈ খেতিয়ক অভিভাৱকে নিজৰ ছোৱালীক খেতিয়কলৈ বিয়া দিয়াৰ ক্ষেত্ৰত একেবাৰে অনিচ্ছুক। তেঁওলোকে ব্যক্তিগত মালিক মহাজনৰ পৰা অতি উচ্চ হাৰত সুদলৈ টকা লৈ জীয়ৰীৰ বিয়াৰ বাবে দৰাপক্ষক যৌতুক দিব, কিন্তু দৰাৰ চাকৰি থাকিব লাগিব। খেতিয়ক পৰিয়াললৈ ছোৱালী বিয়া নিদিয়ে।' ৰঞ্জিতৰ মাতৃ তথা কৃষি শ্ৰমিক কৌশল্যই ক'লে।
এটা সময়ত মাৰাঠাৱাড়াত খেতিয়ক ল'ৰাক দৰা হিচাপে পাবলৈ বহুতে কামনা কৰিছিল। কৃষিক্ষেত্ৰত বৰ্ধিত অনিশ্চয়তাই এই ধাৰণা সলনি কৰি দিলে। কৃষিকৰ্মত বিনিয়োগৰ বৰ্ধিত পৰিমাণ, বজাৰ মূল্যৰ অস্থিৰতা, অস্বাভাৱিক বতৰ আৰু গ্ৰাম্য ঋণ ব্যৱস্থালৈ নামি অহা অৱক্ষয়ে মাৰাঠাৱাড়াৰ অগণন কৃষকক ঋণৰ গভীৰ গহ্বৰলৈ নিক্ষেপ কৰিছে।
'কোনেও নিজৰ জীয়ৰীয়ে এজন কৃষকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা নাভাবে। চাকৰি থকা ল"ৰালৈ ছোৱালীক বিয়া দিবলৈ যৌতুকৰ বাবে উচ্চ হাৰৰ সুদত মহাজনৰ পৰা ঋণ ল'ব। কিন্তু খেতিয়ক ল'ৰালৈ ছোৱালী বিয়া নিদিয়ে', কৌশল্যাই ক'লে
সময় সলনি হৈছে। খামাছৱাড়ীৰ প্ৰতিষ্ঠিত ৬৫ বছৰীয়া কৃষক বাবাচাহেব পাটিলে ক'লে, 'মোৰ ২০ বছৰমান বয়সৰ সময়ত চৰকাৰী চাকৰিয়ালতকৈ খেতিয়ক ল'ৰাক বেচি পচন্দ কৰিছিল। নিজৰ ল'ৰা থকা এজন খেতিয়কে যৌতুক তথা আন উপহাৰ আদিৰ বাবে চৰ্ত আৰোপ কৰিব পাৰিছিল। কৃষিকাৰ্যত জড়িত থকাসকলৰ সামাজিক মৰ্যাদা আছিল আৰু উপাৰ্জন তুলনামূলকভাৱে সুস্থিৰ আছিল।'
'এতিয়া খেতিয়কৰ কোনো ভৱিষ্যত নাই।' হনুমান জগতাপে ক'লে। ১৯৯৭ চনৰ পৰা খামাছৱাড়ীৰ পৰা ৬৫ কিলোমিটাৰ নিলগৰ লাটুৰ টাউনত হনুমান জগতাপে বিবাহ কেন্দ্ৰ এটা চলাই আহিছে। এতিয়া বিবাহ উপযোগী জীয়ৰীৰ বাবে অভিভাৱকে গাঁৱৰ বাহিৰত থকা উপযুক্ত পাত্ৰৰ সন্ধান কৰিবলৈ কয়। 'কাৰণ গাঁৱৰ বাহিৰত থাকিলে নিশ্চয় চাকৰি কৰিব আৰু খেতিৰ সৈতে জড়িত হ'ব নালাগিব। কন্যাৰ পিতৃৰ বাবে ভাবী জোঁৱাইৰ শিক্ষা বা উপাৰ্জনতকৈ বেছি গুৰুত্ব দিয়া বিষয়টো হ'ল যে তেঁও খেতিয়ক হ'ব নালাগিব।' হনুমান জগতাপে ক'লে।
যোৱা এটা দশক ধৰি বিবাহৰ ক্ষেত্ৰত কন্যা পক্ষৰ মনোভাৱৰ এই পৰিৱৰ্তন তেঁও যোৱা এটা দশকত দেখিবলৈ পাইছে বুলি জগতাপে কয়। 'আগতে বিয়া এখন ঠিক কৰি দিবলৈ মোক পোন্ধৰ দিন সময় লাগিছিল, ব্যতিক্ৰম ক্ষেত্ৰত খুব বেছি দুমাহ সময়ৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া অতি কম হ'লেও ছমাহ সময় লাগে। কেতিয়াবা এবছৰ পৰ্যন্ত লাগে। মোৰ বেচিভাগ যোগাযোগ লাটুৰ টাউন আৰু গাঁৱত। ঔৰংগাবাদ, পুণে বা মুম্বাইৰ বেচি মানুহ মই চিনি নাপাও, কিন্তু এতিয়া বহুতো মানুহে নিজৰ ছোৱালীক এনেবোৰ ঠাইলৈ বিয়া দিব বিচাৰে।' জগতাপে ক'লে।
ইয়াৰ অৰ্থ এয়ে যে এতিয়া ২০ৰ পৰা ৩০ বছৰৰ মাজৰ বহুতো খেতিয়ক ল'ৰা অবিবাহিত হৈ থাকিবলগা হৈছে। গ্ৰামাঞ্চলত সাধাৰণতে এই বয়সৰ সীমাৰ ভিতৰত ল'ৰাৰ বিয়া হৈ যায়। পান্ধাৰীনাথে ক'লে। 'আমি ল'ৰাৰ ২৩-২৪ বছৰ হোৱাৰ পৰা ছোৱালীৰ সন্ধান কৰিছিলো।'

এই বছৰৰ ফেব্ৰুৱাৰীত পান্ধাৰীনাথ আৰু কৌশল্যাই নিজ পুত্ৰৰ বাবে কন্যা বিচাৰি পালে। ৰঞ্জিতলৈ বিয়া দিব বিচৰা ছোৱালীগৰাকী খেতিয়ক পৰিয়াল এটাৰ পঞ্চম গৰাকী জীয়ৰী। ঘৰ ওচৰৰ এখন গাঁৱত। 'দেউতাকে ইতিমধ্যে চাৰিগৰাকী জীয়ৰীক বিয়া দিছে। কৌশল্যাই ক'লে যে এতিয়া সেই মানুহজনে এইগৰাকী জীয়ৰীক বিয়া দিবলৈ কোনো ঠাইৰ পৰা ঋণ ল'বপৰা অৱস্থাত নাই। 'আমি ক'লো, আমাক তোমাৰ ছোৱালীৰ বাদে একো বস্তু নালাগে। আমি অত্যুৎসাহী হৈ পৰিলো, তেঁওৰো কোনো উপায় নাছিল। মাথোন তোমাৰ ছোৱালীৰ লগত মোৰ ল'ৰা ভালকৈ মিলি পৰক, সেয়ে লাগে। মোৰ নিজৰে আচৰিত লাগিল যে মোৰ কনিষ্ঠ পুত্ৰৰ বিবাহ অন্ততঃ অনুষ্ঠিত হ'ব।' কৌশল্যাই ক'লে।
'আমাৰ বহুত কষ্ট হ'ল যদিও আমি ইয়াৰ বাবে কাকো জগৰীয়া নকৰো। মোৰ এজনী ছোৱালী থকা হ"লে ময়ো একেধৰণেই ভাবিলোহেঁতেন। এজন খেতিয়ক পৰিয়ালৰ জীৱনৰ বিষয়ে ভালকৈ জানে। যদি উৎপাদন ভাল হয়, দাম পৰি যায়। যদি দাম বাঢ়ে, বতৰে আমাক বিপদত পেলায়। বেংকে আমাক নিয়ম উলংঘাকাৰী হিচাপে অভিযুক্ত কৰে। প্ৰতিজন খেতিয়কৰ ঋণ আছে। কোনে নিজৰ ছোৱালীক ঋণগ্ৰস্ত কৃষকলৈ বিয়া দিব বিচাৰিব?' পান্ধাৰীনাথে ক'লে।
বীড় জিলাৰ আম্দেজোগাই তালুকৰ গিৰৱলি গাঁৱৰ (খামছৱাড়ীৰ পৰা ৭০ কিলোমিটাৰ দুৰত্ব) দিগম্বৰ জিৰমাইলেও আমাক একে কথাকে ক'লে। 'মোৰ এজনী ১৯ বছৰীয়া ছোৱালী আছে। অহা দুবছৰৰ ভিতৰত মই তাইলৈ এটা দৰা বিচাৰিব লাগিব। কিন্তু মোৰ ছোৱালীক যালৈ বিয়া দিম, সি খেতিয়ক হ'ব নোৱাৰিব।' জিৰমাইলে ক'লে।
'বিয়া নোহোৱা পৰ্যন্ত বহুতো ল'ৰাই চহৰত চাকৰি কৰি থকা বুলি ভুৱা কাগজ-পত্ৰ দেখুৱায়- এনেকুৱা ঘটনা বহুত দেখিছো। বিয়াৰ পিছত মুখা খোল খায়।' আপেটে ক'লে।
৪৪ বছৰীয়া দিগম্বৰে নিজৰ দুই একৰ মাটিত ছয়াবিনৰ খেতি কৰাৰ উপৰি কৃষি শ্ৰমিক হিচাপেও উপাৰ্জন কৰে। মহাজনৰ ঘৰত তেঁওৰ দুই লাখ ঋণ দিবলৈ আছে। কিন্তু দৰকাৰ হ'লে যৌতুকৰ বাবে আৰু ঋণ ল'ব। 'ঋণৰ পৰিমান বাঢ়ি গ'লেও কোনো কথা নাই, মাত্ৰ মোৰ ছোৱালী যাতে খেতিয়কৰ সংকটৰ বোজাৰ পৰা ৰেহাই পায়। অন্যথা যৌতুকৰ বাবে মই ধন জমা কৰিব লাগিব। তাইক জীৱনৰ শেষৰ ফালে দুখ-দুৰ্দশাৰ মাজলৈ ঠেলি দিয়া হ'ব (যদি কৃষকলৈ বিয়া দিও)। চাকৰিৰ পৰা যদি তাইৰ স্বামীয়ে ১৫ হাজাৰ টকাও উপাৰ্জন কৰে, এইটো নিশ্চিত উপাৰ্জন। কিন্তু খেতিয়কে এনেকৈ হিচাপ কৰিব নোৱাৰে, খেতিৰ নিশ্চিত কথাটো হ'ল যে চৰম অনিশ্চয়তা।'
কন্যাৰ পৰিয়ালে খেতিয়ক দৰালৈ ছোৱালী বিয়া নিদিয়ে বুলি নিশ্চিত কৰাত মধ্যস্থতাকাৰীয়ে গিৰৱলিৰ সঞ্জয় আপেটৰ বাবে পাত্ৰী বিচাৰি উলিওৱা কঠিন হৈ পৰিল। 'অলপতে মই বহুতো প্ৰচেষ্টাৰ পিচত ৩৩ বছৰীয়া এজনৰ বাবে কন্যা বন্দোবস্ত কৰি দিছো। তেঁওৰ কাহিনী আপোনালোকে লিখিব পাৰে। তেঁওৰ নামটো মই আপোনালোকক নকও, কাৰণ আচলতে তেঁওৰ বয়স ৩৭ বছৰ হৈছিল।' মধ্যস্থতাকাৰীয়ে ক'লে।
আপেটে ক'লে বিভিন্ন ৰূপত বিভিন্ন কিটিপ খটুৱাবলগা হয়। 'বিয়া নোহোৱালৈকে চহৰত চাকৰি কৰো বুলি বহুতে ভুৱা নথি-পত্ৰ দেখুৱায়। বিয়াৰ পিছত মুখা খোল খায়। বয়স ফাঁকি দিয়া অসৎ কাৰ্য, কিন্তু চাকৰি কৰো বুলি দিয়া ফাঁকিয়ে এগৰাকী নাৰীৰ জীৱন ধ্বংস কৰে।'
উদাহৰণ স্বৰূপে, আপেটে ক'লে যে এটা খেতিয়ক ল"ৰাৰ বাবে তেঁও দুবছৰ ধৰি ছোৱালী বিচাৰি আছিল। 'আগতে যৌতুকৰ ধন কিমান হ'ব, দৰা ঘৰে কি বিচাৰে সেই সম্পৰ্কে আলোচনা হয়। আজিকালি প্ৰথম চৰ্ত হ'ল যে ল'ৰাটো খেতিয়ক পৰিয়ালৰ হ'ব নালাগিব।'
এইক্ষেত্ৰত ৰাধা চিণ্ডেৰ অভিজ্ঞতাৰ বিষয়ে শুনক। তিনি বছৰৰ পূৰ্বে আম্বেজোগাই তালুকৰ সুডেগাঁও গাঁৱৰ এটা খেতিয়ক পৰিয়াললৈ বিয়া হৈছিল। 'মোৰ মা-দেউতাই দুবছৰ ধৰি মোৰ বাবে দৰা বিচাৰিছিল।' ২৬ বছৰীয়া ৰাধাই ক'লে। 'দৰাৰ ক্ষেত্ৰত মা-দেউতাৰ চৰ্ত হ'ল ল"ৰাটো খেতিয়ক হ'ব নালাগিব। মোৰ স্বামীৰ পৰিয়ালৰ ১৮ একৰ খেতিৰ মাটি আছে, যিবোৰ মোৰ সম্পৰ্কীয় মানুহে চোৱাচিতা কৰে। মোৰ স্বামীয়ে খেতিৰ কাম নকৰে। আমাৰ বিয়াৰ সময়তে তেঁও লাটুৰত এখন অলংকাৰৰ দোকান খুলিলে। দোকান খোলাৰ কথা কোৱাৰ পিচত মোৰ মা-দেউতাই তেঁওলৈ মোক বিয়া দিবলৈ সন্মত হ'ল।'
'আমাৰ গাঁৱত বহুতো ল"ৰা আছে, যিবোৰৰ বিয়া হোৱা নাই। ছোৱালীৰ ঘৰৰ মানুহে খেতিয়কলৈ বিয়া দিবলৈ অস্বীকাৰ কৰি থোৱাৰ ফলত তেঁওলোক হতাশ হৈ পৰিছে। ইয়াৰ উপৰি কৃষি সংকট আৰু ঋণৰ বোজা আছেই।' আপাটেই ক'লে।
গাঁৱৰ বহুতো ল'ৰাৰ বাবে যদিও ছোৱালীৰ সন্ধান কৰি বিফল হ'বলগা হৈছে, বহুতেই সেই কথা খুলি ক'ব নিবিচাৰে। ফটো উঠাটো দুৰৰে কথা। বিয়াৰ বাবে কন্যা বিচৰাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰতিবন্ধকতাৰ বিষয়টো বহুতে পাতল কৰিবলৈ চেষ্টা কৰে। ২৬ বছৰীয়া সন্দীপ বিভৱেৰ ২০ একৰ খেতিৰ মাটি আছে। তেঁও ক'লে, 'কোনেও আপোনাক নকয় যে ছোৱালী পক্ষই তেঁওলোকক নাকচ কৰিছে। কিন্তু সেইটোৱেই বাস্তৱ।'
বিভৱে নিজেও অবিবাহিত, বিবাহৰ বাবে কন্যা বিচাৰি আছে। তেঁও ক'লে খেতি কৰা মানুহৰ এতিয়া কোনো মান-সন্মান নাই। 'সঁচা কথা ক'বলৈ মই লাজ নাপাও। ১০ হাজাৰ টকা দৰমহা পোৱা চাকৰিয়ালেও বিয়া পাতিব পাৰে, কিন্তু ১০ একৰ খেতিৰ মাটি থকাই কন্যা বিচাৰি হাবাথুৰি খাবলগা হয়।' ছোৱালীৰ পিতৃয়ে সোধে, 'তুমি কি কৰা?' উত্তৰটো শুনাৰ পিচত তেঁও কয় যে পিচত কথা পাতিম বা জনাম। যদি ছোৱালীৰ বাবে ক'তো উপযুক্ত ল'ৰা বিচাৰি নাপায়, তেন্তে কেইবামাহৰ পিচত যোগাযোগ কৰে। তেঁওলোক নিশ্চিত যে আমি কন্যা পোৱা নাই, সেয়ে বহুত দিনৰ পিচত খবৰ কৰে।'
মই সঞ্জয়ৰ লগত কথা পাতি থাকোতে গাঁওখনৰ এজন পুলিচৰ লোক আহিল। নিজৰ নাম প্ৰকাশত অনিচ্ছুক এই পুলিচজনে ক'লে যে তিনি বছৰৰ পূৰ্বে তেঁও যেতিয়া বিবাহ কাৰ্য সম্পাদন কৰিছিল, তেতিয়া তেঁওৰ পিতৃয়ে কন্যাৰ ঘৰৰ পৰা ১৫ লাখ টকা যৌতুক লৈছিল। 'মোৰ চৰকাৰী চাকৰি আছে, ভাইটো খেতিয়ক, আমি তাৰ বাবে ছোৱালী বিচাৰি আছো। মোৰ দেউতাৰ তেতিয়া আৰু এতিয়াৰ মানসিক অৱস্থা সম্পূৰ্ণ পৃথক।'
৪৫ বছৰীয়া বাবেচাহেব যাদৱে ক'লে, 'দৃষ্টিভংগীৰ ভিন্নতাৰ এই কাৰণ তেঁও জানে। ৬ একৰ মাটি থকা তেঁও এজন খেতিয়ক আৰু তেঁওৰ এটা অবিবাহিত ২৭ বছৰীয়া ল'ৰা আছে। নাম বিশাল। বহুতো ঠাইত তাক কন্যা পক্ষই নাকচ কৰিছে। অলপ দিনৰ আগতে, বিয়া হ'ব বিচৰা ল'ৰা-ছোৱালী গোটখোৱা এখন ঠাইলৈ তাক মই লৈ গ'লো। কেনেকুৱা দৰা তেঁওলোকে বিচাৰে বুলি সোধা হ'ল। মই দুগৰাকীক সুধিলো- দুয়ো ক'লে যে কৃষক বাদ দি আন যিকোনো ল'ৰাৰ লগত বিয়া হ'ব।'

অনবাদঃ পংকজ দাস