মই মোৰ নাতি ল'ৰা-ছোৱালীকেইটাৰ কাৰণে আহিছো,' ষাঠি বছৰীয়া গংগুতাঈ চন্দৰ ৱাৰঘাড়েয়ে কয়। 'কিজানি মোৰ আজিৰ খোজে সিহতৰ কাইলৈৰ দিনবোৰ সুন্দৰ কৰেই।'
মহাদেৱ কোলি অনুসূচিত জনজাতিৰ গংগুতাঈ এগৰাকী কৃষি শ্ৰমিক। মহাৰাষ্ট্ৰৰ জনজাতি অধ্যূষিত উপকূলীয় পালঘৰ এলেকাৰ গাঁও মঞ্জুসী-মেট গাঁৱত তাই থাকে।
মুম্বাইৰ নাকাৰ নাচিকৰ বাছ আস্থান এটাৰ গাতে লাগি থকা গছ এডালৰ তলত বহি থকা গংগুতাঈ আৰু তাইৰ সহযোগীসকলে তেঁওলোকৰ দুখ-কষ্টৰ কথা কৈছে, সেই দুখ চৰকাৰে নপতিওৱাৰ কথাও তেঁওলোকে উল্লেখ কৰিছে।
'মাটিবোৰ আমাৰ নামত হোৱাটো বিচাৰো,' গংগুতাঈয়ে কয়। বন বিভাগৰ 'নামত' থকা মাটিত তেঁওলোকে দশকৰ পিছত দশক খেতি কৰি আহিছে। থানে, পালঘৰ, নাচিক আৰু মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চল তথা উত্তৰ দিশত থকা চুবুৰীয়া জিলাত বসতি কৰা হাজাৰ হাজাৰ লোকে বন অধিকাৰ আইন (এফআৰএ) ২০০৬ৰ অধীনত ভূমিৰ পট্টা বিচাৰিছে। তেতিয়া তেঁওলোকে চৰকাৰী আঁচনি আৰু আনুষ্ঠানিক ঋণৰ সুবিধা লাভ কৰিব পাৰিব। বিগত বৰ্ষৰ লক্ষণীয় লংমাৰ্চৰ শেষত মহাৰাষ্ট্ৰ চৰকাৰে আইনখন কাৰ্যকৰীকৰণ বাবে সন্মত হৈছিল যদিও প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই।
'আমাক এটা ভাল ভৱিষ্যত লাগে,' তাঈ বেন্দাৰে কয়। পালঘৰৰ যুৱ সমাজকৰ্মী বেন্দাৰে তাইৰ নিজৰ আৰু গাঁৱৰ সমস্যাবোৰ গণিছে। 'আমাৰ পানী মুম্বাই আৰু আন চহৰবোৰলৈ পঠিওৱা হয়, আমি সেইবোৰৰ বিৰুদ্ধেও যুঁজ দিবলগীয়া হৈছে।'


গংগুবাঈ (বাওফালে) আৰু আনন্দিবাঈ (সোঁফালে) দ্বিতীয়বাৰলৈ মুম্বাইলৈ প্ৰতিবাদী মিছিল উলিয়াইছে, বন অধিকাৰ আৰু বৃদ্ধপেঞ্চন তেঁওলোকৰ দাবী
এনেদৰে পামৰ কাম এৰি, পেটৰ ভাতমুঠিৰ বাবে কৰা দিনহাজিৰা এৰি মুকলিত নিশা কটাই ৰাস্তাৰ কাষত এমুঠি ভাত খাই দিনৰ পিছত দিন ধৰি ইমান দুৰ বাট বুলাৰ বাবে তেঁওলোকক কি কথাই উৎসাহিত কৰিছে, প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক। 'আশা!' নাচিক জিলাৰ ভেলগাঁৱৰ ৭০ বছৰীয়া জনজাতীয় খেতিয়ক হৰি লালা ম'ৰেই উত্তৰ দিলে। 'আমাৰ কথা কাণত পেলোৱাৰ এয়াই একমাত্ৰ উপায়,' কৃষি শ্ৰমিক গংগাধৰ পাৱাৰে আমাৰ কথাত যোগ দিলে।
বৃহস্পতিবাৰে পুৱা (২১ ফেব্ৰুৱাৰীৰ দিনা) প্ৰতিবাদীসকলে মিছিল উলিওৱাৰ সময় হৈছিল। আৰক্ষীৰ বিশাল বেষ্টনীয়ে কালি ৰাতি মুম্বাইলৈ যোৱাৰ অনুমতিৰ বাবে ধৈৰ্যসহকাৰে অপেক্ষাৰত সমবেত কৃষকসকলক আগুৰি ধৰিছিল। আবেলিলৈকে অনুমতি দিয়া হোৱা নাছিল, যাহওক, কৃষকে মাৰ্চ আৰম্ভ কৰিছিল।
মুম্বাই পাবলৈ এসপ্তাহ বা ততোধিক সময় লাগিব (তেতিয়া ৰাজ্যিক বিধানসভাৰ বাজেট অধিবেশন আৰম্ভ হৈ যাব), ইফালে মাৰ্চৰ কাৰণে চৰকাৰৰ অনুমতি অনিশ্চিত হৈ ৰৈছে। কিন্তু গংগুতাঈয়ে মন বান্ধিছে, 'আমি খোজ দিমেই।'
মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইৰ পৰা অহা কৃষক, কৃষি শ্ৰমিক, জনজাতীয় কৃষকে নাচিকৰ পৰা ১৮০ কিলোমিটাৰ দুৰত থকা মুম্বাইলৈ খোজকাঢ়ি যোৱাৰ বাবে দৃঢ়মনা, চৰকাৰক তেঁওলোকৰ দাবী সোঁৱৰাই দিয়াৰ পণ। কথা ৰাখিবলৈ অপাৰগ চৰকাৰখনক লৈ বহুতেই বিতুষ্ট বুলি আমাক জনালে আৰু তেঁওলোক বিভ্ৰান্ত হৈ পৰিছে বুলিও ক'লে।

চৰকাৰৰ নিষ্ক্ৰিয়তাক লৈ অসন্তুষ্ট মহাৰাষ্ট্ৰৰ ২০ খন জিলাৰ কৃষকে নাচিকৰ পৰা মুম্বাইলৈ দ্বিতীয়টো লংমাৰ্চ আৰম্ভ কৰিছে
২০ ফেব্ৰুৱাৰী, বুধবাৰে আবেলিৰ ভাগত প্ৰতিবাদীসকল নাচিকত গোট খাবলৈ ধৰে। তেঁওলোক মহাৰাষ্ট্ৰৰ বিভিন্ন জিলাৰ পৰা আহিছে- নাচিক, থানে, পালঘৰ, দাহানু, কিছুমান আহিছে। মাৰাথাৱাড়াৰ পৰা আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইৰপৰা। আন বহুতেই আকৌ আদবাটত যোগ দিব।
এনেকুৱা খবৰো ওলাইছে যে ৰাজ্যিক আৰক্ষীয়ে বহুতকে বাধা দিয়াৰ চেষ্টা চলাইছিল। কিন্তু দৃঢ়মনা বহুতেই ওলাই অহাত সফল হৈছে।
বুধবাৰে সমবেত হোৱা কৃষকৰ সভাত কাশ্মীৰৰ পুলৱামাত ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত শ্বহীদ হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী যাঁচি ২ মিনিটৰ মৌনপ্ৰাৰ্থনা কৰা হয়।
'যোৱা বছৰতকৈ এইবাৰ মিচিলত ভাগ লোৱা কৃষকৰ সংখ্যা বাঢ়িব (২০১৮ৰ মাৰ্চ মাহত নাচিকৰ পৰা মুম্বাইলৈ লংমাৰ্চ),' মিচিলক নেতৃত্ব দিয়া সৰ্বভাৰতীয় কিষাণ সভাৰ ৰাজ্যিক সচিব অজিত নাৱালেয়ে কয়। 'চৰকাৰে এটাও প্ৰতিশ্ৰুতি পুৰণ নকৰিলে, সকলোলৈকে ঋণ মাফি, বৰঞ্চ তৎকালীন খৰাং সাহায্য, উপকূলীয় আৰু উত্তৰ মহাৰাষ্ট্ৰৰ জনজাতীয় পৰিয়াললৈ ভূমিৰ পট্টা প্ৰদান আদিকে ধৰি সকলো প্ৰতিশ্ৰুতিলৈ পিঠি দিলে।'

আমি এক ভাল ভৱিষ্যত বিচাৰো', মহাৰাষ্ট্ৰৰ প্ৰতিবাদকাৰীসকলৰ মাজৰে তাঈ বেন্দাৰে ক'লে, লংমাৰ্চৰ বাবে মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইৰ কৃষক-মজদুৰ সাজু হৈছে
এই দাবীবোৰৰ লগতে অইন বহুতো দাবী অন্তৰ্ভূক্ত হৈ আছে। যেনে মন্দিৰৰ বন্দোবস্ত কৃষিভূমি তাতে খেতি কৰা খেতিয়কৰ নামত দিয়া, পুৰণি বৃদ্ধপেঞ্চনৰ পৰিমাণ বঢ়োৱা আৰু অইন পেঞ্চনৰ পৰিমাণ ৩০০০ টকালৈ বঢ়োৱা, বুলেট ট্ৰেইন আৰু নতুন ৰাজপথ প্ৰকল্পৰ কাৰণে বলপূৰ্বক ভূমি অধিগ্ৰহণ নকৰা আৰু পুৰণি ৰেচন কাৰ্ডৰ ঠাইত নতুন কাৰ্ড দিয়া আদি।
'আমাৰ মিচিল বিফল কৰিবলৈ ৰাজ্য চৰকাৰে সৰ্বাতোপ্ৰকাৰে চেষ্টা কৰিছে,' নাৱালেয়ে কয়। 'ভালেমান প্ৰতিবাদীকাৰীক ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বাধা দি ৰখাই থোৱা হৈছে, আহমেদনগৰ, থানে, পালঘৰকে ধৰি বিভিন্ন ঠাইৰ প্ৰতিবাদকাৰীয়ে মুম্বাইলৈ যোৱাৰ বাট ৰুদ্ধ কৰা হৈছে।'
২০১৯ৰ ফেব্ৰুৱাৰীৰ মাজভাগত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিচৰ সৈতে হোৱা আলোচনাৰপৰা বিশেষ একো ফল নধৰিলে। সেয়ে কিষাণ সভাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হ'ল।
মহাৰাষ্ট্ৰৰ খেতিয়কে দীৰ্ঘদিনীয়া দুৰৱস্থাৰ মাজত দিন নিয়াইছে। তাতে আকৌ তীব্ৰ খৰাঙে অৱস্থা অধিক শোচনীয় কৰিছে। জলসংকট এইবছৰ অধিক অৱনতিৰ দিশে আগবাঢ়িছে। মহাৰাষ্ট্ৰৰ ১৫০ টা তালুক খৰাংপিড়িত বুলি ঘোষণা কৰা হৈছে।

আশা'- হৰি লালা ম'ৰেয়ে কয়, 'ঘৰ এৰি এনেদৰে ইমান দুৰ বাট বাই আহি প্ৰতিবাদ কৰাৰ বাবে আশাই তেঁওলোকক উৎসাহ যোগাইছে'
'কামো নাই, শস্যও নাই,' পাৰভানি জিলাৰ জিণ্টুৰ তালুকৰ খেতিয়ক ইশ্বৰ চৱনে কয়। তেঁও মাৰাথাৱাড়াৰ অইন কৃষকৰ সৈতে লংমাৰ্চলৈ আহিছে। খৰাঙৰ কাৰণে সাহায্য আৰু মজুৰীৰ অতিকৈ প্ৰয়োজন আহি পৰিছে, তেঁওলোকে কয়। ৰাজ্য চৰকাৰে ২০১৭ত ঘোষণা কৰা ঋণমাফি এতিয়ালৈ চৱনে পোৱা নাই। এইবছৰ তেঁও শস্যৰ ঋণো বেংকৰ পৰা নাপালে।
মিচিলৰ যুৱ প্ৰতিবাদকাৰীয়ে এফালে কৰ্মসংস্থানৰ দাবী কৰাৰ বিপৰীতে বয়সস্থসকলে চলিবপৰাকৈ পেঞ্চন বিচাৰিছে। মখান্দা তালুকৰ আনন্দিবাঈ নাৱালেৰ বয়স ৭০ বছৰ, কিন্তু তাই শ্ৰমিকৰ দৰে কাম কৰিবলগীয়া হয়। 'মোৰ পৰিয়াল বুলিবলৈ কোনো নাই,' তাই কয়। 'মোৰ গিৰী কেইবছৰমান আগতে ঢুকাইছে, মোৰ কোনো সন্তানো নাই।' তাই বৃদ্ধপেঞ্চনৰ ৰাশি বঢ়োৱাৰ কাৰণে আৰু তাই বছৰ বছৰ ধৰি খেতি কৰি অহা অলপমান খেতিমাটিৰ পট্টা বিচাৰিছে। আনন্দিবাঈয়ে যোৱাবাৰো মুম্বাইলৈ লংমাৰ্চত ভাগ লৈছিল। কিন্তু তাইৰ দাবীবোৰ এতিয়াও চৰকাৰে পুৰণ নকৰিলে। 'মই আকৌ খোজ দিছো,' তাই কয়।
থানেৰ শ্বাহাপুৰ তালুকৰ আঘাই গাঁৱৰ যুৱ কৃষক আৰু শ্ৰমিক ৰাজেন্দ্ৰ ভাঁৱৰে তেঁওৰ বন্ধুবৰ্গৰ সৈতে আহিছে। তেঁওলোক আটায়ে কিষাণ সভাৰ ৰঙা টুপি পিন্ধিছে আৰু হাতত পতাকা লৈছে। যোৱাবাৰো তেঁও নাচিকৰ পৰা মুম্বাইলৈ খোজ কাঢ়িছে। চৰকাৰে কৰা প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিবলৈ তেঁওলোক আহিছে বুলি ৰাজেন্দ্ৰই কয়।
প্ৰচ্ছদ ফটোঃ সংকেত জৈন
অনুবাদঃ পংকজ দাস