"বাংকা দুবিধ সামগ্ৰীৰ বাবে জনাজাত- এটা হৈছে অমৰপুৰৰ গুৰ আৰু আনটো হৈছে কাটৰিয়াৰ তচমুগা," কাটৰিয়া গাঁৱৰ শিপিনী আব্দুল ছাত্তাৰ আনছাৰীয়ে কয়। দুয়োটাই এতিয়া হেৰোৱাৰ পথত।
অমলপুৰ খণ্ডৰ বাল্লিকিটা গাঁওখন কাটৰিয়াৰপৰা তিনি কিলোমিটাৰমান দুৰৈত। তাতে থকা গুৰৰ মিলবোৰ বিচাৰি উলিওৱাটো টান কাম নহয়। আচলতে পেৰা কুঁহিয়াৰৰ তীব্ৰ গন্ধই 'মেপ'ৰ দৰেই কাম কৰে।
এই মিলটো বিহাৰৰ বাংকা জিলাৰ। ৰাজেশে কোৱা মতে মিলটো ৪০ বছৰ আগতেই তেওঁৰ পিতৃ চৰণ কাপ্ৰিয়ে স্থাপন কৰিছিল। মিলটো সৰু, ১২-১৫ জনমান শ্ৰমিকে ইয়াতে কাম কৰে। দিনটোৰ কামৰ বিনিময়ত তেওঁলোকে ২০০ মান টকা পায়। কাম আৰম্ভ হয় পুৱা ১০ বজাত আৰু গধুলি সূৰ্য ডুবিলেই শেষ হয় প্ৰায় ৬ মান বজাত। মিলবোৰ প্ৰতি বছৰে অক্টোবৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈ চলে। ডিচেম্বৰ আৰু জানুৱাৰী হৈছে আটাইতকৈ ভাল চিজন।
<PHOTO> “অমৰপুৰত ১০ কি ১২ টা মান গুৰৰ মিল আছে, কিন্তু ১৫ বছৰমান আগতে এই সংখ্যা আছিল ১০০ ৰো অধিক," মিলটোৰ মালিক ৰাজেশ কুমাৰে কয়। "ইয়াৰে প্ৰায়ভাগ শ্ৰমিকেই নিকটৱৰ্তী বাল্লিকিটা, বাজা, ভাৰকো, বাইদা চক আৰু গোৰগামা আদি গাঁৱৰপৰা অহা

কুঁহিয়াৰ পেৰা একমাত্ৰ মেচিনটো সন্ধিয়া ৪ বজাত বন্ধ হৈ যায়, সেয়ে জুলীয়াখিনিৰ কাম কৰিবলৈ পৰ্যাপ্ত সময় থাকে। "এই মেচিনটো মিলটোৰ সমানেই পুৰণি," কুমাৰে কয়। মেচিনটোৰ এটা ফালে মাটিৰ তলত থকা ডাঙৰ খালত জুলীয়াখিনি সংগ্ৰহ কৰা হয়

৬০ বৰ্ষীয় অক্ষয় লাল মণ্ডলে অৱশিষ্ট কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰিবলৈ এটা চাৰিফুট দ পুখুৰীত নামিছে। খালটোৰ তলত জমা হোৱা ৰসখিনি তাৰপিছত তেওঁ টিনৰ পাত্ৰত লৈ মিলটোৰ আনটো ফালে উতলি থকা আনটো খালত বাকিছে। "মই কলকাতাত কমাৰ আছিলো। এতিয়া বুঢ়া হৈছো, সেয়ে গাঁৱলৈ ঘুৰি আহি তিনিবছৰ ধৰি এই কামকে কৰি আছো," মণ্ডলে কয়। "ইয়াতে আমাৰ দৰে ধেৰ মানুহ আছে (মোৰ বয়সৰ, যিয়ে গাঁৱৰ পৰিয়ালৰ ওচৰলৈ ঘুৰি আহিছে)"

“কুঁহিয়াৰ ৰসৰ খালৰপৰা উতলি থকা খাললৈ মোৰ এইটো অন্তিম ট্ৰিপ, অৱসাদগ্ৰস্ত যেন লগা মণ্ডলে কয়। "আমি সলাই সলাই কাম কৰো। আজিৰ দিনটোৰ প্ৰথমভাগত মই কুঁহিয়াৰ নমোৱা কাম কৰিছিলো "

কুঁহিয়াৰৰ শুকান সিঠাবোৰে ইন্ধনৰ কাম কৰে। ৪৫ বৰ্ষীয় ৰাজেন্দ্ৰ পাছৱানে জুই লৰাই দি থকা অৱস্থাত কয়, "মিলৰ মালিকজনৰ নিজা কুঁহিয়াৰৰ পথাৰ আছে, সেইকাৰণেহে মিলটো চলি আছে।" ৰাজেনে কোৱামতে অইন মিলবোৰৰ মালিকে স্থানীয়ভাৱে কুঁহিয়াৰ খেতি কৰি লাভৰ মুখ নেদেখাত মিল বন্ধ কৰিবলগা পৰিছে

এই মিলটোৰ তিনিটা খাল উতলোৱাৰ কাম ব্যৱহাৰ কৰে। কুঁহিয়াৰৰ ৰসখিনি প্ৰথমে উতলোৱা হয়, সেয়া গোট মাৰিবলৈ ধৰাৰ সময়তে সেয়া দ্বিতীয়টো খাললৈ স্থানান্তৰ কৰা হয়। তাতে কিছু সময় উতলাৰ পিছত উপঙি উঠা অশুদ্ধিবোৰ এডাল ডাঙৰ লোৰ হেতাৰে আঁতৰাই তাৰে কাষতে থকা আৱৰ্জনা পেলোৱা গাতত পেলাই দিয়া হয়। সেইখিনি কৰাৰ পিছত সেয়া তৃতীয়টো খাললৈ স্থানান্তৰ হয় আৰু সেয়া গোট মাৰি গুৰ হ'বলৈ আৰম্ভ কৰে

দুয়োমুৰে ৰছীৰে গাঠি থোৱা এটা ধাতুৰ পাত্ৰৰে মানুহকেইজনে এটা খালৰপৰা আনটোলৈ আঠালেতীয়া তৰলখিনি স্থানান্তৰ কৰে

শেষবাৰ উতলোৱাৰ পিছত সৰু শিলৰ খালত গোটমৰা তৰলখিনি ঠাণ্ডা হ'বলৈ দিয়া হয়। সুবোধ পোদ্দাৰে (সোঁফালে) টিনৰ পাত্ৰত সোণালী ৰঙৰ গুৰবোৰ বাকিছে। "মই খেতিয়ক মানুহ, কিন্তু মিলৰ মালিকজন একে গাঁৱৰে (বাল্লিকটাৰ)। শ্ৰমিকৰ নাটনি হোৱা হেতুকে মোক তেওঁ মতাত কাম কৰিবলৈ আহিলো," তেওঁ কয়

“মই গুৰখিনিৰ গুণাগুণ পৰীক্ষা কৰিছো, ইয়াৰে পিছতে পাত্ৰবোৰ চিল কৰিম," ৰামচন্দৰ যাদবে কয়। দুই কিলোমিটাৰমান দুৰৈৰ এখন গাওঁ বাজাৰপৰা মিললৈ তেওঁ আহিছে। ইয়াৰ আগতে তেওঁ বেলেগ মিলত কাম কৰিছে, তাৰে প্ৰায়ভাগেই এতিয়া বিকল। "কুঁহিয়াৰ আজিকালি নায়েই, সেয়ে মিলবোৰ বন্ধ হৈ গৈছে," তেওঁ কয়

“মই গুৰখিনিৰ গুণাগুণ পৰীক্ষা কৰিছো, ইয়াৰে পিছতে পাত্ৰবোৰ চিল কৰিম," ৰামচন্দৰ যাদবে কয়। দুই কিলোমিটাৰমান দুৰৈৰ এখন গাওঁ বাজাৰপৰা মিললৈ তেওঁ আহিছে। ইয়াৰ আগতে তেওঁ বেলেগ মিলত কাম কৰিছে, তাৰে প্ৰায়ভাগেই এতিয়া বিকল। "কুঁহিয়াৰ আজিকালি নায়েই, সেয়ে মিলবোৰ বন্ধ হৈ গৈছে," তেওঁ কয়

এয়া আবেলি নামিছে আৰু মিল বন্ধ কৰাৰ সময় হৈছে। বাজা গাঁৱৰ ৩৮ বৰ্ষীয় সুভাষ যাদৱে ওচৰৰ পথাৰৰপৰা শেষৰ গাড়ী কুঁহিয়াৰ তেওঁৰ মহৰ গাড়ীখনত অনাৰ সময়ত। "মই বহুবছৰ ধৰি এই পৰিবহনৰ কাম কৰি আহিছো," তেওঁ কয়

গাড়ীখন অহালৈ ৰৈ থকা মানুহকেইজনে ততালিকে কুঁহিয়াৰবোৰ নমাইছে। সিহতে সেই কাম কৰি ঘৰলৈ উভতিব

সেই সময়তে দুটা গৰুৱে আৰামত কুঁহিয়াৰ চোবাইছে। গৰু-মহবোৰ মালিকৰ, সেয়েগুণে সিহতৰ এই স্বাধীনতা
অনুবাদকঃ ৰশ্মি ৰেখা দাস