হস্পিতালৰ বিচনাত অক্সিজেন লৈ মৃত্যুৰ সৈতে যুঁজি থকা অৱস্থাতো ৰিতেশ মিশ্ৰাৰ ফোনটো অহৰহ বাজি আছিল। তেওঁক ফোন কৰিছিল ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু চৰকাৰী কৰ্তৃপক্ষই। উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ ২ মে’ত হ’বলগীয়া ভোট গণনাৰ দিনটোত মৃত্যুৰ দুৱাৰডলিত থকা এইজন স্কুল শিক্ষক উপস্থিত থকা-নথকাটো নিশ্চিত কৰি জনোৱাৰ দাবীত তেওঁলোকে ফোন কৰি আছিল।
“ফোনটো অহৰহ বাজিয়ে থাকে,” তেওঁৰ পত্নী অপৰ্ণাই কয়। “মই ফোনটো ধৰি ক’লো যে ৰিতেশ হস্পিতালত ভৰ্ত্তি হৈ আছে আৰু দায়িত্ব পালিব নোৱাৰিব, তেতিয়া তেওঁলোকে ৰিতেশ হস্পিতালত থকাৰ প্ৰমাণ হিচাপে তেওঁৰ ফটোগ্ৰাফ এখন বিচাৰিলে। মই দিলো। সেই ফটোখন মই আপোনালৈ পঠিয়াম,” তাই পাৰিক কয়। আৰু পঠিয়ালে।
গিৰীয়েকক নিৰ্বাচনৰ কামত নাযাবলৈ কিমান কাবৌ-কাকূতি কৰিছিল, সেই বিষয়ে ৩৪ বৰ্ষীয় অপৰ্ণা মিশ্ৰাই আমাক কয়। “কামৰ সূচীত তেওঁ নাম অহাৰ দিন ধৰি মই তেওঁক নাযাবলৈ কৈ আহিছিলো,” তাই কয়। “কিন্তু তেওঁ বাৰে বাৰে দোহাৰি কৈ থাকিল যে নিৰ্বাচনৰ কৰ্তব্য বাতিল কৰিব নোৱাৰি। কৰ্তব্য পালন নকৰিলে কৰ্তৃপক্ষই আনকি তেওঁৰ বিৰুদ্ধে এজাহাৰো দিব পাৰে।”
ক’ভিড-১৯ত ভুগি ২৯ এপ্ৰিলৰ দিনা ৰিতেশ ঢুকাল। পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্যৰ পিছত একেদৰে মৃত্যুমুখত পৰা ৭০০ৰো অধিক স্কুলীয়া শিক্ষকৰ মাজৰ এজন এই ৰিতেশ। পাৰিৰ হাতত থকা সম্পূৰ্ণ তালিকাখনৰ মতে মুঠ সংখ্যা ৭১৩, তাৰে ৫৪০ গৰাকী শিক্ষক আৰু ১৭৩ গৰাকী শিক্ষয়িত্ৰী। তালিকাখন এতিয়াও দীঘল হৈ গৈ আছে। এই ৰাজ্যখনত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৮ লাখ শিক্ষক-শিক্ষয়িত্ৰী আছে, তাৰে দহ সহস্ৰাধিকক নিৰ্বাচনৰ দায়িত্বত পঠিওৱা হৈছিল।
সীতাপুৰ সদৰ জিলাত পৰিয়ালৰ সৈতে বাস কৰা সহকাৰী অধ্যাপক ৰীতেশে লক্ষ্ণৌৰ গোসাইগঞ্জৰ এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। তেওঁক ১৫, ১৯, ২৬ আৰু ২৯ এপ্ৰিলত হোৱা চাৰিটা পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচনী বিষয়া হিচাপে ওচৰৰে প্ৰাথমিক বিদ্যালয় এখনত দায়িত্ব দিয়া হৈছিল।


“ যেতিয়া মই ক ’ লো যে ৰিতেশ হস্পিতালত ভৰ্ত্তি হৈ আছে আৰু দায়িত্ব পালিব নোৱাৰিব , তেতিয়া তেওঁলোকে ৰিতেশ হস্পিতালত থকাৰ প্ৰমাণ হিচাপে তেওঁৰ ফটোগ্ৰাফ এখন বিচাৰিলে । মই দিলো । সেই ফটোখন মই আপোনালৈ পঠিয়াম ,’ তেওঁ পত্নী অপৰ্ণাই কয় । সোঁফালেঃ কৰ্তব্যত যোগ দিবলৈ ৰিতেশৰ নামত অহা নিৰ্দেশ সম্বলিত চিঠিখন ।
উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন এক বিশাল কাৰবাৰ, তাত এইবাৰ ৮ লাখ আসনৰ বাবে ১৩ লাখ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। চাৰিখন প্ৰত্যক্ষভাৱে নিৰ্বাচিত ভিন্ন আসনৰ বাবে ১৩ কোটি ভোটদাতাই ভোট দিছে, য’ত ৫২ কোটি বেলট পেপাৰ ছপা কৰাৰ প্ৰয়োজন হৈছিল। এই সমগ্ৰ প্ৰক্ৰিয়া চলোৱা সকলো নিৰ্বাচনী বিষয়াই নিশ্চিত বিপদাশংকাত ভুগিছিল।
ক’ৰনাভাইৰাছৰ সংক্ৰমণ তুংগত উঠা সময়ত জাপি দিয়া এই দায়িত্বৰ বিৰুদ্ধে শিক্ষকসকল আৰু তেওঁলোকৰ সংস্থাবোৰে কৰা প্ৰতিবাদ উপেক্ষিত হৈ ৰৈছিল। উত্তৰ প্ৰদেশৰ শিক্ষক মহাসংঘই ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক ১২ এপ্ৰিলৰ দিনা প্ৰেৰণ কৰা এখন চিঠিত শিক্ষকসকলক ভাইৰাছবিধৰ পৰা সুৰক্ষা দিয়া কোনোধৰণ ব্যৱস্থা আৰু নীতিৰ নথকাৰ দিশটো আঙুলিয়াই দিছিল। প্ৰশিক্ষণ, বেলট বাকচ অনা-নিয়া আৰু হাজাৰ হাজাৰ মানুহৰ সংস্পৰ্শলৈ অহাৰ ফলত শিক্ষকসকলে সন্মুখীন হ’বলগীয়া বিপদাশংকাৰ প্ৰতিও আযুক্তলৈ লিখা চিঠিখনত সতৰ্ক কৰি দিয়া হৈছিল। এই সকলো কথা বিবেচনা কৰি মহাসংঘই নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জনাইছিল। ২৮ আৰু ২৯ এপ্ৰিলত লিখা চিঠি দুখনত গণনাৰ তাৰিখ স্থগিত কৰাৰ বাবে অনুৰোধ জনোৱা হৈছিল।
“আমি ৰাজ্যিক নিৰ্বাচনী আয়ুক্তগৰাকীলৈ মেইল কৰি আৰু হাতে হাতে চিঠিকেইখন পঠিয়াইছিলো। কিন্তু সঁহাৰি দিয়াতো বাদেই, প্ৰাপ্তিস্বীকাৰো নকৰিলে।” উত্তৰ প্ৰদেশ শিক্ষক মহাসংঘৰ সভাপতি দীনেশ চন্দ্ৰ শৰ্মাই পাৰিক কয়, “আমাৰ চিঠি মুখ্যমন্ত্ৰীলৈও পঠিওৱা হৈছিল, কিন্তু কোনোধৰণৰ সঁহাৰি নাপালো।”
শিক্ষকসকলে প্ৰথমতে এদিনৰ প্ৰশিক্ষণৰ বাবে গ’ল, তাৰপিছত দুদিন নিৰ্বাচনৰ দায়িত্ব পালন কৰিলে- প্ৰথমটো প্ৰস্তুতিৰ আৰু দ্বিতীয়টো ভোটদানৰ প্ৰকৃত দিনটোত। পিছলৈ ভোটগণনাৰ বাবে আকৌ সহস্ৰজন শিক্ষকৰ প্ৰয়োজন হ’ল। এই কামবোৰ বাধ্যতামূলক। নিজৰ কৰ্তব্য শেষ কৰাৰ পিছত ১৮ এপ্ৰিলৰ দিনা ৰিতেশে নিৰ্বাচনী দায়িত্ব পালন কৰিলে। “তেওঁ আন বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ সৈতে কাম কৰিলে, কিন্তু তেওঁলোকৰ কাৰো সৈতে তেওঁৰ আগৰ পৰিচিতি নাছিল,” অপৰ্ণাই কয়।
“ভোটকেন্দ্ৰলৈ যোৱাৰ সময়ত তেওঁ মোলৈ পঠিওৱা চেলফিখন আপোনাক দেখুৱাম। চুম’ নে বলেৰ’ এখনত তেওঁ আন দুজন লোকৰ সৈতে উঠিছিল। তেওঁ একেধৰণৰ বাহনৰ ফটো মোলৈ পঠিয়াইছিল যিখনে নিৰ্বাচনী দায়িত্বৰ বাবে ১০ জনমান মানুহ কঢ়িয়াইছিল। সেয়া দেখি মোৰ অৱস্থা শিল পৰা কপৌৰ দৰে হৈছিল,” অপৰ্ণাই কয়। “ভোটগ্ৰহণ কেন্দ্ৰত তাতোকৈ অধিক মানুহৰ লগত শাৰীৰিক সংস্পৰ্শ হৈছিল।”

সচিত্ৰকৰণঃ জিজ্ঞাসা মিশ্ৰা
শিক্ষকসকল প্ৰথমতে এদিনৰ প্ৰশিক্ষণৰ বাবে গ’ল, তাৰপিছত দুদিন নিৰ্বাচনৰ দায়িত্ব পালন কৰিলে- প্ৰথমটো প্ৰস্তুতিৰ আৰু দ্বিতীয়টো ভোটদানৰ প্ৰকৃত দিনটোত। পিছলৈ ভোটগণনাৰ বাবে আকৌ সহস্ৰজন শিক্ষকৰ প্ৰয়োজন হ’ল। এই কামবোৰ বাধ্যতামূলক।
“ভোটিং শেষ হোৱাৰ পিছত ১৩ এপ্ৰিলৰ দিনা তেওঁ ১০৩ ডিগ্ৰীৰ জ্বৰ লৈ ঘৰলৈ উভতিল। ঘৰলৈ অহাৰ সময়ত তেওঁ মোক কৈছিল যে তেওঁৰ গা ভাল নহয় আৰু মই তেওঁক ততাতয়াকৈ ঘৰ আহিবলৈ কৈছিলো। প্ৰথম কেইদিনমান আমি পৰিশ্ৰমৰ বাবেই উঠা সাধাৰণ জ্বৰ বুলি আমি ভাবি থাকিলো। কিন্তু তিনি দিনৰ দিনাও (২২ এপ্ৰিল) জ্বৰ নকমাত আমি ডাক্তৰক দেখা কৰিলো আৰু ডাক্তৰে শীঘ্ৰেই ক’ভিড পৰীক্ষা আৰু চিটি স্কেন কৰাবলৈ পৰামৰ্শ দিলে।”
“আমি সেইখিনি কৰালো, তেওঁৰ পজিটিভ ওলাল আৰু আমি হস্পিতালৰ বিচনা বিচাৰি ইখনৰ পৰা সিখন হস্পিতাল দৌৰিলো। লক্ষ্ণৌত অতিকমেও ১০ খন হস্পিতালত সোমালো। সম্পূৰ্ণ এটা দিন ঘূৰাৰ পিছত সীতাপুৰ জিলাৰ এখন ব্যক্তিগত ক্লিনিকত নিশাৰ ভাগত তেওঁক ভৰ্ত্তি কৰোৱা হ’ল। তেতিয়ালৈ তেওঁ উশাহ-নিশাহ লোৱাত বৰকৈ কষ্ট পাবলৈ ধৰিছিল।”
“ডাক্তৰ দিনত এবাৰ আহে, প্ৰায়ে ৰাতি ১২ বজাত, আৰু মাতিলেও হস্পিতালৰ কোনো কৰ্মচাৰীয়ে আহি দেখা নিদিয়ে। ২৯ এপ্ৰিলৰ দিনা সন্ধিয়া ৫.১৫ত তেওঁ ক’ভিডৰ বিৰুদ্ধে যুঁজি হাৰ মানে। তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছিল, আমিও যিমানখিনি পাৰো কৰিছিলো, কিন্তু আমাৰ চকুৰ আগতে তেওঁ গ’লগৈ।”
মাক-দেউতাককে ধৰি পত্নী অপৰ্ণা আৰু এবছৰীয়া ছোৱালীজনীৰ সৈতে পাঁচজনীয়া পৰিয়ালটোৰ ৰিতেশেই আছিল একমাত্ৰ উপাৰ্জনকাৰী। অপৰ্ণাৰ সৈতে তেওঁৰ বিয়া হৈছিল ২০১৩ চনত, প্ৰথমটো সন্তান জন্ম হৈছিল ২০২০ৰ এপ্ৰিলত। “১২ মে’ৰ দিনা আমি অষ্টম বিবাহ বাৰ্ষিকী উদযাপন কৰিলোহেঁতেন,” অপৰ্ণাই কয়। “কিন্তু তেওঁ তাৰ আগতেই মোক এৰি গ’ল…’ অপৰ্ণাই কথাখিনি শেষ কৰিব নোৱাৰিলে।
*****
এপ্ৰিলৰ ২৬ তাৰিখে, ক’ভিড-১৯ বিশ্ব মহামাৰীৰ এনে পৰিস্থিতিত ৰাজনৈতিক সভাৰ আয়োজনৰ অনুমতি দিয়া ভাৰতৰ নিৰ্বাচন আয়োগক মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিলে। মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীয়ে ইচিআইৰ উপদেষ্টাক কয়ঃ “ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বাবে আপোনাৰ প্ৰতিষ্ঠানটো জগৰীয়া।” মুখ্য ন্যায়াধীশগৰাকীয়ে ইমানলৈকে ক’লে যে “বোধকৰো হত্যাৰ অপৰাধত আপোনাৰ বিষয়াসকলক অভিযুক্ত কৰা উচিত। ”
ন্যায়ালয়ৰ নিৰ্দেশ থকা স্বত্তেও নিৰ্বাচনী প্ৰচাৰৰ সময়ত মাস্ক পিন্ধা, চেনিটাইজাৰৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব বৰ্ত্তাই ৰখা আদিৰ ক্ষেত্ৰত নিৰ্দেশ বলবৎ কৰিব নোৱাৰাৰ বাবেও নিৰ্বাচন আয়োগক মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কটু সমালোচনা কৰে।


লক্ষ্ণৌৰ সৰোজিনী নগৰত , ২ মে ’ ত ভোটগণনাৰ দিনাঃ উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন এক বিয়োগাম কাৰবাৰ আৰু এইবাৰ প্ৰায় ১৩ লাখ প্ৰাৰ্থীয়ে ৮ লাখ আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে
“কিয় শেহতীয়াভাৱে অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন পৰ্যায়ত আয়োগে ক’ভিড নিৰ্দেশনা অনুপালনৰ নিৰীক্ষণত ব্যৰ্থ হ’ল আৰু কিয় আয়োগ আৰু আয়োগৰ বিষয়া-বৰ্গৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা ল’ব নালাগে আৰু এনেদৰে নিৰ্দেশ উলংঘা কৰাৰ বাবে দায়ীজনৰ কিয় শাস্তি হ’ব নালাগে” এই লৈ দ্বিতীয় দিনা, ২৭ এপ্ৰিলত ক্ৰোধান্বিত এলাহবাদ উচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশ ৰাজ্যিক নিৰ্বাচন আয়োগ (এছইচি)ক কাৰণ দৰ্শাবলৈ জাননী জাৰী কৰিলে।
ভোটদানৰ এটা পৰ্যায় আৰু ভোটগণনা বাকী থকা সময়ত ন্যায়ালয়ে এছইচিক “পঞ্চায়ত নিৰ্বাচনৰ আগন্তুক পৰ্যায়ত, সামাজিক দূৰত্ব মানি চলা আৰু ফেচ মাস্ক পিন্ধা আদি ক’ভিড নিৰ্দেশনাৰ কঠোৰ অনুপালনৰ বলবৎকৰণ নিশ্চিত কৰা অন্যথা নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত বিষয়া-বৰ্গৰ বিৰুদ্ধে কাৰ্য্যব্যৱস্থা গ্ৰহণৰ বাবে সকলোধৰণৰ পদক্ষেপ ততালিকে গ্ৰহণৰ” নিৰ্দেশ দিয়ে।
সেইখিনি সময়ত মৃতকৰ সংখ্যা ১৩৫ বুলি ভবা হৈছিল আৰু অমৰ উজালা দৈনিক কাকতখনত উক্ত বিষয়ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰণ কৰি বিষয়টো গুৰুত্ব সহকাৰে আদালতে লৈছিল।
একো পৰিৱৰ্তন নঘটিল
১ মে’ত, ভোটগণনা আৰম্ভ হোৱাৰ এদিন আগত, অতিকৈ চিন্তিত হৈ পৰা উচ্চতম ন্যায়ালয়ে চৰকাৰক সুধিলেঃ “এই নিৰ্বাচনত প্ৰায় ৭০০ জন শিক্ষকে প্ৰাণ হেৰুৱালে, এই সন্দৰ্ভত কি ব্যৱস্থা লোৱা হৈছে?” (তাৰে ২৪ ঘণ্টা আগত উত্তৰ প্ৰদেশত ৩৪,৩৭২ টা ক’ভিড কেচৰ ধৰা পৰিছিল)।
অতিৰিক্ত মহান্যায়াভিকৰ্তা গৰাকীয়ে উত্তৰ দিছিল এনেদৰেঃ “নিৰ্বাচন নথকা ৰাজ্যবোৰতো এনে ঘটনা বাঢ়িছে। দিল্লীত কোনো নিৰ্বাচন নাই, কিন্তু তাতেও ঘটনা বাঢ়িছে। নিৰ্বাচন আৰম্ভ হোৱাৰ সময়ত আমি দ্বিতীয় ঢৌৰ মাজত নাছিলো।”
প্ৰকাৰন্তৰে কোৱা হ’ল যে নিৰ্বাচন আৰু ভোটগ্ৰহণৰ সৈতে এই মৃত্যুৰ কোনো সম্পৰ্ক নাই।


‘ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ দায়িত্বত থকা চৰকাৰী কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে লোৱা ব্যৱস্থাসমূহ তেনেই নামমাত্ৰ আছিল ,’ সন্তোষ কুমাৰে কয়
“কোনজন ক’ভিড পজিটিভ হয় আৰু কোনজন নহয় সেয়া জানিবলৈ আমাৰ হাতত কোনো বিশ্বাসযোগ্য তথ্য নাছিল,” উত্তৰ প্ৰদেশৰ প্ৰাথমিক শিক্ষাৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ দ্বিৱেদীয়ে পাৰিক কয়। “আমি কোনোধৰণৰ গণনা কৰা নাছিলো। তাৰোপৰি, কেৱল শিক্ষকসকলেই কৰ্তব্য পালন কৰিবলৈ গৈ পজিটিভ হোৱা নাই। তাৰোপৰি তেওঁলোক নিজৰ কৰ্তব্যলৈ যোৱাৰ আগতেই ক’ৰণা পজিটিভ নাছিল বুলি আপুনি কেনেকৈ জানে?” তেওঁ প্ৰশ্ন কৰে।
যাহওঁক, টাইমচ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত উল্লেখ কৰা চৰকাৰী ডেটা মতে “২০২০ৰ ৩০ জানুৱাৰীৰ আৰু ২০২১ৰ ৪ এপ্ৰিলৰ মাজভাগত, অৰ্থাৎ ১৫ মাহৰ এই কালচোৱাত উত্তৰ প্ৰদেশত অভিলেখ সংখ্যক ৬.৩ লাখ ক’ভিড কেচ ধৰা পৰিছে। ৪ এপ্ৰিলৰ পৰা আৰম্ভ কৰি ৩০ দিনত ৮ লাখৰো অধিক নতুন কেচ দেখা দিয়াত উত্তৰ প্ৰদেশত ক’ভিড আক্ৰান্তৰ সংখ্যা সৰ্বমূঠ ১৪ লাখ অতিক্ৰম কৰিছে।” আন কথাত ক’বলৈ গ’লে বিশ্ব মহামাৰী দেখা দিয়া আগৰ সমগ্ৰ কালচোৱাৰ তুলনাত ভোটদান প্ৰক্ৰিয়া চলা এটামাত্ৰ মাহতে অধিক ক’ভিড-১৯ কেচ ধৰা পৰিছে।
মৃত্যু হোৱা ৭০৬ জন শিক্ষকৰ তালিকাখন ২৯ এপ্ৰিলত প্ৰস্তুত কৰা হৈছিল। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা জিলাখন আছিল আজমগড়, তাত ৩৪ গৰাকী শিক্ষকে প্ৰাণ হেৰুৱাইছিল। ক’ৰণাভাইৰাছে বিপৰ্যস্ত কৰা আন জিলাকেইখন আছিল ২৮ জনৰ মৃত্যুৰে গোৰখপুৰ, ২৩ জনেৰে জৌনপুৰ আৰু ২৭ জনেৰে লক্ষ্ণৌ। উত্তৰ প্ৰদেশ শিক্ষক মহাসংঘৰ লক্ষ্ণৌৰ জিলা সভাপতি সুধাংশু মোহনে কয় যে মৃত্যুৰ ঘটনা কমা নাই। “ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ দায়িত্ব সামৰি ওভতা নতুনকৈ সাতজন শিক্ষকে যোৱা পাঁচটা দিনত প্ৰাণ হেৰুৱাইছে,” তেওঁ কয়। (নামবোৰ পাৰিৰ লাইব্ৰেৰীত আপলোড কৰা তালিকাত সন্নিবিষ্ট কৰা হৈছে)
সি যি কি নহওঁক, অতিকমেও ৭১৩ গৰাকী মৃতকৰ পৰিয়ালে কেনে অৱস্থাৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে, সেয়া ৰিতেশৰ পৰিয়ালৰ শোকাৱহ অৱস্থাই স্পষ্ট কৰি তুলিছে। আন বহুতেই ক’ভিড-১৯ৰ সৈতে যুঁজি আছে, বহুতৰে পৰীক্ষা কৰোৱা হোৱা নাই, বহুতেই আকৌ পৰীক্ষা কৰাই ফলাফলৰ বাবে বাট চাইছে। ঘৰলৈ উভতি অহা বহুতৰে কোনো লক্ষণ দেখা দিয়া নাই যদিও নিজা নিজাকৈ কোৱাৰেণ্টাইনত আছে। এই সকলো ঘটনাই ৰুঢ় বাস্তৱৰ কথা কৈছে যি কাৰণত মাদ্ৰাছ তথা এলাহবাদ উচ্চ ন্যায়ালয় তথা উচ্চতম ন্যায়ালয়ৰ ক্ষোভ আৰু চিন্তাৰ বহিৰ্প্ৰকাশ ঘটিছে।
“ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ দায়িত্বত থকা চৰকাৰী কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে লোৱা ব্যৱস্থাসমূহ তেনেই নামমাত্ৰ আছিল,” ৪৩ বছৰ বয়সীয়া সন্তোষ কুমাৰে কয়। লক্ষ্ণৌৰ গোসাইগঞ্জ ব্লকৰ এখন প্ৰাথমিক বিদ্যালয়ৰ তেওঁ প্ৰধান শিক্ষক। তেওঁ ভোটদানৰ দিনকেইটাৰ লগতে ভোট গণনাৰ দিনটোতো কাম কৰিছিল। “আমি সামাজিক দূৰত্বৰ কথা অকণো ভাবিব নোৱাৰাকৈ বাছ বা আন বাহন ব্যৱহাৰ কৰিলগীয়া হৈছিল। তাৰপিছত ভোটকেন্দ্ৰত পূৰ্বসাৱধানতা অৱলম্বনৰ হেতু গ্ল’ভচ্ বা চেনিটাইজাৰো পোৱা নাছিলো। আমি লগত যি নিছিলো, সেয়ে আমাৰ লগত আছিল। বৰঞ্চ মুখ নঢকাকৈ অহা ভোটাৰক আমি আমাৰ হাতত থকা অতিৰিক্ত মাস্ক দিছিলো।”

সচিত্ৰকৰণঃ অন্তৰা ৰমন
‘ৰান্ধনীজনীয়ে মোক ছেকেণ্ডে ছেকেণ্ডে ফোন কৰে আৰু কয় যে তাইৰ গাঁৱত পৰিস্থিতি শোচনীয় হৈ পৰিছে। ৰোগ কি, সেয়া নজনাকৈয়ে মানুহ মৰিছে’
“এয়া সঁচা যে আমি সেই দায়িত্ব নাকচ কৰিবলৈ আমাৰ হাতত উপায় নাছিল,” তেওঁ কয়। “এবাৰ কৰ্তব্যৰ সূচীত নাম আহিলে, আপুনি যাবই লাগিব। আনকি গৰ্ভৱতী মহিলায়েও ৰেহাই নাপায়, তেওঁলোকৰ দৰ্খাস্ত অগ্ৰাহ্য কৰা হয়।” কুমাৰৰ এতিয়ালৈ কোনো লক্ষণ দেখা দিয়া নাই, সেইদেখি তেওঁ ২ মে’ৰ ভোটগণনাতো কৰ্তব্যৰত আছিল।
লখিমপুৰ জিলাৰ প্ৰাথমিক বিদ্যালয় এখনৰ প্ৰধান শিক্ষক মিতু অৱস্থিৰ ভাগ্য আৰু বেয়া আছিল। প্ৰশিক্ষণৰ দিনা তেওঁ গৈ দেখে যে “কোঠাটোত আন ৬০ জন মানুহ আছে,” তেওঁ পাৰিক কয়। “তেওঁলোকে বৰ ঠেকাঠেকিকৈ বহিছিল, ইটোৰ কিলাকুটি সিটোৰ গাত লাগিছিল আৰু অনুশীলন কৰিছিল এটামাত্ৰ বেলট বাকচেৰে। সেই পৰিস্থিতি কেনে ভয়লগা আছিল আপুনি কল্পনা কৰিব নোৱাৰে।”
অৱস্থিৰ (৩৮) তেতিয়াৰে পৰা পজিটিভ আহিছে। তেওঁ নিজৰ প্ৰশিক্ষণ শেষ কৰিলে, যিটোৰ বাবে তেওঁ ক’ভিড-১৯ত আক্ৰান্ত হ’ল বুলি ভাৱে। তাৰপিছত তেওঁ ভোটদান বা গণনাৰ কৰ্তব্যলৈ নগ’ল। যাহওঁক তেওঁৰ বিদ্যালয়ৰে আন কৰ্মচাৰীক একেবোৰ কাম দিয়া হ’ল।
“আমাৰ এগৰাকী সহযোগী শিক্ষক, ইন্দ্ৰকান্ত যাদৱক আগতে কেতিয়াও নিৰ্বাচনৰ দায়িত্ব দিয়া নাছিল। এইবাৰ তেওঁকো দিয়া হ’ল,” অৱস্থিয়ে কয়। “যাদৱ দিব্যাংগ কৰ্মচাৰী। তেওঁৰ এখনমাত্ৰ হাত, তথাপি তেওঁক দায়িত্ব দি পঠিওৱা হ’ল। কেইদিনমানৰ ভিতৰতে তেওঁ বেমাৰত পৰিল আৰু ঢুকাল।”
“ৰান্ধনীজনীয়ে মোক ছেকেণ্ডে ছেকেণ্ডে ফোন কৰে আৰু কয় যে তাইৰ গাঁৱত পৰিস্থিতি শোচনীয় হৈ পৰিছে। ৰোগ কি, সেয়া নজনাকৈয়ে মানুহ মৰিছে। তেওঁলোকে কৈ থকা জ্বৰ-কাহ আদি ক’ভিড-১৯ৰো যে লক্ষণ হ’ব পাৰে, সেই কথা তেওঁলোকে খুব কমেইহে জানে,” অৱস্থিয়ে কয়।
শিৱা কেয়ে (২৭) শিক্ষকতা কৰা কোনোমতে এবছৰ হৈছে, চিত্ৰকূটৰ মৌ ব্লকৰ বিদ্যালয় এখনত তেওঁ কাম কৰে। কৰ্তব্যলৈ যোৱাৰ আগতে তেওঁ ক’ভিড পৰীক্ষা কৰাইছিলঃ “নিৰাপদে থাকিবলৈ মই নিৰ্বাচনৰ কৰ্তব্যলৈ যোৱাৰ আগতে আৰটি-পিচিআৰ পৰীক্ষা কৰাই লৈছিলো, সকলো ঠিকেই আছিল।” একেটা ব্লকতে তেওঁ ১৮ আৰু ১৯ এপ্ৰিলত ভিৱাৱাল গাঁৱত নিৰ্বাচনী দায়িত্ব নিৰ্বাহ কৰিছিল। “কিন্তু ডিউটি শেষ কৰি ঘূৰি আহি দ্বিতীয়বাৰ পৰীক্ষা কৰিলো,” তেওঁ পাৰিক কয়। “সেইবাৰ মোৰ ক’ভিড পজিটিভ ওলাল।”


বৰেলী ( বাওঁফালে ) আৰু ফিৰোজবাদ ( সোঁফালে ): ২ মে ’ ৰ দিনা ভোটগণনা কেন্দ্ৰত প্ৰাৰ্থী আৰু সমৰ্থকৰ ভীৰ , সামাজিক দূৰত্ব কিম্বা ক ’ ভিড প্ৰটকল নাইকিয়া এক পৰিৱেশ
“আমাক চিত্ৰকূট সদৰ জিলাৰ পৰা ভোটদান কেন্দ্ৰলৈ নিয়া বাছখনতে বোধকৰো মই সংক্ৰমিত হ’লো। সেই বাছখনত আৰক্ষীকে ধৰি অতিকমেও ৩০ জন মানুহ উঠিছিল।” তেওঁৰ চিকিৎসা চলি আছে আৰু কোৱাৰেণ্টাইনত আছে।
উন্মোচিত হ’বলৈ ধৰা এই দুৰ্যোগৰ আন এটা কৌতূহল জগোৱা কথাটো এনেকুৱা যে এজেণ্টসকলে ভোটকেন্দ্ৰলৈ নিগেটিভ আৰটি-পিচিআৰ প্ৰমাণপত্ৰ লৈ অহাটো বাধ্যতামূলক আছিল যদিও কেন্দ্ৰত সেই প্ৰমাণপত্ৰ পৰীক্ষা কেতিয়াও কৰা হোৱা নাছিল। ভোটগণনাৰ দায়িত্ব পালন কৰা সন্তোষ কুমাৰে কয় যে তাৰ লগতে আন নিৰ্দেশনাবোৰো কেন্দ্ৰবোৰত পালন কৰা হোৱা নাছিল।
*****
“আমি সেই চিঠিখন ২৮ এপ্ৰিলত উত্তৰ প্ৰদেশৰ ৰাজ্যিক নিৰ্বাচন আয়োগলৈ পঠিয়াইছিলো আৰু ২ মে’ৰ পৰা ভোটগণনা স্থগিত ৰখাৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈও লিখিছিলো,” শিক্ষক মহাসংঘৰ সভাপতি দীনেশ চন্দ্ৰ শৰ্মাই কয়। “দ্বিতীয়দিনা আমি ৭০০ৰো অধিক মৃতকৰ নামতালিকাখন এছইচি আৰু মুখ্যমন্ত্ৰীলৈ পঠিয়ালো, সেইখিনি তথ্য আমি আমাৰ সংঘৰ ব্লক পৰ্যায়ৰ শাখাযোগে গোটাইছিলো।”
মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ভাৰতৰ নিৰ্বাচন আয়োগক কৰা কটু সমালোচনাৰ কথা শৰ্মাই গম পায় যদিও মন্তব্য কৰাৰ পৰা বিৰত থাকিল। যাহওঁক, তেওঁ অতি দুখমনেৰে কয় যে “আমি ধনী নহৈ সাধাৰণ মানুহ হোৱা কাৰণে আমাৰ জীৱনৰ কোনো মূল্য নাই। ভোটগ্ৰহণ বন্ধ কৰি চৰকাৰে শক্তিশালী মহলটোক অসন্তুষ্ট কৰিব নিবিচাৰে, কিয়নো তেওঁলোকে নিৰ্বাচনত ইতিমধ্যে বিশাল পৰিমাণৰ টকা ব্যয় কৰিছে। তাৰ পৰিৱৰ্তে আমি দিয়া তথ্যৰ ওপৰতহে অনুচিত অভিযোগ উঠিছে।”
“আপুনি দেখিছেই, প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মিলি আমাৰ ৩,০০,০০০ ৰো অধিক চৰকাৰী শিক্ষকৰ এই সংস্থাটো ১০০ বছৰীয়া। মিছা কথা আৰু ঠগবাজিৰে কোনো সংঘ ইমানদিনলৈ চলি থাকিব পাৰিলেহেঁতেন নে?”
“তেওঁলোকে আমাৰ তথ্য বিবেচনা কৰা আৰু মানি লোৱাতো বাদেই, সেই তথ্যৰ সত্যাসত্য অনুসন্ধানৰহে ব্যৱস্থা কৰিছে। আমি বুজিছো যে এই প্ৰথম ৭০৬ জনীয়া তালিকাখনত বহুতৰে নাম বাদ পৰিছে। সেয়ে আমি তালিকাখন সংশোধন কৰিব লাগিব।”

সচিত্ৰকণঃ জিজ্ঞাসা মিশ্ৰা
তেওঁ অতি দুখমনেৰে কয় যে “আমি ধনী নহৈ সাধাৰণ মানুহ হোৱা কাৰণে আমাৰ জীৱনৰ কোনো মূল্য নাই। ভোটগ্ৰহণ বন্ধ কৰি চৰকাৰে শক্তিশালী মহলটোক অসন্তুষ্ট কৰিব নিবিচাৰে, কিয়নো তেওঁলোকে নিৰ্বাচনত ইতিমধ্যে বিশাল পৰিমাণৰ টকা ব্যয় কৰিছে”
মহাসংঘৰ লক্ষ্ণৌৰ জিলা সভাপতি সুধাংশু মোহনে পাৰিক কয়, “ভোটগণনা কেন্দ্ৰৰ পৰা অহা ক’ভিড পজিটিভ শিক্ষকৰ তালিকাখনো আমি প্ৰস্তুত কৰাত লাগি আছো। বহুতেই লক্ষণ দেখা দিয়াত আগতীয়া সতৰ্কতামূলক ১৪ দিনীয়া কোৱাৰেণ্টাইনত আছে কিন্তু এতিয়ালৈ পৰীক্ষা কৰোৱা নাই।”
দীনেশ শৰ্মাই সংঘৰ প্ৰথমখন চিঠিৰ দাবীৰ কথা উল্লেখ কৰি কয় যে “নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া-কৰ্মচাৰীক নিজকে ক’ভিড-১৯ৰ পৰা সুৰক্ষিত কৰিবলৈ আহিলা-পাতি দিয়া হওঁক।” যিটো কেতিয়াও নহ’ল।
“এনেকৈ মোৰ স্বামীক হেৰুৱাবলগীয়া হ’ব বুলি জানিলে মই কেতিয়াও তেওঁক যাবলৈ নিদিলোহেঁতেন। খুব বেছি তেওঁ নিজৰ চাকৰিটো হেৰুৱালেহেঁতেন, জীৱনটো নহয়,” অপৰ্ণা মিশ্ৰাই কয়।
সংশ্লিষ্ট কৰ্তৃপক্ষলৈ শিক্ষক মহাসংঘই পঠিওৱা প্ৰথমখন চিঠিত এই দাবীও কৰা হৈছিল যে “ক’ভিড-১৯ আক্ৰান্ত যিকোনো ব্যক্তিয়ে ন্যূনতম ২০ লাখ টকা চিকিৎসাৰ বাবে পোৱা উচিত। দুৰ্ঘটনা বা মৃত্যুৰ ক্ষেত্ৰত, মৃতকৰ পৰিয়ালে ৫০ লাখ টকা পাব লাগে।”
এনে হ’লে অপৰ্ণাৰ লগতে আন বহুতে যাৰ নিজৰ সংগী বা পৰিয়ালৰ সদস্যই কাম আৰু জীৱন হেৰুওৱাইছে, তেওঁলোকে কিছু সকাহ পাব।
টোকা: এইমাত্ৰ অহা বাতৰি অনুসৰি, উত্তৰ প্ৰদেশ চৰকাৰে এলাহবাদ উচ্চ ন্যায়ালয়ক কৈছে যে চৰকাৰে “ভোটকেন্দ্ৰৰ মৃত বিষয়াসকলৰ পৰিয়াললৈ ৩০,০০,০০০ টকাৰ ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লৈছে।” কিন্তু ৰাজ্যিক নিৰ্বাচন আয়োগৰ উপদেষ্টাগৰাকীয়ে ন্যায়ালয়ত কৈছে যে চৰকাৰৰ হাতত এতিয়ালৈ ২৮ খন জিলাৰ পৰা মাত্ৰ ৭৭ জনৰ মৃত্যুৰ তথ্যহে আছে।
জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ অনুদানেৰে এক স্বতন্ত্ৰ সাংবাদিকতাৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন আগবঢ়াইছে। ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদনা নিয়ন্ত্ৰণ আৰোপ কৰা নাই।
অনুবাদ: পংকজ দাস