“আমি উশাহ ল’ব নোৱাৰো,” শ্ৰমিকসকলে কয়।
তেলাংগনাৰ নালগোণ্ডা জিলাৰ খাদ্যসামগ্ৰী সংগ্ৰহ কৰা এই কেন্দ্ৰটোত তেওঁলোকে পিন্ধা মাস্কবিলাক ঘামত তিতি যায়। ধানৰ দমবোৰৰ পৰা উৰি অহা ধূলিয়ে তেওঁলোকৰ চালত খজুৱতিৰ সৃষ্টি কৰে। আৰু ইয়াৰ ফলত তেওঁলোকৰ হাঁচি আৰু কাহ আহে। কিমান মাস্ক তেওঁঁলোকে সলনি কৰিব? তেওঁলোকে হাত আৰু মুখ কিমানবাৰ ধুব আৰু মচিব? কিমান সময় তেওঁলোকে মুখ ঢাকি থাকিব পাৰে- যেতিয়া তেওঁলোকে ১০ ঘণ্টাৰ ভিতৰত প্ৰতিটোত ৪০ কিলোগ্ৰামকৈ ৩২০০ টা মৰাপাটৰ বস্তাত ভৰাব লাগিব, চোঁচৰাই নিব লাগে, ওজন কৰিব লাগে, চিলাই কৰিব লাগে আৰু কঢ়িয়াই লৈ গৈ ট্ৰাকত বোজাই কৰিব লাগে?
তাপমাত্ৰা ৪৩ৰ পৰা ৪৪ ডিগ্ৰী চেলছিয়াচৰ মাজত থকা প্ৰচণ্ড গৰমত ৪৮ জন শ্ৰমিকে ১২৮ টন ধান অথবা মিনিটত ২১৪ কিলোগ্ৰামকৈ এইদৰে ট্ৰাকত লৈ যাব পৰা ভাৰ নিব লাগিব। পুৱতি নিশা তিনি বজাৰ পৰা তেওঁলোকৰ কাম আৰম্ভ হয় আৰু দুপৰীয়া ১ বজাত কাম বন্ধ হয়- ৯ বজাৰ পৰা ৪ ঘণ্টা সময় বতৰ প্ৰচণ্ড গৰম আৰু শুকান হৈ পৰে।
মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব ৰক্ষাৰ নিয়ম মানি চলা যদিও এক স্পৰ্শকাতৰ বিষয়, তেলাংগনাৰ কাংগাল মণ্ডলৰ কাংগাল গাঁৱৰ এই ছবি দেখা ধান সংগ্ৰহ কেন্দ্ৰত যদি আপুনি কাম কৰে তেন্তে এই নিয়ম মানি চলা একেবাৰে অসম্ভৱ। ৰাজ্যিক কৃষিমন্ত্ৰী নিৰঞ্জন ৰেড্ডীয়ে এপ্ৰিলত স্থানীয় সংবাদ মাধ্যমক জনায় যে ৰাজ্যখনত এনেধৰণৰ ৭০০০ টা ধান সংগ্ৰহ কেন্দ্ৰ আছে।
এই কামৰ বাবে তেওঁলোকে কি মজুৰি পায়? ১২ জনকৈ শ্ৰমিকৰ চাৰিটা গোট আছে। আৰু প্ৰতিজন শ্ৰমিকে দিনটোত কাম কৰি ৯০০ টকা উপাৰ্জন কৰে। উল্লেখনীয় যে এই কাম এদিন বাদে এদিন কৰিব লাগে। প্ৰতিজন শ্ৰমিকে ২৩ দিন কাম পায়। ৪৫ দিনৰ ধান সংগ্ৰহৰ সময়খিনিত ২৩ দিনৰ বাবদ ২০,৭৫০ টকা উপাৰ্জন কৰে।
এইবছৰ ধান সংগ্ৰহ এপ্ৰিলৰ প্ৰথম সপ্তাহত আৰম্ভ হয়। ২৩ মাৰ্চৰ পৰা ৩১ মে’লৈ ক’ভিড-১৯ৰ লকডাউনৰ সময়তে ধান সংগ্ৰহৰ কাম আৰম্ভ হয়।

ধানৰ একোটা দমৰ কাম কৰিবলৈ গোট হিচাপে ১০-১২ জনীয়া শ্ৰমিকৰ প্ৰয়োজন। কাংগাল সংগ্ৰহ কেন্দ্ৰত এনেধৰণৰ চাৰিটা গোটে ১০ ঘণ্টাত ১২৮ টন ধান বস্তাত ভৰাই চিলাই কৰি ওজন কৰি ট্ৰাকত উঠায়

৪০ কিলোগ্ৰামৰ একোটা বস্তা দুজন শ্ৰমিকে অতি ক্ষীপ্ৰতাৰে ভৰ্তি কৰিছে। ধানৰ দমৰ পৰা বগা ধূলি উৰি আহিছে। লগে লগে ধূলি গাত লাগি খজুৱতি উঠিছে। কেৱল গা ধূলেহে এই ধূলিবিলাক গাৰ পৰা আঁতৰিব

প্ৰথমে একোটা বস্তাত ৪০ কিলোগ্ৰামকৈ ভৰাব লাগিব। অতিৰিক্ত ধান বস্তাৰ পৰা উলিয়াব লগা হ’লে বা বস্তাত ওজন সমান কৰিবলৈ বাৰে বাৰে ধান ভৰাব লগা হ’লে সময় বেছি লাগে আৰু তেওঁলোকে ১ বজাৰ পিছলৈকে কাম কৰিব লাগিব

শ্ৰমিকসকলে বস্তাবোৰ টানিবলৈ ধাতুৰ হাকোটা ব্যৱহাৰ কৰে আৰু প্ৰায় ইজনে সিজনৰ লগত হাকোটা বিনিময় কৰে। প্ৰতিটো বস্তু প্ৰতিবাৰ চেনিটাইজ কৰা সম্ভৱ নহয়

এই গোটটো চলায় তালাৰি ৰবিয়ে (সোঁফালে)। বস্তাবোৰ সঠিকভাৱে পূৰ কৰা আৰু এক বজাৰ আগত কাম শেষ কৰোৱাৰ দায়িত্ব তেওঁৰ ওপৰত

শ্ৰমিকসকলে প্ৰতিবাৰতে এটা বেলেগ গোটে ওজন জোখা যন্ত্ৰটো ইটো দমৰ পৰা সিটোলৈ টানি আনিব লাগে। যদি কোনোধৰণৰ চাফাই কৰা বস্তু বা চেনিটাইজাৰ থাকিলেহেঁতেন (অৱশ্যে কেন্দ্ৰবোৰত ইয়াৰ ব্যৱস্থা কৰা নাই) তেতিয়া সেই যন্ত্ৰপাতি আদি চেনিটাইজ কৰা সম্ভৱ নহ’লেহেঁতেন। কিয়নো এনে কৰিবলৈ গ’লে পলম হ’ব

খৰতকীয়াকৈ কাম কৰাটো শ্ৰমিকসকলৰ বাবে অতি দৰকাৰী। এক মিনিটৰ কম সময়ত তেওঁলোকে চাৰি-পাঁচটা বস্তা ওজন কৰে

চিলাই কৰিবলৈ সাজু। এই কাম অকলে কৰিব নোৱাৰি। এজনে হেণ্ডেল ধৰে, আনজনে সঠিক অনুপাতত কাটে

তেওঁলোকে বস্তাবোৰ টানি আনি ওজন কৰে আৰু তাৰ পিছত শাৰী শাৰীকৈ থিয় কৰি ৰাখে। ইয়াৰ ফলত হিচাপ কৰিবলৈ সুবিধা হয়

৪০-৫০ জনৰ আটাইকেইটা গোটে দুপৰীয়া ৩২০০ টা বস্তা পাঁচখন ট্ৰাকত বোজাই কৰিছে

এই কামৰ বাবে একোজন কৃষকে প্ৰতি কুইণ্টলৰ বাবদ ৩৫ টকা দিয়ে। ৩২০০ বস্তাৰ বাবে তেওঁলোকে ৪৪,৮০০ টকা পায়। সেইদিনা কাম কৰা সকলোৰে মাজত সমান ভাগ কৰা হয়। আজি যিজনে কাম কৰিছে, তেওঁ পুনৰ এদিন বাদে পিছৰ এদিনত কাম কৰিব পাৰিব
অনুবাদঃ পংকজ দাস