তামিলনাডুৰ ট্ৰান্সজেণ্ডাৰ (হিজড়া) সম্প্ৰদায়ে মোৰ সৈতে আন্তৰিকতাৰে খুব ভালদৰেই সময় কটালে৷ তেঁওলোকে নিজকে আৰাৱানি বুলি ক’বলৈ ভাল পায়৷ অৱশ্য বহুসময় পিছত মই জানিলো যে তেঁওলোকৰ মাজৰেই বহুতেই আকৌ এই নামটোৰ পৰিৱৰ্তে নিজকে থিৰুনাংগাই বুলি পৰিচয় দিবলৈ ভাল পায়৷ সন্মানপূৰ্ৱকভাবে মই তেঁওলোকে যি নামেৰে ভাল পায় সেই নামেৰেই মাতি গ’লো৷
“এয়া আমাৰ উৎসৱ। ১০ টা দিনৰ বাবে আমি এক ভিন্ন জীৱন উদযাপন কৰোঁ। ইয়াতে আহি মই এইকেইদিনতে মোহত বন্দী হৈছো, ওলাই যাবলৈ মন নাই।’’ বিলুপ্পুৰম জিলাৰ কুভগাম গাঁৱত ২০১৪ বৰ্ষত লগ পোৱা এগৰাকী ২৬ বৰ্ষীয় লিংগপৰিৱৰ্তিত আৰৱানি জয়মালাই কয়। (তামিলনাডুত লিংগপৰিৱৰ্তিত লোকক আৰাৱানি বুলি কোৱা হয়)। তামিল কেলেণ্ডাৰ মতে চিথৰাই মাহত (এপ্ৰিল মাহৰ মাজভাগৰ পৰা মে’ মাহৰ মাজভাগলৈ) উদযাপিত হোৱা বাৰ্ষিক কুভগাম উৎসৱত ভাগ ল’বলৈ আহিছে জয়মালাই। এয়া ১৮ দিনৰ বাবে চলিব।
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আৰাৱানিসকলে কুভগাম উৎসৱত সৌন্দৰ্য প্ৰতিযোগীতা, নাচ-গানৰ প্ৰতিযোগীতাকে ধৰি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহে। ভালেমানে আকৌ আহে ভগৱান আৰাৱানৰ সৈতে 'বিবাহ’ পাশত আৱদ্ধ হ’বলৈ। এই 'বিবাহ’ সম্পন্ন কৰা হয় কুথানডাৱৰ (আৰাৱানৰ স্থানীয় নাম)ক পুজা কৰা এটা মন্দিৰত। উল্লেখ্য যে এয়া মহাভাৰতৰ কাহিনীৰ এটা অংশ।
কাহিনীটো এনেধৰণৰঃ অৰ্জুন আৰু নাগা ৰাজকুমাৰী উলুপীৰ পুত্ৰ আৰাৱানে কালি দেৱীৰ হাতত নিজকে উচৰ্গা কৰিবলৈ সন্মত হয় যাতে কৌৰৱৰ বিৰুদ্ধে পাণ্ডবে ৰণত জয়ী হ’ব পাৰে। তেঁওৰ শেষ ইচ্ছা হৈছে বিয়া হোৱা। ইফালে পিছদিনাই তেঁওক বলি দিয়া হ’ব হেতুকে কোনোৱেও তেঁওৰ সৈতে বিয়াত বহাৰ ইচ্ছা প্ৰকাশ কৰা নাই। সেয়ে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি পিছদিনা বিধবা হ’বৰ বাবেই আৰাৱানৰ সৈতে বিয়াত বহে।
কুভগাম উৎসৱত আৰাৱানিসকলে বিয়াৰ লগতে বলি আৰু বিধবা হোৱাৰ ৰীতি-নীতি পালন কৰে। মই গৈ পাও মানে বিয়াৰ ৰং-ৰহইচ আৰম্ভ হৈছে। মন্দিৰৰ ভিতৰত পুৰোহিতে ইজনৰ পিছত সিজনৰ বিয়াৰ ৰীতি-নীতি পালন কৰি বিয়া দিছে। আনফালে মন্দিৰৰ প্ৰাংগণত ফুলৰ মালা, থালি আৰু খাৰু আদি কিনি আৰাৱানিসকলে নাচি-বাগি বিয়াৰ প্ৰস্তুতি চলাইচে।
বেংগালুৰুৰ পৰা অহা আৰাৱানিৰ দল এটা মই লগ পালো। তেঁওলোকৰ দলপতি হৈছে প্ৰজৱালা। মই যোৱা ১২ বছৰ ধৰি এই উৎসৱলৈ আহি আছো। এইখন সমাজত জীয়াই থকাটো আমাৰ বাবে কঠিন। কিন্তু এইখন ঠায়েই আমাক সাহ দিয়ে যে এদিন সমাজে আমাক আদৰি ল’ব। দেৱতাৰ পত্নি হোৱাটো আমাৰ বাবে একধৰণৰ স্বীকৃতি, প্ৰজৱালাই কয়।
উৎসৱটো আনন্দৰ উৎসৱ হ’লেও ইয়াৰে এটা আন্ধাৰ দিশো নথকা নহয়। ভীৰৰ মাজত সন্মুখীন হোৱা যৌন আতিশায্য আৰু আৰক্ষীৰ মৌখিক আতিশায্যৰ কথাও আৰাৱানিসকলে কয়। তথাপি মই ইয়ালৈ নহাকৈ নাথাকো, ৩৭ বৰ্ষীয় আইভি নামৰ আৰাৱানিগৰাকীয়ে এই কথা কৈ ভীৰৰ মাজত নাইকিয়া হৈ গ’ল। প্ৰত্যেক বছৰে তাইক কিহে ইয়ালৈ আহিবলৈ আকৰ্ষিত কৰে, মোৰ মনত এটা প্ৰশ্ন জাগিল। কিন্তু উত্তৰটো তেনেই স্পষ্ট। এয়া তেঁওলোকৰেই উৎসৱ। ইয়াতেই তেঁওলোক যি হয় সেইটো কাৰণতে আমন্ত্ৰণ কৰা হয়।

ভগৱান আৰাৱানালৈ (স্থানীয়ভাৱে কুথানডাৱৰ বুলি জনা যায়) উৎসৰ্গিত মন্দিৰটো কুভাগাম গাঁৱত অৱস্থিত। মন্দিৰটো তামিলনাডুৰ ভিলুপ্পুৰম চহৰৰ পৰা ৩০ কিলোমিটাৰ দুৰৈত অৱস্থিত।

আৰাৱানিসকলে মহাভাৰতৰ সেই কাহিনীটো উপস্থাপন কৰে য’ত তেঁওলোকে ভগৱান আৰাৱানলৈ বিয়া হয়। ইয়াত তেঁওলোক বিয়াৰ বাবে সাজু হৈছে।

কুথানডাৱৰ মন্দিৰৰ এজন পুৰোহিতে বিয়াৰ ৰীতি আৰম্ভ কৰিছে। আৰাৱানৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ চিন স্বৰূপে তেঁও প্ৰতিজন আৰাৱানিৰ গলত থালি নামৰ হালধীয়া সুঁতা গাথি দিছে।

ভগৱানৰ সৈতে সদ্যবিবাহিত এগৰাকী বৃদ্ধা আৰাৱানিয়ে সন্তোষেৰে মন্দিৰ এৰিছে

সমাজে এলাগী কৰাৰ দুখ বুকুত লৈ ফুৰা লিংগপৰিৱৰ্তিত মহিলাসকলক আকৌ মানুহে 'ভাগ্যৱান’ বুলি বিবেচনা কৰে। আৰাৱানিসকলৰ আশীৰ্বাদ ল’বলৈ কুথানডাঁৱৰ মন্দিৰৰ প্ৰাংগণৰ বাহিৰত মানুহৰ ভীৰ লাগে।

চেন্নাইৰ দাঁতিকাষৰীয়া ঠাইৰ পৰা অহা সদ্যবিবাহিত আৰাৱানিসকলৰ দলপতি পিংকী (সোমাজত)য়ে বিয়া হ’বলৈ উদগ্ৰীৱ হৈ পৰিছে

বিয়া হোৱাৰ পিছতে আৰাৱানিসকলে হৰ্ষ-উল্লাসত মগ্ন হয়। পিংকীয়ে এই আনন্দৰ ক্ষণত তাইৰ ভগ্নি তথা আটাইতকৈ ভাল বন্ধু মালাক চুমা খাইছে।

বিয়াৰ ৰীতি-নীতি সম্পন্ন হ’ল। এতিয়া আনন্দত আত্মহাৰা হোৱাৰ সময়। আৰাৱানিসকলে কইনাৰ সাজত গান গাই গোটেই ৰাতি আনন্দ-উল্লাসেৰে ৰাতিটো পাৰ কৰে।

পৰৱৰ্তী দিনা পুৱা আৰাৱানৰ বলিদানৰ সময়। এতিয়া আৰাৱানিসকলে শোকত ডুব যায়। শোকসন্তপ্ত আৰাৱানিসকলে বৃত্তাকাৰে একগোট হৈ হিয়া ঢাকুৰি কান্দিবলৈ ধৰে।

পুৰোহিতে আৰাৱানিৰ খাৰু ভঙাইছে- এয়া বিধবা হোৱাৰ ৰীতি। তাই কান্দিবলৈ লৈছে। দৰ্শকে তাইক ঘেৰি ধৰি চাইছে।

পুৰোহিতে আৰাৱানিৰ থালিবোৰ কাটি মন্দিৰৰ বাহিৰৰ একুৰা জুইত নিক্ষেপ কৰিছে। উৎসৱৰ বাবে অহা কাষৰ গাঁৱৰ মানুহবোৰ গোট খাইছে।

আৰাৱানিসকলে এতিয়া কইনাৰ সাজ এৰি বিধৱাৰ সাজ পিন্ধিব লাগিব। পুৰোহিতে বগা শাৰীখন হাতত দিয়াৰ লগে লগে এগৰাকী আৰাৱানিয়ে উচুপিবলৈ ধৰিছে।

আৰাৱানিসকলে হিয়া ঢাকুৰি কান্দিছে আৰু কপালত চপৰিয়াইছে। আৰাৱানিৰ বলিদানৰ বাবে তেঁওলোকে দুখ উজাৰিছে।

মন্দিৰৰ বাহিৰত আৰাৱানিসকলৰ বিয়া হোৱাৰ চিনস্বৰূপে য’তে-ত’তে পৰি থকা মালা, ভঙা খাৰু আৰু চিগা সুঁতাবোৰ পৰি ৰৈছে।

বগা সাজ পৰিহিতা এগৰাকী আৰাৱানিয়ে মন্দিৰৰ পৰা আঁতৰি খোজ দিছে, কিছুমানে এমাহ ধৰি আৰাৱানৰ মৃত্যুৰ শোক নিবেদন কৰা অব্যাহত ৰাখিছে।