কাৰ্গিলৰ মূল বজাৰত খোজকাঢ়ি গৈ থকাৰ বাটতে এটা সৰু বাট ভাগ হৈ যায়, সেই সৰু বাটটোৰ দুয়োকাষে সৰু সৰু দোকানবোৰ বহিছে। ৰঙীন স্কাৰ্ফবোৰ আৰু দোপাত্তাবোৰ প্ৰত্যেকখন দোকানৰ সমুখতে ধুনীয়াকৈ সজাই থোৱা আছে। ভিতৰখনো ৰং-বিৰঙী বিভিন্ন ধৰণৰ চেলোৱাৰ কামীজৰ ছেট, চুৱেটাৰ, আ-অলংকাৰ, ফুটৱেৰ, শিশুৰ পোচাক আৰু অনান্য সামগ্ৰীৰে ভৰি আছে।
এয়া কমাণ্ডাৰ মাৰ্কেট, স্থানীয় লোকে কয়। কিয়নো দোকানবোৰ থকা মাটিখিনি এজন 'কমাণ্ডাৰ'ৰ। ইয়াৰে কেউগৰাকী দোকানীয়েই চিয়া মহিলা।
কাৰ্গিল লাদাখৰ একেবাৰে সীমান্তৱৰ্তী এলেকাত আৰু হিমালয়ৰ পাদদেশত অৱস্থিত। ভাৰত-পাক বিভাজনৰ আগৰ ১৯৪৭ চনলৈকে এছিয়াৰ মূল ভূখণ্ডৰ সৈতে চিল্ক ৰুট ট্ৰেডৰ ক্ষেত্ৰত এয়া আছিল দক্ষিণফালৰ গুৰুত্বপুৰ্ণ স্থান। চহৰখনৰ জনসংখ্যা ১৬ হাজাৰ (২০১১ বৰ্ষৰ লোকপিয়ল)। তাৰে ঘাইকৈ মুছলমান মানুহৰ সংখ্যাই বেছি, লগতে কিছু বৌদ্ধধৰ্মী আৰু শিখধৰ্মী লোক আছে। তেওঁলোকৰ তিনিটা প্ৰজন্মই তিনিখন যুদ্ধ দেখিছে, তাৰে অন্তিমখন ১৯৯৯ৰ যুদ্ধ।
কমাণ্ডাৰ বজাৰৰ প্ৰথমখন দোকান মহিলা পাতিছিল এগৰাকী মহিলাই, তেওঁ তিনিটা দশক পূৰ্বেই সেই স্থানলৈ আহিছিল, তেতিয়ালৈ কমাণ্ডাৰ মাৰ্কেটৰ নামটো দিয়াই হোৱা নাছিল। দোকানখন পাতোতে মহিলাগৰাকীয়ে ভালেখিনি বাধা-বিৰোধৰ সমুখীন হৈছিল। সময়ৰ লগে লগে তেওঁৰ দৃঢ়তাৰপৰা অনুপ্ৰাণিত হৈ ২-৩ গৰাকী মহিলাই একেটা স্থানতে দোকান ভাড়াত ল'লে। এতিয়া তাতে ৩০ খনমান দোকান আছে আৰু তাৰে তিনিখনমানত বাদে বাকী আটাইকেইখন মহিলাই চলায়।
এটা দশক পুৰ্বে কাৰ্গিলৰ ৰাজহুৱা স্থানত এয়া বিৰল ঘটনা, কমাণ্ডাৰ মাৰ্কেট এক অ-উদযাপিত মাইলৰ খুঁটি। ইয়াৰে যুৱ মহিলা দোকানীবোৰে মহিলাৰ স্বাক্ষৰতাৰ হাৰত অৰিহণা যোগাইছে (২০০১ চনৰ ৪২ শতাংশৰপৰা স্বাক্ষৰতাৰ হাৰ ২০১১ চনলৈ ৫৬ শতাংশ হৈছে)। তদুপৰি আগৰেপৰা তাতে কাম কৰি অহা মহিলাই কয় যে অৰ্থনৈতিক স্বাধীনতাই বজাৰখনলৈ অধিক মহিলাক আকৰ্ষিত কৰিছে। কিছুমানে উপাৰ্জন কৰাৰ ইচ্ছা কৰিয়ে আগবাঢ়ি আহিছে আৰু কিছুমানে তেওঁলোকৰ পুৰ্বপুৰুষৰ পদাংক অনুসৰণ কৰি অনুপ্ৰাণিত হৈ এই সুকীয়া বাট বুলিছে। সিহতৰ ভাষাত কাৰ্গিলে এতিয়া এই পৰিৱৰ্তন মানি লৈছে।
এই ফটো ৰচনাখনৰ কাৰণে মই যেতিয়া কাৰ্গিলৰ বজাৰখন সাক্ষাত কৰিছিলো, কিছু মহিলাই কেমেৰাৰ আগত ওলাব সংকোচবোধ কৰিছিল, কিছুমানে তেওঁলোকৰ ফটো প্ৰকাশিত হ'ব বুলি চিন্তাত পৰিছিল আৰু কিছুমানে তেওঁলোকৰ সম্পুৰ্ণ নামটো প্ৰকাশ কৰাটো বিচৰা নাছিল। কিন্তু তেওঁলোকে নিজৰ সেই কাহিনীবোৰৰ আনন্দ ভগাই ল'বলৈ পাই সুখী হৈছিল।২৮ বৰ্ষীয় আবিদা খানামে (সোফালে) কয়, "মই ইচ্ছা কৰিয়ে দুৰশিক্ষণযোগে বিএ পঢ়ি আছো কাৰণ মই অৰ্থনৈতিকভাৱে স্বাধীন হ'ব বিচাৰো। এই দোকানখন মোৰ খুড়ীৰ। চাহিদা আৰু মই তেওঁক সহায় কৰি দিও। মই মাহে ৭-৮ হাজাৰমান পাও। আমি একেলগে কাম কৰাটো উপভোগ কৰো।"
“আমি দোকানৰ সামগ্ৰী কিনিবলৈ শ্ৰীনগৰ, লুধিয়ানা আৰু দিল্লীলৈ যাও," আবিদা খানামে কয়। মহিলাগৰাকীয়ে শীতকালৰ অফ-চিজনবোৰত শ্বপিং কৰাটো পচন্দ কৰে। তেতিয়া কাৰ্গিলৰ প্ৰচণ্ড শীতৰপৰাও তেওঁলোকে ৰেহাই পায়। মে মাহত শ্ৰীনগৰ-লেহ ৰাজপথ খোলা দিয়াৰ পিছতে তেওঁলোকে অৰ্ডাৰবোৰ লাভ কৰে। নতুন মাল আহি পোৱালৈকে তেওঁলোকৰ বিগত বছৰটোৰ ষ্টক ভালেখিনি থাকে।
এই দোকানখন মনচুৰে চলায়। তেওঁৰ মাতৃয়ে এইখন ২০ বছৰ আগতেই পাতিছিল। "এই বজাৰখনৰ কেইগৰাকীমান পুৰুষ দোকানী হিচাপে মই গৌৰৱবোধ কৰো," তেওঁ কয়, "আৰু মোৰ বৃদ্ধ পিতৃ-মাতৃৰ বাবে উপাৰ্জন কৰিবলৈ পাই সুখী অনুভৱ কৰো। "
৩২ বৰ্ষীয় চাৰাহে ব্যৱসায়ী মহিলা হিচাপে দোকানখন পাতিবলৈ পাই উত্সাহী হৈ পৰিছে। তেওঁ নিজৰ সৰু ভনীয়েকৰ সৈতে দোকানখন চলোৱাৰ পৰিকল্পনা কৰিছে। "এয়া সঁচা নহয় যে মহিলাক ইছলামত উত্সাহ যোগোৱা নহয় বা হীন দৃষ্টিৰে চোৱা হয়," তেওঁ কয়। "মোৰ পৰিয়ালে মোক সমৰ্থন কৰে আৰু মহিলাৰ দৃঢ় ভূমিকাই মোক মোৰ আৰু পৰিয়ালৰ বাবে উপাৰ্জন কৰাৰ বাবে উত্সাহিত কৰে।"
কেমেৰা দেখি লাজতে লুকুৱা বানোই কয়, "মই ভাগৰুৱা হৈ পৰিছো আৰু মোৰ উপবাস ভঙাৰ বাবে ইফটাৰৰ সময়লৈ ৰৈছো। "
"এয়া (এখন স্কাৰ্ফ নিজৰ ডিঙিত মেৰিয়াই দেখুৱাই) হৈছে 'ইনফিনিটি লুপ' আৰু খুব ট্ৰেণ্ডিঙত আছে। কাৰ্গিললৈ অহা বিদেশী পৰ্যটকৰ মাজত এইখন খুবেই প্ৰিয়," হাজি আখতাৰ নামৰ ৩৮ বছৰ বয়সৰ মহিলা দোকানীগৰাকীয়ে কয়। "মই কেইখনমান গাঁৱৰ আত্ম-সহায়ক গোটৰ মহিলাক হাতেবোৱা সামগ্ৰী প্ৰস্তুতিৰ বাবে সহায় কৰি দিছো যাতে সিহতৰ পণ্য আনি ইয়াতে মোৰ দোকানত আৰু কাৰ্গিলৰ কেইখনমান হোটেলত বিক্ৰী কৰি সিহতক সহায় কৰিব পাৰো। ব্যৱসায় বৰ ভাল, বিশেষকৈ গ্ৰীষ্মকালত। কেতিয়াবা মই মাহে ৪০ হাজাৰলৈ উপাৰ্জন কৰো আৰু কেতিয়াবা তাতোকৈও বেছি পাও।"
ফাতিমাই এই দোকানখন প্ৰায় ছবছৰ ধৰি চলাই আহিছে। কাষতে বহি থকা তেওঁৰ স্বামী মহম্মদ ইছাই এই ক্ষুদ্ৰ ব্যৱসায়টো আৰম্ভ কৰাত সহায় কৰি দিছিল। "তেওঁ এতিয়াও মোক দৃঢ়াতাৰে সমৰ্থন কৰে, তেওঁক লৈ গৌৰৱান্বিত," ফাতিমাই কয়। তেওঁ মোৰ বাবে আটাইতকৈ ডাঙৰ সম্বল আৰু প্ৰেৰণাৰ উত্স।"
অনুবাদকঃ ৰশ্মি ৰেখা দাস