হাৰিয়ানা-দিল্লী সীমান্তৰ সিংঘুত প্ৰতিবাদ কৰা বিশ্বভজোত গ্ৰেৱালে কয়, "আমি এই আইনবোৰৰ প্ৰত্যাহাৰ হোৱাটো বিচাৰো।" যোৱা ছেপ্টেম্বৰ মাহত সংসদত তিনিখন আইন গৃহীত হোৱাৰ পিছৰে পৰা লুধিয়ানা জিলাৰ পামাল নামৰ গাঁৱত প্ৰতিবাদ সংগঠিত কৰাত সহায় কৰা কৃষক পৰিয়ালৰ ২৩ বছৰীয়া যুৱতী গ্ৰেৱালে কয়। তেওঁ কয়, "আমি মাটিৰ সৈতে ওতঃপ্ৰোতঃভাৱে জৰিত। গতিকে এই মাটি আমাৰ পৰা কোনোবাই কাঢ়ি নিয়াটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰো।"
গ্ৰাম্য ভাৰতৰ কমেও ৬৫ শতাংশ মহিলা (২০১১ৰ লোকপিয়ল অনুযায়ী)ৰ দৰে তেওঁৰ পৰিয়ালত থকা মহিলাসকলো প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিকাৰ্যত নিয়োজিত হৈ আছে। তেওঁলোকৰ বহুতৰে নিজৰ মাটি নাই যদিও তেওঁলোক কৃষিৰ কেন্দ্ৰবিন্দু। তেওঁলোকে বীজ সিঁচাৰ পৰা আৰম্ভ কৰি শস্য চপোৱা, পথাৰৰ পৰা ঘৰলৈ কঢ়িওৱা, মৰণা মৰা, খাদ্য প্ৰক্ৰিয়াকৰণ, দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰাকে ধৰি অধিকাংশ কাম কৰে।
তথাপি ১১ জানুৱাৰীত, ভাৰতৰ উচ্চতম ন্যায়ালয়ে তিনিখন কৃষি আইন স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰে, তেতিয়া মুখ্য ন্যায়াধীশে ইয়াকো কৈছিল যে মহিলা আৰু বৃদ্ধসকলক প্ৰতিবাদস্থলীৰ পৰা উভতি যাবলৈ সৈমান কৰাব লাগিব। কিন্তু এই আইনে মহিলা (আনকি বৃদ্ধজনৰো)ৰো ক্ষতি কৰিব।
কৃষকসকলে বিৰোধীতা কৰা আইনবোৰ ক্ৰমে- কৃষিপণ্য ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন,২০২০ ; শস্যৰ (সবলীকৰণ আৰু সংৰক্ষণ) মূল্যৰ আৰু কৃষি সেৱা আইন,২০২০ৰ আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন, ২০২০ৰ নিশ্চয়তাৰ চুক্তি। ইয়াৰ উপৰিও এই আইনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে সমালোচিত হৈছে।
প্ৰথমাৱস্থাত আইনবোৰ ৫ জুন, ২০২০ তাৰিখে অধ্যাদেশ হিচাপে গৃহীত কৰা হৈছিল। তাৰ পিছত ১৪ ছেপ্টেম্বৰত সংসদত কৃষি বিধেয়ক হিচাপে উত্থাপন কৰা হৈছিল। সেই মাহৰে ২০ তাৰিখে ততাতৈয়াকৈ আইন হিচাপে গৃহীত কৰা হয়। কৃষকসকলে এই আইনখনক তেওঁলোকৰ জীৱিকাৰ প্ৰতি সৰ্বনাশী পদক্ষেপ হিচাপে গণ্য কৰে। লগতে বৃহৎ কৰ্পোৰেটক ক্ষমতা বিস্তাৰৰ বাবে কৃষিখণ্ডত দলিচা পাৰি দিয়া বুলিও তেওঁলোক শংকিত। আইনকেইখনে ন্যূনতম সমৰ্থন মূল্য (এমএছপি), কৃষিজাত উৎপাদন বিপণন সমিতি (এপিএমচি), ৰাজ্যিক ক্ৰয় আদিকে ধৰি খেতিয়কসকলৰ সহায়ৰ বাবে থকা সকলো দুৱাৰ বন্ধ কৰি পেলাব বুলি তেওঁলোকে কয়।
"নতুন কৃষি আইনবোৰৰ ফলত আটাইতকৈ বেছি ভুক্তভোগী হ'ব মহিলাসকল। যদিও কৃষিৰ সৈতে তেওঁলোক যথেষ্ট জড়িত, কিন্তু তেওঁলোকৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই। অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ পৰিৱৰ্তনসমূহে [উদাহৰণ স্বৰূপে] খাদ্যৰ অভাৱৰ সৃষ্টি কৰিব আৰু মহিলাসকলে ইয়াৰ ফল পাব," অল ইণ্ডিয়া ডেমোক্ৰেটিক উইমেন এছ'চিয়েচনৰ সাধাৰণ সম্পাদক মাৰিয়াম ধাৱালে কয়।
যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে এই মহিলাসকল দিল্লী আৰু ইয়াৰ আশে-পাশে থকা কৃষকৰ প্ৰতিবাদস্থলীত স্থিৰ সংকল্পৰে থিয় দিছে। খেতি-বাতিৰ লগত জড়িত নথকা আন বহুতো মহিলাই সমৰ্থন দৰ্শাবলৈ তাত উপস্থিত হৈছে। তেওঁলোকৰ মাজৰে বহুতে কিছুমান সামগ্ৰী বিক্ৰী কৰিবলৈ, এদিনৰ হাজিৰাৰ বাবে বা কেৱল লংগৰত আগবঢ়োৱা আহাৰ খাবলৈও তাত উপস্থিত হৈছে।

৬২ বছৰীয়া বিমলা দেৱীয়ে (ৰঙা স্কাৰ্ফত) ২০ ডিচেম্বৰত সিংঘু সীমান্তত উপস্থিত হৈ সংবাদ মাধ্যমক জনায় যে তাত প্ৰতিবাদ কৰা তেওঁৰ ভাতৃ আৰু পুত্ৰসকল সন্ত্ৰাসবাদী নহয়। তেওঁৰ পৰিয়াটোয়ে হাৰিয়ানাৰ শোণিপত জিলাৰ খাৰখোড়া খণ্ডৰ চেহৰি গাঁৱত পৰিয়ালৰে দুই একৰ মাটিত ঘেঁহু, জোৱাৰ আৰু কুঁহিয়াৰ খেতি কৰে। 'আমি টিভিত দেখিছিলো যে আমাৰ ল’ৰাকেইটাক গুণ্ডা বুলি কোৱা হৈছে। সিহঁত খেতিয়ক, সন্ত্ৰাসবাদী নহয়। সংবাদ মাধ্যমে যেনেকৈ মোৰ ল’ৰাকেইটাৰ কথা কৈছিল, দেখি মোৰ চকুপানী ওলাইছিল। আপোনালোকে খেতিয়কতকৈ বহল অন্তৰৰ মানুহ বিচাৰি নাপাব ,' বিমলা দেৱীয়ে কয়। তেওঁৰ ৬০ বছৰীয়া ভগ্নী সাবিত্ৰী (নীলা ৰঙৰ) সিংঘুত তেওঁক সংগ দিছে

১৪ বছৰ বয়সৰ ৯ম শ্ৰেণীৰ ছাত্ৰী আলমজিৎ কৌৰে কয় , 'মই ইয়ালৈ মোৰ অধিকাৰৰ বাবে, মোৰ ভৱিষ্যতৰ বাবে যুঁজিবলৈ আহিছোঁ।' তাই তাইৰ সৰু ভনীয়েক, আইতাক আৰু তাইৰ মাক-দেউতাকৰ সৈতে সিংঘু প্ৰতিবাদস্থলীত আছে। তেওঁলোক সকলো পাঞ্জাৱৰ ফৰিদকোট খণ্ডৰ পিপলি গাঁৱৰ পৰা আহিছে। সেই গাঁৱতে আলমজিতৰ মাকে নাৰ্ছ হিচাপে আৰু তাইৰ দেউতাকে এখন স্কুলৰ শিক্ষক হিচাপে কাম কৰে। পৰিয়ালটোৱে তেওঁলোকৰ সাত একৰ খেতি পথাৰত ঘেঁহু আৰু ধানখেতি কৰে। আলমজিতে কয়, 'মই মোৰ মা-দেউতাক সৰুৰে পৰাই খেতিপথাৰত সহায় কৰি আহিছোঁ।' 'তেওঁলোকে মোক আমাৰ খেতিয়কসকলৰ অধিকাৰৰ বিষয়ে শিকাইছিল আৰু আমি আমাৰ অধিকাৰ ঘূৰাই নোপোৱালৈকে উভতি নাযাওঁ। এইবাৰ আমি খেতিয়কসকলে জিকিম।'

বিশ্বভজোত গ্ৰেৱালৰ পৰিয়ালৰ লুধিয়ানা জিলাৰ পামাল গাঁৱত ৩০ একৰ মাটি আছে। তাত তেওঁলোকে ঘাইকৈ ঘেঁহু , ধান আৰু আলু খেতি কৰে। ২২ ডিচেম্বৰ তাৰিখে আত্মীয়সকলৰ সৈতে এখন মিনি ভেনত সিংঘুলৈ অহা ২৩ বছৰীয়া যুৱতীগৰাকীয়ে কয়, আমি এই [কৃষি] আইনবোৰ প্ৰত্যাহাৰ হোৱাটো বিচাৰো।' 'আমি মাটিৰ মানুহ আৰু ইয়াক আমাৰ পৰা কোনোবাই কাঢ়ি নিয়াটো আমি সহ্য কৰিব নোৱাৰো। আমাৰ সংবিধানত লিখা আছে যে প্ৰতিবাদ কৰাটো আমাৰ অধিকাৰ। এয়া অতি শান্তিপুৰ্ণ প্ৰতিবাদ। লংগৰৰ পৰা চিকিৎসালৈকে, ইয়াত সকলো পাব।'

'মই মোৰ খেতিয়কসকলক সমৰ্থন কৰিবলৈ ইয়ালৈ আহিছো। যদিও মানুহবোৰে ভাবিছে যে আইনবোৰে কেৱল খেতিয়কসকলৰ ক্ষতি কৰিব, প্ৰকৃততে এই আইনসমূহে প্ৰতিজন ব্যক্তিকে প্ৰভাৱান্বিত কৰিব ,' পাঞ্জাৱৰ ফৰিদকোট জিলাৰ ফৰিদকোট তহচিলত থকা কোট কাপুৰা গাঁৱৰ ২৮ বছৰীয়া মণি গিলে কয়। মণিৰ এমবিএ ডিগ্ৰী আছে আৰু কৰ্পোৰেট খণ্ডত কাম কৰে। তেওঁ লগতে কয়, "মই নিশ্চিত যে আমি জিকিমেই। 'দিল্লীত এখন ক্ষুদ্ৰ পাঞ্জাৱ সৃষ্টি হোৱা দেখি বৰ ভাল লাগিছে। আপুনি ইয়াত পাঞ্জাৱৰ সকলো গাঁৱৰে মানুহ পাব।" মণি যুৱ-পৰিচালিত মঞ্চৰ এজন স্বেচ্ছাসেৱক যি সামাজিক মাধ্যমত কৃষকৰ সমস্যাৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰে। 'তিনিখন নতুন কৃষি আইনৰ উপৰিও খেতিয়কসকলৰ অন্যান্য গুৰুত্বপূৰ্ণ সমস্যা আৰু সেইবোৰৰ সমাধান কি হ'ব পাৰে তাৰ বিষয়েও আমি কথা পাতিবলৈ চেষ্টা কৰো। আমি খেতিয়কসকলে প্ৰতিদিনে সন্মুখীন হোৱা সমস্যাবোৰ তুলি ধৰাৰ চেষ্টা কৰো,' তেওঁ কয়। মণিৰ মাক-দেউতাক সিংঘুলৈ আহিব নোৱাৰিলে। তেওঁ কয়, 'মই ভাবো যে তেওঁলোকেও সমানে গুৰুত্বপূৰ্ণ কাম কৰি আছে। আমি ইয়াত আছো কাৰণে আমাৰ জীৱ-জন্তু আৰু পথাৰবোৰ চাবলগীয়া হোৱাত তেওঁলোকৰ কাম দুগুণ বাঢ়িছে।'

চাজাহমীত (সোঁফালে) আৰু গুৰলীনে (সম্পূৰ্ণ নাম দিয়া নাই) ১৫ ডিচেম্বৰৰ পৰা বিভিন্ন স্থানত হৈ থকা কৃষকৰ প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰি আহিছে। বিভিন্ন গাড়ী আৰু টেম্পোত লিফ্ট লৈ পঞ্জাৱৰ পাটিয়ালা চহৰৰ পৰা ইয়ালৈ অহা ২৮ বছৰীয়া চাহাজমীতে কয়, 'প্ৰতিবাদত অধিক লোকৰ প্ৰয়োজন বুলি জনাৰ পিছত তেওঁলোকৰ বাবে ঘৰত থকাটো অতি টান হৈ পৰিছিল। কিছু সময়ৰ বাবে, তেওঁ পশ্চিম দিল্লীৰ টিক্ৰি প্ৰতিবাদস্থলীত থাকি, সামূহিক পাকঘৰত স্বেচ্ছাসেৱী হৈ আছিল। তেওঁ লগতে কয়, "আমি য'তেই সহায়ৰ প্ৰয়োজন হয় তালৈকে যাওঁ।'
প্ৰতিবাদ কৰি থকা মহিলাসকললৈ তেওঁ আঙুলিয়াই কয়, শৌচালয় এক সমস্যা। 'প’ৰ্টেবল শৌচালয় আৰু [পেট্ৰ'ল] ষ্টেচনৰ শৌচালয়বোৰ বৰ লেতেৰা। তাৰোপৰি সেইবোৰ মহিলাসকল থকা ঠাইৰ পৰা বহু দূৰত [প্ৰতিবাদস্থলীৰ টেণ্ট আৰু ট্ৰেক্টৰ ট্ৰলীৰ পৰা) আছে। যিহেতু আমি সংখ্যাত তুলনামূলকভাৱে কম, আটাইতকৈ সুৰক্ষিত বিকল্পটো হৈছে আমি য'ত আছোঁ তাৰ ওচৰতে থকা শৌচালয়বোৰ ব্যৱহাৰ কৰা,' পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ পিএইচডিৰ ছাত্ৰ চাহাজমীতে কয়। 'শৌচালয় ব্যৱহাৰ কৰিবলৈ যাওঁতে মোক এজন বৃদ্ধ ব্যক্তিয়ে এইদৰে কৈছিলঃ 'মহিলাসকল ইয়ালৈ কিয় আহিছে? প্ৰতিবাদ কৰাটো পুৰুষৰ কাম।‘ ইয়াত কেতিয়াবা [নিশা] অসুৰক্ষিত অনুভৱ কৰোঁ। কিন্তু একেলগে আন মহিলাসকলক দেখি আমি সাহ পাওঁ।'
গুৰদাসপুৰ জিলাৰ বাটালা তহচিলত থকা মীকি গাঁৱৰ ২২ বছৰীয়া গুৰলীন। সেই গাঁৱত তেওঁৰ পৰিয়ালে দুই একৰ মাটিত ঘেঁহু আৰু ধান খেতি কৰে। গুৰলীনে কয় , 'মোৰ পঢ়াৰ খৰছ খেতিৰ পৰাই ওলাইছিল। মোৰ পৰিয়ালটো খেতিৰ ওপৰত নিৰ্ভৰশীল। মোৰ ভৱিষ্যত আৰু একমাত্ৰ আশা হৈছে খেতি-বাতি। মই জানো ই মোক খাদ্য আৰু সুৰক্ষা দুয়োটা প্ৰদান কৰিব পাৰে। শিক্ষাই মোক এই বিভিন্ন চৰকাৰী নীতিবোৰে আমাক, বিশেষকৈ মহিলাসকলক কেনেকৈ প্ৰভাৱিত কৰিব সেয়া চাবলৈ শিকাইছে। সেয়েহে একতাৰে থিয় হৈ প্ৰতিবাদ কৰাটো গুৰুত্বপূৰ্ণ।'

হৰ্ষ কৌৰ (একেবাৰে সোঁফালে) প্ৰায় ৩০০ কিলোমিটাৰ দূৰত থকা পাঞ্জাৱৰ লুধিয়ানা চহৰৰ পৰা সিংঘু সীমান্তলৈ আহিছে। ২০ বছৰীয়া যুৱতীগৰাকীয়ে তেওঁৰ ভনীয়েকৰ সৈতে প্ৰতিবাদস্থলীত তেওঁলোকৰ বিনামূলীয়া চিকিৎসা শিবিৰত স্বেচ্ছাসেৱী হ'বলৈ এটা যুৱ সংগঠনৰ সৈতে যোগাযোগ কৰিছিল। চিকিৎসা সহায়ক শিবিৰে নাৰ্ছসকলক প্ৰশিক্ষণ দিয়ে যিয়ে স্বেচ্ছাসেৱকসকলক ঔষধ বিতৰণৰ ওপৰত পৰামৰ্শ দিয়ে। সাংবাদিকতাৰ বি.এ. ডিগ্ৰীধাৰী ছাত্ৰ হৰ্ষে কয়, 'চৰকাৰে ভাও ধৰিছে যে এই আইনবোৰ কৃষকসকলৰ বাবে ভাল, কিন্তু সেইবোৰ একো ভাল নহয়। কেৱল কৃষকেই খেতি কৰে। তেওঁলোকে জানে তেওঁলোকৰ বাবে কি ভাল। আইনবোৰ কেৱল কৰ্পোৰেটৰ পক্ষত। চৰকাৰে আমাক শোষণ কৰি আছে। যদি নহয়, তেওঁলোকে আমাক লিখিতভাৱে এমএছপি [ন্যুনতম সমৰ্থন মূল্য]ৰ নিশ্চয়তা প্ৰদান কৰিলেহেঁতেন। আমি আমাৰ চৰকাৰক বিশ্বাসত ল’ব নোৱাৰো।'

লায়লাই (সম্পূৰ্ণ নাম দিয়া নাই) সিংঘুত সঁজুলি-পাতি বিক্ৰী কৰে। সেইবোৰ হৈছে প্লায়াৰ , বৈদ্যুতিক লাইটাৰ আৰু দুই প্ৰকাৰৰ স্ক্ৰুড্ৰাইভাৰ। প্ৰতিটো ছেটৰ মূল্য হৈছে ১০০ টকা। তেওঁ লগতে একে দামতে তিনিযোৰ মোজা বিক্ৰী কৰে। লায়লাই উত্তৰ দিল্লীৰ সদৰ বজাৰৰ পৰা সপ্তাহত এবাৰকৈ এই সামগ্ৰীবোৰ কিনি আনে। লায়লাৰ স্বামীও এজন বিক্ৰেতা। তেওঁ ইয়ালৈ তেওঁৰ ৯ বছৰীয়া পুত্ৰ মাইকেল (বেঙুনীয়া জেকেট) আৰু ৫ বছৰীয়া বিজয় (নীলা জেকেট)ৰ সৈতে আহিছে। লগতে কয়, 'আমি কেৱল এই বস্তুবোৰ বেচিবলৈ এই ভিৰলৈ আহিছো। যিহেতু এইটো [প্ৰতিবাদ] আৰম্ভ হৈছে, আমি ৰাতিপুৱা ৯ৰ পৰা সন্ধিয়া ৬ বজালৈকে ইয়ালৈ থাকো, আৰু সদায় ১০-১৫ টা ছেট বেচো।'

'মোৰ পৰিয়ালত কোনো কৃষক নাই। এই বস্তু বিক্ৰী কৰিয়ে মই পেটৰ ভোক মাৰিছোঁ , 'হৰেকমাল বিক্ৰী কৰা মানুহেৰে ভৰি পৰা সিংঘুৰ এজন ৰাস্তাৰ কাষৰ বেপাৰী ৩৫ বছৰীয়া গুলাবিয়াই কয়। গুলাবিয়াই (সম্পূৰ্ণ নাম দিয়া নাই) সৰু সৰু বাদ্যযন্ত্ৰ বিক্ৰী কৰে। প্ৰতিটো ড্ৰামৰ বাবে ১০০ টকামান পায়। তেওঁৰ দুই পুত্ৰই শ্ৰমিক হিচাপে কাম কৰে। তেওঁ কয়, 'মই দিনে ১০০-২০০ টকা উপাৰ্জন কৰোঁ।' 'কোনেও এই বাদ্যয্ন্ত্ৰবোৰ ১০০ টকাত কিনিবলৈ মন নকৰে। তেওঁলোক সকলোৱে দৰদাম কৰে। সেয়েহে মই এইবোৰ ৫০ টকাত বিক্ৰী কৰিবলগীয়া হয় আৰু আনকি কেতিয়াবা ৪০ টকাতো বিক্ৰী কৰিব লাগে।'

'মই ইয়ালৈ ৰুটি খাবলৈ আহিছো ,' উত্তৰ দিল্লীৰ নাৰেলা এলেকাৰ এগৰাকী চাফাই কৰ্মী কবিতাই (সম্পূৰ্ণ নাম নাই) কয়। তেওঁ সিংঘু সীমান্তলৈ পেলনীয়া প্লাষ্টিকৰ বটল বুটলিবলৈ আহি থাকে। প্ৰায় ৬০ বছৰ বয়সৰ কবিতাই দিনটোৰ শেষত প্ৰতিবাদস্থলীৰ পৰা সংগ্ৰহ কৰা অন্যান্য আৱৰ্জনা সামগ্ৰীবোৰ ৫০-১০০ টকাৰ বিনিময়ত তেওঁৰ এলেকাৰ এজন স্ক্ৰেপ ডিলাৰক বিক্ৰী কৰে। "কিন্তু ইয়াত কিছুমান লোকে মোক দেখি চিঞৰ-বাখৰ কৰে,' তেওঁ কয়। 'তেওঁলোকে মোক প্ৰশ্ন কৰে যে মই ইয়ালৈ কিয় আহিছোঁ?'

'প্ৰতিবাদত অংশগ্ৰহণ কৰাটো মোৰ বাবে সহজ নাছিল কিয়নো মোৰ মা-দেউতাই মই ইয়ালৈ অহাৰ পক্ষপাতী নাছিল। কিন্তু মই আহিছিলো কাৰণ কৃষকসকলক যুৱচামৰ সমৰ্থনৰ প্ৰয়োজন ,' পাঞ্জাৱৰ ফৰিদকোট জিলাৰ ফৰিদকোট তহচিলৰ কোট কাপুৰা গাঁৱৰ ২৪ বছৰীয়া কমলপ্ৰীতে (সম্পূৰ্ণ নাম দিয়া নাই) কয়। তেওঁ ২৪ ডিচেম্বৰত সিংঘু সীমান্তলৈ আহিছিল। যুৱ-পৰিচালিত মঞ্চৰ সৈতে স্বেচ্ছাসেৱকসকলে সামাজিক মাধ্যমত কৃষকৰ সমস্যাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত সহায় কৰি আহিছে। তেওঁ লগতে কয়, 'আমি ইয়াত ইতিহাস ৰচি আছোঁ।' 'ইয়াত সকলো মানুহেই তেওঁলোকৰ জাতি, শ্ৰেণী আৰু সংস্কৃতি নিৰ্বিশেষে উপস্থিত আছে। আমাক আমাৰ গুৰুসকলে যি সত্য তাৰ বাবে যুঁজিবলৈ আৰু শোষিতজনৰ পক্ষত থিয় হ'বলৈ শিকাইছে।'
অনুবাদ: ৰিমঝিম বৰঠাকুৰ