“মই নাজানো শেষত কি কাৰণত তাইৰ মৃত্যু হ’ল, কিন্তু ইমানখিনি জানো যে তাই প্ৰাপ্য চিকিৎসা নাপালে।” ভনীয়েকৰ মৃত্যুৰ ঘটনা বৰ্ণোৱাৰ সময়ত সুভাষ কাবাড়ে কয়।
মহাৰাষ্ট্ৰৰ বীড় জিলাৰ অসামৰিক চিকিৎসালয়ত তেওঁৰ ভগ্নী লতা সুৰভাসে ঢুকোৱাৰ আগদিনা ৰাতি ডাক্তৰে তাইৰ বাবে দুটা জৰুৰীকৈ দিবলগীয়া বেজী লিখি দিছিল। সুভাষে সেয়ে দৌৰাদৌৰিকৈ বাহিৰৰ মেডিকেল ষ্ট’ৰৰ পৰা মিনিটতে বেজীদুটা লৈ আহিল। কিন্তু তেতিয়ালৈ ডাক্তৰজন গ’লগৈ।
“আৰু ভালেমান ৰোগী চাবলৈ থকা কাৰণে তেওঁ দ্বিতীয়টো ৱাৰ্ডলৈ গুছি গৈছিল,” ২৫ বছৰীয়া সুভাষে কয়। “লতাক বেজী দুটা দিবলৈ মই নাৰ্ছ গৰাকীক কওঁতে তেওঁ চাই দেখিলে যে লতাৰ ফাইলত তেনে কোনো বেজীৰ উল্লেখ নাছিল। কেইমিনিটমান আগতে যে ডাক্তৰে সেই বেজী দুটাৰ কথা কৈছে কাৰণে ফাইলত তাৰ উল্লেখ নাই বুলি মই বুজাবলৈ চেষ্টা কৰিছিলো।”
কিন্তু নাৰ্ছগৰাকীয়ে তেওঁৰ কথা নুশুনিলে। বেজী দুটা দিয়াৰ বাবে তেওঁ কাবৌ-কাকূতি কৰোঁতে “ৱাৰ্ডৰ দায়িত্বত থকা লোকজনে চিকিউৰিটিৰ মানুহক মতাৰ ভাবুকি দিলে,” সুভাষে কয়। খামখেয়ালী দূৰ কৰি তেওঁক বেজী দুটা দিয়ালৈকে ইতিমধ্যে এঘণ্টা সময় পাৰ হৈছিল।
দ্বিতীয় দিনা, ১৪ মে’ত লতা ঢুকাল। তেওঁৰ গাত ২৩ এপ্ৰিলৰ দিনা ক’ভিড ধৰা পৰাৰে পৰা হস্পিতালত আছিল। “তাইৰ গা মাজে মাজে ভাললৈ আহিছিল,” বীড় চহৰত ওকালতি কৰা সুভাষে কয়। বেজীকেইটা সময়ত দিয়াহেঁতেন তাই বাচিলহেঁতেন নেকি, তেওঁ নিশ্চিতকৈ নাজানে। কিন্তু হস্পিতালখনত যে কৰ্মচাৰীৰ অতিকৈ নাটনি হৈ আছে, সেই লৈ তেওঁ নিশ্চিত। “ইয়ে ৰোগীৰ ক্ষতি কৰিছে,” তেওঁ কয়।
এই বছৰ মাৰ্চ মাহত দ্ৰুতগতিত ক’ভিড-১৯ৰ দ্বিতীয় ঢৌ বিয়পি পৰাত গ্ৰাম্য ভাৰতৰ জনস্বাস্থ্যক পুতৌলগা আন্তগাঁথনিটো ওলাই পৰে। কৰ্মচাৰীৰ নাটনি ঘটা হস্পিতাল, কামত আগ্ৰহ নথকা কৰ্মী আৰু সুচিকিৎসাৰ পৰা বঞ্চিত ৰোগী- গ্ৰামাঞ্চলত বাস কৰা লাখ লাখ লোকৰ বাবে এয়াই ৰাজ্যিক স্বাস্থ্যসেৱা উপলব্ধ।
জলবায়ু পৰিৱৰ্তন, জলসংকট আৰু কৃষি সংকটে ইতিমধ্যে জুৰুলা কৰা মাৰাঠৱাড়া অঞ্চলৰ বীড়ত দ্বিতীয় ঢৌৱে বিপৰ্য্যস্ত কৰি পেলায়। জিলাখনত ২৫ জুনৰ তথ্য মতে ৯২,৪০০ টা পজিটিভ কেচ আৰু প্ৰায় ২৫০০ জনৰ মৃত্যু ঘটিছে। দ্বিতীয় ঢৌৰ সময়ত ক’ভিড আক্ৰান্তৰ সংখ্যা অভিলেখ হাৰত বাঢ়ি ১ এপ্ৰিলত ২৬,৪০০ৰ পৰা ৩১ মে’লৈ ৮৭,৪০০ টা হয়। বীড়ৰ স্বাস্থ্যসেৱা ব্যৱস্থাই এই মেটমৰা বোজা বব নোৱাৰি অচল হৈ পৰিছে।
বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা লাভৰ বাবে বহুতেই বীড়ৰ চৰকাৰী হস্পিতালত চিকিৎসা কৰাব বিচাৰে। দাৰিদ্ৰ্য আৰু দুৰ্দশাত ডুবি থকা ২৬ লাখৰো অধিক জনসংখ্যাৰ কৃষিপ্ৰধান জিলাখনৰ খেতিয়ক শ্ৰেণীয়ে দীৰ্ঘদিনীয়া সংকটৰ বাবে ধাৰত ডুবি থকা কাৰণে চৰকাৰী হস্পিতালৰ বাদে বিকল্প নেদেখে।
ক’ভিডৰ মৃদু লক্ষণ থকা ৰোগীক ভৰ্ত্তি কৰোৱা জিলাখনৰ ৮১ টা ক’ভিড সেৱা কেন্দ্ৰৰ তিনিটাৰ বাদে বাকী আটাইকেইটা ৰাজ্য চৰকাৰে পৰিচালনা কৰে। ৰোগৰ উপশম নঘটাজনক ক’ভিড উৎসৰ্গিত স্বাস্থ্যকেন্দ্ৰলৈ পঠিওৱা হয়। বীড় জিলাত এনে ৪৫ টা কেন্দ্ৰ আছে য’ৰ কেৱল ১০ টা ৰাজ্য চৰকাৰে চলায়।
কিন্তু চৰকাৰী কেন্দ্ৰবোৰত কৰ্মচাৰীৰ সংখ্যা এতিয়াও বহুত কম।
দ্বিতীয় ঢৌ তুংগত উঠাৰ পিছতো ৰাজ্য চৰকাৰচালিত বীড় জিলাৰ ক’ভিড কেন্দ্ৰবোৰত পৰ্য্যাপ্ত কৰ্মচাৰী নাছিল। জিলা চৰকাৰে অস্থায়ী কৰ্মচাৰী নিয়োগৰ বাবে অনুমোদন দিছিল যদিও পদবোৰ খালী হৈয়ে থাকিল।
জিলা স্বাস্থ্য বিষয়া ৰাধাকৃষ্ণন পাৱাৰৰ মতে ৩৩ টা অনুমোদিত চিকিৎসক পদৰ বিপৰীতে এতিয়া মাত্ৰ নগৰাকীকহে নিযুক্তি দিয়া হৈছে। এনাষ্ঠেচিষ্টৰ ২১ টাৰ আটাইকেইটা পদেই খালী হৈ আছে। ১,৩২২ টা ষ্টাফ নাৰ্ছ পদৰ ৪৪৮ টা আৰু ১,০০৪ টা ‘ৱাৰ্ড বয়’ (ৱাৰ্ড সহায়ক)ৰ পদৰ ৩০১ টা পদত নিযুক্তি দিয়া হোৱা নাই।
১৬ টা শিতানৰ মূঠ ৩,১৯৪ টা অনুমোদিত পদৰ ৩৪ শতাংশ, মানে ১,০৮৫ টা পদ খালী হৈ আছে, ইয়াৰ ফলত কৰ্মৰত অৱশিষ্ট কৰ্মচাৰীখিনিৰ ওপৰত সাংঘাতিক হেঁচা পৰিছে।
দ্বিতীয় ঢৌৰ সময়ত ক’ভিডৰ সংক্ৰমণৰ ঘটনা বাঢ়িবলৈ ধৰে, ১ এপ্ৰিলৰ পৰা ৩১ মে’লৈ ক’ভিড সংক্ৰমণৰ ঘটনা ২৬,৪০০ৰ পৰা ৮৭,৪০০ হৈ পৰে। বীড়ৰ স্বাস্থ্য সেৱা ব্যৱস্থাই এই মেটমৰা ভাৰ সহিব নোৱাৰি অচল হৈ পৰে
সেয়ে ৩৮ বছৰ বয়সীয়া বালাচাহেব কদমৰ বাবে বীড় অসামৰিক চিকিৎসালয়ৰ ভেণ্টিলেটৰৰ বিচনা পাওঁতে তেওঁৰ আত্মীয়ই অক্সিজেনৰ চিলিণ্ডাৰ চৰকাৰী হস্পিতালৰ ষ্ট’ৰেজ ৰুমৰ পৰা ৱাৰ্ডলৈ নিজে কঢ়িয়াবলগীয়া হৈছিল। “কোনো কৰ্মচাৰী আশে-পাশে নাছিল আৰু তেওঁৰ অক্সিজেনৰ মাত্ৰা কমি আহিছিল,” তেওঁৰ পত্নী ৩৩ বছৰীয়া জ্যোতিয়ে কয়। “তেওঁৰ ভায়েকে নিজে চিলিণ্ডাৰটো কান্ধত তুলি লৈ আনি ৱাৰ্ড বয়জনৰ সহায়ত ফিটিং কৰাইছিল।”
কিন্তু বালাচাহেব নাবাচিল। চহৰখনৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ য়েলাম্বঘাট গাঁৱৰ উপ সভাপতি বালাচাহেবে “সদায় সকলোকে সহায় কৰি আহিছিল,” জ্যোতিয়ে কয়। “মানুহে নিজৰ সমস্যাৰ সমাধান বিচাৰি তেওঁৰ কাষ চাপিছিল।”
বালাচাহেবে ভেকচিনৰ বিষয়ে য়েলাম্বঘাটত সজাগতা সৃষ্টিৰ কাম কৰি আহিছিল, গাওঁখনৰ এগৰাকী স্কুল শিক্ষয়িত্ৰী জ্যোতিয়ে কয়। 'কাৰো মনত যাতে ভেকচিনক লৈ সন্দেহ নাথাকক, তেওঁ সেয়া বিচাৰিছিল। সেয়ে ঘৰে ঘৰে গৈছিল।' তেনেকৈয়ে তেওঁৰ গাত ক’ৰনা ভাইৰাছ লাগে বুলি জ্যোতিয়ে ভাবে। এতিয়া তেওঁ অকলেই তেওঁৰ ১৪ আৰু ৯ বছৰীয়া জীয়াৰী দুজনীক চাব লাগিব।
২৫ এপ্ৰিলৰ দিনা, বালাচাহেবৰ উশাহ চুটি হৈ আহে। সেয়া আছিল সংক্ৰমণৰ লক্ষণ। ''তাৰে আগদিনা তেওঁ আমাৰ খেতিপথাৰত কাম কৰি আছিল। তেওঁৰ আন আনুষংগিক কোনো ৰোগ নাছিল যদিও হস্পিতালত এটা দিনৰ ভিতৰতে (২৬ এপ্ৰিলৰ দিনা) তেওঁৰ মৃত্যু ঘটে,’’ তেওঁৰ পিতৃ ৬৫ বছৰ বয়সীয়া ভাগৱত কদমে কয়। ''তেওঁৰ মনত ভয় সোমাইছিল। সেইখিনি সময়ত ডাক্তৰে সকলো ঠিক হৈ যাব বুলি আশ্বাস দিব লাগে। কিন্তু ডাক্তৰৰ হাতত তাৰ বাবে সময় নাছিল।’’
ক’ৰনাই লাগক লাগিলে, হস্পিতালৰ কৰ্মচাৰী কম দেখি পৰিয়ালৰ লোকে ৱাৰ্ডত আত্মীয়ৰ চোৱা-চিতাৰ বাবে উপস্থিত থাকিব খোজে। বীড় অসামৰিক চিকিৎসালয়ত কৰ্তৃপক্ষই ৰোগীৰ সৈতে থাকিব খোজা মানুহক আঁতৰাই পঠিয়ায়। সেয়ে ৰোগীৰ আত্মীয়, হস্পিতালৰ কৰ্মচাৰী আৰু পুলিচৰ মাজত প্ৰায়ে বাক-বিতণ্ডা লাগি থাকে।
ৱাৰ্ডৰ পৰা খেদি পঠিয়ালেও ৰোগীৰ আত্মীয়জন সদায় কাষতে থাকিছিল, কিজানিবা এবাৰ প্ৰিয়জন কেনে আছে ভুমুকিয়াই চাবই পাৰে। ''ৰোগীক যদি হস্পিতালৰ ডাক্তৰ-নাৰ্ছে ভালকৈ চালেহেঁতেন, আমি তেনেদৰে ভুমুকিয়াই চাই থাকিবলগীয়া নহ’লহেঁতেন,’’ হস্পিতালৰ বাহিৰত মটৰ চাইকেলত বহি থকা ৩২ বছৰীয়া নীতিন সাথে কয়। ''ষাঠি উৰ্দ্ধ বয়সৰ মোৰ মা-দেউতা দুয়োজনেই হস্পিতালখনত ভৰ্ত্তি হৈ আছে। ভোক-পিয়াহ লাগিলে পানী এটুপি দিবলৈও তাত কোনো নাথাকে।’’
ভয়খোৱা ৰোগী এজনক মনত সাহ দিয়াটো অতিশয় প্ৰয়োজন, চহৰত বেংকৰ ক্লাৰ্কৰ কাম কৰা সাথেয়ে কয়। ''মই কাষত থাকিলে তেওঁলোকে মনত বল পাব। তেতিয়া মানসিকভাৱে তেওঁলোক সবল হৈ উঠিব। অকলে থাকিলে যত যি বেয়া চিন্তা থাকে, সকলো মনলৈ আহে। ফলত আৰোগ্যলাভত প্ৰভাৱ পৰে।’’
সাথেয়ে কয়ঃ ''ইফালে আমাক হস্পিতালৰ বাহিৰত থাকিবলৈ বাধ্য কৰোৱা হয়, আনফালে তাত ৰোগীৰ চোৱাচিতা কৰিবলৈ তেওঁলোকৰ পৰ্য্যাপ্ত কৰ্মচাৰী নাই।’’
ক’ভিড-১৯ত মৃত্যু হোৱা ৰোগীৰ এক বুজন সংখ্যকৰ নাম চৰকাৰী তালিকাত নথকাৰ কথা স্থানীয় সাংবাদিক এজনে পোহৰলৈ অনাত মে’ৰ দ্বিতীয়টো সপ্তাহত কৰ্মচাৰীৰ অভাৱৰ কথাটোক লৈ জিলা প্ৰশাসন লাজত পৰিছিল।
লোকমত বাতৰি কাকতখনৰ ২৯ বছৰ বয়সীয়া সাংবাদিক সোমনাথ খাটালে শ্মশানত দাহ কৰা মৃতকৰ সংখ্যাৰ বিপৰীতে চৰকাৰী পৰিসংখ্যা মিলাই চাইছিল। তেওঁ ১০৫ জনৰ মৃত্যুৰ পাৰ্থক্য বিচাৰি পালে। “বাতৰিটো ওলোৱাৰ এসপ্তাহৰ ভিতৰে জিলা প্ৰশাসনে চৰকাৰী পৰিসংখ্যাত ২০০ মৃতকৰ সংখ্যা মিলাবলগীয়া হৈছিল। তাৰে ২০২০ৰ মৃতকৰ নামো সোমাইছিল”, তেওঁ কয়।
মৃতকৰ সংখ্যা কম কৰাৰ উদ্দেশ্যে নহয়, সেই ভুল কৰ্মচাৰীৰ অভাৱত হোৱা বুলি জিলা স্বাস্থ্য বিষয়া পাৱাৰে মানি লয়। ''আমাৰ এটা পদ্ধতি আছে। কাৰোবাৰ ক’ভিড-১৯ পজিটিভ ওলালে আমি ক’ভিড প’র্টেলত সেই তথ্যৰ নটিফিকেচন পাওঁ। ৰোগীজনক যিখন হস্পিতালত ভৰ্ত্তি কৰোৱা হয়, সেই হস্পিতালে ৰোগীজনৰ প্ৰৱিষ্টিৰ লগতে কি চিকিৎসা কৰা হৈছে, তাৰ ফলাফল কি সেয়াও আপডেট কৰাটো নিয়ম,’ পাৱাৰে কথাখিনি বুজাই কয়।
কিন্তু এপ্ৰিলত হঠাৎ ক’ভিড ৰোগীৰ সংখ্যা ২৫-৩০ জনৰ পৰা প্ৰতিদিনে ১,৫০০ হ’বলৈ ধৰাত ''ইমান লৰা-ঢপৰাৰ মাজত কোনেও ৰোগীৰ তথ্য প্ৰৱিষ্টিৰ ওপৰত গুৰুত্ব নিদিলে,’’ পাৱাৰে কয়। ''তেওঁলোকক ক’ভিড ৰোগী হিচাপে চিকিৎসা দিয়া হ’ল, কিন্তু কিছুমানৰ মৃত্যুৰ তথ্য প’ৰ্টেলত আপডেট কৰা নহ’ল। বাতৰিটো ওলোৱাৰ পাছথ আমি আমাৰ ভুল মানি লৈছো আৰু ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাৰ তথ্য আপডেট কৰিছো।’’
ভুল মানি লৈছে যদিও সুভাষৰ বিৰুদ্ধে জিলা প্ৰশাসনে লতাৰ ''মৃতদেহক অসন্মান জনোৱা’’ আৰু ক’ভিড প্ৰটকল ভংগ কৰাৰ অভিযোগ আনিছে আৰু পদক্ষেপ লৈছে।
''ডাক্তৰে এণ্টিজেন টেষ্ট কৰিছিল (মৃতদেহটোৰ) যিটো নিগেটিভ আহিছিল,’’ সুভাষে কয়। ''সেয়ে তেওঁলোকে মোক মৃতদেহটো ঘৰলৈ নিয়াৰ অনুমতি দিছিল।’’
ভনীয়েকৰ শৱটো বীড় জিলাৰ জিওৰায় তালুকৰ ৩৫ কিলোমিটাৰ দূৰৰ তাইৰ গাওঁ কুম্ভাৰৱাড়ীলৈ নিব পাৰিব নেকি সুভাষে হস্পিতাল কৰ্তৃপক্ষক সুধিছিল। লতাই তাত গিৰীয়েক ৰুষ্টম আৰু চাৰিবছৰীয়া পুত্ৰ শ্ৰেয়াসৰ লগত থাকিছিল। ''সেয়া পৰিয়ালৰ ইচ্ছা আছিল। আমি তাইৰ সসন্মানে শেষকৃত্য সমাপান কৰিব বিচাৰিছিলো।’’
কিন্তু তেওঁলোক কুম্ভাৰৱাড়ীলৈ গৈ থকা সময়ত আদবাটতে হস্পিতালৰ পৰা ফোন কৰি সুভাষক শৱটো লৈ উভতিবলৈ কোৱা হ’ল। ''মই আত্মীয়সকলক বুজালো যে আমি এনে কঠিন সময়ত প্ৰশাসনৰ সৈতে সহযোগ কৰিবই লাগিব। আমি গাড়ী ঘূৰাই শৱটো লৈ পুনৰ হস্পিতালত উপস্থিত হ’লো।’’
কিন্তু অসামৰিক হস্পিতালখনে মহামাৰী ৰোগ আইন, ১৮৯৭ৰ অধীনত সুভাষৰ বিৰুদ্ধে অভিযোগ আনি এখন এফ.আই.আৰ. দাখিল কৰিলে। ''ক’ভিড ৰোগী এজন হস্পিতালত ঢুকালে কেতবোৰ প্ৰটকল অনুসৰণ কৰিব লাগে। এই ঘটনাটোত আত্মীয়সকলে এই প্ৰটকলবোৰ অমান্য কৰিছে,’’ এণ্টিজেন পৰীক্ষাটোৰ কথা উলাই কৰি বীড় জিলাৰ মহকুমাধিপতি ৰবীন্দ্ৰ জগতাপে কয়।
ক’ভিড ৰোগত মৃত্যু হোৱাজনক লিক-প্ৰুফ বডিবেগত মেৰিয়াই হস্পিতালৰ পৰা পোনে পোনে শ্মশানলৈ নিয়াটো ক’ভিড প্ৰটকল।
সুভাষে কয় যে হস্পিতালে তেওঁক লতাৰ শৱটো নিবলৈ অনুমতি দিয়াৰ বাবেহে তেওঁ নিছিল। ''মই এগৰাকী অধিবক্তা। মই প্ৰটকল বুজি পাওঁ। মই কিয় হস্পিতালৰ বিৰুদ্ধে যাম আৰু মোৰ পৰিয়ালটোৰ স্বাস্থ্যক লৈ হেতালি খেলিম?’’
হস্পিতাল কৰ্তৃপক্ষ আৰু কৰ্মচাৰীক আগতে তেওঁ সহায় কৰাৰ এই প্ৰতিদান পাই তেওঁ হতাশ হৈ পৰিছে। ''মই অতিকমেও ১৫০ গৰাকী ৰোগীক হস্পিতালখনত ভৰ্ত্তি হোৱাত সহায় কৰিছো। বহু ৰোগীয়ে লিখা-পঢ়া নাজানে, তেওঁলোকে সংকোচবোধ কৰে। মই তেওঁলোকৰ ফৰ্মবোৰ পুৰণ কৰি হস্পিতালখনৰ ক’লৈ যাব লাগে ৰাস্তা দেখুৱাই দিছিলো। হস্পিতালখনৰ কৰ্মচাৰীয়ে কৰিবলগীয়া কাম মই কৰি দিছিলো,’’ সুভাষে কয়।
আনকি লতাৰ বেমাৰ হোৱাৰ আগতেও সুভাষে অসামৰিক চিকিৎসালয়খনত ৰোগীক ভৰ্তি কৰোৱাত সহায় কৰি দিছিল। তেওঁ সম্পূৰ্ণ ডেৰটা মাহ, তেওঁৰ ভনীয়েক হস্পিতালত থকা সপ্তাহকেইটাকে ধৰি হস্পিতালত আছিল।
হস্পিতালত ভনীয়েকৰ যত্ন লৈ থকা সময়ত তেওঁ এবাৰ ক’ভিড ৰোগী এজনক মজিয়াৰ পৰা তুলি বিচনাত থৈছিল, তেওঁ কয়। ''ৰোগীগৰাকীৰ বয়স হৈছিল। বিচনাৰ পৰা পৰি পকাতে বাগৰি আছিল, কোনোৱে ভ্ৰুক্ষেপ কৰা নাছিল। হস্পিতালখনত ৰোগীৰ এনে অৱস্থা।’’
উৱাদিহ হেৰুৱাই হতাশ আৰু ক্ষোভিত হৈ পৰা সুভাষে মোক ঘৰলৈ মাতিব নোৱাৰাত বীড়ৰ হোটেল এখনৰ লবিতে সাক্ষাৎ কৰিছিল। ''মোৰ ভনীজনী ঢুকোৱাৰ পাছথ মা-দেউতা শোকত ভাগি পৰিছে,’’ তেওঁ কয়। ''তেওঁলোকে কথা ক’ব পৰা পৰ্য্যায়ত নাই। মোৰো মানসিক অৱস্থা ভালে নাই। 'মা কেতিয়া উভতি আহিব?’ এইবুলি লতাৰ ল’ৰাটোৱে ফোনত মোক সুধি থাকে। কি ক’ম ভাবি নাপাওঁ।''
অনুবাদ: পংকজ দাস