“ব’লা, ব’লা, পেটত থকা সন্তানক মই জনননলীৰ দিশে অনাত সহায় কৰো।”
ধাত্ৰী হিচাপে কাম কৰা দিনৰ কথা মনত পৰি গুণময়ী মনোহৰ কাম্বলেৰ চকুকেইটা উজ্বলি উঠিছিল। ৮৬ বছৰ পাৰ হৈ গ’লেও তেওঁ আগৰ দৰেই এগৰাকী সতৰ্ক ধাত্ৰী হৈ পৰিছিল। মাতৃৰ জনননলীৰ পৰা শিশু এটি কেনেকৈ ভূমিষ্ঠ হয়, তেওঁ সুন্দৰকৈ বৰ্ণনা দিছিল। “আমি যেনেকৈ হাতৰ খাৰু খোলো, তেনেকৈয়ে!” কৈ থকা সময়ত তেওঁৰ হাতৰ ৰঙা খাৰুবোৰে শব্দ কৰিছিল।
আজিৰ পৰা সাত দশক আগতে সন্তান জন্ম দিয়াৰ সময়ত প্ৰসূতিক সহায় আৰু শুশ্ৰুষা কৰিছিল এই ৱাগদাৰি গাঁৱৰ এইগৰাকী দলিত ধাত্ৰীয়ে, ওচমানাবাদ জিলাৰ শ শ নৱজাতক তেওঁ হাতেৰ গুণতেই মাকৰ গৰ্ভৰ পৰা এই পৃথিৱীলৈ আহিছিল। “সকলো এই দুহাতৰ যাদু,” হাজাৰ শিশুৰ জন্মৰ সাক্ষী প্ৰবীণ ধাত্ৰীগৰাকীয়ে কয়। শেষবাৰ তেওঁ এনেকৈ কোনো প্ৰসূতিৰ সহায় কৰিছিল ৮২ বছৰ বয়সত। “মোৰ হাতদুখন কেতিয়াও বিফল হোৱা নাই। ইশ্বৰৰ কৃপা আছে,” তাকে লৈ তেওঁ গৰ্ব কৰে।
সোলাপুৰ চিভিল হস্পিতালৰ ঘটনাৰ কথা কয় তেওঁৰ জীয়ৰী বন্দনাই। চিজাৰিয়ান পদ্ধতিত তিনিটি শিশুৰ প্ৰসৱ কৰোৱাৰ কথা আছিল। গুণময়ীয়ে ডাক্তৰক ক’লে যে তেওঁ শুদা হাতেৰেই সেই কাম কৰিব পাৰিব, তেওঁলোকে ভালদৰে নজৰ ৰাখিব লাগিব। “তেওঁলোকে কৈছিল, ‘আপুনিতো আমাতকৈ ভালকৈ জানে আইতা,’” ডাক্তৰৰ বিস্ময় ৰূপ আৰু সমীহ দেখি গুণময়ীয়ে মিচিকিয়াই হাঁহিছিল।
তেওঁৰ কৌশল আৰু জ্ঞান কেৱল সন্তান প্ৰসৱ কৰোৱাতে সীমাবদ্ধ নাছিল। মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্ত - সোলাপুৰ, ক’লহাপুৰ আনকি পুণেৰ পৰাও তেওঁক মতা হৈছিল। “শিশুৰ চকু, কাণ বা নাকত লাগি থকা বস্তু আঁতৰোৱাতো আইতা ভাল। সেয়া লাগিলে কিবা বীজ হওঁক, পুঁজ হওঁক, মানুহে আইতাৰ ওচৰলৈকে শিশুক লৈ আহে,” কেইমাহমান আগতে লগ পোৱা গুণমালাৰ নাতিনী শ্ৰদেৱীয়ে আমাক গৌৰৱেৰে কৈছিল। পেটৰ বিষ, জণ্ডিচ, জ্বৰ, হাঁচি-কাঁহ, ঠাণ্ডা লগা আদি সকলোৰে কাৰণে গুণময়ীয়ে ভেষজ চিকিৎসা কৰিব পাৰিছিল। তেওঁ আছিল তেনে জ্ঞানৰ ভাণ্ডাৰ।

তুলজাপু তালুকৰ ৱাগদাৰি গাঁৱৰ নিজৰ পৰিয়ালৰ সৈতে গুণময়ী কাম্বলে (সেউজীয়া শাড়ী পৰিহীতা) । বাওঁফালৰ পৰা : আজোনাতি শ্ৰীদেৱী (হালধীয়া কূৰ্তা); শ্ৰীদেৱীৰ ল’ৰা-ছোৱালী আৰু গুণময়ীৰ জীয়ৰী বন্দনা (বেঙুনীয়া শাড়ীত)
গুণমায়াৰ দৰে ধাত্ৰী হৈছে প্ৰথাগত জন্ম পৰিচাৰিকা। তেওঁলোকে সন্তান প্ৰসৱ কৰোৱা ধাত্ৰী হিচাপে কাম কৰে। আধুনিক কোনো প্ৰশিক্ষণ বা প্ৰমাণপত্ৰ তেওঁলোকৰ নাই, কিন্তু দলিত পৰিয়ালৰ এই মহিলাসকলে ইটোৰ পিছত সিটো প্ৰজন্ম ধৰি গ্ৰামীণ তথা নগৰীয়া নিম্নবিত্ত পৰিয়ালৰ প্ৰসূতিৰ সহায় কৰি আহিছে। প্ৰসৱৰ সময়ত মায়ে কাণে কাণে কয়, “তুমি পাৰিবা এইখিনি পাৰ কৰিব, সকলো ঠিক হৈ যাব,” এনেকৈ তেওঁ মনোবল বৃদ্ধি কৰিছিল।
কিন্তু যোৱা ৩-৪ টা দশকত প্ৰতিষ্ঠানিক প্ৰসৱৰ পক্ষে ৰাজ্যৰ দ্বাৰা প্ৰদত্ত উৎসাহ-উদ্দীপনাৰ পৰিপ্ৰেক্ষিতত পাৰম্পৰিক ধাত্ৰীসকল পিছুৱাই আহিবলগীয়া হৈছে। প্ৰথম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ (এন.এফ.এইছ.এছ-১) অনুযায়ী ১৯৯২-৯৩ চনত মহাৰাষ্ট্ৰত যিমান সন্তান জন্ম হৈছিল, তাৰে অৰ্ধেকতকৈও কম প্ৰসৱ কোনো আনুষ্ঠানিক ঠাইত হৈছিল। তিনি দশক পিছত ২০১৯-২১ চনত সেই সংখ্য়াই বাঢ়ি ৯৫ শতাংশ হৈছে (এন.এফ.এইছ.এছ-৫)।
যমজ সন্তান প্ৰসৱ কৰোৱা, ব্ৰীচ প্ৰেজেণ্টেচন (প্ৰসৱকালত যেতিয়া শিশু আগলৈ গুছি আহে) বা মৃতসন্তান প্ৰসৱ কৰোৱা আদি গুণময়ীৰ দৰে দক্ষ আৰু অভিজ্ঞ ধাত্ৰীৰ বাবে তেনেই উজু কাম। কিন্ত কোনো মহিলা গৰ্ভৱতী হ’লে আজিকালি ধাত্ৰীয়ে কেৱল চৰকাৰী হস্পিতাললৈ নিয়াৰ পৰামৰ্শ দিয়ে বা প্ৰসূতিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱালৈকে তেওঁলোকৰ দায়িত্ব শেষ। ইয়াৰ বাদে আন কিছু কাম নাই। তাৰবাবে তেওঁ ৮০ টকা ৰেফাৰেল পায়।
ধাত্ৰী হিচাপে তেওঁৰ ভূমিকা নাইকিয়া হ’লেও গুণময়ীয়ে কৈছিল, “গাঁৱৰ মানুহে মোক বৰ ভাল পায় আৰু ভাখৰ দিবলৈ নাইবা চাহ এটুপিৰ বাবে মাতে। কিন্তু আমাক বিয়া-সবাহত নামাতে। কাৰ্য্যসূচী শেষ হোৱাৰ পিছতহে আমাক খোৱাবস্তু দিয়ে।” কামৰ বাবে তেওঁক মানুহে সমীহ কৰিলেও কিন্তু দলিত হিচাপে তেওঁৰ সীমাবদ্ধতা থাকি যায়, তেওঁৰ সামাজিক অভিজ্ঞতাই তাকেই কয়।
*****
মাংগ সম্প্ৰদায়ৰ দলিত পৰিয়াল এটাত জন্মগ্ৰহণ কৰা গুণময়ীৰ দেউতাক শিক্ষিত আছিল আৰু তেওঁৰ ভাই-ভনীকেইটা স্কুললৈ গৈছিল। কিন্তু তেওঁ সাত বছৰ বয়সতে বিয়া হৈছিল। ঋতুমতী হোৱাৰ পিছতে তেওঁক শহুৰেকৰ ঘৰলৈ পঠিয়াই দিয়া হৈছিল। “তেতিয়া মোৰ বয়স ১০ কি ১২ বছৰ আছিল, ফ্ৰক পিন্ধি আছিলো। নালদুৰ্গ দুৰ্গটো মই ৱাগদাৰিলৈ অহাৰ বছৰটোত দখল কৰিছিল,” হায়দৰাবাদৰ নিজামৰ শাসনকালত ভাৰতীয় সেনাই ১৯৪৮ত দুৰ্গটো দখল কৰাৰ কথা মনত পেলাই তেওঁ কয়।
ওচমানাবাদ জিলাৰ তুলজাপুৰ তালুকৰ ৱাগদাৰিখন এখন সৰু গাওঁ, ২৬৫ ঘৰ মানুহ তাত থাকে (২০১১ৰ লোকপিয়ল)। গুণময়ীয়ে গাওঁখনৰ বাহিৰত দলিত বস্তি এটাত থাকিছিল। দলিতসকলৰ বাবে ৰাজ্য চৰকাৰৰ গৃহনিৰ্মাণ আঁচনি ৰমাই আৱাস যোজানৰ অধীনত তেওঁৰ এটা কোঠালীৰ ঘৰটো তিনিটা কোঠালীৰ হৈছিল।


বাওঁফালে : গুণময়ীয়ে ঘৰৰ বাহিৰত খাট এখনত বহিছে । সোঁফালে : বন্দনা আৰু শ্ৰীদেৱীৰ সৈতে ঘৰৰ ভিতৰত গুণময়ী । ২০১৮ত যেতিয়া গুণময়ী বেমাৰত পৰে , গুণময়ীয়ে গাওঁ এৰি জীয়েকহঁতৰ সৈতে থাকিবলৈ গৈছিল
নকইনা হৈ যেতিয়া গুণময়ী গাওঁখনলৈ আহিছিল, কেঁচা ঘৰ এটাত তেওঁ শাহু-শহুৰৰ সৈতে থাকিছিল। পৰিয়ালটোৰ নিজা মাটি নাছিল আৰু গিৰীয়েক মনোহৰ কাম্বলেয়ে গাওঁবুঢ়াৰ ঘৰত আৰু গাঁৱৰ মানুহৰ ঘৰত কাম কৰিছিল। তেওঁৰ কামৰ বাবদ পৰিয়ালটোৱে বালুটেদাৰি পাইছিল - ই এক পাৰম্পৰিক বিনিময় প্ৰথা য’ত বছৰত এবাৰ শস্য আদি কামৰ বিনিময়ত পোৱা হয়।
কিন্তু পৰিয়ালটো চলাব পৰাকৈ সেয়া যথেষ্ট নাছিল। সেয়ে গুণময়ীয়ে ছাগলী আৰু কেইটামান ম’হ পুহিছিল। গাখীৰৰ পৰা বনোৱা ঘিউ তেওঁ বিক্ৰী কৰিছিল। পিছলৈ তেওঁ ১৯৭২ত উদ্ভৱ হোৱা খৰাঙৰ পিছত নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত দিনহাজিৰা কৰিছিল আৰু ধাত্ৰী হিচাপে কাম কৰিছিল।
“সন্তান প্ৰসৱ কৰোৱাটো বৰ ৰিস্কি কাম। ভৰিৰ পৰা কাঁইট এডাল উলিওৱাটোৱে টান কাম, ইয়াত আকৌ মহিলা এগৰাকীৰ দেহৰ পৰা এটা সন্তান ওলাই আহিব!” তেওঁ বহলাই কয়। কিন্তু তেওঁ বিপদসংকূল কাম কৰা স্বত্ত্বেও ‘মানুহে মনমৰ্জিৰে পইচা দিয়ে,’ তেওঁ কয়। “কিছুমানে এমুঠি ধান দিয়ে, কিছুমানে দহ টকা দিয়ে। দূৰণিৰ কোনো গাঁৱত গ’লে কেতিয়াবা এশ টকা দিয়ে।”
নতুন মাকজনীৰ সৈতে তেওঁ গোটেই নিশা থাকে, সদ্যজাত সন্তান আৰু মাতৃক গা ধুৱাই দিয়ে আৰু পুৱাহে যায়গৈ। “কাৰো ঘৰত মই আনকি চাহ একাপো নাখাও। সেই এমুঠি শস্য শাড়ীৰ আচলত বান্ধি ঘৰলৈ উভতো,” তেওঁ মনত পেলায়।
আঠ বছৰ আগতে গুণময়ীয়ে মনত পেলায় যে তেওঁক উকীলৰ পৰিয়াল এটাই ১০ টকা দিছিল। ঘৰখনৰ বোৱাৰীৰ প্ৰসৱত তেওঁ গোটেই ৰাতি লাগি দিছিল, প্ৰসৱ জটিল আছিল। “পুৱা তাই ল’ৰাসন্তান এটা জন্ম দিছিল। মই যাবলৈ ওলোৱাত শাহুৱেকে মোক ১০ টকা এটা দিছিল,” গুণময়ীয়ে কয়। “মই সেই ১০ টকাটো ঘুৰাই দি কৈছিলো, ‘মই পিন্ধা খাৰুকেইপাতৰ দাম ২০০ টকা। আপোনাৰ ১০ টকাটোৰে বিস্কুট কিনি ভিক্ষাৰীক দিব।’”


বাওঁফালে : গুণময়ীৰ জীয়ৰী বন্দনা (বেঙুনীয়া শাড়ীত)য়ে কয় যে ধাত্ৰীসকলক খুব কম পইচা দিয়া হয় । সোঁফালে : ‘মই পিন্ধা খাৰুৰ দাম ২০০ টকা,’ গুণময়ীয়ে এবাৰ উকীলৰ পৰিয়াল এটাৰ পৰা ১০ টকা পোৱাত কৈছিল । ‘এই দহ টকাৰে আপুনি বিস্কুট এপেকেট কিনি ভিক্ষাৰীক দিব’
কৃতজ্ঞতা আৰু তেনেই নগণ্য মাননিয়ে গুণময়ীৰ ডাঙৰজনী ছোৱালীৱে ধাত্ৰী হোৱাৰ পৰা বিৰত কৰিছিল। “কোনেও নিদিয়ে, মানুহেও নিদিয়ে, চৰকাৰেও নিদিয়ে। কোনো মূল্যই যদি নাই, কষ্ট কৰি লাভ কি? মই মোৰ চাৰিটা সন্তানক খুৱাব লাগিব, সেয়ে মই দিনহাজিৰা কৰিবলৈ যোৱা কৰিলো,” পুণে চহৰত বাস কৰা বন্দনাই কয়। তেওঁক গুণময়ীয়ে শিকাইছিল, কিন্তু এতিয়া নৱজাতক আৰু মাতৃক গা ধুওৱা কামতহে তেওঁ সহায় কৰে।
বন্দনা আৰু তেওঁৰ তিনিজনী ভনীয়েকৰ ১৪ টা সন্তান আছিল, তাৰে এটাত বাদে বাকী আটাইবোৰৰ প্ৰসৱ গুণময়ীয়ে নিজে কৰিছিল। গুণময়ীৰ তৃতীয়জনী জীয়ৰীৰ হস্পিতালত চিজাৰিয়ান পদ্ধতিৰে সন্তান জন্ম হৈছিল, গিৰীয়েকে হস্পিতাললৈ লৈ গৈছিল। “মোৰ জোঁৱাই স্কুলৰ শিক্ষক আছিল (এতিয়া অৱসৰপ্ৰাপ্ত)। তেওঁৰ ঘৰুৱা প্ৰসৱৰ ওপৰত বিশ্বাস নাছিল,” তেওঁ কয়।
গুণময়ীয়ে দেখিছে কেনেকৈ যোৱা ২-৩ টা দশকত মহিলাক চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱৰ বিকল্প বাচি লৈছে নাইবা তেনে কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে। মহাৰাষ্ট্ৰত এনে অস্ত্ৰোপচাৰৰ সংখ্যা বাঢ়িছে। এন.এফ.এইছ.এছ-৫ অনুযায়ী ২০১৯-২১ত ২৫ শতাংশৰো অধিক প্ৰসূতিয়ে চৰকাৰী হস্পিতালত চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰিছিল। বেচৰকাৰী হস্পিতালত এই হাৰ অধিক - প্ৰসৱৰ বাবে ভৰ্তি কৰোৱা মহিলাৰ ৩৯ শতাংশই অস্ত্ৰোপচাৰৰ যোগেদি সন্তান জন্ম দিছিল।
“চাওক, গৰ্ভধাৰণ আৰু সন্তান প্ৰসৱ প্ৰাকৃতিক প্ৰক্ৰিয়া,” গুণময়ীয়ে কৈছিল। কটা-চিলোৱা আদি প্ৰক্ৰিয়া তেওঁ অনাৱশ্যকীয় বুলি তেওঁ কৈছিল। “সিহঁতে কাটে আৰু চিলাই কৰি দিয়ে। তাৰ পিছত মহিলা এগৰাকীয়ে উঠা-বহা কৰিব পাৰে জানো? সন্তান জন্ম দিয়া মহিলা অংগবোৰ কোমল স্পৰ্শকাতৰ আৰু কোমল হৈ থাকে।” তেওঁ মিডৱাইফবোৰক সদায় কয়, “জননফুল (প্লেচেণ্টা) ওলাই নহালৈকে কেতিয়াও নাড়ীডাল কাটিব নালাগে, নহ’লে জননফুল সোমাই গৈ যকৃতত লাগি ধৰে।”
সন্তান প্ৰসৱক লৈ অভিজ্ঞতাৰ বিষয়ে গুণময়ীয়ে পাৰিক কয় যে তেওঁ সেই শিক্ষা নিজে এগৰাকী যুৱ মাক হিচাপে পাইছিল। “নিজৰ সন্তানৰ প্ৰসৱৰ পৰাই মই শিকিছিলো। লাগি ধৰিলে কেনেকৈ জোৰ দিব লাগে, মাকৰ পেট মালিচ কৰি দিব লাগে আৰু সন্তানটো বাহিৰলৈ উলিয়াই আনিব লাগে,” কৈশোৰ কালৰ কথা মনত পেলাই তেওঁ কয়। “মই কাষত কাকো ৰখা নাছিলো, আনকি মোৰ মাকো আহিব দিয়া নাছিলো। প্ৰসৱৰ পিছতহে সিহঁতক মাতিছিলো।”


গুণময়ীয়ে (বাওঁফালে) জীৱনৰ ৮৬ টা বছৰৰ প্ৰায়ভাগ সময় ধাত্ৰী হিচাপে কাম কৰিছে । বন্দনাক জন্ম দিয়া (বাওঁফালে) আৰু আন তিনিটা সন্তান প্ৰসৱ কৰাৰ পৰা তেওঁ শিকিছে
গুণময়ীক মৃত সন্তান প্ৰসৱৰ ক্ষেত্ৰত কুশলতাৰে কাম কৰাৰ কাৰণেও জনা যায়। প্ৰসৱ বেদনাত থকা কিশোৰী এগৰাকীৰ কথা মনত পেলাই তেওঁ কয়, “মই জানিছিলো যে শিশুটো গৰ্ভতে ঢুকাইছে।” মৃত শিশুটো আঁতৰাবলৈ সোলাপুৰলৈ মাকক নি চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি ওচৰৰে হস্পিতাল এখনৰ ডাক্তৰে কৈছিল। “মই জানিছিলো তেওঁলোকৰ নিব পৰাকৈ টকা নাই। সেয়ে তেওঁলোকক ক’লো যে মোক কিছু সময় দিয়ক। তাৰপিছত পেট পিহি, হেঁচা দি মই সন্তানটি প্ৰসৱ কৰালো,” তেওঁ কয়। “কোনো ধৰণৰ সংকোচন নথকা কাৰণে এই কামটো জটিল হৈ পৰে,” বন্দনাই কয়।
“গৰ্ভাশয়ৰ স্থানচ্যুতি হোৱা মহিলাক মই সহায় কৰিছিলো, কিন্তু সন্তান প্ৰসৱ হোৱাৰ ঠিক পিছতহে। দেৰি হ’লে ডাক্তৰক দেখুৱাব লাগে,” কোনখিনি সময়ত নিজে পিছুৱাই দি ডাক্তৰৰ সহায় ল’ব লাগে, সেই কথা জনা গুণময়ীয়ে কয়।
১৯৭৭ত ৰাষ্ট্ৰজুৰি ধাত্ৰীসকলক প্ৰশিক্ষণ দিয়া কাৰ্য্যসূচী চলোৱা হৈছিল আৰু একে সময়তে বহু স্বেচ্ছাসেৱী সংগঠনে তেওঁলোকৰ স্বাস্থ্যবিষয়ক কাৰ্য্য়সূচীৰ অধীনত ধাত্ৰীসকলক প্ৰশিক্ষণ দিছিল।
“মই প্ৰশিক্ষণৰ বাবে সোলাপুৰলৈ গৈছিলো, কিন্তু কেতিয়া গৈছিলো মনত নাই,” গুণময়ীয়ে ঘৰৰ পৰা ওলাই তেতেঁলী গছ এজোপাৰ তলত বহিবলৈ যোৱাৰ সময়ত কয়। “তেওঁলোকে আমাক পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে কয়, হাত চাফা কৰা, ব্লেড চাফা কৰা আৰু নাভিৰজ্জু কটা সুতাডাল পৰিস্কাৰ কৰাৰ কথা শিকায়। মই প্ৰতিবাৰে এখন নতুন চুৰীকটাৰী ব্যৱহাৰ কৰিছিলো। কিন্তু তেওঁলোকে কোৱা সকলো কথাই অৱশ্যে অনুসৰণ কৰা নাছিলো,” গুণময়ীয়ে খোলাখুলিকৈয়ে কয়। তেওঁৰ নিজৰ জ্ঞান, কৌশল আৰু অভিজ্ঞতাৰে কেনেকৈ কামটো সম্পাদন কৰিব লাগে, তেওঁ জানিছিল।
২০১৮ত এবাৰ মুৰ ঘুৰাই পৰি যোৱাৰ পিছত গুণময়ীয়ে জীয়েকহঁতৰ সৈতে থাকিবলৈ ল’লে। তুলজাপুৰ ব্লকৰ কাচাইত থকা জীয়েকজনীৰ সৈতে নাইবা পুণেত। কিন্তু তেওঁ ৱাগদাৰিত থকা নিজ ঘৰত থাকি ভাল পায়, সেই ঠাইখনৰ বিষয়ে তেওঁ কয়, “ইন্দিৰা গান্ধীয়ে দেশৰ শাসনভাৰ হাতত লোৱাৰ দৰে মই সন্তান প্ৰসৱৰ কাম হাতত লৈছিলো।”
পুনশ্চ : যোৱা কেইমাহমানত গুণময়ী কাম্বলেৰ স্বাস্থ্য ভাল নাছিল । ২০২২ৰ ১১ নৱেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হয় , সেইখিনি সময়ত এই ষ্ট’ৰিটো প্ৰস্তুত কৰি থকা হৈছিল ।
এই ষ্ট ’ৰিটোৰ আন এটা সংস্কৰণ তথাপি-ডব্লিউ.এইছ.অ’ ভাৰতৰ প্ৰকাশনৰ এজ ৱি চি ইট-ত প্ৰকাশ পাইছে ।
অনুবাদ: পংকজ দাস