চাৰুবালাৰ হাতত থকা ৰঙীন ৰুমালখন কেতিয়াবা বিজুলীৰ দৰে চমকি উঠে। ঝুমুৰৰ তালে তালে চাৰুবালাৰ ৰঙা-নীলা বৰণৰ ঘাগৰা ঘুৰিছে। সুৰকাৰসকলৰ বাদ্যযন্ত্ৰাদি লৈ সমস্বৰত গীত-বাদ্য আৰম্ভ কৰিছে।
ডেকা-বুঢ়া মিলি ৮০-৯০ জনমান দৰ্শকে জুম বান্ধি পশ্চিমবংগৰ আৰ্ছা তালুকৰ সেনাবানা গাঁৱত তেওঁলোকৰ নৃত্য-গীত উপভোগ কৰিছে। ৬৫ বছৰ বয়সৰ চাৰুবালাৰ নাচৰ চেও গাভৰু ছোৱালীৰ দৰেই খৰ।
নাচনীয়ে পিন্ধা জুনুকাৰ শব্দৰ পৰাই ‘ঝুমুৰ’ শব্দটো আহিছে বুলি কোৱা হয়। পশ্চিমবংগৰ দক্ষিণ-পশ্চিমাঞ্চল আৰু গাতে লাগি থকা ঝাৰখণ্ডত দাঁতিকাষৰীয়া (আন এক শৈলী অসমত জনপ্ৰিয়) অঞ্চলত এই নৃত্যশৈলী জনপ্ৰিয়। ঝুমুৰ গীত ৰচনা কৰা প্ৰায়ভাগ গীতিকাৰ অৱহেলিত জনজাতিৰ লোক আৰু তেওঁলোকৰ গীতত সাধাৰণতে সামাজিক সমস্যা, খৰাং, বানপানী, ৰাজনীতি আৰু সামাজিক ব্যাধি আদিৰ কথা প্ৰতিফলিত হয়। কৃষ্ণ আৰু ৰাধাৰ মাজৰ প্ৰেম আৰু বিৰহৰ কথাও ঝুমুৰ গীতত সঘনে পোৱা যায়।
চাৰুবালাৰ নিজৰ জীৱনৰ কথাও এই গীতে কয়। তাই এসময়ত পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ ২ নং পুৰুলিয়া তালুকৰ বেলমা গাঁও নিবাসী আছিল। চাৰুবালাৰ পিতৃ মোহন কালিন্দীৰ পৰিয়ালটো কালিন্দী সম্প্ৰদায়ৰ। কৃষি শ্ৰমিক আৰু নিৰ্মাণখণ্ডৰ শ্ৰমিক হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা সম্প্ৰদায়টোক কিছুমান ৰাজ্যত অনুসূচীত জাতি হিচাপে সূচীবদ্ধ কৰা হৈছে। চাৰুবালাৰ ১৬ কি ১৭ বছৰ নৌহওঁতেই ওচৰৰে ডুমডুমি গাঁৱৰ শংকৰ কালিন্দীলৈ বিয়া হৈ যায়।
তেতিয়া শংকৰৰ বয়স ২০ বছৰ। শংকৰেও হাতত যি কামকে পাইছিল তাকেই কৰি জীৱন নিৰ্বাহ কৰিছিল। সি তাইৰ ওপৰত শাৰিৰীক অত্যাচাৰ চলাইছিল। আতিশায্য ইমানেই চলিল যে তাই দেউতাকৰ ঘৰলৈ উভতি আহে। কিন্তু পিতৃয়ে তাইৰ পেট পুহিব নোৱাৰিম বুলি কৈ তাইক ৰাখিবলৈ অমান্তি হ’ল। এনেকৈয়ে চাৰুবালা গৃহহাৰা হৈ ৰাস্তাতে কিছুদিন জীৱন কটালে।

প্ৰদৰ্শনীৰ পূৰ্বে শ্ৰৱণে চাৰুবালাক সাজ-সজ্জাত সহায় কৰিছে
তেনে সময়তে তাই শ্ৰৱণ কালিন্দী (কেতিয়া লগ পাইছিল দুয়োজনৰে মনত নাই) ক লগ পায়। ঝুমুৰ শিল্পী শ্ৰৱণে তাইক আশ্ৰয় দিলে। একেখন গাঁৱৰে আন এগৰাকী নাচনি বিমলা চৰ্দাৰৰ সৈতে তাইক নাচনিৰ দীক্ষা দিলে। সময় বাগৰিল, ৭৫ বৰ্ষীয় শ্ৰৱণ এতিয়া চাৰুবালাৰ ৰসিকা, তাইৰ মেনেজাৰ। তাইৰ কাম-কাজ আদিৰ পৰিচালনা এতিয়া শ্ৰৱণে কৰে। অনান্য নৃত্য-গীত যেনে বাউল, ভাদু, ছৌ, কৰম কীৰ্তন, টুছু, কীৰ্তন আদি বিভিন্ন মণ্ডলী লগত শ্ৰৱণৰ ভাল যোগাযোগ আছে। মাজে-সময়ে তেওঁ কৃষি শ্ৰমিক হিচাপেও কাম কৰে।
ৰসিকাসকলক কবিতা আৰু সংগীতৰ সাধক বুলি জনা যায়। নাচনীয়ে সাধাৰণতে যুগ্ম জীৱন কটায়, প্ৰায়ে শোষণৰ বলি হয়। অইন ৰসিকাৰ দৰে শ্ৰৱণো বিবাহিত। তেওঁৰ পত্নী সৰলা, পুত্ৰ-কন্যা, বোৱাৰী আৰু নাতি-পুতিৰে ডাঙৰ সংসাৰ এখন আছে। চাৰুবালা আৰু শ্ৰৱণৰ এজনী কন্য়া সন্তান আছে। ২৪ বৰ্ষীয় কমলাৰ বিয়া হৈছে, তাই উত্তৰ প্ৰদেশত থাকে।
ইমান ডাঙৰ পৰিয়ালৰ কাৰণে উপাৰ্জনে জুৰিবলৈ চাৰুবালাই সেই বয়সতো নাচিবলৈ এৰা নাই। কিন্তু এয়া কৰি তাই শ্ৰৱণৰ পত্নিৰ মৰ্যাদা পোৱা নাই। সৰলাইও তাইক মানি লোৱা নাই।
ৰাজ্য চৰকাৰে পতা অনুষ্ঠানবোৰত চাৰুবালাই ১০০০ টকা পায়। এটা দৰ্শনী একৰ পৰা ডেৰ ঘণ্টা পৰ্যন্ত চলে। চাৰুবালাই এই বয়সতো মাহত দুই-এটা দৰ্শনীত নাচে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা চাৰুবালাই লোককলাৰ বাবদ মাহে ১০০০ টকাৰ বৃত্তি পায়।
অক্টোবৰৰ পৰা মে’লৈ ঝুমুৰ নাচৰ সময়। সেইখিনি সময়তে ক্লাব নাইবা পূজা সমিতিয়ে ব্যক্তিগত দৰ্শনীৰ বাবে মাতে। তেনে অনুষ্ঠান গোটেই ৰাতি চলে। তাতে নাচনীয়ে অতিকমেও পাঁচ ঘণ্টা নাচিব-গাব লাগে। ইয়াৰ বাবে গোটেই মণ্ডলীটোৱে পোৱা মুঠ ৬ৰ পৰা ৮ হাজাৰ টকা ভগায় লয়। বাদ্যত সমবেত কৰাসকলে ঢোল-মাদল, ধামচা, মাৰাকাচ্ আৰু চেহনাই বজায়।
চাৰুবালাই এই কামেই তাইৰ কপালত লিখা আছে বুলি মানি লৈছে। ‘আৰু কিনো কৰিব পাৰিম? বিধাতাই যদি নাচনি হোৱাটোৱে কপালত লিখিছে, তেন্তে সেয়া মচি দিবলৈ মইনো কোন? এই পেছা এৰিলে মই খাম কি? ’ এটা নিৰস হাঁহিৰে তাই কথাখিনি ক’লে।

চাৰুবালাৰ মেনেজাৰ, ৭৫ বৰ্ষীয় শ্ৰৱণ। চাৰুবালাৰ সকলো কামৰ পৰিচালনা তেৱেই কৰে। তেওঁ নিজেও এগৰাকী ৰসিকা, কবিতা আৰু সংগীতৰ সাধক। নাচনী আৰু ৰসিকাাৰে সাধাৰণতে যুগ্ম জীৱন যাপন কৰে

ওপৰৰ শাৰীতঃ শ্ৰৱণ কালিন্দী আৰু চাৰুবালাই দৰ্শনীৰ বাবে প্ৰস্তুতি চলাইছে। তলত বাওঁফালেঃ চাৰুবালাই তেওঁলোকৰ মণ্ডলীত বহুদিনৰে পৰা থকা ঢোলবাদক চেপু কালিন্দী আৰু তেওঁৰ পত্নিৰ সৈতে কথা পাতিছে। চাৰুবালাৰ চুবুৰী সেনাবানাত ৬০ বৰ্ষীয় চেপুৰ ঘৰ। ঝুমুৰৰ বতৰ নাথাকিলে, চেপুৱে কৃষি আৰু নিৰ্মাণখণ্ডৰ শ্ৰমিক হিচাপে কাম কৰে। তলত সোঁফালেঃ চেপুৱে চুৰুলিয়া গাঁৱত হ’বলগীয়া এটা দৰ্শনীৰ বাবে সাজু হৈ থকা মূহুৰ্ত। আৰ্থিক সীমাবদ্ধতাই তেওঁৰ সাজোন-কাচোনত বাধা দিব পৰা নাই, তেওঁ স্থানীয় মণ্ডলীবোৰৰ বাবেও ঢোল বজায়


বাওঁফালেঃ চাৰুবালাৰ ১২ বছৰীয়া নাতি মহেশ্বৰ কালিন্দীয়ে ঝুমুৰ অনুষ্ঠানত ভাগ নলয় যদিও বৰ উচাহেৰে দৰ্শনীৰ বাবে ওলাইছে। সোঁফালেঃ ঝুমুৰত কাম কৰা ল’ৰা-ছোৱালীয়ে সৰুকালিৰে পৰা সংগীতৰ সৈতে পৰিচিত হয়। আনখন ছবিত মণ্ডলীৰ সদস্য শান্তিৰামৰ ল’ৰা মংগলে খাদু কালিন্দীৰ ঘৰত বেৰত ওলমাই থোৱা ঢোলটোৰ সৈতে খেলিছে। খাদুই চাৰুবালাৰ মণ্ডলীতে কামক কৰে আৰু তাইৰ চুবুৰীয়াও হয়

সাজোন-কাচোন শেষ, এতিয়া দৰ্শনীৰ সময়ঃ চাৰুবালাই সেনাবানা গাঁৱত হ’বলগীয়া দৰ্শনীৰ পূৰ্বে মুকলিত আখৰা কৰিবলৈ ওলাই আহিছে, নাচনীয়ে আখৰা কৰা স্থানক নাচনীশাল নাইবা বৈশাল বুলিও কোৱা হয়

দৰ্শনীত প্ৰৱেশৰ বাবে শ্ৰৱণ কালিন্দীৰ সময় হৈছে

চাৰুবালাই প্ৰদৰ্শনৰ পূৰ্বে ইশ্বৰ আৰু গুৰুক সেৱা জনাইছে। তেওঁৰ লগত (বাওঁফালৰ পৰা সোঁফাললৈ) ভজন কালিন্দী, খাদু কালিন্দী (আংশিকভাবে দেখা গৈছে) আৰু চৰণ মাহাতো। ভজন আৰু চৰণ এই মণ্ডলীৰ নিয়মীয়া সদস্য নহয়, সিহঁত দুজন আহে-যায়

পুৰুলিয়াত গঞাই চাৰুবালাৰ নাচ উপভোগ কৰিছে। চেপুই ঢোল বজাইছে আৰু অমৃত মাহাতোই ধামচা বজাইছে

চেপু আৰু অমৃৃতে ঢোল-ধামাচাত চেওঁ দিছে। ঝুমুৰৰ দিনবোৰত প্ৰতিজন বাদ্যযন্ত্ৰকাৰীয়ে প্ৰতিটো দৰ্শনীৰ বাবদ ৩০০ৰ পৰা ৪০০ টকা পায়। চাৰুবালা আৰু শ্ৰৱণ প্ৰতিজনে একৰ পৰা ডেৰ হাজাৰ টকা উপাৰ্জন কৰে

ষাঠি উৰ্ধৰ হৈও তজবজীয়া হৈ থকা চেপু কালিন্দী ঢোল-ধামাচা-নাচোনৰ ছন্দত আত্মহাৰা হোৱা মুহূৰ্তত


বাওঁফালেঃ দহটকীয়া নোট গাত লৈ কালিন্দীয়ে নাচিছে। কেতিয়াবা দৰ্শকে তাইৰ শাৰীত ১০০ টকীয়া নোটো পিন মাৰি দিয়ে। সাধাৰণতে এগৰাকী নাচনীয়ে প্ৰেম, ভক্তি, বিৰহৰ বেদনা আৰু বাসনা আদি বিষয়ক কেন্দ্ৰ কৰি ৰচনা কৰা গীতত নাচে। দৰ্শনী পৰিচিতিৰে আৰম্ভ হয় আৰু তাৰপিছত সমৰ্পনমূলক ভক্তিগীতৰ দিশলৈ আগবাঢ়ে। লাহে লাহে গীত আগবাঢ়ে, নাচো খৰতকীয়া হয় আৰু বিষয়সিক্ত হৈ পৰে। সোঁফালেঃ কৃষ্ণ আৰু ৰাধাৰ মাজৰ প্ৰেম ঝুমুৰ গীতৰ অন্যতম বিষয়। ৰসিকে সাধাৰণতে কৃষ্ণৰ ভূমিকাত অৱতীৰ্ণ হয় আৰু নাচনীয়ে ৰাধাৰ ভূমিকা লয়। ইয়াত চেপুৱে কৃষ্ণৰ ভাও লৈছে

সামূহিক সভাত নাচনী, ৰসিক আৰু সংগীতজ্ঞই বিভিন্ন অভিযোগ-সমস্যা আদি আলোচনা কৰে। তেওঁলোকৰ সমিতিখনৰ নাম মনভূম লোক সংস্কৃতি ও নাচনী উন্নয়ন সমিতি। এই সংস্থাটো কলকাতাৰ দুৰ্বাৰ মহিলা সমন্বয় সমিতিৰ এটা অংশ। সংস্থাটোৱে মহিলা, পুৰুষ আৰু ট্ৰান্সজেণ্ডাৰ কৰ্মীসকলৰ বাবে কাম কৰে। সংস্থাটোৰ সচিবগৰাকীয়ে কোৱা মতে সংস্থাটোত ৫৫ গৰাকী নাচনী আৰু ৰসিক আৰু ৪৫০০ গৰাকী সংগীতজ্ঞ আছে। সংস্থাটোৱে সেনাবানাত এখন বিদ্যালয় চলায় য’ত ঝুমুৰৰ সৈতে জড়িত পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে পঢ়ে। চাৰুবালা সেইখন বিদ্যালয়ৰে এগৰাকী স্বেচ্ছাসেৱক। চাৰুবালাই বিদ্যালয়খনৰ কাৰণে পুঁজি গোটায় আৰু ল’ৰা-ছোৱালীৰ কাৰণে মধ্যাহ্ন ভোজন ৰান্ধে

বাওঁফালেঃ চাৰুবালাৰ গাঁৱৰে সহকৰ্মী আৰতি মাহাতো আৰু মঞ্জুৰা হাজৰাই চাৰুবালা কালিন্দীৰ নাচ চাইছে। দৰ্শকৰ ভিৰ আৰু তালিৰ পৰা দূৰত এয়া এক সৌহাৰ্দ্যপূৰ্ণ মুহূৰ্ত
এই চিত্ৰ-প্ৰতিবেদনৰ আন এক সংস্কৰণ ২০১৮ৰ ২৫ অক্টোবৰত চহাপেডিয়াত প্ৰকাশ পাইছে।