বেছ কেম্পত নতুন আশা আৰু উৎসুকতাই দেখা দিছিল। সেউজীয়া ৰঙৰ পোচাক পিন্ধা পুৰুষ-মহিলাই চেলফোনত বাৰ্তা, নক্সা আৰু ছবিবোৰ নিৰন্তৰ চাই আছিল।
সিদিনা পুৱাই এটা সন্ধানী দলে হাবিৰ কাষত বাঘৰ সতেজ হাতোৰাৰ চিন দেখিছিল।
বন বিভাগৰ সুত্ৰ মতে অইন এটা দলে কপাহ খেতি আৰু জলাশয়ৰ কাষৰ জোপোহা হাবিৰ ৫০ বৰ্গকিলোমিটাৰ এলেকাত লগোৱা ৯০ টা কেমেৰাৰ এটাত বাঘৰ অস্পষ্ট ফটো লৈ ঘুৰি আহিছে। ''গাৰ চিনবোৰ মতা বাঘৰ যেন লাগিছে,’’ সেউজীয়া পোচাক পিন্ধা যুৱক এজনে ক’লে, কণ্ঠত তেঁওৰ চাপৰ চিন স্পষ্ট। 'ফটোখন স্পষ্ট নহয়, ভাল ফটো লাগিব,’ তেঁওতকৈ জ্যেষ্ঠ এজনে মাত লগালে।
সেয়া কি বাঘিনীজনীৰ ফটো নেকি? তাই আশে-পাশে আছে নেকি?
বন সুৰক্ষাকৰ্মী, অনুসন্ধানকাৰী আৰু তীক্ষ্ণ নিচানবাজৰ দলটো আকৌ এটা কষ্টসাধ্য দিনৰ কাৰণে ভিন ভিন দিশত যাত্ৰা আৰম্ভ কৰিলে। বাঘিনী এজনীৰ সন্ধানত। দুটা পোৱালীৰ মাক সেই বাঘিনীজনীক যোৱা দুবছৰ ধৰি ধৰিব পৰা নাই।
বাঘে অতিকমেও ১৩ জন গঞাক আক্ৰমণ কৰি মাৰি পেলাইছে। বাঘিনীজনীৰ ওপৰত এনেদৰে নৰখাদক হোৱাৰ সন্দেহ।
বন্যপ্ৰাণী নিৰীক্ষকৰ নিৰ্দেশ অনুসাৰে বাঘিনীক 'ধৰক নাইবা মাৰক’- এই অভিযান দুমাহ ধৰি চলি আছে। কিন্তু একো ফল ধৰা নাই। ২০১৮ৰ ২৮ আগস্তৰ পৰা বাঘিনীৰ শুংসূত্ৰ নাই। কেমেৰাৰ আগত এটা সৰু শব্দ বা ভৰিৰ চিন পালেই সন্ধানকাৰীৰ মনত আশাৰ সঞ্চাৰ হয়।

বিদৰ্ভৰ য়াভাটমাল জিলাৰ লোনি আৰু চৰাটি গাঁৱৰ মাজত এটা শিবিৰ স্থাপন কৰা হয়। তাতে বাঘৰ সূংসুত্ৰ বিচৰা দলটোৱে 'ধৰা নাইবা মৰা’ দুমাহজোৰা অভিযান চলায়
*****
সিদিনা আছিল অক্টোবৰৰ এটা দেওবৰীয়া পুৱা। শীতৰ জাৰ যোৱা নাছিল। আমি হাবিৰ ভিতৰত আছিলো, তাতে বিষয়াসকলে অস্থায়ী তম্বু তৰিছিল। পশ্চিম বিদৰ্ভৰ য়াভাতমাল জিলাৰ লোনি আৰু চৰাটি গাঁৱৰ মাজত উক্ত অভিযানৰ কাৰণে বেছ কেম্প পতা হৈছিল। সেই এলেকাটো কপাহ খেতিয়কৰ আত্মহত্যাৰ কাৰণে কুখ্যাত।
এয়া ৰালেগাঁও তহচিল। ৪৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশত বডকি আৰু উমৰিগাঁৱৰ মাজত অৱস্থিত ৰালেগাঁও। গণ্ড জনগোষ্ঠী অধ্যুষিত এলেকাটোত বেছিভাগ ক্ষুদ্ৰ দৰিদ্ৰ কৃষকৰ বসতি। তেঁওলোকে কপাহ আৰু মচুৰৰ খেতি কৰে।
বাঘৰ সূংসুত্ৰ উলিয়াবলগীয়া দলত ২০০ বন্যকৰ্মী আছে। সুৰক্ষাকৰ্মী, মহাৰাষ্ট্ৰ বন বিভাগৰ বন্যপ্ৰাণী বিভাগৰ ৰেঞ্জ বন বিষয়া, ৰাজ্যৰ বন বিকাশ নিগম, জিলা বন বিষয়া, মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) আৰু বন্যপ্ৰাণী বিভাগৰ শীৰ্ষস্থানীয় বিষয়া, প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ, বন্যপ্ৰাণী) এই দলত আছে। এই সকলোৱে মিলি কাম কৰিছে, ২৪ ঘণ্টাই অতন্দ্ৰ পহৰা দিছে, বাঘিনীজনী আৰু তাইৰ পোৱালী দুটাৰ সন্ধান বিচাৰি ফুৰিছে।
সেই গোটত আকৌ হায়দৰাবাদৰ পৰা অহা বিশেষ নিচানবাজো আছে, সেই নিচানবাজসকলক নেতৃত্ব দিছে অভিজাত পৰিয়ালৰ ষাঠি বছৰীয়া পাকৈত চিকাৰী নৱাব চাফাথ আলী খানে। নৱাবৰ ভূমিকাক সেই গোটৰ বহুতেই পচন্দ কৰা নাই। তাকে লৈ কেইজনমান বিষয়া আৰু স্থানীয় সংৰক্ষণকাৰীসকলৰ স্থিতি ভিন্ন হৈ পৰিছে। কিন্তু সেই 'দুষ্ট' বন্যপ্ৰাণীটোক শান্ত কৰাৰ বাবে নাইবা মৰাৰ বাবে সমগ্ৰ ভাৰতৰ বন্যপ্ৰাণী কৰ্তৃপক্ষৰ কাৰণে তেঁও এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি।
'তেঁও সেই কাম ভালেকেইবাৰ কৰিছে’, তেঁওৰ থূপৰে এজন, ছায়েদ মইনুদ্দিন খানে ক’লে। তেঁও অলপতে টাড়োবা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী এলেকাত দুজনকৈ মানুহ মৰা বাঘিনী এজনীক শান্ত কৰাই ধৰিছিল। সেই উদ্যানখন ভাৰতৰ ৫০ খন ব্যাঘ্ৰ সংৰক্ষণস্থলৰ এখন।
চাফাথে বিহাৰ আৰু ঝাৰখণ্ডত ছমাহৰ ভিতৰতে ১৫ জন লোকক গছকি মাৰি পেলোৱা এটা দুৰ্দান্ত হাতীক বলাইছিল আৰু পশ্চিম মহাৰাষ্ট্ৰত সাতজনকৈ লোকক হত্যা কৰা নাহৰফুটুকী এটাক গুলি মাৰি বগৰাইছিল।
কিন্তু এইবাৰৰ কথা অলপ বেলেগ- চশমা পিন্ধা মৃদুভাষী চাফাথ আলীয়ে কায়দাৰে সেউজীয়া ৰাইফল এটা মোহাৰি থাকি ক’লে। 'বাঘিনীজনীৰ লগত দুটা পোৱালী আছে।’ চাফাথ আলী তেঁওৰ ল’ৰা আৰু সেনাৰ পোচাক পৰিহিত সহায়কৰ দলটোৰ সৈতে সেইদিনা দেওবাৰৰ পুৱা আহি পাইছে। 'আমি প্ৰথমে বাঘিনীজনীক শান্ত কৰিব লাগিব, তাৰপিছত তাইৰ পোৱালীকেইটাকো ধৰিব লাগিব।’
'এয়া কথাতহে সহজ, কামত নহয়’, চাফাথক সহায় কৰা তেঁওৰ পুত্ৰ আছগৰে ক’লে। বাঘিনীজনীক ভালকৈ দেখা পোৱাটো তেনেই দুৰুহ, সেয়ে কামটোত আগবাঢ়িব পৰা হোৱা নাই।
তাই ঘনে ঘনে ঠাই সলায়। এঠাইত আঠ ঘণ্টাতকৈ বেছি সময় নাথাকে। বিশেষ ব্যাঘ্ৰ বাহিনীৰ এজনে ক’লে। তেঁও ইয়াৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দুৰৰ নাগপুৰস্থিত পেঞ্চ ব্যাঘ্ৰ সংৰক্ষণ এলেকাৰ পৰা এই অভিযানৰ কাৰণে এমাহ আগতে আহি বাহৰ পাতিছে।
গোটটোৰ কিছুমানক নিৰাশ দেখা গৈছে। কিন্তু ধৈৰ্যৰ ফল মিঠা, পিছে সেয়াই ম্লান পৰিবলৈ ধৰিছে।


বাওফালে লোনি আৰু চৰাটিৰ মাজৰ বাটটো, তাতেই গাঁৱৰ মানুহে ভালেকেইবাৰ টি-১ক দেখিছে। সোঁফালেঃ টি-১ৰ এলেকাত থকা মানুহৰ বাবে কৰণীয়-অকৰণীয়খিনি হৰ্ডিং আকাৰে দেখা গৈছে
টি-১ বা স্থানীয় লোকে নাম দিয়া অৱনীয়ে ১৩ৰ পৰা ১৫ জন লোকক দুটা বছৰত ৰালেগাঁও এলেকাত হত্যা কৰা বুলি অভিযোগ আছে। সেই টেহচিলৰে ঘন হাবিত তাই লুকাই আছে।
দুটা বছৰত তাই ৫০ বৰ্গকিলোমিটাৰ এলেকাৰ প্ৰায় ১২খন মান গাঁৱত ভয় আৰু শংকাৰ পৰিৱেশ সৃষ্টি কৰিছে। কপাহৰ খেতি চপোৱাৰ সময় হৈছে যদিও গাঁৱৰ মানুহে খেতি পথাৰলৈ কপাহ চিঙিবলৈ যাবলৈ সংকোচ কৰে। 'যোৱা এটা বছৰে মই মোৰ খেতিপথাৰখন দেখা নাই।’ লোনি গাঁৱত টি-১ৰ চিকাৰ হোৱা স্বামীৰ কথা সুঁৱৰি কালাবাঈ চিণ্ডৰেয়ে কয়।
টি-১ৰ কোপদৃষ্টি যাৰে-তাৰে ওপৰত পৰিব পাৰে। অৱশ্যে তাই ২৮ আগস্তত শিবিৰৰ স্থানৰ পৰা উত্তৰ দিশত থকা পিম্পালচেণ্ডা গাঁৱত শেষবাৰ মানুহ চিকাৰ কৰিছিল। তাই বৰ আক্ৰমণাত্মক আৰু অপ্ৰত্যাশিত- তাইক দেখাসকলে ইয়াকেই কয়।
বনবিষয়াসকল আশাহত হৈ পৰিছে। আকৌ এবাৰ আক্ৰমণ হ’বলৈ হ’লে স্থানীয় লোক ক্ষোভত ফাটি পৰিব। ইফালে বাঘ ভালপোৱা আৰু সংৰক্ষণৰ পক্ষত থকাসকলে টি-১ক মৰাৰ নিৰ্দেশক প্ৰশ্ন কৰি আদালতত ইটোৰ পিছত সিটো গোচৰ তৰিছে।
উপ প্ৰধান মুখ্য বন সংৰক্ষকৰ সৈতে এই অভিযানৰ দায়িত্বত থকা প্ৰধান মুখ্য বন সংৰক্ষক এ.কে. মিশ্ৰাই পান্ধাৰকাৱাড়াত বাহৰ পাতি আছে। তেঁওৰ অৱসৰলৈ চাৰিমাহ আছে। 'ছাৰে বোধকৰো হাবিতেই অৱসৰ ল’ব’, তাৰে মাজৰে এজন যুৱ বিষয়াই ৰগৰ কৰি ক’লে।
*****
সমস্যাটো টি-১ৰ সৈতে আৰম্ভ হোৱা নাই, তাইৰ মৃত্যুৰ সৈতে ই শেষো নহয়- বন্যকৰ্মীয়ে কয়। ইয়ে পৰিস্থিতিৰ অধিক অৱনতি ঘটাব আৰু দেশৰ হাতত ইয়াৰ সমাধানসূত্ৰ নাই।
'এয়া হৈছে আলোচনাত বহি আমাৰ সংৰক্ষণ নীতিৰ খচৰা পুনৰাই লিখাৰ সময়।’ নাগপুৰৰ নীতিন দেশাইয়ে কয়। তেঁও নাগপুৰস্থিত ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা সমাজ (Wildlife Protection Society of India চমুকৈ WPSI)ৰ কেন্দ্ৰীয় সঞ্চালক। 'আমি বাঘৰ তেনে এক প্ৰজন্মৰ সৈতে মোকাবিলা কৰিব লাগিব, যিয়ে নিকটৱৰ্তী বন্য বেষ্টনী দেখা নাই বা নেদেখে। আমি আশে-পাশে থকা বনৰীয়া মেকুৰীবোৰ দেখি আহিছো।’ তেঁও এনেদৰে কয়।
দেশাইৰ কথাখিনি সঁচা যেন বোধ হয়। টি-১ৰ বিচৰণস্থলীৰ ১৫০ কিলোমিটাৰ দুৰৈৰ অমৰাৱতী জিলাৰ ধমনগাঁও ৰেলৱে টেহচিলত এটা কিশোৰ বাঘ তাৰ মাকৰ পৰা বিচ্ছিন্ন হৈ মনগ্ৰুল দস্তগীৰ গাঁৱত খেতিপথাৰত ১৯ অক্টোবৰত এজন লোকক আৰু তাৰে তিনিদিন পিছত অমৰাৱতী চহৰত এগৰাকী মহিলাক হত্যা কৰে।
বনবিষয়াসকলৰ মতে বাঘিনীজনীয়ে চন্দ্ৰপুৰ জিলাৰ পৰা ২০০ কিলোমিটাৰ বাট বাই ইয়ালৈ আহিছে। সেই বাটচোৱাৰ বেছিভাগেই বনাঞ্চলত নপৰে। তেঁওলোকে এক নতুন সমস্যাৰ গোন্ধ পাইছে। তাইৰ শুংসূত্ৰ বিচাৰি ফুৰা বিষয়াসকলৰ মতে বাঘিনীজনীয়ে চন্দ্ৰপুৰৰ পৰা ভ্ৰমি ৩৫০ কিলোমিটাৰ দুৰ অতিক্ৰম কৰি মধ্যপ্ৰদেশত সোমাইছে।
টি-১ বোধকৰো য়াভাতমাল জিলাৰ ৫০ পশ্চিমে থকা টিপেশ্বৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা এই এলেকালৈ আহিছে। জিলা বন্যপ্ৰাণী প্ৰহৰী আৰু ব্যাঘ্ৰপ্ৰেমী ৰমজান বিৰানীৰ এই মত। টি-১ তাইৰ মাকৰ দুই সন্তানৰ এটা। তাইৰ দুই পোৱালীৰ পিতৃ টি-২ একেখন বিচৰণভূমিতে আছে।


চাফাথ আলী (বাওফালে সেউজীয়া ডাৰ্ট বন্দুকৰ সৈতে) আৰু তেঁওৰ গোটটোৱে তহলদাৰী জীপত উঠি লোনিস্থিত শিবিৰৰ পৰা টি-১ৰ সন্ধানত ওলাই আহিছে। এই অভিযান দুবছৰ ধৰি বাঘিনীজনীয়ে বিভ্ৰান্তিত ৰখাৰ পিছত আৰু দুমাহৰ দৈনিক অনুসন্ধানৰ পিছত ২ নবেম্বৰৰ দিনা অন্ত পৰে।
'তাই ২০১৪ মানত এই বেষ্টনীলৈ আহিছিল’, পান্ধাৰকাৱাড়াৰ কলেজ অধ্যাপক বিৰানীয়ে কয়। তেতিয়াৰে পৰা আমি তাইৰ চাল-চলনত নজৰ ৰাখিছো। এই অঞ্চলত বহু দশকৰ মুৰত বাঘৰ আগমন ঘটিছে।
ওচৰে-পাজৰে থকা গাঁৱৰ লোকেও তাকেই কয়। 'মই কেতিয়াও এই অঞ্চলত বাঘ অহাৰ কথা শুনা নাই’, চৰাটি গাঁৱৰ ৬৩ বৰ্ষীয় বৃদ্ধ মোহন থেপালেয়ে কয়। এতিয়া মুখে মুখে বাঘিনী আৰু তাইৰ পোৱালী দুটাৰ কথাই চৰ্চিত হৈছে।
বিদৰ্ভৰ অইন ঠাইবোৰৰ দৰে এই অঞ্চলটোও ক’ৰবাত হাবি-জংঘলৰ মাজে মাজে খেতি-পথাৰ আৰু নিৰ্মাণ প্ৰকল্পৰে মিশ্ৰভূমি। নতুনকৈ নিৰ্মিত পথ নাইবা বহল কৰা পথ, বেম্বলা জলসিঞ্চন প্ৰকল্পৰ খাল আদিয়ে বনাঞ্চলবোৰক ঠায়ে ঠায়ে ভাগ কৰিছে। এনেদৰে একো একোটা বৃহৎ সেউজ অঞ্চল উচন হৈছে।
টি-১য়ে প্ৰথমে চিকাৰ কৰিছিল ২০১৬ৰ জুন মাহত বৰাটি গাঁৱৰ সোণাবাঈ ঘোষলে নাৰ ৬০ বছৰীয়া এগৰাকী মহিলাক। ( বাঘিনী টি-১ৰ আক্ৰমণ আৰু আতংকৰ চিনবোৰ চাওক)। তেতিয়া তাইৰ পোৱালী নাছিল। ২০১৭ৰ শেষৰফালে তাই পোৱালী জন্ম দিয়ে। ২০১৮ৰ আগস্ত মাহত টি-১য়ে তিনিজন লোকক চিকাৰ কৰাৰ অভিযোগৰ পিছৰে পৰা সংঘৰ্ষ বাঢ়িল। তাইৰ শেহতীয়া চিকাৰ আছিল ২৮ আগস্তৰ দিনা পিম্পালচেণ্ডা গাঁৱৰ গোৰখীয়া আৰু খেতিয়ক ৫৫ বৰ্ষীয় নাগোৰাও জুনঘাৰে।
তেতিয়ালৈ মুখ্য সংৰক্ষকে বাঘিনীজনীক হত্যাৰ নিৰ্দেশ জাৰী কৰিছিল। এই নিৰ্দেশক প্ৰথমে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল য’ত বাঘিনীজনীক জীৱিত অৱস্থাত ধৰিব নোৱাৰিলে 'শান্ত’ কৰি ধৰাৰ বাবে উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ বাহাল ৰখা হৈছিল।
আন কেইজনমান সংৰক্ষণকৰ্মীয়ে আকৌ বাঘিনীজনীৰ কাৰণে ৰাষ্ট্ৰপতিৰ ক্ষমাদান বিচাৰি আবেদন জনাইছিল।
সেই সময়তে বন বিষয়াই নিচানবাজ চাফাথ আলী খানক মগাই আনিছিল যদিও সংৰক্ষণকৰ্মীৰ প্ৰতিবাদ আৰু কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীৰ হস্তক্ষেপৰ পিছত ঘুৰাই পঠিয়াবলগীয়া হয়।
ছেপ্তেম্বৰ মাহত মধ্যপ্ৰদেশৰ এটা বিশেষজ্ঞ দলক দায়িত্ব দিয়া হয়। দলটোৱে প্ৰথমে চাৰিটা হাতী আৰু তাৰপিছত আৰু এটা হাতী চন্দ্ৰপুৰ জিলাস্থিত টাডোবা আন্ধাৰী ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ পৰা লৈ আহে।
পৰিস্থিতি বেয়ালৈহে ঢাল খালে যেতিয়া চন্দ্ৰপুৰৰ পৰা অনা হাতীটোৱে শিকলি চিঙি এদিনাখন ৰাতি উধাও হ’ল। কেন্দ্ৰীয় ৰালেগাঁৱৰ মূল শিবিৰৰ পৰা ৩০ কিলোমিটাৰমান দুৰৰ চাহান্দ আৰু পোহানা গাঁৱত হাতীটোৱে দুজনকৈ লোকক গছকি মাৰি পেলালে, পিছদিনা হৈচৈ লাগিল।
হেন সময়তে মহাৰাষ্ট্ৰৰ বন মন্ত্ৰী সুধীৰ মুংগান্তিয়াৰে হস্তক্ষেপ কৰিলে। তেঁও চাফাথ আলী খানক আকৌ মাতি পঠিয়ালে আৰু বন্যপ্ৰাণী শাখাৰ মুৰব্বী এ.কে. মিশ্ৰাকে ধৰি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক পান্ধাৰকাৱাড়াতে বাঘিনীজনীক জীৱিত অথবা মৃত অৱস্থাত নধৰালৈকে বাহৰ পাতি থাকিবলৈ নিৰ্দেশ দিলে। ইয়ে নাগপুৰৰ সংৰক্ষণকৰ্মীৰ মাজত তীব্ৰ ক্ষোভৰ উদগীৰণ ঘটালে।


বাওফালেঃ বন সুৰক্ষাকৰ্মী আৰু গাঁৱৰ গোট কিছুমানে শিবিৰৰ পৰা তহল দিবলৈ ওলোৱাৰ আগৰ ছবি। টি-১ক বিচাৰি দিনটোৰ কঠোৰ পৰিশ্ৰম পণ্ড হোৱাৰ পিছত স্পেচিয়েল টাস্ক ফ'ৰ্চৰ বন কৰ্মীগোটৰ এজনে লোনি গাঁৱৰ শিবিৰত জিৰণি লৈছে; তেঁওৰ পিছফালে বাঘ ধৰা সামগ্ৰী আৰু জাল আদি দেখা গৈছে
নৱাব পুনৰাই সক্ৰিয় হৈ পৰাত স্থানীয় সংৰক্ষণকৰ্মী আৰু কেইজনমান বন অধিকাৰীয়ে প্ৰতিবাদ কৰি সেই ঠাই ত্যাগ কৰিছে। তেঁওলোকে চাফাথ আলীৰ কাৰ্যপন্থাত আপত্তি জনাইছে। তেঁওৰ মতে বাঘিনীজনীক জীৱিত অৱস্থাত ধৰিব পৰা নাযাব, মাৰি পেলোৱাই ভাল।
চাফাথে হাৰিয়ানাৰ সৰ্বশ্ৰেষ্ঠ গল্ফাৰ আৰু ডগ ব্ৰীডাৰ জ্যোতি ৰান্ধাৱাৰ ইটালিয়ান কেন কৰ্ছো প্ৰজাতিৰ দুটা কুকুৰ নিজৰ লগত আনিছে, বোধকৰো আশে-পাশে শুঙিবলৈ।
পেৰাগ্লাইডাৰ্ছ, ড্ৰোন অভিযান আৰু ট্ৰেকাৰ্ছৰ এটা দলক কামত লগোৱা হৈছিল। কিন্তু সকলো চেষ্টা ব্যৰ্থ হৈছে। ড্ৰোনে বহুত শব্দ কৰে। আকৌ অঞ্চলটোৰ ভৌগোলিক ৰেহৰূপ আৰু ঘন হাবিলৈ চাই পেৰাগ্লাইডাৰ্ছেও একো কৰিব নোৱাৰিলে।
জাল তৰা, খাদ্য দিয়া, খোজকাঢ়ি বিচৰা আদি বিকল্পও অগ্ৰাহ্য কৰা হ'ল।
টি-১য়ে সকলোৰে চকুত ধুলি দি ধৰা নিদিয়া হ'ল, ইফালে গঞা ৰাইজৰ ভয়তে পেটতে হাত-ভৰি লুকাৱাবলগীয়া অৱস্থা হ'ল। সম্পূৰ্ণ ছেপ্তেম্বৰ মাহটো আৰু অক্টোবৰ মাহৰ আৰম্ভণিৰ ভাগলৈকে একো এটা ফল নধৰিলে।
*****
তাৰপিছত খবৰ আহিল। তাই ওচৰতে ক'ৰবাত আছে।
১৭ অক্টোবৰৰ দিনা এটা অনুসন্ধানকাৰী দল আশাৰ বতৰা আনিলে। টি-১ তেঁওলোকৰ শিবিৰৰ আশে-পাশে আছে। চৰাটি গাঁৱত দেখা পোৱা গৈছে, য'ত টি-১ য়ে ২০১৭ৰ আগস্তত শিবিৰৰ পৰা তিনি কিলোমিটাৰমান দুৰৈত এজন যুৱ কৃষকক মাৰি পেলাইছিল।
গোটেই দলটো সক্ৰিয় হৈ পৰিল আৰু সেই দিশে ঢাৱমান হ'ল। চাৰিওফালৰ পৰা ঘেৰি পেলোৱা বাঘিনীজনীয়ে খঙতে এটা গোটৰ ওপৰত আক্ৰমণ কৰিলে। তীক্ষ্ণ নিচানবাজ, ডাৰ্টচ বন্দুক চলোৱাৰ চিন্তা এৰি শিবিৰলৈ উভতি আহিল। বাঘিনীয়ে আপোনাৰ ফালে আক্ৰমণৰ ভংগীৰে চোচা ল'লে আপুনি গুলি চলাব নোৱাৰে।
কিন্তু এই খবৰ উত্সাহজনক। ৪৫ দিনৰ পিছত টি-১ক দেখা গৈছে। এতিয়া তাইৰ ওপৰত নজৰ ৰাখিবলৈ সহজ হ'ব। কিন্তু তাইক এতিয়া ধৰাটো সম্ভৱ নহয় আৰু এয়া তেনেই বিপদসংকুল।
*****
“এয়া এক কঠিন অভিযান,” চাফাথ আলীয়ে কয়। তাইৰ পোৱালীকেইটা এতিয়া সৰু হৈ থকা নাই। "প্ৰায় এবছৰীয়া হৈ উঠিছে, সিহতে একেলগে ছজন লোকৰ সৈতে যুঁজ দিয়াৰ বাবে যথেষ্ট।” সেয়ে অনুসন্ধানকাৰীয়ে এতিয়া এজনী বাঘিনীৰ সৈতে নহয়, তিনিটা বাঘৰ মুখামুখি হ'বলগীয়া হৈছে।
“এয়া এক কঠিন অভিযান,” চাফাথ আলীয়ে কয়। তাইৰ পোৱালীকেইটা এতিয়া সৰু হৈ থকা নাই। "প্ৰায় এবছৰীয়া হৈ উঠিছে, সিহতে একেলগে ছজন লোকৰ সৈতে যুঁজ দিয়াৰ বাবে যথেষ্ট।” সেয়ে অনুসন্ধানকাৰীয়ে এতিয়া এজনী বাঘিনীৰ সৈতে নহয়, তিনিটা বাঘৰ মুখামুখি হ'বলগীয়া হৈছে।
'এই হস্তক্ষেপ অনুচিত,' চশমা পিন্ধা এজন যুৱ ৰেঞ্জ বন বিষয়াই এটা মাৰাঠী বাতৰিৰ চেনেলৰ কৰ্মকৰ্তাৰ বিষয়ে খঙেৰে ক'লে। তেঁও চাফাথ আলীয়ে সংবাদমাধ্যমক সম্বোধন কৰাটো পচন্দ কৰা নাই।
'বন বিষয়াই জনগণৰ হেঁচা আৰু ৰাজনৈতিক আদেশ চম্ভালিছে, কিন্তু স্পষ্ট ৰূপত দোষ তেঁওলোকৰ মুৰতেই জাপি দিয়া হৈছে।' পান্ধাৰকাৱাড়াৰ এগৰাকী স্থানীয় বন্যপ্ৰাণী সংৰক্ষণকৰ্মীয়ে কয়। চাফাথ আলীয়ে অভিযানৰ দায়িত্ব লোৱাৰ পিছতেই তেঁও অভিযানৰ পৰা আঁতৰি আহিছে। 'তেঁওলোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব দিছে।'
শিবিৰত গছৰ ঠানিত ওলমাই ৰখা মেপখনৰ ৰঙা চিঞাহীৰে আকি থোৱা আছে। সেই চিনে যোৱা দুটা বছৰত টি-১ৰ চালচলন বুজাইছে।
'দেখাত যিমান সহজ যেন অনুমান হয়, কাৰ্যতঃ সিমান সহজ নহয়,’ এই এলেকাটো ওখোৰা-মোখোৰা। তাতে ভালেমান খেতিপথাৰ, হাবি-জংঘল, খেতিপথাৰ, সৰু-বৰ গছ-গছনি, সৰু সৰু নৈ-নিজৰা আৰু কুণ্ড আছে- কামটো তেনেই কৌশলী।’তাই আঠ ঘণ্টামানৰ মুৰে মুৰে ঠাই সলাইছে, কেৱল ৰাতিৰ ভাগতহে বাহিৰ ওলাইছে।
২১ অক্টোবৰৰ দিনা আবেলি সময়ত চৰাটি গাঁৱৰ লোক এজনে বাঘিনী আৰু তাইৰ পোৱালী দুটাক দেখা পোৱা বুলি ক’লে। মানুহজনে ভয়তে ঘৰলৈ লৰ দিলে। এটা অনুসন্ধানী দল যথাস্থানত উপস্থিত হ’ল। তেতিয়ালৈ বাঘিনীজনী পোৱালীসহিতে আন্ধাৰত বিলীন হৈ গ’ল।
২১ অক্টোবৰৰ দিনা ভালেকেইটা দলে অৱনী আৰু তাইৰ পোৱালী দুটাৰ ওপৰত চোকা নজৰ দি থাকিল। ২৫ৰ পৰা ৩১ অক্টোবৰৰ মাজত বৰাটি গাঁৱৰ এজন আৰু আতমুৰ্দী গাঁৱৰ এজন লোক কাণে কাণ মাৰিহে বাঘিনীৰ আক্ৰমণৰ পৰা বাচিল। (চাওক, 'মই যেতিয়া তেঁওক ঘৰলৈ উভতা দেখো, তেতিয়া বাঘিনীক ধন্যবাদ জনাও’ )।


বাঘিনীৰ শুংসূত্ৰ উলিওৱাৰ কাৰণে ইটালীয় প্ৰজাতিৰ দুটা কুকুৰ অনা হৈছে। সোফালেঃ টি-১ৰ শৱ মৰোণোত্তৰ পৰীক্ষাৰ কাৰণে নাগপুৰৰ গৌৰেৱাড়া চিৰিয়াখানালৈ পঠিওৱা হৈছে
ইমানতে চাফাথ আলীয়ে এক বৈঠকত ভাগ লোৱাৰ কাৰণে বিহাৰলৈ যাবলগীয়া হ’ল। তেঁওৰ ল’ৰা আছগৰ আলীয়ে তেঁওৰ দলৰ তীক্ষ্ণ নিচানবাজৰ সৈতে দায়িত্ব চম্ভালিছে। ইফালে দেশজুৰী বন্যপ্ৰাণী সংৰক্ষণকাৰী কৰ্মীয়ে টি-১ক বচাবলৈ আৰ্জী দাখিল কৰিছে আৰু দাবী জনাই আহিছে। শিবিৰত পৰিস্থিতি তেনেইস্পৰ্শকাতৰ হৈ পৰিছে। কপাহৰ খেতি চপোৱাৰ সময় আহি পৰিছে, কিন্তু বাঘৰ ভয়ত গোটেই ৰালেগাঁওবাসীৰ পেটতে হাত-ভৰি লুকাইছে।
২ নবেম্বৰৰ দিনা গাঁৱৰ ভালেমান লোকে টি-১ক বোৰাটিৰ আশে-পাশে ৰালেগাঁৱৰ আলকাতৰা দিয়া চিকুণ বাটত তহল দি থকা দেখা পোৱা বুলি ক’লে। তাই পোৱালী দুটাৰ লগতে আছিল। তহলদাৰী দল এটাৰ লগত আছগৰ আৰু তেঁওৰ সহযোগীয়ে যথাস্থানত হাজিৰ হ’ল। ৩ নবেম্বৰৰ দিনা চাফাথ আলী মূল শিবিৰলৈ উভতি আহিল।
মহাৰাষ্ট্ৰৰ বন বিভাগে ৩ নবেম্বৰৰ দিনা বিবৃতি দিলে যে আগদিনা ৰাতি ১১ বজাত টি-১ক গুলি মাৰি হত্যা কৰা হ’ল। এয়া দেশখনৰ আটাইতকৈ দীঘলীয়া সময়জোৰা অভিযান।
বাঘিনীক শান্ত কৰাৰ চেষ্টা বিফল হোৱাৰ পিছত বাঘিনীয়ে তহলদাৰী দলৰ ওপৰত ওফৰি পৰিছিল। উপায়ন্তৰ হৈ আছগৰে খোলা জীপৰ পৰা জানিব পৰা মতে আত্মৰক্ষাৰ কাৰণে নিজৰ ৰাইফলৰ ট্ৰিগাৰ দবালে আৰু এটা গুলিৰেই বাঘিনীক ধৰাশায়ী কৰিলে। এনেদৰে বন বিভাগৰ চৰকাৰী বিবৃতি উল্লেখ।
টি-১ৰ শৱটো মৰোণোত্তৰ পৰীক্ষাৰ কাৰণে গৌৰেৱাড়াৰ চিৰিয়াখানালৈ পঠিওৱা হৈছিল।
পিচিচিএফ (বন্যপ্ৰাণী) বিভাগৰ এ. কে. মিশ্ৰাই সংবাদমাধ্যমক জনায় যে টি-১ৰ পোৱালী দুটাক জীৱিত অৱস্থাত ধৰিবলৈ নতুন ধৰণে চিন্তা-চৰ্চা কৰি থকা হৈছে।
ৰালেগাঁৱৰ লোকে স্বস্তিৰ নিশ্বাস এৰিলে। কিন্তু বন্যপ্ৰাণী কৰ্মীয়ে টি-১ক মৰাৰ পদ্ধতিক লৈ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন হোৱাৰ প্ৰস্তুতি চলাই থাকিল।
বাঘিনীজনীক মাৰি পেলোৱা হ'ল। কিন্তু বাঘৰ সৈতে মানুহৰ সংঘৰ্ষ শেষ হোৱা নাই, চলি আছে।
অনুবাদঃ পংকজ দাস