পুৱা ছটা বাজিছে আৰু সৰন্যা বলৰামনে ইতিমধ্যে গুম্মিৰিপুণ্ডিৰ তেওঁৰ ঘৰ এৰিছে। চেন্নাইৰ কাষৰ তিৰুভাল্লুৰ জিলাৰ এই সৰু চহৰখনৰ ৰেলৱে ষ্টেছনটোত তেওঁ তেওঁৰ তিনি সন্তানৰ সৈতে স্থানীয় ৰেল ধৰিছে। প্ৰায় দুঘণ্টা মূৰত তেওঁ ৪০ কিলোমিটাৰ দূৰৰ চেন্নাই চেন্ট্ৰেল ষ্টেছন নামিছে। ইয়াৰ পৰা মাক আৰু তিনি সন্তানে স্কুল ঢুকি পাবলৈ স্থানীয় ৰেলেৰে আৰু ১০-১২ কিলোমিটাৰ যাব লাগিব।
সন্ধিয়া ৪ বজাত আৰম্ভ হয় উভটনি যাত্ৰা। তেওঁলোক ঘৰ আহি পায় মানে ৭ বাজে।
ঘৰৰ পৰা স্কুললৈ আৰু তাৰ পৰা পুনৰ ঘৰলৈ এই যাত্ৰা প্ৰায় ১০০ কিলোমিটাৰৰ হয়, সপ্তাহত পাঁচটা দিন। সৰন্যাৰ বাবে এয়া একধৰণৰ অসম্ভৱক সম্ভৱ কৰাৰ দৰেই, তেওঁ কয়, “আগতে (বিয়া নহওঁতে) বাছ বা ৰেল কেনেকৈ ধৰে নাজানিছিলো। আনকি ক’ত নামিব লাগে সেয়াও জনা নাছিলো।”

চেন্নাইৰ কাষৰ গুম্মিৰিপুণ্ডি ৰেলৱে ষ্টেছনত জীয়েক এম. লেবানাৰ সৈতে স্থানীয় ৰেলৰ অপেক্ষাত সৰন্যা বলৰামন। দৃষ্টিহীনৰ বাবে কোনো স্কুল সেই অঞ্চলত নথকাত তেওঁলোকে প্ৰতিদিনে স্কুললৈ বুলি প্ৰায় ১০০ কিলোমিটাৰ বাট অহা-যোৱা কৰিবলগীয়া হয়
সৰন্যাৰ এই ধৈৰ্য্য-সংযম তেওঁৰ দৃষ্টিহীন তিনি সন্তানৰ শিক্ষাৰ বাবে। প্ৰথমদিনা যেতিয়া তেওঁলোক গৈছিল, তেতিয়া মামি (বয়সীয়া মহিলা) এগৰাকীয়ে তেওঁলোকক বাট দেখুৱাই নিছিল। “দ্বিতীয় দিনা তেওঁক আহিবলৈ কওঁতে তেওঁ কাম থকা কাৰণে নোৱাৰে বুলি উত্তৰ দিছিল। মই কান্দিছিলো। অকলে এনেকৈ যাবলৈ কষ্ট হৈছিল,” সন্তানকেইটাৰ সৈতে কৰা যাত্ৰাৰ কথা মনত পেলাই তেওঁ কয়।
তেওঁৰ তিনি সন্তানে আনুষ্ঠানিক শিক্ষা লাভ কৰিব লাগিব, তাকে লৈ তেওঁ দৃঢ়মনা আছিল। কিন্তু ঘৰৰ ওচৰত ক’তো দৃষ্টিহীনৰ বাবে স্কুল নাই। “আমাৰ ঘৰৰ ওচৰতে এখন ডাঙৰ প্ৰাইভেট স্কুল আছে। সেইখনত গৈ মই সুধিলো মোৰ সন্তানকেইটাক তাতে নামভৰ্তি কৰাব পৰা যাব নেকি। তেওঁলোকে ক’লে যে সিহঁতক স্কুলত নাম লগাই দিলে আন শিশুৱে সিহঁতৰ চকুকেইটা পেঞ্চিল বা আন চোকা বস্তুৰে ঘুকুটিয়াই পেলাব পাৰে, তাৰবাবে স্কুল দায়ী নহ’ব,” তেওঁ মনত পেলালে।
সৰন্যাই শিক্ষকৰ পৰামৰ্শ অনুযায়ী দৃষ্টিহীনৰ বাবে শিক্ষানুষ্ঠানৰ সন্ধানত লাগিল। চেন্নাইত দৃষ্টিহীন শিশুৰ বাবে কেৱল এখনেই চৰকাৰী বিদ্যালয় আছে। সেইখন আছে পুণামালিত (পুণামালে বুলিও লিখা হয়), তেওঁৰ ঘৰৰ পৰা ৪০ কিলোমিটাৰ দূৰত। তেওঁৰ চুবুৰীয়াই ক’লে যে তেওঁ সিহঁতক চহৰত থকা প্ৰাইভেট স্কুলত নামভৰ্তি কৰোৱাটো ভাল হ’ব, সেয়ে তেওঁ এবাৰ সাক্ষাৎ কৰাৰ কথা সিদ্ধান্ত ল’লে।

তিনি সন্তান এম. মেশক, এম. লেবানা আৰু এম. মানসে (বাওঁৰ পৰা সোঁফাললৈ)ৰ সৈতে সৰন্যা, তামিলনাডুৰ গুম্মিৰিপুণ্ডিৰ তেওঁলোকৰ নিজ ঘৰত
“ক’লৈ যাব লাগিব মই জনা নাছিলো,” তেওঁ সেই দিনকেইটাৰ কথা মনত পেলাই কয়। কম বয়সীয়া মহিলাগৰাকীয়ে “বিয়াৰ আগেয়ে জীৱনটোৰ বেছিভাগ সময় ঘৰৰ ভিতৰতে কটাইছে,” এতিয়া স্কুলৰ সন্ধানত বাহিৰ ওলাবলগীয়া হৈছে। “বিয়াৰ পিছতো মই জনা নাছিলো অকলে কেনেকৈ ভ্ৰমণ কৰিব লাগে,” তেওঁ যোগ দিয়ে।
দক্ষিণ চেন্নাইৰ আদয়াৰত সৰন্যাই চেইণ্ট লুইচ ইনষ্টিটিউট ফৰ ডিফ এণ্ড ব্লাইণ্ড নামৰ স্কুলখন বিচাৰি পালে। তাতে তেওঁ দুই পুত্ৰৰ নাম লিখালে। পিছলৈ তেওঁ জীয়ৰীজনীক ওচৰৰে জি. এন. চেট্টি ৰোডৰ লিটল ফ্লাৱাৰ কনভেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুলত নাম লগাই দিলে। এতিয়া তেওঁৰ ডাঙৰজন ল’ৰা এম মেশকে ৮ম মানত আৰু তাৰ তলৰ জন এম মানসে ৬ম মানত আৰু সৰুজনী এম লেবানাই ৩য় মানত পঢ়ি আছে।
কিন্তু সিহঁতক স্কুললৈ নিবলৈ তেওঁ ক্লান্তিকৰ, মানসিক চাপ আনকি মানসিক আঘাত লগা ৰেলযাত্ৰা কৰিবলগীয়া হৈছে। ডাঙৰজন ল’ৰা চেন্নাই চেন্ট্ৰেল ষ্টেছনৰ ৰাস্তাত প্ৰায়ে চিজাৰত ভোগে। “তাৰ কি হ’ব মই নাজানো… হঠাতে তেওঁৰ চিজাৰ আৰম্ভ হয়। কোনেও নেদেখাকৈ মই তাক কোলাত তুলি ঢাকি লওঁ। কিছুসময়লৈ মই তাক কঢ়িয়াই নিও,” তেওঁ কয়।
আবাসিক স্কুল তেওঁৰ সন্তানকেইটিৰ কাৰণে কেতিয়াও সম্ভৱপৰ নাছিল। তেওঁৰ ডাঙৰজন ল’ৰাক সকলো সময়তে নজৰত ৰাখিব লাগে। “তাৰ দিনটোত তিনি-চাৰিবাৰ চিজাৰ (মৃগীৰোগ সম্বন্ধীয়) হয়,” তেওঁ কয় আৰু লগতে যোগ দিয়ে, “মই কাষত নাথাকিলে দ্বিতীয়টো ল’ৰাই আকৌ খাব নোখোজে।”

সৰন্যাই দেউতাক বলৰামনৰ আৰ (বাওঁফালে)ৰ সহায়ত সন্তানটিক খুওৱাৰ চেষ্টা কৰিছে। তেঁৱেই পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী
*****
সোতৰ বছৰ বয়স নৌহওতেই সৰন্যাক মোমায়েক মুটুলৈ বিয়া দিয়া হৈছিল। তামিলনাডুত পিছপৰা শ্ৰেণী হিচাপে সূচীবদ্ধ ৰেড্ডি সম্প্ৰদায়ৰ মাজত আত্মীয়ৰ মাজত বিবাহৰ প্ৰচলন আছে। “মোৰ দেউতাই পৰিয়ালৰ বান্ধ ভাঙিব খোজা নাছিল, সেয়ে তেওঁ মোক মামাৰ লগত বিয়া পাতি দিলে,” তেওঁ কয়। “মই যৌথ পৰিয়াল এটাত থাকিছিলো। মোৰ চাৰিজন থাইমামান (মোমায়েক) আছে, মোৰ স্বামী আটাইতকৈ সৰুজন আছিল।”
তেওঁৰ বয়স ২৫ হয় মানে সৰন্যা তিনিটা দৃষ্টিহীন সন্তানৰ মাতৃ হ’ল। “প্ৰথমটো সন্তানৰ জন্মৰ সময়ত জনা নাছিলো যে তেনেকৈও (দৃষ্টিশক্তিহীন) সন্তান জন্ম পাব পাৰে,” তেওঁ কয়। “তাৰ জন্মৰ সময়ত মোৰ বয়স আছিল ১৭ বছৰ। তাৰ চকুকেইটা পুতলাৰ দৰে আছিল। মই বুঢ়া মানুহৰ তেনে চকু দেখিছিলো।”
দ্বিতীয়টো সন্তানৰ জন্মৰ সময়ত তেওঁৰ বয়স ২১ বছৰ আছিল। “ভাবিছিলো, অন্ততঃ দ্বিতীয়টো সন্তান স্বাভাৱিক হ’ব, কিন্তু পাঁচ মাহ যোৱাৰ পিছত বুজিব পাৰিলো যে এইটো সন্তানৰো দৃষ্টিশক্তি নাই,” সৰন্যাই কয়। দ্বিতীয়টো সন্তান দুবছৰীয়া হোৱাৰ পিছত সৰন্যাৰ গিৰীয়েক দূৰ্ঘটনাত পতিত হয় আৰু দীঘলীয়া সময়ৰ বাবে সংজ্ঞাহীন হৈ পৰে। আৰোগ্য হোৱাৰ পিছত তেওঁৰ দেউতাকে তেওঁক ট্ৰাক মেৰামতি কৰা সৰু দোকান এখন খোলাত সহায় কৰি দিয়ে।
সেই ঘটনাৰ দুটা বছৰ পিছত সৰন্যাই কন্যাসন্তান এজনী জন্ম দিলে। “ভাবিছিলো, তাই স্বাস্থ্যৱান হ’ব…,” এইখিনি কথা কওঁতে তেওঁৰ মাতটো সৰু হৈ আহিল, “তেজৰ সম্পৰ্ক থকাজনৰ সৈতে বিয়াত বহা কাৰণে তিনিওটা সন্তান এনেকুৱা হোৱা বুলি মানুহে মোক কৈছিল। আগতে যদি এই কথাবোৰ জানিলোহেঁতেন।”


সৰন্যা-মুটুৰ বিয়াৰ এলবামৰ ফটোবোৰ। গালে-মুখে হাঁহি বিয়পি পৰা কইনাৰ সাজত সৰন্যা (সোঁফালে)

সৰন্যাৰ পৰিয়ালৰ সদস্যসকলে গুম্মিৰিপুণ্ডিৰ নিজ ঘৰত পুৱাৰ ভাগত একেলগে সময় কটাইছে
ডাঙৰজন ল’ৰাৰ স্নায়ুৰোগ আছে আৰু তেওঁৰ চিকিৎসাৰ বাবে মাহে তেওঁলোকৰ ১,৫০০ টকা খৰছ হয়। তাতে আকৌ মাহে দুয়োটা ল’ৰাৰ স্কুলৰ বছৰি ৮,০০০ টকা মাচুল ভৰিব লাগে; জীয়েকৰ স্কুলীয়া শিক্ষা বিনামূলীয়া। “মোৰ স্বামীয়ে আমাৰ খৰছ বহন কৰিছিল,” তেওঁ কয়। “তেওঁ দিনে ৫০০ৰ পৰা ৬০০ টকা উপাৰ্জন কৰিছিল।”
২০২১ত যেতিয়া হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ স্বামী ঢুকায়, সৰন্যাই একেটা অঞ্চলতে থকা মাকৰ ঘৰলৈ উভতি আহে। “এতিয়া মা-দেউতাই মোৰ একমাত্ৰ সাৰথি,” তেওঁ কয়। “সকলোবোৰ (সন্তান লালন-পালন) অকলেই কৰিব লাগে। মই হাঁহিবলৈ পাহৰি গৈছো।”
সৰন্যাৰ দেউতাকে কাম কৰি থাকিব পৰা অৱস্থাত যন্ত্ৰচালিত তাঁতশালৰ কাৰখানা এটাত কাম কৰি মাহে ১৫ হাজাৰ টকা উপাৰ্জন কৰিছিল। তেওঁ মাকে দিব্যাংগ ব্যক্তিৰ বাবে দিয়া ১,০০০ টকাৰ পেঞ্চন পায়। “দেউতাৰ বয়স হৈ আহিছে। তেওঁ মাহৰ ৩০ টা দিন কামলৈ যাব নোৱাৰে, সেয়ে আমাৰ খৰছ মিলোৱা টান হৈ পৰিছে,” তেওঁ কয়। “মই দিনটো ল’ৰা-ছোৱালীকেইটাৰ লগতে লাগি থাকিব লাগে, কাম পোৱাটো টান,” সৰন্যাই কয়। সুস্থিৰ চৰকাৰী চাকৰি এটা পালে সহায় হ’লহেঁতেন, তাৰবাবে তেওঁ আবেদন কৰি আহিছে যদিও একো ফল ধৰা নাই।
নিজৰ এই সমস্যাবোৰৰ মাজত যুঁজি থাকি সৰন্যাৰ মনলৈ কেতিয়াবা আত্মহত্যাৰ ভাৱো আহে। “মোৰ জীয়ৰীজনীয়েই মোক জীয়াই ৰাখিছে,” তেওঁ কয়। “তাই আমাক কয়, ‘দেউতাই আমাক এৰি গ’ল। এতিয়া আমি কেইবছৰমান জীয়াই থাকিব লাগে, তাৰপিছত যাব পাৰি।’”

বলৰামনে তেওঁৰ নাতিয়েকক স্কুললৈ সাজু কৰিছে । সৰন্যাৰ মাক - দেউতাকেই তেওঁৰ একমাত্ৰ সাৰথি

সৰন্যাই সদায় পুৱা ৪ বজাতে উঠি ৰন্ধা - বঢ়া কৰি ল ’ ৰা - ছোৱালীকেইটাক স্কুললৈ সাজু কৰে
![Saranya with her son Manase on her lap. 'My second son [Manase] won't eat if I am not there'](/media/images/08-PAL_6545-PK-Saranyas_search_for_a_silve.max-1400x1120.jpg)
সৰন্যাই নিজৰ কোলাত লৈ পুত্ৰ এম মানসেক মৰম কৰিছে । ‘ মোৰ মাজুটো ল ’ ৰাই মই নাথাকিলে নাখায় ’

গুম্মিৰিপুণ্ডিৰ নিজ ঘৰত মজিয়াত ৰ ’ দৰ উম লৈ পকাতে মানসেয়ে শুইছে

লেবানা তাই দুই ককায়েকতকৈ বেছি স্বতন্ত্ৰ । তাই পৰিপাটিকৈ থাকে আৰু নিজৰ যত্ন ল ’ ব শিকিছে

লেবানাই মাকৰ ফোনটো লৈ ইউটিউবত তামিল গান শুনিছে । নুশুনিলে তেওঁ সেই গানবোৰ গুণগুণাই থাকে

মানসেয়ে তেওঁৰ কাঠৰ পুতলা গাড়ীখন ভাল পায় । তেওঁ ঘৰত থকা বেছিভাগ সময় সেইখনতে খেলি কটায়

তংগম আৰ . য়ে তেওঁৰ নাতিল ’ ৰা মানসেৰ লগত খেলিছে । তেওঁ ১ , ০০০ টকাৰ দিব্যাংগ পেঞ্চন পায় , সেইখিনি তেওঁ নাতিহঁতৰ নামতে খৰচ কৰে

লেবানাই আইতাকক সান্তনা দিছে । লেবানা বৰ সহানুভূতিশীল , আনৰ ভাব - আৱেগৰ প্ৰতি সচেতন , তেওঁ সেয়া মানুহৰ মাতৰ পৰা বুজি পায় আৰু সঁহাৰি দিয়ে

বলৰামনে তেওঁৰ আটাইকেইটা নাতিকে মৰম কৰে আৰু যতন লয় । তেওঁ যন্ত্ৰচালিত তাঁতশালৰ কাৰখানা এটাত কাম কৰে আৰু এনেয়ে থাকিলে ঘৰুৱা কাম - বনত সহায় কৰে

বলৰামনে ( বাওঁফালে ) ডাঙৰজন নাতি মেশকক ( সোঁমাজত ) প্ৰতিদিনে সন্ধিয়া চাদলৈ লৈ গৈ খোজ কঢ়ায় । কেতিয়াবা লেবানাও লগত যায় , সিহঁতৰ সন্ধিয়াৰ সময়কণ ফুৰ্তিৰে ভৰি পৰে

লেবানাই তেওঁলোকৰ ঘৰৰ চাদত খেলি ভাল পায় । তাই খেলিবলৈ লগৰ বন্ধুবোৰক লৈ আহে

লেবানাই মাকক গুম্মিৰিপুণ্ডিৰ নিজ ঘৰৰ চাদত খেলি থকা সময়ত মাকক তাইক কোলাত তুলি ল ’ বলৈ জোৰ কৰিছে

তিনিজনকৈ দৃষ্টিহীন শিশুৰ যত্ন লোৱাৰ প্ৰত্যাহ্বানৰ মাজতে সৰন্যাই সিহঁতৰ লগত ঘৰত সময় কটাই সুখ বিচাৰি পায়

স্কুললৈ ল ’ ৰা - ছোৱালীকেইটাক সাজু কৰাৰ পিছত সৰন্যাই পুৱাৰ আহাৰ খাবলৈ চিৰিত বহিছে । তেওঁ অকলে খায় ভাল পায় । এইখিনি তেওঁৰ নিজাকৈ সময়

এগুম্মিৰিপুণ্ডিত নিজ ঘৰৰ বাহিৰত সৰন্যাই জীয়েকৰ সৈতে বুৰবুৰণি ফুলাইছে । ‘ মোৰ ছোৱালীজনীয়েই মোক জীয়াই ৰাখিছে ’

‘ মই মোৰ সন্তানকেইটাৰ লগত সকলো সময়তে থাকিব লাগে । কাম পোৱাত মই অসমৰ্থ ’
এই ষ্ট ’ ৰিটোৰ ৰিপ ’ ৰ্টিং তামিল ভাষাত কৰা হৈছিল, ইংৰাজীলৈ অনুবাদ কৰিছে এছ. চেন্থালিৰে।
অনুবাদ: পংকজ দাস