ঢাকৰ শব্দৰে গোটেই আগৰতলা ৰজনজনাই গৈছে। ১১ অক্টোবৰত দুৰ্গাপূজা, উলহ-মালহেৰে প্ৰতি বছৰে দেৱীক আদৰাৰ প্ৰস্তুতি চলে। পেণ্ডেল সজা হয়, মূৰ্তিবোৰ সাজু কৰি তোলা হয় আৰু সকলোৱে নতুন কাপোৰ কিনি পূজা চোৱাৰ বাবে সাজু হয়।
ঢোলৰ দৰে, কিন্তু আকাৰত ডাঙৰ ঢাকবোৰ গলত ওলমাই বা টান মজিয়াত ৰাখি মাৰিৰে বজোৱা হয়। ঢাক বাজিলেহে দুৰ্গাপূজা যেন লাগে।
ঢাক বজোৱাটো নিৰ্দিষ্ট এটা ঋতুৰহে কাম। প্ৰতিবছৰে পূজাত লক্ষ্মীপূজালৈকে, এইবাৰ সেয়া ২০ অক্টোবৰত, ঢাক বাজে। কিছুমানক আকৌ দেৱালীৰ সময়তো ঢাক বজোৱাৰ কাৰণে মাতে। কিন্তু দুৰ্গাপূজাৰ সময়তে ত্ৰিপুৰাৰ আগৰতলাকে ধৰি আন আন ঠাইত ঢাকবাদকসকলৰ চাহিদা বাঢ়ে।
ঢাকবাদকসকলক পূজা কমিটিৰ লগতে পৰিয়ালবোৰেও আমন্ত্ৰণ জনায়। কেতিয়াবা তেওঁলোকক ভাড়া কৰি নিয়ে আৰু বজাব পাৰিব নে নাই চাই লয়। প্ৰায়ভাগেই পাৰে, তেওঁলোকে সেয়া পৰিয়ালৰ জেষ্ঠ্যজনৰ পৰা শিকে। “মই প্ৰথমতে কাশী (ধাতুৰ প্লেটৰ দৰে বাদ্যযন্ত্ৰ, সৰু মাৰিৰে বজোৱা হয়) বজাইছিলো, তাৰপিছত ঢোল আৰু তাৰপিছত ঢাক বজাবলৈ ল’লো।” (তেওঁৰ লগতে ঋষিদাস, ৰহিদাস আৰু ৰবিদাস ত্ৰিপুৰাত অনুসূচিত জাতি মুচি হিচাপে অন্তৰ্ভূক্ত)।
আগৰতলাৰ আন বহু ঢাকবাদকৰ দৰে ইন্দ্ৰজীতেও বছৰটোৰ আন সময়ত ৰিক্সা চলাই পেট পোহে। কেতিয়াবা আকৌ বিয়া-সবাহ আৰু আন উৎসৱত গান-বাজনাৰ দলতো, স্থানীয় ভাষাত বেণ্ড পাৰ্টি বুলি যাক কয়, বাদ্যযন্ত্ৰী হিচাপে কাম কৰে।

আগৰতলাৰ ভাটি অভয়নগৰ এলেকাৰ নিজ ঘৰৰ পৰা ইন্দ্ৰজীৎ ঋষিদাসে কাম বিচাৰি ওলাইছে। পূজাৰ আগলৈকে বহু ঢাকবাদকে ৰিক্সা চলাই পেট পোহে
ৰিক্সা চলাই ইন্দ্ৰজীতে দিনে ৫০০ টকা উপাৰ্জন কৰে। “কিবা উপায়ে টকা উপাৰ্জন কৰিব লাগে, ৰিক্সা চলোৱা কামটো সহজেই পায়,” তেওঁ কয়। “তাতকৈ কিবা ভাল কামৰ বাবে ৰৈ থাকিব নোৱাৰি।” দুৰ্গাপূজাৰ সময়ত ঢাক বজাই তেওঁ ৰিক্সা চলাই মাহটোত যিমানখিনি হয়, তাতোকৈ বেছি উপাৰ্জন কৰিব পাৰে। এইবছৰ ২০২১ত তেওঁক পূজা কমিটি এখনে ১৫,০০০ টকাত ঠিক কৰিছে, কিছুমানে অৱশ্যে তাতোকৈ কমতো মান্তি হয়।
ঢাকবাদকসকলক য’ৰ পৰা পূজা কমিটিয়ে ভাড়া কৰি নিয়ে, তাতে ইন্দ্ৰজীতে আমাক কয়, ''আমাক পুৰোহিতে যেতিয়াই মাতে যাব লাগে। আমি পুৱাৰ ভাগত তিনি ঘণ্টামান আৰু আবেলিৰ ভাগত ৩-৪ ঘণ্টা ঢাক বজাও।’’
বেণ্ড পাৰ্টিৰ কামবোৰ মাজে-সময়ে পায়। ''বিয়াৰ চিজনত প্ৰায়ে আমি ছজনীয়া টিম হিচাপে কাম কৰো, কিমানদিন প্ৰদৰ্শন কৰো তাৰে ওপৰতে ভিত্তি কৰি পইছা লওঁ। কিছুমানে আমাক ১-২ দিনৰ বাবে ভাড়া কৰে, কিছুমানে ৬-৭ দিনৰ বাবে,’’ ইন্দ্ৰজীতে কয়। এনেদৰে দলটোৱে ৫,০০০ৰ পৰা ৬,০০০ টকা পায়।
যোৱাবছৰ ক’ভিড-১৯ অতিমাৰীৰ কাৰণে বহুতেই পূজা বাতিল কৰিছিল। ঢাকবাদকসকলে আগৰ দৰেই ৰিক্সা চলাই আৰু আন কাম কৰি পোৱা আয় আৰু সাচতীয়া ধনেৰে চলিবলগীয়া হৈছিল। দুই-এজনেহে শেষ মুহূৰ্তত ঢাক বজোৱা কাম পাইছিল। (এই প্ৰতিবেদনৰ আটাইবোৰ ফটো ২০২০ৰ অক্টোবৰ মাহত তোলা।)
দুৰ্গাপূজাৰ প্ৰথমটো দিনৰ পৰা প্ৰায় এসপ্তাহ পিছত লক্ষ্মীপূজা আৰম্ভ হয়, সেয়াই ঢাকবাদকসকলে কাম পোৱাৰ শেষৰটো দিন। সেইদিনা সন্ধিয়া তেওঁলোক অকলে নাইবা দল বান্ধি ঢাক লৈ ৰাস্তালৈ ওলাই যায়। সেই পৱিত্ৰ পূজা উপলক্ষে ৫-১০ মিনিটৰ বাবে ঢাক বজাবলৈ মানুহে তেওঁলোকক ঘৰলৈ মাতি নিয়ে। এনেদৰে ঢাকবাদকজনৰ হাতলৈ ঘৰে প্ৰতি ২০-২৫ টকাকৈ আহে। বহুতেই কয় যে তেওঁলোকে এনেদৰে পৰম্পৰা জীয়াই ৰাখে।

দুৰ্গাপূজাৰ ১০ দিনমান আগৰেপৰা প্ৰস্তুতি আৰম্ভ হয়। ঢাকবোৰ উলিওৱা হয়, চাফা কৰি দনবোৰ টান কৰি ঢাকত চাপৰ দি মাত মিলোৱা হয়। এই কামটো বৰ কষ্টসাধ্য কাম, কিয়নো দনবোৰ জন্তুৰ ছালৰ পৰা তৈয়াৰী আৰু পুৰণি হ’লে বৰ টান হৈ পৰে। দন টনা কামটোত দুজন মানুহ লাগে। ''এই কামটোত বৰ জোৰ লাগে আৰু অকলে কৰাটো টান হৈ পৰে,’’ ইন্দ্ৰজীৎ ঋষিদাসে কয়। ''দন টনা কামটোৰ ওপৰত ঢাকৰ শব্দ কেনে হ’ব সেয়া নিৰ্ভৰ কৰে, সেয়ে এই কামটো অতিকৈ গুৰুত্বপূৰ্ণ,’’ ইন্দ্ৰজীৎ ঋষিদাসে কয়

চাফ-চিকুণাই দন টনাৰ পিছত ঢাকবোৰ চাফা কাপোৰ এখনেৰে মেৰিয়াই কেইদিনমানৰ কাৰণে ওখ চাঙত থৈ দিয়া হয় আৰু কেৱল পূজাৰ সময়তহে নমাই অনা হয়

গোটেই চহৰখন পূজাৰ আনন্দ-উৎসৱত বিভোৰ হৈ পৰাৰ সময়ত চহৰখনৰ কলনেল চৌমুহনি (ক্ৰছৰোড)ত দুজন ঢাকবাদকে দুৰ্গাদেৱীৰ প্ৰতিমা কঢ়িওৱা গাড়ী এখনত ঢাক বজাইছে। পূজাৰ বিভিন্ন পৰ্বত ঢাক বজোৱা হয়- প্ৰতিমা অনাৰ সময়ত, প্ৰতিমা মণ্ডপত প্ৰতিষ্ঠা কৰাৰ সময়ত, পূজাৰ সময়ত আৰু দেৱী বিসৰ্জনৰ সময়ত

আগৰতলা সদৰৰ কামান চৌমুহনি জংচনত এজন ঢাকবাদকে কোনোবাই তেওঁক আমন্ত্ৰণ কৰালৈ অপেক্ষা কৰিছে। প্ৰতিবছৰে দুৰ্গাপূজাৰ দুদিন আগত ৰাজধানী চহৰ ত্ৰিপুৰাৰ কেতবোৰ নিৰ্দিষ্ট স্থানত নিকটৱৰ্ত্তী গাওঁ আৰু চহৰৰ ঢাকবাদকসকল গোট খায় আৰু গোটেই দিনটো অপেক্ষা কৰে। ২০২০ৰ ক’ভিড-১৯ৰ কাৰণে খুব কমেইহে ঢাকবাদনৰ কাম পাইছিল

২০ কিলোমিটাৰ দূৰৰ নিজৰ গাঁৱৰ পৰা আগৰতলালৈ অহা ঢাকবাদক বাবুল ৰবিদাসে দিনটোৰ অপেক্ষাৰ অন্তত চিগাৰেট হুপি অৱসাদ দূৰ কৰিছে

আগৰতলা সদৰৰ বাট্টালা বাছ আস্থানত ঢাকবাদক এজনে গাঁৱলৈ উভতি যাবলৈ অটোৰিক্সা ধৰিছে। ঢাক বজোৱা কাম পোৱাৰ আশাৰে পূজাৰ দুদিন আগত বিভিন্ন গাওঁ আৰু চহৰৰ পৰা আহি ঢাকবাদকসকল গোট খোৱা ঠাইবোৰৰ ভিতৰত এইখনো এখন। গোটেই দিনটো কামৰ অপেক্ষাত কটোৱাৰ পিছত এই দলটোৱে ৰাতি ৯ মান বজাত উভতি যোৱাৰ সিদ্ধান্ত লৈছে

বিজয়কুমাৰ চৌমুহনি এলেকাৰ মানুহ-দুনুহ নথকা মণ্ডপ এটাৰ সন্মুখত ঢাকবাদকে ঢাক বজাইছে। কিন্তু যোৱাবছৰ আগৰতলাৰ আটাইবোৰ পেণ্ডেল ইমান উৰুঙা নাছিল

যোৱাবছৰ দুৰ্গাপূজাৰ আগতে কৃষ্ণা নগৰৰ বাদ্যযন্ত্ৰৰ দোকান এখনত ঢাকবাদক এজনে ঢাক এটা মেৰামতি কৰিছে

পৰম্পৰা আৰু প্ৰযুক্তিৰ দ্বৈত অৱস্থানঃ ৰামনগৰ ৰোড নং ৪ত মাইক্ৰ’ফোনৰ সহায়ত ঢাকৰ শব্দ ডাঙৰ কৰা হৈছে। ঢাক এনেয়ে বৰ শব্দ কৰে আৰু তাৰবাবে এম্প্লিফায়াৰৰ প্ৰয়োজন নাই। তাৰ শব্দ বহুদূৰলৈ শুনা যায়। যোৱা ৪০ বছৰ ধৰি ঢাক বজাই অহা মণ্টু ঋষিদাসে (এইখন ফটোত নাই) কয় যে নতুন প্ৰযুক্তি অহা কাৰণে ঢাকবাদকসকলে কাম নাপায়ঃ ''এতিয়া তেওঁলোকৰ ম’বাইলৰ এটা টিপতে ঢাক বাজে’’

ক্লাব বা পৰিয়ালবোৰৰ সৈতে দীৰ্ঘদিনীয়া যোগাযোগ থকা কাৰণেহে কিছুসংখ্যকে ২০২০ত কাম পাইছিল। আন সময়ত ৰিক্সাচালকৰ কাম কৰা কেশৱ ঋষিদাসে ৰামনগৰ ৰোড নং ১ত স্থানীয় পেণ্ডেল এটাত ঢাক লৈ নাচিছে। তেওঁক ক্লাবৰ সদস্য এজনে চিনি পায় কাৰণে ঢাকবাদনৰ কাৰণে তেওঁক মাতিছিল

কেশৱে গোটেই বছৰটো ৰিক্সা চলাই পেট পোহে, মাত্ৰ পূজা আৰু আন কিছুমান উৎসৱৰ সময়ত পুতেকৰ লগত ঢাক বজায়, পুতেকে তেওঁৰ সৈতে ঢাকত ছেও ধৰে। তেওঁ ৰিক্সাখনেৰে কামলৈ অহা-যোৱা কৰে

অখৌৰা ৰোডত দশমীৰ দিনা দুৰ্গাদেৱীৰ মূৰ্ত্তি বিসৰ্জনৰ বাবে নিয়া হৈছে- এইটো পৰ্ব ঢাক বজোৱাসকলৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ

কেৰ চৌমুহনি এলেকাৰ মা কালীৰ মন্দিৰত পৰিমল ঋষিদাসে পূজাৰ আশীৰ্বাদ লৈছে। ''এইবছৰ (২০২১) তেওঁলোকে মোক ১১,০০০ টকা দিব, যোৱাবাৰতকৈ ৫০০ টকা বেছি,’’ তেওঁ কয়। ''এতিয়া মোৰ ৫৮ বছৰ চলি আছে, ১৮ কি ১৯ বছৰ বয়সত মই ঢাক বজাবলৈ আৰম্ভ কৰিছিলো’’

লক্ষ্মীপূজাৰ দিনা সন্ধিয়া ঢাক বজাই কিছুমান ঢাকবাদক ৰাস্তালৈ ওলাই যায়। মানুহে ৰাস্তাত তেওঁলোকৰ ঢাকৰ শব্দ শুনিলে ঘৰলৈ বজাবলৈ মাতে। সাধাৰণতে ঢাকবাদক হিচাপে তেওঁলোকৰ উপাৰ্জনৰ এইটোৱে শেষ দিন

ঢাকবাদকসকলে খোজকাঢ়ি ঘৰে ঘৰে গৈ ৫-১০ মিনিটৰ বাবে ঢাক বজায় আৰু প্ৰতিঘৰত ২০ৰ পৰা ৫০ টকা পায়

লক্ষ্মীপূজাৰ দিনা নিশা ৯ বজাত ৰাজীৱ ঋষিদাস ঘৰলৈ উভতিছে। ''মই এই কাম কৰি ইমান ভাল নাপাও (ঘৰে ঘৰে গৈ ঢাক বজোৱা), কিন্তু কেইটামান পইছা হাতলৈ আহিব বুলি পৰিয়ালে জোৰ কৰাত আহিছো’’

পূজাৰ চিজন শেষ হোৱাৰ পিছত ঢাকবাদকসকল পুনৰাই নিজৰ আগৰ কামত লাগি যায়। বছৰৰ বাকীখিনি সময়ত তেওঁলোকে ৰিক্সা লৈ যাত্ৰীৰ কাৰণে অপেক্ষা কৰা স্থানসমূহৰ মাজৰ এটা হৈছে দুৰ্গা চৌমুহনি জংচন
অনুবাদ: পংকজ দাস