ছাগলী, ভেড়া, কুকুৰা, মহ, শিপা, পাত, ফল আদিৰে নিয়ামগিৰিৰ উত্সৱৰ সময়ত ভৰি পৰে। উৰিষ্যাৰ দক্ষিণ-পশ্চিম দিশত থকা ৰায়াগডা আৰু কালাহান্দি জিলাৰ পৰা আদিবাসী লোক আহি এই মেলাখন উথপথপ লগায়।

প্ৰত্যেক বছৰে খেতি চপোৱাৰ পিছতে ফেব্ৰুৱাৰীৰ ২২ তাৰিখৰ পৰা ২৫ তাৰিখলৈ ডংগ্ৰিয়া কন্ধ জনজাতিটোৱে নিয়াম ৰাজাক পুজা কৰাৰ প্ৰস্তুতি আৰম্ভ কৰে। তেঁওলোকৰ ন্যায়ৰ ৰজাই সমগ্ৰ নিয়ামগিৰি পৰ্বতৰ অৰণ্যখনক প্ৰতিনিধিত্ব কৰে। এয়া বাৰ্ষিক নিয়ামগিৰি উত্সৱৰ সময়। ''পৃথিৱীখনত যেতিয়া কোনো চৰকাৰ নাছিল...কেৱল ডংগ্ৰীসকলেই আছিল ইয়াত’’, তেতিয়াৰ পৰাই এই বাৰ্ষিক নিয়ামগিৰি উত্সৱ চলি আহিছে। লডো চিকোকাই কয়। ''সেয়া এনে এক সময়, যেতিয়া সকলো মানুহেই সুখী আছিল আৰু জীৱনটো স্বাধীনভাৱে আৰু মৰ্যাদাসহকাৰে যাপন কৰিছিল। কথাও পাতিছিল আমাৰ ভাষাত। ঘন অৰণ্যৰ মাজে মাজে আছিল অনেক জান-জুৰি, বন্যপ্ৰাণীৰে পৰিপূৰ্ণ আছিল সেই অৰণ্য। তেঁও কয়। চিকোকা এজন ডংগ্ৰী কন্ধ সম্প্ৰদায়ৰ লোক আৰু আদিবাসীসকল আৰু পাহাৰখনত বক্সাইট খননৰ পৰা সুৰক্ষা দিয়াবলৈ ২০০৩ চনত গঠন কৰা নিয়ামগিৰি সুৰক্ষা সমিতিৰ নেতা। (চাওকঃ 'পাহাৰ, বন আৰু জান-জুৰিবোৰেই আমাৰ দেৱতা’ )

“প্ৰকৃতি আৰু পৰিৱেশৰ বাদে জনজাতিটোৱে আন কাকো পুজা নকৰে’’, কালাহান্দি জিলাৰ কেচিংগাৰ সমাজকৰ্মী আৰু সমিতিখনৰ আহ্বায়ক লিংগৰাজ আজাদে কয়। ''কুই ভাষাত তেঁওলোকে পৃথিৱীখনক দেৱীজ্ঞান কৰি 'ধৰ্ণী বেনু’, পৰ্বতক পিতৃ দেৱতা হিচাপে 'হৰু’ বোলে। জল, অৰণ্য, গছ-গছনি আৰু বায়ু আদিক জীৱনৰ আধাৰ বুলি ধৰা হয় আৰু তাৰো পুজা কৰা হয়। চৰকাৰে বেদান্ত কোম্পানীলৈ নিয়ামগিৰি পাহাৰৰ খনৰৰ বাবে দিয়া প্ৰস্তাৱৰ সেয়ে আমি বিৰোধীতা কৰিছোঁ।

দীৰ্ঘদিন ধৰি ডংগ্ৰী জনজাতিটোৱে চৰকাৰী খণ্ডৰ উৰিষ্যা মাইনিং কৰ্পৰেছন এণ্ড ষ্টাৰলাইট ইণ্ডাষ্ট্ৰীজ (এতিয়াৰ নাম বেদান্ত) নামৰ ব্ৰিটিছ বহুজাতিক কোম্পানীটোৰ প্ৰকল্প এটাৰ প্ৰতিবাদ কৰি আহিছে৷ ৰাজ্যখনৰ লাঞ্জিগড় টেহচিলত থকা বেদান্ত কোম্পানীৰ শোধানাগাৰৰ কাৰণে বক্সাইট (এলুমিনিয়াম প্ৰস্তুত কৰাৰ বাবে ব্যৱহৃত) আহৰণৰ বাবে জনজাতিটোৰ পৱিত্ৰ পাহাৰ খননৰ প্ৰস্তাৱ উক্ত প্ৰকল্পটোত লোৱা হৈছে৷ যদিওবা সৰ্বোচ্চ ন্যায়ালয়ে ২০১৩ চনত নিৰ্দেশ দিয়া অনুসৰি এক ৰাজহুৱা গণভোট যোগে ডংগ্ৰী কন্ধ আৰু অন্যান্য জনজাতিবোৰে লগ লাগি ১২ খন গ্ৰাম সভাই যিকোনো ধৰণৰ খননৰ বিৰুদ্ধে ভোট দিছে, উৰিষ্যা চৰকাৰে জৈৱবৈচিত্ৰৰ ফালৰ পৰা স্পৰ্শকাতৰ এলেকাটোত খননৰ বাবে অনুৰোধ জনাই ন্যায়ালয়ত পিটিশ্যন দাখিল কৰি আহিছে৷

'নিয়ামগিৰি আৰু বনাঞ্চলকে নহয়, তেঁওলোকৰ ভাষা, জীৱন ধাৰণৰ শৈলী, সাজ-পোচাক, পৰম্পৰা আৰু জীৱিকা এই আটাইবোৰ ৰক্ষা কৰাৰ বাবে বেদান্তৰ বিৰুদ্ধে আন্দোলনত ব্ৰতী হৈছে'

ভিডিঅ চাওকঃ নিয়ামগিৰি উত্সৱত নাচোন-বাগোন

''তেঁওলোকে কেৱল নিয়ামগিৰি হাবিখন বচোৱাৰ কাৰণেই নহয়, তেঁওলোকৰ জীৱন যাপনৰ শৈলী, ভাষা, সাজ-পোচাক, সংস্কৃতি আৰু জীৱিকা বচোৱাৰ বাবে আন্দোলন আৰম্ভ কৰিছে।’’, আজাদে বুজাই ক’লে। মানুহ আৰু জীৱ-জন্তু বৰ্তি থকাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ উপাদান মাটি, পানী, বায়ু, ভূমি, অৰণ্য আৰু আকাশ এই সকলোবোৰ সামূহিকভাৱে চিনি-বুজি পায়। তেঁওলোকে কেৱল এইয়া কেৱল ভৱাই নহয়, কাৰ্যতঃ সেয়া দৈনন্দিন জীৱনত অনুশীলনো কৰে, আজাদে কয়।

সময়ৰ লগে লগে অ-জনজাতীয় সংস্কৃতিৰ সৈতে ডোগ্ৰীয়াসকলৰ সংস্পৰ্শৰ ফলত তেঁওলোকৰ প্ৰকৃতিভিত্তিক দৰ্শনে বহল প্ৰেক্ষাপটত মানুহক সামৰি ল’লে। তেওঁলোকৰ ঐতিহাসিক খনন বিৰোধী সংগ্ৰামে নিয়াম ৰাজা উত্সৱৰ প্ৰতি বিভিন্ন সমাজকৰ্মী আৰু সাংবাদিকৰ দৃষ্টি আকৰ্ষণ কৰিলে।

নিয়ামগিৰি পাদদেশত প্ৰত্যেক বছৰে উদযাপন কৰা উত্সৱটি 'জল, জংগল, জমীন’ (জল, অৰণ্য, মাটি) আন্দোলনৰ এখন অনানুষ্ঠানিক মঞ্চ হৈ পৰিছে। এই মঞ্চলৈ প্ৰতিবছৰে ঢাপলি মেলে দিল্লী, কলকাতা, ভুৱনেশ্বৰ আৰু বাৰগঢ় আদি চহৰৰ লগতে ভালেকেইখন ৰাজ্যৰ লোকে। ''আমাৰ এই উত্সৱ একতাৰ উত্সৱ। উৰিষ্যাৰ আন্দোলনৰ একতাকে ধৰি ভাৰতক সামৰি এই একতা’’, কালাহান্দি জিলাৰ ভৱানিপট্টি চহৰৰ এগৰাকী যুৱ সমাজকৰ্মী সত্য মাহৰে কয়। ফেব্ৰুৱাৰীত অনুষ্ঠিত নিয়ামগিৰি উত্সৱত তেঁও উপস্থিত আছিল।

কিন্তু সৰহভাগ অংশগ্ৰহণকাৰী এতিয়াও মুনিখাল, দহিখাল, হাটামুনিগুডা, কুৰলী, শংখেমুণ্ডি, পাৰচেইল আৰু ত্ৰিলোচনপুৰৰ সাতখন গাঁৱৰ ক্লাষ্টাৰ পঞ্চায়তৰ পৰাই আহে। নিয়ামগিৰি পাহাৰত ১০০ খনৰো অধিক ডোগ্ৰিয়া গাঁও আছে আৰু পাদদেশত ১৮০ খনৰো অধিক গাঁও আছে য’ৰ প্ৰতিখনত ১০ টাৰ পৰা ৩০ টালৈ পৰিয়াল বাস কৰে।

ঘৰে প্ৰতি ৩০ টকাকৈ তুলি উত্সৱটোৰ দিহা কৰা হয়, প্ৰতিটো পৰিয়ালে নিজাববীয়াকৈ মাহ-চাউলো আনে। এইবোৰ এখন জনজাতীয় সমিতিৰ হাতত জমা দিয়া হয়। সমিতিখনে মুকলি আকাশৰ তলত সামূহিক ৰন্ধনশাল সাজি সকলোৰে বাবে ভাত, দাইল আৰু পাচলিৰ ব্যৱস্থা কৰে। নিয়াম ৰাজাক আঘবঢ়োৱা জীৱ-জন্তু বা কুকুৰাও ৰন্ধা হয় আৰু আহাৰৰ সৈতে দিয়া হয়।

ডংগ্ৰীয়া কন্ধ নামৰ বিশেষ বিপন্ন জনজাতীয় গোষ্ঠীটোৰ বাবে নিয়াম উত্সৱে তেঁওলোকৰ পৰম্পৰাক উজ্জীৱিত কৰি ৰাখিছে। এই উত্সৱৰ সময়ত আমি আনন্দত আত্মহাৰা হৈ পৰো, একেদৰেই আমাৰ দেৱ-দেবীও, লডোই কয়। পাহাৰদেৱী সন্তুষ্ট হৈছে, নৈদেৱতা, ভূমিদেৱতা আৰু বনদেৱতা সকলোৱে সন্তুষ্ট হৈছে। এনেদৰে এই উত্সৱত সকলোৱেই সুখী হৈ পৰে।

Tribal women walking in a field with a load on their heads
PHOTO • Purusottam Thakur

বাৰ্ষিক নিয়ামগিৰি উত্সৱলৈ যোৱাৰ সময়ত আনলাভাটা গাঁৱৰ কাষৰ বাটত

Three tribal women, who are priests, dancing after conducting their rituals
PHOTO • Purusottam Thakur

বেজুনী হৈছে ডংগ্ৰীয়া জনগোষ্ঠীৰ মহিলা পুৰোহিত। বিধি সম্পন্ন কৰাৰ পিছত তেঁওলোকে নিয়াম ৰাজাক প্ৰতিনিধিত্ব কৰা দেৱতাৰ আগত নাচে

Tribal men dancing with their axes
PHOTO • Purusottam Thakur

ডংগ্ৰী কন্ধে কুঠাৰক পুজা কৰে, ইয়াক কামৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰা হয়, তদুপৰি বাদ্যযন্ত্ৰও

People sitting and resting in the shade of trees
PHOTO • Purusottam Thakur

চেঙেলীয়া ল'ৰাবোৰে উত্সৱত সিহতৰ নিজা ঠাই উলিয়াই লৈছে, অলপ বহিছে আৰু অলপ গছ বগাইছে

Tribal women cooking in an open field
PHOTO • Purusottam Thakur

উত্সৱলৈ অহাসকলৰ বাবে মুকলি আকাশৰ তলত সেই সামূহিক ৰন্ধনশালত আদিবাসীসকলে সাধাৰণ খাদ্য তৈয়াৰ কৰিছে- দাইল, শাক-পাচলি, চাউল আৰু মাংস।

Rice being stored on a wooden platform
PHOTO • Purusottam Thakur

আহাৰৰ সময় হোৱালৈকে ৰন্ধা ভাত কাঠৰ বহল ওখ ঠাই সাজি তাতে ৰখা হয়

Tribal women walking uphill carrying water on their heads
PHOTO • Purusottam Thakur

সামুহিক ৰন্ধনশালৰ বাবে পানী আধা কিলোমিটাৰ মান দুৰৈৰ নিজৰা এটাৰ পৰা অনা হয়, প্ৰতিবছৰে প্ৰত্যেকেই আগ্ৰহেৰে সেই টান কাম কৰিবলৈ আগবাঢ়ি আহে

Tribal women wearing their colourful jewellery
PHOTO • Purusottam Thakur

পৰম্পৰাগত কাপোৰ আৰু আ-অলংকাৰেৰে সজ্জিত হৈ আদিবাসীসকলে উত্সৱৰ বাবে সাজু হয়

A young tribal girl wearing her traditional jewellery
PHOTO • Purusottam Thakur

নবীনচামেও ডংগ্ৰীসকলৰ পৰম্পৰা আৰু ৰীতি-নীতিৰ সৈতে জ্যেষ্ঠবোৰৰ দৰেই সমাহিত হৈ পৰিছে

A tribal man wearing necklaces and a nose ring
PHOTO • Purusottam Thakur

ডংগ্ৰীসকলৰ জগতখনৰ প্ৰতি দৃষ্টিভংগী লিংগনিৰপেক্ষ। পুৰুষ-মহিলা সকলোৱেই সাজি-কাচি ওলায়, পুৰুষ-মহিলাৰ আ-অলংকাৰৰ মাজত তফাত নাই

A tribal woman and a young tribal girl in their traditional attire
PHOTO • Purusottam Thakur

এটা পৰিয়াল দুই প্ৰজন্মই একেধৰণৰ পোচাক পিন্ধি উত্সৱ উদযাপনৰ বাব সাজু হৈছে

Tribals huddled next to a campfire in the evening
PHOTO • Purusottam Thakur

এই উত্সৱ নিয়ামগিৰি পাহাৰৰ দাঁতিৰ আনলাভাটা গাঁৱত উদযাপন কৰা হয়। ঠাইটুকুৰা ঘৰ বা গাঁৱৰ পৰা দুৰত হোৱা হেতুকে আদিবাসীসকলে মুকলিতে শোৱে, কথা-বতৰা পাতিবলৈ ৰাতি জুই ধৰি ঘেৰি বহে

Tribals standing around a campfire at night
PHOTO • Purusottam Thakur

ডেকাবোৰে সংগী বিচাৰি ইটো গোটৰ পৰা সিটো গোটলৈ যায়

Groups of tribals sitting on the ground after the festivities
PHOTO • Purusottam Thakur

কাহিলিপুৱাতে নিয়ামগিৰি পাহাৰৰ দাঁতিত সিঁচৰিত হৈ থকা গোটবোৰক ৰাতিৰ জুইকুৰাৰ অৱশেষৰ কাষত দেখা গৈছে

অনুবাদঃ পংকজ দাস

Purusottam Thakur
purusottam25@gmail.com

Purusottam Thakur is a 2015 PARI Fellow. He is a journalist and documentary filmmaker. At present, he is working with the Azim Premji Foundation and writing stories for social change.

Other stories by Purusottam Thakur
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das