আন এখন টেক্সিচালকৰ পৰা ফোন পাই শিৱপূজন পাণ্ডেয়ে ততাতয়াকৈ তৎকাল এক্সপ্ৰেছ ৰেলৰ টিকট এটা ক্ৰয় কৰে আৰু ৪ জুলাইত উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ ষ্টেছনত ৰেলত উঠে।
পিছদিনা তেওঁ মুম্বাইত উপস্থিত হ’ল। কিন্তু অতি খৰখেদাকৈ উভতি অহা সত্ত্বেও ৬৩ বছৰ বয়সীয়া শিৱপূজনে নিলামৰ পৰা তেওঁৰ টেক্সিখন ৰক্ষা কৰিব নোৱাৰিলে।
মহামাৰীৰ বাবে চৰকাৰে দিয়া লকডাউনৰ বাবে মহানগৰৰ বিমান বন্দৰত কেইবামাহ ধৰি চালক নোহোৱাৰ ফলত পৰি থকা ৪২ খন টেক্সি মুম্বাই আন্তৰ্জাতিক বিমান বন্দৰ লিমিটেডে নিলাম কৰে- তাৰে এখন শিৱপূজনৰ আছিল।
এইদৰে শিৱপূজনে তেওঁৰ জীৱিকা হেৰুৱালে। ১৯৮৭ চনৰে পৰা তেওঁ টেক্সি চলাই আছিল, ২০০৯ত ঋণৰ টকাৰে ক’লা-হালধীয়া মাৰুতি অ’মনি এখন তেওঁ ক্ৰয় কৰিছিল।
“নিলাম কৰি কি পালে সিহঁতে? গোটেই জীৱন মই এই কাম কৰিছো আৰু সিহঁতে আমাৰ হাতৰ পৰা এই সামান্য উপাৰ্জনৰ উৎসও কাঢ়ি নিলে। এই সময়ত সিহঁতে আমাৰ প্ৰতি কৰা এইটোৱেই জঘন্য কাম।” এদিন আবেলি ছাহাৰ বিমান বন্দৰৰ ওচৰৰ পদপথত থিয় হৈ ক্ষোভেৰে তেওঁ কয়।
অলপতে সঞ্জয় মালিও একেই দুৰ্যোগৰ মুখামুখি হৈছে। তেওঁৰ ৱাগন-আৰ ‘কুল কেব’খন ছাহাৰ আন্তৰ্জাতিক বিমান বন্দৰৰ কিছু নিলগত থকা দক্ষিণ মুম্বাইৰ মাৰ’ল এলেকাৰ আন্নাৱাড়িত থকা গাড়ী ৰখোৱা বিশাল স্থানত ২০২০ৰ মাৰ্চৰ পৰা আছিল।
২০২১ৰ ২৯ জুনৰ নিশা গাড়ী ৰখোৱা স্থানৰ পৰা তেওঁৰ গাড়ীখন আঁতৰাই পেলোৱা হ’ল। পিছদিনা এজন বন্ধুৱে তেওঁক জনালে। “কি হৈছে মই একো বুজিব পৰা নাছিলো,” ৪২ বছৰ বয়সীয়া সঞ্জয়ে ক’লে।


উত্তৰ প্ৰদেশৰ পৰা অতি খৰখেদাকৈ মুম্বাইলৈ উভতি অহা সত্ত্বেও শিৱপূজন পাণ্ডেয়ে (বাওঁপালে) তেওঁৰ টেক্সিখন ৰক্ষা কৰিব নোৱাৰিলে। সঞ্জয় মালি (সোঁফালে)য়েও একে দুৰ্যোগৰ মুখামুখি হ’ল
২০২০ৰ মাৰ্চত লকডাউন আৰম্ভ হোৱাৰ সময়ৰে পৰা ইয়াত প্ৰায় ১০০০ খন টেক্সি ৰাখি থোৱা আছিল বুলি তেওঁ আৰু আন টেক্সিচালকসকলে কয়। “কামৰ সময়ত আমি আমাৰ টেক্সি উলিয়াই নিও আৰু কাম শেষ হ’লে এই স্থানত ৰাখি থওঁ,” সঞ্জয়ে ক’লে। কেইবাবছৰ ধৰি সঞ্জয়ে নিজৰ টেক্সি ইয়াত ৰাখি আহিছে। চালকসকলে কয় যে তেওঁলোকৰ সংঘৰ দ্বাৰা এই গাড়ী ৰখা ঠাই নিৰ্ধাৰণ কৰা হৈছিল। বিমান বন্দৰ কৰ্তৃপক্ষই তেওঁলোকৰ পৰা কোনো মাচুল নলয়, কিন্তু বিমান বন্দৰৰ পৰা টেক্সি ভাড়া কৰা যাত্ৰীৰ ভাড়াৰ লগত ৭০ টকা যোগ দিয়ে।
ভনীয়েকৰ বিয়াৰ যা-যোগাৰ কৰিবলৈ ইলেক্ট্ৰিচিয়ানৰ কাম কৰা সৰু ভায়েকৰ সৈতে উত্তৰ প্ৰদেশৰ ভাদহি জিলাৰ ঔৰাই তালুকৰ ঔৰাংগাবাদত থকা গাঁৱৰ ঘৰলৈ ২০২০ৰ মাৰ্চৰ আৰম্ভণিতে সঞ্জয় গৈছিল। তাৰ পিছতে আৰম্ভ হ’ল লকডাউন, তেওঁলোক মুম্বাইলৈ উভতি আহিব নোৱাৰা হ’ল।
তেওঁ টেক্সিখনো আন্নাৱাড়িৰ গাড়ী ৰখোৱা স্থানত থাকি গ’ল। তেওঁ ভাবিছিল, অন্ততঃ তেওঁৰ টেক্সিখন এই স্থানত সুৰক্ষিত হৈ থাকিব। “মই এনেধৰণৰ কিবা হ’ব পাৰে বুলি কেতিয়াও ভবা নাছিলো। এয়া লকডাউনৰ সময়, সেয়ে এই সময়ত মই আন কিছুমান কথা ভাবি আছিলো,” সঞ্জয়ে কয়।
ভগ্নীৰ বিয়াৰ বাবে সঞ্জয়ে এক লাখ টকা ঋণলৈ লওঁতে তেওঁৰ গাড়ীখন বন্ধকত দিছিল। লকডাউনৰ সময়খিনিত পৰিয়ালটোৱে জমা থকা সামান্য ধনৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগা হৈছিল। সৰু এডোখৰ মাটিত কৰা খেতিৰ পৰা পোৱা ধান আৰু ঘেঁহু অলপো আছিল। তদুপৰি পুনৰ একেধৰণৰ ঋণ ল’বলগীয়া হৈছিল।
সঞ্জয়ৰ ভগ্নীৰ বিবাহ অনুষ্ঠান ২০২০ৰ ডিচেম্বৰলৈ স্থগিত ৰখা হয়। তেওঁ গাঁৱতে থাকি গ’ল। ২০২১ৰ মাৰ্চত মুম্বাইলৈ ঘূৰি অহাৰ কথা আছিল যদিও ক’ভিডৰ দ্বিতীয় ঢৌৰ বাবে আকৌ স্থগিত ৰখা হয়। চলিত বৰ্ষৰ মে’ মাহৰ শেষৰ ফালে সঞ্জয় আৰু তেওঁৰ পৰিয়াল মুম্বাইলৈ উভতি আহিল।
৪ জুনত যেতিয়া তেওঁ নিজৰ টেক্সিখন ল’বলৈ গৈছিল, সেই সময়ত আন্নাৱাড়ি পাৰ্কিং কৰা স্থানৰ প্ৰৱেশদ্বাৰ বন্ধ হৈ আছিল। দ্বাৰৰক্ষীয়ে জনালে যে প্ৰৱেশদ্বাৰ খুলিবলৈ তেওঁ বিমান বন্দৰ প্ৰাধিকৰণৰ পৰা অনুমতি ল’ব লাগিব। পিছদিনা ৫ জুনত সঞ্জয়ে তেওঁৰ অনুপস্থিতিৰ বিষয়ে আৰু টেক্সিখন এতিয়া ল’বপৰা যাব নেকি সেইবিষয়ে উল্লেখ কৰি এখন দৰ্খাস্ত বিমান বন্দৰ কৰ্তৃপক্ষৰ কাৰ্য্যালয়ত দাখিল কৰিলে। তেওঁ দৰ্খাস্তৰ প্ৰতিলিপি নিজৰ লগত ৰখা নাছিল। কেতিয়াও কল্পনা কৰা নাছিল যে টেক্সিখন হেৰুৱাবলগীয়া হ’ব।


ছাহাৰ আন্তৰ্জাতিক বিমান বন্দৰৰ নাতিদূৰত থকা আন্নাৱাড়ি পাৰ্কি স্থান। ২০২০ৰ মাৰ্চত লকডাউন আৰম্ভ হওঁতে শ শ টেক্সি এই স্থানত ৰাখি থোৱা হৈছিল
তেওঁ বিমান বন্দৰৰ কাৰ্য্যালয়লৈ আৰু গাড়ী ৰখা স্থানলৈ তিনি-চাৰিবাৰ অহা-যোৱা কৰিলে। মুম্বাইলৈ অহা-যোৱা কৰিবলৈ তেওঁ ৰেলৰ পৰিৱৰ্তে বাছেৰে আহিবলগীয়া হৈছিল। লকডাউনৰ বাবে স্থানীয় ৰেলৰ যাতায়ত বন্ধ আছিল। বাছেৰে আহোতে পথ দীঘলীয়া হয়- সময়ো বেছি লাগে। প্ৰতিবাৰেই তেওঁক পিছত আহিবলৈ কয়। সঞ্জয়ে কয়, কোনো সতৰ্কবাণী নিদিয়াকৈ তেওঁৰ টেক্সিখন নিলাম কৰি দিয়া হ’ল।
অভিযোগ দাখিল কৰিবলৈ ৩০ জুনত সঞ্জয় আৰু আন এজন টেক্সিচালক ছাহাৰ আৰক্ষী থানালৈ গ’ল। “আৰক্ষীয়ে ক’লে যে তেওঁলোকে আইনীভাৱে এই কাম কৰিছে। জাননী পোৱাৰ পিছত আপোনালোকে নিজৰ টেক্সি তাৰ পৰা লৈ যাব লাগিছিল,” সঞ্জয়ে কয়। “কিন্তু মই কোনো জাননী পোৱা নাই। মুম্বাইত থকা মোৰ প্ৰতিবেশীকো সুধিলো। মই যদি জানিলোহেঁতেন, তেন্তে মোৰ টেক্সিখন কি তাৰ পৰা লৈ নাহিলোহেঁতেন নেকি?” সঞ্জয়ে কয়। তেওঁ কয় যে বিমান বন্দৰ কৰ্তৃপক্ষই এই চূড়ান্ত পদক্ষেপ লোৱাৰ সময়ত লকডাউন পৰিস্থিতিৰ বিষয়ে এবাৰ বিবেচনা কৰিব নালাগিছিল নে?
“মোৰ দেউতাই নিজৰ উপাৰ্জনৰ ধনেৰে এই টেক্সিখন ক্ৰয় কৰিছিল। কেইবাবছৰ ধৰি তেওঁ ঋণৰ কিস্তি দি আছিল,” সঞ্জয়ে আগৰ কথাবিলাক সোঁৱৰে। ২০১৪ চনত টেক্সিখনৰ দায়িত্ব লোৱাৰ আগলৈকে সঞ্জয়ে এজন মেকানিক হিচাপে জীৱিকা নিৰ্বাহ কৰিছিল। পিতৃৰ বয়স বাঢ়ি যোৱাৰ বাবে টেক্সিখনৰ দায়িত্ব সঞ্জয়ে লয়।
নিলাম কৰাৰ আগতে সঞ্জয় আৰু শিৱপূজনে নিজৰ টেক্সিকেইখনো নেদেখিলে, উত্তৰ প্ৰদেশৰ পৰা মুম্বাইলৈ আহিবলৈ শিৱপূজনক ৰেলৰ সময়সুচী জনাই সহায় কৰা কৃষ্ণকান্ত পাণ্ডেই তেওঁৰ টেক্সিখন লৈ যোৱা দেখিছিল। তেওঁ ৪ লাখ টকাত ইণ্ডিগ’ কুল কেবখন ২০০৮ত ক্ৰয় কৰিছিল আৰু ঋণৰ সম্পূৰ্ণ ধন আদায় দিবলৈ ৫৪ মাহৰ বাবে কিস্তি পৰিশোধ কৰিছিল।
“ৰাতি ঠিক সেই সময়ত মই তাত আছিলো, মোৰ টেক্সিখন আৰু আন বহুকেইখন এখন এখনকৈ আঁতৰাই লৈ যোৱা মই দেখিছিলো। মই থিয়হৈ আছিলো আৰু চাই আছিলো। একো কৰিব নোৱাৰিলো।” ২৯ জুনৰ নিশাৰ দৃশ্য বৰ্ণনা কৰি ৫২ বছৰীয়া কৃষ্ণকান্তই কয়। আন্নাৱাড়ি পাৰ্কিঙৰ প্ৰৱেশদ্বাৰত ডাঙৰ ফলক এখন লগাই থোৱা ঠাইত ৰৈ আমি কথা পাতি আছিলো, ফলকত লিখা আছিলঃ “এই ভূমি ভাৰতীয় বিমান প্ৰাধিকৰণে মুম্বাই আন্তৰ্জাতিক বিমান বন্দৰ লিমিটেডক লীজত দিছে। অনাধিকাৰ প্ৰৱেশকাৰী বিচাৰাধীন হ’ব লাগিব।”


ইঞ্জিন মেৰামতি কৰিবলৈ টকা নথকাৰ বাবে কৃষ্ণকান্ত পাণ্ডেয়ে তেওঁৰ টেক্সিখন পাৰ্কিঙৰ পৰা উলিয়াই আনিব নোৱাৰিলে (সেইখনো নিলাম কৰা হ’ল) আৰু তেওঁৰ প্ৰয়াত ভাতৃৰ জৰাজীৰ্ণ টেক্সিখনকে এতিয়া চলাবলৈ আৰম্ভ কৰিছে (সোঁফালে)
টেক্সিখন লৈ যোৱা হ’ল বুলি কৃষ্ণকান্তই যেতিয়া ছাহাৰ আক্ষী থানাত অভিযোগ দাখিল কৰিবলৈ গৈছিল, তেতিয়া কোনেও তেওঁৰ কথা নুশুনিলে বুলি তেওঁ কয়। ২০২১ৰ মাৰ্চত উত্তৰ প্ৰদেশৰ যৌনপুৰ জিলাত থকা নিজ গাওঁ লৌহৰ পৰা উভতি অহাৰ পিছত পাৰ্কিং স্থানত থকা টেক্সিখন উলিয়াই অনাৰ বাবে ইঞ্জিন মেৰামতি কৰিবলগীয়া আছিল। “বহুদিন পৰি থকাৰ পিছত ইঞ্জিনটোৱে কাম নকৰা হ’ল। কিন্তু ইঞ্জিন মেৰামতিৰ বাবে মোৰ ধন নাছিল। তাৰ কাৰণে টকা গোটাবলগীয়া হ’ল। আৰু ইফালে এবছৰ ধৰি যাত্ৰীও তেওঁলোকে পোৱা নাছিল,” তেওঁ কয়।
মাৰ্চৰ পৰা ২০২০ৰ অক্টোবৰলৈ কৃষ্ণকান্ত মুম্বাইতে আছিল। যোৱা বছৰ জুলাই-আগষ্টৰ পৰা তেওঁ কাম কৰিবলৈ চেষ্টা কৰি আহিছে, কিন্তু বিমান বন্দৰ এলেকাত প্ৰৱেশত বাধা-নিষেধ আৰোপ কৰা হৈছিল। নৱেম্বৰত তেওঁ নিজ গাওঁ লৌহলৈ যায় আৰু চলিত বৰ্ষৰ মাৰ্চত তেওঁ মুম্বাইলৈ ঘূৰি আহে। দ্বিতীয় লকডাউন আৰম্ভ হোৱাৰ ঠিক পিছতেই তেওঁ কাম কৰিব নোৱাৰা হ’ল। তেওঁৰ টেক্সি পাৰ্কিং এলেকাত পৰি থাকিল।
*****
নিলাম অনিবাৰ্য্য হৈ পৰিছিল বুলি মুম্বাই আন্তৰ্জাতিক বিমান বন্দৰ লিমিটেড (এমআইএএল)য়ে কয়। “বিমান বন্দৰ যিহেতু স্পৰ্শকাতৰ স্থান, সেয়ে নিৰাপত্তাৰ দিশটো বিবেচনা কৰি এই পদক্ষেপ গ্ৰহণ কৰা হ’ল। চালকে গাড়ী নচলোৱাকৈ এবছৰতকৈ বেছি পাৰ্কিঙত পেলাই থ’ব নোৱাৰে।” মুম্বাই আন্তৰ্জাতিক বিমান বন্দৰ লিমিটেডৰ বাণিজ্যিক সম্পৰ্ক বিভাগৰ সহকাৰী উপ-সভাপতি ড. ৰণধীৰ লাম্বাই কয়। “সৰ্বশেষত ক’ব লাগিব যে এযা চৰকাৰৰ ভূমি, বিমান বন্দৰে লীজত লৈছে, নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰখাৰ দায়িত্বও আমাৰ আছে,” তেওঁ কয়।
দীৰ্ঘদিন ধৰি পাৰ্কি স্থানত টেক্সি থৈ দিয়া ২১৬ জন টেক্সিচালকলৈ তিনিবাৰকৈ জাননী প্ৰেৰণ কৰা হৈছিল বুলি লাম্বাই কয়। প্ৰথম দুখন জাননী ২০২০ৰ ডিচেম্বৰত আৰু ২০২১ৰ ফেব্ৰুৱাৰীত তেওঁলোকৰ মুম্বাইত থকা পঞ্জীয়নভূক্ত ঠিকনালৈ প্ৰেৰণ কৰা হৈছিল। “আমি আৰটিঅ’ (আঞ্চলিক পৰিবহন কাৰ্য্যালয়)কো টেক্সিৰ মালিক আৰু তেওঁলোকৰ ঠিকনা বিচাৰি দিবলৈ কৈছিলো। সংবাদপত্ৰত এখন ৰাজহুৱা জাননী প্ৰকাশ কৰা হৈছিল,” তেওঁ কয়।
ড. লাম্বাই কয় যে আঞ্চলিক পৰিবহন কাৰ্য্যালয়, আৰক্ষী আৰু টেক্সি সংস্থাক জনোৱা হৈছিল। “আমি প্ৰতিজনৰ লগত যোগাযোগ কৰিছিলো আৰু সকলো নীতি-নিয়ম মানি চলিছো।”
সঞ্জয়ে দাখিল কৰা দৰ্খাস্তৰ কি হ’ল? “আমি সকলো টেক্সিচালকক সহায় কৰিছিলো, আনকি একেবাৰে শেষ মুহূৰ্তত অহাজনকো আমি বিবেচনা কৰি তেওঁলোকৰ টেক্সি ঘূৰাই দিছিলো,” লাম্বাই কয়। “সম্ভৱতঃ এই চালকজনে কোনোবা বেলেগ লোকক লগ ধৰিছিল, আমি তেওঁৰ দৰ্খাস্ত পোৱা নাছিলো।”
*****

প্ৰয়াত জ্যেষ্ঠ পুত্ৰ বিষ্ণুৰ সৈতে শিৱপূজন পাণ্ডে (ফাইল ফটো)
‘আমাৰ জীৱনবোৰ লাহে লাহে ভাললৈ আহিছিলহে মাত্ৰ। ২০১৮ত আমি এটা সৰু আবাসগৃহ (ফ্লেট) ক্ৰয় কৰিছিলো, বিষ্ণুৰ কাম থকা বাবেই নাল্লাছোপাৰাত এই ফ্লেট ক্ৰয় কৰা সম্ভৱ হৈছিল। মই তাক লৈ গৰ্ব কৰো। কিন্তু মই মোৰ পুত্ৰক হেৰুৱাই পেলালো আৰু এতিয়া এই অৱস্থা’- টেক্সিৰ নিলাম
২০২০ৰ মাৰ্চত যেতিয়া লকডাউন আৰম্ভ হয়, সেই সময়তে শিৱপূজন পাণ্ডেয়ে উত্তৰ প্ৰদেশৰ সন্ত ৰবিদাস নগৰ (ভাদহি) জিলাৰ ঔৰাই তালুকত থকা নিজৰ গাওঁ ভৱানীপুৰ উপৰৱাৰলৈ যেনেতেনে উভতি আহিছিল। তেওঁৰ লগত আছিল পত্নী পুষ্পা, এগৰাকী গৃহিণী আৰু তেওঁলোকৰ কনিষ্ঠ পুত্ৰ বিশাল। তেওঁৰ জ্যেষ্ঠ সন্তান ৩২ বছৰীয়া বিষ্ণুৱে উত্তৰ মুম্বাইৰ নাল্লাছোপাৰাত থকা ফ্লেটত পত্নী আৰু চাৰি বছৰীয়া কন্যা সন্তানৰ সৈতে আছিল। তেওঁ এটা ঔষধ কোম্পানীত কাম কৰিছিল যদিও অতিমাৰীৰ কাৰণে তেওঁ চাকৰি হেৰুৱাইছিল।
২০২০ৰ জুলাইৰ শেষৰফালে এদিন হঠাতে তেওঁৰ কঁপনি উঠে আৰু মুৰ্ছা যায়। চিকিৎসকে কয় যে তেওঁৰ মগজুৰ ৰক্তক্ষৰণ হৈছে। “চিকিৎসকে কয় যে তেওঁ অতিমাত্ৰা মানসিক চাপত থাকিব পাৰে। তেতিয়া মই গাঁৱত আছিলো। কি হৈছে মই একো জনা নাছিলো। ফোন কৰিলে বিষ্ণুৱে সদায় ভালকৈ কথা পাতে। আমি ততাতয়াকৈ মুম্বাইলৈ আহো,” শিৱপূজনে কয়। “বিষ্ণুৰ চিকিৎসাত ব্যয় হোৱা তিনি-চাৰি লাখ টকা এজন স্থানীয় ঋণদাতাৰ পৰা লোৱা হৈছিল আৰু তেওঁৰ ৫ বিঘা মাটিৰ তিনি বিঘা বন্ধকত থোৱা হৈছিল।”
যোৱা বছৰৰ ১ আগষ্টত বিষ্ণু ঢুকায়।
“মোৰ ডাঙৰ ল’ৰা বিষ্ণুৱে মোক সদায় কৈছিল যে মই হেনো কাম এৰি গাঁৱলৈ গৈ জিৰণি ল’ব লাগে। আৰু কৈছিল যে সি আমাৰ সকলো যত্ন ল’ব। মই সৰু পুত্ৰ বিশালৰ এটা চাকৰি হোৱালৈ অপেক্ষা কৰিছো আৰু তেতিয়াহে জিৰণি ল’ব পাৰিম,” শিৱপূজনে কয়। ২৫ বছৰীয়া বিশালৰ বাণিজ্য শাখাৰ স্নাতকোত্তৰ (এম কম) ডিগ্ৰী আছে। তেওঁ চাকৰি বিচাৰি আছে। “কিন্তু এনে পৰিস্থিতিৰ পিছত আমি মুম্বাইলৈ উভতি অহাৰ কথা ভবা নাই। নিজৰ চকুৰ আগত নিজৰ সন্তানৰ মৃত্যু ঘটাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা একো নাই। মোৰ পত্নীয়ে সেই আঘাত এতিয়াও সহিব পৰা নাই,” শিৱপূজনে কয়।
মৃতকৰ আচাৰ-অনুষ্ঠান পৰ্ব শেষ কৰাৰ বাবে পৰিয়ালটো তেওঁলোকৰ গাঁৱলৈ ঘূৰি গ’ল। ২০২১ৰ জুলাইত কৃষ্ণকান্তই যেতিয়া তেওঁক টেক্সিৰ নিলামৰ কথা জনালে, তেতিয়া শিৱপূজন মুম্বাইলৈ উভতি আহে।
“আমাৰ জীৱনবোৰ লাহে লাহে ভাললৈ আহিব ধৰিছিল মাত্ৰ। ২০১৮ত বিষ্ণুৰ চাকৰি থকা বাবেই আমি উত্তৰ মুম্বাইৰ নাল্লাছোপাৰাত এটা সৰু ফ্লেট কিনিব পাৰিছিলো। মই তাক লৈ গৌৰৱ কৰিছিলো। কিন্তু মই মোৰ পুত্ৰক হেৰুৱালো আৰু তাৰ পিছৰ অৱস্থা এয়া” - টেক্সিৰ নিলাম।
![At the flyover leading to the international airport in Mumbai: 'This action [the auction] was taken from a security point of view as the airport is a sensitive place'](/media/images/06a-20210903_090603-A.max-1400x1120.jpg)
![At the flyover leading to the international airport in Mumbai: 'This action [the auction] was taken from a security point of view as the airport is a sensitive place'](/media/images/06b-20210903_093238-A.max-1400x1120.jpg)
মুম্বাই আন্তৰ্জাতিক বিমান বন্দৰলৈ যোৱা পথৰ উৰণীয়া সেতুতঃ ‘বিমান বন্দৰ স্পৰ্শকাতৰ ঠাই হেতুকে নিৰাপত্তাৰ দিশটোলৈ লক্ষ্য ৰাখি এই পদক্ষেপ (নিলাম) লোৱা হ’ল’
লকডাউনৰ আগতে পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ কাম কৰি শিৱপূজনে মাহে ১০,০০০-১২,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল। আন্তৰ্জাতিক বিমানৰ যাত্ৰী কঢ়িয়াই এই উপাৰ্জন কৰিছিল। তাৰপিছত টেক্সিখন বিমান বন্দৰৰ পাৰ্কিঙত থৈ স্থানীয় ৰেলেৰে ঘৰলৈ উভতি আহিছিল। লকডাউনৰ পৰা তেওঁ মুম্বাইত কাম কৰা নাই। নিলামৰ খবৰ পাই যোৱা মাহত তেওঁ ল’ৰালৰিকৈ মুম্বাইলৈ ঢাপলি মেলিছিল, তাৰপিছত নিজ গাঁৱলৈ উভতি যায়।
সঞ্জয় মালিয়ে লকডাউনৰ আগলৈকে মাহে ৬০০-৭০০ টকা উপাৰ্জন কৰিছিল। নিলামৰ কাৰণে টেক্সিখন হেৰুওৱাৰ পিছত ২০২১ৰ জুলাইৰ দ্বিতীয় সপ্তাহত সপ্তাহে ১৮০০ টকাত টেক্সি এখন ভাড়ালৈ লয়। তেওঁ ভগ্নীৰ বিবাহৰ কাৰণে ১ লাখ টকা ঋণলৈ লৈছিল, ইয়াৰ মাত্ৰ আধা পৰিশোধ কৰিছে। সেয়ে তেওঁ বৰ উদ্বিগ্ন হৈ আছে। ইয়াৰ লগতে তেওঁৰ সন্তানৰ স্কুলৰ মাচুল আছেই। “মই জমা কৰি ৰখা সকলো টকা শেষ হ’ল। মই কাম বিচাৰিব লাগিব,” তেওঁ কয়।
উত্তৰ মুম্বাইৰ পয়জাৰ এলেকাৰ আবাসিক বস্তি অঞ্চলত থকা তেওঁৰ ঘৰলৈ যেতিয়া গৈছিলো, সেই সময়ত বিয়লি প্ৰায় ২ বজাত ভাড়ালৈ লোৱা টেক্সিখন তিনিদিন চলোৱাৰ পিছত তেওঁ ঘৰলৈ আহিছে- আৰু মাত্ৰ ৮৫০ টকা উপাৰ্জন কৰিছে। সন্ধিয়া আকৌ তেওঁ টেক্সি চলাবলৈ যাব।
“তেওঁ আকৌ টেক্সি চলাবলৈ লোৱাৰ পিছত মই তেওঁক উদ্বেগহীন ৰূপত এবাৰো দেখা নাই, তেওঁৰ বহুমূত্ৰ ৰোগ আছে আৰু কেইবছৰমান পূৰ্বে তেওঁৰ হৃদপিণ্ডৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। ঔষধৰ বাবে টকা খৰছ কমাবলৈ তেওঁ ঔষধ খোৱাকে কেতিয়াবা বাদ দিয়ে বা কেতিয়াবা এবাৰ খায়। নিলামৰ বাবে টেক্সি হেৰুওৱাৰ পিছত তেওঁ ভীষণ মানসিক অশান্তিত দিন কটাইছে,” দুৰ্ভাৱনাৰে ভাৰাক্ৰান্ত তেওঁৰ কাষতে বহি থকা পত্নী সাধনাই এইদৰে কয়।
তেওঁলোকৰ জীয়াৰী তমন্নাই নৱম শ্ৰেণীত আৰু পুত্ৰ আকাশে ষষ্ঠ শ্ৰেণীত পঢ়ি আছে। গাঁৱৰ পৰাই সিহঁত দুয়োটাই অনলাইন পাঠগ্ৰহণ কৰি আছিল। কিন্তু পয়জাৰৰ যিখন বেচৰাকাৰী বিদ্যালয়ত সিহঁত দুটাই পঢ়ে, তাৰ কৰ্তৃপক্ষই যোৱা বছৰৰ আৰু চলিত শিক্ষাবৰ্ষৰ মাচুল আদায় দিবলৈ কৈছে (কিছু পৰিমাণে ৰেহাই দিছে)। মালি পৰিয়ালে মাত্ৰ তমন্নাৰ যোৱা বছৰৰ মাচুল আদায় দিবলৈ সক্ষম হয়। “আমি হয়তো আকাশক স্কুল হেৰুৱাই দিবলগা হ’ব (চলিত শিক্ষাবৰ্ষত), তাৰ ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ মাচুল আমি দিব পৰা নাই। সি কৈ আছে যে সি এটা বছৰ হেৰুৱাব নিবিচাৰে। আমিও নিবিচাৰো,’ সঞ্জয় মালিয়ে কয়।

মালি পৰিয়ালটোঃ সাধনা, তমন্না, সঞ্জয় আৰু আকাশ
পৰিয়ালটোৱে তমন্নাৰ যোৱা বছৰৰ মাচুল কোনোমতে দিবলৈ সক্ষম হৈছিল। ‘আমি হয়তো আকাশক স্কুল এৰুৱাই দিব লাগিব। আমি তাৰ ৬ষ্ঠ শ্ৰেণীৰ মাচুল দিব পৰা নাই। সি এটা বছৰ হেৰুৱাব নিবিচাৰে বুলি কৈছে’
উত্তৰ মুম্বাইৰ বস্তিৰ আবাসিক এলেকা মাৰ’লত থকা কৃষ্ণকান্ত (তেওঁৰ পৰিয়ালৰ প্ৰায় সকলো গাঁৱলৈ ঘূৰি গ’ল)য়ে মাহে চাৰি হেজাৰকৈ কেইবামাহৰ ঘৰৰ ভাড়া দিবলৈ বাকী আছিল যদিও সামান্য পৰিমাণৰ দিছে। ২০২১ৰ মে’ মাহৰ পৰা তেওঁ প্ৰয়াত ভাতৃৰ জহি-খহি যোৱা টেক্সিখন চলাবলৈ আৰম্ভ কৰিছে। “মই দৈনিক ২০০-৩০০ টকা উপাৰ্জনৰ চেষ্টা কৰিছো,” তেওঁ কয়।
নিলামৰ বাবে টেক্সিখন হেৰুৱাই হোৱা লোকচানৰ তেওঁ প্ৰত্যাহ্বান জনাবলৈ দৃঢ়সংকল্প।
টেক্সিচালকসকলৰ সংঘ ভাৰতীয় টেক্সি চালক সংঘই ৰাকেশ মিশ্ৰ নামৰ এজন উকীল বিচাৰি দি তেওঁক সহায় কৰিছে। সংঘৰ উপ-সভাপতি ৰাকেশ মিশ্ৰই কয় যে নিৰাপত্তাৰ বাবেই টেক্সিবিলাকৰ নিলাম কৰিবলগীয়া হোৱাৰ বিষয়ে তেওঁলোকে বুজিছে, কিন্তু নিলামৰ সময়টো ভুল আছিলঃ
“কেইবামাহৰ আগলৈকে (প্ৰায় ২০২১ৰ মাৰ্চলৈকে) বিমান বন্দৰ কৰ্তৃপক্ষই জাননী দিয়াৰ বিষয়ে আমিও জনা নাছিলো। আমাৰ কাৰ্য্যালয় বন্ধ আছিল। যেতিয়া জানিব পাৰিলো তেতিয়া বিমান বন্দৰ কৰ্তৃপক্ষক টেক্সি পাৰ্কিং কৰাৰ বেলেগ ঠাই দিবলৈ ক’লো। লকডাউনৰ সময়ত তেওঁলোকে গাড়ী ক’ত থ’ব? কৰ্তৃপক্ষই একো উত্তৰ নিদিলে। মই টেক্সি চালকসকলেৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলো। জাননীবিলাক চালকসকলৰ মুম্বাই ঠিকনালৈ প্ৰেৰণ কৰা হৈছে। কিন্তু লকডাউনৰ বাবে নিজৰ গাঁৱলৈ উভতি যোৱা টেক্সিচালকসকলে কেনেকৈ এই জাননী পাব? মুম্বাইত থকাসকলে পাৰ্কিঙৰ ঠাইৰ পৰা নিজৰ টেক্সি আঁতৰাই নিবলৈ সক্ষম হ’ল।”


ভাৰতীয় টেক্সিচালক সংঘৰ উপসভাপতি ৰাকেশ মিশ্ৰই কয়, তেওঁলোকে বুজি পাইছে যে নিৰাপত্তাৰ কাৰণে নিলাম কৰা হৈছে, কিন্তু সময়টো বেয়া হ’ল। সোঁফালেঃ আইনগতভাৱে প্ৰত্যাহ্বান জনাবলৈ কৃষ্ণকান্তই নথিপত্ৰসমূহ গোটাইছে, ‘মই নীৰৱে থাকিব নিবিচাৰো, কিন্তু মনোবল কমি আহিছে’
“তেওঁলোকে যদি আইনী গোচলৈ যাব বিচাৰে, তেওঁলোকৰ সকলো অধিকাৰ আছে,” এমআইএএলৰ সহকাৰী উপসভাপতি ড. লাম্বাই কয়। নিলাম কৰা টেক্সিবিলাক থোৱা বিমান বন্দৰ চৌহদৰ সেই ঠাইবিলাক এতিয়া ব্যৱহাৰ কৰা নাই, তেওঁ কয়। “ইমান বিশাল এডোখৰ ঠাই টেক্সিৰ কাৰণে ৰখাৰ কোনো মানে মই দেখা নাই। (ক’লা-হালধীয়া) টেক্সিৰ চাহিদা কমি আহিছে। যাত্ৰীয়ে অ’লা-উবেৰ বিচাৰে। বিমান বন্দৰৰ কাষত টেক্সি ৰাখিব পৰা এডোখৰ সৰু ঠাই আছে (সেই আস্থানটো চলি আছে)।”
যিসকল চালকৰ টেক্সি নিলাম কৰিছিল, সেই ৪২ জন টেক্সিচালককে কৃষ্ণকান্তই যোগাযোগ কৰাৰ চেষ্টা কৰিছিল। (সঞ্জয় মালিয়ে এই কামত কৃষ্ণকান্তক সহায় কৰি দিছিল)। “কিছুমান নিজৰ গাঁৱত আছিল আৰু নিলামৰ কথা এতিয়াও গম নাপায়। মই সকলোকে চিনি নাপাও আৰু এতিয়াও প্ৰত্যেককে বিচাৰিবৈ চেষ্টা কৰি আছো। নিলামৰ বিষয়ে মই অকলে মাত মাতিব বিচৰা নাই, তেন্তে আৰু কোনে এই নিলামক প্ৰত্যাহ্বান জনাব। মুম্বাইলৈ উভতি অহাৰ বাবে ৰেলৰ টিকট ক্ৰয় কৰিবলৈ বহুতৰ টকা নাই।”
এজন উকীলে ঠিক কৰি দিয়া এখন অভিযোগ পত্ৰত তেওঁ কেইজনমান টেক্সিচালকৰ স্বাক্ষৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। যোৱা ১৯ জুলাইত অভিযোগ পত্ৰখন ছাহাৰ আৰক্ষী থানাত দিয়া হৈছে। “এতিয়া কি কৰো?” তেওঁ কয়। “মই পঢ়িব জানো, সেই কাৰণে এই আইনী কামটোত লাগিছো। মই উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। এতিয়া মোৰ এই শিক্ষাখিনি অলপ কামত লাগিছে।” তেওঁ কয়। নিশা কৃষ্ণকান্তই পুৰণা টেক্সিখন চলায়। “মোৰ ওচৰত উপাৰ্জনৰ আন কোনো পথ খোলা নাই। মই আইন-কানুনৰ কথা নাজনো, কিন্তু সিহঁতে আমাৰ মুখৰ ভাতমুঠি কাঢ়ি নিছে। এইখন কেৱল এখন টেক্সি নহয়, মোৰ জীৱিকা, তাকো সিহঁতে লৈ গ’ল,” তেওঁ দুখ কৰি কয়।
তেওঁ আৰু আন টেক্সি চালকসকলে এতিয়াও কিবা প্ৰতিকাৰ আছে নেকি তাৰে অপেক্ষা কৰিছে। কৰ্তৃপক্ষই কিবা পদক্ষেপ ল’ব বুলি আশা কৰিছে। “এতিয়া কি কৰিম, মই নিজেই নাজানো। যোৱা দুমাহ ধৰি ইফালে-সিফালে জীৱিকাৰ তাড়নাত দৌৰি ফুৰিছো। গোচৰটো বাদ দিয়া উচিত হ’ব জানো? কিবা লাভ হ’বনে? মই নীৰৱে বহি থাকিব নিবিচাৰো, কিন্তু মই আশাহত হৈ পৰিছো,” এইদৰে কৃষ্ণকান্তই কয়।
অনুবাদ: পংকজ দাস