পশ্চিমবংগৰ নাদিয়া জিলাৰ শান্তিপুৰ চহৰখন কলকাতা চহৰৰ পৰা ৯০ কিলোমিটাৰ দুৰৈত অৱস্থিত। এই চহৰখনৰ লগতে চুবুৰীয়া চহৰকেইখন কোমল আৰু উচ্চমানৰ হাতেবোৱা শাৰীৰ বাবে বহুকালৰ আগৰ পৰাই প্ৰখ্যাত।
দেশৰ বাহিৰে-ভিতৰে সদায় হস্ততাঁতৰ বস্ত্ৰৰ চাহিদা লেখত ল'বলগীয়া। কিন্তু মেচিনচালিত তাঁতৰ সৈতে ফেৰ মাৰিব নোৱাৰাত আৰু আয়ৰ পৰিমাণ কমি অহাত সমগ্ৰ ভাৰততে কৌশলী শিপিনীসকলে বছৰ বছৰ ধৰি পেটৰ ভাতমুঠিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে। শান্তিপুৰতো বহুতেই তেওঁলোকৰ তাঁতশাল এৰি কামৰ সন্ধানত ওলাই গৈছে।

বহুকেইটা স্তৰ পাৰ হৈ অহাৰ পিছত এই সুঁতাবোৰৰ পৰাই উত্কৃষ্টমানৰ শান্তিপুৰী মেখেলা-চাদৰবোৰ প্ৰস্তুত হয়
পশ্চিমবংগৰ নাদিয়া জিলাত হাতেবোৱা মেখেলা-চাদৰবোৰক শান্তিপুৰী চাদৰ-মেখেলা বুলি কোৱা হয়। বিভিন্ন ধৰণ সুঁতা যেনে কঁপাহ, তচ আৰু ৰেচম সুঁতাৰে শান্তিপুৰ-ফুলিয়াৰ বিভিন্ন ঠাইত শান্তিপুৰি তাঁত, টঙালী আৰু জামদানী হাতেবোৱা মেখেলা-চাদৰ বোৱা হয়।

শিল্পীয়ে দিয়া ফুটা কৰা এনে গ্ৰাফ চাই শিপিনীয়ে তাঁতশালত ফুল তোলে
এই ভিডিঅ’ আৰু প্ৰতিবেদন চিনচিতা মাঝিৰ ২০১৫-১৬ৰ পাৰি ফেল’শ্বিপৰ অংশ হিচাপে কৰা হৈছিল।
অনুবাদঃ পংকজ দাস