‘আহক, আমাক চাওঁক। আমি সকলোৱে নিৰ্দেশ মানি চলিছো। আমি মাস্ক পিন্ধি পৰস্পৰৰ মাজত দূৰত্ব ৰক্ষা কৰি ইয়াত বহি আছো। খাদ্যবস্তু পোৱাৰ বাবে মই কৃতজ্ঞ, কিন্তু এইখিনি বস্তুৰে মই মোৰ পৰিয়ালক মাত্ৰ কেইদিনমান খুৱাব পাৰিম। ইয়াৰ পিছত কি কৰিম, মই একো নাজানো,’ তেওঁ কয়।
শিবৰি হস্তশিল্পী হিচাপে কাম কৰা বেচৰকাৰী সংস্থা দিশা শেখাৱতীৰ কাৰ্যালয়ত বিনামূলীয়া খাদ্য-সামগ্ৰী সংগ্ৰহ কৰিবলৈ শাৰী পাতি ৰৈ থকা ৰাজস্থানৰ চুৰু জিলাৰ সুজানপূৰৰ পৰা ৫৫ বছৰ বয়সীয়া দুৰ্গা দেৱীয়ে ফোনত এইখিনি কথা ক’লে। সম্পূৰ্ণৰূপে হস্তনৈপুণ্যতাৰ কলা শিৱৰি হৈছে এবিধ সূত আৰু ৰঙৰ শিল্পকৰ্ম। ‘আমাৰ ক’ৰণা কেতিয়া হ’ব নাজানো, কিন্তু ইয়াৰ আগতে আমি খাবলৈ নাপাই মৰিম,’ নিজৰ নিৰ্মম উক্তিৰ বিষাদভৰা পূৰ্বাভাস ব্যক্ত কৰি দুৰ্গা দেৱীয়ে হাঁহিলে।
সুৰাপান কৰাৰ ফলত কেইবছৰমান পূৰ্বে স্বামীৰ মৃত্যুৰ পিচত এতিয়া দুৰ্গা দেৱী পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। নিজৰ ৯ টা সন্তানৰ লালন-পালনৰ দায়িত্ব তেওঁ নিজে বহন কৰিব লাগে। তেওঁ দৈনিক ২০০ টকা মজুৰী পায়। মাহত মাত্ৰ ১৫ দিন তেওঁ কাম পায়।
খাদ্যবস্তুৰ বাবে শাৰী পাতি তেওঁৰ পিছতে বহি থকা দিন মজুৰ হস্তশিল্পী ৩৫ বছৰীয়া পৰমেশ্বৰীক তেওঁ ফোন দিলে। পৰমেশ্বৰী (তেওঁ নিজৰ নাম ক’বলৈ বিচৰা নাই) য়ে ক’লে, তেওঁৰ স্বামী নিৰ্মাণ শ্ৰমিক, কিন্তু তলাবন্ধৰ ফলত নিৰ্মাণকাৰ্য বন্ধ হৈ থকাৰ বাবে এতিয়া কৰ্মহীন হৈ পৰিছে। ‘আমাৰ কামো নাই, খাদ্যবস্তু ক্ৰয় কৰিবলৈ টকা নাই,’ তেওঁ কয়। দুৰ্গা দেৱীৰ দৰে তেঁৱো ভাবিছে চৰকাৰে বিনামূলীয়াকৈ দিয়া পাঁচ কিলো আটা, এক কিলো দাইল আৰু ধনীয়া, হালধি আৰু জলকীয়াৰ দুশ গ্ৰামৰ একোটা পেকেটেৰে তেওঁ, তেওঁৰ স্বামী আৰু চাৰিটা ল’ৰা-ছোৱালীয়ে কেইদিনমান খাব পাৰিব।
বিনামূলীয়া খোৱাবস্তু ল’বলৈ ৰৈ থকা লোকৰ শাৰীত এতিয়া শিবৰিৰ কাম নকৰা ৬৫ বছৰীয়া চান্দনী দেৱীও আছে। ‘২৪ ঘণ্টাৰ আগতে মই আহাৰ খাইছিলো। মই ভাত খাও, কেৱল ভাত। কালি কিছুমান বস্তু লৈ আমাৰ এলেকালৈ এখন গাড়ী আহিছিল। মই লাহে লাহে খোজ কাঢ়ি সেই ঠাই পালো, কিন্তু বস্তুবোৰ দি শেষ কৰিলে। মোৰ বৰ ভোক লাগিছে।’

‘মই ২৪ ঘণ্টাৰ আগতে আহাৰ খাইছিলো, মোৰ বৰ ভোক লাগিছে,’ চান্দনী দেৱীয়ে ক’লে (তলৰ শাৰীৰ বাওঁফালে)। ৰাজস্থানৰ সুজানগড়ৰ এন.জি.অ’. দিশা শেখাৱতীৰ পৰমেশ্বৰী (ওপৰত সোঁফালে) আৰু দুৰ্গা দেৱী (তলৰ শাৰীৰ মাজত)কে ধৰি ৪০০ শিবৰি হস্তশিল্পীক অন্তৰ্ভূক্ত কৰা হৈছে। তলত সোঁফালেঃ প্ৰতিষ্ঠাতা অমৃতা চোধুৰীয়ে কয়, ‘৯০ শতাংশ হস্তশিল্পী দিনমজুৰ শ্ৰমিক, তেওঁলোকৰ কাৰো সঞ্চিত ধন নাই’
দুৰ্গা আৰু পৰমেশ্বৰীৰৰ দৰে ৪০০ শিবৰি হস্তশিল্পীৰ নাম দিশা শেখাৱতীৰ পঞ্জীয়ন বহীত নাম অন্তৰ্ভূক্ত। প্ৰতিষ্ঠাতা অমৃতা চৌধুৰীয়ে কয়, ‘চৰকাৰে একো কৰা নাই। ৯০ শতাংশ কাৰুশিল্পী দিন মজুৰ শ্ৰমিক, আৰু চলিব পৰাকৈ তেওঁলোকৰ সঞ্চিত ধন নাই। আমি যিমান পাৰো কৰিছো।’
চৌধুৰীয়ে কয়, প্ৰায় ১০ দিনৰ আগতে তেওঁ হস্তনিৰ্মিত সামগ্ৰীৰ বৃহৎ ক্ৰেতাসকলৰ পৰা ফোন পাইছে, তেওঁলোকে কৈছে যে আগতে অৰ্ডাৰ দিয়া সামগ্ৰী তেওঁলোকে এতিয়া ল’ব নোৱাৰে। এতিয়া আৰু উৎপাদন কৰিব নালাগে বুলিহে ক্ৰেতাসকলে চৌধুৰীক জনাইছে। ‘২৫ লাখ টকাৰ শাৰী আৰু ষ্টোল উৎপাদন কৰি লৈ মই ৰৈ আছো। সামগ্ৰীসমূহৰ পেকিং, লেবেলিং আৰু বাৰক’ডিঙৰ কাম কৰা হ’ল। কিন্তু কেতিয়া এই সামগ্ৰীবোৰ পঠিয়াব পাৰিম? শ্ৰমিকক দিব পৰাকৈ টকা কেতিয়া আহিব? কোনেও নাজানে।’
দেশত কৃষিৰ পিছতে হস্ততাঁত আৰু হস্তশিল্প উদ্যোগ বৃহৎ শ্ৰমিক নিয়োগকাৰীৰ স্থান । হস্ততাঁত বয়ন উদ্যোগত বিভিন্ন ধৰণ বস্ত্ৰ উৎপাদনত ৩৫ লাখতকৈ অধিক ভাৰতীয় শ্ৰমিক নিয়োজিত হৈ আছে, তেওঁলোকৰ বৃহৎ অংশ এটাই স্বতন্ত্ৰভাৱে কাম কৰে। হস্তশিল্প উন্নয়ন নিগম পৰিষদৰ মতে হাজাৰ হাজাৰ পৰম্পৰাগত হস্তশিল্পৰ সামগ্ৰী উৎপাদনত কমেও ৭৫ লাখ লোক নিয়োজিত হৈ আছে আৰু কেৱল এই খণ্ডৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ মূল্য ২০১৫ত আছিল ৮৩১৮ কোটি টকা ।
চেন্নাইত থকা ভাৰতৰ হস্তশিল্প পৰিষদৰ অধ্যক্ষ গীতা ৰামে উক্ত তথ্য সঠিক নহয় বুলি কয়। ‘উক্ত পৰিসংখ্যা নিৰ্ভৰযোগ্য নহয়। হস্তশিল্পীসকলৰ সম্পূৰ্ণ তথ্যপাতি (ডেটাবেছ) নাই আৰু জি.ডি.পি.ৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰকৃত অৰিহণা কিমান, সেয়া অজ্ঞাত। আমি জনা মতে অসংগঠিত খণ্ডত অধিকাংশ লোক স্বনিয়োজিত হৈ উৎপাদন কৰে আৰু এতিয়া তেওঁলোকক সাহায্যৰ খুবেই প্ৰয়োজন হৈছে।’
অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ চিৰালা নগৰৰ প্ৰায় ৫০ বছৰীয়া বয়নশিল্পী জি. সুলোচনা আৰু তেওঁৰ স্বামী জি. শ্ৰীনিৱাস ৰাৱেও উক্ত তথ্যৰ সৈতে সহমত প্ৰকাশ নকৰি নোৱাৰিলে।
‘আমি কেঁচামাল পোৱা নাই, সেয়ে কাম কৰিবপৰা নাই। তলাবন্ধই আমাৰ অতি বেছি আৰ্থিক সমস্যাৰ সৃষ্টি কৰিছে। আমি এতিয়া খোৱা খৰছৰ বাবে টকা ঋণলৈ ল’ব লাগিব। আমি অতি কম মজুৰী পাওঁ, জমা কৰিব নোৱাৰো। ফোনত শ্ৰীনিৱাস ৰাও আৰু সুলোচনাই ক’লে।’

অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ চিৰালা নগৰৰ ৫০ বছৰীয়া শিল্পী জি. সুলোচনা আৰু তেওঁৰ স্বামী জি. শ্ৰীনিৱাস ৰাওঃ ‘আমি কেঁচামাল পোৱা নাই আৰু সেই কাৰণে কাম কৰিব পৰা নাই। খোৱাৰ বাবে শীঘ্ৰে আমি আনৰ পৰা টকা ঋণলৈ ল’ব লাগিব’
চিৰালা চহৰত বহুতো কাপোৰ বোৱা পৰিয়াল আছে। তেওঁলোকে উৎপাদন কৰা শাৰী চহৰখনৰ নামেৰে নামকৰণ কৰা হৈছে। কপাহী আৰু ৰেচম সূতা মিহলি কৰি নিজস্ব শৈলীৰে ফুলবছা শাৰী তেওঁলোকে নিজে তৈয়াৰ কৰে। সুলোচনা আৰু শ্ৰীনিৱাসে মাহে ১০-১৫ খন শাৰী তৈয়াৰ কৰে। যি মালিকক শাৰীৰ যোগান ধৰে, সেই মালিকে তেওঁলোকে কেঁচামাল দিয়ে আৰু প্ৰতি পাঁচখন শাৰীৰ বাবদ ৬০০০ টকা দিয়ে। সেয়ে দুয়োজনে একেলগে প্ৰতি মাহত প্ৰায় ১৫,০০০ টকা উপাৰ্জন কৰে।
চিৰালাৰ আন এটা বোৱনী দম্পতী ৩৫ বছৰীয়া বি. সুনীতা আৰু ৩৭ বছৰীয়া স্বামী বান্দলা প্ৰদীপ কুমাৰেও নিজৰ দুই সন্তানক লৈ জীয়াই থকাৰ কঠিন সমস্যাত ভূগিছে। ১৫ খন পৰ্যন্ত শাৰী তৈয়াৰ কৰি দুজনে মাহে প্ৰায় ১২,০০ টকা উপাৰ্জন কৰে। ‘১০ মাৰ্চত সোণালী সূতাৰ যোগান বন্ধ কৰি দিয়া হ’ল, ইয়াৰ পিছত ৰেচমী সূতাৰ যোগানো বন্ধ হ’ল। নতুন কেঁচামালৰ অভাৱত কাম বন্ধ হৈ পৰিছে,’ সুনীতাই কয়।
তলাবন্ধৰ পাছৰ পৰা তেওঁলোক ৰেচনৰ দোকানলৈ যাব পৰা নাই। তেওঁলোকৰ চাউল শেষ হ’ল, ইফালে বজাৰত চাউলৰ দাম বৃদ্ধি পাইছে। ‘নিজৰ জীৱিকাৰ বাবে কৰিবপৰা এইটোৱেই কাম আমি জানো,’ তেওঁ কয়।
চিৰালাৰ দুয়োটা বয়ন শিল্পী পৰিয়াল অ’.বি.চি. (অনান্য পিছপৰা শ্ৰেণী) হিচাপে তালিকাভুক্ত। চতুৰ্থ সৰ্বভাৰতীয় হস্ততাঁত জৰীপ (২০১৯-২০২০) অনুসৰি হস্ততাঁতৰ লগত জৰিত পৰিয়ালসমূহৰ ৬৭ শতাংশ হয় অনুসূচিত জাতি (১৪), অনুসূচীত জনজাতি (১৯) নতুবা অন্যান্য় পিছপৰা শ্ৰেণী (৩৩.৬ শতাংশ) হিচাপে তালিকাভূক্ত।
সুনীতা আৰু শ্ৰীনিবাসৰ প্ৰতিজনৰে ব্যক্তিগত উপাৰ্জন দেশৰ জনমুৰি আয় ১১,২৫৪ টকাৰ তলত। বোৱনী পৰিয়ালবোৰৰ ভিতৰত তেওঁলোকৰ যুটীয়া উপাৰ্জন হিচাপত তেওঁলোক শীৰ্ষ ৭ শতাংশৰ মাজত থাকে। ৬৬ শতাংশৰ অধিক বোৱনী পৰিয়ালে মাহে ৫০০০ টকাতকৈ কম উপাৰ্জন কৰে বুলি চতুৰ্থ সৰ্বভাৰতীয় হস্ততাঁত জৰীপৰ তথ্যত প্ৰকাশ পাইছিল।
![Left: B. Sunitha and her husband Bandla Pradeep Kumar in Chirala: 'With no raw material, we cannot work'. Right" Macherla Mohan Rao, founder president of the Chirala-based National Federation of Handlooms and Handicrafts, says, 'This [lockdown] will finish them off the weavers'](/media/images/04a-Bandla-Sunitha-PD.max-1400x1120.jpg)
![Left: B. Sunitha and her husband Bandla Pradeep Kumar in Chirala: 'With no raw material, we cannot work'. Right" Macherla Mohan Rao, founder president of the Chirala-based National Federation of Handlooms and Handicrafts, says, 'This [lockdown] will finish them off the weavers'](/media/images/04b-Macherla-Mohan-Rao-PD.max-1400x1120.jpg)
বাওঁফালেঃ চিৰালাত বি, সুনীতা আৰু তেওঁৰ স্বামী বান্দলা প্ৰদীপ কুমাৰঃ ‘কেঁচামাল নাথাকিলে আমি কাম কৰিব নোৱাৰো,’ সোঁফালেঃ চিৰালাত থকা ৰাষ্ট্ৰীয় হস্ততাঁত আৰু হস্তশিল্প ফেডাৰেচনৰ প্ৰতিষ্ঠাপক সভাপতি মাচেৰলা মোহন ৰাৱে কয়, ‘এই তলাবন্ধই বোৱনীসকলক শেষ কৰিব’
২০১৮ত যেতিয়া উৎপাদিত সামগ্ৰীৰ ওপৰত ৫ৰ পৰা ১৮ শতাংশ পৰ্যন্ত জি.এছ.টি. জাপি দিয়া হৈছিল, তেতিয়াই ভাৰতৰ ১৯৯০ৰ দশকৰ অৱহেলিত হস্ততাঁত আৰু হস্তশিল্প খণ্ড বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। হস্ততাঁত সামগ্ৰীৰ ওপৰত জি.এছ.টি.ৰ পৰিমাণ ৫ শতাংশ কৰা হয়, অৱশ্যে সামগ্ৰীবিধ কেৱল কাপোৰ হ’ব লাগিব। বস্ত্ৰ উদ্যোগৰ সাধাৰণতে ব্যৱহৃত ৰং আৰু ৰাসায়নিক সামগ্ৰী যদি ব্যৱহৃত হয়, তেন্তে জি.এছ.টি.ৰ হাৰ ১২-১৮ শতাংশ হ’ব। হস্তশিল্পজাত সামগ্ৰীৰ ক্ষেত্ৰত জি.এছ.টি.ৰ হাৰ ৮ শতাংশৰ পৰা ১৮ শতাংশৰ মাজত আৰোপ কৰা হয়।
‘আনকি ক’ৰণা আৰু তলাবন্ধ আৰম্ভ হোৱাৰ আগতেও বোৱনীসকলে ভালকৈ পইছা পোৱা কাম পোৱা নাছিল আৰু পৰিয়ালৰ লালন-পালনৰ বাবে যথেষ্ট সমস্যা হৈ আহিছিল। এই তলাবন্ধই এইবাৰ বয়ন শিল্পীসকলক একেবাৰে শেষ কৰিব।’ ২০,০০০ সদস্য থকা ট্ৰেড ইউনিয়নৰ চিৰালাত মূল কেন্দ্ৰ থকা হস্ততাঁত আৰু হস্তশিল্পৰ ৰাষ্ট্ৰীয় ফেডাৰেচনৰ প্ৰতিষ্ঠাপক সভাপতি ৫৯ বছৰীয়া মাচেৰলা মোহন ৰাৱে কয়।
‘মই চৰকাৰক (বস্ত্ৰ মন্ত্ৰালয়ক) সদায় কৈ আহিছো যে দৰিদ্ৰ বোৱনীসকলক কিয় তেওঁলোকে অৱহেলা কৰে? সাজ-পোচাক আৰু আৰু আন সামগ্ৰী নিৰ্মাণকাৰী শ্ৰমিকৰ সমানে হস্ততাঁত আৰু হস্তশিল্প শ্ৰমিকসকলকো কৰ্মচাৰীৰ ৰাজ্যিক বীমা আৰু কৰ্মচাৰীৰ ভবিষ্যনিধি তথা মাতৃকালীন ভাট্টা আদি কিয় দিয়া নহয়? নিৰাশ্ৰয় বয়ন শিল্পীসকলৰ বাবে কিয় আবাসিক সুবিধা নাই?’ মোহন ৰাৱে কয়। সংংসদৰ মজিয়াত এই প্ৰশ্নবোৰ উত্থাপন কৰিবলৈ তেওঁ সাংসদসকললৈ ২০১৪ৰ পৰা বহুতো মেইল প্ৰেৰণ কৰি আহিছে।
তামিলনাডুৰ কাঞ্চিপুৰম চহৰ (আৰু জিলা)ৰ দক্ষ আৰু বঁটাপ্ৰাপ্ত শিপিনী বি. কৃষ্ণমুৰ্তি (৬০ বছৰ) আৰু বি. জয়ন্তী (৫০ বছৰ)ৰ ১০ খন তাঁতশাল আছে। এই দম্পতীয়ে এই তাঁতশালতে প্ৰসিদ্ধ কাঞ্চিপুৰম ৰেচমী শাৰী প্ৰস্তুত কৰে। এখন তাঁতশালত তেওঁলোকে নিজে কাম কৰে আৰু আন ৯ খন তেওঁলোকে নিয়োগ কৰা শিপিনীৰ ঘৰত ৰাখিছে।
‘খোৱাবস্তু ক্ৰয় কৰাৰ বাবে মোৰ শিপিনীসকলে (তলাবন্ধ আৰম্ভ হোৱাৰ পৰা) ২০০০-৩০০০ টকা ঋণলৈ বিচাৰিছে,’ কৃষ্ণমূৰ্তিয়ে কয়। তেওঁ ইতিমধ্যে প্ৰত্যেককে আগধন দিছে, কিন্তু তেওঁ শংকিত হৈ পৰিছে যে তেওঁৰ অতি নিপুণ শিপিনীসকল হতাশ হৈ পৰিব পাৰে আৰু আন কামৰ সন্ধান কৰিব পাৰে অথবা বেলেগ ঠাইলৈ গুছি যাব পাৰে। কৃষ্ণমূৰ্তিৰ শংকা অবাস্তৱ নহয়ঃ ১৯৯৫ আৰু ২০১০ৰ মাজত শিপিনী পৰিয়ালৰ সংখ্যা ২.৫ লাখ হ্ৰাস হৈছে ।![In Kancheepuram, Tamil Nadu, master weavers and national award winners B. Krishnamoorthy and B. Jayanthi: 'Weavers keep calling [since the lockdown began] asking for loans of Rs. 2,000-3,000 for food'](/media/images/05a-Krishnamoorthy-and-Jayanthi748f44cc-98.max-1400x1120.jpg)
![In Kancheepuram, Tamil Nadu, master weavers and national award winners B. Krishnamoorthy and B. Jayanthi: 'Weavers keep calling [since the lockdown began] asking for loans of Rs. 2,000-3,000 for food'](/media/images/05b-Krishnamoorthy-loom-PD.max-1400x1120.jpg)
তামিলনাডুৰ কাঞ্চিপুৰমত দক্ষ শিপিনী তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজেতা বি. কৃষ্ণমূৰ্তি আৰু বি. জয়ন্তীঃ ‘শিপিনীসকলে ২০০০-৩০০০ টকাৰ ঋণ বিচাৰি মোলৈ (তলাবন্ধ আৰম্ভ হোৱাৰ সময়ৰে পৰা) ফোন কৰি আছে, তেওঁলোকক খাদ্যবস্তু ক্ৰয় কৰিবলৈ টকা লাগে’
ভাৰতৰ মহানগৰ তথা সৰু চহৰ-নগৰতো হস্তশিল্প আৰু হস্ততাঁতৰ প্ৰদৰ্শনী নিয়মীয়া ঘটনা। শিল্পীসকলৰ মতে এনে প্ৰদৰ্শনীত তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ যথেষ্ট বিক্ৰী হয়। কিন্তু এইবাৰ মাৰ্চ-এপ্ৰিলৰ সময়চোৱাত হ’বলগা বহুতো প্ৰদৰ্শনী বাতিল কৰা হ’ল, ফলস্বৰূপে তেওঁলোকে ন ন আৰ্হিৰে তৈয়াৰ কৰা সামগ্ৰীবোৰ পৰি থাকিল।
‘দিল্লী আৰু কলকাতাত অনুষ্ঠিত হ’বলগা তিনিখন প্ৰদৰ্শনী বাতিল কৰা হ’ল। এতিয়া বোৱা শাৰীবোৰ লৈ মই বহি আছো। কোনেও এখনো ক্ৰয় কৰা নাই। আমি কেনেকৈ খাম?’ গুজৰাটৰ কচ্চ জিলাৰ এখন সৰু চহৰ ভুজোদিৰ ৪৫ বছীয়া শিপিনী ৱাংকাৰ শামজি বিশ্ৰামে কয়। ‘বিদেশী ক্ৰেতাসকলে মোক ফোন কৰি শাৰী তৈয়াৰ কৰিব নালাগে বুলি কৈছে। কিছুদিনৰ বাবে তেওঁলোকে একো সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে বুলি কৈছে।’
‘আপুনি ফোন কৰাৰ এনে সময়ত (বিয়লি ৩ বজাত) মই ভ্ৰাতৃ আৰু দেউতাৰ সৈতে কাৰখানাৰ কামত ব্যস্ত থাকো। এতিয়া ভাবিছো খোৱাবস্তু ক’ত পাম আৰু আটা, দাইল আৰু আলু ক’লা বজাৰৰ দামত ক্ৰয় কৰাৰ পৰা কেনেকৈ হাত সাৰিব পাৰো, সেই কথা এতিয়া ভাবিছো,’ উত্তৰ প্ৰদেশৰ বাৰানসীৰ কাঠৰ পুতলা নিৰ্মাতা ৩৫ বছৰীয়া অজিত কুমাৰ বিশ্বকৰ্মাই ক’লে।


বাওঁফালেঃ উত্তৰ প্ৰদেশৰ বাৰানসীৰ কাঠৰ পুতলা নিৰ্মাতা অজিত কুমাৰ বিশ্বকৰ্মাই কয়, ‘মই এতিয়া ভাবিছো, খোৱাবস্তু ক’ত পাম,’ সোঁফালেঃ মধ্যপ্ৰদেশ ভুপালৰ গোণ্ড শিল্পী সুৰেশ কুমাৰ ধুৰ্বেয়ে ক’লে, ‘শুদাহাতে ঘৰত বহি আছো’
অজিত আৰু তেওঁৰ পৰিয়ালে কাঠৰ পুতলা, চৰাই আৰু বিভিন্ন জীৱজন্তুৰ ক্ষুদ্ৰ প্ৰতিকৃতি আৰু হিন্দু দেৱ-দেৱীৰ ক্ষুদ্ৰ ভাস্কৰ্য নিৰ্মাণ কৰে। ‘আমাৰ গোটেই পৰিয়ালটো এই কামৰ পৰা হোৱা উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল। ভালেমান টকা পাবলৈ আছে, কিন্তু এতিয়া কোনেও দিব বিচৰা নাই। প্ৰদৰ্শনীত বিক্ৰী কৰিব পৰাকৈ মই ৫-৬ লাখ মান টকাৰ সামগ্ৰী সাজু কৰি ৰাখিছো, কিন্তু সকলো বাতিল হ’ল। পুতলা ৰং কৰা কুমাৰক মই আগতীয়া ধন দি থৈছিলো, সিহঁতৰো অৱস্থা এতিয়া দুৰৱস্থা হৈছে,’ তেওঁ কয়।
চৰাই আৰু হিন্দু, দেৱ-দেৱীৰ এক ইঞ্চি আকাৰৰ প্ৰতিকৃতি তৈয়াৰ কৰা শিল্পক লৈ অজিতে গৌৰৱ অনুভৱ কৰে। তেওঁৰ পিতৃ, দুই ভ্ৰাতৃ, মাতৃ, ভগ্নী আৰু তেওঁৰ পত্নীকে ধৰি পৰিয়ালৰ সকলো সদস্যই কাঠৰ পুতলা আৰু ইয়াৰ আ-অলংকাৰ নিৰ্মাণ কৰিবলৈ কাঠত ভাঁজ দিয়া, কাঠ চঁচা কাম কৰে। ঘৰুৱা কামৰ মাজতে পৰিয়ালৰ মহিলাই ঘৰতে এই কাম কৰে, আৰু পুৰষ সদস্যসকলে ১২ কিলোমিটাৰ আঁতৰত থকা কাৰখানালৈ গৈ তাত এই কাম কৰে। আমগছ, আঁহতগছ, কদম গছ আৰু আন কোমল কাঠৰ পৰা পুতলা তৈয়াৰ কৰা হয়, পাছত পুতলাবিলাক ৰং কৰাৰ বাবে কুমাৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠোৱা হয়।
‘মই শুদাহাতে হাত সাবতি ঘৰতে বহি আছো,’ মধ্যপ্ৰদেশৰ ভুপালৰ চতুৰ্থ প্ৰজন্মৰ গোণ্ড শিল্পী ৩৫ বছৰীয়া সুৰেশ কুমাৰ ধুৰ্বেই কয়। ‘ৰেচন আৰু পানী পাবলৈ নোহোৱা হ’ল, আৰু ৰং-তুলিকা, কাগজ আৰু কেনভাছৰ যোগান নোহোৱা হ’ল, গতিকে মই কেনেকৈ কাম কৰিম? মই কেতিয়া নতুন কাম কৰিম, কেতিয়া বিক্ৰী কৰিম আৰু পইছা পাম? মই নাজানো। পৰিয়ালটোক এতিয়া কেনেকৈ খুৱাম? মই নাজানো,’ তেওঁ কয়।
মানুহে অৰ্ডাৰ দিয়া কামৰ পৰা ৫০,০০০ টকা পাব লাগে বুলি ধুৰ্বেয়ে কয়, সেই টকা কেতিয়া পাম, সেয়া তেওঁৰ বাবে এতিয়া অনিশ্চিত। ‘এতিয়া মোৰ মন এই ক’ভিডে আচ্ছন্ন কৰি আছে, ইয়াৰ বাহিৰে এতিয়া মই আন একো কথা ভাবিব পৰা নাই,’ তেওঁ কয়।
এই নিৱন্ধৰ অধিকাংশ সাক্ষাৎকাৰ ফোনতে লোৱা হৈছিল
।
অনুবাদঃ পংকজ দাস