পাৰিৰ এই প্ৰতিবেদন ২০১৯ৰ পৰিৱেশ বিষয়ক সাংবাদিকতা শিতানত ৰামনাথ গোৱেংকা পুৰস্কাৰপ্ৰাপ্ত পাৰিৰ জলবায়ু পৰিৱৰ্তন বিষয়ক শৃংখলৰ এটা অংশ।
‘পুৱা ১১ বাজি ৪০ মিনিট গৈছে, গতিকে বতাহৰ গতিবেগৰ বৰ্তমানৰ স্থিতি জনোৱা হ’ব,’ কড়াল ওছাই অনাতাঁৰ কেন্দ্ৰত যশৱন্তই ঘোষণা কৰিছে। ‘যোৱা এটা সপ্তাহ, দৰাচলতে এমাহ ধৰি কছান কাথু (দক্ষিণাঞ্চলৰ বতাহ)ৰ গতি তীব্ৰ হৈছে। বতাহৰ গতি ৪০ৰ পৰা ৬০ কিলোমিটাৰ পৰ্যন্ত আছিল। এতিয়া কিজনি মাছমৰীয়াৰ সুবিধা কৰি দিবলৈ সেই বতাহৰ শাম কাটি প্ৰতি ঘণ্টাত ১৫ কি.মি.লৈ নামিছে।’
তামিলনাডুৰ ৰামনাথপুৰম জিলাৰ পাম্বন দ্বীপৰ মাছমৰীয়াসকলৰ কাৰণে এয়া বৰ ডাঙৰ সুখবৰ। ‘তাৰমানে তেওঁলোকে নিৰ্ভয়ে সমুদ্ৰত নামিব পাৰিব,’ যশৱন্তই কয়। তেওঁ নিজেও এজন মাছুৱৈ। তেওঁ এইটো অঞ্চলৰে সামূহিক অনাতাঁৰ কেন্দ্ৰ কড়াল ওছাই (সাগৰৰ মাত)ত ৰেডিঅ’ জকিৰ কাম কৰে।
ৰক্তদান সম্পৰ্কীয় এক বিশেষ প্ৰসাৰণ কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে যশৱন্তই বতৰৰ বতৰা সিমানতে সামৰি কয়ঃ ‘উষ্ণতা ৩২ ডিগ্ৰী ছেলচিয়াছলৈ উঠিছে। সেয়ে পৰ্যাপ্ত পানী খাওক আৰু পৰাপক্ষত ৰ’দত নোলাব।’
এয়া এক গুৰুত্বপূৰ্ণ ঘোষণা, কিয়নো পাম্বন দ্বীপত ১৯৯৬ অৰ্থাৎ যশৱন্তৰ জন্মৰ বছৰটোতকৈ অধিক গৰমৰ দিনৰ এতিয়া মুখামুখি হ’বলগীয়া হৈছে। তেতিয়া এই দ্বীপটোত বছৰত ১৬২ টা মান এনে দিন আছিল যেতিয়া উষ্ণতা ৩২ ডিগ্ৰী ছেলচিয়াছ হৈছিল বা তাৰে আশে-পাশে থাকিছিল। সম্পূৰ্ণ ৰূপে মাছ মৰাৰ ওপৰতে নিৰ্ভৰশীল তেওঁৰ পিতৃ এন্থনী সামী বাসে কয়। ১৯৭৩ৰ জন্ম পোৱা এন্থনীয়ে কয় যে তেতিয়া ১২৬ দিনতকৈ বেছি দিন গৰম পৰা নাছিল। কিন্তু আজিকালি গৰমৰ দিন বাঢ়িছে, ১৮০ দিন হৈ পৰিছে। নিউয়ৰ্ক টাইমচ্ কাকতত অনলাইন মাধ্যমত জুলাই মাহত প্ৰকাশিত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ প্ৰতিক্ৰিয়াশীল গণনাত এয়া কোৱা হৈছে।
সেয়ে যশৱন্ত আৰু তেওঁৰ সহযোগীয়ে কেৱল বতৰেই নহয়, জলবায়ুৰ দৰে ডাঙৰ সমস্যা বুজিবলৈ চেষ্টা কৰিছে। তেওঁৰ পিতৃ আৰু অইন মাছমৰীয়া, যাৰ প্ৰকৃত জনসংখ্যা দুখন চহৰ পাম্বন আৰু ৰামেশ্বৰমত ৮৩ হাজাৰমান হ’ব, তেওঁলোকে এই সমস্যাৰ বুজ সিহঁতৰ পৰা ল’ব বুলি আশা পালি ৰৈছে।
‘মই ১০ বছৰ ধৰি মাছ ধৰি আহিছোঁ,’ এন্থনী সামীয়ে কয়। ‘সমূদ্ৰখনত নিশ্চয়কৈ কিবা সলনি হৈছে (তেতিয়াৰে পৰা)। বাহিৰলৈ ওলোৱাৰ আগেয়ে আমি বতাহ আৰু বতৰৰ অনুমান কৰি লৈছিলোঁ। কিন্তু আজিকালি একো অনুমানেই সঠিক নহয়। ইমানেই সাংঘাতিক পৰিৱৰ্তনে দেখা দিছে যে আমাৰ জ্ঞানেই ভুল প্ৰমাণিত হয়। সাগৰলৈ যোৱাৰ সময়ত আগতে ইমান গৰম কেতিয়াও পৰা নাছিল। কিন্তু আজিকালি গৰমৰ কাৰণে জীৱিকা অতি কষ্টসাধ্য হৈ পৰিছে।’
কেতিয়াবা সামীয়ে যিখন সাগৰৰ কথা কয় সেইখন ঘাতক হৈ পৰে। এই বছৰ ৪ জুলাইৰ দিনা যশৱন্তই পিতৃৰ লগত মাছলৈ যাওঁতে তেনে এটা ঘটনা ঘটিছিল। সুবিধা পালেই তেওঁ নাও লৈ মাছ ধৰিবলৈ ওলাই গৈছিল। ৰাতি ৯ বজাৰ পিছত খবৰ আহিল যে সামূদ্ৰিক বতৰ বেয়া হোৱাৰ কাৰণে চাৰিজন মানুহে বাট হেৰুৱালে। সেই সময়ত কড়াল ওছাই বন্ধ আছিল। অনাতাঁৰ সম্প্ৰচাৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ আছিল। কিন্তু ৰেডিঅ’ জকী হোৱা বাবেই তেওঁ অনাতাঁৰ যোগে প্ৰচাৰ কৰিলে যে কিছু মাছমৰীয়া সংকটত পৰিছে। ‘চৌহদত এজন আৰ.জে. থাকেই। যদিওবা আনুষ্ঠানিক ভাবে আমি সম্প্ৰচাৰ বন্ধ ৰাখো।’ অনাতাঁৰ কেন্দ্ৰৰ মুৰব্বী গায়ত্ৰী ওচমানে কয়। আৰু আন কৰ্মচাৰী আশে-পাশেই থাকে। ‘সেয়ে বিপদকালীন পৰিস্থিতিত আমি সদায়ে খবৰ পঠিয়াব পাৰো।’ সেইদিনা কড়াল ওছাইৰ কৰ্মচাৰীয়ে আৰক্ষী, উপকূল ৰক্ষক, জনসাধাৰণ আৰু অইন মাছমৰীয়াক সতৰ্ক কৰাৰ বাবে নিৰন্তৰ কাম কৰি গৈছিল।
কেবাৰাতিও উজাগৰে কটোৱাৰ পিছত কেৱল দুজন মাছমৰীয়াক বচাব পৰা গ’ল। ‘তেওঁলোক ভগা-ছিঙা বল্লম (দেশী নাও)ত কথমপি ওলমি আছিল। আন দুজনে হাত বিষাবলৈ ধৰাত উপায়হীন হৈ মাজ বাটতে নাওঁ এৰি দিছিল,’ গায়ত্ৰীয়ে কয়। বিদায় দিয়াৰ সময়ত তেওঁ আন দুজন বন্ধুক কৈছিল যে তেওঁলোকে ঘৰলৈ মৰম পঠিয়ায় যেন আৰু কৈ দিয়ে যে বেছি সময় নাওখনত ধৰি থাকিব নোৱাৰিলে। তেওঁলোকৰ শৱদেহ ১০ জুলাইৰ দিনা সাগৰৰ পাৰত পৰি থকা অৱস্থাত পোৱা গ’ল।
‘এতিয়া আৰু পৰিস্থিতি আগৰ দৰে হৈ থকা নাই,’ ৫৪ বৰ্ষীয় এ. কে. সেচুৰাজ ওৰফে ‘কেপ্টেইন ৰাজ’ নামৰ মানুহজনে আমাক ক’লে। কেপ্টেইন ৰাজ নামটো তেওঁৰ নাওখনৰ পৰা পাইছে। তেওঁ কয় যে ন বছৰ বয়সত যেতিয়া তেওঁ সাগৰলৈ যোৱা আৰম্ভ কৰিছিল, তেতিয়া ‘সাগৰৰ স্বভাৱ বন্ধুসুলভ আছিল। মাছ কিমান পাম আৰু বতৰ কেনেকুৱা হ’ব আমি জানিছিলোঁ। এতিয়া দুয়োটাৰে অনুমান কৰাটো কঠিন হৈ পৰিছে।’
‘এতিয়া আৰু পৰিস্থিতি আগৰ দৰে হৈ থকা নাই,’ ৫৪ বৰ্ষীয় এ. কে. সেচুৰাজ ওৰফে ‘কেপ্টেইন ৰাজ’-এ কয়। তেওঁ কয় যে ‘সাগৰৰ স্বভাৱ বন্ধুসুলভ আছিল... মাছ কিমান পাম আৰু বতৰ কেনেকুৱা হ’ব আমি জানিছিলোঁ। এতিয়া দুয়োটাৰে অনুমান কৰাটো কঠিন হৈ পৰিছে।’
এই পৰিৱৰ্তনবোৰ দেখি ৰাজৰ চিন্তাত আউল নলগা নহয়, কিন্তু তেওঁৰ মনত উদয় হোৱা কিছু প্ৰশ্নৰ উত্তৰ কড়াল ওছাইৰ হাতত আছে। বেচৰকাৰী সংগঠন নেচাক্কৰংগলৰ দ্বাৰা ২০১৬ৰ ১৫ আগস্তৰ দিনা মুকলি কৰা এই সামূহিক অনাতাঁৰ কেন্দ্ৰটোই সমূদ্ৰ, বতৰৰ খবৰৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাৰ্যসূচী প্ৰচাৰ কৰি আহিছে।
‘কড়াল ওছাই-এ এটা কাৰ্যসূচী প্ৰতিদিনে চলায়, সেয়া হৈছে সমুথিৰম পঝগু (সাগৰখনক জানো আহক),’ গায়ত্ৰীয়ে কয়। ‘এই কাৰ্যসূচীৰ উদ্দেশ্য সাগৰৰ সংৰক্ষণ। আমি জানো যে ইয়াৰ সৈতে জৰিত ডাঙৰ সমস্যাবোৰে সম্প্ৰদায়বোৰৰ ওপৰত দীৰ্ঘকালীন প্ৰভাৱ পেলাব। সমুথিৰম পঝগু হৈছে জলবায়ু পৰিৱৰ্তনৰ ওপৰত আলোচনা চলাই যোৱাৰ এক প্ৰচেষ্টা। আমি সামুদ্ৰিক স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক কাৰ্যকলাপ আৰু তাৰ পৰা বাচি থকাৰ উপায়ৰ বিষয়ে আলোচনা কৰোঁ (যেনে ধৰক নাৱেৰে মাত্ৰাধিক মাছ ধৰা, বা ডিজেল আৰু পেট্ৰলে পানী কেনেদৰে প্ৰদূষিত কৰিছে আদি)। কাৰ্যসূচীৰ সময়ত আমাৰ তাত মানুহৰ ফোন আহে, তেওঁলোকে নিজৰ অনুভৱৰ বিষয়ে কয়। কেতিয়াবা নিজে কৰা ভূলৰ বিষয়ে কয় আৰু পুনৰ্বাৰ সেয়া নকৰে বুলি কথা দিয়ে।’
‘আৰম্ভণিৰ দিনৰে পৰা কড়াল ওছাইৰ গোটটো আমাৰ লগত সম্পৰ্কত আছে,’ চেন্নাই স্থিত এম. এছ. স্বামীনাথন ৰিচাৰ্ছ ফাউণ্ডেছন (এমএছএছআৰএফ)ৰ যোগাযোগ প্ৰৱন্ধক ক্ৰিষ্টি লীমাই কয়। ক্ৰিষ্টিয়ে অনাতাঁৰ কেন্দ্ৰটোলৈ সহায় আগবঢ়াই আহিছে। ‘তেওঁলোকে কাৰ্যসূচীবোৰত আমাৰ বিশেষজ্ঞ মাতে। মে’ মাহত আমি জলবায়ু পৰিৱৰ্তনৰ বিষয়ে সজাগতা অভিযানৰ সময়ত তেওঁলোকৰ সৈতে কাম কৰিছিলোঁ। কড়াল ওছাই-ৰ মাধ্যমেৰে সজাগতা অভিযান চলোৱাটো সহজ, কিয়নো সামূহিক অনাতাঁৰ কেন্দ্ৰ হিচাপে কড়াই ওছাই সেই অঞ্চলত ইতিমধ্যে জনপ্ৰিয়।’
এই অনাতাঁৰ কেন্দ্ৰই ‘কড়াল অউৰ অথিসয়ম, অথাই কাপাথুনাম অৱচিয়াম’ (সমূদ্ৰখন বিস্ময়কৰ, ইয়াক আমি সুৰক্ষা দিয়া উচিত) শিৰোনামেৰে মে’ আৰু জুন মাহত বিশেষকৈ জলবায়ু পৰিৱৰ্তন বিষয়ক কেন্দ্ৰ কৰি চাৰিটা খণ্ড প্ৰচাৰ কৰিছিল। ভি. চেলভামৰ নেতৃত্বত এমএছএছআৰএফ-ৰ সামূদ্ৰিক উপকূলৰ প্ৰণালী অধ্যয়ন গোটৰ বিশেষজ্ঞৰ দ্বাৰা এই খণ্ডকেইটা প্ৰস্তুত কৰা হৈছিল। ‘এনেকুৱা কাৰ্যসূচী খুবেই গুৰুত্বপূৰ্ণ কিয়নো আমি জলবায়ু পৰিৱৰ্তনৰ কথা কেৱল শীৰ্ষ নাইবা বিশেষজ্ঞ পৰ্যায়তে পাতো,’ চেলভামৰ এই মত। ‘তৃণমূল পৰ্যায়ত ইয়াৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে, তেওঁলোকৰ সৈতে যিয়ে দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱৰ সৈতে যুঁজ দিবলগীয়া হৈছে।’
১০ মে’ৰ দিনা প্ৰচাৰ কৰা এটা খণ্ডত পাম্বনৰ বাসিন্দাই তেওঁলোকৰ দ্বীপটোত হৈ থকা বৃহৎ পৰিৱৰ্তনৰ বিষয়ে ভালদৰে বুজাত সহায় কৰিলে। দুই দশক আগলৈকে কমেও ১০০ টা পৰিয়ালে ২,০৬৫ মিটাৰ দৈৰ্ঘ্যৰ পাম্বন দলংখনৰ কাষতে আছিল যিখন দলঙে ৰামেশ্বৰম চহৰক ভাৰতৰ মুখ্য ভূমিৰ সৈতে সংযুক্ত কৰে। কিন্তু সমূদ্ৰ পৃষ্ঠৰ উচ্চতা বঢ়াৰ ফলত তেওঁলোকে সেই ঠাই এৰিবলৈ বাধ্য হৈ পৰিল। খণ্ডটোত চেলভামে শ্ৰোতাক বুজাইছে যে কেনেদৰে জলবায়ু পৰিৱৰ্তনে বসতিস্থল এৰিবলৈ মানুহক বাধ্য কৰাইছে।
বিশেষজ্ঞ কিম্বা মাছুৱৈ আৰু অনাতাঁৰ কেন্দ্ৰটোৰ সংবাদদাতা কোনোৱেই এই সমস্যাটোৰ অতিপাত সৰলীকৰণৰ চেষ্টা নকৰিলে। তেওঁলোকে এই পৰিৱৰ্তনৰ কাৰণে কোনো বিশেষ ঘটনা নাইবা কোনো বিশেষ কাৰণ দেখুৱাবলৈ সক্ষম নহ’ল। কিন্তু তেওঁলোকে এই পৰিৱৰ্তনত মানৱ কাৰ্যকলাপৰ প্ৰভাৱৰ বিষয়ে ইংগিত দিলে। কড়াল ওছাই-এ সকলোৰে মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ বিচৰাত সামূহিক অনুসন্ধানৰ নেতৃত্ব বহন কৰাৰ চেষ্টা কৰিছে।
‘পাম্বন ভূমি এক পৰিস্থিতিতন্ত্ৰ প্ৰধান অঞ্চল আৰু সেয়ে অধিক অসুৰক্ষিতও,’ চেলভামে কয়। ‘কিন্তু বালিৰ তিলাবোৰৰ উপস্থিতিয়ে দ্বীপটোৰ জলবায়ু পৰিৱৰ্তনৰ কিছু প্ৰভাৱৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰি এই দ্বীপটো শ্ৰীলংকাৰ উপকূলীয় ঘূৰ্ণীবতাহৰ পৰা সুৰক্ষিত হৈ আছে,’ চেলভামে বুজাই ক’লে।
কিন্তু সামূদ্ৰিক সম্পদৰ নিৰন্তৰ ক্ষয় হৈ আছে আৰু ইয়াৰ অন্তৰালত আছে জলবায়ু তথা অইন কাৰকৰ প্ৰভাৱ, চেলভামে কয়। বিশেষকৈ মাছধৰা নাৱৰ দ্বাৰা অত্যাধিক হাৰত মাছ ধৰাৰ ফলত মাছুৱৈৰ বাবে মাছ কমিছে। সামূদ্ৰিক তাপমান বাঢ়ি অহাৰ ফলত মাছৰ জাকবোৰ দিকভ্ৰষ্ট হৈছে।
‘উৰল, চিৰা, বেলকম্বন...আদি প্ৰজাতি লুপ্ত হৈ গৈছে,’ মাছমৰীয়া সম্প্ৰদায়ৰ মহিলা তথা কড়াল ওছাইৰ আৰ. জে. বি মধুমিতাই ২৪ মে’ত প্ৰচাৰ কৰা এটা খণ্ডত কৈছিল। ‘পাল চৰা, কলেবতী, কম্বন চুৰা আদি কিছু প্ৰজাতি এতিয়াও আছে, কিন্তু সংখ্যা কমিছে। আচৰিত হ’বলগীয়া কথা এয়ে যে কেৰেলাত ফালে প্ৰচুৰ পৰিমাণে পোৱা মাথি মাছ (এবিধ ভাঙোন জাতীয় সৰু মাছ) এতিয়া আমাৰ ফালে প্ৰচুৰ পৰিমাণে পোৱা যায়।’
সেই খণ্ডটোতে এগৰাকী বয়সস্থ মহিলা লীনা (তেওঁৰ সম্পূৰ্ণ নাম পোৱা নগ’ল)-এ কয় যে আন এটা প্ৰজাতি মণ্ডাইকালুগু যিটো দুটা দশক আগেয়ে সেই ঠাইত জাকে জাকে উপচি আছিল, এতিয়া নাইকিয়া হৈ গৈছে। তেওঁৰ প্ৰজন্মই সেই প্ৰজাতিৰ মাছৰ মুখৰ কণী কাঢ়ি আনি খাই পেলালে, তেওঁ তেওঁ কয়। ই এনে এটা ধাৰণা যিটো বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু একেটা সম্প্ৰদায়ৰ (লগতে পূৰ্ণকালিন কড়াল ওছাইৰ ঘোষিকা তথা নিৰ্মাতা) হৈও এম চেলাসৰ দৰে কম বয়সৰ মহিলাই ভালদৰে বুজি নাপায়।
‘১৯৮০ৰ দশকলৈ আমি কট্টাই, সীলা, কম্বান সুৰা আৰু এনেধৰণৰ অইন প্ৰজাতিৰ মাছবোৰ টনে টনে পাইছিলোঁ,’ লীনাই কয়। ‘আজিকালি আমি সেই মাছবোৰ ডিছকভাৰী চেনেলত বিচাৰি ফুৰো। মোৰ ককা-আজোককা (যিয়ে মেচিন নথকা দেশী নাৱেৰে মাছ ধৰিছিল)-এ কৈছিল যে ইঞ্জিনৰ শব্দ শুনি মাছবোৰ পলাই যায়। আকৌ পেট্ৰল-ডিজেলে পানীত বিহ ঢালিছে আৰু মাছৰ সোৱাদেই সলনি কৰি দিছে।’ তেওঁ মনত পেলাই কয় যে সেই দিনকেইটাত মহিলাইও সমূদ্ৰৰ তৰাং পানীত নামি জাল পেলাই মাছ ধৰিছিল। এতিয়া সাগৰৰ তৰাং পানীত মাছ নাই কাৰণে মহিলাও সমূদ্ৰলৈ যাবলৈ এৰি দিলে।
১৭ মে’ৰ দিনাৰ খণ্ডটোত মাছ ধৰাৰ পাৰম্পৰিক কৌশল আৰু নতুন কৌশলৰ ওপৰত চৰ্চা কৰা হৈছিল আৰু সামূদ্ৰিক জীৱন সুৰক্ষিত কৰাৰ কাৰণে দুয়োটাৰে কেনেদৰে সমন্বয় সাধন কৰিব পাৰি তাৰে ওপৰত চিন্তা-চৰ্চা কৰা হৈছিল। ‘মাছুৱৈসকলক সমূদ্ৰৰ উপকূলীয় অঞ্চলত মাছৰ কাৰণে পিঞ্জৰা সাজি আৱদ্ধ প্ৰজনন কৰোৱাৰ বাবে উৎসাহিত কৰা হয়। চৰকাৰে এই ‘আৱদ্ধ প্ৰজনন’ৰ সমৰ্থন কৰে, কিয়নো ই নিঃশেষ হ’বলৈ ধৰা সামূদ্ৰিক সম্পদৰ সমস্যা সমাধানত সহায়ক হ’ব,’ গায়ত্ৰীয়ে কয়।
পাম্বনৰ ২৮ বৰ্ষীয় মাছুৱৈ এণ্টনী ইনিগো এই বিষয়ত আগ্ৰহী। ‘আগতে আমি সিন্ধুঘোটক (সামূদ্ৰিক স্তন্যপায়ী প্ৰাণী) ধৰা পৰিলে তাক পুনৰাই সাগৰলৈ এৰি নিদিছিলোঁ। কিন্তু কড়াল ওছাইত প্ৰচাৰিত এক কাৰ্যসূচী শুনাৰ পিছত আমি জানিবলৈ পালো যে জলবায়ু পৰিৱৰ্তন আৰু মানৱীয় কাৰ্যকলাপে কেনেদৰে সেই প্ৰাণীবিধক বিলুপ্তিৰ গৰাহলৈ ঠেলি দিছে। আজিকালি সিন্ধুঘোটক ধৰা গ’লে এৰি দিও, লাগিলে আমাৰ দামী জালেই কাটিবলগীয়া হওঁক। কাছও এতিয়া আমি এৰি দিওঁ।’
‘আমাৰ ওচৰলৈ অহা কোনো বিশেষজ্ঞই জলবায়ু পৰিৱৰ্তনে মাছক কেনেদৰে প্ৰভাৱিত কৰিছে সেই বিষয়ে ক’লে আমি এনে কিছুমান মাছুৱৈক লগ পাওঁ যিয়ে আমাক তেওঁলোকৰ অভিজ্ঞতাৰ পৰা জনায় যে সেই কথাত কিমান সত্যতা আছে,’ গায়ত্ৰীয়ে কয়।
‘মাছবোৰ নাইকিয়া হোৱাৰ দোষ আমি ইশ্বৰ আৰু প্ৰকৃতিক জাপি দিছো। আমাৰ কাৰ্যসূচীৰ মাধ্যমেৰে আমি অনুভৱ কৰিব পাৰিছোঁ যে ইয়াৰ বাবে আমিয়েই একমাত্ৰ দায়ী,’ চেলাসে কয়। কড়াল ওছাইৰ সকলো কৰ্মচাৰী তেওঁৰ দৰেই মৎস্যোপজীৱি সম্প্ৰদায়ৰ, গায়ত্ৰীৰ বাদে। গায়ত্ৰী এগৰাকী অৰ্হতাসম্পন্ন চাউণ্ড ইঞ্জিনিয়াৰ। ডেৰ বছৰ আগতে তেওঁলোকৰ সৈতে কাম কৰিবলৈ লৈছে আৰু এই সামূহিক মঞ্চক এক স্পষ্ট দিক্ আৰু উদ্দেশ্য প্ৰদান কৰিছে।
কড়াল ওছাইৰ অনিৰ্বচনীয় কাৰ্যালয়টো পাম্বন পথত আছে। ঠাইখিনি দিনটোৰ বেছিভাগ সময় মাছুৱৈ আৰু বেপাৰীৰে ভৰি থাকে। ফলকত নীলা ৰঙেৰে লিখা আছে - মনদু মুন্নেট্ৰাথুক্কানা ভানলি (আমাৰ উন্নয়নৰ বাবে এই অনাতাঁৰ)। কাৰ্যালয়ৰ ভিতৰত আধুনিক ৰেকৰ্ডিং ষ্টুডিঅ’ৰ লগতে এফএম ষ্টেছন আছে। শিশু, মহিলা আৰু মাছুৱৈৰ কাৰণে তেওঁলোকৰ ভিন্ন কাৰ্যসূচী আছে। তাৰে মাজতে সমূদ্ৰলৈ যোৱা মাছুৱৈৰ কাৰণে তাত আম্বা গীত বজোৱা হয়। কেন্দ্ৰটোত সৰ্বমূঠ ১১ গৰাকী কৰ্মচাৰীৰ ভিতৰত কেৱল যশৱন্ত আৰু ডি. ৰেডিমাৰ এতিয়াও সাগৰত মাছ ধৰিবলৈ যায়।
যশৱন্তৰ পৰিয়ালে বহু বছৰ আগেয়ে থুথুকুৰিৰ পৰা পাম্বনলৈ আহিছিল। ‘তাতে মাছ মৰাটো লোভনীয় ব্যৱসায় হৈ থকা নাছিল,’ তেওঁ কয়। ‘মোৰ পিতাই পৰ্যাপ্ত হাৰত মাছ পোৱাটো টান হৈ পৰিছিল।’ ৰামেশ্বৰম আপেক্ষিকভাৱে ভাল ঠাই আছিল, কিন্তু ‘কিছু বছৰ পাছত ইয়াতো পৰিস্থিতি বেয়ালৈ ঢাল খালে।’ কড়াল ওছাই-এ তেওঁক এই কথা উপলব্ধি কৰাত সহায় কৰিলে যে ‘আনৰ ক’লা যাদুৰ পৰা এনে হোৱা নাই, বৰঞ্চ এয়া আমি জলবায়ুৰ ওপৰত কৰা ক’লা যাদুৰহে পৰিণাম।’
লাভক লৈ মানুহে ইমান মুৰ ঘমোৱা দেখি তেওঁ চিন্তিত হয়। ‘বহুত বয়সীয়াল মানুহে এতিয়াও ভাবে যে তেওঁলোকৰ পূৰ্বপুৰুষে মাছ ধৰাৰ ক্ষেত্ৰত বিশেষ একো এটা কৰিব নোৱাৰাৰ বাবেই তেওঁলোক দৰিদ্ৰ হৈ থাকিল। তেওঁলোকে যিমান পাৰে সিমান মুনাফা লাভৰ চেষ্টা কৰে। ফলত সমূদ্ৰৰ সম্পদ মাত্ৰাধিক শোষিত হ’বলৈ ধৰিছে। আমাৰ যুৱচামৰ কিছুমানে এতিয়া এই সমস্যা অনুধাৱন কৰিব পাৰিছে, সেয়ে আমি সেই ‘ক’লা যাদু’ নাইকিয়া কৰাৰ চেষ্টা কৰি আছোঁ।’
লাভক লৈ মানুহে ইমান মুৰ ঘমোৱা দেখি তেওঁ চিন্তিত হয়। ‘বহুত বয়সীয়াল মানুহে এতিয়াও ভাবে যে তেওঁলোকৰ পূৰ্বপুৰুষে মাছ ধৰাৰ ক্ষেত্ৰত বিশেষ একো এটা কৰিব নোৱাৰাৰ বাবেই তেওঁলোক দৰিদ্ৰ হৈ থাকিল… তেওঁলোকে যিমান পাৰে সিমান মুনাফা লাভৰ চেষ্টা কৰে। ফলত সমূদ্ৰৰ সম্পদ মাত্ৰাধিক শোষিত হ’বলৈ ধৰিছে।
এতিয়াও সম্প্ৰদায়টোৰ বৃহৎ পাৰম্পৰিক জ্ঞানভাণ্ডাৰৰ পৰা শিকিবলগীয়া বহু কথা আছে। ‘এই কাম বিশেষজ্ঞসকলে প্ৰায়ে কৰে,’ মধুমিতাই কয়। ‘ইয়াৰ যোগেদি তেওঁলোকে সেই জ্ঞানেই সত্যাপিত কৰে আৰু সেয়া কিয় আমি পুনৰ্ব্যৱহাৰ কৰিব লাগে সেই কথা আমাক সোঁৱৰাই দিয়ে। আমাৰ অনাতাঁৰ কেন্দ্ৰই সেই পাৰম্পৰিক জ্ঞানৰ সন্মান কৰাৰ লগতে তাক এক গুৰুত্বপূৰ্ণ মঞ্চও প্ৰদান কৰে। তাৰ বিনিময়ত আমাৰ সম্প্ৰদায়টোৱে আমাৰ কাৰ্যসূচীৰ জৰিয়তে প্ৰচাৰিত বিশেষজ্ঞতাৰ প্ৰয়োগ কৰে।’
পাম্বন নাবিক সংঘৰ অধ্যক্ষ এছ.পি. ৰায়পন্ন এই কথাৰ সৈতে একমত। ‘আমি সামূদ্ৰিক জীৱনৰ অত্যাধিক শোষণ আৰু বিপদৰ বিষয়ে সদায়ে মাত মাতি আহিছো। কড়াল ওছাইৰ দ্বাৰা মাছুৱৈৰ মাজত সৃষ্টি কৰা সজাগতা ফলপ্ৰসূ হোৱা দেখা গৈছে, আমাৰ মানুহ এতিয়া সিন্ধুঘোটক-কাছ আদি বচোৱাৰ কাৰণে কেতিয়াবা বাহিৰৰ পৰা মগাই অনা জালো ত্যাগ কৰে।’ চেলাস আৰু মধুমিতাই আশা কৰে যে তেওঁলোকৰ অনাতাঁৰ কেন্দ্ৰটোৱে মণ্ডাইকালুগু-ক সেই দ্বীপটোৰ জলৰাশিলৈ ঘুৰাই অনাত সহায় কৰিব।
প্ৰায়ভাগ সামূহিক অনাতাঁৰ কেন্দ্ৰৰ দৰে কড়াল ওছাইৰো প্ৰসাৰণ ১৫ কিলোমিটাৰৰ ভিতৰতে সীমাবদ্ধ। কিন্তু পাম্বনত মানুহে কড়াল ওছাইৰ আদৰি লৈছে। ‘আমি শ্ৰোতাৰ পৰা এদিনত দহখন মানকৈ পত্ৰ পাওঁ,’ গায়ত্ৰীয়ে কয়। ‘আমি যেতিয়া আৰম্ভণি কৰিছিলোঁ, তেতিয়া আমি কোন আৰু কি উন্নয়নৰ কথা কৈছো সেই লৈ মানুহবোৰ আচৰিত হৈছিল। এতিয়া তেওঁলোকে আমাক বিশ্বাস কৰে।’
মাত্ৰ জলবায়ুৰ ওপৰতহে তেওঁলোকে বিশ্বাস হেৰুৱাইছে।
প্ৰচ্ছদ আলোকচিত্ৰঃ পাম্বনত ৮ জুনৰ দিনা যুক্তৰাষ্ট্ৰৰ বিশ্ব মহাসাগৰ দিৱস উদযাপনৰ সময়ত এটি শিশুৰ হাতত কড়াল ওছাই বুলি লিখা থকা এখন বৰ্ড দেখা গৈছে। (আলোকচিত্ৰঃ কড়াল ওছাই)
দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত namita@ruralindiaonline.org ৰাখি এই ইমেইল ঠিকনালৈ লিখক- zahra@ruralindiaonline.org
অনুবাদঃ পংকজ দাস