“এক মিনিটো পলম কৰিব নোৱাৰে, নহ’লে জেং লাগি যাব,” লক্ষ্ণৌ কেণ্টনমেণ্ট বিধানসভা সমষ্টিৰ মহানগৰ পাব্লিক ইণ্টাৰ কলেজৰ দিশে ফোপাই-জোপাই খোজ দিয়া ৰীতা বাজপেয়ীয়ে কয়। সেই ভোটগ্ৰহণ কেন্দ্ৰটোত তেওঁৰ ডিউটি পৰিছে। অৱশ্যে সেইটো তেওঁ ভোট দিয়া কেন্দ্ৰটো নহয়।
কলেজখন তেওঁৰ ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰমান দূৰত আছে। তেওঁ পুৱা চাৰে পাঁচমান বজাত তাত পতা ভোটগ্ৰহণ কেন্দ্ৰটো অভিমুখে আগবাঢ়িছিল। তেওঁৰ হাতত আছিল এটা মোনা, মোনাটোত আছিল এটা ডিজিটিলে থাৰ্ম’মিটাৰ, চেনিটাইজাৰ বটল, কেন্দ্ৰটোত বিলাবলৈ অনা ডিচপ’জেবল গ্ল’ভচ্ আৰু মাস্ক। উত্তৰ প্ৰদেশৰ নখন জিলাৰ ৫৮ টা সমষ্টিৰ লগতে লক্ষ্ণৌত চতুৰ্থ পৰ্য্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলিছিল, সেই দিনটো তেওঁৰ বাবে বিশেষ ব্যস্ততাৰ দিন আছিল।
উত্তৰ প্ৰদেশৰ নিৰ্বাচন শেষ হ’ল। ফলাফলো ওলাল। কিন্তু তাৰে এক বিশালসংখ্যক মহিলাৰ ফলাফল এতিয়াও আহিবলৈ বাকী। সেয়া অতিকৈ হতাশাজনক, সম্ভৱতঃ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িওৱা ফলাফল হ’ব পাৰে বুলি তেওঁলোক শংকিত। ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন পৰিচালনাত ভাগ লৈ যি বিপদৰ মাজলৈ আশাকৰ্মীসকলে নিজকে ঠেলি দিবলগীয়া হ’ল, তাৰেই ফলাফলৰ কথা ইয়াত কোৱা হৈছে।
১৬৩,৪০৭ গৰাকী আশাকৰ্মীক ভোটগ্ৰহণ কেন্দ্ৰত কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল, তাকো কোনো লিখিত চৰকাৰী নিৰ্দেশ অবিহনে। বিড়ম্বনা যে তেওঁলোকক দায়িত্ব দিয়া হৈছিল ভোটগ্ৰহণ কেন্দ্ৰবোৰত স্বাস্থ্যবিধি বৰ্ত্তাই ৰখা, কিন্তু তেওঁলোকৰ নিজৰেই সুৰক্ষাৰ কোনো বিশেষ ব্যৱস্থা নাছিল। এয়া সেইখন ৰাজ্যৰ কথা, য’ত ২০২১ৰ এপ্ৰিল-মে’ত ক’ভিডজনিত কাৰণত প্ৰায় ২,০০০ গৰাকী স্কুল শিক্ষকৰ মৃত্যু হৈছিল।

লক্ষ্ণৌৰ বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰ এটাত ২৩ ফেব্ৰুৱাৰীৰ দিনা ৰীতা বাজপেয়ীয়ে ভোটাৰ এজনৰ হাতত চেনিটাইজাৰ স্প্ৰে কৰিছে
শিক্ষকৰ সেই বিধ্বস্ত পৰিয়ালবোৰে ক্ষতিপূৰণৰ বাবে যুঁজিলে, বহুতেই ৩০ লাখকৈ ক্ষতিপূৰণ পালে। আশা কৰ্মীসকলৰ হাতত নে আছিল লিখিত নথি, নে অৰ্ডাৰ কিম্বা নিৰ্দেশনা, যিটোৰে তেওঁলোকক এনেদৰে শাস্তিমূলক কাম বুলি ভবা, ভোটদানৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা এই ডিউটিৰ বিৰুদ্ধে যুঁজিব পাৰিব।
তেওঁলোকৰ ভয়ৰ কাৰণ হৈছে ক’ভিড-১৯। ভোটিঙৰ প্ৰথম পৰ্য্যায়বোৰত দায়িত্ব নিৰ্বাহ কৰা সহকৰ্মী আশাসকলৰ ওপৰত ক’ভিডৰ প্ৰভাৱ কেনে হ’ব, সেয়া তেওঁলোকে এতিয়াও হিচাপ কৰিব পৰা নাই।
*****
লক্ষ্ণৌৰ প্ৰায় ১,৩০০ আশাকৰ্মীয়ে তেওঁলোক কৰ্মৰত থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পৰা পোৱা মৌখিক নিৰ্দেশ আৰু ডিউটিৰ নিৰ্দেশনাৰ ভিত্তিতে ভোটগ্ৰহণ কেন্দ্ৰত ডিউটি কৰিবলগীয়া হৈছিল। ৰাজ্যিক স্বাস্থ্য বিভাগে তেওঁলোকক নিৰ্বাচনৰ স্বাস্থ্যবিধি ৰক্ষাৰ দায়িত্ব দিছিল।
“আমাক চন্দন নগৰ পিএইচচিটোলৈ মাতি নিয়া হৈছিল,” ৰীতাই কয়। “তাতেই আমাক ভোটদানৰ দিনা কেন্দ্ৰটোত স্বাস্থ্যবিধি ৰক্ষাৰ মৌখিক নিৰ্দেশনা দিয়া হৈছিল। আমাক বীজাণুনাশক স্প্ৰে কৰা, (ভোটাৰৰ) দেহৰ উষ্ণতা পৰীক্ষা কৰা আৰু মাস্ক বিলোৱাৰ কাম দিয়া হৈছিল।”
২০২২ৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চৰ ভিতৰত উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত সমগ্ৰ ৰাজ্যখনৰে আশাকৰ্মীসকলক একে ধৰণৰে দায়িত্ব দিয়া হৈছিল।
“আশাকৰ্মীৰ নামৰ বিপৰীতে ভোটগ্ৰহণ কেন্দ্ৰৰ তালিকা এখন প্ৰকাশ পাইছিল, যিখনত কাৰো চহীও নাছিল,” লক্ষ্ণৌৰ সংৰ্বাগীণ বিকাশ ইণ্টাৰ কলেজ ভোটকেন্দ্ৰত ডিউটি পৰা ৩৬ বছৰ বয়সীয়া পূজা চাহুৱে কয়।
“ভাৱকচোন, ভোটগ্ৰহণ কেন্দ্ৰটোত যদি লৰা-ঢপৰা লাগি যায়, বা আমাৰ কিবা এটা হয়, কোনে আমাৰ দায়িত্ব ল’লেহেঁতেন?” ২৭ ফেব্ৰুৱাৰীৰ দিনা পল ডিউটি কৰা চিত্ৰকূট চহৰৰ ৪১ বছৰ বয়সীয়া শান্তি দেৱীয়ে কয়। “আমি যে ডিউটিত আছিলো, লিখিত অৰ্ডাৰ অবিহনে কেনেকৈ প্ৰমাণ কৰিলোহেঁতেন? আশাকৰ্মীয়ে এই বিষয়ত মাত মাতিবলৈ সংকোচবোধ কৰিছে। এনে সময়ত যদি মাত মাতো, বিপদত পৰাটো খাটাং। কিয়নো মই অকলে অহা-যোৱা কৰিবলগা হৈছিল।”

চিত্ৰকূটত আশাকৰ্মী শান্তি দেৱীঃ আমি যে ডিউটিত আছিলো, লিখিত অৰ্ডাৰ অবিহনে কেনেকৈ প্ৰমাণ কৰিলোহেঁতেন ?
কিন্তু শান্তি দেৱীয়ে প্ৰশ্ন কৰিছিল, যেতিয়া তেওঁ দেখিছিল যে চিত্ৰকূটৰ ভোটগ্ৰহণ কেন্দ্ৰটোত আন কৰ্মচাৰীয়ে উপস্থিতিৰ খাতা এখনত চহী মাৰিছে। আশাকৰ্মীসকলেও চহী কৰিব লাগিব নেকি বুলি তেওঁ অধিষ্ঠাতা বিষয়া (প্ৰিজাইডিং অফিছাৰ)জনক সুধিছিল। “কিন্তু তেওঁলোকে আমাক হাঁহিছিল,” তেওঁ কয়। “তেওঁলোকে কৈছিল যে আমাক নিৰ্বাচন আয়োগে নিযুক্তি দিয়া নাই হেতুকে আমি চহী কৰি উপস্থিতি দৰ্শোৱাৰ প্ৰয়োজন নাই।” শান্তি চিত্ৰকূটৰ প্ৰায় ৮০০ৰো অধিক আশাকৰ্মীসকলৰ মাজৰ এগৰাকী, যিসকলৰ একেই অভিজ্ঞতা হৈছিল।
চিত্ৰকূটৰ ৩৯ বছৰ বয়সীয়া আন এগৰাকী আশাকৰ্মী কালাৱন্তিয়ে তেওঁৰ ডিউটিৰ নিৰ্দেশৰ উল্লেখ থকা চিঠি বিচাৰি প্ৰশ্ন কৰোঁতে পিএইচচিৰ কৰ্মচাৰীয়ে তেওঁক চুপ থাকিবলৈ কৈছিল। “মোৰ স্বামী চৰকাৰী প্ৰাথমিক বিদ্যালয় এখনৰ সহকাৰী শিক্ষক আৰু প্ৰায় এসপ্তাহ আগত মই তেওঁৰ ডিউটিৰ চিঠি দেখিছো,” তেওঁ কয়। “মোৰ ডিউটি পৰিলে মোকো এনে চিঠি দিয়া হ’ব বুলি মই ভাবিছিলো। কিন্তু পিএইচচিৰ পৰা চেনিটাইজেছনৰ সামগ্ৰী পোৱাৰ পিছত মই পিএইচিখনৰ ভাৰপ্ৰাপ্ত লখন গাৰ্গক আৰু বিচিপিএম (ব্লক কমিউনিটি প্ৰচেছ মেনেজাৰ) ৰোহিতক লিখিত অৰ্ডাৰ বিচাৰোতে তেওঁলোকে ক’লে যে আশাকৰ্মীসকলৰ বাবে কোনো লিখিত অৰ্ডাৰ নাই, ডিউটি কৰাৰ বাবে মৌখিক নিৰ্দেশেই যথেষ্ট।”
নিৰ্বাচনৰ দিনা কালাৱন্তিয়ে ভোটকেন্দ্ৰটোত ১২ ঘণ্টা থাকিবলগীয়া হৈছিল। কিন্তু তাত তেওঁৰ ডিউটি শেষ হোৱাৰ পিছতো কাম শেষ হোৱা নাছিল। তেওঁ কাম কৰা পিএইচচিটোৰ অগজিলেৰি মিডৱাইফ নাৰ্ছ (এএনএম) গৰাকীৰ পৰা তেওঁলৈ ফোনকল আহিল। “ঘৰলৈ ঘূৰি অহাৰ পিছত এএনএমগৰাকীয়ে মোক চৰম সকীয়নি দিলে যে মই কাইলৈৰ দিনটোৰ ভিতৰত সম্পূৰ্ণ এখন গাঁৱৰ সমীক্ষা কৰি পিছদিনা ৰিপ’ৰ্ট জমা দিব লাগিব।”
কেৱল কালাৱন্তিয়েই নহয় যাৰ ভোটকেন্দ্ৰটোত উপস্থিতিক কাম বুলি বিবেচনা কৰা নহৈছিল, যাৰ বাবে আনকি তেওঁ পাৰিশ্ৰামিকো পোৱা নাছিল। ভোটকেন্দ্ৰত উপস্থিত থকা কোনো এগৰাকী আশাকৰ্মীয়েও পাৰিশ্ৰমিক পোৱা নাছিল। “তেওঁলোকে আমাক চিঠি নিদিয়ে,” উত্তৰ প্ৰদেশৰ আশা ইউনিয়নৰ সচিব বীণা গুপ্তাই কয়। “চিঠি দিলে আমাক ভাত্তা দিব লাগিব। নিৰ্বাচনৰ ডিউটি কৰা আন সকলো কৰ্মচাৰীয়েই ভাত্তা পাইছে, কিন্তু আশা আৰু অংগনবাদী কৰ্মীয়ে পোৱা নাই। অহা-যোৱাৰ নামতো তেওঁলোকে নিজৰ পকেটৰ পৰা পইছা খৰছ কৰিবলগীয়া হৈছিল, এক কথাত ক’বলৈ গ’লে তেওঁলোকক শোষণ কৰা হৈছিল,” তেওঁ কয়।
এনে ঘটনা প্ৰথমবাৰ হৈছে, এনে নহয়।

ভোটগ্ৰহণৰ দিনা অনাময় আৰু স্বাস্থ্যবিধি ৰক্ষাৰ বাবে ৰীতা বাজপেয়ীৰ ডিউটি পৰা মহানগৰ পাব্লিক ইণ্টাৰ কলেজৰ ভোটকেন্দ্ৰটো। সেইদিনা তেওঁ ১০ ঘণ্টালৈ কাম কৰিছিল
*****
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ঘাই চালিকাশক্তি , কিন্তু কম দৰমহা আৰু অধিক কামৰ বোজাৰ মাজত দায়িত্ব নিৰ্বাহ কৰা আশাকৰ্মীসকলেই ২০০৫ৰে পৰা ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাটোৰ আগশাৰীত থাকি কাম কৰি আহিছে। কিন্তু তেওঁলোক সদায়েই চৰকাৰৰ অৱহেলা, উপেক্ষা আৰু কেতিয়াবা আনকি চৰম অন্যায়ৰ বলি হৈ আহিছে।
যেতিয়া ক’ৰনাভাইৰাছ মহামাৰী গোটেই দেশতে বিয়পি পৰিছিল, আশাকৰ্মীসকলক মানুহৰ ঘৰে ঘৰে গৈ পৰীক্ষা কৰা, প্ৰব্ৰজনকাৰী শ্ৰমিকক নিৰীক্ষণ কৰা, মহামাৰীৰ সময়ত জাৰী কৰা নিয়ম মানি চলাটো নিশ্চিত কৰা, ক’ভিড যতন আৰু ভেকচিনৰ সুবিধা ৰোগীলৈ উপলব্ধ কৰোৱা, আৰু ডেটা সংগ্ৰহ কৰি পিএইচচিলৈ সেয়া ৰিপ’ৰ্ট হিচাপে পঠিওৱা আদি জটিল কিন্তু অতিৰিক্ত কামত তেওঁলোক নিয়োজিত কৰা হৈছিল। তেওঁলোকে সুৰক্ষাৰ সামান্য সামগ্ৰীৰে ডিউটিৰ উপৰিও অতিৰিক্ত ঘণ্টা কাম কৰিবলগীয়া হৈছিল, পাৰিশ্ৰামিকো পলমকৈ পাইছিল । কোৱা নিষ্প্ৰয়োজন যে দিনে ৮ৰ পৰা ১৪ ঘণ্টালৈ , আনকি সপ্তাহান্ততো গঢ়ে ২৫-৫০ ঘৰ মানুহক সাক্ষাৎ কৰা কাম কৰি ব্যক্তিগতভাৱে সাংঘাতিক বিপদ তেওঁলোকে মূৰপাতি লৈছিল।
“যোৱা বছৰৰ পৰা (২০২০) আমাৰ কামৰ বোজা বাঢ়িল। কিন্তু আমি অতিৰিক্ত কামৰ বাবদ অতিৰিক্ত পাৰিশ্ৰামিকো পোৱা উচিত নহয়নে?” চিত্ৰকূটৰ এগৰাকী আশাকৰ্মী ৩২ বছৰীয়া ৰত্নাই কয়। উত্তৰ প্ৰদেশত আশাকৰ্মীয়ে মাহে ২,২০০ টকা পাৰিশ্ৰমিক পায়। বিভিন্ন স্বাস্থ্য আঁচনিৰ অধীনত কৰ্মদক্ষতাৰ ভিত্তিত পোৱা ইনচেণ্টিভ মিলাই তেওঁলোকে ৫,৩০০ টকা উপাৰ্জন কৰিব পাৰে।
২০২০ৰ মাৰ্চৰ শেষৰফালে ক’ভিড-১৯ স্বাস্থ্য ব্যৱস্থাৰ তৎপৰতা আৰু জৰুৰীকালীন সঁহাৰি পেকেজৰ অধীনত কেন্দ্ৰ চৰকাৰে আশাকৰ্মীসকলক মাহে ১,০০০ টকাৰ ‘ক’ভিড ইনচেণ্টিভ’ৰ আবণ্টন দিয়ে। সেই ধনৰাশি ২০২০ৰ জানুৱাৰীৰ পৰা জুনলৈ দিয়া হৈছিল। জৰুৰীকালীন পেকেজৰ দিন সম্প্ৰসাৰণ ঘটোৱাত ২০২১ৰ মাৰ্চলৈকে সেয়া চলিল।
মে’ মাহত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্যসমূহক যোৱাটো বিত্তীয় বৰ্ষৰ ব্যয় নোহোৱা পূঁজিৰ পৰা ২০২১ৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ ইনচেণ্টিভ আদায় দিয়াৰ নিৰ্দেশ দিয়ে। কিন্তু ২০২১ৰ ১ জুলাইৰ পৰা ২০২২ৰ ৩১ জুলাইলৈ ৰূপায়ণ কৰা ক’ভিড সাহায্য পূঁজিৰ দ্বিতীয়টো পৰ্য্যায়ত আশাকৰ্মীকে ধৰি সন্মুখশাৰীৰ কৰ্মীৰ নাম ইনচেণ্টিভৰ তালিকাৰ পৰা কাটি পেলোৱা হ’ল।
২০২০ৰ এপ্ৰিলত আশাকৰ্মীৰ কৰ্ম পৰিৱেশ আৰু তেওঁলোকৰ পেমেণ্ট সন্দৰ্ভত চলোৱা এক সমীক্ষাত দেখা গৈছে যে ১৬ খন ৰাজ্যৰ ১১ খনেই আশাকৰ্মীৰ প্ৰাপ্য ক’ভিড ইনচেণ্টিভ আদায় দিয়াত পিছপৰি আছে। “টিকাকৰণ আদি কামৰ বাবে প্ৰাপ্য ইনচেণ্টিভো কোনো এখন ৰাজ্যইও দি থকা নাছিল যিবোৰ লকডাউনৰ সময়ত বন্ধ কৰি ৰখা হৈছিল,” ৫২ গৰাকী আশাকৰ্মী আৰু আশা ইউনিয়নৰ নেত্ৰীৰ সাক্ষাৎকাৰৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদনত এই তথ্য পোৱা গৈছে।


প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কৰ্মীকো গোটেই ৰাজ্যখনত নিৰ্বাচনৰ ডিউটি দিয়া হৈছিল। বীজাণুনাশক ছটিওৱা, ভোটাৰৰ ফোন সংগ্ৰহ কৰা, উষ্ণতা পৰীক্ষা কৰা আৰু মাস্ক বিলোৱা আদি বিভিন্ন কাম তেওঁলোকে কৰিবলগীয়া হৈছিল
মহামাৰীৰ সৈতে জৰিত সকলো অতিৰিক্ত কামৰ বোজা মূৰ পাতি লোৱা স্বত্ত্বেও ৰত্নাই ২০২১ৰ জুনৰ পৰা ‘ক’ভিড ইনচেণ্টিভ’ পোৱা নাই। “যোৱাবছৰ এপ্ৰিল আৰু মে’ মাহত মই কেৱল ২,০০০ টকা পাইছো,” তেওঁ কয়। “মাহে এহাজাৰকৈ হ’লে অনাদায় ধন কিমানখিনি হ’ব, আপুনি হিচাপ কৰি উলিয়াব পাৰে।” ৰত্নাই পাবলগীয়া ইনচেণ্টিভৰ পৰিমাণ অতিকমেও ৪,০০০ টকা হ’ব। তাকো পেমেণ্টখিনি পাবলৈ এএনএম গৰাকীৰ পৰা ভাউচ্চাৰ চহী কৰাই অনাৰ পিছতো এই ৰাশি অনাদায় হৈ আছে, য’তনেকি চহী অনাটোৱে এটা ডাঙৰ প্ৰত্যাহ্বান।
“আমাৰ পেমেণ্ট ভাউচ্চাৰবোৰ আৰু আমি কৰা কামবোৰৰ বাবে চহী কৰাবলৈ এএনএম গৰাকীক মান্তি কৰোৱাটো কিমান টান কাম আপুনি বিশ্বাস নকৰিব,” ৰত্নাই কয়। “এদিনাখন যদি মই কিবা জৰুৰী কাৰণত বা গা বেয়া কাৰণে কাম কৰিব নোৱাৰিলো, তেওঁ ক’ব যে ‘এই মাহত তুমি ভালকৈ কাম কৰা নাই’ – এইবুলি তেওঁ সেই মাহৰ ১,০০০ টকাৰ ইনচেণ্টিভ কাটিব, যিখিনি সন্মুখশাৰীৰ কৰ্মী হিচাপে ২৯ দিন কাম কৰাৰ বাবদ আশাকৰ্মীৰ প্ৰাপ্য ধন,” তেওঁ কয়।
সমগ্ৰ দেশত প্ৰায় ১০ লাখৰো অধিক গ্ৰামীণ আৰু নগৰাঞ্চলৰ আশাকৰ্মীয়ে তেওঁলোকৰ কামৰ স্বীকৃতিৰ বাবে যুঁজ দি আহিছে। এয়া এনে এটা ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ, যিটো তেওঁলোকৰ অল্পবেতনতে অধিক শ্ৰমদানৰ ওপৰতে টিকি আছে। চিটিজেনচ্ ফৰ জাষ্টিচ এণ্ড পিচ-ৰ এক প্ৰতিবেদনত এনেদৰে কোৱা হৈছেঃ “তেওঁলোক কোনো ন্যূনতম মজুৰি আইনৰ আওতাত নপৰে আৰু নিয়মীয়া চৰকাৰী চাকৰিয়ালে পোৱা প্ৰসৱকালীন ছুটি আৰু আন সা-সুবিধা লাভ নকৰে।”
বিড়ম্বনাৰ কথা যে ক’ভিড-১৯ৰ সময়ত তেওঁলোকেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মহামাৰী নিয়ন্ত্ৰণৰ কাৰ্য্যনীতিত এক গুৰুত্বপূৰ্ণ সমন্বয়ৰক্ষীৰ কাম কৰিছিল, কিন্তু সেই আশাকৰ্মীসকলৰ চিকিৎসাৰ প্ৰতি কোনোৱে গুৰুত্ব নিদিয়াৰ ফলত, আনকি চিকিৎসাৰ অভাৱত তেওঁলোকে প্ৰায়ে কষ্ট ভোগা পৰিলক্ষিত হয়।
“এপ্ৰিলৰ শেষভাগত (২০২১ৰ) মোৰ ঘৰৰ পৰা এটা ফোন আহিল যে মাৰ গা বেয়া,” ২৩ বছৰ বয়সীয়া সুৰজ গংৱাৰে মাক শান্তি দেৱীক ২০২১ৰ মে’ত হেৰুওৱাৰ কেইদিনমান আগৰ ঘটনা মনত পেলায়। “সেই কথা শুনামাত্ৰকে মই দিল্লীৰ পৰা বৰেলীলৈ ঢাপলি মেলিলো। তেতিয়ালৈ মাক হস্পিতালত ভৰ্ত্তি কৰোৱা হৈছিল।” দিল্লীৰ এখন ব্যক্তিগত ফাৰ্মত কাম কৰা পেছাত অভিযন্তা সুৰজে কয়, তেঁৱেই এতিয়া তিনিজনীয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী।

ভোটকেন্দ্ৰলৈ কঢ়িয়াই নিবলগীয়া হোৱা ডাষ্টবিন, চেনিটাইজাৰ আৰু পিপিই কিটৰ সৈতে চিত্ৰকূটৰ আশাকৰ্মী চুনকি দেৱী
“মই গৈ পাওঁতে আমি একেবাৰেই জনা নাছিলো যে মা ক’ভিড পজিটিভ আছিল। ২৯ মে’ত আৰটি-পিচিআৰ পৰীক্ষা কৰাৰ পিছতহে আমি সেয়া জানিব পাৰিলো। তেতিয়াই হস্পিটেলে তেওঁৰ নৰখা হ’ল আৰু আমি মাক ঘৰলৈ লৈ আহিবলগীয়াত পৰিল। ১৪ মে’ৰ দিনা তেওঁৰ গা আৰু বেয়া হোৱাত তেওঁক হস্পিটেললৈ নিয়াৰ চেষ্টা কৰিলোঁ যদিও আদবাটতে তেওঁ ঢুকাল,” গংৱাৰে কয়। ক’ভিড পজিটিভ হোৱা স্বত্ত্বেও চৰকাৰী চিকিৎসাৰ সুবিধা নাপাই মৃত্যুমুখত পৰা সন্মুখশাৰীৰ স্বাস্থ্যকৰ্মীৰ ভিতৰত তেওঁৰ মাকো এগৰাকী আছিল।
২০২১ৰ ২৩ জুলাই লোকসভাত উত্থাপিত প্ৰশ্ন এটাৰ উত্তৰত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰে কয় যে ২০২১ৰ এপ্ৰিললৈকে ক’ৰনাভাইৰাছ আক্ৰান্ত হৈ ১০৯ গৰাকী আশাকৰ্মীৰ মৃত্যু ঘটিছে, চৰকাৰী তথ্যত উত্তৰ প্ৰদেশত এই সংখ্যা শূন্য বুলি কিন্তু উল্লেখ আছে। কিন্তু ক’ভিড-১৯ত মৃত্যু ঘটা আশাকৰ্মী সন্দৰ্ভত কোনো ৰাজহুৱা নিৰ্ভৰযোগ্য তথ্য নাই। ২০২০ৰ ৩০ মাৰ্চত কেন্দ্ৰ চৰকাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত সন্মুখশাৰীৰ স্বাস্থ্যকৰ্মীৰ ক’ভিডজনিত কাৰণত মৃত্যু ঘটা পৰিয়াললৈ ৫০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছিল, সেই ক্ষতিপূৰণো তেওঁলোকৰ বহুতেই নাপালে।
“মোৰ মায়ে ফিল্ডৰ কাম এদিনো খতি কৰা নাছিল, আশাকৰ্মী হিচাপে কৰ্তব্যনিষ্ঠাৰে তেওঁ নিজৰ কাম কৰি গৈছিল,” সুৰজে কয়। “মহামাৰীৰ সময়ত তেওঁ সদাসষ্টম আছিল, কিন্তু তেওঁ যেতিয়া ঢুকাল, চৰকাৰে ভ্ৰূক্ষেপকে নকৰিলে। তেওঁলোকে কয় যে আমি ক্ষতিপূৰণৰ যোগ্য নহয়।”
সুৰজ আৰু তেওঁৰ পিতৃয়ে সহায়ৰ বাবে বৰেলীৰ নৱাগগঞ্জ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ মুখ্য চিকিৎসা বিষয়া আৰু আন কৰ্মচাৰীৰ কাষ চাপিছে যদিও একো সঁহাৰি পোৱা নাই। মাকৰ আৰটি-পিচিআৰ আৰু মৃত্যুৰ প্ৰমাণপত্ৰ আমাক দেখুৱাই তেওঁ কয়ঃ “মুখ্য চিকিৎসা বিষয়াগৰাকীয়ে কয় যে হস্পিটেলৰ পৰা ক’ভিড-১৯ত মৃত্যু হোৱাৰ উল্লেখ থকা মৃত্যুৰ প্ৰমাণপত্ৰ দাখিল কৰিলেহে ক্ষতিপূৰণৰ বাবে যোগ্য বুলি বিবেচনা কৰা হ’ব। এতিয়া সেইখন ক’ত পাম, কোনো এখন হস্পিটেলে তেওঁক ভৰ্ত্তি কৰাব নিদিলে? যাৰ অতিকৈ প্ৰয়োজন, সিয়েই যদি এই আঁচনিৰ সুবিধা নাপায়, তেন্তে এইখন আঁচনিখনক ভেকো-ভাওনা নুবুলি বুলিম কি?”
*****
যোৱাবছৰৰ ভয়াৱহ ছবিখন স্মৃতিৰ পৰা মচ নৌখাওতেই এইবছৰ উত্তৰ প্ৰদেশৰ ১৬০,০০০ৰো অধিক আশাকৰ্মীৰ মূৰত বিধানসভা নিৰ্বাচনৰ বেতনবিহীন, কষ্টকৰ আৰু বিপদসংকূল কামৰ দায়িত্ব জাপি দিয়া হ’ল। আশাকৰ্মীৰ কেন্দ্ৰীয় সচিব বীণা গুপ্তাই এয়া চৰকাৰৰ হিচাপ-নিকাচ কৰি লোৱা সিদ্ধান্ত বুলি মন্তব্য কৰে। “আপুনি যদি মোক প্ৰশ্ন কৰে, মই ক’বলৈ সংকোচ নকৰো যে্ এই মহিলাসকলক মূৰ দাঙিব নোৱাৰাকৈ কামৰ বোজা দিয়া হ’ল, যাতে তেওঁলোকে ভোট দিব যাব নোৱাৰে। কিয়নো তেওঁলোকে ভয় কৰে যে এই আশাকৰ্মীসকলৰ দাবী উপেক্ষা কৰি অহাৰ লগতে তেওঁলোকক যেনেদৰে কম টকাতে খটুওৱা হৈছে, সেই অভিজ্ঞতাৰ কাৰণে আশাকৰ্মীয়ে তেওঁলোকৰ বিৰুদ্ধে ভোট দিব পাৰে।”
ৰীতাই তথাপি ভোট নিদিয়াকৈ নাথাকো বুলি ঠিৰাং কৰিছিল। “মই চাৰি বজাত মোৰ ভোটকেন্দ্ৰলৈ গৈ ভোট দিম বুলি ভাবি থৈছো,” পাৰিক তেওঁ সেই সময়ত কৈছিল। “কিন্তু মোৰ অনুপস্থিতি পূৰাই আন এগৰাকী আশাকৰ্মী ইয়ালৈ আহিলেহে মই যাব পাৰিম। সেই ভোটকেন্দ্ৰটো ইয়াৰ পৰা প্ৰায় চাৰি কিলোমিটাৰমান দূৰত আছে,” তেওঁ কয়। আন আশাকৰ্মীসকলৰ দৰে তেওঁ নিজেই নিজৰ ঠাইত আন কোনো আশাকৰ্মীক থকাৰ ব্যৱস্থা কৰিহে যাব পাৰিব, তাতে স্বাস্থ্য বিভাগে কোনো সহায় নকৰে।
পুৱাৰ ভাগত ভোটকেন্দ্ৰটোত ৰিপ’ৰ্ট কৰিবলগীয়া আশাকৰ্মীগৰাকীক পুৱাৰ কিম্বা দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা হোৱা নাই। “ডিউটিত থকা কৰ্মচাৰীলৈ লাঞ্চৰ পেকেট অনা মই দেখিছিলো আৰু তেওঁলোকে মোৰ সন্মুখতে খাইছিল, কিন্তু মই নাপালো,” লক্ষ্ণৌৰ আলমবাগ অঞ্চলত কৰ্মৰত আশাকৰ্মী পূজাই পাৰিক কয়।


বাওঁফালেঃ ডিউটি কৰা ভোটকেন্দ্ৰত একো খাদ্যবস্তু নিদিয়াত দুপৰীয়াৰ আহাৰৰ কাৰণে বিৰতি বিচাৰি লক্ষ্ণৌৰ আশাকৰ্মীয়ে দিয়া মেচেজবোৰ। সোঁফালেঃ উত্তৰ প্ৰদেশৰ আশাকৰ্মীৰ ইউনিয়নৰ সচিব বীণা গুপ্তাই কয় যে অতিৰিক্ত কামত নিয়োজিত কৰা আশাকৰ্মীসকলক কোনোধৰণৰ ভাত্তাও দিয়া হোৱা নাছিল, যাতায়তৰ খৰছো নিজে বহন কৰিবলগীয়া হৈছিল
ভোটকেন্দ্ৰত থকা আন সকলো কৰ্মচাৰীয়ে আবেলি প্ৰায় ৩ বজাত লাঞ্চৰ পেকেট পালে যদিও আশাকৰ্মীসকলে লাঞ্চতো বাদেই, ঘৰলৈ গৈ খোৱাৰ বাবে বিৰতিৰো অনুমতি নাপালে। “নিজেই চাওক আমি কেনেদৰে সকলোৱে লাঞ্চ ব্ৰেক বিচাৰি আছিলো। তেওঁলোকে আমাক ঘৰলৈ গৈ খাই অহাৰো অনুমতি নিদিলে। আমাৰ ঘৰবোৰ বেছি দূৰত নাছিল। প্ৰতিগৰাকী আশাকৰ্মীক তেওঁলোকৰ ঘৰৰ আশে-পাশে ডিউটি দিয়া হৈছিল,” পূজাই কয়। তাৰে মাজতে তেওঁ আলমবাগত কাম কৰা আশাকৰ্মীৰ হোৱাটচআপ গ্ৰুপ এটাৰ মেচেজবোৰ দেখুৱায়।
ৰীতাৰ সৈতে ভোটকেন্দ্ৰটোত কাম কৰা জেনেৰেল নাৰ্ছ মিডৱাইফ (জিএনএম) অন্নু চৌধাৰীয়ে যেতিয়া ডিউটিত থকা আৰক্ষী আৰু আন চৰকাৰী কৰ্মচাৰীয়ে খাদ্য পোৱা দেখিলে, তেওঁ খঙত ক্ষুণ্ণ হৈ পৰিছিল। “আমাৰ লগত কেনে অন্যায় আচৰণ কৰিছে, দেখিছেনে?” তেওঁ অভিযোগ কৰি কয়। “আমি যেন একোৱেই নহয়, আমাক তেনেকুৱা আচৰণ কৰা হয়। ডিউটিত থকা আনবোৰে পোৱা সুবিধাবোৰ আমি কিয় নাপাওঁ?”
চিত্ৰকূটৰ আশাকৰ্মীসকলক ভোটকেন্দ্ৰটোত আন এটা দায়িত্বও দিয়া হৈছিল, জাবৰবোৰ নিষ্পত্তি কৰা। জিলাখনৰ আন আশাকৰ্মীৰ দৰে শিৱানী খুশৱাহাকো পিএইচচিৰ পৰা চেনিটাইজিং সামগ্ৰীৰ লগতে এটা ডাঙৰ ডাষ্টবিন দিয়া হৈছিল। “তেওঁলোকে আমাক কেইটামান পিপিই কিটো দিছিল,” তেওঁ কয়। “ভোটকেন্দ্ৰত ক’ভিড পজিটিভ ধৰা পৰা ভোটাৰক সেয়া দিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছিল। আমাক পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটকেন্দ্ৰত থকাৰ কোৱা হৈছিল। তাৰপাছত খুটাহা উপকেন্দ্ৰটোত ব্যৱহৃত বা অব্যৱহৃত পিপিই কিটৰ লগতে আন জাবৰ পেলোৱা ডাষ্টবিনটো জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছিল।” তাৰমানে ভৰ্ত্তি ডাষ্টবিনৰ সৈতে তেওঁলোকে মূল ৰাস্তাৰ পৰা এক কিলোমিটাৰ খোজকাঢ়িবলগীয়া হৈছিল।
কথাখিনি কৈ থাকোতে ক্ষোভত খুশৱাহাৰ মাতটো কঁপিছিল। “আমি অনাময় আৰু স্বাস্থ্যবিধি সকলোৱে মানি চলাটো নিশ্চিত কৰিবলগীয়া হৈছে, আমি কৰিছো। কিন্তু আমাক যথোচিত চিঠি এখনতো দিয়া, যেনেদৰে আন কৰ্মচাৰীক দিয়া হৈছে। চৰকাৰী কৰ্মচাৰীয়ে যেনেদৰে নিৰ্বাচনৰ ডিউটিৰ বাবদ ভাত্তা পাইছে, আমাক কিয় দিয়া হোৱা নাই? আমি কি ফ্ৰীতে কাম কৰা বান্দী নেকি?”
জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ অনুদানেৰে এক স্বতন্ত্ৰ সাংবাদিকতাৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন আগবঢ়াইছে । ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদনা নিয়ন্ত্ৰণ আৰোপ কৰা নাই ।
অনুবাদ: পংকজ দাস