“আমি যিমানেই এনে কঁপাহ কিনিম, সিমানেই ধাৰত পোত যাম ।” খাইৰা গাঁৱত আমাৰ আগত এই মন্তব্য কৰে কুনাৰী সবৰীয়ে। ৪০ৰ ওচৰা-ওচৰি বয়সৰ সবৰী হৈছে সাৰোৰা আদিবাসী সম্প্ৰদায়ৰ। খাইৰা সাৰোৰা আদিবাসী সম্প্ৰদায় অধ্যুষিত গাঁও।
“নাঙলেৰে হাল বাই আৰু গোবৰেৰে খেতি কৰাটো আমাৰ পৰম্পৰা আছিল। আজি এনেদৰে কোনেও খেতি নকৰে।” তেওঁ এনেদৰে কয়। তেওঁ লগতে কয়, “ আজি আমি প্ৰতিটো বস্তুৰ বাবে বজাৰলৈ দৌৰিবলগীয়া হয়। বীজ, কীটনাশক, সাৰ বজাৰৰ পৰা ক্ৰয় কৰিবলগীয়া হয়। আনকি আমি খোৱাখিনিও সেয়াও বজাৰৰ পৰা ক্ৰয় কৰিবলগীয়া হয়। আগতে এনে নাছিল।”
কঁপাহৰ খেতিয়ে সৃষ্টি কৰা এক নিৰ্ভৰশীলতা কুমাৰীৰ এনে মন্তব্যই প্ৰতিফলিত কৰিছে। এই নিৰ্ভৰশীলতাই পৰিৱেশগতভাৱে সংবেদনশীল ৰায়গড়া জিলাৰ পাহাৰীয়া অঞ্চলত খোপনি পুতিছে। ইয়াৰ পৰিণাম অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ, খাদ্য সুৰক্ষাৰ বাবে অশুভ হব তথা কৃষকসকলৰ বিলাই-বিপত্তি বৃদ্ধি কৰিব।(
ওড়িশাত জলবায়ু সংকটৰ বীজ ৰোপন
)। আমি ওখ ঠাই(পাহাৰীয়া অঞ্চল)ৰ পৰা নামনিলৈ আহোতে এনে পৰিস্থিতি স্পষ্ট ৰূপত দেখিবলৈ পালো ৰায়গড়াৰ গুণুপুৰ খণ্ডত। গুণপুৰত প্ৰথমে কঁপাহ খেতি কৰা হয়। আমি মণিব পৰালৈকে দেখিলো যে অন্ধ্ৰ প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলটোত কেৱল কঁপাহ খেতিহে হয়। ইয়াৰ সমান্তৰালভাৱে স্পষ্ট হয় প্ৰচণ্ড বিলাই-বিপত্তি।
“আমি ১০-১২ বছৰ পূৰ্বে কঁপাহ খেতি কৰিবলৈ লওঁ। এতিয়া আমাৰ আন কোনো উপায় নথকাৰ বাবে ইয়াৰ খেতি কৰো।” এনেদৰে কয় গুণুপুৰ খণ্ডৰ খাইৰা অঞ্চলৰ বহু লোকে। অঞ্চলটোৰ ভালেসংখ্যক কৃষকে কলে যে তেওঁলোকে মূলধন বিনিয়োগৰ প্ৰয়োজন হোৱা কঁপাহৰ খেতিৰ কঁপাহৰ খেতি কৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে নিজৰ বীজেৰে আৰু পৰম্পৰাগতভাৱে কৰি অহা বহুকেইটা খেতি কৰাটো ত্যাগ কৰিবলগীয়া হয়।
আমাৰ নিজৰ কৃষি-শস্য আৰু নিজা কৃষি আছিল । এনেদৰে ক্ষোভ প্ৰকাশ কৰে ছাঅৰাৰ এজন যুৱ কৃষক ক্ষেত্ৰ সাবাৰাই। অন্ধ্ৰ প্ৰদেশৰ লোক আহি আমাক কঁপাহ খেতি কৰিবলৈ কৈছিল আৰু ইয়াৰ খেতিৰ প্ৰতিটো কথাই শিকাইছিল। এনেদৰে কয় সন্তোষ কুমাৰ ডাণ্ডাছেনা নামৰ অঞ্চলটোৰ এজন কৃষকে। তেওঁ লগতে কয় যে লাভ অৰ্জনে অঞ্চলটোৰ গাঁও কাপ্পা বা কঁপাহৰ খেতি কৰিবলৈ আকৰ্ষণ কৰে। (ফলস্বৰূপে) আমি ধ্বংস হলো আৰু ঋণদাতাসকল সুখী হৈছে।
আমি গাঁওবাসীৰ সৈতে কথা পাতি থকাৰ সময়তে গাঁৱৰ পথত ঘন সেউজীয়া জন ডীয়েৰ ট্ৰেক্টৰে চলাচল কৰা দেখিবলৈ পালো। গাঁৱৰ মন্দিৰৰ দেৱালত ওড়িয়া ভাষাত লিখা বি টি কঁপাহৰ বীজৰ কোম্পানীৰ পোষ্টাৰ প্লাষ্টাৰ কৰি লগাই থোৱা দেখিবলৈ পালো। এই খেতিৰ বাবে মাটি চহোৱা আৰু বীজ সিঁচা সঁজুলি গাঁৱৰ মধ্যস্থলত ৰখা দেখিবলৈ পালো ।
“অধিকাংশ কঁপাহ খেতিয়কেই ধৰুৱা হৈছে। কাৰণ বীজ আৰু কৃষি-কৰ্মৰ খৰচ বৃদ্ধি পাইছে, কিন্তু উত্পাদিত কঁপাহৰ মূল্যৰ উত্থান-পতন ঘটি আছে আৰু মধ্যভোগীয়ে লাভ হস্তগত কৰে।” এনেদৰে কয় অঞ্চলটোত কাম কৰি থকা প্ৰকৃতি সংৰক্ষণকাৰী দুলাল দেব নামৰ এজন লোকে এনেদৰে কয়। তেওঁ লগতে কয় “ ৰায়গড়াত বহু কৃষকে (উত্পাদিত ফচলৰ) বজাৰ মূল্যতকৈ কমচেকম ২০ শতাংশ কম মূল্য লাভ কৰে।”
কিন্তু কৃষকসকলে বিস্তৰ লোকচান ভৰাৰ পাছতো কঁপাহ খেতি কিয় কৰি আছে ? এই প্ৰশ্নৰ উত্তৰত সাবাৰাই কয়, “ আমি ধন ধাৰে দিয়াসকলৰ জালত বান্ধ খালো। যদি আমি কঁপাহৰ খেতি নকৰো তেন্তে তেওঁলোকে ধন ধাৰে নিদিয়ে। যদি আমি ধান খেতি কৰো তেতিয়া আমাক ধন ধাৰে নিদিয়ে। কেৱল কঁপাহ খেতি কৰিলেহে ধন ধাৰে দিয়ে। ”
সংৰক্ষণবিদ দেবৰ সহকৰ্মী দেবদুলাল ভট্টাচাৰ্যই এনে পৰিস্থিতি সম্পৰ্কত কয়, “ কিয় কঁপাহৰ খেতি কৰিছে, সেই কথা নুবুজাকৈয়ে কৃষকসকলে কঁপাহ উত্পাদন কৰি আছে।” “তেওঁলোকে প্ৰতিটো খোজতে সম্পূৰ্ণৰূপে বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। (মাটিৰ গৰাকী নিজে হোৱা সত্বেও) বীজ সিঁচাৰ পৰা আৰম্ভ কৰি খেতি চপোৱা লৈকে কৃষকসকলে কোনো নিজা সিদ্ধান্ত লব নোৱাৰে। আমি এইসকল কৃষকক কৃষক বুলিনে নিজা কৃষিপামৰ শ্ৰমিক বুলি কোৱা উচিত হব?” এনেদৰেও কয় দেবে।
কঁপাহ খেতিৰ সম্ভৱতঃ সৰ্ববৃহত্ ধ্বংসাত্মক প্ৰভাৱ প্ৰসাৰিত বা বিয়পি পৰিছে বুলি উল্লেখ কৰি দেব আৰু তেওঁৰ সহকৰ্মীসকলে আঙুলিয়াই দিয়ে যে পৰিৱেশ তন্ত্ৰৰে চহকী এই অঞ্চলত কঁপাহ খেতিৰ বাবে স্থানীয় লোকৰ জ্ঞাতসাৰেই জৈব-বৈচিত্ৰত খহনীয়াৰ সৃষ্টি হৈছে। বৰ্ধিত অনিশ্চয়তা আৰু চৰম প্ৰতিকূল পৰিৱেশত তিষ্টি থাকিব পৰা কৃষিৰ বাবে পৰিৱেশতন্ত্ৰ আৰু জৈৱ-বৈচিত্ৰ দুয়োটাই গুৰুত্বপূৰ্ণ।
দেবে কয়, “জলবায়ু পৰিৱৰ্তনে অঞ্চলটোৰ বতৰ-পৰিৱেশত আচম্বিতে বিৰূপ প্ৰভাৱ পেলাইছে। দীৰ্ঘদিন ধৰি বৰ্তি থকা খৰাং, প্ৰচুৰ অকাল বৃষ্টি আৰু সঘনে হোৱা মাত্ৰাধিক খৰাঙৰ অভিজ্ঞতা ইতিমধ্যে ওড়িশাৰ কৃষকসকলে অৰ্জন কৰিছে।” দেবে লগতে কয়, কঁপাহৰ দৰে ধনা আৰু শাক-পাচলিৰ আধুনিক প্ৰজাতিসমূহে (যিবোৰে থলুৱা পুৰণি প্ৰজাতিৰ স্থান দখল কৰিলে) পৰিৱেশৰ হঠাতে ঘটা পৰিৱৰ্তনৰ সৈতে উতপত্তিগতভাৱেই খাপ খাব নোৱাৰে। ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে এনে শস্য বৰ্তি থকাত, প্ৰজনন, উত্পাদন আৰি সৰ্বশেষত খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে।”
অঞ্চলটোত হোৱা বৰষুণৰ পৰিমাণৰ তথ্য, কৃষকসকলৰ অভিজ্ঞতাসঞ্চিত তথ্যই এই কথাই প্ৰতিপন্ন কৰে যে অঞ্চলটোত বতৰৰ সাংঘাটিক পৰিৱৰ্তন সাধন হৈছে। ২০১৪-১৮ৰ সময়ছোৱাত অঞ্চলটোত হোৱা বাৰ্ষিক বৰষুণৰ পৰিমাণ গড়ে ১,৩৮৫ মিলিমিটাৰ আছিল। ইয়াৰ পৰিমাণ ১৯৯৬-২০০০ৰ সমছোৱাৰ গড় বৰষুণৰ পৰিমাণতকৈ ৩৪ শতাংশ অধিক আছিল । ১৯৯৬-২০০০ৰ সমছোৱাত গড় বৰষুণৰ পৰিমাণ ১,০৩৪ মিলিমিটাৰ আছিল। (ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ তথ্য চাওক)। তদুপৰি আই আই টি ভুৱনেশ্বৰৰ গৱেষকসকলে ২০১৯ত সম্পন্ন কৰা এক
অধ্যয়নত
পোৱা যায় যে ওড়িশাত প্ৰচুৰৰ পৰা অত্যধিক বৃষ্টিপাত আৰু ইয়াৰ সমান্তৰালভাৱে বৰষুণ নোহোৱা শুকান দিন উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। একে সময়তে ৰাজ্যখনত শুষ্কদিনৰ সংখ্যা হ্ৰাস পাইছে।
ৰায়গড়াৰ চুবুৰীয়া কৰাপুট জিলাত কৃষকসকলৰ স্বাৰ্থত কাম কৰি থকা সমাজকৰ্মী শাৰণ্য নায়কে কয়, বিগত তিনি বছৰত বহু পলমকৈ বৰষণু হয়। গ্ৰীষ্ম কালৰ আৰম্ভণীতে কম পৰিমাণৰ বৰষুণ হয়। গ্ৰীষ্মকালৰ মাজভাগত অত্যধিক আৰু গ্ৰীষ্ম ঋতুৰ অন্তিমত প্ৰচুৰ বৰষুণ হয়। ইয়াৰ দ্বাৰা বুজা যায় যে বীজ সিঁচাত পলম হল। কৃছি-কৰ্মৰ মধ্যম অৱস্থাত তথা শস্যক ৰদৰ প্ৰয়োজন হোৱাৰ সময়ত বৰষুণ হল আৰু খেতি চপোৱাৰ সময়ত প্ৰচুৰ বৰষুণে শস্য নষ্ট কৰিলে।
অঞ্চলটোত খাদ্য আৰু কৃষিৰ সৈতে সম্পৰ্কিত কাম-কাজৰে জড়িত লিভিং ফাৰ্মছ নামৰ এন জি অটোৰ কৰ্মকৰ্তা দেৱজিত সাৰাংগীয়ে এই পৰিস্থিতি সম্পৰ্কত কয়, “ এই অঞ্চলত পূৰ্বে গ্ৰীষ্ম কাল জুনৰ মাজভাগৰ পৰা আৰম্ভ হৈছিল আৰু অক্টোবৰলৈকে গ্ৰীষ্মকাল বৰ্তি থাকে। কিন্তু বিগত কিছু বছৰত গ্ৰীষ্মকাল বা বৰষুণ অ-নিয়মীয়া হৈ পৰে।” সাৰাংগী আৰু নায়ক দুয়োৱে যুক্তি দিয়ে যে থলুৱা খাদ্যশস্যত গুৰুত্ব আৰোপেৰে বহুকেইটা খেতি কৰাৰ ব্যৱস্থা কঁপাহৰ খেতিতকৈ ওড়িশাৰ পৰিৱেশত অধিক খাপ খাই পৰে। তেওঁলোকে কয়, “ আমাৰ সঞ্চিত অভিজ্ঞতাৰ পৰা কওঁ যে বহুকেইটা খেতি কৰা কৃষকসকলে বতৰৰ প্ৰতিকূলতাৰ সৈতে কঁপাহ খেতিয়কতকৈ অধিক ভালদৰে খাপ খাই পৰিব পাৰে।” সাৰাংগীয়ে অধিক উদ্বেগজনক এক মন্তব্য কৰি কয়, “বি টি কঁপাহৰ এটা খেতিৰ জড়িয়তে বজাৰৰ সৈতে সম্পৰ্ক থকা কৃষকসকলে টাইম বোমাৰ ওপৰত বহি আছে।”
*****
নতুন জি এম এক কৰ্ষিত শংকৰিত বীজৰে নতুন কৃষি-পদ্ধতি গ্ৰহণ কৰিলেও বহু কৃষকে খাদ্য সুৰক্ষা আৰু কৃষি-কৰ্মৰ স্বাধীনতাৰ প্ৰতি অহা বিপদ অনুধাৱন কৰিব পাৰিছে। কিন্তু আন বহুতে বিশেষকৈ মহিলাসকলে পৰম্পৰাগত কৃষি পদ্ধতি ত্যাগ নকৰাত জোৰ দিবলৈ লৈছে। নিয়ামগিৰিত ঘটা ঘটনাৰ বিপৰীত ঘটনা ঘটিছে কেৰাণডিগুডা গাঁৱত। গাঁওখনৰ কুনুজি কুলুছিকা নামৰ কন্ধ আদিবাসী সম্প্ৰদায়ৰ এগৰাকী মহিলাই তেওঁৰ পুত্ৰ সুৰেন্দ্ৰক এইবাৰ বছৰ কঁপাহৰ খেতি কৰাত বাধা দিছে।
এই আদিবাসী মহিলাগৰাকী কঠোৰ পৰিশ্ৰমী। পাহাৰৰ কাষৰ এডোখৰ মাটিলৈ সলনি কৰা খেতিলৈ লৈ তেওঁ খালী ভৰিৰে গৈ তাত কামত মনেনিৱেশ কৰে। ব্লাউজ অবিহনেই তেওঁ আঁঠুলৈকে ঢকা শাৰী পৰিধান কৰে। মূৰৰ চুলিকোচা তেওঁ পিছফালে পেলাই ৰাখে। আদিবাসী মহিলা বুলি কলেই চকুৰ সন্মুখত ভাঁহি উঠা কুনুজিৰ দৰে সাজ-পাৰ পৰিধান কৰা এগৰাকী মহিলাৰ ছবিয়ে চৰকাৰী, নিগম অথবা উন্নয়নৰ প্ৰতিশ্ৰতি দিয়া এন জি অৰ বিজ্ঞাপনত স্থান লাভ কৰে। তথাপি দেবে মতপোষণ কৰে যে বাসিন্ধা কুনুজিৰ দৰে মানুহৰ উচ্চ জ্ঞান আৰু দক্ষতাত খহনীয়া জলবায়ু পৰিৱৰ্তনৰ কৱলত পৰা এখন ঠাইৰ ধ্বংসাত্মক হব।
পৰম্পৰাগত খেতিৰ পৰিৱৰ্তে কঁপাহৰ খেতি কৰিবলৈ শংকিত হোৱাৰ কাৰণ ব্যাখ্যা কৰি কুনুজিয়ে কয়, “ যদি আমি আমাৰ (নিজৰ) শস্যৰ খেতি এবছৰৰ বাবেও ত্যাগ কৰো তেতিয়া আমাৰ বীজ শেষ হোৱাৰ পাছত আকৌ বীজ কৰ পৰা পাম ? কঁপাহৰ খেতি কৰিবলৈ ললে আমি পৰম্পৰাগত বীজ হেৰুৱাই বিপদৰ সন্মুখীন হম। আমি গোমধান (মাক্কাৰ)ৰ খেতি কৰা ঠাইত যোৱা বছৰ সুৰেন্দ্ৰই কিছু কঁপাহৰ খেতি কৰিছিল। আমি যদি কঁপাহৰ খেতি অব্যাহত ৰাখো, তেতিয়া ভৱিষ্যতে গোমধানৰ খেতি কৰিবলৈ আমাৰ হাতত আমাৰ নিজা বীজ বুলি কবলৈ একো নাথাকিব।”
ভিডিঅটো চাওকঃ কন্ধৰ কৃষক কুনুজি কুলুছিকাই কৈছে, “কঁপাহৰ বীজ মোৰ বাবে নহয় (মোৰ বাবে প্ৰয়োজন নাই)। তেওঁ বিভিন্ন ধৰণৰ থলুৱা খাদ্য শস্য প্ৰদৰ্শন কৰিছে।
আমি যেতিয়া পুৰণি (বাপতি সাহোন) বীজৰ নাম উল্লেখ কৰিলো, তেতিয়া কুনুজি উত্ফুল্লিত হৈ উঠিল। তেওঁ ঘৰলৈ দৌৰি গল আৰু পৰিয়ালে কৰা বিভিন্ন শস্যৰ নমুনা আনি আমাক দেখুৱালে। তেওঁ এই শস্যৰ নমুনা বাঁহৰ পাত্ৰ, প্লাষ্টিকৰ জাৰ অথবা মোনাত সংৰক্ষণ কৰি ৰাখিছে। প্ৰথমে তেওঁ আমাক ভূমি অনুসৰি সিঁচিবলৈ প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ মটৰমাহৰ বীজ দেখুৱালে। তাৰ পাছতে ওখ ঠাইত সিঁচিবলৈ সাজু কৰা ধান, সঁৰিয়হ, মগু, মাটিমাহ আৰু দুটা ধৰণৰ বীণৰ বীজ দেখুৱালে। পৰৱৰ্তী সময়ত তেওঁ finger millet মাকৈ, ভেণ্ডিৰ দুটা বীজ আৰু কলা মাহৰ বীজ দেখুৱালে। অৱশেষত এবিধ বন-খাদ্যৰ বীজ দেখুৱালে। তাৰ পাছতে তেওঁ কলে, খুউব বৰষুণ হলে আমি ঘৰতে আৱদ্ধ হৈ থাকিব লাগিব। তেতিয়া আমি এইবোৰ জুইত সেঁকি খাম। তেওঁ আমাক জুইত সেকা এমুঠি এনে খাদ্য খাবলৈ দিলে।
এই অঞ্চলৰ কন্ধ আৰু আন জনজাতিসকলৰ কৃষি-পৰিৱেশ তন্ত্ৰগত জ্ঞান ইমানেই উচ্চ যে তেওঁলোকে বছৰটোত একে ডৰা মাটিতে গম-মাহজাতীয় শস্যৰ ৭০-৮০টা খেতি কৰিব পাৰে।-–এনেদৰে কয় লিভিং ফাৰ্মছৰ প্ৰদীপ পাত্ৰই। পাত্ৰই লগতে কয়, যদিও বৰ্তমানেও এনে খেতিয়ে এক ভূ-খণ্ড সামৰি আছে, কিন্তু বিগত ২০ বছৰত কঁপাহ খেতি যেনেদৰে প্ৰসাৰিত হল, সিয়ে অঞ্চলটোৰ বীজৰ এই বৈচিত্ৰৰ প্ৰতি ধ্বংসাত্মকৰূপে প্ৰতিপন্ন হল।
কৃষিত ৰাসায়নিক দ্ৰবা প্ৰয়োগৰ প্ৰবাৱক লৈও কুনুজি উত্কণ্ঠিত। কঁপাহ খেতিৰ বাবে ৰাসায়নিক সাৰ কীটনাশক প্ৰয়োগ অপৰিহাৰ্য। ইয়াৰ বিপৰীতে আদিবাসী পৰিয়ালসমূহে পৰম্পৰাগত কৃষিত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ প্ৰয়োগ প্ৰায় নকৰেই। কুনুজিয়ে কয়, সেই সকলো কীটনাশক আৰু ৰাসায়নিক সাৰ সুৰেন্দ্ৰই কঁপাহ (গছত) প্ৰয়োগ কৰিব। এইবোৰে আমাৰ মাটিৰ গুণাগুণ আৰু মাটিত থকা সকলো জীৱক বধ নকৰিবনে? মাটিৰ গুণাগুণ নষ্ট হোৱা মই নিজে দেখিছো। আমাৰ পামৰ পাছত থকা পামৰ গৰাকীয়ে মনদিয়াৰ খেতি পুনৰ কৰিবলৈ ললে যদিও উত্পাদন ভাল নহল। গছবোৰ মুজুৰা পৰিল।
কঁপাহ খেতিৰ ক্ষতিসাধন নকৰাকৈ অপতৃণ ধ্বংস কৰিব পৰা কঁপাহ খেতি কৰাৰ অনুমতি ভাৰতত নাই। কিন্তু ৰায়গড়াত এনে কঁপাহৰ খেতি বনজুইৰ দৰে চৌদিশে বিস্তাৰিত হৈছে। ইয়াৰ সমান্তৰালভাৱে সম্ভৱত
কৰ্কট সৃষ্টি কৰা
গ্লাইফোছেটৰ লেখীয়া ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ তীব্ৰ হাৰত বৃদ্ধি পাইছে। দেবৰ মতে, এনেধৰণৰ ৰাসায়নিক দ্ৰব্যৰ নিয়মীয়া প্ৰয়োগৰ ফলত খেতিপথাৰৰ পৰা বৃহত্ সংখ্যক ঘাঁহ আৰু উদ্ভিদ অদৃশ্য হৈছে। পৰিণতিত অনা-কৃষি উদ্ভিদত নিৰ্ভৰ কৰি জীয়াই থকা পখিলা আৰু পোক-পতংগৰ সংখ্যা হ্ৰাস পাইছে।
দেবে কয়, অঞ্চলটোৰ মানুহৰ ইয়াৰ পৰিৱেশতন্ত্ৰ (আৰু ইয়াৰ জৈৱ বৈচিত্ৰ)ৰ জ্ঞানৰ ভেটিত উদ্বেগজনক হাৰত খহনীয়াৰ সৃষ্টি হৈছে। বছৰটোত এটা খেতি কৰাৰ বাবে পৰম্পৰাগত বহু খেতি আৰু কৃষি-বনানীকৰণ পদ্ধতি ত্যাগ কৰা কৃষকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এই এটা কৃষিত বৃহত্ পৰিমাণৰ কীটনাশক প্ৰয়োগ কৰিবলগীয়া হয়। কঁপাহৰ খেতিয়কসকলে অপতৃণনাশকো প্ৰয়োগ কৰে। ইয়াৰ অধিকাংশ কৃষকেই নাজানে যে কোনবিধ পতংগই প্ৰকৃততে শস্যৰ নষ্ট কৰে আৰু কোনবিধ পতংগ শস্যৰ বাবে ক্ষতিকাৰক নহয়। সেয়েহে তেওঁলোকে সকলো পোক-পতংগ বধ কৰিবলৈ কীটনাশক প্ৰয়োগ কৰে।
শাৰণ্য নায়কৰ মতে, পৰম্পৰাগত খেতি এৰি কঁপাহৰ খেতি কৰিবলৈ লোৱা কৃষকসকলে সকলো পোক-পতংগ, চৰাই-চিৰিকটি, জন্তুকে শস্যৰ শত্ৰুৰূপে গণ্য কৰিবলৈ লৈছে। গতিকে তেওঁলোকে নিৰ্বিচাৰে কীটনাশক প্ৰয়োগ কৰিবলৈ লৈছে।
কুনুজিয়ে আঙুলিয়াই দিয়ে যে কৃষকসকলে ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগৰ অশুভ ক্ৰিয়া দেখিও কঁপাহ খেতি কৰিবলৈ লৈছে। দুয়ো হাত প্ৰসাৰিত কৰি মহিলাগৰাকীয়ে লগতে কয়, তেওঁলোকক প্ৰলোভিত কৰা হৈছে।
এই পৰিস্থিতি সম্পৰ্কত পাত্ৰই কয়, কঁপাহ খেতিয়ে পৰম্পৰাগত কৃষিক নিঃশেষ কৰাত সামূহিক ভিত্তিত হোৱা বীজৰ আদান-প্ৰদান, সাল-সলনি, পশুধন পালন আৰু পামত শ্ৰম নিঃশেষ হবলৈ ধৰিছে। এতিয়া কৃষকসকলে ব্যৱসায়ী আৰু সুদৰ বিনিময়ত ধন ধাৰে দিয়াসকলৰ দ্বাৰস্থ হবলৈ ধৰিছে।
পাত্ৰৰ সৈতে অনুৰূপ মন্তবা কৰে নাম প্ৰকাশত অনিশ্চুক জিলাখনৰ এজন কৃষি বিষয়াই। বিষয়াজনে স্বীকাৰ কৰে যে ১৯৯০ৰ দশকত ৰাজ্যখনত প্ৰথমবাৰলৈ কঁপাহ খেতিৰ সংযোজন ঘটোৱা হয় আৰু ইয়াৰ গাঁওসমূহত এই খেতিৰ উত্তৰণৰ ব্যৱস্থা কৰা হয়। তাৰ পাছতে চুবুৰীয়া অন্ধ্ৰ প্ৰদেশৰ ব্যক্তিগত খণ্ডৰ বীজ আৰু কৃষি-ৰাসায়নিক দ্ৰব্যৰ ডীলাৰসমূহে আগ্ৰাসী মনোভাৱেৰে ওড়িশাত ব্যৱসায় কৰিবলৈ প্ৰৱেশ কৰে। সাম্প্ৰতিক অৱস্থাক লৈ চৰকাৰ শংকিত । কিন্তু চৌদিশ চানি ধৰা অবৈধ তথা ভেজাল বীজৰ ব্যৱসায় আৰু কৃষিত মাত্ৰাধিক ৰাসায়নিক দ্ৰব্য প্ৰয়োগ ৰোধৰ বাবে কিঞ্চিত ব্যৱস্থাহে গ্ৰহণ কৰা হৈছে বুলি উক্ত কৃষি বিষয়াজনে সদৰী কৰে। তেওঁ কয় , কঁপাহ খেতি সম্প্ৰতি মূৰৰ কামোৰণীত পৰিণত হৈছে।
ধনৰ প্ৰলোভন শক্তিশালী বিশেষকৈ যুৱ কৃষকসকলৰ বাবে। সন্তানক ইংৰাজী মাধ্যমত শিক্ষা প্ৰদান, স্মাৰ্টফোন, মটৰ বাইক কিনি দিয়া আৰু পিতৃ-মাতৃৰ কৃষি পদ্ধতিক লৈ অধৈৰ্য হৈ পৰাৰ বাবে তেওঁলোকে কঁপাহ খেতি কৰি বিপদ কঢ়িয়াই আনিছে। যদি এটা বছৰত বজাৰ সেমেকা হয়, তেন্তে পিছৰ বছৰলৈ তেওঁলোক সাজু হৈ উঠিব পাৰে।
কিন্তু পৰিৱেশতন্ত্ৰই তেওঁলোকক ক্ষমা কৰা নাই।
দেবে কয়, বিভিন্ন ধৰণৰ ৰোগত অঞ্চলটোৰ মানুহ আক্ৰান্ত হবলৈ ধৰিছে আৰু সঘনে চিকিত্সালয়ত ভৰ্তি হোৱাৰ ঘটনা বৃদ্ধি পাইছে। বিভিন্ন ধৰণৰ স্নায়ুৰোগ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা অত্যধিক হৈছে। মোৰ সন্দেহ যে জিলাখনত বহুল হাৰত ব্যৱহৃত কীটানুনাশক অৰ্গানোফছফেট আৰু অপতৃণনাশক গ্লাইফছফেটৰ সংস্পৰ্শৰ বাবে এনে হৈছে।
অৱশ্যে উত্সগিত ৰোগ নিৰ্ণয় পদক্ষেপ অবিহনে এনে ধৰণৰ এৰাধৰা পৰ্যবেক্ষণৰ জড়িয়তে ৰোগৰ কাৰণ নিৰ্ণয় কঠিন বুলি বিষমকটকৰ খ্ৰীষ্টান হাস্পতালৰ চিকিত্সক ডাঃ জন ওমেনে মন্তব্য কৰে। ৫৪ বছৰীয়া অভিজ্ঞ চিকিত্সকজনৰ মতে, ৰাজ্যখনত বৰ্তমানেও মেলেৰিয়াৰ দৰে সংস্পৰ্শৰ দ্বাৰা সোঁচৰা ৰোগ নিয়ন্ত্ৰণত মূল গুৰুত্ব আৰোপ কৰি থকা হৈছে। কিন্তু ৰাজ্যখনত জনজাতি লোকসকলৰ মাজত হৃদৰোগ আৰু বৃক্ক ৰোগত আক্ৰান্তৰ সংখ্যা দ্ৰুততৰে বৃদ্ধি পাবলৈ ধৰা বুলি তেওঁ মন্তব্য কৰে । তদুপৰি জটিল ৰোগত আক্ৰন্তৰ সংখ্যাও বৃহত হৈছে।
চিকিত্সকজনে আঙুলিয়াই দিয়ে যে অঞ্চলটোৰ সকলো বেচৰকাৰী চিকিত্সালয়ে ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰিছে আৰু ই এক লাভদায়ক ব্যৱসায়ত পৰিণত হৈছে। কিয় বৃহত হাৰত বৃক্ক ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে , তাৰ কাৰণ আমি নিৰ্ণয় কৰিব লাগিব। তেওঁ উদ্বেগেৰে কয় যে যিটো সম্প্ৰদায়ে নিজকে নিজকে শ শ বছৰ তিষ্ঠি ৰাখিব পাৰিলে, সেই সম্প্ৰদায়টোৱে সাজু নোহোৱাকৈয়ে পৰিৱৰ্তনৰ মাজত সোমাই পৰি চূৰমাৰ হৈ গৈছে।
*****
সেই সপ্তাহত নিয়ামগুৰিলৈ উভতি গৈছিলো। গৰমৰ দিনৰ এদিন পুৱা আমি কন্ধ আদিবাসী সম্প্ৰদায়ৰ এজন মধ্য বয়সীয়া কৃষক অবি নাগৰ সাক্ষাত কৰিলো। তেওঁ তেতিয়া এটা এক লিটাৰৰ বটলত গ্লাইচেল (গ্লাইফোছেটৰ পৰা তৈয়াৰী এবিধ তৰল) আৰু এটা ধাতুৰ পাত্ৰ লৈ নিজৰ কৃষিপামত পাইচাৰি কৰি আছিল। এই গ্লাইচেট তৈয়াৰ কৰে মহাৰাষ্ট্ৰস্থিত এক্সেল ক্ৰপ কেয়াৰ লিমিটেড নামৰ কোম্পানীটোৱে।
উদং পিঠিত নাগে নীলা ৰঙৰ হস্তচালিত এটা স্প্ৰেয়াৰ লৈ আছিল। তেওঁ নিজৰ পামৰ কাষৰ পাহাৰীয়া জুৰিটোৰ ওচৰত ৰল আৰু পিঠিৰ পৰা স্প্ৰেয়াৰটো নমাই কাষত থলে। লগত থকা পাত্ৰটোৰে তেওঁ জুৰিৰ পৰা পানী তুলি স্প্ৰেয়াৰটোত ভৰাই তাক পানীৰে পৰিপূৰ্ণ কৰিলে। দোকানীয়ে পূৰ্বে দিয়া নিৰ্দেশনা অনুসৰি তেওঁ কিছু পৰিমাণৰ গ্লাইফছেট স্প্ৰেয়াৰটোত ভৰালে। তাৰ পাছতে তেওঁ স্প্ৰেয়াৰটো জোঁকাৰিলে আৰু পিঠিত পেলাই পুনৰ ঘাঁহ-বনত স্প্ৰে কৰিবলৈ ধৰিলে। আমাক তেওঁ কলে, তিনিদিনৰ ভিতৰত সকলো অপতৃণ মৰিব আৰু কঁপাহৰ বীজ সিঁচিব পৰা যাব।
গ্লাইফোছেটৰ বটলত ইংৰাজী, হিন্দী আৰু গুজৰাটী ভাষাত সতৰ্কবাণী আছে। এনে সতৰ্কবাণীত কোৱা হৈছে, খাদ্যবস্তু, খাদ্যৰ খালী পাত্ৰ আৰু পশুখাদ্যৰ পৰা ইয়াক দূৰৈত ৰাখক। মুখ, চকু আৰু ছালৰ সংস্পৰ্শলৈ নানিব। স্প্ৰেখিনিৰ মিশ্ৰণৰ গন্ধ নলব। বতাহৰ দিশত স্প্ৰেকৰিব। স্প্ৰে কৰাৰ পাছত পিন্ধি থকা কাপোৰ আৰু দেহৰ যি ঠাইত এই মিশ্ৰণ লাগে, দেহৰ সেই অংশসমূহ ধুই পেলাব। মিশ্ৰণ তৈয়াৰৰ সময়ত আৰু স্প্ৰে কৰোতে সুৰক্ষাদায়ক কাপোৰ পিন্ধিব।
নাগে স্প্ৰে কৰাৰ সময়ত কঁকালত মাথোঁ এডোখৰ কাপোৰ পিন্ধি আছিল। তাক বাদ দি তেওঁৰ সমগ্ৰ দেহ উদং হৈ আছিল। স্প্ৰে কৰোতে তেওঁৰ ভৰি-হাতত কীটনাশকৰ মিশ্ৰণটোৰ টোপাল পৰিছিল। ইয়াক বতাহে আমাৰ ওচৰলৈ, তেওঁৰ খেতিপথাৰৰ মাজত থকা গছজোপালৈ আৰু ওচৰৰ খেতিপথাৰলৈ কঢ়িয়াই আনিছিল। একেদৰে তেওঁৰ খেতিপথাৰৰ কাষেৰে বৈ যোৱা জুৰিটোতো এই কীটনাশক পৰিছিল। এই জুৰিৰে কীটনাশক আনৰ পথাৰলৈ আৰু ওচৰত বাস কৰা ১০ ঘৰ মানুহ আৰু তেওঁলোকে পানীৰ বাবে ব্যৱহাৰ কৰা হেণ্ডপাম্পলৈ গৈছিল।
তিনিদিনৰ পাছত আমি দেখিলো নাগ পুনৰ খেতি-পথাৰলৈ আহিছে। এটা সৰু লৰাই ওচৰতে গৰু চৰাই আছিল। আমি তেতিয়া তেওঁক কলো যে তেওঁ ছটিওৱা গ্লাইফোছেটে গৰুকেইটাৰ মৃত্যু মাতিব পাৰে। কিন্তু তেওঁ আমাক দৃঢ়তাৰে কলে, তেনে একো নহয়, কাৰণ তিনিদিন পাৰ হৈ গল। যদি মই কীটনাশক ছটিওৱাৰ দিনাই গৰু চৰা হলেহে গৰু অসুস্থ হলহেতেঁন আৰু মৃত্যুমুখত পৰাৰ সম্ভাৱনা আছিল।
আমি তেতিয়া গৰু চৰাই থকা লৰাটোৰ পৰা জানিব বিচাৰিলো যে তেওঁ কোনখন পথাৰত নতুনকৈ অপতৃণ বা ঘাঁহ-বন নাশক ছটিওৱা বুলি জানিব পাৰে। কাৰণ তেনে পথাৰত তেওঁ গৰু নচৰায়। আমাৰ প্ৰশ্ন শুনি তেওঁ কলে, কৃষকসকলে আমাক ঘাঁহ-বননাশক ছটিওৱাৰ জনায়। লৰাটোৰ পিতৃয়ে আমাক কলে যে ওচৰৰ এখন গাঁৱত যোৱা বছৰ নতুনকৈ ঘাঁহ-বননাশক ছটিওৱা পথাৰত চৰাৰ পাছত কেইবাটাও প্ৰাণীৰ মৃত্যু হয়।
ইতিমধ্যে নাগৰ কৃষি-পথাৰত ঘাঁহ-বন নিঃশেষ হৈছিল আৰু কঁপাহৰ বীজ সিঁচাৰ বাবে ভূমি সাজু কৰি তোলা হৈছে।
প্ৰচ্ছদ আলোকচিত্ৰঃ মোহিনী সাওৰা, (ৰায়গড়ৰ গুণুপুৰ খণ্ডৰ এজন ভাড়াতীয়া কৃষক)। তেওঁ জনায় যে তেওঁলোকে কিছুবছৰ আগলৈকে খাদ্য-শস্যৰ খেতি কৰিছিল। এতিয়া তেওঁলোকে কেৱল বি টি কঁপাহৰ খেতি কৰে। (ফটোঃ চিত্ৰাংগদা চৌধুৰী)।
দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্পটো হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিব বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত namita@ruralindiaonline.org ৰাখি এই ইমেইল ঠিকনালৈ লিখক- zahra@ruralindiaonline.org