সুখৰাণী সিঙৰ এনে এটা বছৰো মনত নাই যেতিয়া তেওঁ হাবিলৈ গৈ মহুৱা ফুল তুলি অনা নাই। ৪৫ বছৰীয়া সুখৰাণীয়ে কয় যে “শৈশৱত মই মোৰ মাৰ লগত হাবিলৈ গৈছিলো। এতিয়া মই মোৰ ল’ৰা-ছোৱালীক মোৰ লগত লৈ যাওঁ।” তেওঁ পুৱা ৫ বজাতে ঘৰ এৰে যাতে উজলি থকা সেউজীয়া মহুৱা ফুলবোৰ গছৰ পৰা সৰিবলৈ লওঁতেই বুটলিব পাৰে। তেওঁ তাত দুপৰীয়ালৈকে থাকে, বেলি মূৰত উঠে। সেই আৰু গৰমতো তেওঁ ফুলবোৰ গোটাই থাকে। ঘৰ পোৱাৰ পিছত তেওঁ সেইবোৰ ৰ’দত শুকাবলৈ মেলি দিয়ে।
মধ্য প্ৰদেশৰ ওমাৰিয়া জিলাস্থিত বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষতে বাস কৰা সুখৰাণীৰ দৰে সৰু খেতিয়কসকলৰ বাবে মহুৱা ফুলবোৰ এক নিশ্চিত আয়ৰ উত্স। মানপুৰ ব্লকত থকা তেওঁলোকৰ গাওঁ পৰাসীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ ওমাৰিয়া বজাৰত এক কিলো শুকান মহুৱা বেচি সুখৰাণীয়ে ৪০ টকা উপাৰ্জন কৰে। এপ্ৰিল মাহত প্ৰায় ২-৩ সপ্তাহ ধৰি চলা মহুৱাৰ এনে এটা বতৰত সাধাৰণতে তেওঁ প্ৰায় ২০০ কেজি গোটাব পাৰে। সুখৰাণীয়ে কয় যে “গছজোপা আমাৰ বাবে অতি মূল্যৱান”। ইয়াৰ ফুলৰ উপৰিও পৌষ্টিক আৰু ঔষধি গুণৰ বাবে ফল আৰু বাকলিও উপকাৰত আহে।
মহুৱাৰ বতৰত, দিনৰ ১ মান বজাত সুখৰাণী হাবিৰ পৰা আহে আৰু পৰিয়ালৰ বাবে আহাৰ তৈয়াৰ কৰে। তেওঁৰ পৰিয়ালত তেওঁৰ স্বামী আৰু তেওঁলোকৰ পাঁচটা সন্তান আছে। তাৰ পিছত প্ৰায় ৩ মান বজাত গৈ তেওঁৰ স্বামীৰ লগত ঘেঁহু কটা আৰু থূপাই থোৱা কাম কৰে। গণ্ড আদিবাসী সম্প্ৰদায়ৰ সুখৰাণী আৰু তেওঁৰ স্বামীৰ প্ৰায় চাৰি বিঘা (প্ৰায় এক একৰ) মাটি আছে, য’ত তেওঁলোকে বৰ্ষানিৰ্ভৰ ঘেঁহু খেতি কৰে। সাধাৰণতে এই খেতি তেওঁলোকে নিজে খাবৰ বাবে কৰে।


বাওঁফালে: পৰাসী গাঁৱৰ ওচৰত গছৰ পৰা সৰো সৰো হৈ ওলমি থকা মহুৱা ফুল। সোঁফালেঃ বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বাফাৰ জ’নত থকা মহুৱা গছৰ তলত সুখৰাণী সিং
পৰাসীৰ এজন কুমাৰ, সুৰ্জন প্ৰজাপতিয়েও হাবিলৈ গৈ মহুৱা ফুল সংগ্ৰহ কৰে। “মই গাঁৱলৈ অহা বেপাৰী এজনলৈ আৰু কেতিয়াবা হাটত (স্থানীয় বজাৰ) সেয়া বেচোঁ,” সুৰ্জনে কয়। কুমাৰ সম্প্ৰদায়ৰ (ওমাৰিয়াত অন্যান্য পিছপৰা শ্ৰেণী ৰূপে তালিকাভূক্ত) সুৰ্জনৰ বয়স ৬০ বছৰ। “এইয়া (মহুৱা) উপকাৰী বস্তু। কেৱল মাটিৰ বস্তু বেচি মই পেট পুহিব নোৱাৰো। মই ঘূৰি আহি (দুপৰীয়া) মই দিন হাজিৰা বিচাৰি যাওঁ”। যেতিয়া তেওঁৰ ঘৰত নিমখ-তেল নাইকিয়া হয়, তেওঁ কেই কেজিমান শুকান মহুৱা বেচি সেয়া যোগাৰ কৰে।
ওমাৰিয়াৰ স্থানীয় বাসিন্দাসকলে কয়ে যে হাবিৰ সকলো গছ কাটি শেষ কৰিলেও মহুৱা গছ কেতিয়াও কোনোৱে নাকাটে। জিলাখনৰ আদিবাসী সম্প্ৰদায়ে, যি গছবিধৰ সংৰক্ষণ কৰে, বিশ্বাস কৰে যে এই গছজোপাই কেতিয়া কাকো ভোকত নাৰাখে। ফুল আৰু ফল দুয়োবিধেই খোৱাৰ উপযোগী, আৰু শুকান মহুৱা ফুলবোৰ পিচি গুৰি কৰি এবিধ স্থানীয় মদ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।
মধ্য প্ৰদেশ, ওড়িশা, ছট্টিশগড় আৰু অন্ধ্ৰপ্ৰদেশৰ হাবিৰ থলুৱা মহুৱা গছ (মধুকা লংগিফ’লিয়া) হৈছে এই ৰাজ্যকেইখনৰ এক গুৰুত্বপূৰ্ণ লঘু বনজ ফচল (এম.এফ.পি)। ভাৰতৰ আদিবাসী সমবায় বিপণন সংঘৰ (টি.আৰ.আই.এফ.ই.ডি.)মতে মধ্য প্ৰদেশ, উড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ ৭৫ শতাংশতকৈও অধিক আদিবাসী পৰিয়ালে মহুৱা ফুল সংগ্ৰহ কৰে আৰু বছৰি ৫,০০০ টকা উপাৰ্জন কৰে।
এপ্ৰিল মাহৰ আৰম্ভণিতে সৰিবলৈ ধৰা মহুৱা ফুলবোৰ তুলিবৰ বাবে বান্ধৱগড়ৰ সীমাত থকা সম্প্ৰদায়সমূহক হাবিত সোমাবলৈ অনুমতি দিয়া হয়
ফাকুৱাৰ ঠিক পিছে পিছেই, এপ্ৰিলৰ সোমাওতেই সৰিবলৈ আৰম্ভ কৰা মহুৱা ফুলবোৰ তুলিবলৈ বান্ধৱগড় সংৰক্ষিত বনাঞ্চলৰ সীমাত থকা সম্প্ৰদায়বোৰক অনুমতি দিয়া হয়। বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰিধি ১,৫৩৭ বৰ্গ কিলোমিটাৰ। প্ৰায়বোৰ ডাঙৰ মানুহেই লগত সৰু ল’ৰা-ছোৱালী লৈ আহে, ফুলবোৰ সিহঁতৰ চকুত পটকৰে ধৰা পৰে আৰু খৰকৈ তুলি আনি খৰাহিত ভৰাব পাৰে।
এই গছবোৰ হাবিখনৰ প্ৰতি ১০০-২০০ মিটাৰ দূৰে দূৰে সিঁচৰতি হৈ আছে। ফুলৰ বতৰত প্ৰতিজোপা গছতেই ইয়াৰ তলৰ ডালবোৰত এখন ৰাগ বা কাপোৰ ওলমাই চিন দিয়া হয়। “গাঁওখনৰ প্ৰতিটো পৰিয়ালকেই কেইজোপামান গছ ভগাই দিয়া আছে। এই ভাগ-বতৰা কেইবাটাও প্ৰজন্মৰ আগতেই কৰা হৈছিল,” বুলি কোৱাৰ লগতে সুৰজনে জনায় যে কেতিয়াবা কাৰোবাৰ যদি অতিৰিক্ত উপাৰ্জন হয়, তেওঁলোকে অধিক জৰুৰী হোৱা আন লোকক এজোপা গছ এৰি দিয়ে।
২০০৭ চনত বান্ধৱগড়ক ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হয়, আৰু এনেদৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ অংশ হিচাপে সেইখন অভ্যন্তৰ মণ্ডলত অন্তৰ্ভূক্ত হয়। সেয়ে মানুহৰ যিকোনো প্ৰকাৰৰে কাৰ্য্যকলাপ তাত নিষেধ কৰি দিয়া হয়। মানুহৰ প্ৰতিবন্ধিত প্ৰৱেশৰ সৈতে ইয়াৰ চাৰিওফালে এক বাফাৰ জ’নৰ সৃষ্টি কৰা হয়। সুখৰাণীৰ পৰিয়ালটো সেইসকল আদিবাসী খেতিয়কৰ মাজৰ, যাৰ খেতিৰ মাটি ৰাষ্ট্ৰীয় উদ্যানখনৰ সৈতে লাগি আছিল, যাক পিছত বাফাৰ জ’ন কৰি দিয়া হয়। তেওঁ কয় যে তেওঁলোকে যোৱা দশকতেই সেই মাটিখিনিত খেতি কৰিবলৈ এৰি দিলে। “হাবিত কোনো শস্য বাকী নাথাকিছিল। আমি হাবিৰ ভিতৰত একো খেতি নকৰা হ’লো যিহেতু তাত শস্যৰ ৰক্ষা কৰিবলৈ আমি থাকিব নোৱাৰো। বান্দৰে আমাৰ চানা আৰু ৰহৰ দাইলবোৰ খাই শেষ কৰি পেলায়।”



বাওঁফালৰ পৰাঃ দূৰ্গা সিং , ৰোশনী সিং আৰু সুৰ্জন প্ৰজাপতিয়ে ওমাৰিয়া জিলাৰ পৰাসীৰ কাষত থকা হাবিৰ পৰা মহুৱা গোটাইছে
বান্ধৱগড় যেতিয়া কেৱল মাত্ৰ ৰাষ্ট্ৰীয় উদ্যান হৈ আছিল, আদিবাসী খেতিয়কসকলে শস্যৰ বতৰত অস্থায়ী ঘৰ সাজি লৈছিল যাতে তেওঁলোকৰ মাটিৰ পৰা জন্তুবোৰ খেদি পঠাব পাৰে, কিন্তু এতিয়া সেইয়া সম্ভৱ নহয়। এতিয়া তেওঁলোকে কেৱল বাফাৰ জ’নলৈকেহে যাব পাৰে, তাকো কেৱল মাত্ৰ মহুৱাৰ দৰে এম.এফ.পি সংগ্ৰহ কৰিবৰ বাবে। “আন্ধাৰ হৈ থাকোতেই আমি ঘৰৰ পৰা ওলাও যাতে অকলে বাঘৰ সন্মুখীন নোহোৱাকৈ আমি একেলগে খোজকাঢ়ি যাব পাৰোঁ,” সুখৰাণীয়ে ক’লে। তেওঁ কয় যে তেওঁ কেতিয়াও বাঘৰ সন্মুখীন হোৱা নাই, অথচ তেওঁলোকে জানে যে সিহঁত ওচৰে-পাজৰেই আছে।
ৰাতিপুৱা ৫ বাজি ৩০ মিনিটমানত, সূৰ্য্যৰ পোহৰ হাবিৰ মাজলৈ সৰকি যোৱাৰ আগতেই মহুৱা ফুল তুলিবলৈ যোৱা লোকসকলে গছৰ তলৰ শুকান পাতবোৰ সাৰি কাম আৰম্ভ কৰি দিয়ে। সুখৰাণীৰ ১৮ বছৰীয়া জীয়েক ৰোশনী সিঙে কয় যে “ফুলবোৰৰ ওজন আছে, সেয়েহে যেতিয়া আমি পাতবোৰ সাৰি দিওঁ, সেইবোৰ থাকি যায়।” ৰোশনীয়ে ২০২০ত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলেজ যাবলৈ আশা পালি আছিল যদিও কভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বাবে তেওঁ সেই আশা বাদ দিব লগা হ’ল। পৰাসীৰ ১,৪০০ জনসংখ্যাৰ ২৩ শতাংশই হৈছে আদিবাসী আৰু তাত সাক্ষৰতাৰ হাৰ ৫০ শতাংশতকৈও কম (লোকপিয়ল ২০১১)। কিন্তু নিজৰ ঘৰৰ প্ৰথম প্ৰজন্মৰ শিকাৰু হিচাপে ৰোশনীয়ে নিজৰ পৰিয়ালৰ পৰা কলেজলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি হ’বলৈ দৃঢ়প্ৰতিজ্ঞ।
ৰাতিপুৱাৰ ঠাণ্ডা বতাহজাক ফুল তুলিবলৈ যোৱা লোকসকলৰ বাবে মুঠেও অনুকূল নহয়। “আমাৰ হাতবোৰ চেঁচা পৰি থাকে বাবে সৰু সৰু মহুৱা ফুলবোৰ [হাবিৰ মাটিত পৰি থকা] তুলিবলৈ অসুবিধা হয়,” সুখৰাণীৰ লগত যোৱা ১৭ বছৰীয়া ভতিজীয়েকে জনায়। “আজি দেওবাৰ আৰু মোৰ স্কুল নাই, সেয়ে মই পেহীক সহায় কৰিবলৈ আহিছো,” তাই লগতে কয়। পৰাসীৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৰ ধামোখাৰত থকা চৰকাৰী হাইস্কুলত তাই একাদশ শ্ৰেণীৰ ছাত্ৰী ৰূপে বুৰঞ্জী, অৰ্থনীতি বিজ্ঞান, হিন্দী আৰু কলা পঢ়ি আছে। যোৱা বছৰ লকডাউনৰ বাবে বন্ধ হোৱা তাইৰ স্কুল জানুৱাৰীতহে খুলিছে।


বাওঁফালেঃ সতেজভাৱে তুলি অনা ফুলৰ সৈতে মণি সিং আৰু সুনীতা বাই। সোঁফালেঃ মৰ্দাৰী গাঁ ৱ ৰ তেওঁলোকৰ ঘৰত শুকাবলৈ মেলি দিয়া মহুৱা ফুলবোৰ
মহুৱাৰ ওখ গছজোপালৈ চাই সুখৰাণীয়ে নিজৰ মূৰ জোকাৰি ক’লে “এই বছৰ আমি বেছি নাপাওঁ (উত্পাদন), সাধাৰণতে পোৱাৰ আধাও নহ’ব।” তেওঁৰ দুখেৰে কৰা অনুমানকে দোহাৰি সুৰ্জনে ক’লে, “এই বছৰ ফুল সৰাই নাই।” কমকৈ হোৱা উত্পাদনৰ বাবে তেওঁলোক দুয়োয়ে ২০২০ৰ কম বৰষুণকে জগৰীয়া কৰিলে। কিন্তু মহুৱা ফুলৰ অসংখ্য বতৰ দেখা সুৰ্জনে এইটো তেনে এটা বেয়া বছৰ বুলি মানি লৈছে। তেওঁ কৈছে, “কেতিয়াবা কমকৈ ফুল ফুলে, কেতিয়াবা বেছি। সদায় একে হ’ব নোৱাৰে।”
ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলটোৰ আনটো ফালে, পৰাসীৰ পৰা ছয় কিলোমিটাৰ আঁতৰত, মৰ্দাৰী গাঁৱৰ মণি সিঙৰ ঘৰৰ চোতালত মহুৱা ফুলবোৰ ৰ’দত শুকাবলৈ মেলি থোৱা আছিল। ফুলবোৰ উজ্জ্বল সেউজ হালধীয়াৰ পৰা লাহে লাহে মৰহা কমলা ৰঙলৈ সলনি হৈছিল। মণি আৰু তেওঁৰ পত্নী সুনীতা বাই, দুয়োৱে পঞ্চাশৰ দেওনা পাৰ কৰিছে। তেওঁলোকে ৰাতিপুৱাটো হাবিত থকা তেওঁলোকৰ পাঁচজোপা গছৰ পৰা সৰা ফুল বুটলি কটালে। তেওঁলোকৰ ল’ৰা-ছোৱালীবোৰ ডাঙৰ হ’ল আৰু অন্য কিহবাত ব্যস্ত। সেয়েহে তেওঁলোক দুয়োহে যায়। “এই বছৰ ফুল বেছি তুলিবলৈ নাই। আমি সেইবোৰ বিচাৰিবলগীয়া হৈছে। যোৱা বছৰ মই প্ৰায় ১০০ কিলো পাইছিলো, কিন্তু এই বছৰ যি দেখিছো তাৰ আধাখিনিও নাপাওঁ” তেওঁ কয়।
মনিয়ে মহুৱাফুলৰ গুড়ি খেৰৰ লগত মিহলাই তেওঁৰ বলদ দুটাক খুৱায়, যাতে সেই দুটাৰে তেওঁৰ এক একৰ মাটিত হাল বাব পাৰে। “মহুৱাগুড়িয়ে সিহঁতৰ বল বঢ়ায়,” তেওঁ কয়।
মৰ্দাৰী হৈছে ১৩৩ টা পৰিয়ালেৰে গঠিত এখন সৰু গাঁও। গাঁওখনৰ প্ৰায় প্ৰতি ঘৰতেই, মহুৱা ফুলবোৰ শুকাবলৈ মেলি দিয়া হয় আৰু তাৰ পিছত বস্তাত ভৰাই মজুত কৰি ৰখা হয়। নিজৰ আৰু সম্পৰ্কীয় লোকসকলৰ সৰু সৰু ল’ৰা-ছোৱালীৰ জাকটোৰে সৈতে চন্দাবাই বেইগা ঘৰলৈ উভতি আহে মানে বেলি লহিয়াইছে, প্ৰত্যেকৰে হাতে হাতে তেওঁলোকে তুলি অনা ফুলভৰ্ত্তি খৰাহি। কথা পাতিবলৈ বহাৰ আগেয়ে তেওঁ দুপৰীয়াৰ আহাৰ খাবৰ বাবে সিহঁতক হাত-মুখ ধুবলৈ কয়।


বাওঁফালেঃ হাবিত মহুৱা তুলি ঘূৰি অহা চন্দাবাই বেইগা (সেউজীয়া শাড়ীত)আৰু তেওঁৰ সম্পৰ্কীয় লোকসকল। সোঁফালেঃ চন্দাবাইৰ ঘৰত শুকান ফুলবোৰ
চন্দাবাই আৰু তেওঁৰ স্বামী বিশ্বনাথ বেইগাৰ বসয় প্ৰায় ৪০ বছৰ হৈছে। তেওঁলোক বেইগা আদিবাসী সম্প্ৰদায়ৰ। তেওঁলোকে ২.৫ একৰ মাটিত ধান আৰু ৰহৰ দাইলৰ খেতি কৰাৰ লগতে সুবিধা পালে এনৰেগাৰ কামো কৰে।
“এইবছৰ আমি বেছি মহুৱা নাপাওঁ। এইবছৰ বৰষুণ বেছি নহ’ল, সেয়ে ফুলবোৰ কম,” ৰাতিপুৱাৰ কাম-বন শেষ কৰি ভাগৰি পৰা চন্দাবাইয়ে ক’লে। কমি অহা উত্পাদনৰ কথা ভাবি চিন্তিত চন্দাবাইয়ে ইয়াৰ বাবে হৰিণাৰ বাঢ়ি অহা সংখ্যাকো দোষাৰোপ কৰে। “সিহঁতে সব খায়, বিশেষকৈ যিবোৰ ৰাতি সৰে, সেয়েহে আমি ৰাতিপুৱা সোনকালে যাব লাগে যাতে সিহঁতে নাখাওতেই ফুলবোৰ গোটাব পাৰো। এই পৰিস্থিতি কেৱল মোৰ গছ কেইজোপাৰেই নহয়, সকলোৰে।”
এমাহ মানৰ পিছত, মে’ মাহত, মৰ্দাৰীৰ পৰা ফোনত কথা পাতি চন্দাবাইয়ে নিজৰ আশংকা নিশ্চিত কৰিলে। “এই বছৰ ১৫ দিনতেই ফুল তোলা কাম শেষ হ’ল। আমি প্ৰায় দুই কুইণ্টল [২০০ কিলো] মান ফুল পালো য’ত যোৱা বছৰ আমি তিনি কুইণ্টলতকৈ বেছি পাইছিলো,” তেওঁ ক’লে। কিন্তু তথাপিও তেওঁ কিছু সন্তুষ্ট আছিল, যিহেতু কম যোগানৰ বাবে মহুৱা ফুলৰ দাম ২০২০ৰ প্ৰতি কিলোত ৩৫-৪০ টকাৰ পৰিৱৰ্তে এই বছৰ ৫০ টকালৈ বাঢ়ি গ’ল।
সুখৰাণী আৰু সুৰ্জনে অনুমান কৰাৰ দৰে পৰাসীতো এইবাৰৰ উত্পাদন কম আছিল। সুৰ্জনে দাৰ্শনিকৰ দৰে বাখ্যা কৰিলেঃ “কেতিয়াবা আমাৰ পেট ভৰপূৰ হৈ থাকে আৰু কেতিয়াবা নাথাকে, নহয় জানো? এইয়াও একেই কথা।”
লেখকে এই প্ৰতিবেদনটো প্ৰস্তুত কৰোতে কৰা সহায়ৰ বাবে দিলীপ অশোকক আন্তৰিক ধন্যবাদ জনাইছে।
অনুবাদ: ল’ নলী গগৈ