‘হাম বডি কা কাম কৰতে হ্যে, তহ্ উনহে লগতা হ্যে কুচ্চ ভি বদলে ম্যে চলেগা (আমি দেহোপজীৱিনী হোৱা কাৰণে তেওঁলোকে ভাৱে যে তাৰ বিনিময়ত তেওঁলোকে যি বিচাৰে তাকেই কৰিব পাৰিব),” গিৰিয়েক হঠাতে হৃদৰোগত আক্ৰান্ত হৈ ঢুকুৱাত ২০১২ চনত তিনিটা সন্তান বুকুত বান্ধি উত্তৰ প্ৰদেশৰ ফাৰুক্কাবাদ চহৰৰ পৰা দিল্লীলৈ অহা ৩০ বছৰীয়া মীৰাই কয়। এই মুহূৰ্তত তাইৰ মনত যিমান খং পূঞ্জীভূত হৈছে সিমানেই তাই অৱসো হৈ পৰিছে।
“সিহঁতে যেতিয়া মোক মোৰ ঔষধ দিয়ে তেতিয়াই এনেকুৱা কৰে,” ৩৯ বছৰ বয়সীয়া অমিতাই কথাটো মনত পেলাই পৰম বিতৃষ্ণাৰে মুখ কোঁচাই কয়, লগতে এখন হাতৰ তলুৱাৰে কোমলকৈ নিজৰ শৰীৰৰ কাষটো চুই চিকিৎসালয়ৰ পুৰুষ সহায়ক আৰু ৱাৰ্ড সহায়কবোৰে তাইক কেনেকৈ অশালীনভাৱে স্পৰ্শ কৰে দেখুৱাই দিলে। তেনে অপমানে তাইক শংকিত কৰে, তথাপি চেক-আপ কৰিবলৈ বা ঔষধ আনিবলৈ তাই ৰাজহুৱা চিকিৎসালয়লৈ উভতি যাব লাগে।
“আমি এইচ.আই.ভি টেষ্ট কৰিবলৈ যাওঁতে সিহঁতে যদি গম পায় যে আমি যৌনকৰ্মী, সিহঁতে আমাক সহায় কৰা যেন দেখুৱাই কয়, ‘পিচফালৰ দৰ্জাৰে সোমাই আহিবি, ঔষধ দিয়াই দিম’। তাৰ পিচত সিহঁতে সেই সুবিধা লৈ আমাক অশালীনভাৱে স্পৰ্শ কৰে।” ৪৫ বছৰ বয়সীয়া কুসুমে কথাখিনি কওঁতে বাকী বহুতে হয়ভৰ দি মূৰ দুপিয়াইছিল। তেওঁলোকৰ মাজত ১৬ খন ৰাজ্যৰ ৪.৫ লাখ যৌন কৰ্মীক সংগঠিত কৰা সংগঠন সদৌ ভাৰত যৌনকৰ্মী মণ্ডলী বা চমুকৈ এ.আই.এন.এছ.ডব্লিউ.-ৰ পূৰ্বৰ সভাপতি গৰাকীও আছিল।
দিল্লীৰ উত্তৰ পশ্চিম জিলাৰ ৰোহিনী এলেকাত এটা সামাজিক আশ্ৰয় গৃহত থকা যৌনকৰ্মীসকলক পাৰিৰ তৰফৰ পৰা সাক্ষাৎ কৰা হৈছিল। অতিমাৰীৰ বাবে তেওঁলোকৰ সৰহ সংখ্যকৰে হাতত কাম নাই। শীতৰ আবেলি এটাত উমাল কোঠাত বহি তেওঁলোকে ঘৰতে ৰান্ধি ষ্টিলৰ টিফিন বাকচত ভৰাই অনা পাচলি, দাইল আৰু ৰুটিৰ সামান্য আহাৰ ভগাই খাইছিল।
অকলশৰীয়া যৌনকৰ্মীৰ বাবে স্বাস্থ্যসেৱাৰ সুবিধা পোৱাটো বেছি কষ্টকৰ, মীৰাই কয়।
“সেই মানুহকেইটাই মোক ২ বজাৰ পিচত হস্পিতাললৈ পুনৰ যাবলৈ কয়। কয়, ‘মই তোৰ কামটো কৰি দিম।’ একো নিদিয়াকৈ কিন্তু সেইটো নহয়গৈ। ৱাৰ্ড বয়কেইটা, যাক মই ডাক্তৰ বুলি ভুল ভাবিছিলোঁ, ঔষধ পাবলৈ সিহঁতৰ সৈতে যৌনকৰ্ম কৰিবলগীয়া হৈছে। কেতিয়াবা আমাৰ হাতত কোনো বিকল্প নাথাকে, বুজাবুজি কৰিবই লাগে। আমি সদায় দীঘলীয়া শাৰীত থিয় দি ৰৈ থাকিব নোৱাৰোঁ। আমাৰ হাতত সময়ৰ বিলাসিতা নাথাকে, বিশেষকৈ যেতিয়া গ্ৰাহকক লগ কৰিবলগীয়া থাকে, যিয়ে তেওঁৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আমি হয় চিকিৎসা ল’ব লাগিব, নহ’লে লঘোনে মৰিব লাগিব,” জলমল চকুৰে ব্যংগ সুৰত মীৰাই কৈ গ’ল। “আৰু মই যদি কিবা কওঁ বা মাত মাতোঁ, আমাকে দোষ দিয়া হয় কাৰণ আমি যে যৌনকৰ্মী! তাৰ পিচত আমাৰ বাবে আৰু বহু দুৱাৰ বন্ধ হৈ যাব।”
স্থানীয় দুখন চৰকাৰী চিকিৎসালয়ত প্ৰতি দিনে ১২:৩০ বজাৰ পৰা ১:৩০ বজালৈ ৬০ মিনিট সময় ওচৰতে বসবাস কৰা যৌনকৰ্মীসকলৰ বাবে চিকিৎসা আগবঢ়োৱা হয়। বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মীসকলৰ পৰা অনুৰোধ অহাৰ পিচত এই চিকিৎসালয় দুখনত যৌনকৰ্মীসকলৰ এইছ.আই.ভি. তথা আন যৌন সংক্ৰমিত ৰোগ (এছ.টি.আই)ৰ পৰীক্ষাৰ বাবে বিশেষ সুবিধা প্ৰদানৰ কৰিবলৈ উক্ত সময়খিনি সংৰক্ষণ কৰি ৰখা হয়।
“দীঘলীয়া শাৰী আৰু তেওঁলোকৰ পৰীক্ষাবোৰ কৰিবলৈ লগা সময়ৰ বাবে সাধাৰণ মানুহৰ লগত যৌন কৰ্মীসকলে শাৰী নাপাতে,” যৌন কৰ্মীসকলৰ কল্যাণৰ বাবে কাম কৰা দিল্লীৰ স্বেচ্ছাসেৱী সংগঠন সৱেৰাৰ স্বেচ্ছাসেৱিকা ৰজনী তিৱাৰীয়ে কয়। তেওঁলোক শাৰীত থিয় দি অপেক্ষা কৰি থকাৰ সময়ত যদি কোনোবা গ্ৰাহকে ফোন কৰে, তেওঁলোক শাৰী এৰি গুছি যায়।
তেওঁলোকৰ বাবে আগবঢ়োৱা সেই এঘণ্টা সময়তো ডাক্তৰক সাক্ষাৎ কৰাটো কেতিয়াবা কঠিন হৈ পৰে, তিৱাৰীয়ে কয়। আৰু এইটো তেওঁলোকৰ স্বাস্থ্য যতনৰ কেৱল প্ৰাৰম্ভিক প্ৰত্যাহ্বান।
ডাক্তৰে তেওঁলোকক কেৱল যৌন সংক্ৰমিত ৰোগৰ কিট দিয়ে, য’ত চৰকাৰী চিকিৎসালয়ত তেনে ৰোগ চিকিৎসা কৰা ডাক্তৰে দিয়া ঔষধ থাকে। দিল্লী ৰাজ্যিক এইডছ কন্ট্ৰ’ল ছ’চাইটিৰ আৰ্থিক সাহায্যৰে সৱেৰাৰ দৰে বেচৰকাৰী প্ৰতিষ্ঠানে যৌনকৰ্মীসকলৰ এই.আই.ভি আৰু ছিফিলিছ ৰোগ পৰীক্ষাৰ কিট আদি কিনে।
“আন মানুহৰ দৰে
যৌনকৰ্মীসকলো অন্যান্য ৰোগ যেনে জ্বৰ, বুকুৰ বিষ আৰু মধুমেহ আদিৰ দৰে ৰোগত
ভোগাৰো সম্ভাৱনা থাকে” তেওঁ কয়। যৌনকৰ্মীসকলে বৰ্ণনা
কৰা কথাখিনিৰ সত্যতা প্ৰতিপন্ন কৰি তেওঁ লগতে কয়, “আৰু তেওঁলোক
যৌনকৰ্মী বুলি গম পোৱাৰ পিচত ৱাৰ্ডবয়কেইটাই তেওঁলোকক শাৰীৰিকভাৱে শোষণ কৰাৰ
ঘটনা অনৈমিত্তিক নহয়।”
পুৰুষ স্বাস্থ্যকৰ্মীসকলৰ বাবে আন মহিলা ৰোগীৰ মাজৰ পৰা যৌনকৰ্মী ৰোগীক চিনাক্ত কৰা সহজ।
মহিলাকেইগৰাকী লগ হোৱা সামাজিক আশ্ৰয় গৃহটো চিকিৎসালয়ৰ ওচৰতে। অতিমাৰীৰ আগতে পুৰষ কৰ্মচাৰীৰ চকুৰ আগতেই গ্ৰাহকে অমিতাক চিকিৎসালয়ৰ পদুলিৰ পৰাই লৈ যায়।
“এইছ.আই.ভি. পৰীক্ষাৰ বাবে হাতত শ্লিপ লৈ থকাসকল যে স্বাস্থ্যকৰ্মী, সেইকথা নিৰাপত্তাৰক্ষীসকলেও বুজি পায়। পিচত যেতিয়া আমি পৰীক্ষা কৰোৱাবলৈ যাওঁ, তেতিয়া সিহঁতে আমাক চিনি পাই ইজনে-সিজনক কোৱা-কুই কৰে। কেতিয়াবা শাৰীত থিয় নিদিয়াকৈ ডাক্তৰক দেখা কৰিবলৈ আমাক একোজন মানুহৰ দৰকাৰ হয়,” অমিতাই কয়। হস্পিতালত আচলতে পৰামৰ্শ, চিকিৎসা আৰু ঔষধৰ বাবে বেলেগ বেলেগ শাৰী থাকে।
গিৰিয়েকে এৰি থৈ যোৱাৰ পিচত অমিতা দুই দশক আগতেই এজনী ছোৱালী আৰু দুটা ল’ৰা সন্তানৰ সৈতে পাটনাৰ পৰা দিল্লীলৈ আহিছিল। এটা কাৰখানাত দিন হাজিৰাৰ দৰত শ্ৰমিক হিচাপে কাম কৰোৱাৰ পিচতো তাইক পাওনা নিদিয়াত কোনো বন্ধুৱে তাইক যৌনকৰ্মৰ সৈতে পৰিচয় কৰি দিয়ে। “মই বহু দিন কান্দিছিলোঁ, এনে কাম কৰিব বিচৰা নাছিলোঁ, ২০০৭ চনত দিনে ৬০০ টকা পোৱা বহুত ডাঙৰ কথা আছিল, মই ১০ দিন খাব পাৰিছিলোঁ।”
অমিতা, মীৰা, আৰু অন্যান্যসকলৰ বিৱৰণৰ পৰা এই কথা সহজেই বোধগম্য যে যৌনকৰ্মীসকল এক বিশেষ ধৰণৰ কালিমা কঢ়িওৱাৰ অভিজ্ঞতাৰ সন্মুখীন হয়, যিয়ে তেওঁলোকৰ স্বাস্থ্যসেৱাৰ সুবিধা পোৱাৰ সামৰ্থ্য সীমিত কৰি তোলে। ৰাষ্ট্ৰীয় যৌনকৰ্মী মণ্ডলীৰ অধীনত বহু সহায়ক সংস্থা তথা যৌনকৰ্মীৰ সংগঠনৰ দ্বাৰা সংগৃহীত ২০১৪ চনত প্ৰকাশিত ‘ষ্টেটাছ অফ ৱিমেন ইন ছেক্স ৱৰ্ক ইন ইণ্ডিয়া’ শীৰ্ষক প্ৰতিবেদন অনুসৰি এই কথাই চিকিৎসালয়ত তেওঁলোকক পেছাৰ কথা লুকুৱাবলৈ বাধ্য কৰে। “মহিলা যৌনকৰ্মীসকলক অপমান কৰা হয়, ইতিকিং কৰা হয়, দীঘলীয়া সময় ধৰি অপেক্ষা কৰিবলৈ বাধ্য কৰোৱা হয়, ভালকৈ পৰীক্ষা কৰা নহয়, এইছ.আই.ভি পৰীক্ষা কৰিবলৈ বাধ্য কৰোৱা হয়, ব্যক্তিগত চিকিৎসালত সেৱাৰ বিনিময়ত অত্যধিক মাছুল লোৱা হয়, চিকিৎসা সেৱা আৰু প্ৰসৱ সেৱা আগবঢ়াবলৈ অস্বীকাৰ কৰা হয়, আৰু তেওঁলোকৰ গোপনীয়তা উলংঘা কৰা হয়,” যৌনকৰ্মীৰ ৰাষ্ট্ৰীয় নেটৱৰ্কৰ অন্তৰ্গত ওকালতি গোট আৰু যৌনকৰ্মীৰ ৰাজহুৱা সংগঠনৰ দ্বাৰা প্ৰস্তুত উক্ত প্ৰতিবেদনত এই কথা কোৱা হৈছে।
প্ৰতিবেদনখনে উদঙোৱা কথাখিনিয়ে অমিতাৰ অভিজ্ঞতাখিনিকে প্ৰতিফলিত কৰে। “কেৱল এইছ.আই.ভি.ৰ দৰে ভয় লগা বেমাৰ বা গৰ্ভপাত কৰাবলৈ অথবা অন্য কিবা স্থানীয়ভাৱে চিকিৎসা কৰি আমনি লাগিলেহে আমি ডাঙৰ চিকিৎসালয়লৈ যাওঁ। আন সময়ত সচৰাচৰ আমি মোনা লোৱা ডাক্তৰৰ (অনুজ্ঞাপত্ৰবিহীন চিকিৎসা বৃত্তিধাৰী লোক) ওচৰলৈকে যাওঁ। সিহঁতেও যদি গম পায় যে আমি যৌনকৰ্মী, সিহঁতেও সুবিধা ল’বলৈ চেষ্টা কৰে,” তাই কয়।
কুসুমে লগতে কয়, তেওঁলোকে লগ পোৱা কোনোৱেই কোনো মৰ্যাদা নিদিয়ে। তেওঁলোকৰ পেছাৰ কথা ওলোৱাৰ লগে লগেই শোষণৰ বাট আৰম্ভ হয়। যৌন সুখ নহ’লেও সিহঁতে সাময়িক সুখ বিচাৰে অথবা তেওঁলোকক অৱমাননা কৰি বিকৃত আনন্দ লয়। “যিকোনো উপায়েৰে সিহঁতে শৰীৰটো স্পৰ্শ কৰিব বিচাৰে।”
ৰোহিনীৰ স্বেচ্ছাসেৱী সংগঠন এটাৰ কাৰ্য্যালয়ত যৌনকৰ্মীৰ চিকিৎসা কৰা চিকিৎসক সুমন কুমাৰ বিশ্বাসে কয় যে, এনেবোৰ কাৰণৰ ফলতে চিকিৎসা সাহায্য ল’বলৈ যৌনকৰ্মীসকলক বুজনি দিব লগা হয়। তেওঁ কণ্ডম বিলোৱাৰ লগতে এই মহিলাখিনিক চিকিৎসা পৰামৰ্শ দিয়ে।
ক’ভিড-১৯ অতিমাৰীৰ পৰিস্থিতিয়ে যৌনকৰ্মীসকলৰ প্ৰতি পক্ষপাততুষ্ট আচৰণ আৰু বেছি কৰি তোলাৰ ফলত তেওঁলোকৰ শোষণৰ সম্ভাৱনাও বাঢ়িছে।
“যৌনকৰ্মীসকলক অস্পৃশ্যৰ দৰেই ব্যৱহাৰ কৰা হয়,” এ.আই.এন.এছ.ডব্লিউ.-ৰ বৰ্তমানৰ সভাপতি পুতুল সিঙে কয়। “আমাক ৰেছনৰ শাৰীৰ পৰা আঁতৰাই পঠিওৱা হয় বা আধাৰ কাৰ্ডৰ বাবে উপৰ্যুপৰি প্ৰশ্ন কৰি বিৰক্তি দিয়া হয়... আমাৰ এজনী ভনীৰ এক জটিল গৰ্ভধাৰণ হৈছিল, মাত্ৰ কেই কিলোমিটাৰমান দূৰত্বৰ বাবদ আমি ৫০০০ টকাতকৈ বেছি নিদিলে এম্বুলেন্স আহিবলৈকো অমান্তি হৈছিল। আমি কেনেবাকৈ তেওঁক চিকিৎসালয় পোৱালোগৈ, কিন্তু অস্পষ্ট কিছুমান অজুহাত দেখুৱাই কৰ্মীসকলে তেওঁক চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিলে। এজন চিকিৎসক তেওঁক চাবলৈ মান্তি হ’ল, কিন্তু ৰোগীৰ পৰা তেওঁ বহু দূৰৈত থিয় হৈহে চাইছিল।” সিঙে জনায় যে তেওঁলোকে যদিও ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৈছিল সেই মহিলাগৰাকীয়ে অৱশেষত সন্তানটো হেৰুৱাবলগীয়া হ’ল।
****
মহিলাগৰাকীৰ ভাষ্য অনুসৰি চৰকাৰী নে ব্যক্তিগত চিকিৎসা যতন ল’ব, সেইটো বাচনি বৰ জটিল। “ব্যক্তিগত চিকিৎসালয়ত আমি আমাৰ মৰ্য্যাদা হানি নোহোৱাকৈ পৰামৰ্শ ল’ব পাৰোঁ,” অমিতাই কয়। কিন্তু সেই ক্লিনিকবোৰ সাংঘাতিক মহঙা। উদাহৰণ স্বৰূপে, ব্যক্তিগত ক্লিনিকত এটা গৰ্ভপাতৰ বাবে তিনিগুণ বেছি খৰচ বা কমেও ১৫০০০ টকা খৰচ হয়।
চৰকাৰী চিকিৎসালয়ৰ আন অসুবিধাটো হ’ল নথিপত্ৰৰ ওপৰত গুৰুত্ব।
২৮ বছৰ বয়সীয়া পিংকীয়ে কুৎসিত দাগ এটা দেখুৱাবলৈ মুখ আৰু ডিঙিৰ পৰা মাস্কখন আঁতৰাই দিলে য’ত তাইৰ প্ৰেমিকলৈ ৰূপান্তৰিত হোৱা এটা গ্ৰাহকে তাইৰ প্ৰতি ঈৰ্ষাত ডিঙি ৰেপি হত্যা কৰিবলৈ চেষ্টা কৰিছিল। “হাজাৰটা প্ৰশ্ন সুধিব, পৰিচয় গোপনীয় নাৰাখিব, সাম্ভাব্য পুলিচ কেছো আমাৰ ওপৰত জাপি দিয়া হ’ব। তদুপৰি আমি বেছিভাগেই যেতিয়া গাঁৱৰ ঘৰ এৰি আহো, ৰেছন কাৰ্ড বা তেনে নথিপত্ৰ আমাৰ হাতত নাথাকে বা লৈ নাহো,” এনেদৰে তাই চৰকাৰী চিকিৎসালয়লৈ কিয় নগ’ল কাৰণটো বুজাবলৈ কয়।
২০০৭ চনৰ মাৰ্চত ভাৰতীয় মহিলাৰ স্বাস্থ্য চনদত কোৱা হৈছে যে যৌনকৰ্মীসকলক “জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰা হয়”। এটা দশকৰ পাচত, আনকি ৰাজধানী চহৰখনতো তাৰ তেনেই সামান্য পৰিৱৰ্তন দেখা গৈছে। তাৰ পিচত অতিমাৰীয়ে যৌনকৰ্মীসকলক আৰু বেছি দূৰলৈ ঠেলি দিছে।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ২০২০ চনৰ অক্টোবৰত কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত নাৰীৰ অধিকাৰ সন্দৰ্ভত এক পৰামৰ্শাৱলী আগবঢ়ায়। উক্ত পৰামৰ্শাৱলী অনুসৰি যৌনকৰ্মীসকলৰ বিপদগ্ৰস্ততাৰ সম্ভাৱনা অতি বেছি বৃদ্ধি পাইছে – তেওঁলোকৰ জীৱিকা ক্ষতিগ্ৰস্ত হৈছে, এইছ.আই.ভি পজিটিভসকলে এণ্টি ৰেট্ৰ’ভাইৰেল চিকিৎসাসেৱা পাবলৈ অসমৰ্থ হৈ পৰিছিল, আৰু পৰিচয়ৰ নথিপত্ৰৰ অভাৱৰ বাবে বহুতেই চৰকাৰৰ কল্যাণমূলক আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাছিল। অৱশেষত, কেনেবাকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য সম্পদ কেন্দ্ৰই যৌনকৰ্মীসকলক অসংগঠিত শ্ৰমিক হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ এক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই পূৰ্বৰ নিৰ্দেশাৱলীৰ সংশোধন কৰে, যাৰ ফলত শ্ৰমিকসকলৰ কল্যাণৰ বাবে আগবঢ়োৱা সকলো কল্যাণ আৰু সাহায্য পাবৰ বাবে তেওঁলোক যোগ্য হৈ পৰে। সেইখনত পৰামৰ্শ দিয়া হৈছিল যে যৌনকৰ্মীসকলক মানৱতাৰ খাতিৰত সাহায্য দিয়া উচিত।
“কভিডৰ সময়ত চৰকাৰী চিকিৎসালয়ত যৌনকৰ্মীসকলক “আমি তোমালোকক স্পৰ্শ নকৰোঁ, কাৰণ তোমালোকে বীজাণু বিয়পাব পাৰা” বুলি যেতিয়া কোৱা হৈছিল তেতিয়া অৱস্থা আৰু শোচনীয় হৈ পৰিছিল। দিল্লীৰ মানৱ অধিকাৰ আইন মণ্ডলী (Human Rights Law Network)ৰ এগৰাকী অধিবক্তা স্নেহা মুখাৰ্জীয়ে কয়, “সেয়েহে, তেওঁলোকক ঔষধ আৰু পৰীক্ষা কৰোৱাৰ সুবিধাৰ পৰা বঞ্চিত কৰা হৈছিল।” শ্ৰী মতী মুখাৰ্জীৰ মতে ২০২১ চনৰ ব্যক্তিৰ সৰবৰাহ (ট্ৰেফিকিং ইন পাৰ্চনছ) বিধেয়কৰ খছৰাত যৌনকৰ্মীসকলক সৰবৰাহৰ বলি হিচাপে ধৰা হয় আৰু বিধেয়কখন আইনত পৰিণত হ’লে যৌনকৰ্মী হিচাপে কাম কৰাৰ চৰ্তাৱস্থা অধিক কঠিন হৈ পৰিব। তেওঁ লগতে সকিয়াই দিয়ে যে তেনে অৱস্থাই যৌনকৰ্মীৰ বাবে স্বাস্থ্যসেৱা আৰু অধিক একাষৰীয়া কৰিব পাৰে।
২০২০ চনৰ আগেলৈকে ২০০-৪০০ টকাকৈ দিয়া দিনে এজন বা দুজন গ্ৰাহকেৰে এগৰাকী যৌনকৰ্মীয়ে মাহেকত ৬০০০-৮০০০ টকা আৰ্জিব পাৰিছিল। দেশজোৰা ক’ভিড-১৯ লকডাউনৰ পিচৰ পৰা গ্ৰাহকৰ অভাৱত যৌনকৰ্মীসকলো আন অসংগঠিত খণ্ডৰ শ্ৰমিকৰ দৰে দান-বৰঙনিৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে। যেনে-তেনে পেটটো পুহিবলৈ খাদ্যও বচাই খাবলগীয়া অৱস্থাত ঔষধৰ কথা প্ৰশ্নাতীত হৈ পৰিছিল।
“২০২১ চনৰ মাৰ্চত ৰেছনৰ খাদ্যও বন্ধ কৰা হ’ল। যৌনকৰ্মীসকলক সাহায্য দিবৰ বাবে চৰকাৰে কোনো আঁচনিয়েই নল’লে। অতিমাৰী আৰম্ভ হোৱাৰ দুবছৰেই হ’বৰ হ’ল, তেওঁলোকে এতিয়াও গ্ৰাহক বিচাৰি হাবাথুৰি খাই ফুৰিছে। জীৱিকা নষ্ট হোৱাৰ লগতে পৰিয়ালেও তেওঁলোকে কি কৰে গম পোৱাত, খাদ্যৰ অভাৱৰ উপৰি তেওঁলোক মানসিক স্বাস্থ্য সম্পৰ্কীয় সমস্যাতো ভুগিছে।” এ.আই.এন.এছ.ডব্লিউ.-ৰ সমন্বয়ক অমিত কুমাৰে জনায়।
২০১৪ চনৰ যৌনকৰ্মীৰ নেটৱৰ্কৰ প্ৰতিবেদনখনে প্ৰকাশ কৰিছিল যে, ভাৰতত ৮০০,০০০ তকৈয়ো অধিক যৌনকৰ্মী আছে। তিৱাৰীৰ মতে, প্ৰায় ৩০০,০০০ দিল্লীত বাস কৰে। ৰাজধানীখনৰ ৩০টা মান স্বেচ্ছাসেৱী সংগঠনে নিয়মীয়া পৰীক্ষণৰ বাবে তেওঁলোকৰ সৈতে কাম কৰে, প্ৰত্যেকটোৰে ১০০০ বা ততোধিক যৌনকৰ্মীক নিয়মীয়াকৈ পৰীক্ষা কৰোৱাৰ লক্ষ্য থাকে। মহিলাখিনিয়ে নিজকে দৈনিক হাজিৰা কৰা শ্ৰমিক হিচাপেই বিবেচনা কৰে। উত্তৰ প্ৰদেশৰ বুদাউন জিলাৰ ৩৪ বছৰ বয়সীয়া বিধৱা ৰাণীয়ে কয়, “আমি ইয়াক যৌনকৰ্ম বুলি কওঁ, বেশ্যা নহয়। মই প্ৰতি দিনে উপাৰ্জন কৰোঁ আৰু প্ৰতিদিনে খাওঁ। মোৰ এটুকুৰা নিৰ্দিষ্ট ঠাই আছে। মই এদিনত এজন বা দুজন গ্ৰাহক ল’ব পাৰোঁ, প্ৰত্যেকেই ২০০ ৰ পৰা ৩০০ টকা দিয়ে।
উপাৰ্জনৰ ধৰণটো তেওঁলোকৰ পৰিচয়ৰ মাত্ৰ এটাহে অংশ। গোলকীকৰণ আৰু প্ৰযুক্তিয়ে কি ধৰণে যৌন বাণিজ্য প্ৰভাৱিত কৰিছে সেই দৃষ্টি দাঙি ধৰা ‘ইণ্টিমেইট চিটি’ শীৰ্ষক গ্ৰন্থখনৰ ৰচয়িতা, মুম্বাইৰ নাৰীবাদী কৰ্মী আৰু তাত্ত্বিক মঞ্জিমা মুখাৰ্জী্যে কয় যে, “এটা কথা মনত ৰখাটো আৱশ্যকীয় যে, যৌনকৰ্মীসকল অকলশৰীয়া নাৰী, অকলশৰীয়া মাতৃ, দলিত নাৰী, অশিক্ষিত নাৰী, প্ৰৱজ্জিত নাৰী আৰু এনে বহুতো তেওঁলোকৰ অন্য পৰিচয় আছে যিয়ে তেওঁলোকৰ জীৱনৰ গতিপথ নিৰ্ধাৰিত কৰিছে। “বহু ক্ষেত্ৰত মহিলাই পেটে-ভাতে চলিবৰ বাবে অসংগঠিত খণ্ডত কেইবাটাও কাম কৰেঃ এটা সময়ত ঘৰুৱা কাম-বন, আন এটা সময়ত যৌন কৰ্ম আৰু তৃতীয়টো কাম হিচাপে নিৰ্মাণৰ কাম বা ফেক্টৰিৰ কাম,” তেওঁ কয়।
যৌনকৰ্মৰ সৈতে অনিশ্চয়তা আহেই। “কাৰোবাৰ ঘৰ যদি কামৰ বাবে লোৱা হয়, সেই মানুহেও কমিছন লয়। যদি গ্ৰাহক মোৰ, মই মাহে ২০০ৰ পৰা ৩০০ টকা মাহে ভাড়া দিওঁ। কিন্তু যদি বাইদেউ (ঘৰৰ মালিক)ৰ গ্ৰাহক হয়, তেন্তে মই তেওঁক এক নিৰ্দিষ্ট পৰিমাণৰ পইছা দিব লাগে,” ৰাণীয়ে কয়।
তেওঁ মোক তেনে এটা এপাৰ্টমেন্টলৈ লৈ যায় য’ত গৰাকীয়ে, আমি তেওঁৰ পৰিচয় প্ৰকাশ কৰি তেওঁলোকক বিপদ নেপেলাও বুলি কথা দিয়াৰ পিচত সেই বিশেষ কোঠাটো দেখুৱায়। কোঠাটোত এখন বিচনা, এখন আইনা, ভগৱানৰ ফটো আৰু গৰম দিনৰ বাবে এটা পুৰণি কুলাৰৰ বাহিৰে আন কোনো আচবাব নাই। দুগৰাকী কম বয়সীয়া নাৰী বিচনাখনত বহি মোবাইল ফোনত ব্যস্ত হৈ আছে। বেলকনিত ছিগাৰেট হুপি থকা দুজন পুৰুষে তেওঁলোকৰ চকু ঘুৰাই নিছে।
শৰীৰটো এক অৰ্থনৈতিক সম্পদ হিচাপে ‘পৃথিৱীৰ আটাইতকৈ পুৰণি পেছা’টোত পছন্দৰ প্ৰশ্নটোৰ উত্তৰ দিয়াটো ঐতিহাসিক ভাৱেই জটিল। ভট্টাচাৰ্য্যই কয়, আৰু তেওঁ লগতে যুক্তি আগবঢ়ায় যে পছন্দ নিশ্চিত কৰিবলৈ কঠিন হয়, যেতিয়া পছন্দটো ভাল অথবা নৈতিক বুলি ধৰা নহয়। “যৌনকৰ্ম কৰিবলৈ আগ্ৰহী বুলি নিজে জনাজাত হোৱাটো কোন নাৰীয়ে বিচাৰিব বাৰু? ইয়াৰ সমান্তৰাল হ’ব পাৰে যিদৰে আবিয়ৈ ছোৱালীৰ ‘বয়ফ্ৰেণ্ড’ বা সংগীৰ সৈতে ইচ্ছাকৃত যৌনসম্ভোগৰ কথা স্পষ্টভাৱে কোৱাটো কঠিন কিয়নো, সেই কথাই তেওঁলোকক ‘বেয়া ছোৱালী’ চিহ্নিত কৰাব।”
একে সময়তে, ৰাণীয়ে তাইৰ বাঢ়ি অহা ল’ৰা-ছোৱালীৰ খাদ্য, আশ্ৰয়, স্কুলৰ মাচুল আৰু ঔষধৰ খৰছ কেনেকৈ যোগাৰ কৰে, সেই কথাৰ উত্তৰ ভৱিষ্যতে কি দিব ভাবি ওৰ নাপায়।
গোপনীয়তা ৰক্ষাৰ বাবে যৌনকৰ্মীসকলৰ নাম সলাই দিয়া হৈছে।
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত - কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc- ত namita@ruralindiaonline.org ৰাখি এই ইমেইল ঠিকনালৈ লিখক - zahra@ruralindiaonline.org ।
অনুবাদ : ৰুবী বৰুৱা দাস