গ্ৰীষ্মকালত লাদাখৰ চুৰু গাওঁখন প্ৰাণ-প্ৰাচুৰ্য্যৰে ভৰি পৰে। ভৰ সেউজীয়া ঘাঁহনিৰ বেষ্টনী ভাঙি জান-জুৰিবোৰ বৈ আহে, ৰং-বিৰঙৰ বনৰীয়া ফুল ফুলে, সুদূৰত পৰ্বতশিখৰ বৰফে ঢাকে। দিনৰ আকাশ কিযে নিৰ্মল হৈ পৰে, আকৌ নিশাৰ ভাগত আকাশীগংগাখন হাতে ঢুকি পোৱা হৈ পৰে।
কাৰ্গিল জিলাৰ এই উপত্যকাৰ শিশুবোৰৰ প্ৰকৃতিৰ সৈতে সম্পৰ্ক অতি নিবিড়। তাই চুৰু গাঁৱত এই ফটোখিনি লোৱা হৈছিল ২০২১ত। শিশুহঁতৰ কোনোবাই যদি শিল এটা বগাইছে, কোনোবাই গ্ৰীষ্মৰ ফুল গোটাইছে, কোনোবাই আকৌ নিজৰাৰ পানীৰ সৈতে খেলিছে। গ্ৰীষ্মকালত যৱধানৰ খেতিপথাৰত খেলাটো সিহঁতৰ অতিকৈ প্ৰিয় কাম।
কাৰ্গিল এখন দূৰণিবটীয়া ঠাই। স্বায়ত্বশাসিত অঞ্চল লাদাখৰ আনখন জিলা লেহৰ পৰ্য্যটকৰ প্ৰচুৰ সমাগমৰ পৰা বহু আঁতৰত এই জিলা।
বহুতেই কাৰ্গিল বুলি ক’লে কাশ্মীৰ উপত্যকা বুলি ভাবে। কিন্তু সেয়া নহয়। তাৰোপৰি কাশ্মীৰখন চুন্নি অধ্যূষিত, আনহাতে কাৰ্গিলৰ গৰিষ্ঠসংখ্যকেই চিয়া ঠালৰ।
কাৰ্গিল চহৰখনৰ পৰা ৭০ কিলোমিটাৰ দক্ষিণে থকা তাই চুৰু চিয়া মুচলমানসকলৰ বাবে পুণ্য ধাম। কাৰ্গিল নিবাসীসকলৰ বাবে ইচলামধৰ্মৰ নৱবৰ্ষ মহৰম মানে হৈছে পয়গম্বৰ মহম্মদৰ নাতি ইমাম হুছেইনৰ বাবে গভীৰ শোক প্ৰকাশৰ সময়। ৬৮০ খ্ৰীষ্টাব্দত হোৱা কাৰবালাৰ যুদ্ধত (বৰ্তমানৰ ইৰাকত) ইমান হুছেইনৰটক তেওঁৰ ৭২ জন অনুচৰসহ হত্যা কৰা হৈছিল।
মহৰমৰ দিনা পুৰুষ-মহিলা সকলোৱে ৰীতি-নীতিবোৰত ভাগ লয়। জুলুচ বা দাস্তা বুলি কোৱা শোভাযাত্ৰা কেবাদিনো চলে। মহৰমৰ দশম দিন অচুৰাত এই জুলুচ আটাইতকৈ ডাঙৰ হয়, যিটো দিনত হুছেইন আৰু তেওঁৰ অনুচৰবৰ্গক কাৰবালাত হত্যা কৰা হৈছিল। সিদিনা কিছুমানে চাবুক আৰু ব্লেড আদিৰে নিজকে বেত্ৰাঘাট ( কামা জানি ) কৰে আৰু সকলোৱে বুকু ভুকুৱায় ( চিনা জানি )।
কাৰ্গিল চহৰৰ পৰা ৭০ কিলোমিটাৰ দক্ষিণে চুৰু উপত্যকাৰ তাই চুৰু গাওঁ, প্ৰায় ৬০০ লোক এই গাঁৱত থাকে। এই গাওঁখন কাৰ্গিল জিলাৰ তাইফচুৰু টেহচিলৰ সদৰ ঠাই
অচুৰাৰ আগদিনা মহিলাসকলে মছজিদৰ পৰা ইমামবাৰা (উপাসনাগৃহ)লৈ ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়। তেওঁলোকে গোটেই পথচোৱাত মাৰ্চিয়া আৰু নোহা (অনুতাপ আৰু শোক) গাই যায়। (এইবছৰ অচুৰা ৮-৯ আগষ্টত পৰিছে)
সকলোৱে মজলিচ (ধৰ্মীয় সমাৱেশ)ৰ বাবে সমবেত হয়, এয়া মহৰমৰ দিনকেইটাত ইমামবাৰাত দিনত দুবাৰকৈ অনুষ্ঠিত হয়। সকলোৱে তাত হুছেইন আৰু তেওঁৰ অনুচৰসকলৰ সাহস আৰু ত্যাগক স্মৰণ কৰে। পুৰুষ আৰু মহিলাই পৃথকে উপাসনাগৃহত বহি আঘা (ধৰ্মগুৰু)ৰ পৰা কাৰবালাৰ যুদ্ধ আৰু আন ঘটনাবোৰৰ পাঠ শুনে।
কিন্তু ইফালে পাঠ চলি থকাৰ মাজতে ওপৰ মহলাৰ বেলকনিত ছোৱালীবোৰে ভিৰ কৰে। তলত কি চলি আছে, কোন আহিছে, কোন গৈছে সকলো সিহঁতে বৰ আৰামত চাই থাকে। পিঞ্জৰা বা সজাই আৱদ্ধ হৈ থকা বা উশাহ বন্ধ হ’ব খোজা কথাই বুজায়। কিন্তু ছোৱালীহঁতৰ কাৰণে সেই বেলকনিটোতেই আছে স্বাধীনতা আৰু হাঁহি-ফুৰ্তিৰে খেলা-ধূলাৰ ঠাই।
এটা সময়ত তলত চলি থকা সভাত যেতিয়া শোকৰ শব্দবোৰ ডাঙৰ হৈ আহে, মনবোৰ হঠাতে গোমা হৈ পৰে আৰু ছোৱালীহঁতেও তলমূৰ কৰি উচুপে। কিন্তু বেছি সময়ৰ বাবে নহয়।
মহৰম শোকৰ মাহ যদিও শিশুহঁতৰ কাৰণে সেয়া বন্ধুবৰ্গক লগ পোৱা, ঘণ্টাৰ পাছত ঘণ্টা, আনকি কেতিয়াবা ৰাতি দোভাগলৈকো সময় কটোৱাৰ সুযোগ। কিছুমান ল’ৰাই নিজকে বেত্ৰাঘাত কৰে যদিও এই কাম ছোৱালীৰ বাবে নিষিদ্ধ। আন সকলোৱে কি কৰে, সেয়া তেওঁলোকে চাই ৰয়।
সাধাৰণতে মহৰম বুলিলে পুৰুষে নিজকে বেত্ৰাঘাত কৰা আৰু ৰক্তপাতৰ ওপৰতেই মানুহৰ চকু যায়। কিন্তু শোক-সন্তাপৰ আন এটা বাটো আছে, মহিলাসকলে যিটো কৰে। তেওঁলোকো শোকসন্তপ্ত, কিন্তু তাত গাম্ভীৰ্য্যতা আছে।
যৱধানৰ পথাৰত জন্নতে খেলিছে , তাই চুৰুত গ্ৰীষ্মকালটো ল’ৰা-ছোৱালীবোৰৰ কাৰণে ফুৰ্তিৰ সময়
শস্য পথাৰত গ্ৰীষ্মকালত ফুলা বনৰীয়া ফুলৰ শয্যাত জন্নত (বাওঁফালে) আৰু আৰ্চো ফাটিমা
পুৱাৰ সময়খিনি স্কুলত আৰু আবেলিৰ সময়খিনি গৃহকৰ্ম আৰু খেলা -ধূলাৰ । সপ্তাহান্তত বনভোজো হয় । ছবিখনত বনভোজ খাবলৈ যোৱা মোহাদিচ্ছাই (১১) নিজৰা এটাত নামি জলকেলি কৰিছে
ইহঁত দুজনীয়ে আকৌ লাদাখৰ চুৰু উপত্যকাৰ তাই চুৰু গাঁৱত শিল এটা বগাইছে । এই উপত্যকাৰ শিশুহঁতৰ প্ৰকৃতিৰ সৈতে অতিকৈ ওচৰ সম্পৰ্ক
হাজিৰা আৰু জাহৰা বাতুলে (ক্ৰমে ১০ আৰু ১১ বছৰীয়া) ইমামবাৰালৈ যোৱাৰ আগেয়ে একেলগে পঢ়াত লাগিছে; ২০২১ৰ আগষ্টৰ মহৰমৰ সময়
গাঁৱৰ ইমামবাৰাত পুৰুষসকলে চিনা জানি (বুকু ভুকুওৱা পৰ্ব) প্ৰদৰ্শন কৰিছে, ২০২১ৰ ১৬ আগষ্টত । ক ’লা কাপোৰ এখনে উপাসনাগৃহটোক পুৰুষ-মহিলাৰ বাবে দুটা ভাগত ভগাইছে
ছোৱালীহঁতে ওপৰ মহলৰ পিঞ্জৰাৰ দৰে বেলকনিটোৰ পৰা উপাসনাগৃহত কিনো ঘটিছে , সেয়া চাইছে, সেই জালি লগোৱা পিঞ্জৰাৰ দৰে ঠাইখিনিয়ে সিহঁতক স্বাধীনতা দিছে আৰু খেলাৰ ঠাই হৈ পৰিছে
১২ আৰু ১০ বছৰীয়া দুই শিশু ভিডিঅ ’ গেমত সোমাই পৰিছে । আন সকলো ঠাইৰ শিশুৰ দৰে তাই চুৰুৰ শিশুবোৰে টিভি আৰু ছ ’চিয়েল মিডিয়াৰ প্ৰতি আসক্ত, অৱশ্যে গাঁৱৰ নিৰ্দিষ্ট কেতবোৰ স্থানতহে ইণ্টাৰনেটে কাম কৰে
ইমামবাৰাৰ বাহিৰত ছোৱালী এজনীয়ে ডাঙৰবোৰৰ চকুত নপৰা ঠাইত খেলা -ধূলা কৰি থকাৰ মাজতে বিজয়ৰ চিন দেখাইছে
অচুৰাৰ দিনা নিশা পুৰুষৰ পৰা পৃথককৈ উলিওৱা শোভাযাত্ৰাত মহিলাসকলে শোক প্ৰকাশ (নোহা) কৰিছে । ইচলাম ধৰ্মৰ দিনপঞ্জী মতে মহৰমৰ মাহটোৰ দশম দিনা কাৰবালাৰ যুদ্ধত ইমাম হুছেইনৰ হত্যাৰ গভীৰ শোক প্ৰকাশ কৰে
অচুৰাৰ দিনা প্ৰান্তি গাঁৱৰ পৰা তাই চুৰুলৈ বুলি শোভাযাত্ৰা উলিয়াইছে , ২০২১ৰ ১৯ আগষ্টৰ দিনা
অচুৰাৰ দিনা তাই চুৰু গাঁৱৰ ছোৱালীৰ দল এটাই মাৰ্চিয়া (অনুতাপ) আৰু চিনা জানি (বুকু ভুকুওৱা প্ৰথা) পালন কৰিছে
অচুৰাৰ অন্ত পৰে জাম্পানৰ সৈতে । জাম্পান মানে প্ৰতিকী দোলা যিখনত ইমাম হুছেইনৰ ভগ্নী জৈনাবে কাৰবালালৈ আহিছিল । সেইখন গাঁৱৰ মুকলি পথাৰ এখনলৈ নিয়া হয় । সেই পথাৰখনক কটল -ই-গাহ বুলি কোৱা হয়, যিখন যুদ্ধভূমিত হুছেইন আৰু তেওঁ অনুচৰসকলে উমায়াদৰ খালিফ য়াজিদক বাধা দিয়া কাৰণে প্ৰাণ হেৰুৱাইছিল
অচুৰাৰ দিনা কটল -ই-গাহত কাৰবালা যুদ্ধৰ শোকাৱহ স্মৃতিৰ ৰোমন্থন কৰিবলৈ গোটেই গাওঁখনৰ মানুহবোৰ গোট খাইছে
অচুৰাৰ কেইদিমানমান পাছত ইমাম হুছেইনৰ টাবুত (কফিন)টো গাঁৱৰ মাজেৰে নিয়াত তাই চুৰুৰ মহিলাসকলে শোক প্ৰকাশ কৰিছে
২০২১ৰ ছেপ্টেম্বৰত জুলুচ উলিওৱাৰ পাছত তাই চুৰু গাঁৱৰ মানুহে দোৱা কৰিছে । মহৰমৰ পিছৰ মাহটো , চফৰলৈকে তেওঁলোকে কাৰবালাৰ চহিদসকলক সুঁৱৰি শোক ব্যক্ত কৰে
অনুবাদ: পংকজ দাস