চাৰি বছৰ সময়ৰ ভিতৰত জীৱন ভাই বাৰিয়া দুবাৰকৈ হৃদৰোগত আক্ৰান্ত হ’ল। ২০১৮ চনত প্ৰথমবাৰ আক্ৰান্ত হওঁতে তেওঁ ঘৰতে আছিল। তেওঁৰ পৰিবাৰ গাভিবেনে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল। ২০২২ চনৰ এপ্ৰিল মাহত আৰৱ সাগৰত মাছ্ধৰা নাও চলাই থাকোঁতে তেওঁ হঠাতে বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰে। তেওঁৰ এজন সহকৰ্মীয়ে ষ্টিয়াৰিং ধৰিলে আৰু আন এজনে বিচলিত প্ৰায় হৈ তেওঁক শুই পৰাত সহায় কৰিলে। তেওঁলোক সেই সময়ত সাগৰ তীৰৰ পৰা প্ৰায় ৫ ঘণ্টাৰ দূৰৈত আছিল। মৃত্যুৰ আগেয়ে জীৱনভাই দুবাৰতকৈয়ো অধিক এনেদৰে আক্ৰান্ত হৈছিল।

গাভিবেনে যি আশংকা কৰি আটাইতকৈ বেছি ভয় খাইছিল সেয়াই সঁচা হ’ল।

প্ৰথমবাৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ এবছৰ পিচত জীৱনভায়ে আকৌ মাছ ধৰিবলৈ যাবলৈ লোৱা সিদ্ধান্তটোত তেওঁ বৰ উৎসাহী নাছিল। সেইটোত যে বিপদৰ আশংকা আছিল তেওঁ জানিছিল। জীৱনভায়েও জানিছিল। গুজৰাটৰ আমৰেলি জিলাৰ উপকূলীয় চহৰ জাফৰাবাদত থকা ঢিমিকি পোহৰেৰে উদ্ভাষিত তেওঁৰ জুপুৰিটোত বহি গাভিবেনে ক’লে, ‘মই তেখেতক মানা কৰিছিলোঁ।’

কিন্তু, চহৰখনৰ আন বেছিভাগ মানুহৰ দৰেই জীৱনভায়ে মাছ ধৰাৰ বাহিৰে আন কাম নাজানিছিল যিটো কামে তেওঁক বছৰি প্ৰায় ২ লাখ টকাৰ উপাৰ্জন প্ৰদান কৰিছিল। ৫৫ বছৰ বয়সীয়া গাভিবেনে ক’লে, “৪০ বছৰ ধৰি তেখেতে এই কাম কৰি আহিছিল।” হৃদৰোগত আক্ৰান্ত হোৱাৰ পিচত তেখেতে এবছৰ জিৰণি লওঁতে আমাৰ ঘৰটো যেনে তেনে চলাই ৰাখিবলৈ মই শ্ৰমিক [আন মাছমৰীয়াসকলৰ মাছ শুকুওৱা] হিচাপে কাম কৰিছিলোঁ। তেখেতে সুস্থ বুলি অনুভৱ কৰাৰ পিচত আকৌ কামলৈ যাবলৈ সিদ্ধান্ত ল’লে।

জাফৰাবাদৰ এজন ডাঙৰ মাছমৰীয়াৰ মাছধৰা নাও এখনত জীৱনভায়ে কাম কৰিছিল। বাৰিষাৰ ঋতু বাদ দি বছৰৰ আঠোটা মাহ মাছুৱৈবোৰে এই মাছধৰা নাওবোৰ আৰৱ সাগৰৰ ১০-১৫ দিনৰ দূৰত্বলৈকে লৈ যায়গৈ। কেইসপ্তাহমান জোৰাকৈ তেওঁলোকে যথেষ্ট পৰিমাণৰ পানী আৰু খাদ্যও লগত লৈ যায়।

গাভিবেনে ক’লে, ‘জৰুৰীকালীন সেৱাৰ কোনো ব্যৱস্থা নথকাকৈ কেইবাদিনৰ বাবে সাগৰৰ বহু দূৰলৈ যোৱাটো কেতিয়াও নিৰাপদ নহয়। তেওঁলোকৰ মাত্ৰ এটা প্ৰাথমিক চিকিৎসা সজুঁলিৰ বাকচ থাকে। হৃদৰোগীৰ বাবে ই বৰ আশংকাপূৰ্ণ।’

Gabhiben holding a portrait of her late husband, Jeevanbhai, at their home in Jafrabad, a coastal town in Gujarat’s Amreli district
PHOTO • Parth M.N.

গাভিবেনে গুজৰাটৰ আমৰেলি জিলাৰ উপকূলীয় চহৰ জাফৰাবাদত থকা তেওঁলোকৰ বাসগৃহত তেওঁৰ প্ৰয়াত স্বামী জীৱনভাইৰ এখন ফটো দেখুৱাইছে

১৩ খন জিলাৰ ৩৯টা তালুকত বিস্তৃত হৈ থকা গুজৰাটৰ উপকূলৰেখা ভাৰতৰ আন সকলো ৰাজ্যতকৈ দীঘল। দেশখনৰ সাগৰীয় উৎপাদনৰ ২০% এই অঞ্চলৰে অৱদান। মীন পালন বিভাগৰ আয়ুক্তৰ ৱেবছাইটৰ তথ্য অনুসৰি ৰাজ্যখনৰ ১০০০ খন গাৱঁৰ ৫ লাখতকৈয়ো অধিক লোক মীন পালন ক্ষেত্ৰখনত নিয়োজিত হৈ আছে।

প্ৰতি বছৰে চাৰি মাহ বা তেনে পৰিমাণৰ সময়ৰ সাগৰত কটোৱাৰ বাবে তেওঁলোকৰ বেছিসংখ্যক লোকেই সম্পূৰ্ণভাৱে স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হৈ থাকে।

প্ৰথমবাৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ পিচত জীৱনভায়ে প্ৰতিবাৰেই সাগৰলৈ যাত্ৰা কৰাৰ সময়্খিনি গাভিবেনে উৎকণ্ঠাৰ বোজা ব’বলগীয়া হয়। তেওঁ অলেখ চিন্তাৰ মাজত অকলশৰীয়া হৈ ৰয়, যি আশা আৰু আশংকাৰ মাজত দোদুল্যমান হৈ থাকে, ভাৱলেশহীন হৈ চিলিং ফেনখনলৈ চাই চাই ৰাতিৰ পিছত ৰাতি উজাগৰে কটায়। জীৱনভাই ঘৰলৈ যিদিনা নিৰাপদে ঘূৰি আহে সেইদিনাহে তেওঁ স্বস্তিৰ নিশ্বাস পেলায়।

এদিন পিচে তেনেকৈ তেখেত উভতি নাহিল।

*****

গুজৰাট চৰকাৰে ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ক দিয়া পাঁচ বছৰৰ আগৰ প্ৰতিশ্ৰুতি অনুসৰি কাম কৰা হ’লে জীৱনভাইৰ ভাগ্য হয়তো বেলেগ হ’লহেঁতেন।

২০১৭ চনৰ এপ্ৰিল মাহত জাফৰাবাদৰ উপকূলৰ পৰা নিলগত থকা দ্বীপ শ্বিয়াল বেটৰ বাসিন্দা ৭০ বছৰীয়া জান্দুৰভাই বালাধিয়াই নাও এম্বুলেন্সৰ ব্যৱস্থা প্ৰদানৰ দীৰ্ঘদিনীয়া দাবী জনাই গুজৰাট উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন দাখিল কৰিছিল। তেওঁক পথ দেখুৱাই দিওঁতা আছিল দূৰ্বল শ্ৰেণীৰ সমাজৰ অধিকাৰৰ হকে কাম কৰা আহমেদাবাদস্থিত অনুষ্ঠান ‘চেণ্টাৰ ফৰ ছ’চিয়েল জাষ্টিছ’ৰ স’তে জৰিত অধিবক্তা-কৰ্মী ৪৩ বছৰীয়া অৰবিন্দভাই খুমান।

উক্ত আবেদনৰ জৰিয়তে জীৱনৰ অধিকাৰ প্ৰদান কৰা ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসৰি ৰাজ্যখনে মাছমৰীয়াসকলৰ ‘মৌলিক তথা সাংবিধানিক অধিকাৰ ভংগ কৰা’ বুলি দোষাৰোপ কৰা হৈছিল।

তদুপৰি, ‘পেচাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ন্যূনতম নিৰাপত্তা, স্বাস্থ্য সুৰক্ষা আৰু চিকিৎসা যতন’ৰ কথা নিৰূপিত কৰা ২০০৭ চনৰ ফিছিং কনভেন্সন (মাছধৰা সন্মিলন) উদ্ধৃতিও তাত দিয়া হৈছিল।

Standing on the shore of Jafrabad's coastline, 55-year-old Jeevanbhai Shiyal says fisherfolk say a silent prayer before a trip
PHOTO • Parth M.N.

জাফৰাবাদৰ উপকূলমালাৰ সাগৰ তীৰত থিয় হৈ ৫৫ বছৰীয়া জীৱনভাই শ্বিয়ালে কয়, মাছমৰীয়াহঁতে যাত্ৰাৰ আগেয়ে নীৰৱে প্ৰাৰ্থনা কৰে

২০১৭ চনৰ আগষ্ট মাহত ৰাজ্যযন্ত্ৰৰ পৰা নিশ্চিতি পোৱাৰ পিচত উচ্চ ন্যায়ালয়ে উক্ত আবেদনৰ ওপৰত শুনানিৰ অন্ত পেলায়। ৰাজ্যৰ হৈ ওকালতি কৰা মণিষা লৱকুমাৰে ন্যায়ালয়ক জনায় যে, ৰাজ্যযন্ত্ৰ ‘উপকূল অঞ্চলত বসবাস কৰা লোক আৰু মাছমৰীয়াসকলৰ অধিকাৰৰ প্ৰতি ‘অতি সচেতন।’’

গুৰুত্বপূৰ্ণ কথাটো হ’ল, আদালতৰ নিৰ্দেশনামাত টোকা দিয়া হৈছিল যে উপকূলৰ ১৬০০ কি.মি. দূৰত্ব সামৰি ‘যি কোনো জৰুৰী অৱস্থা চম্ভালিব পৰাকৈ সম্পূৰ্ণ সা-সৰঞ্জাম থকা’ সাতখন নাও এম্বুলেন্স কিনিবলৈ ৰাজ্য প্ৰশাসনে ইতিমধ্যে সিদ্ধান্ত লৈছিল।

পাঁচ বছৰ পাৰ হ’ল, মাছমৰীয়াসকলে জৰুৰীকালীন স্বাস্থ্য সেৱাৰ অভাৱৰ মুখামুখি হৈয়ে আছে। প্ৰতিশ্ৰুতি দিয়া মতে এতিয়ালৈকে মাত্ৰ দুখন নাও এম্বুলেন্স, এখন অ’খা আৰু আনখন পোৰবন্দৰত মোতায়েন কৰা হৈছে।

জাফৰাবাদৰ পৰা ২০ কি.মি দক্ষিণৰ সৰু চহৰ ৰাজুলাৰ বাসিন্দা অৰবিন্দভায়ে ক’লে, ‘উপকূলৰেখাৰ সৰহ ভাগ লোকেই এতিয়াও বিপদাপন্ন অৱস্থাতে আছে। ৱাটাৰ এম্বুলেন্স হ’ল দ্ৰুতগামী নাও, যিয়ে মাছমৰীয়া নাও এখনে অতিক্ৰম কৰা একে দূৰত্ব তাৰ আধাখিনি সময়তে কৰিব পাৰে। আমাৰ বাবে এনেকুৱা এম্বুলেন্স অতিকে প্ৰয়োজনীয়, কাৰণ মাছমৰীয়াসকলে আজিকালি উপকূলৰ কাষত মাছ নধৰে।’

জীৱননাশী হৃদৰোগত আক্ৰান্ত হোৱাৰ সময়ত সেইবাৰ জীৱনভাই আছিল সাগৰ তীৰৰ পৰা ৪০ নটিকেল মাইল অৰ্থাৎ প্ৰায় ৭৫ কি.মি. দূৰৈত। ২০ বছৰৰ আগেয়ে মাছমৰীয়াসকলে সাগৰৰ ইমান দূৰলৈ কাচিৎহে গৈছিল।

গাভিবেনে ক’লে, ‘তেখেতে যেতিয়া মাছ ধৰিবলৈ প্ৰথম আৰম্ভ কৰিছিল তেতিয়া ৫ বা ৮ নটিকেল মাইলৰ ভিতৰতে যথেষ্ট মাছ পাইছিল। উপকূলৰ পৰা খুব বেছি এঘণ্টা বা দুঘণ্টা মান লাগিছিল। আজিকালি আমি তীৰৰ পৰা ১০ বা ১২ ঘণ্টামান দূৰৈলৈ যাব লাগে।’

Gabhiben recalls the stress and anxiety she felt every time Jeevanbhai set off to sea after his first heart attack. Most fisherfolk in Gujarat are completely cut off from medical services during time they are at sea
PHOTO • Parth M.N.

প্ৰথমবাৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ পিচত তেওঁৰ স্বামী জীৱনভায়ে প্ৰতিবাৰ সাগৰলৈ যাত্ৰা কৰাৰ পাচত কেনে দূৰ্ভাৱনা আৰু উৎকণ্ঠা অনুভৱ কৰিছিল সেয়া মনত পেলাইছিল গাভিবেনে। সাগৰত থকাৰ সময়ত গুজৰাটৰ সৰহ সংখ্যক মাছমৰীয়াই চিকিৎসা সেৱাৰ ব্যৱস্থাৰ পৰা সম্পূৰ্ণভাৱে পৃথক হৈ থাকে

*****

মাছমৰীয়াসকলক সাগৰৰ ইমান দূৰলৈ টানি নিয়াৰ কাৰণ দুটাঃ ক্ৰমবৰ্দ্ধমান উপকূলৰ প্ৰদূষণ আৰু ক্ৰমহ্ৰাসমান জলাহবন (জলাহবন)ৰ আৱৰণ।

ৰাষ্ট্ৰীয় মৎসকৰ্মী মঞ্চ (National Fishworkers Forum)ৰ সম্পাদক ওচমান গণিয়ে কয় যে, “উপকূলমালাত হোৱা ব্যাপক ঔদ্যোগিক প্ৰদূষণে সাগৰীয় পৰিৱেশতন্ত্ৰত ভয়াবহ প্ৰভাৱ পেলাইছে।” তেওঁ লগতে কয় যে, “ই সাগৰ তীৰৰ পৰা মাছবোৰ আঁতৰি থকাটো নিশ্চিত কৰে যি মাছমৰীয়াসকলক গভীৰলৈ যাবলৈ বাধ্য কৰে। যিমানেই তেওঁলোক দূৰলৈ যায় সিমানেই জৰুৰীকালীন সেৱা জটিল হৈ পৰে।”

২০১৩ চনৰ ৰাজ্যিক পৰিৱেশ প্ৰতিবেদন অনুসৰি গুজৰাটৰ উপকূলীয় জিলাসমূহত ৰাসায়নিক, পেট্ৰ’কেমিকেল, ষ্টীল আৰু ধাতুকে ধৰি অন্যান্য ৫৮ টা ডাঙৰ উদ্যোগ আছে। ক্ৰমে ৮২২ টা খনি আৰু ৩১৫৬ টা কুৱেৰী লীজত দিয়া আছে। পৰিৱেশ কৰ্মীসকলে বিশ্বাস কৰে যে, ২০১৩ চনৰ প্ৰতিবেদনখন প্ৰকাশ হোৱাৰ পিচৰ সময়ত সেই সংখ্যা প্ৰচুৰ পৰিমাণে বৃদ্ধি হ’ব।

প্ৰতিবেদনখনে আৰু দেখুৱায় যে ৰাজ্যখনৰ ৭০ শতাংশ শক্তি উৎপাদন প্ৰকল্প ১৩ খন উপকূলীয় জিলাতে থুপ খাই আছে আৰু বাকী জিলা কেইখনত মাত্ৰ ৰৈ যোৱা ৩০ শতাংশহে আছে।

বৰোদাৰ পৰিৱেশকৰ্মী ৰোহিত প্ৰজাপতিয়ে কয় যে, ‘এই উদ্যোগবোৰে প্ৰায়ে পৰিৱেশ সংৰক্ষণৰ নীতি উলংঘা কৰে। সকলোৱেই আৱৰ্জনাবোৰ প্ৰত্যক্ষভাৱে নতুবা নদীৰ মাজেদি সাগৰত পেলায়। গুজৰাটত ২০ খনকৈ প্ৰদূষিত নদী আছে। তাৰে বহুকেইখন গৈ আৰৱ সাগৰত মিলিত হয়।’

গাণিয়ে কয়, উপকূল অঞ্চলত উন্নয়নৰ নামত ৰাজ্য প্ৰশাসনে জলাহবন আচ্ছাদনৰো ক্ষতি কৰিছে। জলাহবনবোৰে উপকূল অঞ্চল সুৰক্ষিত কৰাৰ লগতে মাছক কণী পাৰিবলৈ সুৰক্ষিত ঠাই দিয়ে। কিন্তু গুজৰাটৰ উপকূলমালাৰ যি ঠাইতে ব্যৱসায়িক উদ্যোগবোৰ স্থাপিত হ’ল তাত জলাহবন উছন কৰি পেলোৱা হ’ল। জলাহবন নাথাকিলে মাছবোৰ উপকূললৈ নাহে।’

Jeevanbhai Shiyal on a boat parked on Jafrabad's shore where rows of fish are set to dry by the town's fishing community (right)
PHOTO • Parth M.N.
Jeevanbhai Shiyal on a boat parked on Jafrabad's shore where rows of fish are set to dry by the town's fishing community (right)
PHOTO • Parth M.N.

জাফৰাবাদৰ সাগৰৰ পাৰত ৰখাই থোৱা নাও এখনৰ ওপৰত জীৱনভাই শ্বিয়াল য’ত চহৰখনৰ মাছমৰীয়া সমাজে শাৰী শাৰী মাছ শুকাবলৈ থয়

২০২১ চনৰ ‘ইণ্ডিয়া ষ্টেইট অফ ফৰেষ্ট ৰিপ’ৰ্ট’ অনুসৰি, ২০১৯ চনৰ পৰা গুজৰাটৰ জলাহবন আৱৰণ ২ শতাংশ হ্ৰাস হৈছে, একে সময়তে কিন্তু ৰাষ্ট্ৰীয় স্তৰত ইয়াৰ পৰিমাণ ১৭ শতাংশ বৃদ্ধি হৈছে।

উক্ত প্ৰতিবেদন অনুসৰি গুজৰাটৰ ৩৯ টা উপকূলীয় তালুকৰ ৩৮টাই বিভিন্ন পৰ্য্যায়ত সাগৰৰ পাৰ খহনীয়াৰ দ্বাৰা প্ৰভাৱিত হোৱাকৈ সংবেদনশীল। সেইটো সাধাৰণ ভাৱে জলাহবনৰদ্বাৰা ৰক্ষা কৰিব পৰা গ’লহেঁতেন।

‘জলাহবন সংৰক্ষণত ব্যৰ্থ হোৱাটো গুজৰাটৰ উপকূলত সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ এটা অন্যতম কাৰণ। এতিয়া সাগৰে আমি তাত বিসৰ্জন কৰা ঔদ্যোগিক আৱৰ্জনাবোৰ ওভোতাই আনে,’ প্ৰজাপতিয়ে ক’লে। ‘প্ৰদূষণ আৰু [পৰৱৰ্তী] জলাহবনৰ অনুপস্থিতিয়ে নিশ্চিত কৰে যে সমূদ্ৰতীৰৰ পানী প্ৰদূষিত হৈয়ে ৰয়।’

উপকূলৰ পৰা দূৰলৈ যাবলৈ বাধ্য হোৱা মাছমৰীয়াসকলে তীব্ৰতৰ পানীৰ সোঁত, শক্তিশালী বতাহ আৰু অনিশ্চিত বতৰৰো মুখামুখি হ’ব লাগে। দুখীয়া মাছমৰীয়াসকলৰ আটাইতকৈ বেছি কষ্ট হয়, কাৰণ তেওঁলোকে সৰু সৰু মাছধৰা নাও লৈয়ে ওলাই যায়, যিবোৰ কঠিন বতৰৰ স’তে মোকাবিলা কৰিব পৰাকৈ মজবুত নহয়।

২০১৬ চনৰ এপ্ৰিল মাহত ছানাভাই শ্বিয়ালৰ নাওখন সাগৰৰ মাজত ভাগি পৰিছিল। এটা শক্তিশালী সোঁতে সৰু ফাঁট এটা ডাঙৰ কৰি পেলালে। নাওখনত থকা আঠজন মাছমৰীয়া আপ্ৰাণ চেষ্টা স্বত্ত্বেও নাৱৰ ভিতৰত পানী সোমাবলৈ ধৰিলে। সহায় বিচৰাটো অসাৰ আছিল, কাৰণ ওচৰত কোনো নাছিল। কেৱল তেওঁলোক কেইজনহে আছিল।

নাওখন ফাটিছিল আৰু মাছমৰীয়া কেইজনে বলিয়াৰ দৰে নিজৰ জীৱন বচাবলৈ সাগৰত জাপ দিয়াৰ মূহুৰ্ততে সেইখন ডুবি গৈছিল। ওপঙি থাকিব পৰাকৈ যি কাঠৰ টুকুৰাই পাইছিল প্ৰত্যেকেই তাকে খামুছি ধৰিছিল। ছয়জন বাচিছিল। ৬০ বছৰ বয়সীয়া ছানাভাইকে ধৰি দুজন ঢুকাইছিল।

মাছমৰীয়া নাও এখনে তেওঁলোকক দেখা পাই উদ্ধাৰ কৰাৰ আগতে জীৱন ৰক্ষা হোৱা কেইজনে প্ৰায় ১২ ঘণ্টাৰ বাবে সাগৰত হাবুডুবু খাই আছিল।

Jamnaben's husband Sanabhai was on a small fishing boat which broke down in the middle of the Arabian Sea. He passed away before help could reach him
PHOTO • Parth M.N.

জমনাবেনৰ স্বামী ছানাভাই এখন সৰু মাছধৰা নাৱঁত আছিল, যিখন আৰৱ সাগৰৰ মাজত ভাগি পৰিছিল। কোনো সহায় ঢুকি পোৱাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল

জাফৰাবাদত বসবাস কৰা ৬৫ বছৰ বয়সীয়া ছানাভাইৰ পৰিবাৰ জমনাবেনে ক’লে, “তেখেতৰ মৃতদেহ তিনি দিনৰ পিচত পোৱা গৈছিল। স্পীড ব’ট এখনে তেখেতক বচাব পাৰিলেহেঁতেন নে নাই মই নেজানো। কিন্তু তেখেত জীয়াই থকাৰ সম্ভাৱনা বাঢ়িলেহেঁতেন। নাওখনত কিবা এটা বিজুতি ঘটা বুলি গম পোৱাৰ পিচত তেখেতে জৰুৰী সেৱা বিচাৰি মাতি পঠাব পাৰিলেহেঁতেন। আটাইতকৈ বেয়া কথাটো হ’ল কি হৈছে বুলি চিন্তাত আমি চৰম উৎকণ্ঠাত থাকিবলৈ এৰি দিয়াটো।”

তেওঁৰ দুজন পুত্ৰ দীনেশ, ৩০ আৰু ভূপদ, ৩৫ - দুয়োজনেই বিবাহিত আৰু দুয়োৰে দুটাকৈ সন্তান আছে আৰু দুয়োজনেই মাছমৰীয়া। তথাপি ছানাভাইৰ মৃত্যুৰ পিচত তেওঁলোকৰ মনত ভয় বাহ লৈছে।

জমনাবেনে ক’লে, ‘দীনেশ এতিয়াও সদায় মাছ ধৰিবলৈ যায়। ভূপদে যিমান পাৰে নোযোৱাকৈ থাকে। কিন্তু আমি চোৱাচিতা কৰিবলগীয়া আমাৰ এটা পৰিয়াল আছে আৰু এটাই উপাৰ্জনৰ উৎস। আমাৰ জীৱনবোৰ সাগৰলৈকে সমৰ্পিত।’

*****

এখন মাছধৰা নাৱৰ মালিক ৫৫ বছৰ বয়্সীয়া জীৱনভাই শ্বিয়ালে জনালে যে, যাত্ৰা এটা আৰম্ভ কৰাৰ আগেয়ে মাছুৱৈহঁতে নিৰৱে প্ৰাৰ্থনা কৰে।

তেওঁ সুঁৱৰিলে যে, “এবছৰৰ আগেয়ে মোৰ এজন শ্ৰমিকৰ নাৱত থাকোঁতেই হঠাৎ বুকুৰ বিষ অনুভৱ হ’ল। আমি লগে লগে পাৰলৈ যাত্ৰা কৰিলোঁ। পাঁচ ঘণ্টা সময় শ্ৰমিকজনে উশাহ লোৱাত কষ্ট পাইছিল। নাওখন পাৰলৈ আহি থকা গোটেই সময়খিনি তেওঁ হাতেৰে বুকুখন ধৰি আহিছিল।” শ্বিয়ালে ক’লে, সেইখিনি সময় তেওঁৰ পাঁচ বছৰ যেন লাগিছিল। প্ৰতিটো ছেকেণ্ড আগৰটোতকৈ যেন দীঘল আছিল। প্ৰতিটো মিনিট আগৰটোতকৈ বেছি দূৰ্ভাৱনাপূৰ্ণ আছিল। শ্ৰমিকজন জীয়াই থাকিল, কিয়নো পাৰ পোৱাৰ লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

একেদিনাই ঘূৰি আহিবলগীয়া হোৱা সেই এটা যাত্ৰাত শ্বিয়ালৰ ৫০,০০০ টকা খৰছ হৈছিল। তেওঁ ক’লে, “এটা সম্পূৰ্ণ যাত্ৰাত ৪০০ লিটাৰ ইন্ধন লাগে। আমি এটাও মাছ নধৰাকৈ উভতি আহিছিলোঁ।”

When one of Jeevanbhai Shiyal's workers suddenly felt chest pains onboard his trawler, they immediately turned back without catching any fish. The fuel expenses for that one trip cost Shiyal over Rs. 50,000
PHOTO • Parth M.N.

জীৱনভাই শ্বিয়ালৰ মাছমৰীয়া নাৱত কৰ্মী এজনে হঠাতে বুকুৰ বিষ অনুভৱ কৰাত এটাও মাছ নধৰাকৈ তেওঁলোক উভতি আহিছিল। সেই যাত্ৰাটোত শ্বিয়ালৰ ইন্ধনৰ খৰছ হৈছিল ৫০,০০০ টকাতকৈয়ো অধিক

'We bear the discomfort when we fall sick on the boat and get treated only after we are back home,' says Jeevanbhai Shiyal
PHOTO • Parth M.N.

নাৱত অসুখ হ’লে আমি সেই শাৰিৰীক অসুবিধা সহ্য কৰোঁ আৰু ঘৰলৈ উভতি আহি হে চিকিৎসা কৰাওঁ,’ জীৱনভাই শ্বিয়ালে কয়

মাছ ধৰোঁতে ক্ৰমবৰ্দ্ধমান হৈ অহা বিভিন্ন খৰচৰ বাবে স্বাস্থ্যৰ কিবা সমস্যা হ’লে প্ৰথমতে অৱজ্ঞা কৰা হয়। শ্বিয়ালে ক’লে, “ই সময়ত বিপদজনক হ’ব পাৰে। কিন্তু আমি কোনো সঞ্চয় নথকাকৈ যেনেতেনে জীয়াই থাকোঁ। আমাৰ অৱস্থাই আমাক স্বাস্থ্যৰ অৱজ্ঞা কৰিবলৈ বাধ্য কৰোৱায়। নাৱত অসুখ হ’লে আমি সেই শাৰীৰিক অসুবিধা সহ্য কৰোঁ আৰু ঘৰলৈ উভতি আহি হে চিকিৎসা কৰাওঁ।”

শ্বিয়াল বেটৰ বাসিন্দাসকলৰ বাবে ঘৰতো কোনো স্বাস্থ্য যতনৰ ব্যৱস্থা নাই। দ্বীপটোলৈ যাবলৈ এক মাত্ৰ উপায় হ’ল ১৫ মিনিটৰ ফেৰী যাত্ৰা আৰু সেই টুলুং-ভুটুং নাওখনত উঠা আৰু নমা কৰিবলৈ পাঁচ মিনিটৰ যুদ্ধ।

বালাধিয়াৰ আৰ্জিখনত মীন পালনেই উপাৰ্জনৰ একমাত্ৰ উৎস হোৱা শ্বিয়াল বেটৰ ৫০০০ বাসিন্দাৰ বাবে নাও এম্বুলেন্সৰ লগতে কাৰ্য্যক্ষম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰও বিচৰা হৈছিল।

সেইখনৰ প্ৰতিক্ৰিয়া হিচাপে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনামাত কোৱা হৈছিল যে ওচৰে-পাজৰে থকা জিলাৰ পৰা স্বাস্থ্য বিষয়া সপ্তাহত পাঁচ দিন পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ উপ-স্বাস্থ্যকেন্দ্ৰত নিয়োগ কৰা হ’ব।

কিন্তু বাসিন্দা সকলে জনায় যে সেইটো বাস্তৱত কাৰ্য্যকৰী হোৱা নাই।

Kanabhai Baladhiya outside a Primary Health Centre in Shiyal Bet. He says, 'I have to get on a boat every time I need to see a doctor'
PHOTO • Parth M.N.

কানাভাই বালাধিয়া শ্বিয়াল বেটৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বাহিৰত। তেওঁ কয়, ‘মই চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ’লে প্ৰতিবাৰেই নাওখন ল’ব লাগে’

Hansaben Shiyal is expecting a child and fears she won’t get to the hospital on time
PHOTO • Parth M.N.

সন্তানসম্ভৱা হানছা শ্বিয়ালৰ ভয় যে তেওঁ হয়তো সময়মতে চিকিৎসালয় গৈ নাপাবগৈ

অৱসৰী মাছমৰীয়া কানাভাই বালাধিয়াই কয় যে, তেওঁৰ বাৰে বাৰে হৈ থকা আঠুৰ সমস্যাটো চিকিৎসাৰ বাবে জাফৰাবাদ নতুবা ৰাজুলালৈ যাব লাগে। ৭৫ বছৰীয়া লোকজনে ক’লে, “ইয়াৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো প্ৰায়ে বন্ধ থাকে। আদালতে কি কাৰণত বা কৈছে যে সপ্তাহত পাঁচ দিনহে ইয়াত চিকিৎসক থাকিব লাগে। সপ্তাহৰ শেষৰ দিনকেইটাত যেন মানুহ বেমাৰত নপৰিবহে! কিন্তু, আনকি সপ্তাহৰ দিন কেইটাতো ইয়াত একো ভাল নহয়। মই চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ’লে প্ৰতি বাৰেই নাওখন ল’ব লাগে।”

গৰ্ভৱতী মহিলাৰ বাবে ই তাতোকৈ ডাঙৰ সমস্যা।

২৮ বছৰ বয়সীয়া হানছাবেন শ্বিয়াল আঠ মাহৰ গৰ্ভৱতী আৰু তেওঁ এই সময়চোৱাত বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত কাৰণত জাফৰাবাদৰ এখন চিকিৎসালয়লৈ তিনিবাৰকৈ যাবলগীয়া হয়। তেওঁ ছমহীয়া গৰ্ভৱ্তী অৱস্থাত কেনেকুৱাকৈ তেওঁৰ ভীষণ পেটৰ বিষত ভুগিছিল মনত পেলালে। তেতিয়া নিশা গভীৰ হৈছিল আৰু ফেৰীবোৰে বহু আগতেই দিনটো সামৰিছিল। তেওঁ ৰাতিটো তেনেদৰেই থাকি ৰাতি পুৱাবলৈ অপেক্ষা কৰিবলৈ সিদ্ধান্ত ল’লে। সেইটো আছিল এটা দীৰ্ঘতম আৰু দূৰ্ভাৱনাপূৰ্ণ ৰাতি।

ৰাতিপুৱা চাৰি বজাত হানছাবেন আৰু ৰৈ থাকিব নোৱাৰা হ’ল। তেওঁ এজন নাৱৰীয়া মাতি পঠালে, যিজনে দয়া কৰি তেওঁক সহায় কৰিলে। তেওঁ ক’লে, ‘গৰ্ভৱতী অৱস্থাত নাৱৰ পৰা উঠা-নমা কৰাটো অতিশয় চিন্তাজনক। নাওখন যিহেতু কেতিয়াও স্থিৰ হৈ নাথাকে, আপুনি নিজে ভাৰসাম্য ৰাখিব লাগিব। সামান্য এটা ভুলৰ বাবেই আপুনি পানীত পৰি যাব পাৰে। এনেকুৱা লাগে যেন আপোনাৰ জীৱনটো সূতা এডালতহে ওলমি আছে।

তেওঁ নাওখন যোগাৰ কৰাৰ পিচত তেওঁৰ ৬০ বছৰীয়া শাহুৱেক মঞ্জুবেনে এম্বুলেন্স মাতিলে। ‘আমি ভাবিছিলো আগতীয়াকৈ সেইখন মাতি আমি অলপ সময় বচাব পাৰিম, কিন্তু তেওঁলোকক জাফৰাবাদ পোতাশ্ৰয়ত নমাৰ পিচত আকৌ ফ’ন কৰিবলৈহে কোৱা হ’ল’, তেওঁ ক্ষোভেৰে জনালে।

তাৰমানে এম্বুলেন্সখন আহি পোৱাৰ পিচত তেওঁক চিকিৎসালয়লৈ নিবলৈ তেওঁলোকে আৰু ৫-৭ মিনিট ৰ’বলগীয়া হৈছিল।

Passengers alighting at Shiyal Bet (left) and Jafrabad ports (right)
PHOTO • Parth M.N.
Passengers alighting at Shiyal Bet (left) and Jafrabad ports (right)
PHOTO • Parth M.N.

শ্বিয়াল বেট (বাওঁফালে) আৰু জাফৰাবাদ (সোঁফালে) বন্দৰত যাত্ৰী নামিছে

হানছাবেনক সেই অভিজ্ঞতাই ভীতিগ্ৰস্ত কৰি তুলিছিল। তেওঁ কৈছিল, “মোৰ ভয় লাগে যে মোৰ প্ৰসৱৰ সময়ত ঠিকমতে চিকিৎসালয় নাপামগৈ। মোৰ প্ৰসৱ যন্ত্ৰণাৰ সময়ত নাৱৰ পৰা পৰি যাম বুলি মোৰ ভয় লাগে। মই আমাৰ গাঁৱৰ এনেকুৱা মাইকী মানুহ বহুতৰ কথা জানো যিয়ে প্ৰসৱৰ বাবে সময়মতে চিকিৎসালয় গৈ নোপোৱাত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এনেকুৱা বহু ঘটনাৰ কথাও মই জানো য’ত শিশুটোও বাচি নাথাকিল।”

আৰ্জিখনৰ সৈতে জৰিত অধিবক্তা-কৰ্মী অৰবিন্দ ভায়ে কয় যে বিগত বৰ্ষবোৰত ক্ৰমবৰ্দ্ধমান হাৰত শ্বিয়াল বেটৰ পৰা হোৱা প্ৰব্ৰজনৰ এটা মূল কাৰণ হ’ল স্বাস্থ্যযতন সেৱাৰ অভাৱ। তেওঁ ক’লে, “আপুনি এনে পৰিয়ালো পাব যিয়ে তেওঁলোকৰ থকা সকলোখিনি বেছি দিছে। ইয়াৰে বেছিভাগ পৰিয়ালেই স্বাস্থ্যযতনৰ অভাৱৰ বাবেই শোকাবহ অভিজ্ঞতাৰ মাজেদি গৈছে। পুনৰ কেতিয়াও উভতি নহাৰ শপত খাই তেওঁলোক উপকূললৈ উঠি গৈছে।”

সাগৰ তীৰত বাস কৰা গাভিবেন প্ৰতিজ্ঞাবদ্ধ হৈছে যে - তেওঁৰ পৰিয়ালৰ পিচৰ প্ৰজন্মই তেওঁলোকৰ পূৰ্বপুৰুষৰ পেচাটো এৰি ওলাই যাব। জীৱনভাইৰ মৃত্যুৰ পিচত তেওঁ আন মাছমৰীয়াৰ বাবে মাছ শুকুওৱা শ্ৰমিক হিচাপে কাম কৰে। ই এক কঠিন কাম আৰু তাৰ বাবদ প্ৰতি দিনে মাত্ৰ ২০০ টকাহে পায়। তেওঁ উপাৰ্জন কৰা প্ৰতিটো টকা জাফৰাবাদৰ চৰকাৰী বিদ্যালয় এখনত পঢ়ি থকা তেওঁৰ আন এটি পুত্ৰ ১৪ বছৰীয়া ৰোহিতৰ ভৱিষ্যতৰ শিক্ষাৰ বাবে। তেওঁৰ একান্ত ইচ্ছা-সি ডাঙৰ হৈ যি মন যায় হওক, কেৱল মাছমৰীয়া নহওক।

যদিওবা তাৰ বাবে ৰোহিতে গাভিবেনক বুঢ়া বয়সত অকলে এৰি থৈ জাফৰাবাদৰ পৰা আতৰলৈ যাব লগা হয়, যাওক। প্ৰত্যেকেই অতিমাত্ৰা ভয়-শংকাবোৰ বুকু লৈয়ে জাফৰাবাদত বহু মানুহ জীয়াই আছে। তাৰে মাজৰ এগৰাকী হিচাপে অতিষ্ঠ হৈ পৰিছে গাভিবেন।

পাৰ্থ এম. এন.-এ ঠাকুৰ ফেমিলী ফাউণ্ডেশ্বনৰ যোগেদি পোৱা স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ জৰিয়তে জনস্বাস্থ্য আৰু সামাজিক স্বাধীনতা বিষয়ক সংবাদ সেৱা কৰে। এই সংবাদ প্ৰতিবেদনত প্ৰকাশিত তথ্যৰ ওপৰত ঠাকুৰ ফেমিলী ফাউণ্ডেশ্বনে কোনো ধৰণৰ সম্পাদনা নিয়ন্ত্ৰণ সাব্যস্ত কৰা নাই।

অনুবাদ: ৰুবী বৰুৱা দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Editor : Sangeeta Menon

Sangeeta Menon is a Mumbai-based writer, editor and communications consultant.

Other stories by Sangeeta Menon
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at subarna.latab@gmail.com

Other stories by Rubee Barooah Das