‘১৯৯৪ৰ প্লেগ, ২০০৬ৰ চিকুণগুণিয়াৰ উৎপত্তি, ১৯৯৩ৰ বিধ্বংসী ভূঁইকঁপৰ সময়তো আনকি এই মন্দিৰ বন্ধ কৰা নাছিলো। মন্দিৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতি প্ৰত্যক্ষ কৰিলো,’ অতিমাত্ৰা বিৰক্ত হৈ পৰা সঞ্জয় পেণ্ডেই ক’লে। দক্ষিণ মহাৰাষ্ট্ৰৰ টুলজাপুৰ নগৰৰ দেৱী টুলজা ভৱানীৰ মন্দিৰৰ মূল পুৰোহিতসকলৰ তেঁৱো এজন।

ক’ভিড-19ৰ সংক্ৰমণ ৰোধৰ অংশ হিচাপে ৰাজ্যত ঘোষণা কৰা তলাবন্ধৰ বাবে ১৭ মাৰ্চ,মঙলবাৰৰ পৰা ভক্তৰ সমাগম বন্ধ কৰিবলৈ মন্দিৰৰ দুৱাৰ বন্ধ কৰা হয়। ইয়াৰ মানুহৰ বাবে এয়া একেবাৰে অবিশ্বাস্য। ‘এইটো কি ধৰণৰ ৰোগ? আন ৰাজ্যৰ ভক্তও ইয়ালৈ আহে, মন্দিৰৰ বাহিৰৰ পৰাই তেওঁলোকে দৰ্শন কৰিবলগীয়া হৈছে। আৰক্ষীৰ লগত কাজিয়াৰ সৃষ্টি হোৱাৰ পিছতহে বাহিৰৰ পৰা দৰ্শন কৰিবলৈ দিয়ে,’ ৩৮ বছৰ বয়সীয়া পেণ্ডেই ক’লে। দৈনিক ১০-১৫ খন পূজা চলাই নিয়াৰ বাবদ কৰা উপাৰ্জন বন্ধ হৈ পৰাৰ বাবে তেওঁৰ উদ্বিগ্নতাৰ সৃষ্টি হয়। পুৰোহিত পেণ্ডেই অনুমান কৰা মতে ৫০০০ৰো অধিক পুৰোহিতে মন্দিৰৰ লগত সম্পৰ্ক থকা বিভিন্ন কাম-কাজৰ জৰিয়তে টুলজাপুৰত জীৱিকা নিৰ্বাহ কৰে।

আনুমানিক দ্বাদশ শতিকাতে পাহাৰৰ ওপৰত স্থাপন কৰা এই মন্দিৰক কেন্দ্ৰ কৰি মাৰাঠৱাড়া অঞ্চলৰ ওছমানাবাদ জিলাৰ এই চহৰৰ ৩৪,০০০ লোকৰ (২০১১ৰ লোকপিয়ল মতে) অৰ্থনীতি বৰ্তি আছে। দেৱী টুলজা ভৱানীক মাৰাঠৱাড়াৰ আৰু আন ৰাজ্যৰ লোকে পাৰিবাৰিক উপাস্য দেৱীৰূপে গণ্য কৰে আৰু ৰাজ্যখনলৈ তীৰ্থযাত্ৰী অহা পথত থকা দেৱীৰ মন্দিৰসমূহৰ ভিতৰত এই মন্দিৰক প্ৰধান মন্দিৰৰূপে গণ্য কৰা হয়।

'It is first time in the history that we are witnessing this', says Sanjay Pende (left), a priest at the Tulja Bhavani temple, which usually sees a throng of devotees (right)
PHOTO • Medha Kale
'It is first time in the history that we are witnessing this', says Sanjay Pende (left), a priest at the Tulja Bhavani temple, which usually sees a throng of devotees (right)
PHOTO • Medha Kale

‘আজি ইতিহাসত প্ৰথমবাৰৰ বাবে তলাবন্ধ প্ৰত্যক্ষ কৰিলো,’ সঞ্জয় পেণ্ডেয়ে ক’লে (বাওঁফালে), টুলজা ভৱানী মন্দিৰৰ তেওঁ এজন পূজাৰী। সাধাৰণতে ইয়াত অগনন ভক্তৰ সমাগম ঘটে (সোঁফালে)

১৭ মাৰ্চৰ পৰা চহৰখন নিঃসাৰ-নিস্তব্ধ হৈ পৰিল। মন্দিৰলৈ যোৱা সৰু সৰু পথবিলাক জনশূন্ হৈ পৰিল। মন্দিৰৰ সন্মুখৰ পথৰ সিপাৰে থকা জোতা-চেন্দেল ৰখা ঠাই আৰু কাপোৰ ৰখা ঠাই এতিয়া খালী হৈ আছে।

মহাৰাষ্ট্ৰ আৰু আন ৰাজ্যৰ পৰা অহা ভক্তসকলক কঢ়িওৱা টেক্সি, লেণ্ড ক্ৰুইজাৰ, অটোৰিক্সা বা শাৰী শাৰী ব্যক্তিগত গাড়ীৰ সোঁত আৰু নিত্য-নৈমিত্তিক উখল-মাখল পৰিৱেশৰ পৰিৱৰ্তে এতিয়া ইয়াত ভয়ংকৰ নিস্তব্ধতাই বিৰাজ কৰিছে।

মন্দিৰৰ পৰা দুই কিলোমিটাৰ নিলগত থকা বাছ আস্থান জনশূন্য, আন সময়ত কেইমিনিটমানৰ ব্যৱধানত যাত্ৰীবাহী বাছৰ অহা-যোৱাৰ ফলত কোলাহলৰ সৃষ্টি হয়। দৰ্শনাৰ্থী আৰু ভক্তসকলক বাছবোৰে এই আস্থানতে নমাই বা উঠাই গন্তব্যস্থানলৈ যাত্ৰা কৰে। মহাৰাষ্ট্ৰৰ সকলো প্ৰধান চহৰ আৰু নগৰৰ উপৰি প্ৰতিবেশী কৰ্ণাটক তথা অন্ধ্ৰপ্ৰদেশৰ লগত যাতায়তৰ যোগাযোগ থকা ৰাজ্যিক পৰিবহন বিভাগৰ বাছসমূহৰ কেন্দ্ৰীয় আস্থান হৈছে টুলজাপুৰ।

চহৰখনৰ মন্দিৰকেন্দ্ৰীক অৰ্থনীতিক জীয়াই ৰাখিছে আৰু নিজকে জীয়াই ৰাখিছে ভক্ত, পৰ্যটক, পৰিবহন সংস্থা, ল’জ আৰু অগনন সৰু সৰু পূজাৰ সামগ্ৰী, প্ৰসাদ, দেৱীলৈ আগবঢ়োৱা শাৰী বিক্ৰেতা, হালধি-কুমকুম, কড়ী, ফটোফ্ৰেম, ভক্তিমূলক গীতৰ চিডি, খাৰু আদি বিক্ৰেতাসকলে। ইয়াত কমেও ৫৫০-৬০০ খন এনেকুৱা দোকান আছে, এই সকলোবোৰ মন্দিৰ প্ৰাংগণৰ দুই কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আছে। তদুপৰি পথত ঘূৰি ফুৰা একাংশ ফেৰিৱালা আছে, যিসকলৰ জীৱিকা সম্পূৰ্ণৰূপে দৈনন্দিন বিক্ৰীৰ ওপৰত নিৰ্ভৰশীল।

প্ৰায় অৰ্দ্বাংশ দোকানে ২০ মাৰ্চৰ দুপৰীয়া দুৱাৰ বন্ধ কৰিলে। আনবিলাক দোকানীয়েও লাহে লাহে বন্ধ কৰিবলৈ ধৰিলে। ৰাস্তাৰ ফেৰিৱালাবোৰ নোহোৱা হ’ল।

The chappal stand and cloak room opposite the temple are empty (left), the weekly market is silent (middle) and the narrow lanes leading to the temple are all deserted
PHOTO • Medha Kale
The chappal stand and cloak room opposite the temple are empty (left), the weekly market is silent (middle) and the narrow lanes leading to the temple are all deserted
PHOTO • Medha Kale
The chappal stand and cloak room opposite the temple are empty (left), the weekly market is silent (middle) and the narrow lanes leading to the temple are all deserted
PHOTO • Medha Kale

মন্দিৰৰ সন্মুখত থকা জোতা-চেন্দেল আৰু বয়-বস্তু ৰখা কোঠাবোৰ খালী হৈ আছে (বাওঁফালে), সাপ্তাহিক বজাৰ (মাজত) নীৰৱ হৈ পৰিল আৰু মন্দিৰলৈ উঠি যোৱা সৰু সৰু ঠেক ৰাস্তাকেইটা জনশূন্য হৈ পৰিল

‘কেনেকুৱা ধৰণৰ বেমাৰ এইটো?’ বন্ধ দোকান এখনৰ সন্মুখত বহি থকা প্ৰায় ৬০ বছৰীয়া এগৰাকী মহিলাই ক’লে। ‘মঙলবাৰৰ পৰা একেবাৰে অলপসংখ্যক মানুহ ইয়ালৈ আহিছে। সিহঁতে (মন্দিৰ পৰিচালনা কৰ্তৃপক্ষৰ লোক আৰু আৰক্ষী) আমাক আনকি ইয়াত বহিবলৈও নিদিয়ে। কিন্তু আমাৰ পেটটোৰ বাবে কিবা নালাগিব?’ (মহিলাগৰাকী ইমান খঙাল হৈ পৰিছিল যে মোক তেওঁ নিজৰ নামটোও নক’লে আৰু তেওঁৰ ছবি তুলিবলৈও মোক নিদিলে। মই তেওঁৰ পৰা এক ডজন আইনাৰ খাৰু কিনিলো। দুপৰীয়া তেওঁ ঘৰলৈ যোৱাৰ আগলৈকে এই ২০ টা টকা তেওঁৰ দিনটোৰ উপাৰ্জন)।

বহি থকা মহিলাগৰাকীৰ নাতিদূৰত থকা প্ৰায় ৬০ বছৰীয়া সুৰেশ সূৰ্যবংশীয়ে ক’লে, ‘আমি মাৰ্চৰ পৰা মে’ মাহ পৰ্যন্ত বৰ্ষাকালৰ দিনবোৰৰ বাবে ৰৈ থাকো। ‘পাড়ৱা’ (গুড়ি পাড়়ৱা অৰ্থাৎ হিন্দুৰ চন্দ্ৰপঞ্জিকাৰ প্ৰথম দিনটো) আৰু চৈত্ৰী পূৰ্ণিমা (৮ এপ্ৰিল)ত চৈত্ৰী যাত্ৰা আৰম্ভ হোৱাৰ পিছত প্ৰতিদিনে গড়ে ৩০,০০০ ৰ পৰা ৪০,০০০ লোকৰ আগমন ঘটে।’ মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ লগতে সূৰ্যবংশীৰ দোকানখন লাগি আছে আৰু দোকানত তেওঁ পেৰা তথা আৰু ভজা বুট আদি প্ৰসাদৰ বস্তু বিক্ৰী কৰে। ‘সপ্তাহৰ শেষৰ ফালে (চৈত্ৰী যাত্ৰাৰ সময়ছোৱাত) এই সংখ্যা (ভক্ত আৰু দৰ্শনাৰ্থী) দৈনিক লাখৰ ওচৰ পায়গৈ। এতিয়া আমি শুনিছো চৈত্ৰী যাত্ৰা হেনো বাতিল কৰিছে। ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে ঘটিছে,’ তেওঁ কয়।

দিনৰ উপৰি গোটেই নিশা মন্দিৰলৈ অহা গ্ৰাহকসকলৰ পৰা মাহে ৩০,০০০-৪০,০০০ টকা উপাৰ্জন কৰা অনিল শোলাপুৰেৰ ধাতুৰ মূৰ্তি, ফ্ৰেম, আন সজোৱা সামগ্ৰী বিক্ৰী কৰা দোকানখন তেওঁৰ দোকানৰ কাষতে আছে। কিন্তু সেইদিনা দুপৰীয়ালৈকে অনিলে এবিধ সামগ্ৰীও বিক্ৰী কৰিব পৰা নাই। ‘মই যোৱা ৩৮ বছৰ ধৰি এই দোকানখন চলাই আহিছো। মই প্ৰতিদিনে দোকানলৈ আহো। এতিয়া কেনেকৈ ঘৰত বহি থাকিম?’ চলচলীয়া চকুৰে তেওঁ ক’লে।

Left: Suresh Suryavanshi says the temple has been closed for the first time in history. Right: 'How can I just sit at home?' asks Anil Solapure, in tears
PHOTO • Medha Kale
Left: Suresh Suryavanshi says the temple has been closed for the first time in history. Right: 'How can I just sit at home?' asks Anil Solapure, in tears
PHOTO • Medha Kale

বাওঁফালেঃ সুৰেশ সূৰ্যবংশীয়ে কয় যে ইতিহাসত প্ৰথমবাৰৰ বাবে মন্দিৰ বন্ধ কৰি ৰখা হৈছে। সোঁফালেঃ ‘ঘৰত কেনেকৈ বহি থাকিম?’ চলচলীয়া চকুৰে অনিল শোলাপুৰে কয়

প্ৰায় ৬০ বছৰ বয়সীয়া নাগুৰবাঈ গাইকোৱাদকো তলাবন্ধই ক্ষতিগ্ৰস্ত কৰিছে। এতিয়াও তেওঁ ‘যোগৱা’ৰ জৰিয়তে অলপ উপাৰ্জন কৰিব পাৰে নেকি চেষ্টা কৰি আছে (যোগৱা হৈছে এক পৰম্পৰা- যি পৰম্পৰা অনুসৰি উপাসকসকলে, বিশেষকৈ মহিলাসকলে প্ৰত্যেক মঙলবাৰে আৰু শুকুৰবাৰে ভিক্ষা মাগে আৰু ভিক্ষাৰ পৰা পোৱা বস্তুৰে তেওঁলোকে চলি থাকে, তেওঁলোকে আটা আৰু নিমখ বিচাৰে আৰু পইচাও বিচাৰে)। কেইবছৰ মানৰ পূৰ্বে বিদ্যৎপৃষ্ঠ হৈ নাগুৰবাঈৰ বাওঁহাতৰ তলুৱা অকামিলা হৈ পৰে আৰু তেতিয়াৰে পৰা তেওঁ দিনহাজিৰা কৰিব নোৱাৰা হ’ল। ‘চৈত্ৰী যাত্ৰাই মোক জীয়াই ৰাখিলেহেঁতেন। কিন্তু এই মুহূৰ্তত মোক যদি কোনোবাই একাপ চাহ খাবলৈ দিলেহেঁতেন, মই নিজকে সৌভাগ্যৱতী বুলি ভাবিলোহেঁতেন,’ তেওঁ কয়।

ওচৰৰ গাওঁ অঞ্চলৰ কমেও ৪৫০-৫০০ কৃষকৰ বাবে টুলজাপুৰ চহৰৰ মন্দিৰৰ নাতিদূৰত থকা সাপ্তাহিক বজাৰখন জীৱিকাৰ উৎস। বজাৰখন এতিয়া বন্ধ কৰি দিয়া হৈছে, অঞ্চলটোৰ কৃষকসকলে, বিশেষকৈ মহিলাসকলে তেওঁলোকে খেতি কৰা সতেজ আৰু সোনকালে নষ্ট হৈ যাব পৰা শাক-পাচলি বজাৰত বিক্ৰী কৰিব পৰা নাই। উৎপাদিত শাক-পাচলিৰ অলপ হয়তো নিজৰ গাঁৱতে বিক্ৰী কৰিব পাৰিলেহেঁতেন, কিন্তু ইয়াৰ দ্বাৰা তেওঁলোকৰ জীৱিকা নিৰ্বাহ নহ’ব।

খেতিয়ক আৰু শিক্ষা প্ৰতিষ্ঠান এটাত গাড়ী চালকৰ কাম কৰা সুৰেশ ৰোকাড়ে কয় যে মহাৰাষ্ট্ৰত এতিয়া আঙুৰৰ বতৰ, কিন্তু বজাৰ বন্ধ থকাৰ বাবে খেতিয়কে আঙুৰ চপাব পৰা নাই। ‘মই ভাবো তেওঁলোকে সোমবাৰে (২৩ মাৰ্চত) বজাৰ খুলিব,’ তেওঁ কয়। (কিন্তু সেইদিনাৰ পৰা ৰাজ্য চৰকাৰে অধিক কঠোৰ নীতি-নিয়ম বলবৎ কৰে)। এনে অৱস্থাৰ মাজতে মাৰাঠৱাড়াৰ ওচৰৰ কালাম্ব ব্লক আৰু কেইখনমান জিলাত শিলাবৃষ্টি হৈ কৃষকসকলৰ উদ্বেগ অধিক বৃদ্ধি কৰে।

এই পৰ্যন্ত টুলজাপুৰত ক’ভিড-19 পৰীক্ষাকেন্দ্ৰ এটাও নাই। এই অঞ্চলত যদি ক’ৰণা ভাইৰাছত সংক্ৰমিত হোৱা কোনো ৰোগী আছে. সেয়া কোনেও নাজানে অথবা এনে সংক্ৰমিত ব্যক্তিৰ পৰা ৰোগ বিয়পি পৰাৰ সম্ভাৱনাও সকলোৰে বাবে অজ্ঞাত। ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত এখন হোষ্টেলৰ ৮০টা কোঠা ‘আইচ’লেচন ৱাৰ্ড’লৈ ৰূপান্তৰ কৰাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

অনুবাদঃ পংকজ দাস

Medha Kale
mimedha@gmail.com

Medha Kale is based in Pune and has worked in the field of women and health. She is the Translations Editor, Marathi, at the People’s Archive of Rural India.

Other stories by Medha Kale
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das