কমলা যেতিয়া চতুৰ্থবাৰৰ বাবে গৰ্ভৱতী হ’ল, তেতিয়া এই সন্তানটো জন্ম নিদিয়াৰ কথা ভাবিলে। নিজৰ সৰু গাওঁখনৰ পৰা ৩০ কিলোমিটাৰ দূৰত থকা বেনুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আগতে কেতিয়াও যোৱা নাছিল। কমলাই মাথোন এবাৰ নিজৰ গাঁৱৰ বাহিৰৰ সাপ্তাহিক বজাৰখনলৈ গৈছিল, তেওঁ ক’লে। ‘এই ঠাইখনৰ বিষয়ে আনকি মই একো নাজানো, মোৰ স্বামীয়েহে পিছত এই কথা জানিবলৈ পাইছিল।’
গোণ্ড আদিবাসী সম্প্ৰদায়ৰ ৩০ বছৰীয়া কমলা আৰু তেওঁৰ ৩৫ বছৰীয়া স্বামী ৰবি (নাম সলনি কৰা হৈছে)য়ে প্ৰথমতে তেওঁলোকৰ গাঁৱৰ নাতিদূৰৰ এজন স্থানীয় চিকিৎসকৰ ওচৰলৈ গ’ল। ‘আমাৰ এজন বন্ধুৱে এই চিকিৎসকজনৰ কথা কৈছিল,’ কমলাই ক’লে। কমলাই এডোখৰ মাটিত শাক-পাচলিৰ খেতি কৰে আৰু ওচৰৰ হাটত বিক্ৰী কৰে, ৰবিয়ে মাণ্ডিত শ্ৰমিকৰ কাম কৰে। তদুপৰি ৰবিয়ে দুই ভাতৃৰ সৈতে তেওঁলোকৰ তিনি একৰ মাটিত ঘেঁহু আৰু গোমধানৰ খেতি কৰে। ঘাইপথৰ কাষত থকা ক্লিনিকখন, যিখনলৈ কমলাক যাবলৈ কোৱা হৈছিল, বিচাৰি উলিয়াবলৈ সহজ। তেওঁলোকে ‘চিকিৎসালয়’ বুলি কয়। ইয়াৰ প্ৰৱেশপথত চিকিৎসকৰ নাম লিখা ফলক নাই। চৌহদটোৰ দেৱালত আকি থোৱা কাপোৰৰ বেনাৰ এখনত চিকিৎসকজনৰ নামৰ আগত ‘ডাক্তৰ’ বুলি লিখা আছিল।
কমলাই ক’লে, ‘ডাক্তৰ’জনে তাইক তিনিদিন খাবলৈ ঔষধৰ পাঁচটা বড়ি দিলে আৰু ৫০০ টকা ল’লে, তাৰ পিচত আন এজন ৰোগীক ভিতৰলৈ মাতিলে। বড়ি সম্পৰ্কে একো নক’লে, বা খোৱাৰ পিচত কি হ’ব ইত্যাদি, আনকি এই ঔষধ খোৱাৰ পিচত কেতিয়া কেনেকৈ গৰ্ভপাত হ’ব সেই বিষয়েও একো নজনালে।
ঔষধ খোৱাৰ কেইঘণ্টামানৰ পিচৰ পৰা কমলাৰ ৰক্তক্ষৰণ হ’বলৈ আৰম্ভ কৰে। ‘কেইদিনমান বাট চালো যদিও ৰক্তক্ষৰণ বন্ধ নহ’ল, সেয়ে আমি আকৌ ‘ডাক্তৰ’ৰ ওচৰলৈ গ’লো, যিজনে বড়ি খাবলৈ দিছিল। তেওঁ আমাক বেনুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ যাবলৈ ক’লে আৰু চাফাই কৰিবলৈ ক’লে।’ ইয়াৰ অৰ্থ হ’ল স্বাস্থ্যকেন্দ্ৰলৈ গৈ জৰায়ু ‘চাফা’ কৰিব আহিব লাগে।
গৰ্ভধাৰণ নোহোৱা কৰা প্ৰক্ৰিয়াৰ বাবে চিকিৎসকে ভিতৰলৈ যোৱাৰ অনুমতি নোপোৱা পৰ্যন্ত কমলাই বেনুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বাহিৰৰ বেঞ্চ এখনতে শীতৰ সেমেকা ৰ’দত বহি আছিল, গৰ্ভপাতৰ গোটেই কামটো কৰিবলৈ ৩০ মিনিটমান সময়ৰ প্ৰয়োজন হয়, কিন্তু এই কাম কৰাৰ আগতে আৰু পিচত তিনি চাৰি ঘণ্টামান সময়ৰ জিৰণি লোৱাৰ প্ৰয়োজন হয়। বাধ্যতামূলক ৰক্ত আৰু প্ৰস্ৰাৱৰ পৰীক্ষা আগৰ দিনাই কৰা হৈছিল।
চত্তীশগড়ৰ নাৰায়নপুৰ জিলাৰ আটাইতকৈ ডাঙৰ স্বাস্থ্যকেন্দ্ৰখন ২০১৯ৰ শেষৰফালে নতুনকৈ নিৰ্মাণ কৰা হৈছিল। মাতৃ আৰু স্বাস্থ্যৱান শিশুৰ উজ্জল চিত্ৰৰে সজাই তোলা বিশেষ প্ৰসূতি কক্ষ, ১০ খন বিচনাযুক্ত এটা ৱাৰ্ড, তিনিখন বিচনাৰ প্ৰসৱ কক্ষ, অটোক্লেভ মেচিন, প্ৰসৱৰ সময় নোহোৱা পৰ্যন্ত মহিলা থাকিব পৰা আবাসিক ব্যৱস্থা, আনকি এখন সৰু শাক-পাচলিৰ বাগিচাও ইয়াত আছে। বাস্তাৰৰ আদিবাসী অধ্যুষিত এই অংশত জনস্বাস্থ্য সেৱাৰ প্ৰতিশ্ৰুতিৰ ছবিও ইয়াত অঁকা হৈছে।
‘জিলাখনৰ ভিতৰতে বেনুৰ স্বাস্থ্যকেন্দ্ৰ (নাৰায়নপুৰ ব্লকত)ত সুসজ্জিত আৰু ভাল সেৱা আগবঢ়োৱা হয়,’ প্ৰাক্তন ৰাজ্যিক প্ৰসূতি স্বাস্থ্য উপদেষ্টা ডা. ৰোহিত বাঘেলে কয়। ‘ইয়াৰ ২২ জন কৰ্মচাৰীৰ ভিতৰত এজন চিকিৎসক, এজন আয়ুস (পৰম্পৰাগত ঔষধৰ চিকিৎসা ব্যৱস্থা) চিকিৎসা বিষয়া, পাঁচগৰাকী নাৰ্ছ, দুগৰাকী পৰীক্ষাগাৰৰ কৰ্মচাৰী আৰু এজন স্মাৰ্ট কাৰ্ডৰ কম্পিউটাৰ অপাৰেটৰ আছে।’
৩০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ৰোগীক স্বাস্থ্যকেন্দ্ৰখনে সামৰি লয়। তেওঁলোকৰ অধিকাংশ আদিবাসী, জিলাখনৰ মুঠ জনসংখ্যাৰ ৭৭.৩৬ শতাংশ অনুসূচিত জনজাতিৰ লোক। তেওঁলোক গোণ্ড, অভূজ মৰিয়া, হালৱা, ধ্ৰুৱা, মুৰিয়া আৰু মাৰিয়া সম্প্ৰদায়ৰ।
কমলাই পাতল ফুটফুটীয়া চাদৰ এখনেৰে মুখ ঢাকি ক’বলৈ ধৰিলে, ‘আমি নাজানো যে আপুনি তেনেকুৱা কাম ইয়াত কৰিব পাৰিলেহেঁতেন।’ তেওঁৰ তিনিটা সন্তান, দুগৰাকী কন্যা, বয়স ১২ আৰু ৯ বছৰ, আৰু পুত্ৰ সন্তানৰ বয়স ১০ বছৰ। তিনিওটা সন্তান গোণ্ড আদিবাসী ধাইৰ সহায়ত ঘৰতে জন্ম হৈছিল। প্ৰসৱ পূৰ্ব আৰু প্ৰসৱোত্তৰ কোনো চিকিৎসা কমলাই পোৱা নাছিল। সন্তান জন্মৰ আনুষ্ঠানিক স্বাস্থ্যসেৱা লাভ কৰা কমলাৰ এয়া প্ৰথম অভিজ্ঞতা। ‘প্ৰথমবাৰৰ বাবে মই চিকিৎসালয়লৈ আহিছো। শুনিছিলো সিহঁতে অংগনৱাড়ীত বড়ি দিয়ে। মই তালৈ যোৱাই নাছিলো,’ কমলাই ক’লে। গাঁৱে-চুবুৰীয়ে গৈ ফলিক এচিডৰ পিল দিয়া আৰু প্ৰসৱপূৰ্ব স্বাস্থ্য পৰীক্ষা কৰা গ্ৰাম্য স্বাস্থ্য সংগঠক (আৰ.এইচ.ও.)ৰ ওচৰলৈ যাবলৈ কমলাক কোৱা হৈছিল।
জনস্বাস্থ্য সেৱা ব্যৱস্থাৰ সৈতে কমলাৰ সম্পৰ্ক নোহোৱাতো এই অঞ্চলৰ কোনো নতুন ঘটনা নহয়।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৪
(২০১৫-১৬)ত উল্লেখ কৰা হৈছে যে চত্তীশগড়ৰ গ্ৰামাঞ্চলৰ ৩৩.২ শতাংশ মহিলাই চৰকাৰী চিকিৎসালয়ত প্ৰসৱৰ সুবিধা নাপায়। উক্ত টোকাত কোৱা হৈছিল যে ২৮ শতাংশ মহিলাই গৰ্ভনিৰোধক ব্যৱহাৰ নকৰে, যিসকল কমলাৰ দৰে, তেওঁলোক গ্ৰাম্য মহিলা। পৰিয়াল পৰিকল্পনা সম্পৰ্কে স্বাস্থ্যকৰ্মীৰ সৈতে কথা পাতোতে ক’লে।
শোচনীয় যাতায়ত থকা গ্ৰামাঞ্চল নাৰায়নপুৰৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশই বাস কৰে। এই অঞ্চলবোৰত সন্তান জন্ম দিয়া সম্পৰ্কীয় স্বাস্থ্যসেৱা অতি সীমিত হৈ আছে। নাৰায়নপুৰ জিলাৰ জনস্বাস্থ্য ব্যৱস্থাৰ অন্তৰ্গত আঠখন স্বাস্থ্যকেন্দ্ৰ, এখন সমূহীয়া স্বাস্থ্যকেন্দ্ৰ আৰু ৬০ খন উপস্বাস্থ্যকেন্দ্ৰ আছে যদিও চিকিৎসক পৰ্যাপ্ত নহয়। ‘৬০ শতাংশৰো অধিক (জিলাখনত) চিকিৎসা বিশেষজ্ঞৰ পদ খালী হৈ আছে। জিলা চিকিৎসালয়ৰ বাহিৰত ক’তো প্ৰসূতি বিশেষজ্ঞ নাই,’ ডা. বাঘেলে ক’লে। অৰ্চা ব্লকত থকা গাৰপা আৰু হান্দাৱাড়া স্বাস্থ্যকেন্দ্ৰ দুখনত এটা কোঠাৰ পৰাই কাম চলোৱা হয়। তেওঁলোকৰ বিল্ডিং নাই, চিকিৎসকো নাই, তেওঁ ক’লে।
কমলা আৰু সিহঁতৰ দৰে আন বহুতেই প্ৰসূতি সেৱাৰ ক্ষেত্ৰত অৰ্হতাহীন চিকিৎসকৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হয়। তথাকথিত ‘ডাক্তৰ’ৰ লগত কমলাই স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ ল’বলগীয়া হ’ল। ‘আমাৰ বহুতো আদিবাসী মহিলাই কোনজন ‘এলপেথিক’ চিকিৎসক হয় আৰু কোনজন নহয়, সেই কথা নাজানে। আমাৰ সেই মোনা লৈ ফুৰা ডাক্তৰেই আছে, যিসকল আচলতে ‘গাঁৱলীয়া ডাক্তৰ’ (যিসকলে ঔষধ সম্পৰ্কে সম্পূৰ্ণ অজ্ঞাত)। কিন্তু সিহঁতে বেজী দিয়ে, ড্ৰিপ দিয়ে আৰু ঔষধৰ বিধান দিয়ে, আৰু এই সম্পৰ্কে কোনোৱে প্ৰশ্নও নকৰে,’ জিলাখনৰ স্বাস্থ্য আৰু পৰিপুষ্টি সম্পৰ্কীয় ইউনিচেফৰ সাহায্যপ্ৰাপ্ত কাৰ্যসূচী ৰূপায়নৰ বাবে স্থাপিত বাস্তাৰৰ স্বেচ্ছাসেৱী সংগঠন সাথি সমাজ সেৱী সংস্থাৰ হৈ কাম কৰা সহকাৰী প্ৰকল্প সমন্বয়ক আৰু এজন গোণ্ড আদিবাসী লোক প্ৰমোদ পোটায়ে এইদৰে ব্যাখ্যা কৰিলে।
এই অভাৱ পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰাম্য স্বাস্থ্য সহায়ক পদৰ সৃষ্টি কৰে। ২০০১ত যেতিয়া চত্তীশগড় ৰাজ্য সৃষ্টি হ’ল, সেই সময়ত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ পৰ্যায়ৰ চিকিৎসালয়ৰ অনুমোদিত ১৪৫৫ টা পদৰ বিপৰীতে মাত্ৰ ৫১৬ জন স্বাস্থ্য বিষয়া (চিকিৎসক) আছিল। ২০০১ৰ চত্তীশগড় চিকিৎসা মণ্ডল আইনৰ লক্ষ্য আছিল গ্ৰামাঞ্চলৰ বাবে স্বাস্থ্য সেৱাৰ লগত জড়িত চিকিৎসাকৰ্মীক প্ৰশিক্ষিত কৰা। ‘আধুনিক ঔষধ আৰু অস্ত্ৰোপচাৰ অনুশীলনকাৰী’ নামে আগৰ এই শিৰোনামৰ তিনি বছৰীয়া পাঠ্যক্ৰমক ‘ডিপ্ল’মা ইন অলটাৰনেটিভ মেডিচিন’ৰূপে নতুনকৈ নামাকৰণ কৰা হ’ল। তিনি বছৰৰ পৰিৱৰ্তে ইয়াক তিনিমহীয়া কৰা হ’ল। মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ সৈতে আলোচনা কৰা নহ’ল আৰু আগৰ ‘আধুনিক ঔষধ’ আৰু ‘অস্ত্ৰোপচাৰ’ শব্দ দুটাৰ ব্যৱহাৰ সম্পৰ্কে আইনী প্ৰশ্নও ৰৈ গ’ল। জৈৱ ৰাসায়নিক ঔষধ, বন-খনিজ ঔষধ, আকুপ্ৰেছাৰ, ফিজিঅ’থেৰাপি, মেগনেট থেৰাপি, যোগ আৰু পুষ্প ঔষধি আদি এই পাঠ্যক্ৰমত অন্তৰ্ভূক্ত। আৰ.এম.এ. হিচাপে অৰ্হতা লাভ কৰাসকলক ‘সহায়ক চিকিৎসা বিষয়া’ পদমৰ্যাদা দি নিৰ্দ্দিষ্টভাৱে গ্ৰামাঞ্চল আৰু জনজাতি অধ্যুষিত অঞ্চললৈ নিযুক্তি দিয়াৰ কথা।
চিকিৎসা বৃত্তিৰ মানদণ্ড নিম্নগামী কৰিব বুলি পিচত ভাৰতীয় মেডিকেল কাউন্সিলে এই ডিপ্ল’মা পাঠ্যক্ৰম বাতিল কৰে। তিনিখন ৰাজহুৱা স্বাস্থজড়িত আবেদন (ইয়াৰে প্ৰথমখন ২০০১ত ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ চত্তীশগড় ৰাজ্যিক শাখাৰ দ্বাৰা আৰু আন দুখনৰ এখন স্বাস্থ্যকৰ্মী সংস্থা, নাৰ্ছ সংস্থা) ২০২০ৰ ৪ ফেব্ৰুৱাৰীত বিলাসপুৰৰ চত্তীশগড়ৰ উচ্চ ন্যায়ালয়ত দাখিল কৰা হ’ল। আদালতে ক’লে যে আৰ.এম.এ. (সহায়ক চিকিৎসা বিষয়া) সকল পদবী বিলোপ কৰাৰ বাবে ৰাজ্য চৰকাৰে ‘নীতিগত সিদ্ধান্ত’ লৈছে। আদালতে জনালে যে আৰ.এম.এ.সকলে ডাক্তৰৰ পদমৰ্যাদা ব্যৱহাৰ কৰিব নোৱাৰিব, স্বতন্ত্ৰভাৱে কাম কৰিব নোৱাৰিব, কিন্তু এজন এম.বি.বি.এছ. চিকিৎসকৰ তত্বাৱধানত কাম কৰিব পাৰিব, আৰু মাত্ৰ প্ৰাথমিক চিকিৎসা প্ৰদান আৰু ৰোগ, সংকটজনক অৱস্থা তথা জৰুৰী পৰিস্থিতিত সুস্থিৰতা প্ৰদান কৰিব পাৰিব।
তথাপিও আৰ.এম.এ.সকলে এক গুৰুত্বপূৰ্ণ অভাৱ পুৰণ কৰিছে। ‘চিকিৎসকৰ অভাৱত যিসকলে ‘ভূৱা চিকিৎসক’ৰ ওচৰলৈ যায়, তেওঁলোক অন্ততঃ আৰ.এম.এ.ৰ ওচৰলৈ আহিব পাৰিব।’ বাঘেলে ক’লে, ‘তেওঁলোকৰ মেডিকেল প্ৰশিক্ষণ আছে আৰু জন্ম নিৰোধক সম্পৰ্কে সহজ পৰামৰ্শ দিব পাৰিব, কিন্তু বেছি একো কৰিব নোৱাৰিব। কেৱল অৰ্হতাসম্পন্ন এম.বি.বি.এছ. চিকিৎসকে গৰ্ভপাতৰ পৰামৰ্শ দিব পাৰিব আৰু ঔষধৰ বিধান দিব পাৰিব।’
২০১৯-২০ চনৰ সময়চোৱাত ৰাজ্যখনত ১৪১১ জন আৰ.এম.এ. আছিল। ‘প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস হোৱাৰ বাবে আমি তেওঁলোকক কৃতজ্ঞতা জনাব লাগিব,’ তেওঁ ক’লে। ২০০৫-০৬ত চত্তীশগড়ৰ শিশুৰ মৃত্যুৰ হাৰ হাজাৰত ৭১ শতাংশ ৫৪ শতাংশলৈ হ্ৰাস পায় আৰু ২০১৫-১৬ত যেতিয়া চিকিৎসালয়ত বা চিকিৎসাকেন্দ্ৰত সন্তান প্ৰসৱৰ সুবিধা বৃদ্ধি পালে, তেতিয়া ইয়াৰ হাৰ ২০০৫-০৬ৰ ৬.৯ শতাংশৰ পৰা ৫৫.৯ শতাংশলৈ বৃদ্ধি পালে (এন.এফ.এইচ.এছ.-৪)।
প্ৰথমতে যিজন লোকৰ সৈতে কথা পাতিছিল, তেওঁ ‘ডাক্তৰ’ নে আৰ.এম.এ. নে একেবাৰে অশিক্ষিত চিকিৎসক, এই সম্পৰ্কে কমলাই নাজানে। এনে চিকিৎসাকাৰীয়ে ‘গৰ্ভপাত’ৰ বাবে ব্যৱহাৰ কৰিবলৈ কমলাক পৰামৰ্শ দিয়া
মেছ’প্ৰিষ্টল
আৰু
মিফিপ্ৰিটন
ঔষধৰ প্ৰেছক্ৰিপশ্যন দিয়াৰ বাবে কৰ্তৃত্বশীল নহয়। ‘এনেধৰণৰ ঔষধৰ ব্যৱস্থাপত্ৰ দিয়াৰ আগতে অৰ্হতাসম্পন্ন হ’বলৈ এম.বি.বি.এছ. চিকিৎসকসকলেও চৰকাৰী চিকিৎসালয়ত এম.টি.পি.ৰ ১৫ দিনৰ প্ৰশিক্ষণ ল’ব লাগে।’ বেনুৰ স্বাস্থ্যকেন্দ্ৰৰ মুৰব্বী চিকিৎসক ২৬ বছৰীয়া ডা. পৰমজিৎ কৌৰে ক’লে। ‘ৰোগীৰ যাতে বেছি ৰক্তক্ষৰণ নহয় আৰু গৰ্ভপাত যাতে অসম্পূৰ্ণ হৈ নাথাকে, তাৰ প্ৰতি চিকিৎসকে লক্ষ্য ৰাখিব লাগিব। ইয়াৰ অন্যথা ৰোগীৰ অৱস্থা ভয়ানক হৈ পৰিব পাৰে।’
বাস্তাৰৰ এই ঠাইলৈ বদলি হৈ অহাৰ পৰা দুটা বছৰত চিকিৎসাৰ নীতি বহিৰ্ভূতভাৱে যধেমধে কৰা কমলাৰ দৰে অৱস্থা হোৱা বহুত ঘটনা দেখিছে বুলি ডা. কৌৰে কয়। প্ৰতিদিনে বিভিন্ন প্ৰসূতি সম্পৰ্কীয় সমস্যালৈ তেওঁৰ ওচৰলৈ দৈনিক কমেও ৬০ গৰাকী মহিলাৰ স্বাস্থ্য পৰীক্ষা তেওঁ কৰে আৰু শনিবাৰে (সেইদিনা অঞ্চলটোৰ বজাৰৰ দিন) এই সংখ্যাই ১০০ অতিক্ৰম কৰে। ‘বহিৰ্কক্ষত (আউটড’ৰ) প্ৰজনন সম্পৰ্কীয় বহুত ৰোগীক চাব লগা হয়, যিসকলে অশিক্ষিত চিকিৎসকৰ চিকিৎসা লোৱাৰ পিচত জটিলতাত ভোগে। ঔষধৰ দ্বাৰা কৰোৱা গৰ্ভপাতৰ ফলত সংক্ৰমণ হ’ব পাৰে, যাৰ বাবে সন্তান জন্মৰ ক্ষমতা নোহোৱা হ’ব পাৰে, গুৰুতৰভাৱে ৰুগীয়া হ’ব পাৰে বা আনকি মৃত্যুও হ’ব পাৰে,’ তেওঁ ক’লে। ‘যিসকল মহিলা চিকিৎসাৰ বাবে আহে, তেওঁলোকৰ কোনো এগৰাকীৰে এই সম্পৰ্কে ধাৰণা নাই,’ বুলি ডা. কৌৰে পুনৰ ক’লে। তেওঁলোকক বড়ি খাবলৈ দিলে আৰু যাবলৈ ক’লে। কিন্তু ঔষধ খাবলৈ দিয়াৰ আগতে ৰক্তহীনতাৰ মাত্ৰা পৰীক্ষা কৰিব লাগিব আৰু ৰক্তশৰ্কৰাৰ পৰিমাণ পৰীক্ষা কৰিব লাগিব, ডা. কৌৰে কয়।
বেনুৰৰ পৰা প্ৰায় ৫৭ কিলোমিটাৰ দুৰৰ আন এখন জনস্বাস্থ্য কেন্দ্ৰ ধোদাইলৈ আহিছে নিজৰ দুবছৰীয়া সন্তানক লগত লৈ হালৱি আদিবাসী সম্প্ৰদায়ৰ ১৯ বছৰীয়া মহিলা সীতা (নাম সলনি কৰা হৈছে), ‘মোৰ কেচুৱাটো ঘৰতে জন্ম হৈছিল, মই গৰ্ভৱতী অৱস্থাৰ আগতে বা পিচত কোনো মানুহৰ পৰামৰ্শ লোৱা নাছিলো,’ তেওঁ কয়। প্ৰসৱপূৰ্ব আৰু প্ৰসৱোত্তৰ স্বাস্থ্য পৰীক্ষা কৰা স্বাস্থ্যকৰ্মী থকা অংগনৱাড়ী কেন্দ্ৰটো ওচৰতে আছে। সীতাৰ ঘৰৰ পৰা অংগনৱাড়ী কেন্দ্ৰলৈ মাত্ৰ ১৫ মিনিটৰ খোজকাঢ়ি যাব পৰা দূৰত্ব। ‘সিহঁতে কোৱা কথা মই বুজি নাপাও,’ সীতাই ক’লে।
স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত ভাষা বাধা হৈ পৰিছে বুলি মই লগ পোৱা বহুতো স্বাস্থ্যকৰ্মীয়ে আপত্তি কৰিলে। বাস্তাৰৰ গ্ৰামাঞ্চলত বসবাস কৰা অধিকাংশ আদিবাসী লোকে গোণ্ড বা হালৱি ভাষা কয়, আৰু অলপ-অচৰপ চত্তীশগড়ী ভাষা বুজি পায়। স্বাস্থ্যকৰ্মী স্থানীয় নহ’ব পাৰে আৰু এই ভাষাকেইটাৰ যিকোনো এটা জানে। সেয়ে সংযোগ হৈ উঠিছে আন এক সমস্যা। ধোদাই স্বাস্থ্যকেন্দ্ৰই ৪৭ খন গাওঁ সামৰি লৈছে যদিও ২৫ খন গাঁৱৰ লগত যাতায়তৰ কোনো ব্যৱস্থা নাই বুলি আমাক ৩৮ বছৰীয়া আই.কে. হৰ্জপালে কয়। ‘ভিতৰুৱা ঠাইলৈ যোৱা বৰ কঠিন, আৰু ভাষাৰ সমস্যা আছে, সেয়ে আমি আমাৰ কাম (গৰ্ভধাৰণ কৰা মহিলাক পৰ্যবেক্ষণ) ভালকৈ কৰিব নোৱাৰো, আমাৰ সহায়কাৰী নাৰ্ছ ধাই (এ.এন.এম.) সকলেও এনে ভিতৰুৱা অঞ্চলৰ প্ৰতিঘৰ মানুহ ঘৰলৈ যোৱা টান হৈ পৰে। কাৰণ ঘৰবোৰ যথেষ্ট দূৰে দূৰে,’ তেওঁ ক’লে, অধিক সংখ্যক মহিলাক জনস্বাস্থ্যৰ কাষ চপাবলৈ চৰকাৰে ২০১৪ চনত বাইকৰ দ্বাৰা অনা-নিয়া কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছিল, কিন্তু এতিয়া জিলাখনত এনে বাইক এম্বুলেঞ্চ মাত্ৰ পাঁচখন আছে।
বাইক এম্বুলেঞ্চ ব্যৱহাৰ কৰা সকলৰ ভিতৰত ২২ বছৰীয়া দশমতী যাদৱো আছে। দশমতী আৰু তেওঁৰ স্বামী প্ৰকাশৰ এজনী এমহীয়া ছোৱালী আছে, পাঁচ একৰ মাটিত খেতি কৰা তেওঁলোক খেতিয়ক, ‘মই যেতিয়া প্ৰথমবাৰ গৰ্ভৱতী হ’লো, তেতিয়া আমাৰ গাঁৱৰ বেজ (চিৰহা)-এ ক’লে অংগনৱাড়ী বা চিকিৎসালয়লৈ যাব নালাগে। তেওঁ ক’লে মোৰ চোৱাচিতাৰ দায়িত্ব তেওঁ ল’ব। ঘৰতে জন্ম হোৱাৰ পিচতে মোৰ পুত্ৰ সন্তানৰ মৃত্যু হয়,’ দশমতীয়ে ক’লে। ‘এইবাৰ মোৰ স্বামীয়ে এম্বুলেঞ্চ মাতিলে আৰু প্ৰসৱ কৰোৱাৰ বাবে মোক বেনুৰলৈ লৈ যোৱা হ’ল।’ তেওঁৰ ঘৰৰ পৰা ১৭ কিলোমিটাৰ দূৰৰ স্বাস্থ্যকেন্দ্ৰখনৰ ‘মহাতাৰী এক্সপ্ৰেছ’ (চত্তীশগড়ী ভাষাত মহাতাৰী মানে মাতৃ) নামৰ এখন এম্বুলেঞ্চ আছে, ১০২ নম্বৰত ফোন কৰি সেইখন মাতিব পাৰি। দশমতীৰ কন্যাসন্তান ভালদৰে জন্ম পালে, মাতৃৰ স্বাস্থ্যও ভালে আছিল বুলি কৈ তেওঁলোক আটায়ে হাঁহিলে।
‘চিকিৎসালয়ত প্ৰসৱ কৰোৱাৰ বাবে মহিলাসকলক উৎসাহিত কৰিবলৈ ২০১১ চনত জননী শিশু সুৰক্ষা কাৰ্যক্ৰম (কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা) আৰম্ভ কৰা হৈছিল, এই কাৰ্যসূচীয়ে চিকিৎসালয়লৈ অহা-যোৱাৰ খৰছ, চিকিৎসালয়ত বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা, বিনামূলীয়া আহাৰৰ ব্যৱস্থা আৰু প্ৰয়োজন মতে বিনামূলীয়াকৈ ঔষধ সামৰি লৈছে।’ নাৰায়নপুৰ জিলা স্বাস্থ্য পৰামৰ্শদাতা ডা. মীনাল ইন্দুৰ্কাৰে ক’লে। ‘আৰু যিসকল মহিলাই প্ৰসৱোত্তৰ চাৰিবাৰ স্বাস্থ্য পৰীক্ষা কৰায়, চিকিৎসালয়ত সন্তান জন্ম দিয়ে আৰু নৱজাতকৰ চিটাকৰণ সম্পূৰ্ণ কৰে তেওঁলোকলৈ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত নগদ ৫০০০ টকাৰ উদগনি ধন দিয়া হয়,’ তেওঁ কয়।
বেনুৰ স্বাস্থ্যকেন্দ্ৰত কমলাই যেতিয়া এম.টি.পি.ৰ বাবে অপেক্ষা কৰিছিল, তেতিয়া ৰবিয়ে পত্নীৰ বাবে একাপ চাহ লৈ আহি পালে। নীলা জীনচ্ আৰু দীঘল হাতৰ এটা চোলা পৰিধান কৰা ৰবিয়ে ক’লে যে চিকিৎসালয়লৈ অহাৰ কথা পৰিয়ালৰ মানুহক জনোৱা নাই। ‘ইয়াৰ পৰা উভতি যোৱাৰ পিচত ঘৰৰ মানুহক জনাম। আমি তিনিটা ল’ৰা-ছোৱালী ডাঙৰ কৰিব লাগিব আৰু এটা সন্তান লালন-পালন কৰা সম্ভৱ নহয়,’ ৰবিয়ে ক’লে।
কমলা সৰুকালতে পিতৃ-মাতৃহীন হৈছিল, খুড়াকে ডাঙৰ-দীঘল কৰিছিল আৰু বিয়াৰ ব্যৱস্থা কৰিছিল। বিয়াৰ আগতে স্বামীক দেখা নাছিল। ‘মোৰ পুষ্পিতা হোৱাৰ পিচতে মোৰ বিবাহৰ ব্যৱস্থা কৰা হৈছিল। আমাৰ আদিবাসী সম্প্ৰদায়ৰ মানুহবিলাক এনেকুৱাই, বিয়া হ’লে কি হয়, সেই বিষয়ে মোৰ কোনো ধাৰণা নাই।’ মোৰ পুষ্পিতা হোৱা সম্পৰ্কে খুড়ীয়ে কৈছিল, ‘তাৰিখ পৰিব। মই স্কুললৈ যোৱা নাছিলো, পঢ়িব নাজানো, কিন্তু মোৰ তিনিওটা সন্তানকে স্কুললৈ পঠিয়াইছো,’ তেওঁ গৌৰৱেৰে ক’লে।
কমলাই কেইমাহমানৰ পিচত জনস্বাস্থ্যকেন্দ্ৰলৈ বন্ধ্যাকৰণৰ বাবে অহাৰ কথা ভাবিছে। তেওঁৰ স্বামীয়ে পুৰুষৰ বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ কৰিব বিচৰা নাই, কাৰণ তেওঁ ভাবে, এই অস্ত্ৰোপচাৰৰ ফলত দুৰ্বল হৈ পৰিব। চিকিৎসালয়লৈ অহাৰ পিচতহে কমলাই জন্ম নিৰোধক, বন্ধ্যাকৰণ আদিৰ বিষয়ে শুনিছে। কিন্তু তেওঁ অতি শীঘ্ৰে কথাবোৰৰ গুৰুত্ব বুজি পালে। ‘চিকিৎসকে মোক ক’লে যে মই যদি আকৌ গৰ্ভধাৰণ কৰিব নিবিচাৰো, তেন্তে এনেকুৱা কিবা এটা ব্যৱস্থা কৰিব পাৰো,’ তেওঁ ক’লে। ৩০ বছৰমান বয়সতহে কমলাই পৰিয়াল পৰিকল্পনাৰ বিভিন্ন উপায় সম্পৰ্কে জানিব পাৰে, ইতিমধ্যে তেওঁ তিনিটা সন্তানৰ মাতৃ হৈছে, বন্ধাকৰণৰ দ্বাৰা তেওঁৰ প্ৰজনন প্ৰক্ৰিয়া বন্ধ হৈ পৰিব।
এই প্ৰতিবেদন যুগুত কৰাৰ ক্ষেত্ৰত সহায় আৰু সমৰ্থন আগবঢ়োৱা ভূপেশ তিৱাৰী, অবিনাশ অৱস্থি আৰু বিদূষী কৌশিকক প্ৰতিবেদকে ধন্যবাদ জনাবলৈ পাই সুখী হৈছে।
প্ৰচ্ছদ সচিত্ৰকৰণঃ
প্ৰিয়ংকা ব’ৰাৰ
এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত namita@ruralindiaonline.org ৰাখি এই ইমেইল ঠিকনালৈ লিখক- zahra@ruralindiaonline.org
অনুবাদঃ পংকজ দাস