১ মে , আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ দিনা, আমি এইটো গণ্ডিয়াৰ সেই মহিলা শ্ৰমিকসকলৰ সন্মানাৰ্থে পুনঃপ্ৰকাশ কৰিছো, গণ্ডিয়াৰ সেই মহিলা শ্ৰমিকসকলৰ বিষয়ে পহিলা এই প্ৰবন্ধটো ২৭ জানুৱাৰী, ২০০৭ত দ্য হিন্দু ত প্ৰকাশিত হৈছিল যদিও তেতিয়াৰ পৰা এতিয়ালৈকে এই সকলৰ অৱস্থাৰ বিশেষ একো উন্নতি হোৱা নাই

ৰেৱন্তাবাই কাম্বলেয়ে তাইৰ ছয় বছৰীয়া পুত্ৰৰ সৈতে কেবামাহ ধৰি কথা পতা নাই। অৱশ্যে, তেওঁলোকে তিৰোৰাৰ একেটা ঘৰতে থাকে। বুঢ়়ীবাই নাগপুৰেৰ ক্ষেত্ৰটো একেই, অৱশ্যে তাই কেতিয়াবা তাইৰ ডাঙৰ ল’ৰাটোক দেখা পায়, যদিহে সি সাৰ পায় থাকে। দুয়োগৰাকী মহিলা মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ এই এলেকাত থকা শ শ মহিলাৰ মাজৰে, যিয়ে ঘৰত দিনে মাত্ৰ ৪ ঘণ্টা সময় থাকে আৰু দৈনিক ৩০ টকা উপাৰ্জন কৰিবলৈ প্ৰতি সপ্তাহত ১০০০ কিলোমিটাৰৰো অধিক ভ্ৰমণ কৰে।

ৰাতিপুৱা ৬ বাজিছে। আমি এই মহিলাসকলৰ লগত তেওঁলোকৰ ঘৰৰ পৰা ৰেল ষ্টেচনলৈ খোজকাঢ়ি যাওঁ। এওঁলোকৰ অধিকাংশই দুঘণ্টাৰ আগতেই শোৱাৰ পৰা উঠিছে। “মই ৰন্ধা-বঢ়া, কাপোৰ ধোৱা, ঝাড়ু দিয়া আৰু চাফা কৰা কাম শেষ কৰিলো,” বুঢ়ীবাইয়ে আনন্দৰে ক’লে। “সেই বাবে এতিয়া আমি কথা পাতিব পাৰো।” যেতিয়া আমি সেই ঠাই আহি পাওঁ, ঘৰৰ আন সদস্যসকলৰ কোনো সাৰ পোৱা নাছিল। “বেচেৰাবোৰ, ভাগৰি পৰিছে,” তেওঁ কয়। বুঢ়়ীবায়ো ভাগৰি পৰা নাই নেকি? “হয় পৰিছো, কিন্তু কি কৰা যায়? আমাৰ হাতত কোনো বিকল্প নাই।”

ষ্টেচনত বিকল্প নথকা বহুত মহিলা আছে। এক অৰ্থত তেওঁলোকৰ এই প্ৰব্ৰজন সচৰাচৰ কৰা প্ৰব্ৰজনৰ দৰে নহয়। তেওঁলোকে গাঁৱৰ পৰা চহৰলৈ যোৱা প্ৰবাসী নহয়। তেওঁলোক হৈছে গাঁৱত কাম বিচাৰি ফুৰা চহৰীয়া অঞ্চলৰ মুক্ত শ্ৰমিক। এই সন্ধানে তেওঁলোকক তিৰোৰাৰ দৰে মফচলীয়া চহৰৰ পৰা গাঁৱৰ সেই তপত ৰ’দত খেতি পথাৰত হাজিৰা কৰা কামলৈ বুলি লৈ যায়। তেওঁলোকে প্ৰতিদিনে জীৱনৰ ২০ ঘণ্টা সময় নিজৰ ঘৰৰ পৰা দূৰত পাৰ কৰে। সপ্তাহত কোনো ছুটী নাই আৰু তিৰোৰাত কোনো ধৰণৰ কাম পাবলৈ নাই। “বিড়ি উদ্যোগটো বন্ধ হোৱাৰ পিছত ইয়াত কাম পোৱাটো অসম্ভৱ হৈ পৰিছে,” গণ্ডিয়া জিলাৰ কিষাণ সভাৰ সম্পাদক মহেন্দ্ৰ ৱালডেই কয়।

On the platform and in the train are more women like Buribai Nagpure (left) and Shakuntalabai Agashe (right), weary-eyed, hungry, half-asleep
PHOTO • P. Sainath
On the platform and in the train are more women like Buribai Nagpure (left) and Shakuntalabai Agashe (right), weary-eyed, hungry, half-asleep
PHOTO • P. Sainath

প্লেটফৰ্ম আৰু ৰেলত বুঢ়়ীবাই নাগপুৰে ( বাওঁফালে ) আৰু শকুন্তলাবাই আগাশে ( সোঁফালে ) ৰ দৰে ভাগৰুৱা, ভোকাতুৰ, অৰ্ধনিদ্ৰাত থকা আৰু বহুত মহিলা আছে

তেওঁলোকৰ মাজৰ সৰহভাগ মহিলাই ষ্টেচনৰ পৰা ৫ কিলোমিটাৰ বা তাতোকৈ অধিক দূৰত থাকে। “সেই কাৰণে আমি ৰাতিপুৱা ৪ বজাতেই উঠিবলগীয়া হয়।” দুকুৰিমান বছৰ বয়সৰ বুঢ়়ীবাইয়ে কয়। “আমি সকলো কাম শেষ কৰি পূৱা ৭ বজাত ষ্টেচন পাওঁগৈ।” তেতিয়াই ৰেলখন আহি পায় আৰু আমিও আনবোৰৰ সৈতে ৰেলত উঠো, সেইখন গ্ৰামীণ নাগপুৰৰ সালৱা লৈকে যায়। এই ৭৬ কিলোমিটাৰ যাত্ৰাত ২ ঘণ্টা সময় লাগে। প্লেটফৰ্ম আৰু ৰেলখন ভাগৰুৱা, ভোকাতুৰ, ভালকৈ টোপনি নমৰা মহিলাৰে ভৰি থাকে। অধিকাংশ মহিলাই ভীৰৰ মাজতেই ৰেলৰ মজিয়াত, দবাটোৰ বেৰত আউজি বহে আৰু নিজৰ ষ্টেচন আহি পোৱা অলপ আগলৈকে শুবলৈ চেষ্টা কৰে। নাগপুৰ জিলাৰ মৌডা টহচিলৰ গাওঁ সালৱাত কেৱল ১৫০ টা ঘৰ পৰিয়াল আৰু তাত ৫০০তকৈ কম নিৱাসী থাকে।

“আমি ৰাতি ১১ টাত ঘৰ পামগৈ,” ২০ বছৰীয়া ৰেৱন্তাবাইয়ে কয়। “আমি মাজৰাতি বিচনাত পৰো আৰু পিছদিনা ৰাতিপুৱা ৪ বজাত উঠিবৰ হয়। “বহুদিন মই মোৰ ছয়বছৰীয়া ল’ৰাটোক সাৰ পোৱাত দেখা নাই।” তাৰ পিছত তাই হাঁহে: “কিছুমান সন্তানে হয়তো মাকক দেখিলেও চিনি নাপাব।” তেওঁলোকৰ শিশুসকলে বিদ্যালয় যোৱা এৰি দিছে। হয়তো পঢ়া-শুনাৰ খৰছ বহন কৰিব নোৱাৰাৰ বাবে অথবা বিদ্যালয়ত বেয়া প্ৰদৰ্শনৰ বাবে। “তেওঁলোকৰ চোৱাচিতা কৰিবলৈ বা সহায় কৰিবলৈ ঘৰত কোনো নাথাকে,” বুঢ়়ীবাইয়ে কয়। আৰু কিছুমান যুৱক-যুৱতীয়ে যি কাম পায় তাকে কৰিবলৈ লয়।

তিৰোৰাস্থিত এগৰাকী শিক্ষয়িত্ৰী লতা পাপনকাৰে কয়, “স্বাভাৱিকতে, সিহঁত পঢ়া-শুনাত বেয়া।” “সিহঁতক দোষ দি কি লাভ?” এনেকুৱা লাগে যে কেৱল মহাৰাষ্ট্ৰ চৰকাৰেহে তেওঁলোকক দোষ দিব পাৰে। এই শিশুসকলৰ বেয়া প্ৰদৰ্শনৰ বাবে বিদ্যালয়কহে জগৰীয়া কৰা হয়, এনেকৈ স্কুলবোৰে অনুদান হেৰুৱায়। আৰু এওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰি থকা শিক্ষক, যিসকলক এই বেয়া ফলাফলৰ বাবে দায়ী কৰিব পাৰে। এক এনেকুৱা দৃষ্টিভংগী, যিয়ে সিহঁতৰ বিদ্যালায়লৈ যোৱাৰ সম্ভাৱনা ক্ষীণ কৰি পেলায়।

ৰেলৰ দুলি থকা মজিয়াত বহি থকা প্ৰায় ৫০ বছৰীয়া শকুন্তলাবাই আগাশেই কয় যে যোৱা ১৫ বছৰ ধৰি তেওঁ এনেকৈয়ে চলি আছে। ছুটী কেৱল উৎসৱ তথা বাৰিষাৰ দিনতহে পায়। তেওঁ কয়, “এনেকুৱা কিছুমান কাম  আছে যাৰ বাবে আমাক ৫০ টকালৈকে দিয়া হয়।” “কিন্তু এইটো বৰ দূৰ্লভ। বেছিভাগ আমি ২৫-৩০ টকাহে পাওঁ ।” মহিলা সকলে কয় য়ে সিহঁতৰ চহৰ বোৰত কোনো কাম নাই।

Revantabai Kamble (in red, left), Shakuntalabai and Buribai (right) spend just four hours a day at home and travel over 1,000 kms each week to earn a few rupees
PHOTO • P. Sainath
Revantabai Kamble (in red, left), Shakuntalabai and Buribai (right) spend just four hours a day at home and travel over 1,000 kms each week to earn a few rupees
PHOTO • P. Sainath

ৰেৱন্তাবাই কাম্বলে (ৰঙা শাৰীত, বাওঁ ফালে), শকুন্তলাবাই আৰু বুঢ়়ীবায়ে (সোঁফালে) দৈনিক ঘৰত মাত্ৰ ৪ ঘণ্টা সময় অতিবাহিত কৰে আৰু সামান্য অৰ্থ উপাৰ্জনৰ বাবে প্ৰতি সপ্তাহত ১০০০ কিলোমিটাৰৰো অধিক যাত্ৰা কৰে

সেই ঠাইৰ পইচাবোৰ নগৰবোৰলৈ প্ৰৱাহিত হৈছে। উদ্যোগবোৰ বন্ধ হৈ গৈছে। মফচলীয়া চহৰখনৰ পতন ঘটিছে। আগতে এই ঠাইৰ প্ৰায় সকলোবোৰ মহিলাই বিড়ি উদ্যোগতেই কাম পাইছিল। বুঢ়়ীবাইয়ে কয়, “সেইটো নাইকিয়া হোৱাত আমি শেষ হৈ গ’লো।” মাদ্ৰাজ ইনস্টিটিউট অব ডেভেলপমেণ্ট স্টাডিজৰ কে. কে. নাগৰাজে কয়, তেওঁ এই ক্ষেত্ৰত কাম কৰিছে, “বিড়ি এক স্বতন্ত্ৰ উদ্যোগ, যি সদায় সস্তীয়া শ্ৰমিক বিচাৰি ফুৰে।” তেনে উদ্যোগে কেতিয়া সেই ঠাই এৰে ঠিকনা নাই। “এনেকুৱা পৰিৱৰ্তনৰ মানৱীয় পৰিণাম বিনাশকাৰী হয়। আৰু যোৱা ১৫ বছৰত ইয়াৰ পৰিণাম লক্ষণীয়।।” কিষাণ সভাৰ প্ৰদীপ পাপনকাৰে কয়, “বিড়িৰ বহুত কাম গণ্ডিয়াৰ পৰা উত্তৰ প্ৰদেশ আৰু ছত্তীশগড় পালেগৈ।”

মহিলাসকলে কয়, “অৱশ্যে আমি ৰেলত যাত্ৰা কৰিবলৈ টিকট নিকিনো।” অহা আৰু যোৱা টিকটৰ মূল্য ৩০ টকা, যিটো আমি উপাৰ্জন কৰো, তাতোকৈ বেছি। আমি বুদ্ধি কৰি চলো। ধৰা পৰিলে আমি চেকাৰক ৫ টকা ঘোচ দিও। টিকটৰ পইচা এতিয়া কোম্পানীয়ে পায়। “আমি নোৱাৰিম বুলি জানি তেওঁলোকে জোৰ কৰি আমাৰ পৰা আদায় কৰে”।

“কেতিয়াবা মোৰ ডাঙৰ ল’ৰাটোৱে মোক চাইকেলেৰে ষ্টেচনত থৈ যায়,” বুঢ়ীবাইয়ে কয়। “তাৰ পিছত তাতে ৰৈ কাম বিচাৰে, পইচা লাগিলে যিমানেই নাপাওক। মোৰ ছোৱালীয়ে ঘৰত আহাৰ ৰান্ধে। আৰু মোৰ আনটো ল’ৰাই ককায়েকৰ বাবে আহাৰ লৈ আহে।” সংক্ষেপত ৱাডলাই কয়, “তিনিজন ব্যক্তিয়ে এজনৰ হাজিৰাৰ বাবে কাম কৰি আছে।” কিন্তু তেওঁৰ গিৰীয়েকৰ সৈতে পৰিয়ালৰ পাঁচোজন সদস্যই প্ৰায়েই এদিনত ১০০ টকাতকৈ কম উপাৰ্জন কৰে। কোনোবা দিনা তেওঁলোকৰ মাজৰ পৰা দুজনেহে কিছু উপাৰ্জন কৰে। আৰু তেওঁলোকৰ বি.পি.এল. ৰেচন কাৰ্ডও নাই।

ষ্টেচনলৈ যোৱা ৰাস্তাটোত কম মজুৰিতে শ্ৰমিকক নিবলৈ ঠিকাদাৰবোৰ সাজু হৈ থাকে।

ৰাতিপুৱা ৯ বজাত সালৱা ষ্টেচন পোৱাৰ পিছত আমি ১ কিলোমিটাৰ দূৰত অৱস্থিত গাঁৱৰ ফালে আগবাঢ়িছো আৰু মাটিৰ মালিক প্ৰভাকৰ বাঞ্জাৰেৰ ঘৰত অলপ সময় ৰোৱাৰ পিছত আগলৈ ৩ কিলোমিটাৰ দূৰৈত থকা খেতি পথাৰলৈ বুলি ওলালো। বুঢ়ীবাইয়ে মূৰত পানীৰ এটা ডাঙৰ বাচন লৈ শেষবাৰৰ বাবে পানী আনিবলৈ আহিছে যদিও আমাক পিছ পেলাই থৈ আহিছে।

Shakuntalabai and Buribai: their families are asleep when the women get home, and asleep when they leave in the mornings
PHOTO • P. Sainath
Shakuntalabai and Buribai: their families are asleep when the women get home, and asleep when they leave in the mornings
PHOTO • P. Sainath

শকুন্তলাবাই আৰু বুঢ়ীবাই : মহিলাসকল ঘৰ আহি পোৱা সময়ত কোনো সাৰে নাথাকে, আৰু ৰাতিপুৱা যেতিয়া যায় তেতিয়াও সকলো শুই থাকে

যিসকলৰ খেতি পথাৰত এই মহিলাসকলে সামান্য পইচাৰ বিনিময়ত মজদুৰী কৰে, তেওঁলোকো সমস্যাত আছে। কৃষি সংকটে বাঞ্জাৰাসকলক বৰ বেয়াকৈ প্ৰভাৱিত কৰিছে। তেওঁৰ নিজাকৈ ৩ একৰ মাটি আছে আৰু তেওঁ ১০ একৰ ভাড়াত লৈ থৈছে। “দাম বহুত বাঢ়িছে, আমাৰ উপাৰ্জন নগন্য,” তেওঁ অভিযোগৰ সুৰত কয়। আৰু গাঁৱত থকা মজদুৰবোৰ নিৰাশাত অন্য ক’ৰবালৈ গুছি গৈছে। সেইবাবে এই মহিলাসকল ইয়ালৈ আহি আছে।

এইখন পূব বিদৰ্ভ, সংকটগ্ৰস্ত কপাহ খেতিৰ অঞ্চলৰ পৰা দূৰত। বাঞ্জাৰাসকলে ধান, জলকীয়া আৰু অন্য শস্যৰ খেতি কৰে। এতিয়া তেওঁলোকক কেৱল বন নিৰোৱাৰ বাবে এই মহিলাসকলৰ প্ৰয়োজন। তেওঁলোকে পিছবেলা ৫.৩০ লৈকে কাম কৰে আৰু তাৰে এঘণ্টাৰ পিছত পুনৰ ষ্টেচন যায়।

“কিন্তু ৰেলখন ৰাতি ৮ বজাত আহে,” বুঢ়ীবাইয়ে কয়। “সেয়ে আমি ৰাতি ১০ বজাত তিৰোৰা পামগৈ।” মহিলাসকল ঘৰ আহি পোৱা সময়ত ঘৰৰ মানুহবোৰ শুই থাকে, আৰু ৰাতিপুৱা যোৱাৰ সময়তো টোপনিতে থাকে। “এনেকুৱা ক্ষেত্ৰত সাংসাৰিক জীৱন কেনেকুৱা হ’ব পাৰে?” ৰেৱন্তাবাইয়ে সোধে।

ঘৰ পোৱা লৈকে, তেওঁলোকে ১৭০ কিলোমিটাৰৰ অধিক দূৰ বাট অতিক্ৰম কৰে। ৩০ টকা উপাৰ্জন কৰিবলৈ এনেদৰে সদায় ইমান দূৰ বাট বব লাগিব। “আমি ৰাতি ১১ বজাত ঘৰ পামগৈ,” বুঢ়ীবাইয়ে কয়, “খাবলৈ আৰু শুবলৈ।” তাকো চাৰিঘণ্টাৰ বাবে। তাৰ পিছত আকৌ সেই কষ্টকৰ দিনটো আৰম্ভ হ’ব।

অনুবাদ : ডঃ প্ৰণামী বৰা

P. Sainath
psainath@gmail.com

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pranami Bora

Dr. Pranami Bora is a teacher by profession, she has previously worked with Assamese language newspapers in the capacity of sub-editor.

Other stories by Pranami Bora