গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম , অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে

জীৱনটোলৈ বুলি পাতবোৰ যতনে তুলি

পুৱা চাৰে চাৰি বজাৰ আগতেই তেওঁ শোৱাপাটি এৰে। তাৰে এঘণ্টা পিছত তেওঁক দেখা যায় চত্তিশগড়ৰ সৰগুজা হাবিত তেন্দুপাত তুলি থকা অৱস্থাত। এইখিনি সময়ত সমগ্ৰ ৰাজ্যখনত তেওঁৰ দৰে হাজাৰ হাজাৰ মহিলাই এনেদৰে তেন্দু পাত তুলি থাকে। গোটেই পৰিয়ালটোৱে এটা টিম হৈ পাত তোলে, এই পাত বিড়ি বনাবলৈ ব্যৱহাৰ কৰা হয়।

দিন ভাল হ’লে তেওঁৰ ছজনীয়া পৰিয়ালটোৱে ৯০ টকা পৰ্যন্ত উপাৰ্জন কৰে। তেন্দুৰ বতৰ পৰিলে তেওঁলোকৰ প্ৰথম দুটা সপ্তাহত ভাল আয় হয়, কিন্তু তাৰে পিছৰ তিনি মাহত ইমান নহয়। সেয়ে তেওঁলোকে বতৰ থকালৈকে যিমান পাৰে সিমান পাত গোটায়। ছটা সপ্তাহ পাছত তেওঁলোকে জীয়াই থকাৰ নতুন এটা কৌশল আঁকোৱালি ল’ব লাগিব। এই অঞ্চলটোৰ প্ৰায় প্ৰতিটো পৰিয়ালেই কামৰ বাবে হাবিখনত সোমাইছে। আদিবাসী অৰ্থনীতিত তেন্দুপাতৰ গুৰুত্ব অপৰিসীম।

ভিডিঅ ’ চাওঁকঃ ‘কেনেকৈ তেওঁ হাতৰ পাকত পাত চিঙে আৰু কান্ধৰ তলত জাপি লয় সেয়া চাবলগীয়া’

ঠিক একেদৰেই মহুৱা ফুল তোলা, তেঁতেলী সংগ্ৰহ কৰা, চেৰঞ্জি আৰু শাল পাত সংগ্ৰহ কৰা কামৰ পৰা দেশখনৰ কিছু প্ৰান্তৰ আদিবাসী সম্প্ৰদায়ৰ জীৱিকা নিৰ্ভৰ কৰে। নন-টিম্বাৰ ফৰেষ্ট প্ৰডাক্ট চমুকৈ এনটিএফপি-ৰ ওপৰতে তেওঁলোকৰ অৰ্দ্ধাংশ জীৱিকা নিৰ্ভৰ কৰে। কেৱল মধ্যপ্ৰদেশৰ কথা ধৰিলে এনে জীৱিকাৰ পৰা অহা পণ্যৰ বাৰ্ষিক বজামূল্য ২,০০০ কোটি টকা।

ৰাজ্য চৰকাৰে অৰণ্যসমূহ এফালৰ পৰা ঘেৰি পেলোৱাৰ ফলত সঠিক পৰিসংখ্যা পোৱা টান। কিন্তু ৰাষ্ট্ৰীয় পৰ্য্যায়ত এনটিএফপিৰ বাৰ্ষিক মূল্য ১৫,০০০ কোটি টকা।

এই যে আদিবাসী মহিলাসকল আৰু তেওঁলোকৰ পৰিয়াল, তেওঁলোকে তাৰে তেনেই নগণ্য অংশ এটা পায়। জীয়াই থাকিবলৈ সেইখিনি তেওঁলোকক প্ৰয়োজন। কিন্তু সেইখিনি পৰ্য্যাপ্ত নহ’বও পাৰে। মধ্যভোগী, বেপাৰী, সুদখোৰ আৰু আন বহুতে আচল টকাৰ ভাগ পায়। কিন্তু কাঠত বাদে আন বনজ পণ্যবোৰ সংগ্ৰহ, প্ৰচেছ আৰু বিপণন কৰে কোনে? ঘাইকৈ গ্ৰামীণ মহিলাই। হাবিৰ পৰা মহিলাই এনে বন্য পণ্যৰ সৰহখিনি সংগ্ৰহ কৰি আনে। বিশ্ব পৰ্য্যায়ত বহু কোটিটকীয়া ব্যৱসায় হৈ পৰা ঔষধি গছ-লতাৰো সংগ্ৰহ তেওঁলোকেই কৰে। ব্যৱসায় ৰমৰমীয়া হৈ পৰাৰ সমান্তৰালভাৱে এই মহিলাসকলৰ আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱনবোৰ গভীৰ অৰ্থনৈতিক সংকটৰ দিশে গতি কৰিছে। তেওঁলোকৰ শ্ৰমৰ ওপৰত ভৰসা কৰি চলা ব্যৱস্থাটোৱেই তেওঁলোকৰ এই দুৰৱস্থা হোৱাটো নিশ্চিত কৰি আহিছে।

PHOTO • P. Sainath
PHOTO • P. Sainath

বনাঞ্চলৰ যিমানেই অৱক্ষয় ঘটে, তেওঁ কাম সিমানেই কষ্টকৰ হৈ আহে। তেওঁ বেছিকৈ দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয়, কৰ্মঘণ্টাও বাঢ়ে। আদিবাসী সম্প্ৰদায়ৰ মাজত দাৰিদ্ৰ্য বাঢ়িলে এনটিএফপি-ৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতাও বাঢ়ে। তেনেদৰে তেওঁৰ দায়িত্ববোৰো বাঢ়ে। ওড়িশাত এনে কামত নিয়োজিত মহিলাই দিনে তিনিৰ পৰা চাৰি ঘণ্টা খোজ কাঢ়ে। দিনটোৰ ১৫ ঘণ্টাতকৈও বেছি সময়ত তেওঁলোকৰ কামৰ নামত যায়। এনেদৰেই দেশৰ কোটি কোটি দৰিদ্ৰ আদিবাসী মহিলাৰ পৰিশ্ৰমে তেওঁলোকৰ পৰিয়ালবোৰ চলি যোৱাত মুখ্য ভূমিকা পালন কৰে। এই কাম কৰোঁতে তেওঁলোকে বনৰক্ষী, বেপাৰী, আৰক্ষী, প্ৰতিকূল প্ৰশাসক আৰু অন্যায়মূলক আইনৰ পৰা হাৰাশাস্তি পায়।

অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰমত মহিলাই ঝাড়ুবোৰ বান্ধিছে। সেই অঞ্চলৰ বহুতো আদিবাসী মহিলাই কাঠত বাহিৰে আন বনজ সম্পদ বিক্ৰী কৰি তেওঁলোকৰ আয়ৰ আধাতকৈ বেছি অংশ উপাৰ্জন কৰে। বহুতো অনা-আদিবাসী লোকসকল দৰিদ্ৰও, জীয়াই থাকিবলৈ তেওঁলোকক এনটিএফপিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে।

মধ্য প্ৰদেশৰ বুন্দেলখণ্ডৰ এইগৰাকী মহিলাৰ প্ৰতিভা বহুমুখী। তেওঁ কেৱল বাচন-বৰ্তন তৈয়াৰ বাবে মেৰামতি কৰা কামেই নকৰে। এয়া তেওঁলোকৰ পৰিয়ালৰ ব্যৱসায়। তাৰোপৰি তেওঁ ৰছী, খৰাহী আৰু ঝাডু়ও বনায়। তেওঁ যি যি বস্তু বনায়, তাৰে সংগ্ৰহ দেখিলে অবাক হৈ পৰিব। তাকো এনে এটা অঞ্চল, য’ত হাবি-বন একেবাৰে কমি আহিছে। এনে মাটি ক’ত পোৱা যায় তাকো তেওঁ ভালদৰে জানে। তেওঁৰ জ্ঞান আৰু কামৰ বোজা বহু বেছি, তাতোকৈ বেছি বেয়া তেওঁৰ পৰিয়ালৰ অৱস্থা।

PHOTO • P. Sainath
PHOTO • P. Sainath

অনুবাদ: পংকজ দাস

P. Sainath
psainath@gmail.com

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das