হাজাৰ হাজাৰৰ জাকত তেওঁলোক পাৰ হৈ গৈছিল। প্ৰতিদিনে কোনোবাই খোজকাঢ়ি, চাইকেলেৰে, ট্ৰাকেৰে, বাছেৰে- যিয়ে যেনেকৈ পাৰিছিল, যি যান-বাহন পাইছিল, তেনেকৈ বাট বুলিছিল। অৱসাদগ্ৰস্ত, ক্লান্ত, ঘৰলৈ পাবলৈ মৰোঁ-জীওঁ চেষ্টা। ভিন্ন বয়সৰ পুৰুষ আৰু মহিলা, লগতে আছিল বহুতো শিশু।
অগণন গৃহাভিমুখী শ্ৰমিক আহিছিল হায়দৰাবাদ বা তাতোকৈ দূৰৰ পৰা, মুম্বাই আৰু গুজৰাটৰ পৰা, বিদৰ্ভ আৰু পশ্চিম মহাৰাষ্ট্ৰৰ বিভিন্ন স্থানৰ পৰা। তেওঁলোকৰ গন্তব্যস্থান আছিল উত্তৰ ভাৰত বা পূৱ ভাৰতৰ বিহাৰ, চত্তীশগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ।
তলাবন্ধৰ ফলত যেতিয়া জীৱন বিঘ্নিত হৈছিল, তেওঁলোকৰ জীৱিকা সম্পূৰ্ণ স্থবিৰ হৈ পৰিছিল, সমগ্ৰ দেশৰ কোটি কোটি লোকৰ একে ইচ্ছা- একে আশা জাগিছিল- নিজৰ গাঁৱলৈ তেওঁলোক ঘূৰি যাব, নিজৰ পৰিয়াল আৰু প্ৰিয়জনৰ কাষত উপস্থিত হ’ব। যদিও প্ৰচণ্ড কষ্টকৰ আছিল সেই যাত্ৰা- তথাপিও সেয়া বহুত ভাল আছিল।
দেশৰ ভৌগলিক কেন্দ্ৰ নাগপুৰৰ মাজেৰে তেওঁলোকৰ বহুতেই পাৰ হৈ গৈছিল, স্বাভাৱিক সময়ত এই নাগপুৰ দেশৰ অতি গুৰুত্বপূৰ্ণ ৰেল জংচন। মানুহৰ এই অবিৰত সোঁত সপ্তাহৰ পিছত সপ্তাহ ধৰি বৈছিল। ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে বাছ আৰু ৰেলেৰে কিছুমান প্ৰব্ৰজনকাৰী শ্ৰমিক যোৱাৰ ব্যৱস্থা নকৰালৈকে মে’ মাহ পৰ্যন্ত এই যাত্ৰা অতিশয় দুৰ্বিসহ হৈ পৰিছিল। হাজাৰ হাজাৰ লোকে যেতিয়া বাছ-ৰেলত যাবলৈ আসন পোৱা নাছিল, তেতিয়া যেনেকৈ সম্ভৱ তেনেকৈ গৃহাভিমুখী যাত্ৰা অব্যাহত ৰাখিছিল।

পিতৃয়ে যেতিয়া ঘৰৰ বয়-বস্তু কান্ধত লৈছিল, তেতিয়া ডেকা মাতৃগৰাকীয়ে তেওঁলোকৰ নিদ্ৰাৰত সন্তানক কোলাত লৈ খৰখেদাকৈ খোজ কাঢ়িছিল, সেইদৰে তেওঁলোকে হায়দৰাবাদৰ পৰা নাগপুৰলৈ যাত্ৰা কৰিছিল
তেওঁলোকৰ মাজত আছিলঃ সূৰ্যৰ প্ৰখৰ উত্তাপে যেতিয়া ৪০ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছিল, এখন ভাড়ালৈ লোৱা মটৰ চাইকেলেৰে ৪৪ দিনীয়া পানীকেঁচুৱা কন্যা সন্তানক লৈ এহাল ডেকা দম্পত্তীয়ে হায়দৰাবাদৰ পৰা গোৰখপুৰলৈ যাত্ৰা কৰিছিল।
চত্তীশগড়ৰ ধামতাৰী জিলাৰ বিভিন্ন গাঁৱত ৩৪ গৰাকী ডেকা মহিলাই আহমেদাবাদৰ পৰা ঘৰলৈ যোৱাৰ চেষ্টা কৰিছে। আহমেদাবাদত তেওঁলোকে দক্ষতা বিকাশ আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
পাঁচজন ডেকাল’ৰাই নতুনকৈ ক্ৰয় কৰা চাইকেলেৰে উৰিষ্যাৰ ৰায়গড় জিলালৈ যাত্ৰা কৰিছে।
নাগপুৰ চহৰৰ ৰিং ৰোডত শ শ প্ৰব্ৰজনকাৰী ৬ নং আৰু ৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিদিনে উপস্থিত হৈছিল। বিভিন্ন স্থানত তেওঁলোকক খাবলৈ দিয়া হৈছিল আৰু জিলা প্ৰশাসন তথা কেইবাটাও বেচৰকাৰী সংস্থা আৰু নাগৰিক গোটে ট’ল প্লাজাৰ কাষত থকাৰ ব্যৱস্থা কৰি দিছিল। দেই পুৰি যোৱা গ্ৰীষ্মৰ উত্তাপত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে জিৰণি লৈছিল আৰু সন্ধিয়া যাত্ৰা আৰম্ভ কৰিছিল। বিভিন্ন ৰাজ্যৰ সীমান্ত হৈ অহাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে শেহতীয়াভাৱে প্ৰতিদিনে বাছৰ ব্যৱস্থা কৰি দিছিল। সেয়ে প্ৰব্ৰজনকাৰীৰ ভিৰ অলপ পাতল হৈছিল- তেওঁলোকে সকলোৱে বিচৰা ঘৰত নিৰাপদে উপস্থিত হোৱাৰ চেষ্টা কৰিছিল।

হায়দৰাবাদৰ পৰা অহা এখন ট্ৰাকৰ পৰা নামি এদল শ্ৰমিকে নাগপুৰৰ উপকণ্ঠ অঞ্চলৰ খাদ্য শিবিৰ এটালৈ খোজ দিছে

নিজৰ বয়বস্তু লগত লৈ এদল প্ৰব্ৰজিত শ্ৰমিকে ঘৰলৈ উভতা বাটত- মে’ মাহৰ প্ৰচণ্ড উত্তাপত মূৰত বহু কিলোগ্ৰাম বোজা লৈ খোজকাঢ়িয়ে বহু কিলোমিটাৰ পথ। তলাবন্ধ ঘোষণা কৰাৰ পিছত প্ৰত্যেক দিনে লানি নিছিগাকৈ অগণন মানুহে দলে দলে গৃহাভিমুখে বিভিন্ন স্থানলৈ যাবলৈ খোজ কাঢ়ি অহা নাগপুৰত পৰিলক্ষিত হৈছে

নাগপুৰৰ উপকণ্ঠ এলেকাৰ পাঞ্জাৰিত থকা এখন খাদ্য শিবিৰলৈ এদল ডেকা শ্ৰমিক খোজ কাঢ়ি আহিছে, কাম কৰিবলৈ প্ৰব্ৰজিত হোৱা হায়দৰাবাদৰ পৰা তেওঁলোক খোজকাঢ়ি আহিছে

নাগপুৰ চহৰৰ উপকণ্ঠ অঞ্চলত থকা পাঞ্জাৰি গাঁৱলৈ প্ৰতিদিনে অগনন প্ৰব্ৰজনকাৰী আহিছে। তাৰপৰা দেশৰ বিভিন্ন প্ৰান্তত থকা দূৰ-দূৰণিৰ গাঁৱলৈ তেওঁলোকে খোজকাঢ়ি গৈছে

নিজৰ গাওঁ আৰু পৰিয়ালৰ কাষলৈ যাবলৈ উদগ্ৰীৱ হৈ পৰা এদল ক্লান্ত-শ্ৰান্ত প্ৰব্ৰজনকাৰী শ্ৰমিকক ভৰ্তি কৰি এখন ট্ৰাকে যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে

এই ট্ৰাকত যিয়ে অলপমান ভৰি থোৱা ঠাই উলিয়াব পাৰিছে, তেওঁলোকে যাত্ৰা কৰিব পাৰিছে

আনহাতে গৃহাভিমুখী বহু শ্ৰমিকে আন এখন ট্ৰাকত উঠি যাত্ৰা কৰিবলৈ চেষ্টা কৰিছে। ৬ আৰু ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী নাগপুৰৰ উপকণ্ঠ ৰিং ৰোডৰ ট’ল প্লাজাৰ ওচৰত এইসকল শ্ৰমিকে ট্ৰাকত উঠিব ধৰিছে

এয়া গ্ৰীষ্মৰ উত্তাপ, পাৰা ৪০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে

নিজৰ পৰিয়ালক দেখা পোৱাৰ প্ৰৱল প্ৰত্যাশাই প্ৰচণ্ড উত্তাপ, ক্ষুধা, অগণন লোকৰ শ্বাসৰুদ্ধকৰ হেঁচা-ঠেলা আৰু ক্লান্তিকো যেন অধিক সহনীয় কৰি তুলিছে

নতুনকৈ ক্ৰয় কৰা চাইকেলেৰে তিনিজন মানুহে মুম্বাইৰ পৰা উৰিষ্যালৈ যাত্ৰা কৰিছে, আন কোনো উপায় নোহোৱাৰ বাবে তেওঁলোকে এই কল্পনাতীত কষ্টকৰ যাত্ৰা কৰিবলগীয়া হৈছে বুলি কয়

প্ৰব্ৰজনকাৰীসকলে প্ৰায়ে ঘাইপথ বা মূল পথৰ বিপৰীতে পথাৰ আৰু বনাঞ্চলৰ পথেৰে খোজ কাঢ়িছিল

যেতিয়া সংকট আৰম্ভ হ’ল, নিজে গঢ় দিয়া চহৰখন, য’ত সামান্য সকাহ পাইছিল, সেয়া এৰি নিজৰ গাঁৱৰ গৃহাভিমুখে তেওঁলোকে যাত্ৰা কৰিবলগা হ’ল
অনুবাদঃ পংকজ দাস