তনুজাৰ পিঠিৰ তলৰ পিনে বিষ আৰু জঠৰ হৈ পৰাটো অসহনীয় হৈ পৰাত তেওঁ হোমিঅ’ ডাক্তৰ এজনৰ ওচৰলৈ গ’ল। ‘তেওঁ মোক ক’লে মোৰ কেলচিয়াম আৰু আইৰণৰ সমস্যা (কমিছে) আছে আৰু মই কেতিয়াও মজিয়াত বহিব নালাগে।’
পশ্চিম বংগৰ মুৰ্চিদাবাদ জিলাৰ এগৰাকী বিড়ি শ্ৰমিক, তেওঁ বিড়ি পকাওঁতে আঠ ঘণ্টা পৰ্য্যন্ত মজিয়াত বহি থাকে।‘মোৰ জ্বৰ জ্বৰ লাগে আৰু দূৰ্বল অনুভৱ কৰোঁ, আৰু মোৰ পিঠিৰ তলচোৱা ইমান বিষায়,’ এনেদৰে কয় ৪০ৰ শেষৰ ফালে বয়সৰ এই শ্ৰমিক গৰাকীয়ে।‘মই মোৰ বাবেই চকী টেবুল এজোৰ কিনিব পৰা হ’লে,’ তেওঁ ক’লে।
এতিয়া নৱেম্বৰৰ শেষৰ সময়ত তেওঁৰ হৰেকনগৰ মহল্লাত থকা ঘৰটোৰ চিমেণ্টৰ কঠিন মজিয়াখনত এটা উমাল পোহৰ পৰিছেহি। তনুজাই তালপাতৰ কঠত বহি ইটোৰ পিচত সিটো বিড়ি পকাই আছে। তেন্দু পাতবোৰ পকাওঁতে তেওঁৰ হাতৰ আঙুলিবোৰ বৰ কুশলতাৰে লৰচৰ কৰে, কিলাকুটি দুটা এটা বিশেষ ভংগীত গুজি থয়, বাহুদুটা দাং খোৱা আৰু মূৰটো এফালে তললৈ হালি থাকে। ‘মোৰ আঙুলিবোৰত ইমান সাৰ-সিকটি নাথাকে যে মোৰ সেই কেইটা আছে নে নাই বুলি চিন্তা হয়।’ তেওঁ আধা কৌতুক কৰি কথা কেইটা ক’লে।
তেওঁৰ চাৰিও কাষে বিড়ি বনোৱা কেঁচা সামগ্ৰীবোৰ সিচৰতি হৈ আছিলঃ তেন্দু পাত, পৰিষ্কাৰ কৰা ধপাত আৰু মুঠিয়ে মুঠিয়ে সূতা। তেওঁৰ কামৰ সৰঞ্জাম হ’ল এখন সৰু চোকা চুৰি কটাৰী আৰু এখন কেঁচী।
ঘৰৰ বাবে প্ৰয়োজনীয় গেলা-মাল অনা, ৰন্ধা-বঢ়া, পানী অনা, ঘৰ-চোতাল পৰিষ্কাৰ কৰা আৰু অন্যান্য এনেকুৱা ঘৰুৱা কাম কৰিবলৈ তনুজা অলপ সময়ৰ কাৰণে ওলাই যায়। কিন্তু এই গোটেই সময়খিনিত পলে পলে সূক্ষ্মভাৱে সজাগ হৈ থাকে যে এদিনত প্ৰায় ৫০০ ৰ পৰা ৭০০ টা বিড়ি পকোৱাৰ লক্ষ্য পূৰণ কৰিব নোৱাৰিলে তেওঁৰ ৩০০০টকাৰ মাহেকীয়া উপাৰ্জনটো সংকুচিত হ’ব।
সেয়েহে, বেলি ওলোৱাৰ পৰা মাজ নিশালৈকে তাই তাকেই কৰি থাকে। ‘প্ৰথমটো আজান দিওঁতেই মই শোৱাৰ পৰা উঠোঁ। ফজৰ নামাজ কৰিয়েই মই কাম আৰম্ভ কৰোঁ,’ তাই পকাই থকা বিড়িটোৰ পৰা চকু আতৰ নকৰাকৈয়ে কৈ গ’ল। সময় চাব নাজানে যে, সেয়েহে, তাইৰ দিনটো আচলতে আজান ৰ সময়েৰেহে জোখা হয়। ‘ মঘ্ৰীব (সন্ধিয়াৰ চতুৰ্থ প্ৰাৰ্থনা) আৰু ইশ্বা (সন্ধিয়াৰ পঞ্চম প্ৰাৰ্থনা)ৰ মাজৰ সময়কনত তাই ৰাতিৰ সাজ ৰন্ধা-বঢ়া কৰে আৰু মাজ ৰাতি টোপনিত ঢলি পৰাৰ আগতে কমেও আৰু দুঘণ্টা সময় বিড়ি পকাবলৈ বা বিড়িৰ বাবে পাত কাটিবলৈ চেষ্টা কৰে।
.‘কেৱল নামাজ ৰ সময়কনহে এই হাড়-ভঙা কামটোৰ পৰা মই অব্যাহতি পাওঁ; তেতিয়াই মই অকমান জিৰণি আৰু শান্তি পাওঁ,’ তেওঁ ক’লে।‘মানুহে কয় বিড়ি খালে বেমাৰ হয়। বিড়ি পকোৱা মানুহবোৰৰ কি হয় তেওঁলোকে জানে নে বাৰু?’ তনুজাই সুধিলে।
২০২০ চনৰ আৰম্ভনিত তনুজাই যেতিয়া অৱশেষত জিলা চিকিৎসালয়ৰ ডাক্তৰ এজনক দেখুৱাবলৈ যো-জা কৰিলে, কভিডৰ আবিৰ্ভাৱ হ’ল আৰু কভিড সংক্ৰমণৰ ভয়ে তেওঁক বাধা দিলে। তাৰ সলনি তেওঁ হোমিঅ’পেথিক চিকিৎসকৰ ওচৰলৈ গ’ল।পঞ্জীয়ন নথকা চিকিৎসকসকলৰ লগতে তেওঁলোকেই হ’ল বেলদাঙা-১ নং ব্লকৰ দুখীয়া বিড়ি শ্ৰমিক পৰিয়ালবোৰৰ প্ৰায়ে প্ৰথম পচন্দ। ২০২০-২১ চনৰ গ্ৰামীণ স্বাস্থ্য পৰিসংখ্যা অনুসৰি পশ্চিম বংগৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰবোৰ(পি এইছ চি)ত ৫৭৮ জন চিকিৎসকৰ অভাৱ। তদুপৰি গ্ৰামাঞ্চলত ৫৮ শতাংশ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ কম। সেয়েহে, ৰাজ্য চৰকাৰৰ অধীনৰ চিকিৎসালয় কম খৰচি হ’লেও তাত যাৱতীয় পৰীক্ষা-নিৰীক্ষা আৰু স্কেন আদি কৰাবলৈ দীঘলীয়া শাৰীত থিয় দিবলগীয়া হয়। ফলত দৈনিক হাজিৰাৰ ক্ষতিয়ে কোঙা কৰে, তনুজাৰ ভাষাত, ‘আমাৰ তেনেকুৱা সময় নাই।’
হোমিঅ’ চিকিৎসকৰ ঔষধে কাম নিদিয়াত গিৰিয়েকৰ পৰা ৩০০টকা লোৱাৰ লগতে নিজৰ উপাৰ্জনৰো ৩০০টকা গোটাইলৈ অৱশেষত তনুজা স্থানীয় এলোপেথিক চিকিৎসকজনৰ ওচৰলৈ গ’ল।‘তেওঁ মোক কিছুমান পিল দিলে আৰু মোৰ বুকুৰ এক্স ৰে’ আৰু স্কেন কৰিবলৈ পৰামৰ্শ দিলে। মই সেইটো বাদ দিব লগীয়া হ’ল,’ সেই পৰীক্ষা নিৰীক্ষাবোৰ কৰাৰ সামৰ্থ্য নাই বুলি স্পষ্ট কৰি তাই প্ৰকাশ কৰিলে।
পশ্চিম বংগত ৰাজ্যখনৰ ২০লাখ বিড়ি শ্ৰমিকৰ ভিতৰত তনুজাৰ নিচিনা শ্ৰমিকৰ সংখ্যা ৭০ শতাংশ। কৰ্মস্থলীৰ অস্বাস্থ্যকৰ ব্যৱস্থাৰ ফলত তেওঁলোকৰ খামোচ মাৰি ধৰা(ক্ৰেম্প), মাংস পেশী আৰু স্নায়ুৰ বিষৰ দৰে শাৰিৰীক ভংগীজনিত জটিলতাৰ লগতে শ্বাসনলীৰ সমস্যা আৰু আনকি যক্ষ্মা ৰোগো হয়। তেওঁলোক অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ পৰিয়ালৰ হোৱা হেতুকে পুষ্টিৰ অভাৱে কৰ্মস্থলীজনিত ৰোগবোৰ জটিল কৰি তোলে আৰু সি তেওঁলোকৰ সাধাৰণ স্বাস্থ্যৰ লগতে প্ৰজনন স্বাস্থ্যতো কু-প্ৰভাৱ পেলায়।
মুৰ্চিদাবাদৰ ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ ৰক্তহীনতা সতৰ্কতাজনকভাৱে ৭৭.৬% যিটো চাৰি বছৰৰ আগৰ ৫৪%ৰ হিচাপতকৈ যথেষ্ট বেছি। ৰক্তহীনতাত ভোগা মাতৃৰ সন্তানেও ৰক্তহীনতাত ভোগাৰ সম্ভাৱনা থাকে। দৰাচলতে, শেহতীয়া নেশ্বনেল ফেমিলী হেল্থ চাৰ্ভে ( এন এফ এইছ এছ-৫ )অনুসৰি জিলাখনত শিশু আৰু মহিলাৰ ৰক্তহীনতাৰ স্তৰৰ ক্ৰমবৰ্ধমান গতি দেখা গৈছে। তদুপৰি, জিলাখনত ৫ বছৰ বয়্সৰ তলৰ ৪০ শতাংশ শিশু বাওনা আৰু উদ্বেগজনকভাৱে চাৰি বছৰৰ আগৰ ২০১৫-২০১৬ চনৰ পূৰ্বৱৰ্তী এন এফ এইছ এছ সমীক্ষাৰ পৰা প্ৰকৃততে একো সলনি হোৱা নাই।
মাথপাৰা মহল্লাৰ বাসিন্দা এহছান আলি অঞ্চলটোৰ জনা-শুনা ব্যক্তি আৰু তাত তেওঁ এখন সৰু ঔষধৰ দোকান দিয়ে। এজন অপ্ৰশিক্ষিত চিকিৎসা সেৱা আগবঢ়োৱা লোক যদিও বিড়ি তৈয়াৰ কৰা পৰিয়ালৰ পৰা অহাৰ বাবেই স্বাস্থ্যৰ সমস্যাৰ ক্ষেত্ৰত তেওঁ সেই সমাজখনৰ এজন বিশ্বাসী পৰামৰ্শদাতা।ত্ৰিশ বছৰ বয়সীয়া লোকজনে জনায় যে-বিড়ি শ্ৰমিকসকল তেওঁৰ ওচৰলৈ বিষ উপশমৰ বাবে পিল আৰু মলম বিচাৰি আহে।‘২৫-২৬ বছৰমান বয়্সত উপনীত হয় মানে তেওঁলোকৰ খামোচ মাৰি ধৰা,দূৰ্বল পেশী, স্নায়ুজনিত ৰোগ আৰু প্ৰচণ্ড মূৰৰ বিষ আদি বহু শাৰিৰীক সমস্যা হয়,’ তেওঁ কয়।
ঘৰবোৰত সৰু কালৰে পৰা হোৱা ধপাতৰ ধূলিৰ সংস্পৰ্শৰ লগতে মাকহঁতক দিনটোত বিড়ি তৈয়াৰ কৰাৰ লক্ষ্যৰ পৰিমাণ পূৰণ কৰাত সহায় কৰাৰ পৰা কম বয়্সীয়া ছোৱালীবোৰৰ বাবে পৰিৱেশটো অতিশয় আশংকাপূৰ্ণ। তনুজাই ১০ বছৰ বয়সৰ পূৰ্বেই মাঝপাৰা মহল্লা ত কোমল বয়সীয়া শিশু হিচাপে আৰম্ভ কৰিছিল।‘মই মোৰ মাক বিড়িৰ আগ দুটা জপাওঁতে আৰু বান্ধোতে সহায় কৰিছিলোঁ,’ তাই লগতে ক’লে,‘আমাৰ সমাজত মানুহে কয় যে,বিড়ি পকাব নজনা ছোৱালীয়ে দৰা নাপায়।’
তাই ১২ বছৰ বয়সত ৰফিকুল ইছ্লামৰ সৈতে বিয়াত বহিছিল আৰু চাৰিজনী ছোৱালী আৰু এটা ল’ৰা সন্তান জন্ম দিছিল।এন এফ এইছ এছ -৫ ৰ সমীক্ষা অনুসৰি জিলাখনৰ ৫৫ শতাংশ মহিলাক ১৮ বছৰ বয়সৰ আগেয়ে বিয়া দিয়া হয়। ইউনিচেফে উনুকিয়ায় যে, কম বয়সত বিবাহ আৰু সন্তান ধাৰনৰ লগতে পুষ্টিৰ অভাৱে অনাগত নতুন প্ৰজন্মৰ ওপৰত পাৰ্শ্বভাৱে প্ৰভাৱ পেলাব।
এগৰাকী স্বাস্থ্য নিৰীক্ষক হাশ্বী চেটাৰ্জীয়ে কয় যে, ‘মহিলাৰ প্ৰজনন আৰু যৌন স্বাস্থ্য স্বাভাৱিক আৰু অন্তৰ্নিহিত ভাৱেই তেওঁলোকৰ শাৰিৰীক আৰু মানসিক দুয়োবিধ সাধাৰণ স্বাস্থ্যৰ সৈতে সংলগ্ন। আপুনি ইটোৰ পৰা সিটো পৃথক কৰিব নোৱাৰে।’ তেওঁ মীৰ্জাপুৰ পঞ্চায়তৰ বে’লদাঙা -১ নং ব্লকৰ দ্বায়িত্বত থকাৰ লগতে বিভিন্ন স্বাস্থ্য আঁচনিসমূহে যাতে প্ৰয়োজন থকা সকলোকে ঢুকি পায় তেওঁ সেইটো নিশ্চিত কৰে।
তনুজাৰ মাকে তেওঁৰ প্ৰায় সমস্ত জীৱনটোৱেই বিড়ি পকালে।বৰ্তমান তেওঁৰ বয়স ষাঠীৰ ঘৰত।জীয়েকে জনালে তাইৰ মাক এনেধৰণৰ প্ৰতিবন্ধী হৈ পৰিল যে এতিয়া তেওঁ ভালদৰে খোজকাঢ়িবও নোৱাৰে।‘তেওঁৰ পিঠিখন একেবাৰেই বেয়া হৈ গ’ল সেয়েহে তেওঁ এতিয়া শয্যাশায়ী,’ তেওঁ ক’লে আৰু আশাহতভাৱে লগতে জনালে, ‘মোৰো এনেকুৱাই অৱস্থা হ’বগৈ।’
উদ্যোগটোত কাম কৰা সকলো মানুহেই নিম্ন আয়ৰ পৰিয়ালৰ আৰু তেওঁলোকৰ আন কোনো কাৰ্য্য দক্ষতা নাই। মাইকী মানুহখিনিয়ে যদি বিড়ি নপকায় তেওঁলোক আৰু পৰিয়ালবোৰ লঘোণে থাকিব লাগিব। তনুজাৰ গিৰিয়েক বেছি অসুখীয়াহৈ কাম কৰিবলৈ যাব নোৱাৰা হোৱাৰ সময়ত বিড়ি তৈয়াৰ কৰিহে ৬জনীয়া পৰিয়ালটোৰ খোৱা-বোৱাৰ ব্যৱস্থা হৈছিল। চতুৰ্থ কন্যা নৱজাতকটি কোমল কঠা এখনেৰে মেৰিয়াই টোপোলা কৰি কোলাতলৈ তনুজাই বিড়ি পকাইছিল। পৰিয়ালটোৰ দুৰৱস্থাই নৱজাতকটিৰ ধঁপাতৰ ধূলিৰে সংস্পৰ্শ ঘটাইছিল।
‘এসময়ত মই দিনে ১০০০ ৰ পৰা ১,২০০ বিড়ি বনাইছিলোঁ,’ তনুজাই ক’লে। কিন্তু এতিয়া দুৰ্বল স্বাস্থ্যৰ কাৰণে তেওঁ কোনোমতে প্ৰতি দিনে ৫০০ৰ পৰা ৭০০ বিড়ি পকাব পাৰে। তেনেকৈ তেওঁ মাহে ৩০০০ টকা উপাৰ্জন কৰে আৰু স্বাস্থ্যৰ হাজাৰ ক্ষতি কৰি হ’লেও সেই লক্ষ্য তেওঁ পূৰণ কৰিবই লাগিব।
মুৰ্ছিদা খাটুন দেৱকুণ্ডা এছ এ আৰ এম বালিকা মাদ্ৰাছাৰ প্ৰধান শিক্ষয়িত্ৰী। তেওঁ কয় যে বেলদাঙা ১নং ব্লকৰ তেওঁৰ এই মাদ্ৰাছাখনলৈ শতকৰা ৮০ ভাগতকৈয়ো বেছি ছোৱালী এনে পৰিয়ালৰ পৰা আহে আৰু তেওঁলোকে মাকহঁতক লক্ষ্য পূৰণত সহায় কৰে। তেওঁ জনায় যে, এই কোমল বয়সীয়া ছোৱালীবোৰৰ প্ৰায় বেছিভাগৰ বাবেই স্কুলত দিয়া ভাত, দালি আৰু পাচলি ভাজিৰ মধ্যাহ্ন ভোজনেই দিনটোৰ প্ৰথম আহাৰ। ‘তেওঁলোকৰ ঘৰবোৰত পুৰুষ সদস্যৰ অনুপস্থিতিত সাধাৰণতে ৰাতিপুৱা একো ৰন্ধা নহয়,’ এইবুলি তেওঁ লগতে কয়।
মুৰ্চিদাবাদ জিলাখন প্ৰায় সম্পূৰ্ণৰূপে গ্ৰাম্য - ইয়াৰ ৮০ শতাংশ জনসংখ্যাই জিলাখনৰ ২,১৬৬খন গাৱঁত বাস কৰে আৰু ইয়াত শিক্ষিতৰ হাৰ মাত্ৰ ৬৬ শতাংশ, যিটো ৰাজ্যখনৰ গড় শিক্ষিতৰ হাৰ ৭৬ শতাংশতকৈ বহু কম(২০১১ লোক পিয়ল)। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এক প্ৰতিবেদন অনুসৰি এই উদ্যোগটোৰ বাবে মহিলা শ্ৰমিকক অগ্ৰাধিকাৰ দিয়া হয় কাৰণ তেওঁলোকে ঘৰৰ পৰা কাম কৰিব পাৰে আৰু কামটোৰ বাবে প্ৰয়োজন হোৱা মিহি আঙুলিৰো তেওঁলোক অধিকাৰী।
*****
এক মিনিটো সময় অপব্যয় নোহোৱাকৈ শ্বাহিনুৰ বিবিয়ে ঘূগুনি ৰান্ধিবলৈ দৰকাৰ হোৱা উপাদানৰ বাবে পিয়াঁজ জলকীয়া কুটি কুটি ক’লে। তেওঁ বে’লদাঙা ১ ৰ হৰেকনগৰ অঞ্চলৰ পূৰ্বৰ বিড়ি শ্ৰমিক – উপাৰ্জনৰ বাবে বৰ্তমান হালধীয়া বুটৰ এই ব্যঞ্জনবিধ তৈয়াৰ কৰি ঘৰৰ পৰাই গধূলি বিক্ৰি কৰে।
৪৫ বছৰীয়া মানুহ গৰাকীয়ে ক’লে, ‘বেমাৰী হোৱাটো বিড়ি পকোৱাসকলৰ ভাগ্যত আছেই।’ শৰীৰ পোনাব নোৱাৰা আৰু শ্বাস-প্ৰশ্বাসজনিত অসুখৰ বাবে কেইমাহমানৰ আগেয়ে তেওঁ বে’লদাঙা গ্ৰামীণ চিকিৎসালয়ত দেখুৱাবলৈ গৈছিল আৰু আনকি ব্যক্তিগত ক্লিনিকত বুকুৰ এক্স ৰে’ও কৰাইছিল। কিন্তু এতিয়া গিৰিয়েকৰ অসুখ হোৱাৰ বাবে তেওঁ হস্পিতাললৈ পুনৰাই যাব নোৱাৰা হ’ল। ‘মোৰ দুজনী বোৱাৰীয়ে মোক [বিড়ি] পকাবলৈ নিদিয়ে। সিহঁতেই গোটেই কামখিনি কৰিবলৈ লৈছে, কিন্তু সেইখিনি [উপাৰ্জন]ৰে আমি চলিব নোৱাৰোঁ,’ কিয় ঘূগুনি বেছিবলগীয়া হৈছে সেই কথা বুজাবলৈ তেওঁ ক’লে।
ড. ছলমান মণ্ডলে তেওঁ কাম কৰা ব্লক হস্পিতালখনত প্ৰতি মাহতে ২০-২৫জন ৰোগীৰ টিবি নিশ্চিত হোৱাটো লক্ষ্য কৰিছে। ‘নিচাযুক্ত ধূলিৰ অহৰহ সংস্পৰ্শৰ বাবে বিড়ি পকোৱাসকল টিবি ৰোগত সংক্ৰমিত হোৱাৰ অতি বেছি আশংকা থাকে। ইয়াৰ ফলত সঘনাই ছৰ্দি লাগে আৰু ক্ৰমান্বয়ে হাওঁফাওঁ দূৰ্বল হৈ আহে,’ বে’লদাঙা ১ৰ খণ্ড চিকিৎসা বিষয়া (বি এম অ’) মণ্ডলে ক’লে।
তেওঁৰ ঘৰৰ পৰা দৰ্জিপাৰা মহল্লাৰ পথত থকা ছাইৰা বেৱাৰ অনবৰত কাঁহ আৰু ছৰ্দি হৈ থাকে। যোৱা ১৫ বছৰ ধৰি ৬০ বছৰীয়া মহিলা গৰাকীয়ে ভুগি অহা ব্লাড ছুগাৰ আৰু উচ্চ ৰক্ত চাপৰ উপৰিও এই কেইটা উপসৰ্গ। প্ৰায় পাঁচ দশক জুৰি বিড়ি পকোৱাৰ ফলত তেওঁৰ হাত আৰু নখত ধপাতৰ ধূলিৰ ডাঠ চামনি ৰৈ গৈছে।
‘মছলা (মিহিকৈ গুড়ি কৰা ধপাত) হ’ল স্বাভাৱিকতেই এবিধ প্ৰতিক্ৰিয়া সৃষ্টিকাৰী (এলাৰ্জেন) বস্তু, আৰু পকোৱাৰ সময়ত ধপাতৰ বাষ্প হিচাপে তাৰ ক্ষুদ্ৰ কণাবোৰ শ্বাসনলীৰে ভিতৰলৈ সোমায়,’ ছলমান মণ্ডলে ক’লে।পশ্চিম বংগত মহিলা এজমা ৰোগীৰ সংখ্যা পুৰুষৰোগীৰ দুগুণ – প্ৰতি ১০০,০০০ জনৰ ভিতৰত ৪,৩৮৬ গৰাকী মহিলা (এন এফ এইছ এছ-৫)।
বি এম অ’ জনে লগতে উনুকিয়ায় যে, ‘ধপাতৰ ধূলিৰ সংস্পৰ্শ আৰু টিবিৰ মাজত এটা শক্তিশালী সংযোগ থকা স্বত্তেও আমাৰ টিবিৰ বাবে জীৱিকা নিৰ্দিষ্ট পৰীক্ষাৰ ব্যৱস্থা নাই। ‘ বিশেষকৈ বিড়ি শ্ৰমিক অতি বেছিকৈ থকা জিলা এখনৰ বাবে এই অভাৱটো অতি স্পষ্টভাৱে চকুত লগা। ছাইৰাৰ কাঁহত তেজ ওলাই আছে- টিবি সংক্ৰমণৰ আগ জাননি। ‘মই বে’লদাঙা গ্ৰামীণ হস্পিতাললৈ গৈছিলোঁ। তেওঁলোকে কিবা টেষ্ট কৰিলে আৰু মোক কিছুমান পিল খাবলৈ দিলে,’ ছাইৰাই ক’লে। তেওঁলোকে ধপাতৰ ধূলিৰ পৰা আঁতৰি থাকিবলৈ কোৱাৰ লগতে খেকাৰ পৰীক্ষা কৰাবলৈকো উপদেশ দিছিল। কিন্তু কোনো প্ৰতিৰোধমূলক সৰঞ্জাম দিয়া হোৱা নাছিল।
আচলতে জিলাখনত পাৰিয়ে লগ পোৱা কোনো বিড়ি শ্ৰমিকৰেই মাস্ক আৰু গ্লাভছ কেতিয়াও নাছিল আৰু ব্যৱহাৰ কৰাও নাছিল। তেওঁলোকৰ কোনো নিযুক্তি সম্পৰ্কীয় নথি, সামাজিক সুৰক্ষাৰ লাভ, মানকৃত হাজিৰা(বেতন), কল্যাণ, সুৰক্ষা আৰু স্বাস্থ্য যতনৰ ব্যৱস্থা নাছিল। বিড়ি কোম্পানীবোৰে কামবোৰ মহাজন (ঠিকাদাৰ) সকলক দিয়া ঠিকাৰ জৰিয়তে আদায় কৰাই সকলো দায়িত্বৰ পৰা হাত সাৰে। মহাজনসকলে বিড়িবোৰ কিনে কিন্তু এইবোৰ কথালৈ কাণ নিদিয়ে।
মুৰ্চিদাবাদৰ প্ৰায় তিনি ভাগৰ দুভাগ জনসংখ্যাই মুছলিম আৰু বিড়ি শ্ৰমিকৰ প্ৰায় গোটেইখিনি মুছ্লিম মহিলা। ৰফিকুল হাছানে তিনি দশকতকৈয়ো অধিক কাল বিড়ি শ্ৰমিক সকলৰ সৈতে কাম কৰি আছে। চেন্টাৰ ফৰ ইণ্ডিয়ান ট্ৰেইড য়ুনিয়ন (CITU)ৰ বে’লদাঙাৰ খণ্ড সম্পাদকজনে কয় যে, ‘বিড়ি উদ্যোগটো সদায়েই ভাল দৰে চলি আহিছে অতি সস্তীয়া শ্ৰমিক আৰু শ্ৰমিকক কৰা শোষণেৰে, যি শ্ৰমিক শক্তি বহুলভাৱে আদিবাসী আৰু মুছলিম মহিলা আৰু ছোৱালীৰে গঠিত।’
পশ্চিম বংগৰ শ্ৰম বিভাগে তথ্য সহকাৰে স্বীকাৰ কৰি লৈছে যে, অসংগঠিত খণ্ডৰ ভিতৰত বিড়ি শ্ৰমিকসকল আটাইতকৈ দূৰ্বল। বিভাগে ধাৰ্য্য কৰি দিয়া ন্যূনতম হাজিৰা ২৬৭.৪৪ টকা ১০০০টা বিড়িৰ বিনিময়ত ১৫০টকা পোৱা বিড়ি শ্ৰমিকে নাপায়। সেয়া আনকি ক’ড অন ৱেইজেছ, ২০১৯ ৰ দ্বাৰা বান্ধি দিয়া ৰাষ্ট্ৰীয় ন্যূনতম হাজিৰা ১৭৮ টকাতকৈয়ো কম।
‘চিটু’(CITU)ৰ অধীনৰ মুৰ্চিদাবাদ জিলা বিড়ি মজদুৰ আৰু বান্ধোতা সন্থাৰ সৈতে কাম কৰা ছাইদা বেৱাই আঙুলিয়াই দিয়ে যে, ‘‘সকলোৱে জানে যে একে কামৰ বাবে নাৰীয়ে পুৰুষতকৈ বহু কম হাজিৰা পায়। ৰাজ্যখনত বিড়ি শ্ৰমিকৰ বাবে বিশেষ আঁচনি কামনা কৰা ৫৫ বছৰ বয়সীয়া মহিলাগৰাকীয়ে লগতে ক’লে, ‘মহাজনসকলে[মধ্যভোগী] আমাক ধমকি দিয়ে এইবুলি,‘বেয়া পাইছ যদি আমাৰ লগত কাম নকৰিবি।”
তেওঁলোকৰ মজুৰীৰ ওপৰত মাত মাতিবলৈ কোনো নাই- কেৱল সেয়াই নহয়, মহাজনসকলেও তেওঁলোকক বেয়া কেঁচামাল দিয়ে আৰু শেষত নিৰীক্ষণৰ সময়ত কিছুমান বস্তু অগ্ৰাহ্য কৰি নিকিনে। ‘মহাজনসকলে পছন্দ নকৰা বিড়িবোৰ ৰাখে কিন্তু তেওঁলোকক তাৰ বাবদ পইছা নিদিয়ে, অন্যায় ব্যৱস্থাটোৰ প্ৰতি আঙুলিয়াই তেওঁ কয়।
সীমিত মজুৰী আৰু সুৰক্ষাৰ কোনো ব্যৱস্থা নথকাকৈ তনুজাৰ দৰে দৈনিক হাজিৰা কৰা শ্ৰমিকসকলে আৰ্থিকভাৱে নিৰাপত্তাহীন জীৱন যাপন কৰে। দম্পতিহালে তেওঁলোকৰ তৃতীয় জীয়াৰীৰ বিয়াৰ বাবে লোৱা ৩৫,০০০টকাৰ ঋণ পৰিশোধ কৰিবলৈ আছে। প্ৰতিখন বিয়াৰ বাবে ল’বলগীয়া হোৱা কেইবাটাও ঋণ আৰু পিচত সেইবোৰৰ ধাৰ মাৰিবলৈ কৰা অতিৰিক্ত কামৰ প্ৰসংগত তেওঁ ক’লে, ‘আমাৰ জীৱনবোৰ ধাৰ আৰু পৰিশোধৰ চকৰিত লাগি ধৰি আছে।
কম বয়্সীয়া দম্পতি হিচাপে তনুজা আৰু ৰফিকুল ৰফিকুলৰ মাক-দেউতাকৰ সৈতে একেলগে আছিল, কিন্তু যেতিয়া ল’ৰা-ছোৱালী হ’ল, দম্পতি হালে টকা ধাৰ লৈ এটুকুৰা মাটি কিনি এটা কোঠাৰ খেৰৰ ঘৰ এটা সাজিলে।‘আমি তেতিয়া কম বয়্সীয়া আছিলোঁ আৰু আমি ভাৱিছিলোঁ কঠোৰ পৰিশ্ৰম কৰি আমি ধাৰ মাৰিম।কিন্তু সেইটো কেতিয়াও হৈ নুঠিলে।আমি ইটোৰ পিচত সিটো বস্তুৰ বাবে ধাৰ কৰিয়েই থাকিলোঁ আৰু অৱশেষত আমাৰ এই অৱস্থা, এতিয়াও ঘৰটো সম্পূৰ্ণ কৰিব পৰা নাই।’ পি এম আৱাস যোজনাৰ অধীনত ঘৰ এটা পোৱাৰ যোগ্য যদিও ভূমিহীন দম্পতি হালে এতিয়াও পোৱা নাই।
ৰফিকুলে এতিয়া গাওঁ পঞ্চায়তৰ ডেংগু নিৰ্মূল কাৰ্য্যসূচীৰ অধীনত ঠিকাভিত্তিক অনাময় কৰ্মী হিচাপে কাম কৰে। তেওঁৰ ৫০০০টকাৰ মাহেকীয়া পাৰিতোষিক সদায় সময় মতে আহি নাপায়হি।‘অনিয়মিত অৱস্থাটোৱে মোৰ ওপৰত যথেষ্ট চাপৰ সৃষ্টি কৰে। এনেকুৱা এটা সময়ো আছিল যেতিয়া তেওঁ ছমাহ ধৰি এক পইছাও পোৱা নাছিল,’ তেওঁ ক’লে আৰু স্থানীয় দোকানত পৰিয়ালৰ বাকী বিল ১৫,০০০ টকা পৰ্য্যন্ত হৈছিলগৈ।
বিড়ি শ্ৰমিকসকলে কোনো মাতৃত্ব বা অসুস্থতাৰ ছুটী নলয়; গৰ্ভাৱস্থা আৰু সন্তান জন্ম দুয়োটাৰে ব্যৱস্থাপনা কৰা হয় কাৰণ তেওঁলোকে অবিৰত ভাৱে বিড়ি পকায়েই থাকে। জননী সুৰক্ষা যোজনা, সংহত শিশু উন্নয়ন আঁচনি (আই চি ডি এছ) আৰু বিনামূলীয়া মধ্যাহ্ন ভোজন কম বয়সীয়া নাৰীৰ বাবে সহায়ক হৈছে। ‘কিন্তু বয়স্ক মহিলাৰ ক্ষেত্ৰত হোৱা স্বাস্থ্যৰ ক্ষতিৰ হিচাব ৰখা হোৱা নাই। উষা( USHA) কৰ্মী ছাবিনা য়াছমিনে কয়।‘মেন’প’জ হোৱাৰ পিচত তেওঁলোকৰ স্বাস্থ্যৰ অধিক অৱনতি হয়। মহিলাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তুবোৰৰ ভিতৰত দুটা কেলছিয়াম আৰু আয়ৰণৰ অতিশয় অভাৱত ভোগে আৰু তেওঁলোকৰ হাড়ৰ স্বাস্থ্য বেয়া হোৱাৰ লগতে ৰক্তহীনতাও থাকে,’ তেওঁ লগতে কয়। বে’লদাঙা চহৰৰ পৌৰসভাৰ ১৪ নং ৱাৰ্ডৰ দ্বায়িত্বত থকা য়াছমিনে অনুশোচনা কৰে যে তেওঁৰ দ্বায়িত্ব আৰু কৰ্তব্য কেৱল মাতৃত্ব আৰু শিশু যতনতে সীমাবদ্ধ হোৱাৰ বাবে তেওঁ বিশেষ একো কৰিব নোৱাৰে।
উদ্যোগখণ্ড আৰু ৰাজ্য প্ৰশাসন দুয়োটাই এলাগী কৰা মহিলা বিড়ি শ্ৰমিকসকলে আশা কৰিবলৈ বিশেষ একো নাই। শ্ৰমৰ বাবে পোৱা লাভৰ কথা সোধোঁতে তনুজাৰ আচলতে খঙেই উঠিছিল। ‘কোনো বাবু(ঠিকাদাৰ) আমাৰ কথা সুধিবলৈ নাহে। বহুদিনৰ আগতে বিডিঅ’ৰ কাৰ্য্যালয়ৰ পৰা কৈছিল যে আমাক চিকিৎসকে পৰীক্ষা কৰিব। আমি গ’লো, তেওঁলোকে আমাক ডাঙৰ ডাঙৰ অদৰকাৰী টেবলে’ট কিছুমান দিলে যিবোৰৰ একো ফল নাপালোঁ। ’ তেওঁ মনত পেলাই ক’লে। মহিলাখিনিৰ খবৰ ল’বলৈ পিচত কোনো নাহিল।
তনুজাৰ সন্দেহ সেই টেবলেটবোৰ সঁচাই মানুহৰ বাবে আছিললেনে নাই বা। ‘মই ভাৱোঁ সেইবোৰ গৰু বাবেহে আছিল।’
পাৰি আৰু
কাউণ্টাৰ মিডিয়া ট্ৰাষ্টৰ ৰাষ্ট্ৰজোৰা গ্ৰাম্য ভাৰতৰ কিশোৰী আৰু যুৱতীৰ বিষয়ে প্ৰতিবেদন
প্ৰকল্প হ
’
ল পপুলেশ্যন
ফাউণ্ডেশ্বন অফ ইণ্ডিয়া সমৰ্থিত পদক্ষেপ এই জীৱন্ত অথচ প্ৰান্তীয়কৃত পুঞ্জৰ অৱস্থা
অনুসন্ধান কৰা প্ৰৱৰ্তনা
।
এই প্ৰৱন্ধটো
পুনঃপ্ৰকাশ কৰিব খোজে নেকি
?
তেন্তে
,
অনুগ্ৰহ
কৰি
zahra@ruralindiaonline.org
লৈ লিখক
আৰু লগতে
namita@ruralindiaonline.org
লৈকো
(cc
কৰি
)
পঠাব
।
অনুবাদ: ৰুবী বৰুৱা দাস