তামিলনাডুৰ কোটাগিৰি পঞ্চায়তৰ ৱেলাৰিকম্বাই গাঁৱত আৰ কৃষ্ণা একপ্ৰকাৰৰ চেলিব্ৰেটিৰ দৰেই। পৰম্পৰাগত কুৰুম্বা শৈলীৰ চিত্ৰৰ কৌশলগত জ্ঞানৰ সাধনাৰে কৃষ্ণাই সুখ্যাতি অৰ্জন কৰিছে। তেওঁৰ শৈলী জ্যামিতিক আৰু ন্যূনতমবাদী। তেওঁৰ বিষয়বস্তুৰ অন্যতম হৈছে নিলিগিৰিৰ আদিবাসীসকলৰ কৃষি-শস্য চপোৱাৰ সময়ৰ উৎসৱসমূহ, ধৰ্মীয় অনুষ্ঠান বা পৰ্ব, মৌচাক সংগ্ৰহ অভিযান আৰু অন্যান্য আচাৰ-বিচাৰ।

কঁঠালৰ ভৰত দোঁখাই থকা গছবোৰ আৰু সেউজীয়া চাহবাগিচাবোৰ অতিক্ৰম কৰি দুঘণ্টীয়া পাহাৰীয়া পথ বগোৱাৰ পাছত ঘন অৰণ্যৰ মাজত তেওঁৰ সৈতে আমাৰ দেখা হল। দুৰ্গম পাহাৰীয়া পথৰ চুলিত মৰা ইউ-টাৰ্ণ আকৃতিৰ ভাঁজটো মই আৰু মোৰ সতীৰ্থ দুজনে সূৰ্যৰ এচমকা পোহৰ দেখি চক খাই উঠিলো। একে সময়তে আমি কৃষ্ণাৰ ওচৰলৈ যোৱা পথটোত সোমাই পৰিলো।

আমাৰ অপ্ৰত্যাশিত আগমনৰ বাবে তেওঁৰ মনত কোনো খং-ক্ষোভ নাছিল। বৰঞ্চ তেওঁ আমাক পাই অত্যন্ত সুখী হৈছিল আৰু আমাৰ সৈতে বহি তেওঁৰ পোৰ্টফ’লিঅত থকা তথ্যপাতিৰ কাগজ-পত্ৰসমূহ  থান-থিত লগাইছিল। তেওঁ আমাক দেখুওৱা এটা কমলা জৰাজীৰ্ণ হালধীয়া বস্তাত ৰখা কমলা ৰঙৰ ফ’ল্ডাৰত বাতৰি কাকতৰ বহু কাটি ৰখা খবৰৰ টুকুৰা, ফটো আৰু তেওঁৰ শিল্প-কৰ্মৰ নমুনা দেখিবলৈ পালো। আমি গ্ৰহণ কৰা সাক্ষাৎকাৰৰ লেখীয়া সাক্ষাৎকাৰৰ সন্মুখীন হোৱাৰ কথা মন কৰিয়েই তেওঁ সেই ঠৈলাতো অনবৰতে কঢ়িয়াই লৈ ফুৰে।


Left: A photograph of a photo of Krishna while painting. Right: One of his completed artworks
PHOTO • Olivia Waring

কৃষ্ণাই অংকণ কৰি থকা অৱস্থাত এখন ফটো (বাওঁফালে) আৰু সোঁফালে সম্পূৰ্ণ হৈ উঠা তেওঁৰ এক শিল্পকৰ্ম

“এবাৰ জিলা দণ্ডাশীধে মোৰ ফটো দেখি মুগ্ধ হৈ কিছুসংখ্যক ফটো কিনিলে”, ৪১ বছৰীয়া কৃষ্ণাই বাড়াগা ভাষাত এনেদৰে ক’লে। সেই মুহূৰ্তটো তেওঁৰ বাবে কেৰিয়াৰৰ এটা অতি গৌৰৱৰ মুহূৰ্ত বুলিও ক’লে।

কৃষ্ণা হৈছে আদিবাসী শিল্পীসকলৰ নতুন সকলৰ অন্যতম। কুৰুম্বাৰ বহুতে বিশ্বাস কৰে যে এলুথুপাৰাইৰ শৈল কলাৰ স্ৰজক আছিল তেওঁলোকৰ পিতৃপুৰুষসকল।এলুথুপাৰাই হৈছে তিনি হেজাৰ বছৰ পুৰণি এক পুৰাতাত্বিকস্থলী। এই স্থান বেলাৰিকুম্বাইৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত।“অৰণ্যৰ মাজৰ এলুথুপাৰাইৰ ওচৰত আমি আগতে বাস কৰিছিলো।আপোনালোকে কেৱল আমাৰ কুৰুম্বাসকলৰ মাজতহে এনে চিত্ৰ পাব।”তেওঁ কয়।

কৃষ্ণাৰ ককাকৰো চিত্ৰকৰৰূপে সুখ্যাতি আছিল। তেওঁ স্থানীয় বহুসংখ্যক মন্দিৰ সজোৱাত সহায় কৰিছিল। পাঁচ বছৰ বয়সতে কৃষ্ণাই ককাকৰ পৰা চিত্ৰশিল্পৰ শিক্ষা আহৰণ কৰিবলৈ লয়। আজি কৃষ্ণাই কিছু সংশোধনৰ মাজেৰে ককাকৰ বিদ্যা কঢ়িয়াই লৈ ফুৰিছে।তেওঁৰ পূৰ্বপুৰুষসকলে উলম্ব শিলৰ মুখত কাঠি বা লাঠিৰে চিত্ৰ অংকণ কৰিছিল। ইয়াৰ বিপৰীতে কৃষ্ণাই কেনভাছ আৰু হাতেৰে তৈয়াৰ কৰা কাগজত ব্ৰাছেৰে চিত্ৰ অংকণ কৰে।অৱশ্যে তেওঁ চিত্ৰ অংকণত এতিয়াও জৈৱিক আৰু ঘৰতে তৈযাৰী ৰং ব্যৱহাৰ কৰে।এনে সামগ্ৰীৰে অংকণ কৰা চিত্ৰ ইয়াৰ সামগ্ৰীৰে অংকণ কৰা চিত্ৰতকৈ অধিক উজ্জ্বল হয় আৰু দীৰ্ঘস্থায়ী হয়। আমি এই কথা আমাক কৃষ্ণাৰ সৈতে আমাৰ কথোপকথনত সহায় কৰা অনুবাদকজনে জনালে।

Krishna is among the last few in a long line of artists in his Adivasi community
PHOTO • Olivia Waring

কৃষ্ণা হৈছে আদিবাসী শিল্পীসকলৰ নতুন সকলৰ অন্যতম।

কোটাগিৰিস্থিত লাষ্ট ফৰেষ্ট এণ্টাৰপ্ৰাইজেছ নামৰ উপহাৰ সামগ্ৰীৰ দোকানখনত কৃষ্ণাৰ ৮x১০ জোখৰ একোখন মূল চিত্ৰকৰ্ম প্ৰায় ৩০০ টকাত বিক্ৰী হয়। এই দোকানত মৌ আৰু স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী বিক্ৰী কৰা হয়। তেওঁ এদিনত দুখন চিত্ৰ অংকণ কৰিব পাৰে। একোটা সপ্তাহত তেওঁ ৫ ৰ পৰা ১০ খন চিত্ৰ বিক্ৰী কৰে। তদুপৰি তেওঁ গ্ৰিটিংছ কাৰ্ড আৰু বুক-মাৰ্কৰো অংকণ কৰে। প্ৰায়ে তেওঁক স্থানীয় লোক আৰু ব্যৱসায় প্ৰতিষ্ঠানে দেৱালত কুৰুম্বা শৈলীৰ চিত্ৰ অংকণেৰে দেৱাল সজাবলৈ মাতে। কুৰুম্বা জনগোষ্ঠীৰ শিশুসকলক কেতিয়াবা চিত্ৰ অংকণৰ শিক্ষা প্ৰদান কৰে। আমাক অঞ্চলটোৰ সকলোৱে ক’লে যে কৃষ্ণাই কলা-শিল্পৰ চৰ্চাৰ জৰিয়তে মাহিলী ১০ৰ পৰা ১৫ হাজাৰ টকা আয় কৰে। একোটা ঋতুত তেওঁ মৌ-পালনৰ জৰিয়তে প্ৰতিমাহে ১৫শ ৰ পৰা দুহেজাৰ টকা আয় কৰিবলৈ সক্ষম হয়।

মাটিৰ পৰা কেবাশ মিটাৰ ওপৰৰ পাহাৰৰ টিলাৰ ব্যৱধানৰ মাজত তেওঁ ওলমি থকা বাহত মৌ পোহে। পাছত পনীয়া সোণসদৃশ মৌৰস তেওঁ সংগ্ৰহ কৰে। যদিওবা বিৰল, এনে মৌৰস সংগ্ৰহ অভিযানৰ সময়ত মানুহ হতাহতো হয়। বহু বছৰ আগেয়ে এনে এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছিল। মৌৰস সংগ্ৰহ কৰিবলৈ যাওঁতে মানুহৰ পাহাৰৰ টিঙৰ পৰা পৰি মৃত্যু হৈছিল। এই সতীৰ্থজনৰ প্ৰতি সন্মান জনাই স্থানীয় লোকে সেই স্থানত মৌ-ৰস সংগ্ৰহ চিৰদিনলৈ বন্ধ কৰে। কৃষ্ণায়ো মৌ-ৰস সংগ্ৰহ কৰি থাকোতে পাহাৰৰ পৰি গুৰুতৰভাৱে আহত হৈছিল।

আমি বিদায় লোৱাৰ পূৰ্বে কৃষ্ণাই আমাক তেওঁৰ ঘৰলৈ যোৱা পথৰ দিক্-নিৰ্দেশনা দিলে আৰু তেওঁক গাড়ীৰে নমাই থৈ আহিবলৈ অনুৰোধ জনালে। কেইবাঘণ্টা যাত্ৰা কৰাৰ পাছত আমি তেওঁৰ ঘৰত উপস্থিত হ’লো। তেওঁৰ পত্নী সুশীলা আৰু দুবছৰীয়া কন্যা গীতাই আমাক উষ্ম সম্ভাষণ জনালে।

Verdant tea estates on the way to Velaricombai, R. Krishna's village
PHOTO • Olivia Waring
The cliff where a Kurumba honey gatherer fell to his death several years ago
PHOTO • Olivia Waring

বাওঁফালে: ফটোঃ আৰ কৃষ্ণাৰ গাঁও বেলাৰিকম্বাইলৈ যোৱা পথৰ কাষৰ সেউজ-সতেজ চাহবাগিচাসমূহ সোঁফালে : বহু বছৰ আগেয়ে মৌ-ৰস সংগ্ৰহ কৰোতে যিটো পাহাৰৰ চূড়াৰ পৰি কুৰুম্বা আদিবাসী ব্যক্তিজনৰ মৃত্যু হৈছিল, তাৰ দৃশ্য

সুশীলাই আনন্দ মনেৰে আৰু উৎসাহেৰে আমাক কৃষ্ণাই জৈৱিক সামগ্ৰীৰে অংকণ কৰা চিত্ৰসমূহ দেখুৱালে। এই জৈৱিক সামগ্ৰী তেওঁ পৰম্পৰাগত পদ্ধতি অনুসৰি অৰণ্যৰ সামগ্ৰীৰ পৰা সংগ্ৰহ কৰে। তেওঁৰ শিল্পকৰ্ম উন্নত হোৱাৰ কাৰণ এই সামগ্ৰীসমূহ বুলি ধৰি লব পাৰি। তেওঁ সেউজীয়া ৰং কাট্টেগড়া গছৰ পৰা আৰু মুগা ৰং ভেংগাই মৰম গছৰ ৰসৰ পৰা তৈয়াৰ কৰে। আনহাতে, ক’লা ৰং  কৰিমৰমৰ গছৰ বকলাৰ পৰা, হালধীয়া ৰং কালিমন গছৰ পৰা আৰু বুৰিমান গছৰ পৰা উজ্জ্বল বগা ৰং তৈয়াৰ কৰে। ৰঙা আৰু নীলা ৰং কুৰুম্বা জনগোষ্ঠীৰ শিল্পীৰ চিত্ৰত সাধাৰণতে দেখা নাযায়।

কৃষ্ণা এই বিশ্বাসত গদগদ যে কুৰুম্বা শিল্পকলাৰ চৰ্চা জনগোষ্ঠীটোৰ আহি থকা প্ৰজন্মসমূহৰ মাজতো অব্যাহত থাকিব। তেওঁৰ বাবে চিত্ৰাংকণ এক ব্যক্তিগত নিচাই নহয়, ই হৈছে কুৰুম্বা সংস্কৃতি জীয়াই ৰখাৰ মাধ্যম। কৃষ্ণাৰ মতে, কুৰুম্বা সংস্কৃতিৰ দ্ৰুতভাৱে ক্ষয় হবলৈ ধৰিছে। যুৱ প্ৰজন্মৰ শিল্পীসকলৰ প্ৰতি তেওঁৰ উপদেশ জানিবলৈ বিচৰাত কৃষ্ণাই কলে--তোমালোকে (যুৱ প্ৰজন্মৰ শিল্পীসকল) ইচ্ছা কৰিলে বিশ্ববিদ্যালয়লৈ শিক্ষাগ্ৰহণৰ বাবে যাব পাৰা। কিন্তু আমাৰ সংস্কৃতিৰ বাহিৰৰ কোনো কাম নকৰিবা। ফাষ্টফুড ভাল বস্তু নহয়। আমাৰ পিতৃ-পিতামহে খোৱা খাদ্য গ্ৰহণ কৰিবা। আমাৰ চিত্ৰকৰ্ম অব্যাহত ৰাখিবা, মৌৰস সংগ্ৰহৰ পৰম্পৰা অটুট ৰাখিবা। এই অৰণ্যতে সকলো নিৰাময়ৰ সমল আছে।”

Krishna's daughter Gita peeps shyly around a doorframe
PHOTO • Audra Bass
His wife Susila with Gita
PHOTO • Olivia Waring

কৃষ্ণাই কন্যা গীতাই দুৱাৰদলিত লাজ লাজ কৰি খেলি আছে। (ফটোঃ ঔদ্ৰ বাছ)। সোঁফালে সুশীলা আৰু গীতা

আধুনিক আৰু প্ৰাচীন কলাৰ সংমিশ্ৰণৰ বিপদৰ বিষয়ে কৃষ্ণা বাৰুকৈয়ে সচেতন যে সেয়া তেওঁৰ আচৰণতে প্ৰকাশ পালে। কাৰণ আমি কথা পাতি থকাৰ সময়ত সম্ভৱতঃ মুম্বাইৰ নৈশ ক্লাবতহে শুনিবলৈ পোৱা সংগীতৰ ৰিংট’নত মোবাইল ফোন বাজি উঠিছিল। কৃষ্ণাৰ অভিব্যক্তি লক্ষ্য কৰি আমি সকলোৱে হাঁহিছিলো আৰু সাক্ষাৎগ্ৰহণ পৰ্ব আগুৱাই নিছিলো তৎস্বত্বেও এটা মুহূৰ্তৰ বাবে পাহাৰৰ  শান্ত-সমাহিত লয়ত আউল লাগিছিল।

মোক এই সাক্ষাৎগ্ৰহণত দোভাষীৰ কাম কৰা আৰু নীলগিৰিত পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰা লাষ্ট ফৰেষ্ট এণ্টাৰপ্ৰাইজৰ বিপণন কাৰ্যবাহী সৰৱানন ৰাজনলৈ আন্তৰিক ধন্যবাদ জনালোঁ। লাষ্ট ফৰেষ্ট এণ্টাৰপ্ৰাইজৰ দ্বাৰা অনুমোদিত এ আই এফ ক্লিন্টনৰ ফেল’ ঔদ্ৰা বেছলৈও অলেখ ধন্যবাদ জ্ঞাপন কৰিলোঁ । তেওঁ মই কোটাগিৰিত থকাতো সুবিধা কৰি দিছিল আৰু ক্ষেত্ৰ পৰিদৰ্শনৰ সময়তো সংগ দিছিল।

অনুবাদঃ পংকজ দাস

Olivia Waring

Olivia Waring is pursuing graduate studies in medicine and humanitarian engineering at Harvard University and the Massachusetts Institute of Technology. She worked at PARI in Mumbai from 2016-17, supported by an American India Foundation Clinton Fellowship.

Other stories by Olivia Waring
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das