পটৰ গান এটা ৰচনা কৰাই পটচিত্ৰ অংকনৰ প্ৰথমটো ঢাপ। "আঁকিবলৈ আৰম্ভ কৰাৰ আগতে, আমি গীতটোৰ স্তৱক সৃষ্টি কৰোঁ... ইয়াৰ ছন্দই চিত্ৰাংকন প্ৰক্ৰিয়াক এক গাঁথনি প্ৰদান কৰে," মামণি চিত্ৰকাৰে এইদৰে কয়। নিজৰ ঘৰত বহি এই অষ্টম প্ৰজন্মৰ শিল্পীগৰাকীয়ে পশ্চিমবংগৰ পূব কলকাতা আৰ্দ্ৰভূমিৰ বৰ্ণনাৰে এখন পটচিত্ৰ নিৰ্মাণ কৰি আছে।

এই কলাবিধে সংস্কৃত শব্দ 'পাট্টা' বা কাপোৰৰ টুকুৰা আৰু 'চিত্ৰ' বা চিত্ৰকলাৰ পৰা নিজৰ নামটো আহৰণ কৰিছে। মামণিয়ে আৰ্দ্ৰভূমিৰ দ্বাৰা প্ৰতিপালিত জটিল পৰিৱেশতন্ত্ৰৰ ছবি অংকন কৰি থকাৰ সময়তে তেওঁ পটচিত্ৰৰ প্ৰদৰ্শনৰ সৈতে জড়িত পটৰ গীতো গুণগুণায়৷ মামণিৰ স্বৰচিত এই গীতটো এটা নিমন্ত্ৰণেৰে আৰম্ভ হয়: "শুনা, সকলোৱে শুনা, মনোযোগেৰে শুনা"।

গীতটোত বৰ্ণিত হৈছে পূব কলকাতা আৰ্দ্ৰভূমিৰ তাৎপৰ্য্য, যি "বহুতৰ জীৱনৰেখা"। মাছমৰীয়া, কৃষক আৰু বৰ্ণিল পথাৰবোৰ এখন পটত অংকন কৰা হয় আৰু সেইবোৰ হ’ল কাপোৰৰ ওপৰত লগোৱা কাগজৰ নুৰা (স্ক্ৰ'ল)। যেতিয়া প্ৰদৰ্শনৰ সময়ত অন্তিম পৃষ্ঠাটো লুটিয়াই দিয়া হয়, চিত্ৰকলাৰ অংশবোৰ গানটোৰ স্তৱকৰ সৈতে খাপ খাই পৰে। এনেদৰে, মামণিৰ কলাই চিত্ৰকলা আৰু সংগীতৰ জৰিয়তে আৰ্দ্ৰভূমিৰ কাহিনী বৰ্ণনা কৰে।

পশ্চিম মেদিনীপুৰৰ পিংলা তালুকাত অৱস্থিতনয়া গাঁৱৰ বাসিন্দামামণিৰ গাওঁখনত প্ৰায় ৪০০ গৰাকী শিল্পীয়ে বাস কৰে, এয়া তেওঁৰ অনুমানমতে ৷ এই তালুকৰ এই গাঁওখনৰ বাহিৰে আন কোনো গাঁৱত পটচিত্ৰ নিৰ্মাণ কৰা শিল্পীসকলৰ এনে উচ্চ ঘনত্বত বসবাস নকৰে।৩২ বছৰীয়া শিল্পীগৰাকীয়ে পাত, বন্য জন্তু আৰু ফুলৰ অংকনৰ বিষয়ে উল্লেখ কৰি কয়, "গাওঁখনৰ প্ৰায় ৮৫ টা ঘৰৰ দেৱালত মুৰাল আছে। তেওঁ লগতে কয়, "আমাৰ গোটেই গাওঁখনেই দেখাত ধুনীয়া।’’

PHOTO • Courtesy: Disappearing Dialogues Collective

পূব কলকাতা আৰ্দ্ৰভূমিক বৰ্ণনা কৰা পটচিত্ৰ। পটচিত্ৰৰ অংশবোৰ গানৰ স্তৱকৰ সৈতে সামঞ্জস্যপূৰ্ণ, মামণিয়ে এয়া নিজে লিখে আৰু গীত ৰচনা কৰে

PHOTO • Courtesy: Mamoni Chitrakar
PHOTO • Courtesy: Mamoni Chitrakar

পশ্চিম মেদিনীপুৰৰ নয়াত ঘৰবোৰৰ দেৱালত ফুল , পাত আৰু বাঘক চিত্ৰিত কৰা দেৱাল-চিত্ৰ 'আমাৰ গোটেইখন গাঁৱেই দেখাত ধুনীয়া,' মামণিয়ে কয়

গাওঁখন ৰাজ্যখনৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে তালিকাভুক্ত কৰা হৈছে আৰু ইয়ালৈ সমগ্ৰ ভাৰত তথা বিদেশৰ পৰ্যটক আহে। "আমাৰ সৈতে কথা পতা, আমাৰ শিল্প আয়ত্ব কৰিবলৈ আগ্ৰহ কৰা আৰু আমাৰ জীৱন আৰু দক্ষতাৰ বিষয়ে আমাক সোধা শিক্ষাৰ্থীসকলকো স্বাগতম জনাইছো," মামণিয়ে এইদৰে কয়৷ "আমি তেওঁলোকক পটগীত শিকাও, প্ৰাকৃতিকভাৱে উপলব্ধ ৰং প্ৰস্তুতিৰ ওপৰত পটচিত্ৰ শৈলীৰ চিত্ৰাংকন আৰু কৰ্মশালা পৰিচালনা কৰোঁ", তেওঁ লগতে কয়৷

মামণিয়ে কয়, "পটচিত্ৰৰ কলা গুহাচিত্ৰ বা গুহা চিত্ৰকলাৰ প্ৰাচীন কলাৰ পৰা উদ্ভৱ হৈছে।" এই শতিকা পুৰণি শিল্পকলাবিধত চিত্ৰকলাৰ আগত আৰু চিত্ৰকলাৰ সময়খিনিত বহু সময় পৰিশ্ৰম কৰিবলগীয়া হয়।

পটৰ গানটো সূক্ষ্মভাৱে টিউন কৰাৰ পিছত প্ৰকৃত চিত্ৰাংকন প্ৰক্ৰিয়া আৰম্ভ হয়, মামণিয়ে এইদৰে ব্যাখ্যা কৰে। "আমাৰ পৰম্পৰাৰ অনুসৰি মই ব্যৱহাৰ কৰা সকলোবোৰ ৰং স্বাভাৱিকভাৱে আহৰণ কৰা হয়।" কেঁচা হালধি, পোৰা মাটি আৰু নাৰ্জী ফুলৰ পৰা ৰং আহৰণ কৰা হয়। "এটা সমৃদ্ধ ক'লা ৰং পাবলৈ মই চাউল জ্বলাও; নীলা ৰঙৰ গাঢ়তা কমাবলৈ অপৰাজিতা ফুল খুন্দি লওঁ।"

নিষ্কাশিত ৰংবোৰ নাৰিকলৰ খোলাত সংৰক্ষণ কৰা হয় আৰু ৰ'দত শুকুওৱা হয়। কিউৰিং কৰাৰ এই প্ৰক্ৰিয়াটোত এবছৰলৈকে সময়ৰ প্ৰয়োজন হ’ব পাৰে পাৰে কিয়নো কিছুমান উপাদান প্ৰতিটো ঋতুত উপলব্ধ নহয়। মামণিয়ে কয় যে যদিও এই প্ৰক্ৰিয়াবোৰ ক্লান্তিদায়ক তথাপিও "পদক্ষেপবোৰ গুৰুত্বপূৰ্ণ আৰু সাৱধানে কৰাটো আৱশ্যক।"

ৰং কৰাৰ পূৰ্বে বেলৰ পৰা আহৰণ কৰা প্ৰাকৃতিক আঠাৰ সৈতে মিহলি কৰা হয়। কাপোৰ এখনত পেষ্ট কৰাৰ পূৰ্বে নতুনকৈ অংকিত স্ক্ৰ'লখনৰ দীৰ্ঘজীৱনৰ বাবে শুকুৱাই লোৱাটো আৱশ্যক। অন্তিম সামগ্ৰীটোৱেই হৈছে চূড়ান্ত পটচিত্ৰ।

PHOTO • Courtesy: Mamoni Chitrakar
PHOTO • Courtesy: Mamoni Chitrakar
PHOTO • Courtesy: Mamoni Chitrakar

বাওঁফালে আৰু মাজত: মামণিয়ে ফুল, কেঁচা হালধি আৰু মাটিৰ দৰে জৈৱিক উৎসৰ পৰা আহৰণ কৰা ৰঙেৰে ৰং বোলায়। সোঁফালে: মামণিৰ স্বামী সমীৰ চিত্ৰকাৰে বাঁহৰ পৰা তৈয়াৰ কৰা এটা বাদ্যযন্ত্ৰ দেখুৱাইছে যি পটচিত্ৰৰ প্ৰদৰ্শনৰ সৈতে থাকে

গাওঁৰ আনসকলৰ দৰে মামণিয়েও সৰুৰে পৰা পটচিত্ৰৰ কলা শিকিবলৈ আৰম্ভ কৰিছিল। "মই সাত বছৰ বয়সৰ পৰাই ছবি আঁকি আহিছো আৰু গান গাই আহিছো। পটচিত্ৰ মোৰ পৈতৃক পৰম্পৰা আৰু এয়া মোৰ মা স্বৰ্ণা চিত্ৰকাৰৰ পৰা শিকিছো।" মামণিৰ পিতৃ, ৫৮বছৰীয়া শম্ভু চিত্ৰকাৰেও পাটাউ হিচাপে কাম কৰে। পৰিয়ালৰ আন সকলৰ দৰে, তেওঁৰ স্বামী সমীৰ আৰু তেওঁৰ ভনী সোণালীয়েও এই কাম কৰে। মামণিৰ পুত্ৰ সন্তান অষ্টম শ্ৰেণীত আৰু তেওঁৰ ছোৱালীয়ে ষষ্ঠ শ্ৰেণীত পঢ়ি আছে আৰু তেওঁৰ পৰা এই কলাটো শিকি আছে।

পৰম্পৰাগতভাৱে, স্থানীয় লোককাহিনীৰ পটভূমিত এখন পটচিত্ৰ প্ৰস্তুত কৰা হয় আৰু সাধাৰণতে ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্যৰ দৃশ্যবোৰ দেখুওৱা হয়। পুৰণি পাটুৱা – মামণিৰ ককা-আইতা আৰু তেওঁলোকৰ পূৰ্বপুৰুষকে ধৰি পটচিত্ৰ শৈলীৰ চিত্ৰকলাৰ অনুশীলনকাৰীসকলে গাৱেঁ-গাঁৱে গৈ পটচিত্ৰত কাহিনীবোৰ পৰিৱেশন কৰিছিল। তাৰ বিনিময়ত তেওঁলোকে লাভ কৰিছিল খাদ্য আৰু মাননি আৰু এনেদৰেই তেওঁলোক প্ৰদৰ্শন বাহাল ৰাখিছিল।

"সেইবোৰ [পটচিত্ৰসমূহ] বিক্ৰীৰ বাবে প্ৰস্তুত কৰা হোৱা নাছিল," মামণিয়ে এইদৰে বৰ্ণনা কৰে। পটচিত্ৰ কেতিয়াও কেৱল চিত্ৰাংকনৰ শৈলী নাছিল, বৰঞ্চ ই আছিল কাহিনী কোৱাৰ এক পদ্ধতি য’ত দৃশ্য-শ্ৰাব্য দুয়োটা মাধ্যম ব্যৱহাৰ হৈছিল।

সময়ৰ সোঁতত, মামণিৰ দৰে পাটুৱাসকলে পটচিত্ৰ শৈলীৰ পৰম্পৰাগত নীতিবোৰ সমসাময়িক বিষয়বস্তুৰ সৈতে সংমিশ্ৰিত কৰিছে। তেওঁ কয়, "মই নতুন বিষয় আৰু ধাৰণাত কাম কৰিবলৈ ভাল পাওঁ।" "মোৰ কিছুমান কাম চুনামিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত আধাৰিত। মই মোৰ কাম সামাজিকভাৱে প্ৰাসংগিক বিষয়যেনে লিংগ বৈষম্য আৰু মানৱ সৰবৰাহ আদিৰ দৰে বিষয়সমূহ প্ৰতিফলিত কৰিবলৈও ব্যৱহাৰ কৰোঁ।"

PHOTO • Courtesy: Mamoni Chitrakar
PHOTO • Courtesy: Mamoni Chitrakar

বাওঁফালে: মামণিয়ে ডিচেপিয়েৰিং ডায়লগছ্ কালেক্টিভৰ সদস্যসকলৰ সৈতে কথা পাতিছে, সংস্থাটোৱে তেওঁক পূব কলকাতা আৰ্দ্ৰভূমিৰ ওপৰত আধাৰিত পটচিত্ৰ সৃষ্টিৰ বাবে সহযোগিতা প্ৰদান কৰিছিল। সোঁফালে: প্ৰদৰ্শনীত বিভিন্ন ধৰণৰ পটচিত্ৰ স্ক্ৰ’ল

PHOTO • Courtesy: Mamoni Chitrakar

মামণিয়ে বিক্ৰী বঢ়াবলৈ তেওঁৰ কামৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। তেওঁক ইয়াত পূব কলকাতা আৰ্দ্ৰভূমিত পটচিত্ৰৰ সৈতে দেখা গৈছে

তেওঁৰ শেহতীয়া কামত ক’ভিড-১৯ৰ প্ৰভাৱ, ইয়াৰ লক্ষণবোৰ দেখুওৱা হৈছে আৰু চৌপাশে এই সন্দৰ্ভত সজাগতা বিয়পোৱা হৈছে। আন কিছুমান শিল্পীৰ সৈতে মামণিয়ে চিকিৎসালয়, হাট (সাপ্তাহিক বজাৰ) আৰু নয়াৰ চৌকাষৰ গাওঁবোৰত এই পটচিত্ৰ প্ৰদৰ্শন কৰিছিল।

প্ৰতি নৱেম্বৰত নয়াত আয়োজিত এক মেলা হৈছে পাতা-মায়া। "ভাৰত আৰু বিদেশৰ পৰ্যটক তথা কলা ৰচনাকাৰীসকলৰ বাবে ই এক মুখ্য আকৰ্ষণৰ স্থল য’ত চিত্ৰবোৰ ক্ৰয় কৰা হয়," মামণিয়ে কয়। পটচিত্ৰ শৈলী টি-চাৰ্ট, আচবাব, বাচন- বৰ্তন, শাৰী, অন্যান্য পোছাক তথা নয়া আৰু ইয়াৰ আশে-পাশে বিক্ৰী হোৱা ঘৰুৱা সামগ্ৰীবোৰতো দেখা যায়। ইয়াৰ ফলত কাৰুশিল্পৰ আগ্ৰহ চাৰিওফালে বৃদ্ধি পাইছে, অৱশ্যে ক’ভিড-১৯ মহামাৰীৰ সময়ত বিক্ৰীত প্ৰভাৱ পৰিছিল। মামণিয়ে তেওঁৰ কামৰ ফটো ফে’চবুককে ধৰি বিভিন্ন ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে আৰু ইয়াৰ জৰিয়তে বছৰজুৰি তেওঁৰ সামগ্ৰী বিক্ৰী হোৱাত সহায়ক হয়।

মামণিয়ে তেওঁৰ শিল্পকলাৰ সৈতে ইটালী, বাহৰেইন, ফ্ৰাঞ্চ আৰু আমেৰিকা ভ্ৰমণ কৰিছে। "আমাৰ কলা আৰু গীতৰ জৰিয়তে আমি বহুলোকৰ ওচৰলৈ যাব পাৰো," এই শিল্পকলাৰ জয়যাত্ৰা অনন্ত কাললৈ অব্যাহত থাকিব বুলি মামণিয়ে আশাবাদী।

ডিছেপিয়েৰিং ডাইলগছ কালেক্টিভ -য়ে (ডিডি) সম্প্ৰদায়বোৰৰ সৈতে কাম কৰে তথাকলা আৰু সাংস্কৃতিক ব্যৱধান দূৰ কৰা, কথোপকথন আৰম্ভ কৰা আৰু নতুন আখ্যান গঢ়ি তোলাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে। তেওঁলোকৰ মূল ধাৰণাটো হৈছে মূল্য সংযোজন আৰু বিদ্যমান ঐতিহ্য, সংস্কৃতি আৰু পৰিৱেশ সংৰক্ষণত সহায় কৰা।

এই প্ৰবন্ধটো জ ল-এ-ভূমিৰ গল্প অ কথা | ষ্ট’ৰীজ অব্ দি ৱেটলেণ্ড-ৰ ওপৰত আধাৰিত আৰু পিপলছ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ সহযোগত ইণ্ডিয়া ফাউণ্ডেচন ফৰ দা আৰ্টছৰ দ্বাৰা তেওঁলোকৰ আৰ্কাইভ আৰু সংগ্ৰহালয় কাৰ্যসূচীৰ অধীনত ৰূপায়ণ কৰা প্ৰকল্প। গইথে-ইনষ্টিটিউট/মেক্স মুলাৰ ভৱন নতুন দিল্লীৰ আংশিক পৃষ্ঠপোষকতাৰ বাবে এই প্ৰকল্পৰ ৰূপায়ন সম্ভৱ হৈছে।

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Nobina Gupta

Nobina Gupta is a visual artist, educator and researcher who deals with the relationships between socio-spatial realities, climate emergencies and behavioural changes. Her focus on creative ecology gave her the impetus to initiate and curate the Disappearing Dialogues Collective.

Other stories by Nobina Gupta
Saptarshi Mitra

Saptarshi Mitra is an Architect and Development Practitioner based in Kolkata working at the intersection of space, culture and society.

Other stories by Saptarshi Mitra
Editor : Dipanjali Singh

Dipanjali Singh is a Research Assistant at the People's Archive of Rural India.

Other stories by Dipanjali Singh
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder