এদিনাখন পুৱাৰ কথা। অনু এখন ফটা-ছিগা প্লাষ্টিকৰ ঢাৰিত বহি আছে। আউল-বাউল চুলি আৰু ঢেলা পৰা মুখ। কাষেৰে যোৱা মানুহে দূৰত্ব বজাই ৰাখি তেওঁৰ সৈতে কথা পাতিছে। ওচৰতে গৰু-মহবোৰ জিৰাইছে আৰু নাতিদূৰত খেৰৰ পুঁজি এটাত ৰ’দ পৰিছে।
“আনকি বৰষুণ দিলেও মই ছাতি লৈ গছৰ তলতে থাকো, ঘৰ নোসোমাও। মোৰ ছাঁটোও কাৰো গাত পৰিব নালাগে। ইশ্বৰক বিতুষ্ট কৰিব নোৱাৰি,” অনুৱে কয়।
গছডাল তেওঁৰ ঘৰৰ পৰা ১০০ মিটাৰমান দূৰত মুকলি পথাৰ এখনৰ তলত আছে। ঋতুস্ৰাৱৰ সময়ত মাহৰ তিনিটা দিনৰ বাবে সেয়াই তেওঁৰ ঘৰ।
“মোৰ ছোৱালীয়ে কাঁহি এখনত খাদ্য দি যায়,” অনুৱে কয় (নাম সলোৱা হৈছে)। এই একাষৰীয়া হ’বলগীয়া দিনকেইটাত তেওঁৰ বাচন-বৰ্তনো বেলেগ। “ইয়াত মই জিৰণি লৈ ভাল পাওঁ এনে নহয়। মই কাম কৰিব বিচাৰো (ঘৰত), কিন্তু আমাৰ নিয়মবোৰৰ প্ৰতি সন্মান জনাব লাগে বুলিয়ে ইয়াতে থাকো। পথাৰত খুব বেছি কাম থাকিলে তাতে সহায় কৰি দিওঁ।” অনুৰ পৰিয়ালে ১.৫ একৰ মাটিত ৰাগি খেতি কৰে।
নিজৰ ভৰসাতে এইকেইটা দিন এনেদৰে অকলশৰে কটাবলগীয়া অনু দেখা অকলশৰীয়া যদিও তেওঁ অকলেই এই নিয়মত বান্ধ খাই থকা মহিলা নহয়। তেওঁৰ ১৯ আৰু ১৭ বছৰীয়া দুই জীয়ৰীয়েও একেই নিয়ম মানিব লগাত পৰে (২১ বছৰীয়া আন এজনী জীয়ৰীৰ বিয়া হৈছে)। একেদৰে কাডুগল্লা চুবুৰীৰ ২৫ টা পৰিয়ালৰ সকলো মহিলাৰ একেই দশা।
সদ্যপ্ৰসৱ কৰা মহিলাই ইয়াতকৈও কঠোৰ নিয়মৰ মাজেৰে পাৰ হ’বলগীয়া হয়। অনুক তিনিদিনৰ আশ্ৰয় দিয়া গছজোপাৰ কাষতে ছটা টোকোৰা পঁজা আছে, সেয়াই সদ্যজাত সন্তান আৰু মাতৃৰ ঘৰ। আন সময়ত সেই পঁজাবোৰ খালি হৈ পৰি থাকে। মাহেকীয়া হৈ থকা মহিলাক গছৰ তলতে দিন নিয়াবলৈ দিয়া হয়।

মাহৰ তিনিটা দিন অনুৱে গছডালৰ তলত পাৰি থোৱা ফটা ঢাৰিখনতে কটাবলগীয়া হয় , আকৌ কাষতে থকা পঁজাবোৰত সদ্যজাত সন্তান আৰু মাতৃক থাকিবলৈ দিয়া হয়
এই জুপুৰী আৰু গছৰ বস্তিটো চুবুৰীটোৰ পিছফালে, আৰালালাচন্দ্ৰা গাওঁখনৰ উত্তৰ দিশে আছে। কৰ্ণাটকৰ ৰামনাগাৰা জিলাৰ চান্নাপাটনা তালুকত অৱস্থিত গাওঁখনৰ জনসংখ্যা ১০৭০।
‘কোৱাৰেণ্টাইন’ত থকা মাহেকীয়া হোৱা মহিলাই খালি হৈ থকা পঁজাঘৰকেইটাতে গোপনীয় আৱশ্যকীয় কামখিনি কৰে। গিলাচ আৰু বাল্টিত পৰিয়াল নাইবা চুবুৰীৰ লোকে পানী যোগান ধৰে।
সদ্যজাত সন্তানৰ মাতৃয়ে সেই আওহতীয়া পঁজাবোৰত অতিকমেও এমাহ কটাব লাগে। ১৯ বছৰ বয়সতে বিয়া হোৱাৰ পিছত বি.কম ডিগ্ৰী লাভ কৰা পুজা (তেওঁৰ আচল নাম নহয়) তাৰে মাজৰে এগৰাকী। গৃহিণী পূজাই ২০২১ৰ ফেব্ৰুৱাৰীত ৭০ কিলোমিটাৰ দূৰৰ বেংগালুৰুৰ ব্যক্তিগত হস্পিতাল এখনত সন্তান জন্ম দিছিল। “মোৰ অস্ত্ৰোপচাৰ কৰা হৈছিল (চি-চেক্সন)। মোৰ শাহু আৰু স্বামী হস্পিতাললৈ আহিছিল, কিন্তু প্ৰথা অনুসাৰে এমাহলৈ কোনেও শিশুটি স্পৰ্শ কৰিব নোৱাৰে। মই মোৰ মাৰ ঘৰলৈ (আৰালালাচন্দ্ৰাৰ কাডুগল্লা চুবুৰী, একেখন জিলাৰে আন এখন গাঁৱত পূজা গিৰীয়েকৰ সৈতে থাকে) অহাৰ পিছত মোক ১৫ দিনৰ বাবে জুপুৰী এটাত থাকিবলৈ দিয়া হ’ল,” পূজাই মাক-দেউতাকৰ ঘৰৰ সন্মুখতে থকা নাৰিকল পাতেৰে সজা জুপুৰীৰ দৰে আকৃতি এটাৰ ফালে আঙুলিয়াই দি ক’লে। বাহিৰতে এনেকৈ ৩০ টা দিন কটোৱাৰ পিছতহে তেওঁ সন্তানৰ সৈতে ঘাই ঘৰত সোমাল।
তেওঁ কথা কৈ থকাৰ মাজতে কেঁচুৱাটোৱে কান্দিবলৈ ধৰিলে। তেওঁ মাকৰ পুৰণি শাড়ীৰে সজা দোলা এখনত পানীকেঁচুৱাটোক উঠাই নিচুকালে। “তাই (পুজাই) একাষৰীয়াকৈ জুপুৰীটোত মাত্ৰ ১৫ দিনৰ বাবে থাকিল। আমাৰ গাঁৱত এইবোৰ নিয়মবোৰ শিথিল কৰিছো। আন গাঁৱত (কাডুগল্লা) সন্তান প্ৰসৱৰ পাছত মাতৃগৰাকীয়ে সদ্যজাত সন্তানৰ সৈতে দুমাহৰো অধিক সময় একাষৰীয়াকৈ পঁজাত কটাব লাগে,” পূজাৰ মাক গংগাম্মাই (৪০) কয়। পৰিয়ালটোৱে ভেড়া চৰায়, লগতে নিজৰ এক একৰ মাটিত আম আৰু ৰাগিৰ খেতি কৰে।
পূজাই তেওঁৰ মাকৰ কথাখিনি শুনি আছে, দোলাত কেঁচুৱাটো টোপনি গৈছে। “মই কোনো অসুবিধা পোৱা নাই। মায়ে মোক বুজাই-বৰাই দিছে। বাহিৰত বৰ গৰম,” তাই কয়। এতিয়া ২২ বছৰীয়া পুজাই এম.কম পঢ়িব বিচাৰে। বেংগালুৰুৰ এখন ব্যক্তিগত কলেজত তেওঁৰ গিৰীয়েকে এটেণ্ডেণ্টৰ কাম কৰে। “তেওঁ নিজেও মই এই নিয়ম মনাটো বিচাৰে,” তেওঁ কয়। “সকলোৱে বিচাৰে। মই ইয়াত থাকিব নোখোজো। কিন্তু নুযুঁজিলো। আমাৰ সকলোৱে এয়া কৰিব লাগে, এয়াই নিয়ম।”
*****
কাডুগল্লাৰ আন চুবুৰীবোৰতো একেই নিয়ম চলি আহিছে। এই চুবুৰীবোৰক স্থানীয় ভাষাত গল্লাৰাদদ্দি বা গল্লাৰাহট্টি বুলি কোৱা হয়। বুৰঞ্জীৰ মতে যাযাবৰ ভেড়াপালক জনগোষ্ঠী কাডুগল্লাসকলক কৰ্ণাটকত ও.বি.চি. হিচাপে তালিকাভূক্ত কৰা হৈছে (অৱশ্যে তেওঁলোকে অনুসূচিত জাতি হিচাপে সূচীবদ্ধ হোৱাৰ দাবী জনাই আহিছে)। কৰ্ণাটকত তেওঁলোকৰ জনসংখ্যা ৩,৩০,০০ৰ পৰা (ৰামনাগৰাস্থিত পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ সঞ্চালক পি.বি. বাসৱৰাজুয়ে ধাৰ্য্য কৰা মতে) ১০ লাখ মান (কৰ্ণাটক পিছপৰা শ্ৰেণীৰ আয়োগৰ প্ৰাক্তন সদস্যৰ মতে) হ’ব। বাসৱৰাজুৱে কয় যে জনগোষ্ঠীটোৱে ৰাজ্যখনৰ ঘাইকৈ দক্ষিণ আৰু মধ্যভাগৰ ১০ খন জিলাত বাস কৰে।
![Left: This shack right in front of Pooja’s house is her home for 15 days along with her newborn baby. Right: Gangamma says, 'In our village, we have become lenient. In other [Kadugolla] villages, after delivery, a mother has to stay in a hut with the baby for more than two months'](/media/images/03a-IMG_9229-TN.max-1400x1120.jpg)
![Left: This shack right in front of Pooja’s house is her home for 15 days along with her newborn baby. Right: Gangamma says, 'In our village, we have become lenient. In other [Kadugolla] villages, after delivery, a mother has to stay in a hut with the baby for more than two months'](/media/images/03b-IMG_9240-TN.max-1400x1120.jpg)
বাওঁফালেঃ পূজাৰ ঘৰটোৰ সন্মুখতে গাতে লাগি থকা পঁজাটোৱে তেওঁৰ লগতে নৱজাতকটোৰ বাবে ১৫ দিনৰ আশ্ৰয়স্থল । সোঁফালেঃ আমাৰ গাঁৱত এইবোৰ নিয়মবোৰ শিথিল হৈছে । ‘ আন গাঁৱত ( কাডুগল্লা ) সন্তান প্ৰসৱৰ পাছত মাতৃগৰাকীয়ে সদ্যজাত সন্তানৰ সৈতে দুমাহৰো অধিক সময় একাষৰীয়াকৈ পঁজাত কটাব লাগে ,’ পূজাৰ মাক গংগাম্মাই কয়
পূজাৰ ঘৰৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ দূৰৰ টুমকুৰ জিলাৰ ডি. হচাহাল্লি গাঁৱৰ কাডুগল্লা চুবুৰীত জয়াম্মাই নিজ ঘৰৰ সন্মুখতে গছ এডালৰ তলত সন্ধিয়া সময়ত জিৰাইছে। তেওঁৰ মাহেকীয়া হোৱা প্ৰথমটো দিন এয়া। তেওঁ বহি থকা ঠাইৰ কাষেৰে নলা এটা বৈ গৈছে, গছডালৰ কাষতে তেওঁ ভাত খোৱা ষ্টীলৰ এখন কাঁহি আৰু এটা গিলাচ এটা আছে। প্ৰত্যেক মাহতে তাই তিনিৰাতিৰ কাৰণে গছডালৰ তলত থাকিব লাগে। আনকি বৰষুণৰ দিনতো। তেওঁ পাকঘৰত কাম কৰিব নালাগে যদিও তেওঁ কাষৰে মুকলি পথাৰত ঘৰৰ ভেড়াৰ জাকটো চৰাবলৈ নিয়ে।
“কোনেনো বাহিৰত শুই ভাল পায়?” তেওঁ প্ৰশ্ন কৰে। “কিন্তু ইশ্বৰে (কাডুগল্লাসকল কৃষ্ণৰ উপাসক) বিচাৰিছে বাবেই সকলোৱে সেয়া মানি চলে,” তেওঁ কয়। “কালি বৰষুণ দিয়াত মই এখন তিৰ্পাল লৈ ইয়াতে বহি আছিলো।”
জয়াম্মা আৰু তেওঁৰ স্বামীয়ে ভেড়া পালন কৰে। তেওঁলোকৰ ২০ৰ আশে-পাশে বয়সৰ দুই পুত্ৰ বেংগালুৰুৰ ফেক্টৰিত কাম কৰে। “সিহঁতে বিয়া পাতিলে বোৱাৰীহঁতেও মাহৰ এই তিনিটা দিন আমাৰ দৰে ভেড়া চৰাই এনেকৈ থাকিব লাগিব, আমি আমাৰ নিয়ম সদায় মানি আহিছো,” তেওঁ কয়। “মই ভাল নাপালো বুলিয়ে নিয়মবোৰ সলনি নহয়। মোৰ স্বামী আৰু গাঁৱৰ আনবোৰে এই প্ৰথা বন্ধ কৰিব বিচাৰিলে মই এই তিনিটা দিন ঘৰতে কটাবলৈ ভাল পাম।”
কুনিগাল তালুকৰ ডি. হচাহাল্লি গাঁৱৰ কাডুগল্লা চুবুৰীৰ আন মহিলাসকলেও সেই প্ৰথা মানি আহিছে। “একেখন গাঁৱতে মাহেকীয়াৰ সময়ত মহিলাসকলে তিনি ৰাতি বাহিৰতে কটায় আৰু চতুৰ্থদিনা পুৱা ঘৰ চাপে,” অংগনবাদী কৰ্মী ৩৫ বছৰ বয়সীয়া লীলা এম এন য়ে কয় (কাল্পনিক নাম ব্যৱহাৰ কৰা হৈছে)। মাহেকীয়াৰ দিনকেইটা তেওঁ নিজেও বাহিৰতে কটাবলগীয়া হয়। “এয়া অভ্যাসত পৰিণত হৈছে। ইশ্বৰৰ ৰোষত পৰাৰ ভয়ত কোনেও এই নিয়ম ভাঙিব নোখোজে,” তেওঁ কয়। “নিশাৰ ভাগত পৰিয়ালৰ কোনোবা এজনে ঘৰৰ পৰাই নাইবা দূৰত্ব বজাই বাহিৰত থাকি নজৰ ৰাখে,” লীলাই কয়। “চতুৰ্থ দিনাও যদি ঋতুস্ৰাৱ বন্ধ নহয়, ঘৰৰ ভিতৰত পৰিয়ালৰ আন লোকৰ পৰা দূৰত্ব বজাই ৰাখিবলগীয়া হয়। ঘৈণীয়েকে গিৰীয়েকৰ লগত নোশোৱে। কিন্তু ঘৰৰ কামত হাত দিব পৰা হয়।”
যদিওবা কাডুগল্লা চুবুৰীবোৰত মহিলাক প্ৰতিমাহে নিৰ্বাসন দিয়া কাৰবাৰ চলি আহিছে, আইনৰ দৃষ্টিত এই প্ৰথা নিষিদ্ধ। কৰ্ণাটকত অমানৱীয় কুপ্ৰথা আৰু ক’লাযাদু প্ৰতিৰোধ আৰু নিৰ্মূল আইন, ২০১৭ (২০২০ৰ ৪ জানুৱাৰীত চৰকাৰৰ দ্বাৰা অধিসূচিত)য়ে ১৬ বিধ প্ৰথা নিষিদ্ধ কৰিছে। “মহিলাৰ বিৰুদ্ধে বলপূৰ্বক বিচ্ছিন্নকৰণ, গাঁৱত পুনৰ প্ৰৱেশত বাধা দিয়া বা মাহেকীয়া নাইবা প্ৰসৱোত্তৰ কালত মহিলাক পৃথককৈ ৰখাৰ সুবিধা কৰি দিয়া কুপ্ৰথা”ও এই নিষিদ্ধ প্ৰথাসমূহৰ ভিতৰত পৰে। এই আইন নামানিলে ১ৰ পৰা ৭ বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে জৰিমনাও বিহাৰ কথাও আইনখনত উ্ল্লেখ আছে।
কিন্তু এনে আইন থকা স্বত্ত্বেও কাডুগল্লা সম্প্ৰদায়ৰ আনকি আশাকৰ্মী আৰু অংগনবাদী কৰ্মীয়ে এই প্ৰথা এৰা নাই, অথচ তেওঁলোক সামূহিক স্বাস্থ্যসেৱাৰ লগত জৰিত। ডি. হচাহাল্লিত আশাকৰ্মী হিচাপে কাম কৰা ডি. শাৰদাম্মাই (তেওঁৰ আচল নাম নহয়) মাহেকীয়াৰ দিনকেইটা ঘৰৰ বাহিৰত কটাবলগীয়া হয়।


ডি. হচাহাল্লিৰ কাডুগল্লা চুবুৰীৰ জয়াম্মাই ( বাওঁফালে ) মাহেকীয়াৰ দিনকেইটাত এইডাল গছৰ তলতে থকা আৰু খোৱা - বোৱা কৰে । সোঁফালেঃ ডি. হচাহাল্লি গাওঁ পঞ্চায়তৰ সভাপতি ধনলক্ষ্মী কে এমে কয় , ‘ মহিলাক এনে এক পৰ্য্যালয়ৈ নীচজ্ঞান কৰা দেখি মই হতবাক হৈ পৰো ’
“গাঁৱৰ সকলোৱে এয়া মানে। চিত্ৰদুৰ্গা (দাঁতিকাষৰীয়া জিলা), য’ত মই ডাঙৰ-দীঘল হৈছো, তাতে ঘৰৰ বাহিৰত মহিলা থকাটো নিৰাপদ নহয় বাবে এই প্ৰথা বন্ধ কৰা হৈছে। ইয়াতে এই প্ৰথা নামানিলে শাওঁ লাগিব বুলি সকলোৱে ভাৱে। সম্প্ৰদায়টোৰ মাজৰে এজন হোৱা হেতুকে ময়ো মানি চলো। অকলে একো পৰিৱৰ্তন আনিব নোৱাৰি। বাহিৰত ৰাতি কটাই মই একো অসুবিধা পোৱা নাই,” ৪০ বছৰ বয়সীয়া শাৰদাম্মায়ে কয়।
আনকি কাডুগল্লা সম্প্ৰদায়ৰ চৰকাৰী কৰ্মচাৰীৰ ঘৰতো এই নিয়ম চলে। ডি. হচাহাল্লি গাওঁ পঞ্চায়তত কাম কৰা ৪৩ বছৰ বয়সীয়া মোহন এছ (কাল্পনিক নাম লোৱা হৈছে)ৰ পৰিয়ালো ইয়াৰ ব্যতিক্ৰম নহয়। মোহন এছৰ স্নাতকোত্তৰ আৰু বি.এড. ডিগ্ৰীধাৰী ভাই-বোৱাৰীয়ে ২০২০ৰ ডিচেম্বৰত সন্তান জন্ম দিয়াৰ পিছত তেওঁলোকৰ বাবে ঘৰৰ বাহিৰত সাজি দিয়া পঁজা এটাত দুমাহ নৱজাতকৰ সৈতে কটাবলগীয়া হৈছিল। “বাহিৰত বাধ্যতামূলক সময়খিনি কটোৱাৰ পিছতহে তেওঁলোক ঘৰ সোমাব পাৰে,” মোহনে কয়। তেওঁৰ ৩২ বছৰীয়া পত্নী ভাৰথী (নাম কাল্পনিক)য়েও সন্মতি দৰ্শাই মুৰ দুপিয়াই কয়, “মাহেকীয়াৰ দিনকেইটাত ময়ো একো বস্তু স্পৰ্শ নকৰো। চৰকাৰে এই ব্যৱস্থা সলোৱাটো নিবিচাৰো। চৰকাৰে আমাক গছৰ তলত থকাৰ পৰিৱৰ্তে ভালকৈ থাকিব পৰা আচুতীয়া কোঠালী এটা সাজি দিলেই হ’ল।”
*****
সময়ৰ লগে লগে এনে আচুতীয়া কোঠা নিৰ্মাণৰ চেষ্টাও চলিল। ২০০৯ৰ ১০ জুলাইৰ সংবাদমাধ্যমৰ প্ৰতিবেদন মতে কৰ্ণাটক চৰকাৰে এনে এক নিৰ্দেশনাও জাৰি কৰিছিল য’ত প্ৰতিটো কাডুগল্লা চুবুৰীৰ দাঁতিত দহগৰাকী মাহেকীয়ে হোৱা মহিলাক ৰাখিব পৰাকৈ মহিলা ভৱন নিৰ্মাণৰ কোৱা হৈছিল।
এই নিৰ্দেশনা জাৰি কৰাৰ আগেয়ে ডি. হচাহাল্লি গাঁৱৰ জয়াম্মাৰ চুবুৰীত এটা পকী কোঠালী স্থানীয় পঞ্চায়তে নিৰ্মাণ কৰি দিছিল। কুনিগাল তালুক পঞ্চায়তৰ সদস্য কৃষ্ণাপ্পা জি টিয়ে কয় যে তেওঁ সৰু থাকোতেই, প্ৰায় ৫০ বছৰ আগতে কোঠাটো নিৰ্মাণ কৰা হৈছিল। কেইবছৰমানৰ কাৰণে গাওঁখনৰ মহিলাসকলে গছৰ তলত শোৱাৰ পৰিৱৰ্তে তাতে শোৱা কৰিলে। এতিয়া সেই ঘৰটো পৰিত্যক্ত, গছ-লতাই বেৰি ধৰিছে।
একেটা কাৰণতে আৰালালাচন্দ্ৰাৰ কাডুগল্লা চুবুৰীটোৰ আধাভগা কোঠাটো এতিয়া অব্যৱহৃত। “প্ৰায় পাঁচ বছৰ আগতে কেইজনমান জিলা বিষয়া আৰু পঞ্চায়ত সদস্যই আমাৰ গাওঁ সাক্ষাৎ কৰিছিল,” অনুৱে কয়। “তেওঁলোকে মাহেকীয়াৰ কাৰণে ঘৰৰ বাহিৰত থকা মহিলাৰ লগত কথা পাতিছিল। কৈছিল যে ঘৰৰ বাহিৰত থকাটো ভাল কথা নহয়। আমি সেই আচুতীয়া ঘৰটো খালি কৰাৰ পাছত তেওঁলোক গৈছিল। তাৰ পিছত আকৌ সকলো ঘৰটোলৈ আহিবলৈ ল’লে। কেইমাহমান পিছত তেওঁলোক আকৌ আহিল। আমাক মাহেকীয়াৰ সময়ত ঘৰত থাকিবলৈ পৰামৰ্শ দিলে আৰু ঘৰটো ভাঙিবলৈ ধৰিলে। কিন্তু কোঠাটো আমাৰ বৰ কামত আহিছিল। অন্ততঃ শৌচাগাৰটো ব্যৱহাৰ কৰিব পাৰিছিলো।”
২০১৪ত মহিলা আৰু শিশু কল্যাণ বিভাগৰ প্ৰাক্তন মন্ত্ৰী উমাশ্ৰীয়ে কাডুগল্লা সম্প্ৰদায়ৰ এই কুসংস্কাৰৰ বিৰুদ্ধে মাত মাতিবলৈ চেষ্টা কৰিছিল। ডি. হচাহাল্লিৰ কাডুগল্লা চুবুৰীৰ মাহেকীয়া হোৱা মহিলাৰ বাবে নিৰ্মিত ঘৰ এটাৰ কিছু অংশ ভাঙি প্ৰথাটোৰ বিৰুদ্ধে প্ৰতীকি কাৰ্যসূচীও হাতত লৈছিল। “মহিলাসকলক মাহেকীয়াৰ দিনকেইটাত ঘৰৰ ভিতৰতে থাকিবলৈ উমাশ্ৰী বাইদেৱে অনুৰোধ জনাইছিল। কিছুমানে মান্তি হৈছিল যদিও কোনেও সেই প্ৰথা নেৰিলে। তেওঁ পিছৰবাৰ নিজৰ সুৰক্ষাৰ বাবে পুলিচ আৰু গাঁৱৰ হিচাপৰক্ষকজনক লৈ আহিছিল আৰু ঘৰটোৰ দুৱাৰ আৰু কিছু অংশ ভাঙি পেলাইছিল। তেওঁ আমাৰ অঞ্চলটোৰ উন্নয়নৰ কথা কৈছিল যদিও একো এটা নহ’ল,” তালুক পঞ্চায়তৰ সদস্য কৃষ্ণাপ্পা জি টিয়ে কয়।


ডি. হচাহাল্লিত মাহেকীয়াৰ সময়ত মহিলাক থাকিবলৈ দিয়াৰ বাবে নিৰ্মিত পৰিত্যক্ত ঘৰটো । সোঁফালেঃ প্ৰসৱোত্তৰ কালত চাথানুৰ গাঁৱৰ মহিলাক থাকিবলৈ দিয়া জুপুৰীটো
তথাপি ২০২১ৰ ফেব্ৰুৱাৰীত ডি. হচাহাল্লি গাওঁ পঞ্চায়তৰ সচিব হিচাপে নিৰ্বাচিত হোৱা ধনলক্ষ্মী কে এম (তেওঁ কাডুগল্লা জনগোষ্ঠীৰ নহয়)য়ে পৃথক কোঠা নিৰ্মাণৰ পৰামৰ্শ বিবেচনা কৰিছে। “মই দেখি হতবাক হৈছো যে মহিলাক মাহেকীয়া আৰু প্ৰসৱোত্তৰ কালৰ দৰে এনে জটিল সময়ত এনেকৈ নীচ জ্ঞান কৰি ঘৰৰ বাহিৰত ৰখা হয়,” তেওঁ কয়। “অন্ততঃ তেওঁলোকৰ কাৰণে পৃথক ঘৰ নিৰ্মাণ কৰাৰ মই চেষ্টা কৰিম। দুখৰ কথা যে শিক্ষিত যুৱতীয়েও এই প্ৰথা এৰিব নোখোজে। তেওঁলোকে নিজেই বাধাৰ সৃষ্টি কৰিলে মই কেনেকৈ পৰিৱৰ্তন আনিম?”
এই আচুতীয়া কোঠা আৰু আন কথাবোৰৰ ওপৰত বিতৰ্কৰ ওৰ পৰিব লাগে। “আচুতীয়া কোঠা দিলে বাৰু মহিলাই সকাহ পাব ঠিকেই, কিন্তু আমি এই প্ৰথা সম্পূৰ্ণৰূপে বন্ধ হোৱাটো বিচাৰো,” পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ জিলা কাৰ্য্যালয়ৰ পি বি বাসৱৰাজুৱে কয়। “কাডুগল্লা মহিলাৰ সৈতে কথা পাতি তেওঁলোকে নিজেই এই কুঃসংস্কাৰ ত্যাগ কৰাৰ বাবে পৰামৰ্শ দিও। আগতেও আমি সজাগতা অভিযান চলাইছো।”
ঋতুস্ৰাৱ হৈ থকা মহিলাৰ বাবে আচুতীয়া কোঠা নিৰ্মাণ সমস্যাৰ সমাধান নহয়, আৰালালাচন্দ্ৰা গাঁৱৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বলৰ অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শক কে আৰ্কেশে কয়। “কৃষ্ণা কুটিৰে (সেই আচুতীয়া কোঠাৰ নাম) সেই প্ৰথাক আওপ্ৰকাৰে বৈধ প্ৰমাণিতহে কৰিছে। মহিলা এগৰাকী কোনো এটা সময়ত অপৱিত্ৰ হৈ পৰা কথাটো নস্যাৎহে কৰিব লাগে, বৈধতা দিব নালাগে,” তেওঁ কয়।
“এনে কুসংস্কাৰ নিৰ্মমতাৰ চিন,” তেওঁ কয়। “কিন্তু সামাজিক হেঁচাত পৰি মহিলাই সংগঠিত হৈ ইয়াৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰা হৈ পৰে। সামাজিক বিপ্লৱৰ মাজেৰেহে সতীদাহ প্ৰথা নিৰ্মূল হৈছিল। মানুহৰ মাজত পৰিৱৰ্তনৰ হাবিয়াস আছিল। ৰাজনীতিৰ পাকচক্ৰত পৰি আমাৰ ৰাজনীতিবিদসকলে এই বিষয়টোৰ প্ৰসংগ উলিয়াব নিবিচাৰে। ৰাজনীতিবিদ, সমাজকৰ্মী আৰু জনগোষ্ঠীটোৰ মানুহ লাগি-ভাগি আগবাঢ়িব লাগিব।”
*****
তেতিয়ালৈ লোকমানসত দকৈ শিপাই থকা সৰগীয় শাস্তি আৰু সামাজিক কালিমাৰ ভযে এই কুসংস্কাৰত ইন্ধন যোগাই থাকিব।
“আমি এই পৰম্পৰা অনুসৰণ নকৰিলে আমাৰ কিবা নহয় কিবা অমংগল ঘটিব,” আৰালালাচন্দ্ৰাৰ কাডুগল্লা চুবুৰীৰ অনুৱে কয়। “বহুবছৰ আগৰ কথা, টুমকুৰৰ এগৰাকী মহিলাই মাহেকীয়াৰ দিনকেইটাত ঘৰৰ বাহিৰত থাকিবলৈ সৈমান হোৱা নাছিল, তাইৰ ঘৰটো ৰহস্যজনকভাৱে জ্বলি ছাঁই হৈছিল।”


চাথানুৰ গাঁৱৰ মন্দিৰৰ কাষত অংগনবাদী কৰ্মী ৰত্নাম্মা ( নাম কাল্পনিক , সোঁমাজত ) ৰ লগত গিৰিগাম্মা ( বাওঁফালে ) । সোঁফালেঃ গীতা যাদৱে কয় , ‘ ভৱিষ্যতে ডাঙৰ চহৰলৈ কাম কৰিবলৈ গ ’ লেও মই এই নিয়ম মানি চলিম ’
“আমি এনেকৈয়ে থকাটো ইশ্বৰে বিচাৰে আৰু আমি অবাধ্য হ’লে তাৰ পৰিণাম ভুগিব লাগিব,” ডি. হচাহাল্লি গাওঁ পঞ্চায়তৰ মোহন এছে কয়। এই প্ৰথা বন্ধ হৈ গ’লে “ৰোগ বাঢ়িব, আমাৰ ছাগলী-ভেড়াবোৰ মৰিব। অনেক সমস্যাই মুৰ দাঙি উঠিব আৰু লোকচান ভৰিব লাগিব। এই ব্যৱস্থা বন্ধ কৰা উচিত নহয়। আমি এয়া সলনি হোৱাটো নিবিচাৰো।”
“মান্দিয়া জিলাত মাহেকীয়াৰ সময়ত ঘৰত থাকোতে মহিলা এগৰাকীক সাপে কামুৰিছিল,” ৰামনাগৰা জিলাৰ চাথানুৰ গাঁৱৰ কাডুগল্লা চুবুৰীৰ গিৰিগাম্মাই কয়। তাতে চৰকাৰে নিৰ্মাণ কৰি দিয়া স্নানাগাৰ সংলগ্ন এটা কোঠাত এতিয়াও ঋতুস্ৰাৱৰ সময়ত মহিলাই আশ্ৰয় লয়। গাওঁখনৰ মূল পথৰ পৰা ঠেক বাট এটা ফালৰি কাটি এই আচুতীয়া ঘৰটোলৈ আহিছে।
তিনিবছৰ আগতে প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ সময়ত এই ঘৰটোত থাকিবলগীয়া হোৱাত গীতা যাদৱে ভয় খাইছিল। “মই কান্দিছিলো আৰু মোক ইয়ালৈ নপঠিয়াবলৈ মাক কাবৌ কৰিছিলো। কিন্তু মায়ে নুশুনিলে। এতিয়া কোনোবাই হ’লেও সংগ দিয়ে (ঋতুস্ৰাৱ হোৱা আন মহিলা), সেয়ে শান্তিত শুব পাৰো। মাহেকীয়াৰ দিনকেইটাত মই ক্লাচৰ পৰা পোনে পোনে ইয়ালৈ আহো। ইয়াতে বিচনা এখন থকা হ’লে ভাল পালোহেঁতেন, মজিয়াত শুবলগীয়া নহ’লহেঁতেন,” একাদশ শ্ৰেণীৰ ছাত্ৰী ১৬ বছৰীয়া গীতাই কয়। “ভৱিষ্যতে যদি মই কামৰ বাবে ডাঙৰ চহৰলৈ যাওঁ, তেতিয়াও মই পৃথক কোঠাত থাকিম আৰু একো স্পৰ্শ নকৰো। মই এই পৰম্পৰা নিশ্চয়কৈ মানি চলিম। আমাৰ গাঁৱত এই পৰম্পৰা অতিকৈ গুৰুত্বপূৰ্ণ,” তাই কয়।
১৬ বছৰ বয়সীয়া গীতাই নিজে এই প্ৰথা আগবঢ়াই নিয়াটো পৰম্পৰাৰ অংশ বুলি ভাৱে। তেনেদৰে ৬৫ বছৰীয়া গিৰিগাম্মাৰ মতে তেওঁলোকৰ জনগোষ্ঠীৰ মহিলাসকলে ইয়াত আপত্তি কৰিবলগীয়া একো কথা নাই, কিয়নো একাষৰীয়াকৈ থকা সেই দিনকেইটাত তেওঁলোকে জিৰণি ল’ব পাৰে। “আমিও ৰ’দ-বৰষুণলৈ ভ্ৰুক্ষেপ নকৰি বাহিৰতে থাকিছিলো। এদিন ধুমুহা অহাত মই আন জাতিৰ মানুহৰ ঘৰত সোমাই ৰক্ষা পৰিছিলো, কিয়নো আমাৰ জাতিৰ কাৰো ঘৰত সোমোৱাৰ অনুমতি নাছিল,” তেওঁ কয়। “কেতিয়াবা মাটিতে গছৰ পাতত লৈ আহাৰ খাও। এতিয়া মহিলাৰ কাৰণে পৃথকে বাচন দিছে। আমি কৃষ্ণৰ উপাসক, কেনেকৈ এই পৰম্পৰা নমনাকৈ থাকো?”
“আমি এই তিনি-চাৰিটা দিনত কেৱল বহো, খাও আৰু শোও। আনদিনা আমি ৰন্ধা-বঢ়া, চাফাই কাম আৰু ছাগলীবোৰৰ পিছে পিছে দৌৰি ফুৰা কামৰ পৰা আহৰি নাপাও। মাহেকীয়াৰ দিনকেইটাত এইবোৰ কৰিবলগীয়া নহয়,” কনকপুৰা তালুকৰ (চাথানুৰ গাওঁখনো তাৰেই অন্তৰ্গত) কাব্বাল গাওঁ পঞ্চায়তৰ এগৰাকী অংগনবাদী কৰ্মী ২৯ বছৰীয়া ৰত্নাম্মাই (কাল্পনিক নাম) কয়।


চাথানুৰত ঋতুস্ৰাৱ হোৱা মহিলাৰ বাবে ৰাজ্য চৰকাৰে আচুতীয়াকৈ নিৰ্মাণ কৰি দিয়া কোঠালীটো (বাওঁফালে)- ‘এই কৃষ্ণা কুটিৰবোৰেই প্ৰথাটোক বৈধতা প্ৰদান কৰিছে। মহিলা এগৰাকী কোনো এটা সময়ত অপৱিত্ৰ হৈ পৰা কথাটো নস্যাৎহে কৰিব লাগে, বৈধতা দিব নালাগে’। সোঁফালেঃ পল্লৱীয়ে নিজৰ সদ্যজাত সন্তানৰ সৈতে ডি. হচাহাল্লিৰ জুপুৰীত একাষৰীয়াকৈ আছে
গিৰিগাম্মা আৰু ৰত্নাম্মাৰ দৃষ্টিত এনেকৈ একাষৰীয়া হৈ থকাটো সুবিধাজনক যদিও এই প্ৰথাৰ কাৰণেই ভালেমান দূৰ্ঘটনা আৰু মৃত্যু ঘটিছে। ২০১৪ৰ ডিচেম্বৰৰ এক বাতৰিৰ প্ৰতিবেদন মতে টুমকুৰত শীতকালি মহিলা এগৰাকীয়ে এই নিয়ম মানি সদ্যজাত সন্তানৰ সৈতে পঁজা এটাত আছিল, ৰাতি বৰষুণৰ পিছত জাৰ লাগি কেঁচুৱাটোৰ মৃত্যু হৈছিল। আন এক ঘটনাৰ মতে ২০১০ত মাদ্দুৰ তালুকৰ মান্দিয়াৰ কাডুগল্লা চুবুৰীত ১০ দিনীয়া পানীকেঁচুৱা এটাক কুকুৰে কামুৰি চোঁচৰাই নিছিল।
ডি. হচাহাল্লি গাঁৱৰ কাডুগল্লা চুবুৰীৰ ২২ বছৰীয়া গৃহিণী পল্লৱীয়ে প্ৰথমটো সন্তান এইবছৰ ফেব্ৰুৱাৰীত জন্ম দিছে, তেওঁ এনে ৰিস্ক থকাৰ কথা নস্যাৎ কৰে। “ইমানবোৰ বছৰত দুই-তিনিটাহে এনে ঘটনা ঘটিছে, গতিকে মই চিন্তা নকৰো। এই পঁজাটোত থাকি আৰাম পাওঁ। ভয় খাবলগীয়া কি কথা আছে? মোৰ মাহেকীয়াৰ দিনকেইটা মই এই আন্ধাৰতে কটাও। মোৰ বাবে এয়া নতুন কথা নহয়,” কেঁচুৱাটোক নিচুকাই তেওঁ কয়।
পল্লৱীৰ স্বামীয়ে টুমকুৰত গেছ ফেক্টৰি এটাত কাম কৰে। পল্লৱীয়ে নিজৰ সন্তানটোৰ সৈতে এটা পঁজাত শোৱে, কেইমিটাৰমান দূৰত থকা আনটো পঁজাত তেওঁৰ মাক নাইবা ককাক থাকে। দুয়োটা পঁজাৰ মাজত চালি এখনৰ তলত এটা বিজুলিবাতি আৰু ফেন এখন আছে। মুকলি ঠাইডোখৰত পানী গৰম কৰিবলৈ থোৱা খৰিৰ ওপৰত বাচন এখন ৰখা আছে। পল্লৱী আৰু তেওঁৰ কেঁচুৱাটোৰ কাপোৰবোৰ তেওঁৰ পঁজাটোৰ ওপৰতে শুকুৱাবলৈ থৈ দিয়া হয়। তিনিমাহ আৰু চাৰিদিন পাৰ হোৱাত মাকৰ সৈতে শিশুটিক পঁজাটোৰ পৰা ১০০ মিটাৰ দূৰত থকা ঘৰত সোমাব দিয়া হয়।
কিছুসংখ্যক কাডুগল্লা পৰিয়ালে মাতৃ আৰু সদ্যজাত সন্তানক ঘৰলৈ অনাৰ আগেয়ে ছাগলী বলি দিয়া প্ৰথাও জনগোষ্ঠীটোৰ মাজত প্ৰচলিত। একপ্ৰকাৰে এয়া এক ‘শুদ্ধিকৰণ’ প্ৰক্ৰিয়া, মাতৃ আৰু সন্তানৰ আটাইবোৰ কাপোৰ-কানি আৰু পঁজাঘৰটো চাফা কৰা হয়। গাঁৱৰ বয়সস্থ মহিলাই মাতৃগৰাকীক দূৰৰ পৰাই দিহা-পৰামৰ্শ দিয়ে। তাৰপাছত নামাকৰণ পৰ্বৰ বাবে তেওঁলোকক স্থানীয় মন্দিৰলৈ লৈ যোৱা হয়। তাতে সকলোৱে উপাসনা কৰে আৰু খোৱা-বোৱা কৰে। তাৰ পাছতহে মাতৃ আৰু শিশুটিক ঘৰত সোমাবলৈ দিয়া হয়।
*****
কিন্তু ইমানৰ মাজতো প্ৰতিৰোধৰ ক্ষীণ স্বৰ এটা নুশুনা নহয়।
আৰালালাচন্দ্ৰা গাঁৱৰ কাডুগল্লা চুবুৰীৰ ডি জয়ালক্ষ্মাই গাঁৱৰ মানুহে বাৰম্বাৰ সকিয়নি স্বত্ত্বেও মাহেকীয়াৰ দিনকেইটা ঘৰৰ বাহিৰত নকটায়। ৪৫ বছৰীয়া অংগনবাদী কৰ্মীগৰাকীয়ে চাৰিবাৰকৈ সন্তান প্ৰসৱৰ পিছত পোনে পোনে ঘৰলৈ আহিছিল, চুবুৰীৰ কাডুগল্লা সম্প্ৰদায়ৰ আন পৰিয়ালবোৰ এই কথাত ক্ষুণ্ণ হৈ পৰিছিল।


আৰালালাচন্দ্ৰা গাঁৱৰ ডি জয়ালক্ষ্ণা আৰু তেওঁৰ স্বামী কুল্লা কাৰিয়াপ্পাৰ দৰে খুব কমেই পৰিয়াল আছে যিয়ে একাষৰীয়া কৰা এই প্ৰথাৰ বিৰোধিতা কৰি আহিছে
“মোৰ বিয়া হোৱাৰ পিছত এই গাঁৱৰ সকলো মহিলাকে মাহেকীয়াৰ দিনকেইটাত ঘৰৰ বাহিৰত সৰু সৰু জুপুৰীত কটোৱা দেখিছিলো, কিছুমানে গছৰ তলতো আশ্ৰয় লৈছিল। মোৰ স্বামীয়ে এই নিয়মৰ বিৰুদ্ধে মাত মাতিলে। মই বিয়াৰ আগতে মা-দেউতাৰ ঘৰতো এইবোৰ নিয়ম মনাটো পচন্দ কৰা নাছিলো। সেয়ে আমি এই নিয়ম এৰিলো। কিন্তু গাঁৱৰ মানুহে এতিয়াও আমাক কটু কথা শুনায়,” ১০ম মানলৈকে পঢ়া জয়ালক্ষ্মাই কয়। তেওঁৰ তিনিজনী জীয়ৰী, আটাইৰে বয়স ১৯ৰ পৰা ২৩ৰ ভিতৰত, কোনেও মাহেকীয়াৰ দিনবোৰত ঘৰৰ বাহিৰত নাথাকে।
“গাঁৱৰ মানুহে আমাক কটু কথা শুনায় আৰু হাৰাশাস্তি কৰে। আমাৰ কিবা এটা বিঘিনি ঘটিলেই কয় যে আমি নিয়মৰ নমনা বাবেই এনে হৈছে, আমাৰ কিবা অপায়-অমংগল হ’ব বুলি তেওঁলোকে কয়। তেওঁলোকে আনকি কেতিয়াবা আমাক এৰাই চলে। কেইবছৰমানৰ পৰা আইনৰ ভয়ত মানুহে আমাক অৱজ্ঞা কৰিবলৈ এৰিছে,” জয়ালক্ষ্মাৰ স্বামী ৬০ বছৰীয়া কুল্লা কাৰিয়াপ্পাই কয়। এমএ আৰু বিএড ডিগ্ৰীধাৰী কাৰিয়াপ্পা কলেজৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰবক্তা। “গাঁৱৰ মানুহে প্ৰশ্ন কৰিলে আৰু এই প্ৰথা মানিবলৈ ক’লে কওঁ যে মই এগৰাকী শিক্ষক হৈ এই প্ৰথা মানিব নোৱাৰো। আমাৰ ছোৱালীহঁতে ত্যাগ স্বীকাৰ কৰিবই লাগিব, এই কথা মগজুত সুমোৱাই দিয়াৰ চেষ্টা কৰা হয়,” তেওঁ খং মিহলি সুৰত কয়।
“জয়ালক্ষ্মাৰ দৰে আৰালালচন্দ্ৰাৰ দুটি সন্তানৰ মাতৃ ৩০ বছৰীয়া অমৃতায়ো (তেওঁৰ আচল নাম নহয়) এনেদৰে একাষৰীয়া কৰা নিয়ম মানিব নোখোজে যদিও উপায়ন্তৰ। “শীৰ্ষস্থানীয় কোনোবাই (বিষয়া বা ৰাজনীতিবিদে) আহি গাঁৱৰ জ্যেষ্ঠসকলক বুজাব লাগিব। তেতিয়ালৈ মোৰ আনকি পাঁচ বছৰীয়া জীয়ৰীজনীও তালৈ যাবলগীয়া হ’ব (যেতিয়া তাই ডাঙৰ হ’ব)। ময়েই তাইক এয়া কৰিবলৈ ক’বলগীয়া হ’ব। মই অকলে এই নিয়ম উৎখাত কৰিব নোৱাৰো।”
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত - কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত namita@ruralindiaonline.org ৰাখি এই ইমেইল ঠিকনালৈ লিখক- zahra@ruralindiaonline.org।
অনুবাদ: পংকজ দাস