তেওঁ কেৱল নিজৰ নামটো পঢ়িব বা লিখিব পাৰে। তেওঁ ইয়াক গৌৰৱেৰে দেৱনাগৰীত লিখে, সযত্নে: গো-পুহ-লী। তাৰ পাছত তেওঁ যিটো হাঁহি মাৰে, চৌপাশ পোহৰাই তোলে।
চাৰিটা সন্তানৰ মাতৃ ৩৮ বছৰীয়া গোপলী গামেটিয়ে কয় যে মহিলাসকলে যদি মনতে এবাৰ থিৰাং কৰি লয়, তেতিয়া তেওঁলোকৰ বাবে কোনো কামেই অসম্ভৱ নহয়।
উদয়পুৰ জিলাৰ গোগুণ্ডা ব্লকৰ কাৰ্দা গাঁৱৰ উপকণ্ঠত মাত্ৰ ৩০ টা ঘৰৰ এই গোটটোত, গোপলীয়ে তেওঁৰ চাৰিটা সন্তানৰ প্ৰতিটো ঘৰতে প্ৰসৱ কৰিছিল, তেওঁক সহায় কৰিছিল সম্প্ৰদায়টোৰ আন মহিলাসকলে। চাৰি নম্বৰ সন্তানটো জন্ম দিয়াৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ চিকিৎসালয়লৈ গৈছিল, বন্ধ্যাকৰণৰ বাবে৷
তেওঁ কয়, "আমাৰ পৰিয়াল সম্পূৰ্ণ হোৱা বুলি মানি লোৱাৰ সময় আহি পৰিছিল।" গোগুণ্ডা ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰ (চিএইচচি)ৰ এগৰাকী পৰিদৰ্শনকাৰী স্বাস্থ্য কৰ্মীয়ে তেওঁক এই "অস্ত্ৰোপচাৰ"ৰ বিষয়ে কৈছিল যি পিছৰ গৰ্ভধাৰণসমূহ প্ৰতিহত কৰিব। এয়া বিনামূলীয়া আছিল। তেওঁ কেৱল ৩০ কিলোমিটাৰ দূৰৈত অৱস্থিত চাৰিটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ (পিএইচচি) দ্বাৰা সেৱা আগবঢ়োৱা গাওঁবোৰৰ বাবে চৰকাৰৰ দ্বাৰা পৰিচালিত গ্ৰামীণ চিকিৎসালয় চিএইচচি-লৈ যাবলগীয়া হৈছিল।
কেইবাবাৰো তেওঁ ঘৰত এই বিষয়টো উত্থাপন কৰিছিল যদিও তেওঁৰ স্বামীয়ে কাণ দিয়া নাছিল। তেওঁ কেইবামাহো ধৰি নিজকে স্থিৰ কৰি কনিষ্ঠটো সন্তানক স্তনপান কৰাই থাকোঁতে তেওঁৰ সিদ্ধান্ত সম্পূৰ্ণ হোৱাটোৰ বিষয়ে ভাবিছিল।
ভঙা ভঙা হিন্দী আৰু ভিলিত কথা পাতি স্মৃতি সোঁৱৰণ কৰি হাঁহি হাঁহি তেওঁ কয়, "এদিন মই বন্ধ্যাকৰণ কৰিবলৈ দাৱাখানা [ক্লিনিক]লৈ যাম বুলি কৈ ওলাই গৈছিলো।" "স্বামী আৰু শাহু মোৰ পিছে পিছে দৌৰি আহিছিল।" পথত এক চমু তৰ্কৰ অৱতাৰণা হৈছিল কিয়নো গোপলীৰ সংকল্প স্পষ্ট হৈ পৰিছিল। তাৰ পিছত তেওঁলোকে একেলগে গোগুণ্ডা চিএইচচি-লৈ এখন বাছত উঠিছিল আৰু গোপলীয়ে চিএইচচি-ত অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল।
চিএইচচি-ত একেদিনাই আন কিছুসংখ্যক মহিলাইও বন্ধ্যাকৰণ কৰিবলৈ আহিছিল, তেওঁ এইদৰে কয় ৷ তেওঁ কিন্তু জনা নাছিল যে এইটো বন্ধ্যাকৰণ শিবিৰ আছিল নে নাই বা সেইদিনা চিএইচচি-ত কিমান গৰাকী মহিলা আছিল সেয়াও তেওঁৰ মনত নাই। সৰু চহৰবোৰত বন্ধ্যাকৰণ শিবিৰ য'ত নিকটৱৰ্তী গাওঁবোৰৰ গাঁৱলীয়া মহিলাসকলে প্ৰক্ৰিয়াটো সম্পন্ন কৰিব পাৰে, সেইবোৰ প্ৰায়েই দুৰ্বল আন্তঃগাঁথনিৰ সৈতে কম কৰ্মচাৰীযুক্ত গ্ৰামীণ স্বাস্থ্য কেন্দ্ৰ হয়। কিন্তু এই শিবিৰবোৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পুতৌজনক অৱস্থা আৰু বন্ধ্যাকৰণৰ লক্ষ্য-চালিত দৃষ্টিভংগী কেইবাদশক ধৰি বিতৰ্কৰ বিষয় হৈ আহিছে।
বন্ধ্যাকৰণ হৈছে এক স্থায়ী জন্ম নিয়ন্ত্ৰণ পদ্ধতি য'ত এগৰাকী মহিলাৰ ফেলোপিয়ান টিউব অৱৰোধ কৰা হয়, ই হৈছে ৩০ মিনিটৰ এক অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া যাক 'টিউবেল বন্ধ্যাকৰণ' বা কেৱল 'মহিলা বন্ধ্যাকৰণ' বুলিও কোৱা হয়। ৰাষ্ট্ৰসংঘৰ ২০১৫ চনৰ এক প্ৰতিবেদনত মহিলা বন্ধ্যাকৰণক বিশ্বব্যাপী আটাইতকৈ জনপ্ৰিয় গৰ্ভনিৰোধক পদ্ধতি হিচাপে বিবেচনা কৰা হৈছে, ১৯ শতাংশ বিবাহিত বা ইন-ইউনিয়ন মহিলাই এই পদ্ধতি বাছনি কৰিছে।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ-৫ (২০১৯-২১) অনুসৰি ভাৰতত, ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ ৩৭.৯ শতাংশ বিবাহিত মহিলাই টিউবেল বন্ধ্যাকৰণ পদ্ধতি বাছনি কৰে।
মূৰৰ ওপৰত উজ্বল কমলা ওৰণিৰে চকুৰ আংশিক ঢাকি ৰখা গোপলীৰ বাবে এয়া এক বিদ্ৰোহী সিদ্ধান্ত আছিল। চতুৰ্থ কেঁচুৱাটোৰ জন্মৰ পিছত তেওঁ ভাগৰি পৰিছিল যদিও তেওঁৰ স্বাস্থ্য ভালে আছিল। এই সিদ্ধান্তটো মুখ্যতঃ এটা বিত্তীয় কাৰণৰ বাবে গ্ৰহণ কৰা হৈছিল।
তেওঁৰ স্বামী সোহনৰাম চুৰাটৰ এগৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিক আছিল আৰু বছৰটোৰ বেছিভাগ সময় আঁতৰত আছিল, ফাকুৱা আৰু দেৱালী উৎসৱৰ সময়ত কেৱল এমাহৰ বাবে ঘৰলৈ উভতি আহিছিল। যেতিয়া তেওঁ তেওঁলোকৰ চতুৰ্থ সন্তান জন্ম হোৱাৰ কেইমাহমান পিছত ঘৰলৈ আহিছিল, গোপলীয়ে পুনৰ গৰ্ভৱতী নহ'বলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিছিল।
"পুৰুষসকল শিশু প্ৰতিপালনৰ ক্ষেত্ৰত কেতিয়াও কোনো ধৰণৰ সহায়ৰ বাবে ওচৰত নাথাকে," গোপলীয়ে এটা খটখটীৰ চালৰ সৈতে তেওঁৰ ইটাৰ ঘৰটোৰ শীতল মজিয়াত বহি কয়। মজিয়াত সামান্য মাকৈৰ গুটি শুকুৱাবলৈ মেলি দিয়া হৈছে।
সোহনৰাম ঘৈণীয়েকৰ গৰ্ভধাৰণৰ অধিকাংশ সময়তে অনুপস্থিত আছিল৷ সেইখিনি সময়তে তেওঁ গৰ্ভৱতী অৱস্থাত তেওঁলোকৰ আধা বিঘা [প্ৰায় ০.৩ একৰ] খেতিপথাৰ, আৰু আন লোকৰ মাটিত তথা ঘৰটোৰ চোৱাচিতা কৰিছিল। "আমাৰ ওচৰত শিশুসকলক খুৱাবলৈ প্ৰায়ে পৰ্যাপ্ত ধন নাথাকে, গতিকে অধিক সন্তান জন্ম দিয়াৰ অৰ্থ কি আছে?"
তেওঁলোকে আন কোনো গৰ্ভনিৰোধক ব্যৱস্থা চেষ্টা কৰিছে নেকি সোধাত, তেওঁ লাজ কৰি হাঁহিলে। তেওঁ নিজৰ স্বামীৰ বিষয়ে ক'ব নিবিচাৰে, কিন্তু এয়া কয় যে সমাজৰ মহিলাসকলে সাধাৰণতে বিচাৰে যে পুৰুষসকলক যিকোনো প্ৰকাৰৰ গৰ্ভনিৰোধকৰ প্ৰতি সন্মত কৰাটো এক বৃথা প্ৰচেষ্টা।
*****
ৰয়দা পঞ্চায়তৰ এটা অংশ কাৰ্দা গাওঁখন চুবুৰীয়া ৰাজচামান্দ জিলাৰ পৰ্যটনক্ষেত্ৰ কুম্ভলগড়ৰ পৰা মাত্ৰ ৩৫ কিলোমিটাৰ দূৰৈৰ আৰাৱলীৰ পাদদেশত অৱস্থিত। কাৰ্দাৰ গামেটি হৈছে এক অনুসূচীত জনজাতি ভিল-গামেটি সম্প্ৰদায়ৰ এটা গোটৰ ১৫-২০ টা পৰিয়ালৰ এটা বৃহৎ গোট। গাওঁখনৰ উপকণ্ঠত বসতি স্থাপন কৰা প্ৰতিটো পৰিয়ালৰ এক বিঘাতকৈ কম মাটি আছে। এই গোটৰ প্ৰায় কোনো মহিলাই বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰা নাছিল, পুৰুষসকলে কেৱল সামান্য পঢ়া-শুনা কৰিছিল।
জুনৰ শেষৰ ফালৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত বাৰিষা মাহকেইটাৰ বাহিৰে যেতিয়া তেওঁলোকে ঘেঁহু খেতি কৰিবলৈ তেওঁলোকৰ খেতিপথাৰত থাকে, পুৰুষসকলে একে সময়তে এমাহতকৈ অধিক সময় ঘৰত খুব কমেই বাস কৰে। বিশেষকৈ ক’ভিড-১৯ লকডাউনৰ কঠিন সময়বোৰৰ পিছত অধিকাংশ পুৰুষেই চুৰাটলৈ গুচি গৈছে, শাৰী-কটা ইউনিটত নিযুক্তি লাভ কৰিছে – য'ত কাপোৰৰ দীঘল ৰিমবোৰ হাতেৰে ছয় মিটাৰ দৈৰ্ঘ্যত কটা হয়, কাষবোৰ তাৰ পিছত মুকুতাখচিত বা টাচেল কৰা হয়। এয়া সম্পূৰ্ণৰূপে অদক্ষ শ্ৰম, যাৰ ফলত তেওঁলোকে প্ৰতিদিনে ৩৫০-৪০০ টকা উপাৰ্জন কৰে।
গোপলীৰ স্বামী সোহনৰাম আৰু আন গামেটি পুৰুষসকল দক্ষিণ ৰাজস্থানৰ লক্ষাধিক পুৰুষ শ্ৰমিকৰ ভিতৰত অন্তৰ্ভুক্ত যিসকলে চুৰাট, আহমেদাবাদ, মুম্বাই, জয়পুৰ আৰু নতুন দিল্লীত কাম কৰিবলৈ কেইবা দশক ধৰি প্ৰব্ৰজন কৰিছে আৰু বেছিভাগ জনবসতিপূৰ্ণ গাওঁ এৰি গৈছে য’ত কেৱল মহিলাসকলহে থাকে ।
তেওঁলোকৰ অনুপস্থিতিত, সম্পূৰ্ণ নিৰক্ষৰ আৰু অৰ্ধ-শিক্ষিত মহিলাসকলে শেহতীয়া বৰ্ষবোৰত জটিল স্বাস্থ্যসেৱা বাছনি আৰু সিদ্ধান্ত নিজে ল'বলৈ শিকিছে।
তিনিটা সন্তানৰ মাতৃ ৩০ বছৰ বয়সীয়া পুষ্পা গামেটি এটা সন্তান কিশোৰ, তাক মহামাৰীৰ ঠিক আগতে শিশু শ্ৰমিক বিৰোধী কৰ্মীসকলে চুৰাটৰ পৰা ঘূৰাই আনি মহিলাসকলেই তেওঁলোকক পালন কৰিব লাগিব বুলি কৈছিল।
পূৰ্বে যদি চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা উদ্ভৱ হৈছিল তেতিয়া মহিলাসকলে ভয় খাইছিল। যেতিয়া শিশুৰ জ্বৰ সপ্তাহজুৰি কমা নাছিল বা বা খেতিৰ কামৰ সময়ত ৰক্তক্ষণৰ হোৱা বন্ধ নহৈছিল তেতিয়া ভয়ত হিমশীতল হৈ পৰা মহিলাসকলে তেওঁলোকৰ অতীতৰ অভিজ্ঞতাবোৰ বৰ্ণনা কৰিছিল। পুষ্পাই কয়, "আমাৰ মাজত কোনো পুৰুষ নোহোৱাকৈ…, আমাৰ ওচৰত চিকিৎসাৰ ব্যয়ৰ বাবে নগদ ধনো নাছিল আৰু ক্লিনিকলৈ ৰাজহুৱা পৰিবহণেৰে কেনেদৰে যাব লাগে সেয়াও নাজানিছিলো।" "লাহে লাহে আমি সকলো শিকিলো।"
পুষ্পাৰ জ্যেষ্ঠ পুত্ৰ কিষাণে আকৌ এবাৰ কাম আৰম্ভ কৰিছে, এইবাৰ চুবুৰীয়া গাঁওখনত মাটি খন্দা যন্ত্ৰৰ চালকৰ সহায়ক হিচাপে। তেওঁৰ সৰু ল'ৰা-ছোৱালীদুটা, এতিয়া ক্ৰমে ৫ আৰু ৬ বছৰীয়া মঞ্জু আৰু মনোহৰৰ বাবে পুষ্পাই ৫ কিলোমিটাৰ দূৰৈত থকা ৰয়দা গাঁৱৰ অংগনৱাড়ীলৈ আহিবলৈ শিকিছিল।
তেওঁ কয়, "আমাৰ ডাঙৰ ল'ৰা-ছোৱালীবোৰৰ বাবে আমি অংগনৱাড়ীৰ পৰা একো পোৱা নাছিলো।" কিন্তু শেহতীয়া বছৰবোৰত, কাৰ্দাৰ নতুন মাতৃসকলে ৰয়দালৈ ঘূৰণীয়া ঘাইপথৰ কাষেৰে সাৱধানে ওপৰলৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল, য'ত অংগনৱাড়ীয়ে স্তনপান কৰাই থকা মাতৃ আৰু সৰু ল'ৰা-ছোৱালীক গৰম আহাৰ পৰিৱেশন কৰিছিল। মঞ্জুক তেওঁ কঁকালত তুলি লৈ গৈছিল। মাজে মাজে তেওঁলোকে লিফ্টো পাইছিল।
"সেয়া ক’ৰোনাৰ পূৰ্বৰ ঘটনা আছিল," পুষ্পাই কয়। লকডাউনৰ পিছত, মে ২০২১ লৈকে, মহিলাসকলে অংগনৱাড়ী কেন্দ্ৰবোৰ পুনৰ কাৰ্যকৰী হৈছে নে নাই সেই বিষয়ে কোনো তথ্য লাভ কৰা নাছিল।
যেতিয়া কিষাণে পঞ্চম শ্ৰেণীৰ পিছত বিদ্যালয় ত্যাগ কৰিছিল আৰু হঠাতে এজন বন্ধুৰ সৈতে চুৰাটত কাম কৰিবলৈ গুচি গৈছিল, পুষ্পাই অনুভৱ কৰিছিল কিশোৰ পুত্ৰক কেনেদৰে মোকাবিলা কৰিব লাগে সেই সন্দৰ্ভত পৰিয়ালৰ সামূহিক সিদ্ধান্তৰ ওপৰত তেওঁৰ কোনো নিয়ন্ত্ৰণ নাছিল ৷ তেওঁ কয়, "কিন্তু মই সৰু ল'ৰা-ছোৱালীহালৰ সন্দৰ্ভত সিদ্ধান্ত মোৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰি আছোঁ।"
তেওঁৰ স্বামী নাটুৰাম বৰ্তমান কাৰ্দাৰ কৰ্মক্ষম বয়সৰ একমাত্ৰ পুৰুষ। ২০২০ চনৰ গ্ৰীষ্মকালত লকডাউনত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে চুৰাট আৰক্ষীৰ সৈতে সংঘৰ্ষ কৰাৰ সময়ত তেওঁ কাৰ্দাৰ চাৰিওফালে কাম বিচাৰিবলৈ চেষ্টা কৰিআছে, বিশেষ ভাগ্য অবিহনে।
গোপলীয়ে পুষ্পাক টিউবেল বন্ধ্যাকৰণৰ সুবিধাৰ বিষয়ে কৈছে। মহিলাসকলে অস্ত্ৰোপচাৰৰ পিছৰ যত্নৰ অভাৱৰ ফলত উদ্ভৱ হোৱা চিকিৎসাজনিত সমস্যাৰ বা এই পদ্ধতিত গৰ্ভনিৰোধক বিফলতাৰ সম্ভাৱনাৰ বিষয়ে শুনা নাই (যাৰ ভিতৰত আছে আঘাতৰ চেপচিছ বা সংক্ৰমণ, অন্ত্ৰৰ বাধা বা অন্ত্ৰৰ অন্যান্য ক্ষতি আৰু মূত্ৰাশয়ৰ ক্ষতি) । লগতে গোপলীয়ে বুজি নাপায় যে বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ হৈছে এক লক্ষ্য-চালিত জনসংখ্যা নিয়ন্ত্ৰণ ৰণনীতি। তেওঁ কয়, "এয়া চিন্তাৰ সমাপ্তি।"
পুষ্পাৰ ঘৰতো তিনিটা সন্তান আছিল; সম্প্ৰদায়ৰ এগৰাকী ননদ বা ডাঙৰ মহিলাই ৰজ্জু কাটি দিছিল আৰু 'লাচ্ছা ধাগা'ৰ সৈতে মূৰটো বান্ধি দিছিল যি আছিল হিন্দুসকলে সাধাৰণতে মণিবন্ধত পিন্ধা ডাঠ সূতা।
কম বয়সীয়া গামেটি মহিলাসকলে বিপদজনক ঘৰুৱা প্ৰসৱ নকৰিব, গোপলীয়ে কয়। তেওঁৰ একমাত্ৰ বোৱাৰী গৰ্ভৱতী। "আমি তাইৰ স্বাস্থ্য বা আমাৰ নাতি-নাতিনীৰ স্বাস্থ্যৰ সৈতে বিপদাশংকা নলওঁ।"
১৮ বছৰীয়া সাম্ভাৱ্য মাতৃগৰাকী বৰ্তমান আৰাৱলিৰৰ ওখ এখন গাঁৱত তেওঁৰ মাতৃগৃহত আছে য'ৰ পৰা জৰুৰীকালীন অৱস্থাত দ্ৰুতভাৱে স্থানান্তৰ কৰাটো কঠিন। "প্ৰসৱৰ সময় হ'লে আমি তাইক ইয়ালৈ লৈ আনিম, আৰু দুই বা তিনিগৰাকী মহিলাই তাইক টেম্পো এখনত দাৱাখানালৈ লৈ যাব।" টেম্পো মানে গোপলীয়ে স্থানীয় ৰাজহুৱা পৰিবহণ হিচাপে ব্যৱহৃত ডাঙৰ তিনিচকীয়া বাহনৰ কথা বুজাইছে।
"যি কি নহওক আজিৰ ছোৱালীবোৰে বিষ সহ্য কৰিব নোৱাৰে," গোপলীয়ে হাঁহিলে, আন মহিলাসকলক, তেওঁলোক সকলোকে, তেওঁৰ চুবুৰীয়া আৰু আত্মীয়সকলক, যিসকলে চাৰিওফালে সমবেত হৈছে, মূৰ দুপিয়াবলৈ আৰু হাঁহিবলৈ বাধ্য কৰিলে।
ঘৰৰ এই গোটটোত থকা আন দুই বা তিনিগৰাকী মহিলাৰো টিউবেল বন্ধ্যাকৰণ হৈছিল, কিন্তু মহিলাসকলে এই বিষয়ে আলোচনা কৰিবলৈ যথেষ্ট লাজ কৰে। আধুনিক গৰ্ভনিৰোধকৰ আন কোনো প্ৰকাৰ সচৰাচৰ পদ্ধতি ব্যৱহাৰ কৰা নহয়, গোপলিৰ মতে 'হয়তো কম বয়সীয়া মহিলাসকল অধিক বুদ্ধিমান'
নিকটতম পিএইচচিখন প্ৰায় ১০ কিলোমিটাৰ দূৰৈত নন্দেশমা গাঁৱত আছে। কাৰ্দাৰ কম বয়সীয়া মহিলাসকলৰ গৰ্ভধাৰণ নিশ্চিত হোৱাত পিএইচচি-ত পঞ্জীয়ন কৰা হয়। তেওঁলোকে তালৈ পৰীক্ষাৰ বাবে যায়, আৰু গাঁৱলৈ অহা স্বাস্থ্য কৰ্মীসকলৰ পৰা বিতৰণ কৰা কেলচিয়াম আৰু আইৰণৰ পৰিপূৰক গ্ৰহণ কৰে।
ৰাজপুত জাতিৰ অন্তৰ্ভুক্ত আৰু গাওঁখনত বাস কৰা বামৰিবাই কালুসিংহই কয়, "কাৰ্দাৰ মহিলাসকলে দল বান্ধি যায়, কেতিয়াবা গোগুণ্ডা চিএইচচি-লৈকে।" তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে স্বতন্ত্ৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তাই গামেটি মহিলাসকলৰ জীৱন সলনি কৰিছে, যিয়ে পূৰ্বে এজন পুৰুষ লগত নাথাকিলে কাচিৎহে গাঁৱৰ বাহিৰলৈ গৈছিল, তেওঁ কয়।
গামেটি পুৰুষকে ধৰি প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ সৈতে কাম কৰা অজীৱিকা ব্যুৰোৰ উদয়পুৰ গোটৰ এগৰাকী সম্প্ৰদায় সংগঠক কল্পনা যোশীয়ে কয় যে বৃহৎ পৰিমাণৰ বহিৰ্মুখী প্ৰব্ৰজন হোৱা গাওঁবোৰৰ 'পিছপৰা' মহিলাসকলৰ মাজত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাহে লাহে উদ্ভৱ হৈছে। "তেওঁলোকে এতিয়া নিজে এম্বুলেঞ্চ মাতিব জানে। বহুতে নিজে চিকিৎসালয়লৈ যায় আৰু তেওঁলোকে স্বাস্থ্য কৰ্মী আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে স্পষ্টভাৱে কথা পাতে," তেওঁ কয়। "প্ৰায় এক দশক পূৰ্বেও কথাবোৰ বহুত বেলেগ আছিল।" পূৰ্বতে পুৰুষসকল চুৰাটৰ পৰা উভতি নহালৈকে সকলো চিকিৎসাৰ প্ৰয়োজনীয়তা বন্ধ কৰি দিয়া হৈছিল, তেওঁ কয়।
ঘৰৰ এই গোটটোত থকা আন দুই বা তিনিগৰাকী মহিলাৰো টিউবেল বন্ধ্যাকৰণ কৰা হৈছিল, কিন্তু মহিলাসকলে এই বিষয়ে আলোচনা কৰিবলৈ যথেষ্ট লাজ কৰে। আধুনিক গৰ্ভনিৰোধকৰ আন কোনো প্ৰকাৰ সচৰাচৰ ব্যৱহাৰ কৰা নহয়, "কিন্তু হয়তো কম বয়সীয়া মহিলাসকল অধিক বুদ্ধিমান," গোপলীৰ মতে। গৰ্ভৱতী হোৱাৰ প্ৰায় এবছৰ আগতে তেওঁ বোৱাৰীক বিয়া কৰাই আনিছিল।
*****
কাৰ্দাৰ পৰা ১৫ কিলোমিটাৰৰ কম দূৰত্বৰ এখন গাঁৱৰ পাৰ্বতী মেঘৱালে (নাম পৰিৱৰ্তিত) কয় যে এজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ পত্নী হোৱাটো সদায় চিন্তাৰ বিষয় আছিল। তেওঁৰ স্বামীয়ে গুজৰাটৰ মেহছানাত এটা জিৰা পেকেজিং গোটত কাম কৰিছিল। অলপ সময়ৰ বাবে তেওঁ গিৰিয়েকৰ সৈতে মেহছানাত থাকিবলৈ চেষ্টা কৰিছিল, চাহৰ দোকান চলাইছিল, কিন্তু তেওঁলোকৰ তিনিটা সন্তানৰ শিক্ষাৰ বাবে উদয়পুৰলৈ উভটি আহিব লগীয়া হৈছিল।
২০১৮ চনত যেতিয়া তেওঁৰ স্বামী দূৰৈত আছিল, তেওঁ এক পথ দুৰ্ঘটনাত পতিত হৈছিল। তেওঁ পৰি যোৱাৰ লগে লগে এটা নখে তাইৰ কপালত বিন্ধিছিল। আঘাতৰ পৰা আৰোগ্য হোৱাৰ পিছত তেওঁৰ চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ তাৰ পিছতো তেওঁ দুবছৰতকৈও অধিক সময় ধৰি এক নিৰ্ণয় নোহোৱা মানসিক ৰোগত ভুগিছিল, তেওঁ কয়।
তেওঁ কয়, "মই সদায় মোৰ স্বামীৰ বিষয়ে, ল'ৰা-ছোৱালীৰ বিষয়ে, টকা-পইচাৰ বিষয়ে চিন্তিত আছিলোঁ আৰু তাৰ পিছতে দুৰ্ঘটনাটো সংঘটিত হৈছিল।" সেই সময়ছোৱা তেওঁৰ বাবে গভীৰ দুখৰ সময় আছিল। "সকলোৱে মোৰ চিঞৰ-বাখৰ আৰু মই কৰা কামবোৰৰ বাবে ভয় খাইছিল; গোটেই গাওঁবাসী মোৰ কাষ চাপিব পৰা নাছিল। মই মোৰ সকলো মেডিকেল কাগজ ফালি পেলাইছিলো, মই মুদ্ৰা, কাপোৰ ছিঙি পেলাইছিলো.." তেওঁ এতিয়া সেই কামবোৰ যে কৰিছিল সেই বিষয়ে জানে আৰু মানসিক ৰোগটোৰ বিষয়ে কিছু লাজো পায়।
তেওঁ কয়, "তেতিয়া লকডাউন হৈছিল, আৰু সকলোবোৰ পুনৰ অন্ধকাৰ হৈ গৈছিল।" "মই প্ৰায় আকৌ এবাৰ মানসিকভাৱে ভাঙি পৰিছিলো।" তেওঁৰ স্বামীয়ে ২৭৫ কিলোমিটাৰতকৈও অধিক দূৰত থকা মেহছানাৰ পৰা ঘৰলৈ খোজ কাঢ়িব লগা হৈছিল। উদ্বেগে পাৰ্বতীক প্ৰায় ৰুষ্ট কৰি তুলিছিল। তেওঁৰ কনিষ্ঠ পুত্ৰও উদয়পুৰৰ পৰা আঁতৰত আছিল, য'ত তেওঁ এখন ৰেষ্টুৰেণ্টত কাম কৰিছিল, ৰুটি প্ৰস্তুত কৰিছিল।
মেঘৱাল হৈছে এক দলিত সম্প্ৰদায় আৰু পাৰ্বতীয়ে কয় যে অনুসূচীত জাতিৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে এৰি যোৱা মহিলাসকলে গাওঁখনত জীৱিকা অৰ্জনৰ বাবে অত্যধিক সংগ্ৰামৰ সন্মুখীন হয়। "মানসিক ৰোগ বা মানসিক ৰোগৰ ইতিহাস থকা এগৰাকী দলিত মহিলাৰ বাবে, আপুনি কল্পনা কৰিব পাৰিবনে কেনেকুৱা হৈছিল?"
পাৰ্বতীয়ে অংগনৱাড়ী কৰ্মী আৰু চৰকাৰী কাৰ্যালয়ত সহায়ক হিচাপে কাম কৰিছিল। দুৰ্ঘটনাটোৰ পিছত আৰু তেওঁৰ দুৰ্বল মানসিক স্বাস্থ্যৰ পিছত চাকৰিটো বৰ্তাই ৰখা কঠিন প্ৰমাণিত হৈছিল।
২০২০ চনত দেৱালীৰ আশে পাশে, লকডাউন উঠাই লোৱাৰ লগে লগে, তেওঁ গিৰিয়েকক কৈছিল যে তেওঁ গিৰিয়েকক পুনৰ কেতিয়াও প্ৰব্ৰজন কামৰ বাবে যাবলৈ নিদিব। পৰিয়ালৰ পৰা আৰু সমবায় এটাৰ পৰা ঋণ লৈ, পাৰ্বতীয়ে নিজৰ গাঁৱত এখন সৰু গেলামাল দোকান আৰম্ভ কৰিছিল। তেওঁৰ স্বামীয়ে গাওঁখনৰ ভিতৰত আৰু ইয়াৰ আশে পাশে দৈনিক মজুৰিৰ কাম বিচাৰিবলৈ চেষ্টা কৰে। "মই আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ পত্নী হৈ থাকিব নিবিচাৰো," তেওঁ কয় - "ই অতিশয় মানসিক কষ্ট।"
কাৰ্দালৈ উভতি আহি, মহিলাসকল সন্মত হয় যে পুৰুষৰ অবিহনে চাৰিওফালে নিজে জীৱিকা বিচাৰি পোৱাটো প্ৰায় অসম্ভৱ বুলি প্ৰমাণিত হৈছে। গামেটি মহিলাসকলৰ বাবে উপলব্ধ একমাত্ৰ কাম হৈছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিযুক্তি গেৰাণ্টি আইনৰ (এমজিএনৰেগা) অধীনত পোৱা কাম আৰু কাৰ্দাৰ বাহিৰৰ গোটত থকা মহিলাসকলে ২০২১ চনৰ বাবে পুনৰ বাৰিষা অহালৈ ১০০ দিনৰ কাম সম্পূৰ্ণ কৰিছিল।
গোপলীয়ে কয়, "আমাক প্ৰতি বছৰে ২০০ দিনৰ কামৰ প্ৰয়োজন। এতিয়াৰ বাবে, মহিলাসকলে ওচৰৰে বজাৰত বিক্ৰী কৰিব পৰা পাচলিৰ খেতি কৰিবলৈ চেষ্টা কৰি আছে, তেওঁ কয়, এয়া হ’ল পুৰুষৰ সৈতে আলোচনা নকৰাকৈ তেওঁলোকে গ্ৰহণ কৰা আন এটা সিদ্ধান্ত। "যি কি নহওক, আমি খাবলৈ পুষ্টিকৰ কিবা এটাৰ প্ৰয়োজন, নহয় জানো?"
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত -কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি ? তেন্তে অনুগ্ৰহ কৰি Cc-ত namita@ruralindiaonline.org ৰাখিএই ইমেইল ঠিকনালৈ লিখক - zahra@ruralindiaonline.org
অনুবাদ: মনোৰঞ্জন মজুমদাৰ