“ক’তো একো ভূল হোৱা নাছিল। অস্বাভাৱিক বুলিবলৈকো একো নাছিল। সকলো ঠিকেই আছিল, জীৱনটো সাধাৰণভাৱেই চলি আছিল,” দৈনন্দিন জীৱনটো এনেকৈ চলি থকাৰ মাজতে হঠাতে মূৰত সৰগ ভাঙি পৰাৰ কথা সুঁৱৰি পৰিয়ালৰ ফাইল আৰু কাগজ-পাতিৰ মাজত বহি থকা ৩৩ বছৰ বয়সীয়া দীনেশ চন্দ্ৰ সুথাৰে কয়।
ৰাজস্থানৰ বান্সি গাঁৱৰ সুথাৰৰ ঘৰৰ দেৱালত তেওঁৰ প্ৰয়াত পত্নীৰ ফটো ওলমাই থোৱা আছে। দীনেশৰ ফাইলবোৰৰ মাজত থকা ভাৱনা দেৱীৰ ফটোখন বেৰত ওলমি থকাখনৰ সৈতে একেই। ২০১৫ত বিয়াৰ কেইমাহমান পিছতে তেওঁলোকে সেইখন ফটো উঠিছিল, চৰকাৰী আঁচনিৰ বাবে ফটোখন লগা হৈছিল।
পাঁচ বছৰ ধৰি দীনেশে এই কাগজ-পাতি আৰু ফটোবোৰ তেওঁৰ বিয়াৰ চিন হিচাপে ৰাখি থৈছে। তেওঁ দুটা সন্তান, তিনিবছৰীয়া চিৰাগ আৰু ২৯ দিনীয়া দেৱাংশ, যাৰ নামাকৰণ কৰাৰ আগেয়ে বাৰি সদ্ৰি পৌৰনিগমৰ অন্তৰ্গত ৫০ খন বিচনাযুক্ত সামূহিক স্বাস্থ্যকেন্দ্ৰত মাক ভাৱনাৰ বন্ধ্যাকৰণৰ সময়ত অন্ত্ৰৰ ছিদ্ৰ হৈ মৃত্যু ঘটে।
বিএড ডিগ্ৰীধাৰী দীনেশে বান্সিৰ পৰা ছয় কিলোমিটাৰ দূৰৰ বাড়ৱালৰ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি মাহে ১৫,০০০ টকা পায়। তেওঁ ঘটনাবোৰ জুকিয়াই চাইছে, ক’ত এনেকুৱা সুৰুঙা থাকি গ’ল যে তেওঁলোকৰ জীৱন আউল লাগি গ’ল। প্ৰতিবাৰেই তেওঁ নিজকে দোষ দি কথা সামৰে।
“মই অস্ত্ৰোপচাৰৰ কাৰণে সন্মতি দিয়াৰ বাবে, সকলো ঠিকে আছে বুলি কৈ থকা ডাক্তৰক বিশ্বাস কৰাৰ বাবেই এয়া হ’বলৈ পালে নেকি? মই আৰু অধিক কথা জানি ল’ব লাগিছিল। মই অস্ত্ৰোপচাৰৰ কাৰণে সন্মতি দিব নালাগিছিল বা ডাক্তৰক বিশ্বাস কৰিব নালাগিছিল। মোৰ তাতেই ভুল হৈছিল,” দীনেশে কয়। ২০১৯ৰ ২৪ জুলাইত পত্নীক হেৰুওৱা দীনেশৰ মনত অহৰহ পাকঘূৰণি খাই থকা এই কথাবোৰে আঘাত হানিছিল।
২০১৯ৰ ২৫ জুনত মৃত্যুৰ এমাহ আগতে ২৫ বছৰীয়া ভাৱনাই সুস্থ-সবল দেৱাংশক জন্ম দিছিল। প্ৰথমবাৰৰ দৰে এইবাৰো প্ৰসৱ সুকলমে হৈছিল। চিত্তৌৰগড় জিলাৰ বাৰি সদ্ৰি ব্লকৰ সেই সামূহিক স্বাস্থ্যকেন্দ্ৰটোত তেওঁৰ ৰিপ’ৰ্টবোৰ, স্বাস্থ্যপৰীক্ষা আৰু আনকি প্ৰসৱ, সকলো স্বাভাৱিকে আছিল।
প্ৰসৱৰ প্ৰায় ২০ দিনমান পিছত ভাৱনা যেতিয়া বান্সিৰ ৩,৮৮৩ জনসংখ্যাৰ নিজৰ মাকৰ গাঁৱৰ ঘৰত আছিল, স্বীকৃতিপ্ৰাপ্ত সামূহিক স্বাস্থ্যকৰ্মী (আশাকৰ্মী)য়ে তেওঁক নিয়মীয়া স্বাস্থ্যপৰীক্ষা আৰু তেজপৰীক্ষাৰ বাবে সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ মাতিছিল। তেওঁৰ গাত একো দূৰ্বলতা নাছিল যদিও তেওঁ আশাকৰ্মীগৰাকীৰ সৈতে যোৱাৰ সিদ্ধান্ত ল’লে। তেওঁৰ মাকো লগত গ’ল। “আশাকৰ্মীগৰাকী আমাৰ ঘৰলৈ আহোতে কোনোধৰণৰ অস্ত্ৰোপচাৰৰ কথা কোৱা হোৱা নাছিল,” ভাৱনাৰ মাকে দীনেশক কৈছিল।
স্বাস্থ্যপৰীক্ষা আৰু তেজপৰীক্ষা কৰোৱাৰ পিছত আশাকৰ্মী আৰু কৰ্তব্যৰত ডাক্তৰগৰাকীয়ে তেওঁ বন্ধ্যাকৰণৰ অস্ত্ৰোপচাৰৰ বাবে পৰামৰ্শ দিয়ে।
“তেওঁৰ ইতিমধ্যে দুটা সন্তান হ’ল আৰু দম্পত্তিহালে পৰিয়াল পৰিকল্পনাৰ আন কোনো পদ্ধতি অৱলম্বন নকৰা হেতুকে সেয়া অস্ত্ৰোপচাৰ কৰাটোৱে তেওঁলোকৰ বাবে ভাল আছিল। ঝঞ্জট খটম্ (ঝামেলাই নাথাকে),” ডাক্তৰ আৰু আশাকৰ্মীগৰাকীয়ে ভাৱনাক মাকৰ আগত কৈছিল।
দশম মানলৈ পঢ়া ভাৱনাই কথাখিনি বিবেচনা কৰিম বুলি আৰু ঘৰলৈ অহাৰ পিছত গিৰীয়েকৰ সৈতে কথা পাতিম বুলি কৈছিল, সেয়া কৰাটোৱে উত্তম উপায় বুলি তেওঁক কোৱা হৈছিল। “সেইদিনা তেওঁলোকৰ সামূহিক স্বাস্থ্যকেন্দ্ৰটোত বন্ধ্যাকৰণ শিবিৰ চলি আছিল। সেয়ে তেওঁলোকে সেইদিনাই বন্ধ্যাকৰণৰ বাবে আমাক জোৰ কৰিলে, ক’লে যে প্ৰসৱৰ পিছত তেওঁ ইতিমধ্যে স্বাস্থ্য ঘূৰাই পাইছে, গতিকে এইটো অস্ত্ৰোপচাৰ হৈ গ’লে তেওঁ বাৰে বাৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়,” ডাক্তৰে দীনেশক কোৱা কথাখিনি তেওঁৰ মনত পৰিল। পত্নীৰ পৰা ফোনকল পোৱাৰ পিছত তেওঁ সামূহিক স্বাস্থ্যকেন্দ্ৰটোত উপস্থিত হ’ল।
“কিবা আচহুৱা যেন লাগিছিল। সঁচা ক’বলৈ হ’লে আমি বন্ধ্যাকৰণৰ কথা ভবা নাছিলো। আমি সময়ত কৰিলোহেঁতেন, কিন্তু মই এই সকলো কথা প্ৰথমবাৰৰ বাবে শুনি আছিলো। আৰু মই সন্মতি দিছিলো,” দীনেশে কয়।
“তাৰপিছত একোৱে আগৰ দৰে হৈ নাথাকিল,” তেওঁ কয়।
ভাৱনা সেই পাঁচগৰাকী মহিলাৰ মাজৰ এগৰাকী যিসকলৰ ২০১৯ৰ ১৬ জুলাইৰ দিনা বাৰি সদ্ৰিৰ সামূহিক স্বাস্থ্যকেন্দ্ৰত স্থায়ী বন্ধ্যাকৰণ কৰোৱা হৈছিল। এমবিবিএছ ডাক্তৰ এজনে মিনিলেপ প্ৰক্ৰিয়াৰে গৰ্ভনলী বন্ধ্যাকৰণ কৰোৱা তেওঁ আছিল প্ৰথমগৰাকী মহিলা। অস্ত্ৰোপচাৰৰ দুঘণ্টাৰ পিছতে বাকী চাৰিগৰাকীক যাবলৈ দিয়া হৈছিল। ভাৱনাই তিনিঘণ্টাৰ মুৰত চেতনা ঘূৰাই পোৱাৰ পিছতে তেওঁৰ তলপেটত অসহ্য বিষ আৰম্ভ হৈছিল। তেওঁলোকে ভাৱনাক বেজী দিছিল আৰু ৰক্তচাপ বেছি হৈ থকা কাৰণে তেওঁক সামূহিক স্বাস্থ্যকেন্দ্ৰটোত ৰাতিটো কটাবলৈ কৈছিল। দ্বিতীয় দিনা তেওঁ বিষৰ উপশম ঘটা নাছিল, তৎসত্ত্বেও তেওঁক ডিচাৰ্জ কৰি দিয়া হৈছিল।
“সেই একেজন ডাক্তৰে মোক টানকৈ কৈছিল, অপাৰেচনৰ পিছত বিষ হোৱাটো তেনেই স্বাভাৱিক, তাইক ঘৰলৈ লৈ যাওক,” ডাক্তৰে তেনেকৈ কোৱা দীনেশে মনত পেলালে।
নিশাৰ ভাগত ভাৱনাৰ পেট ফুলিব ধৰিলে, প্ৰচণ্ড বিষ আৰম্ভ হ’ল। পুৱা দম্পত্তিহাল আকৌ সামূহিক স্বাস্থ্যকেন্দ্ৰটোত উপস্থিত হ’ল। এক্স-ৰে আৰু চন’গ্ৰাফি কৰাৰ পিছত ভাৱনাক আকৌ হস্পিতালত ভৰ্ত্তি কৰোৱা হ’ল। কি ক্ৰুটি হৈছে তেওঁলোকে একো ধৰিব পৰা নাছিল। তাৰ পিছত তিনিটা দিনত তেওঁক প্ৰতিদিনে ছটাকৈ আইভি ফ্লুইড দিয়া হ’ল। দুদিন তেওঁক এখুদমানো খাদ্য খাবলৈ দিয়া হোৱা নাছিল। পেট ফুলাটো কমিছিল, তাৰপিছত আকৌ ফুলিবলৈ ধৰিছিল।
অস্ত্ৰোপচাৰৰ পাঁচদিন পিছত, নিশা ১০ মান বজাত যিজন ডাক্তৰে অপাৰেচন কৰিছিল, তেওঁ ভাৱনাক উন্নত চিকিৎসাৰ বাবে তাৰপৰা প্ৰায় ৯৫ কিলোমিটাৰ দূৰৰ উদয়পুৰস্থিত চৰকাৰী হস্পিতাললৈ লৈ যাব লাগিব বুলি জনালে। “তেওঁ ব্যক্তিগত বাহনৰ ব্যৱস্থা কৰালে যাৰ পইচা মই পৰিশোধ কৰিলো (১,৫০০ টকা), আনকি স্বাস্থ্যকেন্দ্ৰটোৰ কম্পাউণ্ডাৰজনকো লগত পঠিয়ালে। কিন্তু সমস্যাটো আছিল কি? মই তেতিয়াও জনা নাছিলো। অপাৰেচন সংক্ৰান্ত কিবা আছিল। মই সিমানখিনিয়েই জানিছিলো।”
তেওঁলোকে ৰাতি দুই বজাত উদয়পুৰৰ মহাৰাণা ভুপাল চৰকাৰী হস্পিতালৰ জৰুৰীকালীন ৱাৰ্ড পাওঁতে নতুনকৈ এক্স-ৰে কৰোৱা হয় আৰু তেওঁলোকক আনটো ৱিঙৰ মহিলা আৰু শিশু ৱাৰ্ডলৈ যাবলৈ পৰামৰ্শ দিয়ে। তাতে আকৌ এবাৰ ভৰ্ত্তিৰ কাগজ-পত্ৰ পুৰণ কৰিবলগীয়া হয়।
তাৰ পাছত প্ৰথমবাৰৰ বাবে দীনেশে বুজিছিল যে কিবা এটা সাংঘাতিক ভুল হৈছে, যেতিয়া কৰ্তব্যৰত ডাক্তৰে ভাৱনাৰ চিকিৎসা কৰাত অনিচ্ছা দৰ্শাই কৈছিল, “আমি আন হস্পিতালৰ ভুলৰ চিকিৎসা নকৰো।”
শেষত তেওঁক ২২ জুলাইৰ দিনা ভৰ্ত্তি কৰোৱা হ’ল আৰু চন’গ্ৰাফি কৰোৱাৰ পিছত দীনেশক কোৱা হ’ল যে দুটা অস্ত্ৰোপচাৰ ততালিকে কৰাব লাগিব। প্ৰথমতে, মলাশয় চাফা কৰাব লাগিব আৰু দ্বিতীয়টো হৈছে তেওঁৰ অন্ত্ৰৰ ছিদ্ৰাংশ মেৰামতি কৰিব লাগিব। আগন্তুক ৪৮ ঘণ্টা খুবেই জটিল হ’ব বুলি তেওঁক কোৱা হ’ল।
অস্ত্ৰোপচাৰৰ পিছত ডাক্তৰে দীনেশক ক’লে যে বাৰি সদ্ৰিৰ সামূহিক স্বাস্থ্যকেন্দ্ৰটোত বন্ধ্যাকৰণ প্ৰক্ৰিয়াৰ সময়ত ডাক্তৰৰ স্কালপেলডালেৰে ভাৱনাৰ অন্ত্ৰত লাগি ফুটা হৈছে আৰু সেইফালেৰে মল ওলাই তেওঁৰ তলপেটত বিয়পি পৰাত গোটেই দেহতে সংক্ৰমণ ঘটিছে।
পৰৱৰ্ত্তী ৪৮ ঘণ্টা সময় তেওঁক অবজাৰ্ভেছনত ৰখা হ’ল। তেওঁৰ ল’ৰা দুটা ককা-আইতাকৰ লগত থাকিল। দীনেশে চাহ-পানী খাই ভাৱনাৰ স্বাস্থ্য ভাললৈ অহাৰ বাবে অপেক্ষা কৰিলে। ভাৱনাৰ স্বাস্থ্য ভাললৈ নাহিল। ২০১৯ৰ ২৪ জুলাইৰ দিনা নিশা ৭ বাজি ১৫ মিনিটত তেওঁৰ মৃত্যু ঘটিল।
চিত্তৌৰগড়স্থিত বেচৰকাৰী সংস্থা প্ৰয়াস আৰু হিউমেন ৰাইটছ্ ল নেটৱৰ্কে ঘটনাটো অনুসৰণ কৰি ২০১৯ৰ ডিচেম্বৰত সত্যানুসন্ধান কৰিলে। তেওঁলোকে দেখিলে যে ভাৱনাৰ বন্ধ্যাকৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰিয়াল কল্যাণ আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্দেশিত মহিলা আৰু পুৰুষৰ বন্ধ্যাকৰণ সেৱাৰ মানক (২০০৬) উলংঘা কৰা হৈছে।
তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তেওঁক সামূহিক কেন্দ্ৰটোলৈ ফুচুলাই লৈ যোৱা হৈছিল আৰু কোনো আগতীয়া তথ্য-পাতি নিদিয়াকৈ বা পৰামৰ্শ নকৰাকৈ স্থায়ী বন্ধ্যাকৰণ কৰাবলৈ বাধ্য কৰা হৈছিল। আনকি অস্ত্ৰোপচাৰৰ পিছত সামূহিক স্বাস্থ্যকেন্দ্ৰটোৰ ডাক্তৰে পৰিয়ালক তেওঁলোকৰ অৱহেলাৰ ফলত হোৱা ছিদ্ৰৰ কথাও নজনালে আৰু সেই ক্ষতি নিৰাময় কৰিবলৈ কোনো শল্যচিকিৎসাজনিত ব্যৱস্থাও নল’লে। তাৰোপৰি সেই সামূহিক চিকিৎসা কেন্দ্ৰটোত নাইবা উদয়পুৰৰ চিকিৎসালয়খনতো কোনেও তেওঁলোকক চৰকাৰৰ পৰিয়াল পৰিকল্পনা বীমাকৰণ আঁচনি, ২০১৩ৰ কথাও নজনালে, যিটোৰ অধীনত গৰ্ভনলী বন্ধ্যাকৰণ প্ৰক্ৰিয়াৰ পিছতে হোৱা মৃত্যুৰ বাবদ ক্ষতিপূৰণ হিচাপে ২ লাখ টকা পৰিয়ালে বিচাৰিব পাৰিলেহেঁতেন।
প্ৰয়াসৰ সঞ্চালক চায়া পাচৌলিৱে ভাৱনাৰ উদাহৰণ দি কয় যে কেনেদৰে বন্ধ্যাকৰণৰ চৰকাৰী নিৰ্দেশনা অমান্য কৰি বন্ধ্যাকৰণৰ সংখ্যা বঢ়োৱা ‘শিবিৰ’ চলি আহিছে আৰু কেনেদৰে ই মহিলাৰ স্বাস্থ্য আৰু অধিকাৰৰ খৰ্ব কৰিছে, তাৰে এয়া এক সঠিক নিদৰ্শন।
“মহিলা এগৰাকীয়ে শল্যচিকিৎসাৰ বাবে সাজু হয় নে নহয় সেয়া বিবেচনা কৰিবলৈ, চিন্তা কৰিবলৈ আৰু বাৰম্বাৰ ভাবিবলৈ মহিলাগৰাকীক আৰু তেওঁৰ স্বামীক পৰ্য্যাপ্ত সময় দিব লাগিব,” নিৰ্দেশনাৰ কথা আঙুলিয়াই পাচৌলিয়ে কয়। “শিবিৰ এটা চলি থকা কাৰণেই আৰু উৰ্দ্ধতন কৰ্তৃপক্ষৰ পৰা মহিলাক তাৰ বাবে সৈমান কৰোৱাৰ হেঁচা থকাৰ বাবেই তেওঁলোকে বন্ধ্যাকৰণৰ অস্ত্ৰোপচাৰৰ বাবে তেওঁক তেনেদৰে জোৰ-জবৰদস্তি কৰাব নোৱাৰে। চৰকাৰে কয় যে তেওঁলোকে সংখ্যা বঢ়োৱাৰ দিশত এতিয়া জোৰ নিদিয়ে, কিন্তু আমি জানো যে মহিলাক বন্ধ্যাকৰণৰ বাবে সৈমান কৰোৱাৰ বাবে স্বাস্থ্যকৰ্মীসকলক হেঁচা দিয়া হয় আৰু কিমান বন্ধ্যাকৰণ কৰোৱা হ’ল সেই সংখ্যাৰ ওপৰতে জিলা (প্ৰশাসন)খনৰ মান বিচাৰ কৰে আৰু আটাইতকৈ ভাল প্ৰদৰ্শন দৰ্শোৱা জিলাক চৰকাৰে আনকি পুৰস্কাৰ দিয়াৰো ব্যৱস্থা কৰে। এই অনুশীলন বন্ধ হ’ব লাগে।”
“শিবিৰ পতা এই ব্যৱস্থা আঁতৰাব লাগিব, কেৱল সুৰক্ষিত চাৰ্জাৰিৰ সুবিধা দিবলৈ বুলিয়েই নহয়, বন্ধ্যাকৰণৰ প্ৰাক আৰু উত্তৰ কালৰ ভাল সেৱা নিশ্চিত কৰিবলৈ আৰু জটিলতাই দেখা দিয়াৰ ক্ষেত্ৰত উচিত যত্ন লোৱাৰ সুবিধা সৃষ্টিৰ বাবে এই ব্যৱস্থা আঁতৰাব লাগে,” পাচৌলিয়ে কৈ যায়। “তাৰ পৰিৱৰ্তে বন্ধ্যাকৰণক প্ৰাথমিক স্বাস্থ্যসেৱা ব্যৱস্থাৰ সংহত আঁচনিৰ অন্তৰ্ভূক্ত কৰাব লাগে। স্বাস্থ্যসেৱাৰ সৈতে জৰিত কৰ্মচাৰীসকলৰ পৰামৰ্শদানৰ প্ৰশিক্ষণ থকা উচিত, যিটো সেৱাৰ আৱশ্যকীয় উপাদান হিচাপে প্ৰচাৰ কৰিব লাগিব।”
ৰাজস্থানত কাম কৰা সময়ছোৱাত প্ৰয়াসে বন্ধ্যাকৰণ বিফল হোৱা মহিলাৰ এনে বহু ঘটনা পাইছে য’ত তেওঁলোকে কেতিয়াও ক্ষতিপূৰণ দাবী কৰা নাই। আচলতে তেওঁলোক যে সেই আঁচনিৰ অধীনত ক্ষতিপূৰণ পোৱা যোগ্য, সেই কথাও নাজানে।
“প্ৰায়ে মহিলাসকলক তেওঁলোকৰ গিৰীয়েক নাইবা পৰিয়ালক সেই বিষয়ে আৱশ্যকীয় তথ্যখিনি যোগান নধৰাকৈয়ে বন্ধ্যাকৰণৰ বাবে পতিয়ন নিওৱা হয়। বিৰল যদিও কিছুমান ক্ষেত্ৰত কি জটিলতাই দেখা দিব পাৰে সেই বিষয়ে তেওঁলোকৰ সৈতে আলোচনা কৰা নহয় আৰু তাৰ বাবে মহিলাগৰাকীক সাজুও কৰি তোলা নহয়। বন্ধ্যাকৰণ বিফল হ’লে নাইবা স্বাস্থ্যজনিত জটিলতাই দেখা দিলে কি কৰিব লাগিব সেইবিষয়ে কেতিয়াও পৰামৰ্শ দিয়া নহয়। বিফলতা, মৃত্যু বা জটিলতাৰ ক্ষেত্ৰত তেওঁলোকে দাবী কৰিব পৰা ক্ষতিপূৰণৰ বিষয়েও তেওঁলোকক কাচিৎহে জনোৱা হয়,” পাচৌলিয়ে যোগ দিয়ে।
প্ৰকাশ্যে এনে সকলো নিয়মৰ অৱজ্ঞাৰ ফল দীনেশে ভূগিবলগীয়া হৈছে যদিও ধৈৰ্য্য আৰু সাহসেৰে পত্নীক হেৰুওৱাৰ কথা তেওঁ মানি লৈছে; পুনৰাই শিক্ষকতাৰ বাবে নিজকে সাজু কৰিবলৈ কষ্ট কৰা দীনেশৰ মুখত সামান্য শ্লেষাত্মক ৰসিকতাও দেখা গৈছে, টিফিন বাকচটো পেকিং কৰিবলৈ লোৱা দীনেশে হাঁহি মাৰি কৈছেঃ “মই প্ৰতিদিনে এটা খালি টিফিন বাকচ লৈ যাওঁ।”
সুথাৰ কেতিয়াও ঘূৰি নাহে। কিন্তু দীনেশে পুনৰাই জীৱনটো আৰম্ভ কৰিব লাগিব, সেই কথা তেওঁ বুজি পায়। নিজৰ কংক্ৰিটৰ ঘৰটোত তেওঁ নিৰ্মাণৰ কিছু কাম পুনৰ আৰম্ভ কৰিছে। টিভিটো চলি আছে, এটা চুকৰ পৰা চিমেণ্ট-বালিৰ মচলা মৰাৰ শব্দ ভাঁহি আহিছে। কাষতে চুবুৰীৰ মহিলা এগৰাকীয়ে দেৱাংশক নিচুকাইছে।
পৰিয়ালটোৱে ভাৱনাৰ মৃত্যুৰ আগলৈকে দৰৱ-পাতি আৰু যাতায়তৰ নামত ২৫,০০০ ৰো অধিক টকা খৰছ কৰিছে আৰু এই বিপৰ্য্যয়ৰ বাবে যি ন্যায় পায় সেয়া আঁজুৰি লোৱাৰ বাবে দীনেশ দৃঢ়প্ৰতিজ্ঞ। ২ লাখ টকাৰ ক্ষতিপূৰণৰ বাবে তেওঁৰ দৰ্খাস্তখন চিত্তৌৰগড়ৰ মুখ্য চিকিৎসা বিষয়াৰ কাৰ্য্যালয়ত পৰি আছে। “মোৰ হাতত যি আছে সকলো নথিপত্ৰ পঠিয়াইছো,” তেওঁ কয়। “তাই থকা হ’লে সকলো ঠিকে থাকিলহেঁতেন।”
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত -কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত namita@ruralindiaonline.org ৰাখিএই ইমেইল ঠিকনালৈ লিখক- zahra@ruralindiaonline.org
অনুবাদ: পংকজ দাস