এই বছৰ জানুৱাৰীত প্ৰথমবাৰৰ বাবে শান্তি মাঝি আইতাক হ’ল, ৩৬ বছৰ বয়সতে। দুটা দশকত নিজ ঘৰৰ চাৰিবেৰৰ মাজতে কোনো ডাক্তৰ কিম্বা নাৰ্ছৰ সহায় অবিহনে সাতোটাকৈ সন্তান জন্ম দিয়া ক্ষীণকায় চেহেৰাৰ মহিলাগৰাকীয়ে সেইদিনা অৱশেষত ৰাতিৰ ভাগত হস্পিতাললৈ যাবলগীয়া হ’ল।
''মোৰ ছোৱালীজনী চাৰিঘণ্টা সময় বিষত ছটফটাই আছিল, কিন্ত প্ৰসৱ হোৱা নাছিল। আমি টেম্প’ এখন ভাড়া কৰিবলগীয় হ’ল,’’ ঘৰত ডাঙৰজনী ছোৱালী মমতাৰ প্ৰসৱ যন্ত্ৰণাৰ কথা মনত পেলাই তেওঁ কয়। টেম্প’ মানে তেওঁ তিনিচকীয়া যাত্ৰাবাহী বাহনখনৰ কথা কৈছে। সেইখন সন্ধ্যাবেলা চেওহাৰ চহৰৰ পৰা চাৰিকিলোমিটাৰমান বাট আহোতে প্ৰায় এঘণ্টা সময় লাগিল। মমতাক দৌৰাদৌৰিকৈ চেওহাৰৰ জিলা চিকিৎসালয়খনলৈ লৈ যোৱা হ’ল, তাতে তেওঁ কেবাঘণ্টা পিছত ল’ৰা এটি জন্ম দিলে।
''টেম্প’খনে ৮০০ টকা ল’লে,’’ শান্তিয়ে টেম্প’ৰ ভাড়াক লৈ খং কৰি ভোৰভোৰাই কথাখিনি ক’লে। ''আমাৰ চুবুৰীৰ কোনেও হস্পিতাললৈ নাযায়, তাত এম্বুলেঞ্চ আছে নে নাই আমি নাজানো।’’
শান্তিয়ে সেই ৰাতিয়ে ঘৰলৈ উভতিছিল, তেওঁৰ সৰুজনী জীয়াৰী চাৰিবছৰীয়া কাজলে শোৱাৰ আগতে কিবা খালে নে নাই সেয়া চাবলৈ। ''মই আইতা হ’লো,’’ তেওঁ কয়। ''কিন্তু মাকৰ দায়িত্বও মোৰ ওপৰত আছে।’’ মমতা আৰু কাজলৰ উপৰিও তেওঁৰ আন তিনিজনী জীয়াৰী আৰু দুই পুত্ৰ আছে।
মাঝি পৰিয়ালটো মুছাহাৰ তোলাত থাকে। উত্তৰ বিহাৰৰ চেওহাৰ ব্লক ও জিলাৰ মাধপুৰ অনন্ত গাঁৱৰ দাঁতিৰ এক কিলোমিটাৰমান বাহিৰত এই চুবুৰীটো আছে। মাটি লেপি দিয়া বাঁহৰ প্ৰায় ৪০ টামান জুপুৰীৰ এই চুবুৰীটোত ৩০০-৪০০ মানৰ জনবসতি। তেওঁলোক আটায়ে মুছাহাৰ জাতিৰ, বিহাৰৰ আটাইতকৈ উপান্ত শ্ৰেণীৰ মাজৰ এইসকল লোক মহাদলিত সম্প্ৰদায়ৰ বুলি চিহ্নিত। জুপুৰীৰ কাষতে ভগা-চিগা বেৰৰ গোহালিত তেওঁলোকৰ দুই-এটা গৰু-ছাগলী আছে।
শান্তিয়ে চুবুৰীটোৰ এটা মুৰে থকা ৰাজহুৱা দমকলটোৰ পৰা ৰঙা বাল্টি এটাত এবাল্টি পানী আনিছে। পুৱা ৯ বাজিছে, ঘৰৰ আগৰ ঠেক ৰাস্তাটোত তেওঁ থিয় দি ৰৈছে। তাতে ৰাস্তাৰ কাষৰ ঘোলনী এটাত চুবুৰীয়াৰ ম’হ এটাই পানী খাইছে। স্থানীয় ভাষাতে তেওঁ কয় যে নিজৰ প্ৰসৱৰ সময়ত তেওঁ একো সমস্যাৰ সন্মুখীন হোৱা নাছিল, 'সাত গ’ মানে সাতোটাৰে প্ৰসৱ ঘৰতে কোনো বিশেষ হাই-উৰুমি নোহোৱাকৈ হৈছিল।
''মেৰি দেয়াদিন,’’ কোনে নাভিৰজ্জুডাল কোনে কাটিছিল বুলি সোধাত তেওঁ উদাসীনভাৱে কয়। দেয়াদিন মানে তেওঁ ভাইবোৱাৰীৰ কথা কৈছে। কিহেৰে সেইডাল কটা হৈছিল বুলি সোধাত তেওঁ নাজানো বুলি মুৰ জোকাৰিলে। আমাৰ কাষত গোট খোৱা ১০-১২ গৰাকী মহিলাৰ মাজৰে কোনোবাই ক’লে ঘৰৰে চুৰীকটাৰী এখন ধুই ব্যৱহাৰ কৰা হৈছিল। সেয়া ইমান বিচাৰ-বিবেচনা কৰি থাকিবলগীয়া কথা নহয় বুলি তেওঁলোকে ভাবে।
মাধপুৰ অনন্ত গাঁৱৰ এই মুছাহাৰ চুবুৰীৰ প্ৰায়ভাগ মহিলাই নিজৰ জুপুৰীতে সন্তান জন্ম দিছে। অৱশ্যে কিছুমানৰ ক্ষেত্ৰত জটিলতাই দেখা দিয়াত তেওঁলোকক হস্পিতাললৈ নিয়া হৈছিল বুলি কয়। চুবুৰীটোত সন্তান প্ৰসৱত সহায় কৰা কোনো পাকৈত মহিলা নাই। প্ৰায়ভাগ মহিলাৰে চাৰি-পাঁচোটাকৈ সন্তান আছে, কোনেও গাওঁখনৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ থকাৰ কথা নাইবা তাত প্ৰসৱ কৰোৱা হয় বুলি নাজানে।
''মই নাজানো,’’- গাওঁখনত স্বাস্থ্যকেন্দ্ৰ আছে নে ৰাজ্যচালিত ঔষধালয় আছে বুলি সোধাত শান্তিয়ে উত্তৰ দিয়ে। ৬৮ বছৰ বয়সীয়া ভাগুলানিয়া দেৱীয়ে কয় যে মাধপুৰ অনন্তত নতুন ক্লিনিক এখন খোলাৰ কথা তেওঁ শুনিছে। ''কিন্তু মই কেতিয়াও তালৈ যোৱা নাই। তাতে মহিলা ডাক্তৰ আছে নে নাই নাজানো।’’ ৭০ বছৰ বয়সীয়া শান্তি চুলাই মাঝিয়ে কয় যে তেওঁলোকৰ চুবুৰীটোত কোনেও আহি খবৰ কৰা নাই, গতিকে ''নতুন ক্লিনিক খুলিলেও আমি কেনেকৈ জানিম?’’
মাধপুৰ অনন্তত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ নাই, সেইটো উপ স্বাস্থ্যকেন্দ্ৰহে। গাঁৱৰ মানুহে কোৱা মতে সেইটো প্ৰায়ে বন্ধ থাকে, আমি সাক্ষাৎ কৰোতে আবেলিৰ সময় আছিল। ২০১১-১২ৰ জিলা স্বাস্থ্য কৰ্ম-পৰিকল্পনাত উল্লেখ যে চেওহাৰ ব্লকত ২৪ টা উপ স্বাস্থ্যকেন্দ্ৰৰ প্ৰয়োজন আছে, এতিয়া তাত মুঠে ১০ টা আছে।
গৰ্ভাৱস্থাত কোনোধৰণৰ আইৰন বা কেলচিয়ামৰ বড়ি পোৱা নাই বুলি শান্তিয়ে কয়, তেওঁৰ জীয়েকৰ সময়তো পোৱা নাই। তাৰোপৰি স্বাস্থ্য পৰীক্ষাৰ বাবেও তেওঁ ক’লৈকো যোৱা নাছিল।
তাৰোপৰি তেওঁ সন্তান প্ৰসৱ কৰাৰ দিনটোলৈকে দৈনন্দিন কামবোৰ কৰি গৈছিল। ''১০ দিন পাছতে মই কামত ধৰিছিলো,’’ প্ৰতিবাৰ প্ৰসৱৰ পাছত এনেকৈ স্বাভাৱিকভাবেই কাম কৰাৰ কথা তেওঁ কয়।
চৰকাৰৰ সংহত শিশু বিকাশ সেৱা (আইচিডিএছ) আঁচনিৰ অধীনত গৰ্ভৱতী বা স্তনপান কৰোৱা মহিলাৰ লগতে নৱজাতকে পুষ্টিকৰ পৰিপূৰক খাদ্য অংগনবাদী কেন্দ্ৰত শাক-পাচলিৰ পেকেট হিচাপে, নাইবা গৰমে গৰমে ৰন্ধা আহাৰ হিচাপে পোৱাৰ যোগ্য। গৰ্ভৱতী মহিলাকক আইৰন ফলিক এচিডৰ টেবলেট আৰু কেলচিয়ামৰ পৰিপূৰক গৰ্ভাৱস্থাৰ অতিকমেও ১৮০ দিনৰ বাবে যোগান ধৰিব লাগে। সাতোটা সন্তানৰ মাক, এতিয়া আকৌ নাতিল’ৰা পোৱা শান্তিয়ে এনে আঁচনিৰ কথা জীৱনত শুনা নাই।
কাষৰে মালি পোখাৰ ভিণ্ডা গাঁৱৰ আশাকৰ্মী কলাৱতী দেৱীয়ে কয় যে মুছাহাৰ তোলাৰ মহিলাসকলে কোনো অংগনবাদী কেন্দ্ৰত পঞ্জীয়ন কৰা নাই। ''এই এলেকাটোত দুটা অংগনবাদী আছে। এটা আছে মালি পোখাৰ ভিণ্ডাত আৰু আনটো পঞ্চায়ত গাওঁ খাইৰৱা দাৰাপত। মহিলাসকলে কোনটোত পঞ্জীয়ন কৰাব লাগিব সেয়া নাজানে আৰু তেনেকৈ কোনো এটাতে পঞ্জীয়ন নকৰোৱাকৈয়ে থাকি যায়।’’ দুয়োখন গাওঁ মুছাহাৰ তোলাৰ পৰা প্ৰায় ২.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। কিন্তু দেখিব যে শান্তি আৰু আন আটাইবোৰ ভূমিহীন পৰিয়ালৰ মহিলাই দিনে ৪-৫ কিলোমিটাৰ খোজকাঢ়ি পথাৰৰ কামলৈ নাইবা ইটাৰ ভাতিলৈ যায়।
ৰাস্তাত শান্তিৰ লগত লাগি অহা মহিলাকেইগৰাকীয়ে কয় যে তেওঁলোকে কোনো পৰিপূৰক পোৱা নাই বা অংগনবাদীৰ পৰা সেইবোৰ পোৱাৰ অধিকাৰৰ কথাও নাজানে।
বয়সস্থ মহিলাসকলে অভিযোগৰ সুৰত কয় যে ৰাজ্য চৰকাৰৰ সা-সুবিধাসমূহ তেওঁলোকে পোৱাটো তেনেই অসম্ভৱ। ধোগাৰি দেৱী (৭১)য়ে কয় যে তেওঁ কেতিয়াও বিধবা পেঞ্চন নাপালে। ইফালে ভাগুলানিয়া দেৱী বিধবা নহয় যদিও মাহে মাহে নিজৰ একাউণ্টত ৪০০ টকা পোৱাৰ কথা কয়, কিয় পায় তেওঁ সেয়া নাজানে।
আশাকৰ্মী কলাৱতীয়ে মহিলাসকলকে তেওঁলোকৰ গৰ্ভাৱস্থাৰ সময়ৰ আৰু তাৰ পাছৰ সময়চোৱাৰ অধিকাৰৰ বিষয়ে থকা বিভ্ৰান্তি আৰু অজ্ঞানতাৰ বাবে দোষ দিয়ে। ''প্ৰত্যেকৰে পাঁচ-ছয়-সাতোটাকৈ সন্তান আছে। ল’ৰা-ছোৱালীবোৰে এনেয়ে ইফালে-সিফালে লৰা-ঢপৰা কৰি থাকে। খাইৰৱা দাৰাপ অংগনবাদীত নাম লিখাবলৈ কিমানবাৰ তেওঁলোকক কৈছো, কিন্তু কোনেও মন নকৰে,’’ তেওঁ কয়।
নাভিৰজ্জুডাল কিহেৰে কটা হৈছিল? তাতে গোট খোৱা ১০-১২ গৰাকী মহিলাৰ মাজৰে কোনোবাই ক’লে ঘৰৰে চুৰীকটাৰী এখন ধুই ব্যৱহাৰ কৰা হৈছিল। সেয়া ইমান বিচাৰ-বিবেচনা কৰি থাকিবলগীয়া কথা নহয় বুলি তেওঁলোকে ভাবে
মাধপুৰ অনন্ত চৰকাৰী প্ৰাথমিক বিদ্যালয় এখন চুবুৰীটোৰ কাষতে আছে, কিন্তু মুছাহাৰ সম্প্ৰদায়ৰ দুই-চাৰিজনহে তালৈ যায়। শান্তি একেবাৰে নিৰক্ষৰ, তেওঁৰ গিৰীয়েক আৰু ল’ৰা-ছোৱালীকেইটাও নিৰক্ষৰ। ''এনেও তেওঁলোকে দিনহাজিৰাই কৰিব লাগিব,’’ জ্যেষ্ঠ নাগৰিক ধোগাৰি দেৱীয়ে কয়।
বিহাৰৰ অনুসূচিত জাতিৰ মাজত শিক্ষাৰ হাৰ তেনেই কম। সমগ্ৰ ভাৰতত অনুসূচিত জাতি (২০০১ৰ লোকপিয়ল অনুযায়ী) সাক্ষৰতাৰ হাৰ ৫৪.৭ হোৱাৰ বিপৰীতে বিহাৰত সেই হাৰ ২৮.৫ শতাংশ। এই বিশেষ সম্প্ৰদায়ৰটোৰ সাক্ষৰতাৰ হাৰ তাতোকৈ বহু কম, কেৱল ৯ শতাংশ।
মুছাহাৰ পৰিয়ালৰ আগতেও কোনো নিজা মাটি থকা নজিৰ নাই। বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সামাজিক উন্নয়ন সন্দৰ্ভত নীতি আয়োগৰ এক সমীক্ষা মতে বিহাৰৰ মুছাহাৰসকলকৰ ১০.১ শতাংশ লোকৰ গাখীৰতী গৰু-মহ আছে, এয়া অনুসূচিত জাতিৰ মাজত আটাইতকৈ কম। মুছাহাৰ পৰিয়ালৰ কেৱল ১.৪ শতাংশৰ বলদ আছে।
কিছুমান মুছাহাৰ পৰিয়ালে গাহৰিও পোহে, সেয়া তেওঁলোকৰ পাৰম্পৰিক জীৱিকা। আন সম্প্ৰদায়ৰ লোকে সেয়া লেতেৰা কাৰবাৰ বুলি ভাবে, এয়া নীতি আয়োগৰ প্ৰতিবেদনৰ তথ্য। সেই সমীক্ষা অনুযায়ী আন সম্প্ৰদায়ৰ পৰিয়ালৰ চাইকেল, ৰিক্সা, স্কুটাৰ বা মটৰ চাইকেল থকাৰ বিপৰীতে মুছাহাৰ পৰিয়ালৰ তেনে কোনো যান-বাহন নাই।
শান্তিৰ পৰিয়ালে গাহৰি নোপোহে। তেওঁলোকৰ কেইটামান ছাগলী আৰু হাঁহ-কুকুৰা আছে যদিও সেয়া বিক্ৰীৰ বাবে নহয়। তাৰে তেওঁলোকে খাবলৈ গাখীৰ আৰু কণী পায়। ''আমি সদায়ে জীৱিকাৰ কাৰণে কাম কৰো। বিহাৰ আৰু আন আন ৰাজ্যতো আমি জীৱিকাৰ বাবে কাম কৰি আহিছো,’’ গিৰীয়েক আৰু ল’ৰা-ছোৱালীকেইটাৰ প্ৰসংগ টানি তেওঁ কয়, দম্পত্তিহালে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ ইটাৰ ভাতীত কাম কৰাৰ সময়ত ল’ৰা-ছোৱালীকেইটাইও সহায় কৰে।
''আমি তাত তিনিমাহ, কেতিয়াবা ছমাহ পৰ্যন্ত থাকো। আমি কাশ্মীৰৰ এটা ইটাৰ ভাতিত এবছৰলৈ আছিলো,’’ শান্তিয়ে কয়। সেই সময়ত তেওঁৰ গৰ্ভত সন্তান আছিল। কোনটো সন্তান আছিল, ল’ৰা নে ছোৱালী তেওঁৰ মনত নাই। ''সেয়া ছবছৰ আগৰ কথা।’’ কাশ্মীৰৰ কোনটো অঞ্চল সেয়াও তেওঁৰ মনত নাই, মাত্ৰ সেই ডাঙৰ ইটাৰ ভাতিটোত কাম কৰা আটাইখিনি শ্ৰমিক বিহাৰৰ আছিল বুলি তেওঁৰ মনত আছে।
বিহাৰতকৈ তেনেবোৰ ঠাইত বেছিকৈ মজুৰি দিয়ে। প্ৰতি ১০০০ ইটাৰ কাৰণে বিহাৰৰ ৪৫০ টকাৰ বিপৰীতে তাত ৬০০-৬৫০ টকা পোৱা যায়। তাতে আকৌ ল’ৰা-ছোৱালীকেইটাও কামত সহায় কৰে। এনেদৰে দম্পত্তিহালে এদিনত তাতোকৈ বেছি ইটা বনাব পাৰে। অৱশ্যে সেই বছৰটোত কিমানখিনি আৰ্জিছিল, তেওঁৰ মনত নাই। ''কিন্তু আমাৰ ঘৰ উভতিবলৈ মন গৈছিল, লাগিলে পইছা কমেও গোট খাওক,’’ তেওঁ কয়।
বৰ্তমান তেওঁৰ গিৰীয়েক দৰিক মাঝি (৩৮)য়ে পাঞ্জাৱৰ খেতিপথাৰত হাজিৰা কৰিবলৈ গৈছে। তেওঁ মাহে ৪,০০০ৰ পৰা ৫,০০০ টকা পঠিয়ায়। বিশ্ব মহামাৰী আৰু লকডাউনৰ কাৰণে কামৰ নাটনি ঘটিছিল। ঠিকাদাৰবোৰেও পুৰুষ শ্ৰমিককহে কামত লগোৱা হৈছে। তেওঁ কিয় এতিয়া খেতিপথাৰৰ কামত সোমাবলগীয়া হৈছে, সেই কথা বুজাই শান্তিয়ে কয়। ''কিন্তু পইছা পোৱাটোহে সমস্যা। মালিকে নিৰ্দিষ্ট এটা দিনতহে পইছা দিয়ে,’’ বাৰে বাৰে মালিকৰ ওচৰলৈ হাজিৰাৰ প্ৰাপ্য পইছাখিনি বিচাৰি গৈ অতিষ্ঠ হোৱা শান্তিয়ে অভিযোগৰ সুৰত কয়। ''অৱশ্যে ঘৰত থাকিবলৈ পাইছো,’’ তেওঁ কয়।
তেওঁৰ জীয়াৰী কাজলে চুবুৰীটোৰ আন ল’ৰা-ছোৱালীৰ সৈতে বাৰিষাৰ দিন এটাত কাহিলীপুৱাতে ৰাস্তাৰ কাষত খেলি জুৰুলি-জুপুলি হৈছে। শান্তিয়ে তাইক ফ্ৰক এটা পিন্ধিবলৈ মাতিছে। তাইৰ দুটা ফ্ৰক, আমি ফটো তুলিম কাৰণে তাৰে ভালটো পিন্ধিবলৈ কৈছে। ফটো তোলাৰ পিছতে তাই ফ্ৰক এৰি উভতি গৈ বোকা-পানীৰে পোত যোৱা বাটত উঠিছে আৰু শিল এটাৰ চাৰিওফালে ঘুৰি থকা এজাক ল’ৰা-ছোৱালীৰ লগত মিলি গৈছে।
ভৌগোলিক আকাৰ আৰু জনসংখ্যাৰ ফালৰ পৰা চেওহাৰ বিহাৰৰ ক্ষুদ্ৰতম জিলা। ১৯৯৪ত সীতামাৰ্হি জিলাৰ পৰা সেইখন পৃথক হৈ গঠিত হৈছিল। চেওহাৰৰ জিলা সদৰখনেই একমাত্ৰ চহৰ। জিলাখনৰ একমাত্ৰ ঘাই নদী বাঘমাতী, নেপালৰ পৰা নামি অহা গংগাৰ উপনদীখনে বাৰিষাকালত বহু গাওঁ জলমগ্ম কৰে। একেদৰে বিহাৰৰ কোষী নদী আৰু আন নদীপ্ৰণালী বিপদ সীমাৰ ওপৰৰে বৈ থকাৰ ফলত সমগ্ৰ উত্তৰ বিহাৰ অঞ্চল ইটোৰ পিছত সিটো বানে বুৰাই পেলায়। ধান আৰু কুঁহিয়াৰৰ খেতি সেই অঞ্চলটোত জনপ্ৰিয়, দুয়োবিধ খেতিতেই অতিশয় পানীৰ প্ৰয়োজন হয়।
মুছাহাৰ তোলা-মাধপুৰ অনন্তৰ মানুহে তাৰে খেতিপথাৰত নাইবা দুৰ-দুৰণিৰ নিৰ্মাণক্ষেত্ৰ আৰু ইটাৰ ভাতীত কাম কৰে। তেওঁলোকৰ কিছুমানৰ সম্পৰ্কীয় আছে যাৰ এক-দুই কঠা মাটি আছে, কিন্তু ইয়াত আন কাৰো মাটি নাই।
তেওঁৰ চুলিবোৰ জঁট বান্ধিছে, তেওঁৰ হাঁহিটোৰ দৰে চুলিকোচাও দৃষ্টি আকৰ্ষণ কৰে। তাকে দেখি আন কেইগৰাকীমান মহিলায়েও ওৰণি গুচাই তেওঁলোকৰ জঁট বন্ধা চুলিবোৰ দেখুৱালে। ''এয়া অঘৰী শিৱৰ কাৰণে,’’ শান্তিয়ে কয়, কিন্তু এয়া মুণ্ডন কৰি অৰ্ঘ্য হিচাপে যঁচাৰ বাবে নহয়। ''চুলিকোচাই নিজে নিজে সেই ৰূপ লৈছে,’’ তেওঁ দাবী কৰে, তাকো ''ৰাতিটোৰ ভিতৰতে।’’
কলাৱতীয়ে বিশ্বাস নকৰে। তেওঁ কয় যে মুছাহাৰ তোলাৰ মহিলাসকলে কোনোধৰণৰ ব্যক্তিগত স্বাস্থ্যবিধি নামানে। তেওঁৰ দৰে আশাকৰ্মীয়ে প্ৰতিটো আনুষ্ঠানিক প্ৰসৱৰ বাবে ৬০০ টকা ইনচেণ্টিভ পায়, কিন্তু মহামাৰীৰ কাৰণে সেই টকাৰ এটা ভাগহে তেওঁলোকে পায়, কলাৱতীয়ে কয়। ''মানুহক হস্পিতালত প্ৰসৱ কৰোৱাবলৈ পতিয়ন নিওৱাটো টান কাম, তাতে আকৌ পইছাও নাপাও,’’ তেওঁ কয়।
অনা-মুছাহাৰীসকলৰ মাজত ''এইবোৰ’’ মানুহক, মানে মুছাহাৰীসকলক লৈ থকা কেতবোৰ ধাৰণাৰ কাৰণে হয়তো শান্তিয়ে নিজৰ সম্প্ৰদায়টোৰ ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰৰ কথা কওঁতে অকণমান বেছি সচেতন হোৱা দেখা গ’ল। তেওঁ পুষ্টিৰ কথা পাতিব বিচৰা নাই। ''আমি এন্দুৰ নাখাও,’’ মুছাহাৰসকলক লৈ চলা এক গতানুগতিক ধাৰণাক লৈ মই প্ৰশ্ন কৰাতহে তেওঁ কয়।
কলাৱতীও এই লৈ একমত। এই মুছাহাৰ তোলাৰ লোকে সাধাৰণতে চাউল আৰু আলুৱে খায়। ''কোনেও সেউজীয়া শাক-পাচলি নাখায়, সেয়া মই ভালদৰে জানো,’’ কলাৱতীয়ে এই চুবুৰীটোৰ মহিলা আৰু শিশুৰ মাজত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱৰ কথা টানি আনি কয়।
গাঁৱৰ ৰেহাই মূল্যৰ দোকান (ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিপণী)ৰ পৰা শান্তিয়ে ৰাজসাহায্যৰ চাউল আৰু গমধান পায়, প্ৰতিমাহে প্ৰায় ২৭ কিলোগ্ৰাম। ''আটাইকেইটা সন্তানৰ নাম ৰেচন কাৰ্ডত অহা নাই, সেয়ে সৰুকেইটাৰ ভাগৰ চাউলখিনি নাপাওঁ,’’ তেওঁ কয়। আজি চাউল, আলু আৰু মুগৰ দাইল ৰান্ধিছো। ৰাতি ৰুটি বনাম। কণী, গাখীৰ আৰু সেউজীয়া শাক-পাচলি কাচিৎহে অনা হয়, ফল-মূলটো একেবাৰেই অনা নহয়।
তেওঁৰ জীয়েকৰো এনেদৰে এগালমান ল’ৰা-ছোৱালী হ’ব নেকি বুলি সোধাত তেওঁ হাঁহিলে। মমতাৰ শাহুৱেকৰ পৰিয়ালটো সীমাৰ সিপাৰে নেপালত আছে। ''মই নাজানো, কিন্তু হস্পিতাললৈ আহিব লাগিলে তাই ইয়ালৈকে আহিব।’’
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত namita@ruralindiaonline.org ৰাখি এই ইমেইল ঠিকনালৈ লিখক- zahra@ruralindiaonline.org।
অনুবাদ: পংকজ দাস