ৰাণী মাহাতোয়ে কোনো হানি-বিঘিনি নোহোৱাকৈ সন্তান জন্ম দিলে ঠিকেই, কিন্তু এই দুদিনীয়া শিশুটি লৈ ঘৰলৈ গৈ কেনেকৈনো গিৰীয়েকক ক’ব যে আকৌ এবাৰ ছোৱালী জন্ম পাইছে, তাকে লৈ তেওঁ চিন্তিত।

“এইবাৰ ল’ৰা পাব বুলি তেওঁ আশা পালি আছিল,” তেওঁ ভয়ে ভয়ে কয়। “ঘৰলৈ উভতি মই যেতিয়া তেওঁক ক’ম যে এইবাৰো ছোৱালী হৈছে, তেওঁ কি ৰূপ ধৰে ভাবি ভয় লাগে,” বিহাৰৰ পাটনা জিলাত ধানাপুৰ উপ মহকুমা হস্পিতালত ২০ বছৰ বয়সীয়া ৰাণীয়ে শিশুটিক গাখীৰ খুৱাই থকাৰ মাজতে কয়।

১৬ বছৰ বয়সত, ২০১৭ চনত বিয়া হোৱাৰ প্ৰথমটো বছৰতে ৰাণীয়ে প্ৰথমজনী কন্যা সন্তান পাইছিল। তেওঁৰ গিৰীয়েক প্ৰকাশ কুমাৰ মাহাতোৰ বয়স তেতিয়া ২০ বছৰ আছিল। একেখন জিলাৰে ফুলবাৰী ব্লকৰ নাম ক’বলৈ নিবিচৰা গাওঁ এখনত তেওঁ প্ৰকাশ আৰু শাহুৱেকৰ সৈতে থাকে। মাহাতোসকল অনান্য পিছপৰা শ্ৰেণীত পৰে।

“আমাৰ গাঁৱত প্ৰায়বোৰ ছোৱালীৰে ১৬ বছৰ হয় মানে বিয়া হৈ যায়,” কৈশোৰাৱস্থাত বিয়া হ’লে দেখা দিব পৰা সমস্যাৰ কথা বুজি পোৱা ৰাণীয়ে কয়। “মোৰ ভনী এজনী আছে, সেয়ে মা-দেউতাই মোৰ বিয়াখন সোনকালে হৈ যোৱাতো বিচাৰিছিল,” তেওঁৰ শাহুৱেক গংগা মাহাতোই তেওঁলোকৰ কথাত যোগ দিলে আৰু বিচনাখনত বহিল। তেওঁলোকে ছুটিৰ পেপাৰখন (ডিচাৰ্জ চাৰ্টিফিকেটখন)ৰ কাৰণে ৰৈছে।

ৰাণী আৰু তেওঁৰ ভনীয়েকজনী ব্যতিক্ৰম নহয়। বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত শিশু আৰু কৈশোৰাৱস্থাৰ বিয়াৰ হাৰ সমগ্ৰ দেশৰ ভিতৰতে ৫৫ শতাংশ। চাইল্ড ৰাইটচ্ এণ্ড য়ু (CRY) নামে সংস্থাটোৱে লোকপিয়ল, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা আৰু আন চৰকাৰী ডেটা বিশ্লেষণ কৰি এই তথ্য দাঙি ধৰিছে।

“এবাৰ ছুটিৰ কাগজখন পালে আমি অটোৰিক্সা ভাড়া কৰি গাঁৱলৈ ঘূৰি যাম,” ৰাণীয়ে বুজাই কয়। তেওঁ ইতিমধ্যে স্বাভাৱিকতকৈ দুটা দিন বেছি হস্পিতালত কটাইছে। আন কিছুমান স্বাস্থ্যজনিত কাৰণত ডাক্তৰে তেওঁক যাব দিয়া নাই। “মোৰ গাত তেজ কমিছে (ৰক্তহীনতা),” ৰাণীয়ে কয়।

Rani is worried about her husband's reaction to their second child also being a girl
PHOTO • Jigyasa Mishra

দ্বিতীয়টো সন্তানো কন্যা হোৱাত গিৰীয়েকে কি ক তাকে ভাবি ৰাণীয়ে ভয় খাইছে

ৰক্তহীনতা এক সামাজিক স্বাস্থ্যজনিত সমস্যা। ভাৰতত বিশেষকৈ মহিলা, কিশোৰী আৰু যুৱচামৰ মাজত এই সমস্যাৰ প্ৰাদুৰ্ভাৱ আছে। স্বাধীন আৰু চৰকাৰী, দুয়োধৰণৰ গৱেষণাত দেখা গৈছে যে কম বয়সত বিয়া হোৱা মহিলাৰ ক্ষেত্ৰত খাদ্যৰ সুৰক্ষাহীনতা, অপুষ্টি আৰু ৰক্তহীনতাত ভোগাৰ অধিক সম্ভাৱনা থাকে। তদুপৰি বাল্যবিবাহৰ সৈতে কম আয় আৰু শিক্ষাৰ অতিকৈ ওচৰ সম্পৰ্ক আছে। খাদ্যৰ অতি বেছি সুৰক্ষাহীন দৰিদ্ৰ পৰিয়ালে বাল্যবিবাহকে পৰিয়ালটোৰ আৰ্থিক বোজা লাঘৱ কৰাৰ উপায় হিচাপে দেখে।

কম বয়সতে বিয়া হোৱা ছোৱালীয়ে প্ৰায়ে নিজৰ স্বাস্থ্য আৰু পুষ্টিৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল’ব নোৱাৰে। এনেদৰে গোটেই প্ৰক্ৰিয়াটোৱে শেষত ভগ্ন স্বাস্থ্য, অপুষ্টি, ৰক্তহীনতা আৰু জন্মৰ সময়ত শিশুৰ ওজন কমা আদি সমস্যাই দেখা দিয়ে। বাল্যবিবাহেই এই সকলো সমস্যাৰ জন্ম দিয়ে আৰু সকলো সমস্যাৰ পৰিণতি হয়গৈ বাল্যবিবাহ । এইক্ষেত্ৰত নীতি নিৰ্ধাৰণতো জটিলতাই দেখা দিয়াৰ আন এটা কাৰণ হৈছে ভাৰতত শিশু বুলিলে কাক বুজায়, তাৰ ভিন্ন সংজ্ঞা।

ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ অভিবৰ্তনৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিত ভাৰতেও ১৯৯২ত স্বাক্ষৰ কৰিছে। সেই চুক্তি মতে ১৮ বছৰৰ তলৰ যিকোনো ব্যক্তিয়ে শিশু। ভাৰতত শিশুশ্ৰম, বাল্যবিবাহ, সৰবৰাহ আৰু নাবালক ন্যায় আদিৰ ক্ষেত্ৰত ন্যূনতম বয়স ভিন ভিন। আমাৰ দেশত শিশু শ্ৰমিকৰ ক্ষেত্ৰত সেই বয়স ১৪ বছৰ। মহিলাৰ বিয়াৰ ক্ষেত্ৰত কোৱা হৈছে যে মহিলাই ১৮ বছৰ বয়সত পৈণতা লাভ কৰে। ভাৰতত এনে আইনো আছে য’ত এগৰাকী 'নাবালক’ আৰু 'শিশু’ৰ মাজত পাৰ্থক্যবিচাৰ কৰা হয়। আকৌ ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ল’ৰা-ছোৱালী প্ৰায়ে প্ৰশাসনিক কাৰ্যসূচীৰ সুৰুঙাৰে পাৰ হৈ যায়।

ৰাণী মাহাতোৰ জীৱনটোত যিকোনো ক্ষেত্ৰতে সামাজিক ৰীতি-নীতিৰ কঠোৰ বাস্তৱ আৰু লিংগীয় পক্ষপাতে সদায়ে যিকোনো আইন বা আইনী ব্যৱস্থাতকৈ শক্তিশালী আৰু উৰ্দ্ধত অৱস্থান কৰি আহিছে।

''যেতিয়া ৰাখী (তেওঁৰ ডাঙৰজনী জীয়েক)ৰ জন্ম হৈছিল, মোৰ স্বামীয়ে ভালেকেইসপ্তাহলৈ মোৰ লগত কথা পতা নাছিল। তেওঁ দুই-তিনি সপ্তাহ বন্ধুৰ ঘৰত থাকিছিল আৰু আহিলেও মদ খাই ঢলং পলং কৰি আহিছিল।’’ প্ৰকাশ মাহাতো এজন শ্ৰমিক, কিন্তু মাহটোৰ আধা দিনো কাম নকৰে। ''মোৰ ল’ৰাটোৱে কাম বিচৰাৰ যত্নই নকৰে,’’ মাক গংগাই দুখেৰে কয়। ''সি মাহত ১৫ দিনমান কাম কৰে, কিন্তু পিছৰ ১৫টা দিনত সেইখিনি নিজেই খৰছ কৰি পেলায়। মদেই তাৰ জীৱনটো খালে, লগতে আমাৰো।’’

Left: The hospital where Rani gave birth to her second child. Right: The sex ratio at birth in Bihar has improved a little since 2005
PHOTO • Jigyasa Mishra
Left: The hospital where Rani gave birth to her second child. Right: The sex ratio at birth in Bihar has improved a little since 2005
PHOTO • Vishaka George

বাওঁফালেঃ ৰাণীয়ে এইখন হস্পিতালতে দ্বিতীয়টো সন্তান জন্ম দিছিল সোঁফালেঃ ২০০৫ৰ পিছত বিহাৰত জন্মৰ সময়ত লিংগ অনুপাতৰ হাৰ ভাললৈ আহিছে

দ্বিতীয়টো সন্তানৰ পিছত ৰাণীক বন্ধ্যাকৰণৰ বাবে আশাকৰ্মীগৰাকীয়ে পৰামৰ্শ দিছিল। কিন্তু তেওঁৰ গিৰীয়েকে নামানিলে। ''আশা বাইদেউৱে মোক দুটাতকৈ বেছি সন্তান নকৰিবলৈ পৰামৰ্শ দিছিল। ৰক্তহীনতাত ভূগি থকা কাৰণে মোৰ দেহটো তৃতীয়টো সন্তান জোখাৰে সবল নহয়। সেয়ে মোৰ পেটত থকাৰ চাৰিমাহত মই প্ৰকাশক সুধিলো যে প্ৰসৱৰ পিছত বন্ধ্যাকৰণৰ অপাৰেচন কৰাব পৰা যাব নেকি। কিন্তু সেই কথাই কাল হ’ল। তেওঁ খঙত একোনাই হৈ ক’লে যে মই এইখন ঘৰত থাকিব লাগে যদি তেওঁক ল’ৰা সন্তান এটা দিবই লাগিব, লাগিলে যিমানবাৰেই মই গৰ্ভধাৰণ নকৰো। তেওঁ কোনোধৰণৰ নিৰোধৰ উপায় নলৈছিল, মই ক’লেও চৰ শোধাইছিল। মোৰ শাহুৱেও তেওঁৰ সৈতে একমত আছিল, ল’ৰাসন্তান হোৱাৰ আগলৈকে অপাৰেচন হোৱাটো তেৱো বিচৰা নাছিল।

সেইখিনি কথা তেওঁ শাহুৱেকৰ সন্মুখতে খোলাখুলিকৈ ক’ব পাৰিছে, তাৰমানে দুয়োগৰাকীৰ মাজত সম্পৰ্ক বেয়া নহয়। গংগাই সহানুভূতিৰে ৰাণীৰ সমস্যাটো বিবেচনা কৰে যদিও সমাজৰ পুৰুষতান্ত্ৰিক মানসিক চক্ৰটোৰ পৰা ওলাই আহিব নোৱাৰে।

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ অনুসৰি পাটনাত (গ্ৰামীণ) কেৱল ৩৪.৯ শতাংশ লোকেহে পৰিয়াল পৰিকল্পনাৰ উপায় অৱলম্বন কৰে। চৰকাৰী তালিকাত থকা সকলো পদ্ধতি ধৰি পুৰুষ বন্ধ্যাকৰণৰ হাৰ গ্ৰামাঞ্চলত শূন্য শতাংশ। ৰা.প.স্বা.স.-৪ৰ মতে বিহাৰৰ গৰ্ভৱতী মহিলাৰ ৫৮ শতাংশৰে বয়স ১৫ৰ পৰা ৪৯ বছৰ আৰু সেই আটাইখিনিয়ে ৰক্তহীনতাত ভুগি আছে।

''২০ বছৰ বয়সত দ্বিতীয়বাৰ সন্তান জন্ম দি মই এটা কথা ঠিক কৰিলো,’’ ৰাণীয়ে কয়। ''কথাটো হ’ল মই মোৰ ছোৱালীহঁতক অন্ততঃ ২০ বছৰ বয়সৰ আগত কেতিয়াও বিয়া নিদিও। কিন্তু মই ল’ৰাসন্তান জন্ম নিদিয়ালৈ এনেকৈ সন্তান জন্ম দি যাব লাগিব।’’

তাই দুখেৰে, কিন্তু শান্ত ভাৱতে কয়ঃ ''আমাৰ দৰে মহিলাই আমাৰ গিৰীয়ে যি কয় তাকেই কৰিবলগীয়া হয়। চাওকচোন, মোৰ বিচনাখনৰ পৰা তৃতীয়খন বিচনা দেখিছে? সেয়া নাগমা। কালি তাই চতুৰ্থবাৰৰ বাবে সন্তান জন্ম দিছে। তাইৰ ঘৰতো গৰ্ভাশয় আঁতৰোৱাৰ কথাটো কোনো কাৰণতে মানি নলয়। কিন্তু তাই এতিয়া ইয়াত মাক-দেউতাকৰ লগত আছে, শাহু-শহুৰেকৰ লগত নহয়। আৰু দুদিন পিছতে বন্ধ্যাকৰণ কৰাব। তাই বৰ সাহসী। গিৰীয়েকৰ সৈতে এই কথাক লৈ মুখামুখি কেনেকৈ হ’ব লাগে, তাই জানে বুলি কৈছে,’’ ৰাণীয়ে আকলুৱা ভাৱত মিচিকিয়াই হাঁহি কয়।

ইউনিচেফৰ এখন প্ৰতিবেদনত কোৱা হৈছে যে ৰাণীৰ দৰে প্ৰায়ভাগ কন্যাই কৈশোৰকালতে সন্তান জন্ম দিয়ে। তাৰোপৰি তেওঁলোকৰ পৰিয়ালবোৰ দেৰিকৈ বিয়া হোৱা পৰিয়ালবোৰতকৈ সংখ্যাত ডাঙৰ। তাতে আকৌ বিশ্ব মহামাৰীয়ে সমস্যাৰ প্ৰকোপ বঢ়াইছে।

Bihar's sex ratio widens after birth as more girls than boys die before the age of five. The under-5 mortality rate in Bihar is higher than the national rate
PHOTO • Vishaka George
Bihar's sex ratio widens after birth as more girls than boys die before the age of five. The under-5 mortality rate in Bihar is higher than the national rate
PHOTO • Vishaka George

বিহাৰৰ লিংগ অনুপাতৰ ব্যৱধান জন্মৰ পিছত বাঢ়ি যায় কিয়নো পাঁচ বছৰ বয়সত ল ৰাতকৈ কন্যা শিশুৰ মৃত্যুৰ হাৰ বেছি তাৰোপৰি বিহাৰত ৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ সমগ্ৰ দেশৰ হাৰতকৈ অধিক

''২০৩০ৰ ভিতৰত বাল্যবিবাহ নিৰ্মূল কৰাৰ লক্ষ্য এক প্ৰত্যাহ্বানেই হৈ পৰিছে,’’ কণিকা চাৰাফে কয়। ''দেশখনৰ যিকোনো ৰাজ্যৰ গ্ৰামাঞ্চললৈ চকু দিলেই সেই কথা বুজিব পাৰি।’’ কণিকা ছাৰাফ হৈছে শিশুৰ সুৰক্ষাৰ ওপৰত অতিকৈ গুৰুত্ব দি অহা বিহাৰৰ আংগন ট্ৰাষ্টৰ শিশু সুৰক্ষা ব্যৱস্থাৰ মুৰব্বী। ''কিন্তু বিশ্ব মহামাৰীয়ে সমস্যাটো অধিক জটিল কৰি তুলিছে,’’ তেওঁ কয়। ''আমি এইছোৱা সময়ত ২০০ খন বাল্যবিবাহ ৰোধ কৰিবলৈ সক্ষম হৈছিলো। আপুনি আন জিলাৰ গ্ৰামাঞ্চলৰ কথা নিজেই কল্পনা কৰকচোন।’’

নীতি আয়োগৰ মতে বিহাৰত জন্মৰ সময়ত লিংগৰ অনুপাত ২০১৩-১৫ত ১,০০০ পুৰুষৰ বিপৰীতে কেৱল ৯১৬ মহিলা। ২০০৫-০৭ৰ ৯০৯ৰ তুলনাত সেয়া আছিল সামান্য অগ্ৰগতি। জন্মৰ পাছৰ পাঁচ বছৰ বয়সত ল’ৰাৰ পৰিৱৰ্তে কন্যা শিশুৰ মৃত্যুৰ হাৰ বেছি হোৱা কাৰণে সেয়া অগ্ৰগতি বুলিও ক’ব নোৱাৰি। পাঁচ বছৰৰ তলৰ (প্ৰতি ১০০০ শিশুৰ জন্মৰ বিপৰীতে সাম্ভাব্য মৃত্যু) মৃত্যু হোৱা শিশুৰ সংখ্যাৰ ক্ষেত্ৰত কন্যাৰ সংখ্যা ৪৩ গৰাকী হোৱাৰ বিপৰীতে ল’ৰাৰ সংখ্যা ৩৯ জন। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন মতে সৰ্বভাৰতীয় পৰ্য্যায়ত এই সংখ্যা হৈছে ৩৫ গৰাকী কন্যাৰ বিপৰীতে ৩৪ জন ল’ৰা।

গংগাই ভাবে যে নাতিল’ৰা এটা পালে ঘৰখনলৈ সুখ আহিব। যদিওবা নিজৰ ল’ৰাটোৱে সেই সুখ দিব নোৱাৰিলে বুলিও তেওঁ স্বীকাৰ কৰে। “প্ৰকাশ একেবাৰে সোৰোপা। পঞ্চমমানৰ পৰা তেওঁ কেতিয়াও পঢ়াশালিলৈ নগ’ল। সেয়ে মোক নাতিল’ৰা এটা লাগে। নাতিয়েহে পৰিয়ালটোৰ লগতে মাকৰ যত্ন ল’ব। গৰ্ভৱতী মহিলাক যিমানখিনি পুষ্টিকৰ খাদ্য লাগে, সিমানখিনি তাই নাপালে। তাইৰ গা ইমানেই দুৰ্বল যে তাই দুদিনমান ধৰি কথাই ক’ব পৰা নাই। সেই কাৰণে মই মোৰ ল’ৰাটোক যাবলৈ দি হস্পিতালত তাইৰ লগত নিজে থাকিবলৈ ল’লো।”

“সি মদ খাই মাতাল হৈ ঘৰ সোমায়, মোৰ বোৱাৰীয়ে প্ৰশ্ন কৰিলে সি ঘৰৰ ইটো-সিটো বস্তু ভাঙে।” কিন্তু বিহাৰ মদমুক্ত ৰাজ্য নহয়নে? মদমুক্ত বুলি ঘোষিত হ’লেও বিহাৰৰ প্ৰায় ২৯ শতাংশ পুৰুষে মদ্যপান কৰে, এয়া ৰা.প.স্বা.স.-৪ ৰ তথ্য। গ্ৰামাঞ্চলৰ পুৰুষৰ ক্ষেত্ৰত এই হাৰ ৩০ শতাংশ।

ৰাণীৰ গৰ্ভধাৰণৰ সময়চোৱাত গংগাই কাষৰ গাঁওবোৰত ঘৰৰ বন কাৰ কাম বিচাৰিছিল, কিন্তু নাপালে। “মোৰ ৰুগীয়া অৱস্থা দেখি শাহু আয়ে ফল-মূল আৰু গাখীৰ কিনি আনি মাজে-সময়ে খুৱাবলৈ বুলি সম্পৰ্কীয়ৰ পৰা পাঁচ হাজাৰ টকা ধাৰে লৈছিল,” ৰাণীয়ে কয়।

“আহি থকা দিনবোৰত মোৰ কি হ’ব মই নাজানো, যদিহে সিহঁতে মোক এনেকৈ সন্তান জন্ম দিয়াই থাকে,” ৰাণীয়ে কয়, নিজৰ দেহ আৰু জীৱনটোৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ দুখ ৰাণীৰ কথাত স্পষ্ট। “কিন্তু মই জীয়াই থাকিলে মোৰ জীয়াৰীহঁতক যিমান বিচাৰে সিমানখিনি পঢ়ুবাৱলৈ যত্ন কৰিম।”

“মোৰ জীয়াৰীৰো এনে দশা হওঁক, মই নিবিচাৰো।”

গোপনীয়তা ৰক্ষাৰ উদ্দেশ্যে প্ৰতিবেদনখনত কিছুমান ব্যক্তিৰ নাম আৰু স্থান সলনি কৰা হৈছে।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত namita@ruralindiaonline.org ৰাখিএই ইমেইল ঠিকনালৈ লিখক- zahra@ruralindiaonline.org

জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ অনুদানেৰে এক স্বতন্ত্ৰ সাংবাদিকতাৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন আগবঢ়াইছে ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদনা নিয়ন্ত্ৰণ আৰোপ কৰা নাই

অনুবাদ: পংকজ দাস

Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar
Editor : P. Sainath
psainath@gmail.com

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Series Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das