পাঁচমহীয়া গৰ্ভৱতী পল্লৱী গাভিত বিষত কোঙা হৈ এখন খাটত প্ৰায় তিনি ঘণ্টা পৰি আছিল। তেওঁৰ ননদ ৪৫ বছৰীয়া স্বপ্না গাৰেল পল্লৱীৰ কাষত আছিল, পাঁচমহীয়া পুত্ৰসন্তানৰ মৃত ভ্ৰুণসহ পল্লৱীৰ জৰায়ু যৌনাংগৰে ওলাই আহে। অসহ্য বিষত ছটফটাই থকা পল্লৱীৰ জৰায়ুৰ পৰা তেজ-পানী টোপটোপকৈ মজিয়াত পৰিছিল, আৰু এটা সময়ত তাই অচেতন হৈ পৰে।
২০১৯ৰ ২৫ জুলাইৰ পুৱতি নিশা ৩ বাজিছিল। সাতপুৰা পাহাৰৰ ৫৫ টা ভিল পৰিয়ালৰ সৰু গাওঁ হেংলাপানীৰ বাঁহ-খেৰৰ জুপুৰীটোৰ ওপৰত ধাৰাসাৰ বৰষুণ। উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰৰ নান্দুৰবাৰ জিলাৰ কোনো সুবিধাই ঢুকি নোপোৱা এই এলেকা সংযোগী পকী পথ নাই, ম’বাইল ফোনৰ নেটৱৰ্ক নাই। “বিপদে মাত লগাই নাহে, যিকোনো সময়ত আহি ওলায়,” পল্লৱীৰ স্বামী গিৰীশে ক’লে (এই লেখাত সকলোৰে আচল নাম সলনি কৰা হৈছে)। “নেটৱৰ্ক নাথাকিলে আমি ডাক্তৰ বা এম্বুলেন্স কেনেকৈ মাতিম?”
“মোৰ বৰ ভয় লাগিছিল,” ৩০ বছৰীয়া গিৰীশে কৈ গ’ল। “মই পল্লৱীৰ মৰিবলৈ এৰি দিব নোৱাৰো।” পুৱা চাৰি বজাত আন্ধাৰ আৰু বৰষুণৰ মাজতে গিৰীশ আৰু এজন প্ৰতিবেশীয়ে বাঁহ আৰু বিচনা চাদৰেৰে এখন চাঙি সাজি পল্লৱীক ১০৫ কিলোমিটাৰ দূৰৰ ধাৰগাঁৱৰ ফালে বোকাময় পিচল সাতপুৰা পাহাৰৰ ওপৰেৰে লৈ যাবলৈ ধৰিলে।
হেংলাপানী হৈছে আকৰানি তালুকৰ তোৰণমল গাওঁ পঞ্চায়ত এলেকাৰ অন্তৰ্গত। তোৰণমল গ্ৰাম্য চিকিৎসালয়খন ওচৰ হ’লহেঁতেন, কিন্তু সেই ৰাতিখন ৰাস্তাটো নিৰাপদ নাছিল। খালি ভৰিৰে (বোকা-পানীৰ বাবে চেন্দেল পিন্ধা বিপজ্জনক হৈ পৰিছিল), গিৰীশ আৰু তেওঁৰ প্ৰতিবেশীজনে বোকাত খুপি খুপি খোজ দিবলৈ ধৰিলে। পল্লৱীক প্লাষ্টিক এখনেৰে ঢাকি দিছিল। তাই অসহ্য বেদনাত কেঁকাই আছিল।
তোৰণমল ঘাট পথ নোপোৱা পৰ্যন্ত সিহঁতে প্ৰায় তিনিঘণ্টা বোকাময় পিচল বাটেৰে পাহাৰীয়া পথ বগাবলগা হৈছিল। “পাহাৰৰ এঢলীয়া পথ প্ৰায় ৩০ কিলোমিটাৰ হ’ব,” গিৰীশে ক’লে। তাৰপৰা ১০০০ টকাত এখন জীপগাড়ী ভাড়া কৰি ধাৰগাওঁ গাঁৱলৈ যায়। পাঁচ ঘণ্টা অতিক্ৰম কৰাৰ পিছত ধাৰগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত পল্লৱীক ভৰ্তি কৰা হ’ল। সেই ঠাইৰ পৰা ১০ কিলোমিটাৰ দূৰত গ্ৰাম্য চিকিৎসালয়খন আছিল। “মোৰ প্ৰথমে চকুত পৰা চিকিৎসালয়খনলৈ তাইক লৈ গ’লো। খৰছী যদিও সিহঁতে মোৰ পল্লৱীৰ জীৱন ৰক্ষা কৰিলে,” তেওঁ কয়। চিকিৎসকে ৩০০০ টকা লৈ পিছদিনা পল্লৱীক হস্পিতালৰ পৰা খালাচ কৰি দিলে। “তেওঁ কয় যে সাংঘাতিক ৰক্তক্ষৰণৰ ফলত পল্লৱীৰ মৃত্যু হ’লহেঁতেন,” গিৰীশে কয়।
মাহ বাগৰিল, পল্লৱীয়ে দৈনিক অস্বস্তি আৰু বিষ-বেদনাত দিন পাৰ কৰিছে। “মই যেতিয়া গধূৰ বাচন-বৰ্তন উঠাই লওঁ বা তললৈ বেকা হওঁ, তেতিয়া মোৰ জৰায়ু যৌনাংগৰে বাহিৰলৈ ওলাই আহে,” তেওঁ কয়। পল্লৱীৰ বয়স ২৩ বছৰ আৰু এবছৰীয়া কন্যাসন্তান এটি আছে, নাম খুছি। তাইৰ জন্ম ঘৰত হৈছিল, নিৰাপদে হৈছিল। হেংলাপানী গাঁৱৰ স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (আশা) এগৰাকীয়ে সহায় কৰিছিল। কিন্তু স্থানচ্যুত জৰায়ুৰ চিকিৎসা কৰাব নোৱাৰাত কন্যা সন্তানটিৰ যত্ন লোৱাত সমস্যা হৈছে।
“খুছিক মই গা ধুৱাব লাগে, খুৱাব লাগে, দিনটোত কেইবাবাৰো কোলাত তুলি ল’ব লাগে, তাইৰ লগত খেলিব লাগে”, পল্লৱীয়ে মোক কয়। “বিভিন্ন ধৰণৰ শাৰীৰিক কামৰ কাৰণে কেতিয়াবা মোৰ পেটটো জ্বলা-পোৰা কৰে, বুকুৰ বিষ হয় আৰু উঠা-বহা কৰোতে অসুবিধা হয়।”
গিৰীশে সিহঁতৰ গাই দুজনী চৰাবলৈ লৈ যায়। তেতিয়া প্ৰতিদিনে পাহাৰৰ তললৈ বৈ অহা নিজৰাৰ পানী পল্লৱীয়ে আনিব লাগে। “পাহাৰৰ নামনিৰ প্ৰায় ২ কিলোমিটাৰ তলৰ পৰা আনিব লাগে। কিন্তু আমাৰ বাবে সেইটোৱেই পানীৰ একমাত্ৰ উৎস,” তেওঁ কয়। এপ্ৰিল-মে মাহত পানীৰ এই উৎস শুকাই যায়। পানীৰ সন্ধানত তেতিয়া পল্লৱী আৰু আন মহিলাসকলে পাহাৰৰ অধিক নামনিলৈ যাবলগা হয়।
গিৰীশ আৰু তেওঁ বৰ্ষাকালত বাজৰা আৰু জোৱাৰৰ খেতি কৰে। পাহাৰৰ এঢলীয়া মাটিত উৎপাদন বেছি নহয়, গিৰীশে কয়। “আমি চাৰি বা পাঁচ কুইণ্টল (৪০০-৫০০ কিলোগ্ৰাম) পাওঁ, ইয়াৰে ১-২ কুইণ্টল কিলোত ১৫ টকা দামত আন সামগ্ৰী ক্ৰয় কৰাৰ বাবে তোৰণমলৰ গেলামালৰ দোকানত বিক্ৰী কৰো।” শস্য চপোৱা শেষ হোৱাৰ পিচত প্ৰতিবেশী ৰাজ্য গুজৰাটৰ নৱশিৰি জিলাত কাম বিচাৰি গিৰীশে প্ৰব্ৰজন কৰে। বছৰি কমেও ১৫০ দিন দৈনিক ২৫০ টকা মজুৰীত গিৰীশে কাম কৰে।
ঘৰৰ আৰু পথাৰৰ সকলো কাম কৰাৰ পিছত প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ আটাইতকৈ নিকটৱৰ্তী জাপি গাঁৱৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ যোৱাৰ শক্তি পল্লৱীৰ দেহত নাথাকে। অথচ তাইৰ প্ৰায় জ্বৰ উঠে, মূৰ ঘূৰায় আৰু আনকি কেতিয়াবা সংজ্ঞাহীনো হৈ পৰে। তেওঁ কয় যে আশাকৰ্মীগৰাকীয়ে কিছুমান ঔষধ দি থাকে। “মই চিকিৎসকৰ ওচৰলৈ যাব বিচাৰো, কিন্তু কেনেকৈ যাম? মই বৰ দুৰ্বল,” তেওঁ কয়। স্থানচ্যুত জৰায়ুৰে ইমান দূৰত্ব পাহাৰৰ ওপৰৰে অতিক্ৰম কৰাটো তেওঁৰ বাবে প্ৰায় অসম্ভৱ।
১৪ খন গাওঁ আৰু ৬০ টাৰো অধিক চুবুৰীত ব্যাপি থকা তোৰণমল গাওঁ পঞ্চায়তৰ জনসংখ্যা ২০,০০০ (গাওঁ পঞ্চায়তৰ এজন সদস্যৰ হিচাপ মতে) হ’ব। জাপিত থকা এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৬ টা উপকেন্দ্ৰ আৰু তোৰণমল জুনে (পুৰণি) গাঁৱত থকা ৩০ খন বিচানাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ দ্বাৰা তেওঁলোকক চিকিৎসা সেৱা আগবঢ়োৱা হয়। এই চিকিৎসালয়খনে কণ্ডম, মৌখিক পিল, বন্ধ্যাকৰণৰ ব্যৱস্থা আৰু আই ইউ ডিৰ সংস্থাপনৰ দৰে জন্মনিৰোধক ব্যৱস্থা কৰাৰ লগতে প্ৰসৱপূৰ্ব আৰু প্ৰসৱোত্তৰ সেৱাও আগবঢ়ায়। কিন্তু বিপজ্জনক ভূ-ভাগৰ দুৰ্গম স্থানত থকা সৰু সৰু গাঁৱত বাস কৰা অধিকাংশ মহিলাই ঘৰতে সন্তান জন্ম দিবলগীয়া হয়।
“এই অঞ্চলৰ জনজাতীয় লোকসকলে পাহাৰৰ ওপৰত বাস কৰে, পানীৰ কাৰণে দিনটোত কেইবাবাৰো পাহাৰত উঠা-নমা কৰিবলগীয়া হয়, আনকি গৰ্ভধাৰণৰ কৰা অৱস্থাতো তেওঁলোকে এই কষ্টকৰ প্ৰক্ৰিয়াৰে জীৱন নিৰ্বাহ কৰাৰ বাবেই তোৰণমলত প্ৰসৱজনিত সমস্যাৰ হাৰ যথেষ্ট বেছি হয়। ইয়াৰ ফলত সন্তান জন্মৰ সময়ত জটিলতাৰ সৃষ্টি হয় আৰু অকাল প্ৰসৱৰ দৰে ঘটনা ঘটে।” নিজৰ নাম ক’ব নিবিচৰা জাপি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এজন চিকিৎসকে কয়। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোত দুজন চিকিৎসক, দুগৰাকী নাৰ্ছ আৰু এজন ৱাৰ্ড সহকাৰী আছে। ২০১৬ত এই স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰা হৈছিল, আৰু দিনে চাৰি-পাঁচজনমান ৰোগী চোৱা হয়। “স্বাস্থ্যৰ যেতিয়া চুড়ান্ত অৱনতি ঘটে বা গাঁৱলীয়া (ভগত)ৰ চিকিৎসা ব্যৰ্থ হয়, তেতিয়াহে মানুহ চিকিৎসালয়লৈ আহে,” তেওঁ কয়।
২০১৯ৰ এপ্ৰিল আৰু ২০২০ৰ মাজৰ সময়ত চিকিৎসকজনে জৰায়ু স্থানচ্যুত হোৱা পাঁচটা ঘটনা প্ৰত্যক্ষ কৰিছিল। “তেওঁলোক সকলোৰে এশ শতাংশ শল্য চিকিৎসাৰ প্ৰয়োজন আছিল। সেয়ে আমি তেওঁলোকক নান্দুৰবাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিলো। এই স্বাস্থ্যকেন্দ্ৰত এনেধৰণৰ পুৰণি প্ৰসৱজনিত সমস্যাৰ চিকিৎসাৰ সুবিধা নাই,” তেওঁ কয়।
ৰাজহাড়ৰ তলত থকা আৰু ভৰিৰ লগত যুক্ত হাড়ৰ মাংসপেশী আৰু স্নায়ুতন্ত্ৰ ঢিলা বা দুৰ্বল হ’লে জৰায়ু নিজৰ স্থানৰ পৰা তললৈ খহি পৰে, জৰায়ুক ধৰি ৰাখিবলৈ সেই পেশী ব্যৰ্থ হয়। ‘বিভিন্ন মাংসপেশীয়ে ৰাজহাড় আৰু ভৰিৰ লগত যুক্ত (পেলভিছ) মাংসপেশী, তন্তু আৰু স্নায়ুয়ে সঠিক স্থানত ধৰি ৰখা এক মাংসপেশীৰ অৱয়ব হৈছে জৰায়ু।’ মুম্বাইস্থিত প্ৰসূতি আৰু প্ৰসৱ সম্পৰ্কীয় বিশেষজ্ঞৰ সৰ্বভাৰতীয় ফেডাৰেচনৰ অধ্যক্ষ ডা. কোমল চৱনে এইদৰে ব্যাখ্যা কৰে। “গৰ্ভধাৰণ, বহু সন্তান জন্ম দিয়া, দীঘলীয়া প্ৰসৱকাল বা প্ৰসৱৰ সময়ত ভুল ব্যৱস্থা গ্ৰহণৰ ফলত কিছুমান মহিলাৰ এই মাংসপেশী দুৰ্বল হৈ পৰে, জৰায়ু স্থানচ্যুত হয়।” জৰায়ু ধৰি ৰখা মাংসপেশী শৈল চিকিৎসা (অস্ত্ৰোপচাৰ)ৰে পুনৰ সংস্থাপিত কৰি দুৰ্বল মাংসপেশীক কাৰ্যক্ষম কৰা হয় বা মহিলাৰ প্ৰজনন অংগ অস্ত্ৰোপচাৰেৰে আঁতৰাই পেলোৱা হয়, এই সিদ্ধান্ত মহিলাগৰাকীক বয়স আৰু সমস্যাৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি কৰি লোৱা হয়।
২০১৫ত ইণ্ডিয়ান জাৰ্নেল অৱ মেডিকেল ৰিছাৰ্চত প্ৰকাশিত মহাৰাষ্ট্ৰৰ নাচিক জিলাৰ গ্ৰাম্য মহিলাৰ মাজত চলোৱা পুৰণি প্ৰসৱজনিত সমস্যাৰ মৃত্যুৰ হাৰ (চি ই এম) সম্পৰ্কে ২০০৬-২০০৭ৰ এক সমীক্ষাৰ পৰা দেখা গৈছে যে চি ই এম-ত মৃত্যু হোৱা ১৩৬ গৰাকী মহিলাৰ ক্ষেত্ৰত জৰায়ু ওলাই অহা এক সাধাৰণ সমস্যা (৬২ শতাংশ) আছিল। বয়স বৃদ্ধি আৰু মেদবহুলতাৰ লগতে “জৰায়ু ওলাই অহাৰ দৰে ঘটনাৰ ক্ষেত্ৰত গ্ৰাম্য ধাত্ৰীৰ দ্বাৰা প্ৰসৱ কৰোৱা বা আন কিছুমান প্ৰসৱজনিত সমস্যা জড়িত হৈ থাকে,” উক্ত প্ৰতিবেদনত উল্লেখ কৰা হৈছে।হেংলাপানী নামৰ পল্লৱীহঁতৰ পাহাৰীয়া সৰু গাওঁখনৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত নান্দুৰবাৰ অসামৰিক চিকিৎসালয়খন আছে, ইয়াত পল্লৱীয়ে জৰায়ু সমস্যাৰ চিকিৎসা কৰাব পাৰিলেহেঁতেন। কিন্তু সেই চিকিৎসালয়লৈ যাবলৈ তিনিঘণ্টা পাহাৰ বগাব লাগিব আৰু ইয়াৰ পিছত চাৰিঘণ্টা বাছেৰে যাব লাগিব। “মই যেতিয়া বহো, তেতিয়া এনেকুৱা লাগে যেন মই কিবা এটাৰ ওপৰত বহিছো আৰু মোক খুচি-বিন্ধি থাকে,” পল্লৱীয়ে কয়। “মই বেছি সময় একে ঠাইতে বহি থাকিব নোৱাৰো।” তোৰণমলৰ পৰা দিনৰ প্ৰায় ১ বজাত বাজ্যিক পৰিবহন বিভাগৰ এখন বাছ এই পথেৰে চলে। “চিকিৎসকসকল ইয়ালৈ আহিব নোৱাৰে নেকি?” তেওঁ প্ৰশ্ন কৰে।
ৰাস্তা-ঘাটৰ অভাৱত তোৰণমলৰ ৰোগীয়ে আনকি ভ্ৰাম্যমান চিকিৎসা গোটৰ সুবিধাৰ পৰাও বঞ্চিত হয়। কোৱা হয় যে এনে ভ্ৰাম্যমান চিকিৎসা গোটবোৰে ৰোগীক নিজৰ ঘৰতে চিকিৎসা আগবঢ়োৱা চিকিৎসকে কয়। আকৰাণী ব্লকৰ ৩১ খন গাওঁ আৰু বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ বসতিস্থল কোনো পথৰ দ্বাৰ সংযোজিত নহয়। ২০১৮-১৯ৰ মহাৰাষ্ট্ৰ জনজাতীয় উন্নয়ন বিভাগৰ বাৰ্ষিক জনজাতীয় সমল আঁচনিৰ প্ৰতিবেদন অনুসৰি আকৰাণী তালুকত এজন চিকিৎসক আৰু এগৰাকী প্ৰশিক্ষিত নাৰ্ছৰ সৈতে এনে ধৰণৰ দুটা ভ্ৰাম্যমান চিকিৎসা গোট কৰ্মৰত হৈ আছে। এই গোটে মহাৰাষ্ট্ৰ চৰকাৰৰ নৱ সঞ্জীৱনী যোজনাৰ অধীনত চিকিৎসাৰ পৰা বঞ্চিত দুৰ্গম এলেকাত চিকিৎসা সেৱা আগবঢ়ায়, কিন্তু পল্লৱীহঁতে বাস কৰা ক্ষুদ্ৰ গাওঁখনলৈ এই ভ্ৰাম্যমান চিকিৎসা গোট যাব নোৱাৰে।
জাপি প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ “নিজৰ কৰ্মচাৰীৰ বাবে বিদ্যুৎ যোগান, পানী যোগান বা থকাৰ কোনো ব্যৱস্থা নাই,” তাত কৰ্মৰত এজন চিকিৎসকে কয়। “এই সম্পৰ্কে মই চিকিৎসা বিভাগলৈ কেবাবাৰো আবেদন প্ৰেৰণ কৰিছো, কিন্তু কোনো অগ্ৰগতি নাই।” স্বাস্থ্যকৰ্মীসকলে প্ৰতিদিনে নান্দুৰবাৰৰ পৰা জাপিলৈ অহা-যোৱা কৰা অসম্ভৱ। “সেয়ে আমি ইয়াত কেৱল কাৰ্যালয় খোলা দিনত কাম কৰো, নিশা এগৰাকী আশাকৰ্মীৰ ঘৰত থাকো। সপ্তাহৰ শেষত নান্দুৰবাৰত থকা ঘৰলৈ আমি আহো,” চিকিৎসকজনে কয়।
এনে পৰিস্থিতিত এনে এলেকাত আশাকৰ্মীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হৈ পৰে। কিন্তু তেওঁলোকে সীমিত ঔষধ বা আন সামগ্ৰীৰে কৰ্তব্য পালনৰ সংগ্ৰাম কৰিবলগীয়া হয়। “গৰ্ভৱতী মহিলাৰ বাবে আইৰন আৰু ফলিক এচিডৰ পিলৰ যোগান আমি নিয়মীয়াকৈ নাপাও বা প্ৰসৱকালত ব্যৱহৃত ডিচপজেবল মাস্ক, গ্লোভচ্ আৰু কেচি আদিৰ যোগান নাথাকে,” বিদ্যা নায়ক (নাম সলনি কৰা হৈছে) নামৰ হেংলাপানীৰ এগৰাকী আশাকৰ্মীয়ে কয়, তেওঁ ১০ খন ক্ষুদ্ৰ গাঁৱৰ ১০ গৰাকী কৰ্মীৰ কাম-কাজ তদাৰকী কৰিব লাগে।
কিছুমান আশাকৰ্মীক প্ৰসৱ কৰোৱাবলৈ প্ৰশিক্ষণ দিয়া হয়, কিন্তু জটিলতা বাঢ়িলে কেনেকৈ কাম কৰিব লাগে সেয়া শিকোৱা নহয়। ঘৰত হোৱা অসুৰক্ষিত প্ৰসৱৰ ফলত প্ৰতিমাহে দুই বা তিনিটা নৱজাতক আৰু এক বা দুই মাতৃৰ মৃত্যুৰ তথ্য বিদ্যাই সদৰী কৰে। “আমি আন একো নিবিচাৰো, মাত্ৰ নিৰাপদ প্ৰসৱ আমাক লাগে,” তেওঁ কয়।
“মহিলাসকলৰ দৈনন্দিন জীৱন য’ত প্ৰতিনিয়ত গভীৰ প্ৰত্যাহ্বানেৰে ভৰা, তেনে বিপদসংকুল ভৌগোলিক স্থানত প্ৰসূতিৰ চিকিৎসাৰ বাবে অৰ্হতাসম্পন্ন প্ৰসূতি বিশেষজ্ঞৰ বিশেষ প্ৰয়োজন আছে,” ডা. চৱনে কয়।
যাহওঁক, ভাৰত চৰকাৰৰ গ্ৰাম্য স্বাস্থ্য পৰিসংখ্যা ২০১৮-১৯ অনুসৰি মহাৰাষ্ট্ৰৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰসমূহৰ বাবে এজন শৈল্য চিকিৎসক, প্ৰসূতি বিশেষজ্ঞ, চিকিৎসা বিশেষজ্ঞ আৰু শিশু বিশেষজ্ঞকে ধৰি প্ৰতিটো স্বাস্থ্যকেন্দ্ৰত চাৰিজনকৈ মুঠ ১,৪৫৬ জন বিশেষজ্ঞৰ আৱশ্যক। কিন্তু ২০১৯ৰ ৩১ মাৰ্চ পৰ্যন্ত উক্ত সংখ্যাৰ বিপৰীতে ৪৮৫ জন বিশেষজ্ঞই সামূহিক স্বাস্থ্যকেন্দ্ৰসমূহত কৰ্মৰত হৈ আছিল। ইয়াৰ ফলত ৯৭১ জন বিশেষজ্ঞৰ পদ খালি হৈ আছিল, অৰ্থাৎ মুঠ প্ৰয়োজনীয় সংখ্যাৰ ৬৭ শতাংশ কম আছিল।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (এন এফ এইচ এছ-৪, ২০১৫-১৬)ত উল্লেখ কৰা মতে গ্ৰাম্য নান্দুৰবাৰৰ মাত্ৰ ২৬.৫ শতাংশ মাতৃয়ে প্ৰাকপ্ৰসৱকালীন চিকিৎসা সেৱা লাভ কৰে, ৫২.৫ শতাংশ মাতৃয়ে চিকিৎসালয়ত সন্তান জন্ম দিয়ে আৰু মাত্ৰ ১০.৪ শতাংশ মহিলা, যিসকলে ঘৰতে সন্তান জন্ম দিয়ে, তেওঁলোকে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ সাহায্য লাভ কৰে।
পুষ্টিহীনতা আৰু স্বাস্থ্যহীনতাৰ গ্ৰাসত পৰা শিশু আৰু মাতৃকে ধৰি মহাৰাষ্ট্ৰ মানৱ সম্পদ উন্নয়ন সূচক ২০১২ অনুসৰি ৰাজ্যখনৰ সৰ্বাধিক ভিল আৰু পাৱৰাক লৈ গঠিত নান্দুৰবাৰ জিলাৰ ব্যাপক আদিবাসী জনসংখ্যাৰ স্থান একেবাৰে সৰ্বনিম্ন।
তোৰণমল বনাঞ্চলৰ ভিতৰৰ আন এখন পাহাৰৰ ওপৰত থকা লেগাপানী নামৰ ক্ষুদ্ৰ গাওঁখন পল্লৱীৰ ঘৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত অৱস্থিত। তাত থকা খেৰ-বাঁহৰ অন্ধকাৰ জুপুৰীৰ ভিতৰত সাৰিকা ৱাচাৱে (প্ৰকৃত নাম নহয়)ই পানীত পলাশৰ ফুল সিজাই আছিল। “মোৰ ছোৱালীজনীৰ জ্বৰ উঠিছে। মই তাইক পলাশ সিজোৱা পানীৰে গা ধুৱাম। তেতিয়া তাই সুস্থ হৈ উঠিব।” ৩০ বছৰ বয়সীয়া সাৰিকাই ক’লে। সাৰিকাও ভিল আদিবাসী সম্প্ৰদায়ৰ। তেওঁ ছমহীয়া গৰ্ভৱতী আৰু শিলৰ চৌকাৰ সন্মুখত বেছি সময় বহি থাকি তাই কষ্ট পায়। “মোৰ চকু পোৰে। আৰু ইয়াত বিষায় (কৰঙনৰ চুকটো দেখুৱাই কয়)। মোৰ পিঠিৰো বিষ হয়,” তেওঁ কয়।
ক্লান্ত আৰু দুৰ্বল সাৰিকাৰো জৰায়ু স্থানচ্যুত হৈছে। কিন্তু সেই অৱস্থাৰেই ঘৰৰ সকলো কাম তেওঁ কৰিবলৈ বাধ্য। প্ৰতিবাৰ প্ৰস্ৰাৱ কৰোতে বা পেটৰ নাৰীৰ লৰচৰ হ’লে তেওঁ বিষ অনুভৱ কৰে, তেওঁৰ জৰায়ু তললৈ নামি আহে আৰু যৌনাংগৰে বাহিৰলৈ ওলাই আহে। “তেতিয়া মই শাৰীৰ চুক এটাৰে ইয়াক ভিতৰলৈ ঠেলি দিও, ইয়াৰ ফলত প্ৰচণ্ড কষ্ট পাও,” দীঘলকৈ উশাহ লৈ কপালৰ ঘাম মচি তেওঁ কয়। কথাৰ মাজতে চৌকাৰ পৰা ওলোৱা ধোঁৱাৰ বাবে তেওঁৰ মুখখন এফালে ঘূৰাই নিছে।
জৰায়ু ওলাই অহাৰ বাবে তেওঁ যোৱা তিনি বছৰ ধৰি যাতনা ভোগ কৰি আহিছে। ২০১৫ত যেতিয়া তেওঁ ৮ মহীয়া গৰ্ভৱতী আছিল, তেতিয়া হঠাতে তেওঁ প্ৰসৱ বেদনা অনুভৱ কৰে, সময় আছিল নিশা প্ৰায় ৩ বজা। তেওঁ শাহুৱেকৰ প্ৰসৱ কৰাবলৈ চেষ্টা কৰে, ছয় ঘণ্টা প্ৰসৱ যন্ত্ৰণাত ভোগাৰ পিছত সাৰিকাৰ জৰায়ু তেওঁৰ যোনীদ্বাৰেৰে বাহিৰলৈ ওলাই আহে।
“বাহিৰলৈ ওলাই অহা জৰায়ুৰ চিকিৎসা নকৰাৰ ফলত প্ৰস্ৰাৱৰ সংক্ৰমণ, ঘঁহনি খাই ৰক্তক্ষৰণ হ’ব পাৰে আৰু প্ৰচুৰ বিষ হৈ অধিক জটিল হৈ পৰিব পাৰে। এই সকলো মিলি দৈনন্দিন ঘূৰা-মেলা অতি কষ্টকৰ হৈ পৰে,” ডা. চৱনে কয়। চিকিৎসকগৰাকীয়ে কয় যে বয়স বাঢ়ি অহাৰ লগে লগে এই অৱস্থাৰ অধিক অৱনতি ঘটে।
জৰায়ু নিজৰ ঠাইৰ পৰা তললৈ নামি অহাৰ মাত্ৰা যিয়েই নহওক, এনে মহিলাই গধূৰ বস্তু দাঙি ল’ব নালাগে আৰু কোষ্ঠকাঠিন্যৰ পৰা ৰক্ষা পাবলৈ অধিক আঁহযুক্ত খাদ্য, পুষ্টিকৰ খাদ্য আৰু প্ৰচুৰ পৰিমাণে পানী খাব লাগে। কিন্তু সাৰিকাহঁতে গোটেই দিনটোত পেট পুৰাই এসাজ আহাৰ আৰু এবাতি পানী খোৱাৰ বাবেও কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। গৰ্ভৱতী হওঁক বা নহওঁক, পানী অনাৰ বাবে প্ৰতিদিনে পাহাৰৰ তলত থকা দমকললৈ আঠ কিলোমিটাৰ নামি যাব লাগে। পানী লৈ পুনৰ পাহাৰৰ ওপৰলৈ আঠ কিলোমিটাৰ উঠিব লাগে- গতি মন্থৰ হৈ পৰে আৰু সাংঘাতিক বিপজ্জনক। “জৰায়ুৰ কেতিয়াবা ৰক্তক্ষৰণ হয়,” তেওঁ কয়। ঘৰলৈ আহিয়েই বাহিৰলৈ ওলাই অহা জৰায়ু ঠেলি ভিতৰলৈ ভৰাই লয়।
শাৰীৰিক যন্ত্ৰণা ভোগাৰ লগতে এই অৱস্থাৰ লগত সামাজিক আৰু অৰ্থনৈতিক পৰিস্থিতিও জড়িত হৈ থাকে। ওলাই অহা জৰায়ুৰ বাবে বৈবাহিক সম্পৰ্কও ক্ষতিগ্ৰস্ত হ’ব পাৰে, স্বামীয়ে এৰি দিব পাৰে, স্বামীয়ে ত্যাগ কৰিব পাৰে বা নাকচ কৰিব পাৰে। সাৰিকাৰ ক্ষেত্ৰতো এয়ে হ’ল।
সাৰিকাৰ জৰায়ু স্থানচ্যুত হোৱাৰ পিছত তেওঁৰ স্বামী সঞ্জয়ে (নাম সলনি কৰা হৈছে) পুনৰ বিবাহপাশত আৱদ্ধ হয়। সঞ্জয়ে ধাৰগাঁৱৰ হোটেলত দিনে ৩০০ টকাৰ মজুৰীৰ বিনিময়ত মাহে চাৰি-পাঁচদিন কাম কৰে। “সঞ্জয়ে তেওঁৰ উপাৰ্জন দ্বিতীয় পত্নী আৰু পুত্ৰৰ বাবে খৰছ কৰে,” সাৰিকাই কয়। তেওঁ কেতিয়াবা পথাৰত কাম কৰে। ২০১৯ৰ বৰ্ষাকালৰ সময়ত নিজৰ দুই একৰ খেতি মাটিত সাৰিকাই এক কুইণ্টল মাকৈ পাইছিল। “ইয়াৰে ৫০ কিলোগ্ৰাম তেওঁ দ্বিতীয় পত্নি আৰু পুত্ৰৰ বাবে লৈ যায়। বাকীখিনি মই ভাখৰিৰ বাবে জমা কৰি থওঁ।”
উপাৰ্জনহীন সাৰিকাই চাউল-দাইলৰ বাবে প্ৰায়ে আশাকৰ্মী আৰু প্ৰতিবেশী গাওঁবাসীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কেতিয়াবা সাৰিকাই টকা ধাৰ কৰে। “যোৱা জুন মাহত (২০১৯)ত খাদ্যবস্তু আৰু খেতিৰ বীজ ক্ৰয় কৰাৰ কাৰণে এজন গাওঁবাসীৰ পৰা লোৱা ৮০০ টকাৰ ঋণ মই পৰিশোধ কৰিব লাগিব,” তেওঁ কয়।
স্বামীয়ে কেতিয়াবা সাৰিকাক মাৰধৰ কৰে আৰু শাৰীৰিক সম্পৰ্ক কৰিবলৈ হেঁচা দিয়ে। “তেওঁ মোৰ এই অৱস্থা (জৰায়ু ওলাই অহা) ভাল নাপায়। সেয়ে তেওঁ আকৌ বিবাহপাশত আৱদ্ধ হ’ল। কিন্তু সুৰাসক্ত হ’লে তেওঁ মোৰ ওচৰলৈ আহে। মই বিষত কান্দিবলৈ ধৰো (শাৰীৰিক সম্পৰ্কৰ সময়ত), তেতিয়া তেওঁ মোক প্ৰহাৰ কৰে,” সাৰিকাই কয়।
সাৰিকাক মই লগ পোৱাৰ দিনা চৌকাৰ কাষত এটা পাত্ৰত অলপ ভাত থৈ দিছিল। এয়া তেওঁ আৰু পাঁচ বছৰীয়া কন্যা কৰুণাৰ বাবে দিনটোৰ আহাৰ। “ঘৰত প্ৰায় ১ কিলোগ্ৰাম মান চাউল আছে,” তেওঁ কয়। তেওঁৰ বি পি এল ৰেচন কাৰ্ডৰ পৰা পোৱা তিনি কিলোগ্ৰাম চাউল আৰু ৮ কিলোগ্ৰাম আটাৰ এইখিনিয়েই বাকী আছে। সাৰিকাৰ ছাগলী তিনিজনীয়ে হৈছে তেওঁৰ পৰিপুষ্টিৰ উপৰিঞ্চি উৎস। “একোজনী ছাগলীৰ পৰা দিনে এগিলাছ গাখীৰ পাওঁ,” তেওঁ কয়। সেই গাখীৰখিনি সাৰিকাই সমানে দুভাগ কৰে, আধা নিজৰ ছোৱালীক দিয়ে, আধা গিলাছ সতিয়া পুত্ৰক দিয়ে। তাৰ নাম সুধীৰ, বয়স চাৰি বছৰ। সুধীৰ আৰু মাক দুই কিলোমিটাৰ দূৰত থাকে।
তোৰণমল গ্ৰাম্য চিকিৎসালয়লৈ সাৰিকাৰ ঘৰৰ পৰা ১৫৫ কিলোমিটাৰ দূৰত্ব আৰু উপস্বাস্থ্যকেন্দ্ৰটো তেওঁৰ ঘৰৰ পৰা পাঁচ কিলোমিটাৰ আঁতৰত। ওখোৰা-মোখোৰা পাহাৰ বগাব লাগে। জীপ-টেক্সিও সকলো সময়ত পোৱা নাযায়। গতিকে তেওঁ খোজ কাঢ়ি যাবলৈ বাধ্য হয়। “মই বেছি খোজ কাঢ়িব নোৱাৰো। সঘনে মই উশাহ ল’বলগীয়া হয়,” তেওঁ কয়। গৰ্ভধাৰণকালত উপস্বাস্থ্যকেন্দ্ৰলৈ যাওতে বংশানুক্ৰমিকভাৱে তেজ হ্ৰাস পোৱা ৰোগ ধৰা পৰে, যাৰ ফলত ৰক্তহীনতা হোৱাৰ লগতে হিমগ্লবিন হ্ৰাস পায়।
৩০ খন বিচনাযুক্ত তোৰণমল গ্ৰাম্য চিকিৎসালয়খন ২০১৬ত নিৰ্মাণ কৰা হৈছিল। বৰ্হিবিভাগত দিনে ৩০-৫০ জন ৰোগীৰ স্বাস্থ্যপৰীক্ষা কৰা হয়, স্বাস্থ্য বিষয়া ডা. সুহাস পাটিলে কয়। কিছুমান ৰোগী সাধাৰণ স্বাস্থ্যজনিত সমস্যা লৈ আহে- যেনে জ্বৰ, চৰ্দি বা আঘাত পোৱা আদি। চিকিৎসালয়ৰ ওচৰত এলেকাৰ ২৫ খন গাঁৱৰ পৰা মাহত এটা বা দুটা প্ৰসৱৰ সমস্যা লৈ আহে। চিকিৎসালয়খনত দুজন চিকিৎসক, সাতগৰাকী নাৰ্ছ, এটা পৰীক্ষাগাৰ (কিন্তু কাৰিকৰী লোক নাই) আৰু এজন পৰীক্ষাগাৰ সহায়ক আছে। কিন্তু সাৰিকাৰ দৰে জটিল সমস্যাত ভোগা ৰোগীলৈ চিকিৎসা সেৱা আগবঢ়াব পৰাকৈ প্ৰসূতি বিশেষজ্ঞ বা স্ত্ৰীৰোগ বিশেষজ্ঞ বা আন কোনো বিশেষজ্ঞ চিকিৎসক নাই।
“জৰায়ু স্থানচ্যুত হোৱাৰ দৰে সমস্যাৰ চিকিৎসাৰ দায়িত্ব আমি নলও। ৰক্তক্ষৰণ আৰু ধাৰাবাহিক ৰক্তহীনতাত ভোগা ৰোগীৰ সংখ্যা যথেষ্ট বেছি। তেনেকুৱা ৰোগৰ চিকিৎসা কৰিবলৈ ল’লেও আমাৰ কোনো সুবিধা নাই বা তেওঁলোকক চিকিৎসা কৰা বিশেষজ্ঞও নাই,” ডা. পাটিলে কয়। তেওঁ ২০১৬ চনৰ পৰা এই চিকিৎসালয়ত কাম কৰি আহিছে আৰু চিকিৎসালয়ৰ কৰ্মচাৰীৰ বাসগহত তেওঁ থাকে।
তেওঁলোকে কৰিব বিচাৰিলেও সুবিধা আৰু বিশেষজ্ঞ নাই। সাৰিকাই তেওঁৰ জৰায়ু ওলাই অহাৰ কথা চিকিৎসকক জনোৱা নাই। “তেওঁলোক পুৰুষ চিকিৎসক। গতিকে মোৰ জৰায়ু ওলাই অহাৰ কথা মই তেওঁলোকক কেনেকৈ কম?” সাৰিকাই কয়।
প্ৰচ্ছদ সচিত্ৰকৰণঃ প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।
ফটোবোৰঃ যীশান এ লটিফ। তেওঁ মুম্বাইস্থিত এজন স্বতন্ত্ৰ ফটোগ্ৰাফাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ শিল্পকৰ্ম বিশ্বজুৰি বিভিন্ন সংগ্ৰাহলয়, প্ৰদৰ্শনী আৰু প্ৰকাশনত সমাদৃত হৈছেঃ https://zishaanalatif.com/
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত namita@ruralindiaonline.org ৰাখিএই ইমেইল ঠিকনালৈ লিখক- zahra@ruralindiaonline.org
অনুবাদঃ পংকজ দাস