নুসৰৎ বান্নোই মহিলাক কৈশোৰাৱস্থাত সন্তান জন্ম নিদিবলৈ পতিয়ন নিয়াইছে, তেওঁ সিহঁতৰ শাহুয়েকহঁতৰ লগত তৰ্ক কৰি সিহঁতৰ বোৱাৰীহঁতক গৰ্ভনিৰোধক ব্যৱহাৰ কৰাৰ বাবে অনুমতি দিয়াইছে। সন্তান জন্ম দিওৱাৰ বাবে সিহঁতক চিকিৎসালয়লৈ নিছে। কিন্তু বিহাৰৰ আৰাৰিয়া জিলাৰ ৰামপুৰ গাঁৱৰ ৩৫ বৰ্ষীয় অধিস্বীকৃত সামাজিক স্বাস্থ্য কৰ্মী (আশা)গৰাকীয়ে পুৰুষক নিৰ্বীৰ্য্যকৰণৰ বাবে সন্মত কৰোৱাটো দুৰূহ কাম বুলি ভাবে।
‘যোৱা বছৰ (২০১৮) মাত্ৰ এজন পুৰুষ সৈমান হৈছিল,’ ফ’ৰ্বছগঞ্জ খণ্ডৰ প্ৰায় ৩৪০০ মানুহ থকা এইখন গাঁৱত আশাকৰ্মী গৰাকীয়ে আমাক কয়। ‘তেওঁ সেই কাম কৰোৱাৰ বাবে খঙত একোনাই হৈ তেওঁৰ পত্নিয়ে মোক চেন্দেলেৰে মাৰিবলৈ উদ্যত হৈছিল,’ চাৰি সন্তানৰ মাতৃ আশাকৰ্মীগৰাকীয়ে হাঁহি হাঁহি কয়।
ৰামপুৰৰ এই অনিচ্ছাৰ ভাৱ বিহাৰৰ আন গাওঁবোৰতো দেখা যায়। ‘আনে তেওঁলোকক হাঁহিব, ঠাট্টা-মস্কৰা কৰিব বুলি তেওঁলোকে ভয় খায়,’ বিহাৰ চৰকাৰে বছৰৰ প্ৰতি নৱেম্বৰ মাহত কৰা পুৰুষ নিৰ্বীৰ্য্যকৰণৰ অভিযান আৰম্ভ কৰাৰ প্ৰাকমূহুৰ্তত যোৱাবছৰ বিনয় কুমাৰে মোক এই কথা কৈছিল। ‘তাৰোপৰি সিহঁতে ভাবে যে সিহঁত দুৰ্বল হৈ পৰিব, কেতিয়াও যৌন সম্পৰ্ক কৰিব নোৱাৰিব, এইবোৰ ভূল ধাৰণা।’
২৮ বৰ্ষীয় কুমাৰে যোৱা বছৰ চৰকাৰৰ দ্বাৰা নিয়োজিত বিকাশ মিত্ৰ হিচাপে জেহানবাদৰ মাখডাম্পাৰ খণ্ডৰ ৩৪০০ জনবসতিৰ বিৰৰা গাঁৱত কাম কৰি আহিছে। তেওঁ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বিভিন্ন আঁচনি ৰূপায়ন কৰা আৰু সজাগতা সৃষ্টি কৰাৰ কাম কৰে। তেওঁৰ আন এটা একান্ত বাঞ্চনীয় কাম হৈছে পুৰুষক বন্ধ্যাকৰণৰ বাবে সন্মত কৰা। এই সাধাৰণ অস্ত্ৰোপচাৰত পুৰুষৰ শুক্ৰবাহী নলী আবদ্ধ কৰা হয় বা ৰুদ্ধ কৰি পেলোৱা হয়।
বিহাৰত, পুৰুষ বন্ধ্যাকৰণ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৩ (২০০৫-০৬)ৰ পৰা ৰা.প.স্বা..স.-৪ (২০১৫-১৬)ৰ কালচোৱাত উপেক্ষণীয় ০.৬ শতাংশৰ পৰা ০ শতাংশলৈ অৱনমিত হৈছে। একে সময়তে ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ বন্ধ্যাকৰণৰ হাৰো ২৩.৮ শতাংশৰ পৰা ২০.৭ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু পুৰুষ নিৰ্বীৰ্য্যকৰণৰ তুলনাত এয়া বহু বেছি।
বিহাৰৰ এই পৰিসংখ্যাই সমগ্ৰ দেশৰে ডেটাৰ গতিধাৰাকে দৰ্শাইছে। ৰা.প.স্বা.স.-৪ মতে সাম্প্ৰতিক বিবাহিত মহিলাৰ ৩৬ শতাংশই (১৫ৰ পৰা ৪৯ বয়সৰ) বন্ধ্যাকৰণ কৰাইছে, তাৰ পৰিৱৰ্তে মাত্ৰ ০.৩ শতাংশ পুৰুষে নিৰ্বীৰ্য্যকৰণ কৰাইছে বুলি সেইসকল মহিলাই জনাইছে।
কণ্ডমৰ ব্যৱহাৰো দেশখনত গুৰুতৰভাবে কম। দেশৰ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ বিবাহিত মহিলাৰ ৫.৬ শতাংশইহে গৰ্ভনিৰোধৰ উপায় হিচাপে কণ্ডমৰ ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে।
এই বৈষম্য দূৰ কৰিবলৈ ২০১৮ৰ পৰা বিহাৰত বিকাশ মিত্ৰ (উন্নয়ন সহায়ক বা বিকাশ বন্ধু, যাৰ শিক্ষাগত ন্যুনতম অৰ্হতা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ)ৰ ব্যৱস্থা কৰা হয়। ৰাজ্যখনত এনে মিত্ৰৰ সংখ্যা ৯,১৪৯ জন। ইয়াৰে জেহানাবাদ জিলাত ১২৩ গৰাকী আৰু আৰাৰিয়া জিলাত ২২৭ জন, এয়া পপুলেশ্যন ফাউণ্ডেশ্যন অৱ ইণ্ডিয়াৰ উপলব্ধ তথ্য। পুৰুষ নিৰ্বীৰ্য্যকৰণ আৰু গৰ্ভনিৰোধত পুৰুষক নিয়োজিত কৰা এই মিত্ৰসকলৰ উদ্দেশ্যে।
সেই কাম আকৌ অতিৰিক্ত কামহে, তাৰোপৰি বিনয়ে বিকাশ মিত্ৰ হিচাপে শৌচাগাৰ নিৰ্মাণ, ঋণ সত্যাপন আৰু বণ্টন, পানীৰ সুবিধা প্ৰদান আদি কাম কৰে। খৰাং আৰু বানে জুৰুলা কৰা ৰাজ্যখনত তেওঁ খৰাং সাহায্যৰ ব্যয়পূৰ্তি আৰু বান সাহায্যৰ কাৰণে মানুহৰ নামৰ সত্যাসত্য নিৰূপণো কৰে।
বিকাশ মিত্ৰক বিহাৰ মহাদলিত বিকাশ অভিযানৰ পৰা মাহে ১০ হাজাৰ টকা দিয়া হয় আৰু মহাদলিত হিচাপে সূচীবদ্ধ, ৰাজ্যখনৰ একেবাৰে সা-সুবিধা নোপোৱা ২১ টা অনুসূচীত জাতিৰ কামত তেওঁলোকে মনোনিৱেশ কৰিব লাগে। তেওঁলোকে জিলা প্ৰশাসনৰ অধীনত কাম কৰে আৰু খণ্ড উন্নয়ন বিষয়াৰ হাতত প্ৰতিবেদন দাখিল কৰে। পুৰুষ নিৰ্বীৰ্য্যকৰণৰ বাবে কাৰোবাক সন্মত কৰাব পাৰিলে বিকাশ মিত্ৰ এজনক অতিৰিক্ত ৪০০ টকা দিয়া হয়।
বিনয় কুমাৰক লগ পোৱাৰ সময়ত তেওঁ বিহাৰৰ পুৰুষ নিৰ্বীৰ্য্যকৰণক কেন্দ্ৰ কৰি অনুষ্ঠিত বাৰ্ষিক সপ্তাহজোৰা কাৰ্যসূচীৰ কামতে ব্যস্ত আছিল। পৰিয়াল পৰিকল্পনাৰ প্ৰসংগত সততে শুনিবলৈ পোৱা ‘পুৰুষৰ অংশগ্ৰহণ’ এই কাৰ্যসূচীৰে এক অংশ। ভাৰতত পৰিয়াল কল্পনাৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্যৰ শাৰীত পৰা বিহাৰত উৰ্বৰতাৰ হাৰ (ফাৰ্টিলিটি ৰেট চমুকৈ টি.এফ.আৰ.) ১৫-৪৯ বয়সৰ মাজত ৩.৪১ শতাংশ, এয়া সমগ্ৰ দেশখনৰ ভিতৰতে সৰ্বোচ্চ (ৰাজ্যখনৰ অইন জিলাবোৰৰ ভিতৰত আৰাৰিয়া জিলাত এই হাৰ সৰ্বোচ্চ, ৩.৯৩ শতাংশ)। ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ হৈছে ২.১৮ শতাংশ (ৰা.প.স্বা.স.-৪)।
‘পুৰুষৰ অংশগ্ৰহণ’ৰ বাবে বিকাশ মিত্ৰই দায়িত্ব লোৱাৰ আগেয়ে ভালেকেইদশক জুৰি এই চেষ্টা চলাই অহা হৈছে। এই প্ৰচেষ্টা ১৯৮১ৰ পৰা চলিছে। তেতিয়া কেন্দ্ৰ চৰকাৰে বন্ধ্যাকৰণৰ বাবে নগদ ধনৰ ব্যৱস্থা কৰিছিল। এতিয়া পুৰুষ নিৰ্বীৰ্য্যকৰণ কৰোৱাসকলে ৩০০০ টকাকৈ পায়।
তথাপিও লিংগ-বৈষম্যহীন গৰ্ভনিৰোধৰ স্থিতিৰ উন্নতি তেনেই লেহেমীয়া। দেশৰ মহিলাসকলেই অকলে এই বৃহৎ দায়িত্ব মুৰ পাতি লৈ আহিছে। আকৌ সন্তানৰ মাজত ব্যৱধান ৰখা আৰু অনাকাংক্ষিত গৰ্ভধাৰণ নকৰাটো নিশ্চিতকৰণৰ কামো মহিলাই কৰিব বুলি আশা পালি থকা হয়। ভাৰতত সম্প্ৰতি ৪৮ শতাংশ বিবাহিত মহিলাই (১৫ৰ পৰা ৪৯ বয়সৰ ভিতৰত) বন্ধ্যাকৰণ, গৰ্ভনিৰোধক আহিলা (আই.ইউ.ডি.), বড়ি আৰু বেজী দিব পৰা (ইনজেক্টেবল, ‘গৰ্ভনিৰোধৰ আধুনিক পদ্ধতি’ হিচাপে ৰা.প.স্বা.স.-৪ত অন্তৰ্ভূক্ত) পদ্ধতি ব্যৱহাৰ কৰি আহিছে।
সংশোধনযোগ্য পদ্ধতি যেনে বড়ি, কণ্ডম আৰু আই.ইউ.ডি. আদিৰ ব্যৱহাৰৰ পৰিৱৰ্তে স্থায়ী পদ্ধতি বন্ধ্যাকৰণ, সেয়া লাগিলে পুৰুষেই হওঁক বা মহিলা, চৰকাৰে অত্যাধিক গুৰুত্ব দিয়া বিষয়টো সৰ্বত্ৰে সমালোচিত হৈ আহিছে। ‘মহিলাৰ বন্ধ্যাকৰণৰ প্ৰাধান্য ভাৰতত বেছি, কিয়নো মহিলাৰ স্বতন্ত্ৰতা তেনেই কম হেতুকে এয়া উজু হৈ পৰে,’ অবজাৰ্ভাৰ ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ স্বাস্থ্যখণ্ডৰ কাৰ্যসূচীৰ মূৰব্বী আৰু জ্যেষ্ঠ অধিসদস্য অ’মেন চি. কুৰিয়ানে কয়।
ৰাজ্যিক পৰিয়াল পৰিকল্পনা বিভাগে মহিলাক তেওঁলোকৰ জন্ম নিয়ন্ত্ৰণৰ অধিকাৰ, গৰ্ভপাতৰ আইনী অধিকাৰ আৰু প্ৰজনন স্বাস্থ্যকে ধৰি বিভিন্ন প্ৰজনন অধিকাৰ সম্পৰ্কে সজাগ কৰাৰ বাবে কোনো প্ৰচেষ্টা হাতত লোৱা নাই। প্ৰজনন স্বাস্থ্য পৰামৰ্শদাতা আৰু আনুষাংগিক কাম কৰা সামূহিক স্বাস্থ্যসেৱাৰ প্ৰথমশাৰীৰ কৰ্মী নুসৰৎ বান্নোৰ দৰে আশাকৰ্মীৰ জৰিয়তে এই কাম কৰাৰ চেষ্টা চৰকাৰে চলাইছে। প্ৰতিগৰাকী মহিলাৰ বন্ধ্যাকৰণৰ বাবদ তেওঁলোকে ৫০০ টকা উদগনিমূলক ধনৰাশি পায় আৰু বন্ধ্যাকৰণ কৰোৱা মহিলাই ৩০০০ টকা পায়।
পুৰুষক নিৰ্বীৰ্য্যকৰণৰ পিছত সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ এসপ্তাহ সময় লাগে, মহিলাক সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিবলৈ প্ৰায় দুইৰ পৰা তিনি মাহ সময় লাগে। প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত পুৰুষক ততালিকে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়, য’তনেকি মহিলাক অতিকমেও এৰাতিৰ বাবে চিকিৎসালয়তে ৰখা হয়।
তাৰোপৰি বহুতো মহিলাই ভয় খায় যে তেওঁলোকে বন্ধ্যাকৰণ নকৰালে আৰু ইচ্ছাৰ বিৰুদ্ধে সন্তান জন্ম দিয়াৰ কাৰণে সিহঁতক হেঁচা দিয়া হ’ব। সেয়ে গিৰীয়েক নাইবা শাহুৱেকৰ পৰা লুকুৱাই তেওঁলোকে এই কাম কৰে, যেনেদৰে বিনয় কুমাৰৰ পত্নীয়ে কৰাইছিল।
তেওঁ পৰামৰ্শ কৰা মানুহবোৰৰ দৰে কুমাৰে নিজেও পুৰুষ নিৰ্বীৰ্য্যকৰণক লৈ শংকা আৰু ভিত্তিহীন কথাত বিশ্বাস কৰে। নিৰ্বীৰ্য্যকৰণ কৰিলে তেওঁ ‘অতিশয় দুৰ্বল’ হৈ পৰিব বুলি ভয় কৰিছিল বুলি তেওঁ কয়। ‘কাৰ সৈতে কথা পাতিব লাগে মই নাজানিছিলো,’ তেওঁ কয়। তেওঁৰ পত্নিয়ে দুটি সন্তানৰ পিছত জনননলী বন্ধ কৰাৰ সিদ্ধান্ত নিজে লৈছিল। এই কথাত তাই গিৰীয়েকৰ পৰামৰ্শ লোৱা নাছিল, জনোৱাও নাছিল।
কুমাৰ আৰু অইন বিকাশ মিত্ৰই সাধাৰণতে নিজৰ দলিত সম্প্ৰদায় আৰু মহাদলিতসকলৰ মাজতে কাম কৰে, পুৰুষ নিৰ্বীৰ্য্যকৰণৰ কাৰণে তেওঁলোকে কেতিয়াবা উচ্চ জাতৰ মানুহৰ মাজতো গৈ কাম কৰে।
‘উচ্চ জাতৰ লোকে আমাক পুৰুষ নিৰ্বীৰ্য্যকৰণৰ বিষয়ে কিবা প্ৰশ্ন কৰিলে উত্তৰ দিব নোৱাৰিম বুলি ভয় লাগে, সেয়ে আমি আমাৰ সম্প্ৰদায়ৰ মানুহৰ মাজতে থাকো,’ জেহানাবাদ জিলাৰ মাখডাম্পাৰ খণ্ডৰ কালানৌৰ গাঁৱৰ ৪২ বৰ্ষীয় বিকাশ মিত্ৰ অজিত কুমাৰ মাঝিয়ে কয়। মাঝিৰ তিনিজন পুত্ৰ আৰু এগৰাকী কন্যাসন্তান আছে।
কেতিয়াবা আকৌ এয়া ভাল কথালৈও তৰংগায়িত হয়। ২০১৮ চনৰ কথা, মাঝিয়ে দুজন পুৰুষক সৈমান কৰাইছিল। ‘মই তেওঁৰ লগত কথা পাতিছিলো, তেওঁ অকলে নাযায় বুলি কৈছিল। সকলোৱে মোক হাঁহিব। সেয়ে মই মোৰ চুবুৰীয়াজনকো সন্মতি কৰালো। তেনেদৰেই তেওঁলোকে আত্মবিশ্বাস গোটাইছিল।’
কিন্তু পুৰুষ নিৰ্বীৰ্য্যকৰণ কৰোৱাৰ ১৩ মাহ পাৰ হৈ যোৱাৰ পাছতো তেওঁলোক দুয়োজনৰ কোনেও ৩০০০ টকাৰ উদগনিমূলক ধনৰাশি পোৱা নাই। এনেকুৱা প্ৰায়ে হয়, ফলত মানুহক পতিয়ন নিওৱা বেছি কঠিন হৈ পৰে। ধনৰাশি বেংকৰ খাতাত হস্তান্তৰণ কৰা হয়, কিন্তু গাঁৱৰ সকলোৰে বেংকৰ খাতা নাথাকে। ফলত বেংক মিত্ৰৰ দীঘলীয়া কামৰ তালিকাখনত নতুনকৈ কাম যোগ হয়। ‘কাৰোবাৰ বেংকৰ খাতা নাথাকিলে মই খাতা খোলাত সহায় কৰি দিবলগীয়া হয়,’ বিনয় কুমাৰে কয়। মই সাক্ষাৎ কৰা বিকাশ মিত্ৰসকলে ২০১৯ বৰ্ষত গাইপতি তিনি বা চাৰিজনতকৈ বেছি লোকক পুৰুষ নিৰ্বীৰ্য্যকৰণৰ বাবে সন্মত কৰাব পৰা নাই।
পুৰুষক বন্ধ্যাকৰণৰ বাবে পতিয়ন নিওৱা কামটোত তেওঁৰ পত্নিগৰাকীকো পৰামৰ্শদান কৰিবলগীয়া হয়। মালতী কুমাৰ মাখডাম্পাৰ খণ্ডৰ কহাৰা গাঁৱত বেংক মিত্ৰ হিচাপে কাম কৰে, কিন্তু কথা পতাৰ বাবে তেওঁ নিজৰ গিৰীয়েক নন্দকিশোৰ মাঝিৰ ওপৰতে নিৰ্ভৰ কৰে। ‘আমি এটা গোট হিচাপে কাম কৰো। মই মহিলাৰ সৈতে আৰু তেওঁ পুৰুষৰ সৈতে কথা পাতে,’ মালতীয়ে কয়।
‘মই সিহঁতক সোধো, আপোনালোকে নতুনকৈ সন্তান জন্ম দিলে ইতিমধ্যে থকা ল’ৰা-ছোৱালীৰ পালন-পোষণ কেনেকৈ কৰিব,’ নন্দকিশোৰ মাঝিয়ে কয়। প্ৰায়ে তেওঁৰ উপদেশক গুৰুত্ব দিয়া নহয়।
আশাকৰ্মীয়েও নিজৰ গিৰীয়েকহঁতক সহায় কৰিবলৈ কয়। ‘মহিলা হৈ আমি পুৰুষৰ সৈতে বন্ধ্যাকৰণৰ কথা পাতিব নোৱাৰো। সিহঁতে কয়, ‘‘মোক এইবোৰ কথা কিয় কৈ আছে, মোৰ পত্নিৰ সৈতে কথা পাতক।’ সেয়ে মই মোৰ গিৰীক পুৰুষৰ সৈতে কথা পাতি সন্মত কৰাবলৈ কওঁ,’’ নুসৰৎ বান্নোৱে কয়।
মহিলাৰ কথা শুনিলে এটা কথা স্পষ্ট হয় যে পৰিয়াল পৰিকল্পনাত পুৰুষৰ অংশগ্ৰহণ কেৱল পুৰুষক নিৰ্বীৰ্য্যকৰণৰ কৰোৱাতে সীমাবদ্ধ নহয়। তেওঁলোকৰ সৈতে কথোপকথন আৰম্ভ কৰাৰ পৰা ধৰি মহিলা এগৰাকীয়ে কেইটা সন্তান জন্ম দিব আৰু কি ধৰণৰ গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব তাৰ ওপৰত তেওঁলোকৰ পুৰুষৰ সমানে অধিকাৰ আছে, সেই কথা জনোৱাটোও গুৰুত্বপূৰ্ণ কাম হৈ পৰে। ‘এই কামৰ বাবে সময় লাগে, প্ৰতিটো পদ্ধতিৰে ভাল-বেয়া দিশ সম্পৰ্কত পতি-পত্নি দুয়োগৰাকীকে পতিয়ন নিয়াবলগীয়া হয়,’ আৰাৰিয়া জিলাৰ ৰামপুৰ গাঁৱৰ ৪১ বৰ্ষীয় আশাকৰ্মী আৰু তিনি সন্তানৰ মাতৃ নিখাত নাজে কয়।
মহিলাসকলে ভাবে যে নিৰ্বীৰ্য্যকৰণে তেওঁলোকৰ বিয়াৰ ওপৰত সামাজিকভাবে প্ৰভাৱ পেলাব পাৰে। এগৰাকী মহিলাই তেওঁৰ গিৰীয়েকৰ নিৰ্বীৰ্য্যকৰণ কৰোৱা বুলি জানিব পাৰি খঙত একোনাই হৈ নুসৰৎ বান্নোক চেন্দেলেৰে মাৰিবলৈ উদ্যত হোৱাৰ কথা নুসৰতে মনত পেলালে। ‘মহিলাগৰাকীয়ে ভাবিছিল যে নিৰ্বীৰ্য্যকৰণৰ ফলত তেওঁৰ স্বামী নুপুংসক হৈ পৰিব আৰু গোটেই গাওঁখনৰ বাবে হাঁহিয়াতিৰ পাত্ৰ হৈ পৰিব। ফলত গিৰীয়েকে তাৰ পোটক তাইৰ ওপৰতে তুলিব।’
তাৰ পিছত নুসৰতে কয়, ‘মহিলাই নিজৰ জীৱনটো বচোৱাৰ কথা চিন্তা কৰে, কিন্তু পুৰুষে হাঁহিয়াতৰ পাত্ৰ হ’ব বুলি ভয় কৰে?’
প্ৰচ্ছদ সচিত্ৰকৰণঃ প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত namita@ruralindiaonline.org ৰাখি এই ইমেইল ঠিকনালৈ লিখক- zahra@ruralindiaonline.org
অনুবাদঃ পংকজ দাস