ডাল হ্ৰদৰ ১৫ নং ঘাটৰ এখন কাঠৰ বেঞ্চত নীৰৱে বহি আছে গুলজাৰ আহমেদ ভাট। শ্ৰীনগৰৰ আন শিকাৰা চলোৱা লোকৰ দৰে তেওঁ দুই আগস্তৰ পৰা শিকাৰৰ কোনো গ্ৰাহক পোৱা নাই। যেতিয়াই জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনে পৰ্যটকক অতি শীঘ্ৰে কাশ্মীৰ উপত্যকা এৰি যাবলৈ ক’লে, তেতিয়াৰ পৰা শিকাৰা নিৰ্ভৰ জীৱন অচল হৈ পৰে। ‘আমাৰ জীৱন অনিশ্চিত হৈ পৰে। ইয়াত কটোৱা ১৮ বছৰত সকলো পৰ্যটকে একেলগে যাত্ৰা বাতিল কৰা দেখা নাছিলো,’ এইদৰে আক্ষেপ প্ৰকাশ কৰে ৩২ বছৰীয়া গুলজাৰে।
যোৱা ১০ অক্টোবৰত যেতিয়া চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে, তাৰ পাছত শিকাৰাত দুই-এজন গ্ৰাহক পোৱা গৈছে। সেইসকলে ট্ৰেভেল এজেণ্ট আনিছে আৰু তেওঁলোকে বিৰাট দৰদাম কৰে। ‘গ্ৰাহকজনে যদি ট্ৰেভেল এজেণ্টৰ সহায় নোলোৱাকৈ পোনে পোনে আমাৰ ওচৰলৈ আহে, আমি ডাল হ্ৰদত শিকাৰাৰে এঘণ্টা নৌকাবিহাৰ কৰোৱাৰ বাবদ ৬০০ টকা (অনুমোদিত চৰাকাৰী ভাড়া) লওঁ। কিন্তু গ্ৰাহকজন এজেণ্টৰ জড়িয়তে আহিলে আমাক মাত্ৰ ২৫০ টকা দিয়ে। সময় বৰ বেয়া চলিছে কাৰণে আমি তেনে গ্ৰাহকক ঘুৰাই নপঠিয়াও,’ ৪২ বৰ্ষীয় শিকাৰা চালক মেহৰাজ-উদ-দিন পাক্টোৱে এইদৰে কয়। নৱেম্বৰলৈকে তেওঁ গ্ৰাহকৰ অপেক্ষাত ৰৈ আছে। এতিয়াও তেওঁ আশা, অলপ উপাৰ্জন কৰিব পাৰিলে শীতকালটোত পৰিয়ালটোক পোহপাল দিব পাৰিব।
শিকাৰা কেতিয়াবা গৰাকীয়ে নিজে চলায় বা আনক এটা চিজনৰ বাবে ৩০ হাজাৰ টকাত ভাড়া দিয়ে। ছমহীয়া পৰ্যটনৰ কালচোৱাত এজন শিকাৰাৱালাই ২ লাখৰ পৰা ২.৫ লাখ টকা উপাৰ্জনৰ আশা কৰিব পাৰে। শিকাৰাৰ ভাড়া আৰু আন খৰছৰ পিছত তেওঁৰ হাতত থাকিব ১ লাখ ৮০ হাজাৰ টকা। সেই টকাৰে গোটেই বছৰ চলিব লাগিব। অৰ্থাৎ মাহে পোন্ধৰ হাজাৰ খৰছ কৰিব পাৰিব। পৰ্যটক নথকা ছটা মাহত শিকাৰা চালকসকলৰ কাম নোহোৱা হয়। সুবিধা পালেই আন যিকোনো কাম কৰে বা হ্ৰদৰ মাছ ধৰি বিক্ৰী কৰে বা নিজে খায়।
সাধাৰণতে কাশ্মীৰ উপত্যকাত মে’ মাহৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত পৰ্যটন চলে। নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা আৰু এই বছৰ আগতীয়াকৈ বৰফ পৰা বাবে শিকাৰাৰ গ্ৰাহকৰ সংখ্যা একেবাৰে কম হ’বলৈ ধৰে। যোৱা বছৰ (২০১৮) পৰ্যটনৰ বাবে ৮.৫ লাখ পৰ্যটক কাশ্মীৰ উপত্যকালৈ আহিছিল- ভাৰতীয়ৰ লগতে বিদেশী পৰ্যটকো আহিছিল। চলিত বৰ্ষৰ পৰ্যটকৰ সংখ্যা কিমান সেয়া স্পষ্ট নহয়।
ডাল হ্ৰদকে ধৰি কাশ্মীৰৰ বিভিন্ন জলাশয়ত চলা ৪৮০০ শিকাৰাবোৰে এইবাৰ যোৱা আগস্তৰ পৰা ভীষণ লোকচানৰ মুখামুখি হয়। নিখিল জম্মু আৰু কাশ্মীৰ টেক্সি শিকাৰা মালিক সন্থা নিখিল জম্মু আৰু কাশ্মীৰ শিকাৰা শ্ৰমিক সন্থাৰ সভাপতি ৬০ বছৰ বয়সীয়া ৱালি মহম্মদ ভাটে কয়। ‘ডাল হ্ৰদৰ লগতে নিগীন হ্ৰদ, মানসবল হ্ৰদ আৰু ঝিলম নদীত চলা ৯৬০ খন হাউছবোটৰ গৰাকীসকলৰো একেই অৱস্থা,’ আব্দুৰ ৰছিদ কাল্লু কাশ্মীৰ হাউছ বোটৰ মালিক সন্থাৰ সাধাৰণ সম্পাদক।
৩৭ টা ঘাট আৰু কেইটামান ক্ষুদ্ৰ আস্থান থকা ডাল হ্ৰদৰ শিকাৰাচালকে এই বছৰত কমেও ৮ কোটি টকাৰ লোকচান ভৰিছে। এয়া ভাটৰ হিচাপ। কিছুমান লোকে ঋণৰ ধনেৰে শিকাৰা ক্ৰয় কৰে। এখন নতুন শিকাৰাৰ দাম প্ৰায় ১.৫ লাখ টকা। এতিয়া ঋণৰ ধন পৰিশোধ কৰিব নোৱাৰা হ’ল। কিছুমান লোকে ঋণদাতাৰ চাপ সহ্য কৰিব নোৱাৰি ঋণৰ ধন ঘুৰাই দিবলৈ শিকাৰা বিক্ৰী কৰি দিছে। যিসকলৰ জীৱিকা কেৱল শিকাৰাৰ ওপৰতে নিৰ্ভৰশীল, সেইসকলৰ বাবে চৰকাৰে কোনো ক্ষতিপুৰণ দিয়াৰ আঁচনি গ্ৰহণ কৰা নাই।

শ্ৰীনগৰৰ ডাল হ্ৰদৰ নীৰৱ জলৰাশিত গ্ৰাহকৰ অপেক্ষাত এতিয়াও ৰৈ থকা শিকাৰাসমূহ

নৱেম্বৰৰ প্ৰথম ভাগৰ তুষাৰপাতৰ মাজতে দুই এজন গ্ৰাহকক লৈ কেইখনমান শিকাৰাই যাত্ৰা কৰে

ষাঠি বছৰ বয়সীয়া গুলাম আহমেদ মাত্তোৱে কয়, ‘মোৰ বন্ধু আৰু সহকৰ্মীৰ পৰা মোৰ ছোৱালীৰ বিয়াৰ বাবে যোৱা ২০১৭ত ৩ লাখ টকাৰ ঋণ লৈছিল। ১ লাখ টকা পৰিশোধ কৰিলোঁ। এইবাৰ বাকী থকাখিনি পৰিশোধ কৰিব পাৰিম বুলি ভাবিছিলোঁ। কিন্ত আগস্ত মাহৰ পিছত মোৰ চকু কপালত উঠিল। এতিয়া মই নিজেই নাজানো যে বাকী থকা ঋণ মই কেনেকৈ পৰিশোধ কৰিম। ‘ৰাজ্যিক নাওঁখেলত অংশগ্ৰহণ কৰিবলৈ তেওঁ পুত্ৰ জাহুৰক কেৰেলালৈ পঠিয়াইছে যাতে পৰিয়ালটো চলিবলৈ অলপ উপাৰ্জন কৰিব পাৰে

বিগত বিশ বছৰ ধৰি মেহৰাজ-উদ-দিন পাক্টোৱে ডাল হ্ৰদত শিকাৰা চলাই আহিছে। ‘যোৱা আগস্তৰ পৰা শিকাৰাত উঠা এজনো গ্ৰাহক পোৱা নাই। চৰকাৰে পৰ্যটকসকলক কাশ্মীৰ এৰি যাবলৈ নিৰ্দেশ দিয়া বাবে এই অৱস্থাৰ সৃৃষ্টি হয়। মোৰ উপাৰ্জনৰ একমাত্ৰ থল শিকাৰা।’ তেওঁ কয়, ‘মোৰ তিনিটা ল’ৰা-ছোৱালী আছে, সিহঁতৰ পঢ়া-শুনা আৰু পোহপালৰ খৰছৰ কথা আছে। এইবাৰ শীতকালত কেনেকৈ জীয়াই থাকিম নাজানো, কাৰণ যি উপাৰ্জন কৰোঁ, তাৰেই শীতকালত চলোঁ'

‘দিনটো তেনেই স্বাভাৱিক আছিল। (যিদিনা চৰকাৰে নিষেধাজ্ঞা জাৰী কৰিছিল); আমি ডাল হ্ৰদৰ বিভিন্ন গন্থব্যস্থানলৈ পৰ্যটকক লৈ গৈ আছিলোঁ। আমি ভাবিছিলোঁ পৰ্যটকক কাশ্মীৰ এৰিবলৈ নিৰ্দেশ দিয়া বুলি হোৱা বুলি প্ৰচাৰ আচলতে সত্য নহয়। প্ৰকৃততে কি ঘটিবলৈ গৈছিল সেই সম্পৰ্কে আমি একো ঠাঁৱৰ কৰিব পৰা নাছিলোঁ।‘ এইদৰে কয় পঞ্চাশ বছৰীয়া আব্দুল ৰছিদ শ্বাহে। ‘যোৱা বছৰৰ উপাৰ্জনৰ অলপ ধন মোৰ জমা আছিল, এতিয়া সেইখিনিও খৰছ হ’ল। এতিয়া পৰিয়ালটো লঘোণে ৰাখিবলগীয়া হয় বুলি ভয় লাগিছে...’

নিখিল জম্মু আৰু কাশ্মীৰ শিকাৰা মালিক সন্থা আৰু শিকাৰা শ্ৰমিক সন্থাৰ সভাপতি ৱালি মহম্মদ ভাট পৰ্যটকৰ অপেক্ষাত ৰৈ আছে

নৱেম্বৰত আগতীয়াকৈ আৰম্ভ হোৱা তুষাৰপাতৰ সময়ত নাম প্ৰকাশত অনিচ্ছুক এজন শিকাৰাচালকে কেইজনমান পৰ্যটকক লৈ এখন হাউছবোটৰ পৰা ডাল হ্ৰদৰ ৩ নং ঘাটলৈ যাত্ৰা কৰিছে। পৰ্যটকক কাশ্মীৰ উপত্যকা এৰি যাবলৈ চৰকাৰে জাননী জাৰি কৰাৰ পিছত পৰ্যটকক লৈ এইটো তেওঁৰ তৃতীয়টো ভাড়া

গুলজাৰ আহমদ ভাট নামৰ ৩২ বছৰীয়া শিকাৰা চালকজন (‘সন্তৰ উপত্যকা’ নামৰ চলচিত্ৰখনতো তেওঁ অভিনয় কৰিছিল) যোৱা ১৮ বছৰ ধৰি এই ব্যৱসায়ৰ লগত জড়িত। ‘পৰ্যটকৰ মাজত থকা আমাৰ পৰিচয়ৰ যৱনিকা পৰিল বুলি মই শংকিত হৈছো। আমি পৰ্যটকলৈ আগবঢ়োৱা আতিথ্যৰ বাবে বিখ্যাত।’ তেওঁ কয়, ‘যোৱা আগস্তৰ পৰা সকলো শেষ হৈ গ’ল। দেশৰ আন ঠাইৰ আগত আমি আমাৰ পৰিচয় হেৰুৱালো। পৰ্যটকসকলে কাশ্মীৰ উপত্যকালৈ আহিবলৈ ভয় কৰা হ’ল।’ এইটো চিজনত তেওঁ কেনেকৈ জীৱিকা নিৰ্বাহ কৰিব? ‘সংঘাতে আমাক বহুত কথা শিকাইছে আৰু ইয়াৰ মাজৰে এটা হৈছে সঞ্চয় কৰা, কিয়নো কাশ্মীৰত এতিয়া সকলো অনিশ্চিত।’ তেওঁ কয়, ‘প্ৰতি দুই তিনি বছৰৰ মুৰে মুৰে আমি প্ৰায় শোচনীয় পৰিস্থিতিৰ মুখামুখি হ’ব লাগে’

২০১৯ৰ জুলাইৰ আগতে ৪০ বছৰীয়া ইমতিয়াজ জালাই ঋণৰ ধনেৰে এই শিকাৰাখন ক্ৰয় কৰিছিল। আগতীয়া বন্দোবস্তিৰ বাবে ভাবিছিল এইবাৰ যথেষ্ট লাভ হ’ব। কিন্ত এইবাৰ পৰ্যটনৰ সময় পাৰ হোৱাৰ পিছত এতিয়া তেওঁ শিকাৰাখন বিক্ৰী কৰি দিয়াৰ কথা ভাবিছে। কিয়নো সেই ধনেৰে ঋণ পৰিশোধ কৰিব। তেওঁৰ তিনি কন্যা প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত। ‘এতিয়া মই সিহঁতৰ ফলাফল চাব নোৱাৰোঁ। (বিদ্যালয়ে সিহঁতৰ ফলাফল বন্ধ কৰি ৰাখিছে) বিদ্যালয় কৰ্তৃপক্ষই সিহঁতৰ তিনি মাহৰ মাচুল আদায় দিবলৈ মোক কৈছিল।’ এইদৰে তেওঁ কয়

চাৰিওফালে সেনা থকাৰ পিছত পৰ্যটক এই ঠাইলৈ কেনেকৈ আহিব, ৫০ বছৰীয়া মহম্মদ আব্দুল্লাই সোধে। তেওঁ শ্ৰীনগৰৰ উত্তৰাঞ্চলৰ ৰাইনাৱাড়ি এলেকাৰ শিকাৰাচালক। ‘এইবছৰ কাশ্মীৰলৈ অনা অতিৰিক্ত সেনাবাহিনী যদি চৰকাৰে ঘুৰাই লৈ যায়, তেন্তে আমি আশা কৰিব পাৰো যে কিছু সংখ্যক পৰ্যটক আমাৰ মাজলৈ আহিব, মোৰ ধাৰণা হয় যেন ৯০ দশকৰ আগৰ অৱস্থাত কাশ্মীৰখন আকৌ দেখিবলৈ পাম, তেতিয়া আমাৰ কাশ্মীৰ উপত্যকাত কোনো সংঘৰ্ষই নাছিল’ , তেওঁ কয়

কাঠমিস্ত্ৰী গুলাম মহম্মদে শিকাৰা সাজে। তেওঁ বয়স ৪০ বছৰ। তেওঁ পিতৃৰ পৰা এই ব্যৱসায় উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে। ‘২০১৯ৰ আগস্তৰ আগতে ৮ খন শিকাৰা সজাৰ কাম মই পাইছিলোঁ, কিন্তু চৰকাৰে পৰ্যটকক কাশ্মীৰ এৰি যাবলৈ দিয়া নিৰ্দেশৰ পাছত শিকাৰা সজাৰ আটাইকেইটা অৰ্ডাৰ বন্ধ হ’ল,’ এইদৰে কয় গুলাম মহম্মদে

শিকাৰা নিৰ্মাণৰ অৰ্ডাৰ বাতিল হোৱাৰ পিছত ৩ লাখ টকাৰে ক্ৰয় কৰা দেবদাৰু কাঠবোৰ তেওঁৰ কাৰখানাতে পৰি থাকিল। তেওঁ কয়, ‘এনে অৱস্থাত মোৰ দৰে মানুহ জীয়াই থকাটো অতি কঠিন হৈ পৰিছে

নৱেম্বৰৰ প্ৰথম ভাগত শিকাৰাৱালাসকলে ডাল হ্ৰদৰ ওচৰৰ সংন্থাৰ কাৰ্যালয়ৰ সমীপত এইদৰে সময় কটাইছে

পৰ্যটনৰ লগত জড়িত সকলো ব্যৱসায় ক্ষতিগ্ৰস্ত হৈছে- স্থানীয় হস্ততাঁত শিল্পৰ বিক্ৰেতাসকলে ডাল হ্ৰদৰ ওচৰত গ্ৰাহকৰ বাবে অপেক্ষা কৰিছে। সাধাৰণতে শিকাৰাৱালাসকলে তেওঁলোকৰ দোকানলৈ গ্ৰাহক লৈ আহে

পৰ্যনটৰ সময় প্ৰায় শেষ হ’বৰ হৈছে। অথচ পৰ্যটকৰ বাবে কেইবামাহো অপেক্ষা কৰিবলগীয়া হৈছিল। এইবাৰ শীতকালটো শিকাৰাসকলৰ বাবে বেছি দীঘলীয়া, কঠিন আৰু অনিশ্চিত হৈ পৰিছে
অনুবাদঃ পংকজ দাস