কি ভাষাত সপোন দেখে এগৰাকী মাকে? গংগাৰ পাৰৰ পৰা পেৰিয়াৰলৈকে তেওঁ সন্তানৰ সৈতে কি ভাষাৰে কথা পাতে? প্ৰতিখন ৰাজ্য, প্ৰতিখন জিলা, প্ৰতিখন গাৱঁৰ সৈতে সলনি হয় নেকি তেওঁৰ জিভাৰ বৰণ? হাজাৰ হাজাৰ ভাষা, লাখ লাখ দোৱান, তেওঁ জানেনে সেই সকলোবোৰ? কোনটো ভাষাৰে তেওঁ বিদৰ্ভৰ খেতিয়কবোৰ, হাঠৰাছৰ শিশুবোৰ, আৰু ডিণ্ডিগুলৰ সেই নাৰীসকলৰ সৈতে কথা পাতে? ৰঙা বালিখিনিত তোমাৰ মূৰটো পাতি কাণ উনাই চোৱাঁ! বতাহে আহি তোমাৰ মুখখন আলফুলে চুই যোৱা পাহাৰ এটাৰ টিঙত থিয় হৈ শুনা! তুমি তেওঁৰ মাত শুনা পাইছানে? শুনিছানে তেওঁৰ সাধুবোৰ, তেওঁৰ গানবোৰ আৰু তেওঁৰ কান্দোনখিনি? কোৱাঁচোন বাৰু, তুমি চিনি নোপোৱানে তেওঁৰ মুখৰ বোল? মই শুনাৰ দৰেই ল’ৰালিৰ চিনাকি সেই নিচুকনি গীত নুশুনানে তুমি, কোৱাঁচোন?

গকুল জি. কে.য়ে তেওঁৰ কবিতাটো আবৃত্তি কৰিছে

আইৰ মুখৰ মাত

মোৰ জিভাৰে এখন তৰোৱাল সোমাই গৈছে!
কোমল পেশীবোৰ ফালি অহা
তাৰ তীক্ষ্ণ ধাৰ মই অনুভৱ কৰিছোঁ।

মই আৰু কথা ক’ব নোৱাৰোঁ,
মোৰ শব্দবোৰ তৰোৱালখনে ল’লে,
সকলো বৰ্ণ, সকলো গান, সকলো সাধু,
মই জনা আৰু অনুভৱ কৰা সকলো।

এই ৰক্তনিৰ্গত জিভাৰে,
মোৰ মুখৰ পৰা বুকুলৈ,
নাভিৰ পৰা যৌনাংগলৈ,
দ্ৰাবিড় সভ্যতাৰ সেই সাৰুৱা ভূমিলৈ বৈ গৈছে
এক ৰক্ত প্ৰৱাহী নিজৰা।

মাটিখিনি হৈ পৰিছে জিভাৰ দৰে ৰঙা আৰু সেমেকা
প্ৰতিটো টোপালৰ পৰা জন্ম হয় আন এটাৰ,
ক’লা মাটিৰ পৰা ওলোৱা ৰঙা ঘাঁহৰ পাত।

গৰ্ভত শ শ, হেজাৰ-বিজাৰ,
নিযুত কোটি ভাষাৰ বোল
মোৰ মায়ে জনা গীত আৰু মালিতাবোৰ গাই
মৃতবোৰে জীৱন পাই উঠি আহে ঐতিহাসিক কবৰৰ পৰা
বিস্মৃতবোৰ প্ৰস্ফুটিত হৈ উঠে বসন্তৰ ফুলৰ দৰে।

তৰোৱালখন মোৰ জিভাৰে সোমাই গৈছে
মাটিৰ ভাষাৰ গীত আৰু মাত শুনি ভয় খাই
কঁপি উঠে তাৰ অশাণিত কাষ!

অনুবাদ : ৰুবী বৰুৱা দাস

Poem and Text : Gokul G.K.

Gokul G.K. is a freelance journalist based in Thiruvananthapuram, Kerala.

Other stories by Gokul G.K.
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Editor : Pratishtha Pandya

Pratishtha Pandya is a poet and a translator who works across Gujarati and English. She also writes and translates for PARI.

Other stories by Pratishtha Pandya
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at subarna.latab@gmail.com

Other stories by Rubee Barooah Das