গুৰপ্ৰতাপ সিং একাদশ শ্ৰেণীৰ ছাত্ৰ আৰু তেওঁৰ ১৩ বছৰীয়া সম্পৰ্কীয় ভাই সুখবীৰ সপ্তম শ্ৰেণীতপঢ়ে।সিহঁত বৰ্তমান বিদ্যালয়ৰ পৰা দূৰত আছে, কিন্তু অন্যধৰণৰ শিক্ষাৰ বাবে ওলাই আহিছে।
“আমি ইয়াত কৃষকসকলৰ এলেকাবোৰ সদায় নিশা পহৰা দি আহিছো আৰু আমি এয়া কৰি থাকিম,”সিংঘু-দিল্লী সীমাৰ হাৰিয়ানাৰ সোণিপটত১৭ বছৰীয়া গুৰপ্ৰতাপে মোক কৈছিল।
তেওঁলোক সেই সহস্ৰাধিক কৃষকসকলৰ মাজত বিলীন হৈছে যিসকল দিল্লীৰ বিভিন্ন সীমাত একত্ৰিত হৈছে। কিছুমান কৃষক ৰাজধানীত কিছু সপ্তাহ পূৰ্বে প্ৰৱেশ কৰিছে আৰু উত্তৰ দিল্লীৰ বুৰাড়ী খেলপথাৰত শিবিৰ পাতি আছে।
চলিত বছৰৰ ছেপ্টেম্বৰত সংসদত গৃহীত হোৱা তিনিওখন কৃষি আইন বাতিল কৰাৰ দাবীত তেওঁলোকৰ সকলো ঠাইতে ডাঙৰ আৰু শান্তিপূৰ্ণ প্ৰতিবাদ দুৰ্বল হোৱা পৰিলক্ষিত হোৱা নাছিল। আৰু আগলৈ এই কৃষকসকলে দীঘলীয়া যুঁজ দিয়াৰ বাবে সাজু আছে, তেওঁলোকনিজৰ দাবী আৰু উদ্দেশ্যক লৈ দৃঢ় সংকল্পবদ্ধ আৰু প্ৰতিশ্ৰুতিবদ্ধ।
সন্ধিয়া গভীৰ হৈ আহিছিল যেতিয়া মই সিংঘু আৰু বুৰাড়ীত তেওঁলোকৰ দ্বাৰা স্থাপন কৰা শিবিৰবোৰৰ কাষেৰে পাৰ হৈছিলো।দেখিছিলো যে কিছুমান মানুহে শোৱাৰ বাবে সাজু হৈছিল। কিছুমান কৃষক ট্ৰাকত আছিল, কিছুমান পেট্ৰল পাম্পত শুই আছিল, কিছুমানেএকেলগে গান গাই ৰাতি পাৰ কৰি আছিল। এই সকলো ঠাইতে আৱেগ,ভ্ৰাতৃত্ববোধ, সংকল্প আৰু প্ৰতিশ্ৰুতিৰ ভাবনা পৰিলক্ষিত হৈছিল।
কৃষকসকলে এই তিনিখন আইনৰ বিৰোধ কৰি আছে- কৃষক উৎপাদন ব্যৱসায় আৰু বাণিজ্য(সংবৰ্ধন আৰু সুচলকৰণ)আইন,২০২০ ; কৃষক(সবলীকৰণ আৰুসুৰক্ষা)মূল্য নিশ্চিতিকৰণ আৰু কৃষি সেৱা চুক্তি আইন,২০২০ আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন)আইন,২০২০।
তেওঁলোকে এই আইনবোৰক, কৃষিত তেওঁলোকৰ অধিকাৰ আৰু অংশীদাৰীত্বক নিশ্চিতভাবে দেশৰ সকলোতকৈ শক্তিশালী নিগমক গতাই দিয়াৰ ৰূপত দেখিছে, যিয়ে তেওঁলোকক এই বৃহৎ ব্যৱসায়ীসকলৰ দয়াৰ ওপৰত জীয়াই থকাৰ বাবে বাধ্য কৰিব। "এয়া বিশ্বাসঘাটকতাৰ নহয় যদি কি?" আন্ধাৰৰ মাজৰ পৰা এজনৰ মাত ভাঁহি আহিছিল।
“আমাৰ কৃষকসকলৰ পূৰ্বতেও এই কোম্পানীবোৰৰ বিষয়ে অভিজ্ঞতা আছে-আৰু আমি সিহঁতক বিশ্বাস নকৰোঁ। সিহঁতে আমাক আগতেও ঠগিছে, আৰু আমি মুৰ্খ নহয়।আমি আমাৰ অধিকাৰৰ বিষয়ে জ্ঞাত," সেই নিশা মই সিংঘুত স্থাপন কৰা শিবিৰবোৰৰ মাজেৰে পাৰ হৈ যাওঁতে বহুতৰ মাজৰ পৰা এজনে কৈ উঠিছিল।
যিহেতু চৰকাৰে এই আইনকেইখন প্ৰত্যাহাৰৰ সম্ভাৱনা নাকচ কৰিছে, তেওঁলোক
এই অচলাৱস্থাৰ বাবে চিন্তিত নহয়নে? তেওঁলোকে টিকি
থাকিব পাৰিবনে?
"আমি দৃঢ়,”পাঞ্জাৱৰ অন্য এগৰাকী কৃষকে কয়। আমি আমাৰ খাদ্য
নিজ ৰান্ধিছো আৰু বেলেগকো বিতৰণ কৰিছো। “আমি কৃষক,কেনেকৈ দৃঢ় হৈ
থাকিব লাগে আমি জানো।"

অমৃতসৰ জিলাৰস্কুলীয়া ছাত্ৰ ১৭ বছৰীয়া গুৰপ্ৰতাপ সিং আৰু ১৩ বছৰীয়া সুখবীৰ সিঙে সিংঘুত আমাক জনায় যে সিহঁতে সদায় ৰাতি ইয়াৰ কৃষকসকলৰ এলেকাবোৰত পহৰা দিয়ে
হাৰিয়ানাৰ আৰু এনে বহুত আছে, যিসকলে ইয়াত প্ৰতিবাদকাৰীসকলক সহায় কৰাৰ বাবে যথাসম্ভৱ চেষ্টা কৰিছে। যেনেকৈ কৈঠাল জিলাৰ ৫০ বছৰীয়া শিৱ কুমাৰ বাভড়ে কয়, "আমাৰ কৃষক ভাইসকলে নিজৰ ঘৰৰ আৰাম এৰি ইমান দূৰ দিল্লীৰ সীমালৈ আহিছে। আমি পাৰ্য্যমানে তেওঁলোকক সহায় কৰি আহিছো।"
সিংঘু আৰু বুৰাড়ীত এই কৃষকসকলে সেই সদ্ভাৱনা আৰু আলপৈচানৰ কথা উল্লেখ কৰে, যিবোৰ তেওঁলোকৰ সতীৰ্থ নাগৰিকসকলৰ পৰা পাইছে।“মানুহে আমাক সহায় কৰাৰ বাবে আহি আছে। চিকিৎসকসকলে বিভিন্ন ঠাইত শিবিৰ স্থাপন কৰিছে,য’ত আমি চিকিৎসা সাহায্যপাইছো,”এগৰাকী প্ৰতিবাদকাৰীয়ে কয়।
“আমি পৰ্যাপ্ত কাপোৰ আনিছো,”আৰু এগৰাকীয়ে মোক জনায়, “তথাপি মানুহে বেছি বেছিকৈ কাপোৰ আৰু কম্বল দান কৰি আছে। আমি ইয়াত সকলোৱে এখন ঘৰৰ নিচিনাকৈ আছো।”
চৰকাৰ আৰু কৰ্পোৰেট জগতৰ প্ৰতি তেওঁলোকৰ মনত ক্ৰোধ আৰু অভিযোগৰ তীব্ৰ ভাবনা আছে। “চৰকাৰে কৃষকসকলকপ্ৰতাৰণা কৰিছে,”এগৰাকী প্ৰতিবাদকাৰীয়ে কয়।“আমি এই দেশক অন্ন দিওঁ, তাৰ বিনিময়ত কন্দুৱা গেছৰ আৰু পানীৰ গুলীৰ আক্ৰমণৰ সমুখীনহওঁ।”
“যেতিয়া কৃষকসকলে হাড় কঁপোৱা জাৰত নিজৰ খেতি পথাৰত পানী দি থাকে,তেতিয়া এই কৰ্পোৰেট,ৰাজনৈতিক নেতাসকলে নিজৰ বিচনালৈ যায়,” অন্য এগৰাকীয়ে কয়।
“আপুনি এই ট্ৰেক্টৰবোৰ দেখিছেনে?”তাৰে মাজৰে এজনে সুধিছে। “এয়াই আমাৰ অস্ত্ৰ। আমি ইয়াৰ চোৱা-চিতা নিজৰ সন্তানৰ দৰে কৰো।” দিল্লীৰ সীমান্তত এতিয়া সহস্ৰাধিক ট্ৰেক্টৰ আছে আৰু ইয়াৰ লগত সংলগ্ন ট্ৰলীবোৰত ভৰ্তি হৈ বহু মানুহ ইয়ালৈ আহিছে।
অন্য এগৰাকী মানুহে কয়ঃ"মই পেছাগতভাবে মেকানিক আৰু মই নিজকে কথা দিছো যে সকলো কৃষকৰ ট্টেক্টৰৰ মেৰামতি বিনামূলীয়াকৈ কৰিম।"
তাতে থকা সকলোৱে হৃদয়ংগম কৰিছিল যে তেওঁলোক এখন দীঘলীয়া যুঁজত অৱতীৰ্ণ হৈছে। একাংশৰ মতে এই অৱৰোধ মাহ মাহ ধৰি চলিব পাৰে। কিন্তু কোনেও হাৰ মানিবলৈ প্ৰস্তুত নহয়।
তাৰ মাজৰ পৰা এগৰাকীয়ে কয়ঃ “যেতিয়ালৈকে এই তিনিওখন আইন বাতিল কৰা নহয়, তেতিয়ালৈকে আমি ইয়াতে বহি থাকিম। নাইবা মৃত্যু পৰ্যন্ত।”
কিন্তু বিৰোধ কৰাৰ সংকল্প দৃঢ়।“আমি সদায় জাৰৰ এই দিনবোৰৰ সন্মুখীন হওঁ, কিন্তু এই শীততো আমাৰ হৃদয় আঙঠাৰ দৰে জ্বলিছে,” এগৰাকী ক্ৰোধিত কৃষকে কয়।

উত্তৰ দিল্লীৰ বুৰাড়ী খেলপথাৰত এই ৭০ বছৰীয়া প্ৰতিবাদকাৰীয়ে কেন্দ্ৰই কৃষকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে যেতিয়ালৈ তিনিওখন কৃষি আইন বাতিল কৰা নহয়, তেওঁ ইয়াৰ পৰা আঁতৰি নাযায়। অন্যথা, 'মৃত্যু পৰ্যন্ত আমি থিয় দি থাকিম।'

সাঁজ লগাৰ সময়ত উত্তৰ দিল্লীৰ বুৰাড়ী খেলপথাৰত এগৰাকী প্ৰতিবাদকাৰী যুৱক

দিল্লীৰ সিংঘু সীমান্তৰ হাৰিয়ানাৰ সোণীপটত কৃষকে সন্ধিয়া প্ৰাৰ্থনা কৰি আছে।বহুতো গুৰুদ্বাৰাইলংগৰ(শিখসকলৰ উমৈহতীয়া ৰান্ধনীশাল)ৰ ব্যৱস্থা কৰিছে য’ত আৰক্ষীসকলকো খাবলৈ দিয়া হৈছে।

সিংঘু সীমান্তত কৃষকৰ এটা দলে তেওঁলোকৰ প্ৰতিবাদী কৃষকসকলৰ বাবে খাদ্য ৰন্ধাৰ প্ৰস্তুতি চলাই আছে। সিংঘু আৰু বুৰাড়ী দুয়োখন ঠাইত চলি থকা এনে বহু প্ৰচেষ্টাৰ এয়া এক উদাহৰণ।

আকৌ সিংঘু সীমান্তত এই শিবিৰত ৰাতিৰ লংগৰ(শিখসকলৰ উমৈহতীয়া ৰান্ধনীশাল)এতিয়াও খোলা আছে।

বুৰাড়ী খেলপথাৰত ট্ৰাকত উঠাৰ চেষ্টা কৰা এগৰাকী বৃদ্ধ কৃষক। আন্দোলনৰ সময়ত কিছুমান কৃষক তেওঁলোকৰ ট্ৰাকত শুই আছে।

সিংঘু সীমান্তত নিজৰ ট্ৰাকত জিৰণি লৈ থকা কৃষক

সিংঘু সীমান্তত এটা পেট্ৰল পাম্পত শুই থকা প্ৰতিবাদকাৰীৰ এটা দল।

প্ৰতিবাদকাৰীসকলে নিজৰ লগত বহুত ট্ৰেক্টৰ আনিছে, যিবোৰ তেওঁলোকৰ বাবে অকল পৰিবহনৰ আহিলাই নহয়। যিধৰণে বুৰাড়ীত তেওঁলোকৰ মাজৰ কোনোবা এজনে কয়, এই ট্টেক্টৰবোৰ আমাৰ অস্ত্ৰ।

'মোৰ টোপনি অহা নাই, চৰকাৰে মোৰ টোপনিকাঢ়ি নিছে',উত্তৰ দিল্লীৰ বুৰাড়ীৰ প্ৰতিবাদস্থলীত উপস্থিত এইগৰাকী কৃষকে কয়।
অনুবাদঃ ভৱেশ মেধি