“আমি হায়দৰাবাদলৈ প্ৰথম আহোতে যি কাম পাও, তাকেই কৰিছিলো। আমাৰ ছোৱালীজনীৰ ভাল শিক্ষাৰ বাবে আমি যিমান পাৰো সিমান পইচা গোটাবলৈ যত্ন কৰিছিলো,” গুডলা মংগাম্মাই কয়। তেওঁ আৰু তেওঁৰ স্বামী গুডলা কটেইয়াহে ২০০০ চনত টেলাংগনাৰ মহবুবনগৰ জিলাৰ নিজ গাওঁ এৰি ৰাজ্যখনৰ ৰাজধানী চহৰ হায়দৰাবাদলৈ আহিছিল। তেওঁলোকৰ প্ৰথম সন্তান কল্পনাৰ জন্মৰ পিছতেই তেওঁলোকে চহৰলৈ ঢাপলি মেলিছিল।

কিন্তু চহৰখন আছিল নিষ্ঠুৰ। কোনো এটা কাম বিচাৰি নোপাৱাত কটেইয়াহে কায়িক চাফাইকৰ্মই কৰিবলৈ বাধ্য হ’ল। তেওঁ মলপ্ৰবাহৰ নলা চাফা কৰা কাম কৰিবলৈ ল’লে।

হায়দৰাবাদত কটেইয়াসকলৰ পাৰম্পৰিক জীৱিকা কাপোৰ ধোৱা কামত তেওঁক কোনোৱে লোৱা নাছিল। তেওঁ চাকালি সম্প্ৰদায়ৰ লোক (টেলাংগনাৰ অন্যান্য পিছপৰা শ্ৰেণী)। “আমাৰ পূৰ্বপুৰুষ ধুবী আছিল, কাপোৰ ইস্ত্ৰি কৰিছিল। কিন্তু এতিয়া তেনে কাম নাই বুলিবই পাৰি; সকলোৰে ঘৰত ৱাশ্বিং মেচিন আৰু ইস্ত্ৰি আছে,” কাম পোৱাটো কিয় ইমান মস্কিল হৈ পৰিছে, তাকে বুজাই মংগাম্মাই কয়।

কটেইয়াহে নিৰ্মাণ ছাইটত দিনহাজিৰাৰ কামো বিচাৰিছিল। “নিৰ্মাণ ছাইটবোৰ ঘৰৰ পৰা দূৰত আছিল, যাতায়তৰ নামত পইচা খৰছ কৰিবলগীয়া হৈছিল, সেয়ে তেওঁ কায়িক চাফাইকৰ্মকেই বাচি ল’লে, সেই কাম ঘৰৰ ওচৰতে পাইছিল,” মংগাম্মাই কয়। তেওঁ আৰু কয় যে তেওঁ সপ্তাহত তিনিদিন এই কাম কৰিছিল। তেনেকৈ তেওঁ ২৫০ টকা পাইছিল।

২০১৬ৰ মে’ মাহৰ সেই দিনটো মংগাম্মাৰ মনত আছে। কটেইয়াহে সিদিনা পুৱা ১১ মান বজাত ঘৰ এৰিছিল। তেওঁ কৈছিল যে তেওঁ এটা মলপ্ৰৱাহৰ নলা চাফা কৰিবলৈ গৈ আছে, ঘৰৰ বাহিৰতে এটা বাল্টিত পানী ৰাখিবলৈ কৈছিল যাতে তেওঁ ঘৰ সোমোৱাৰ আগতে তাত গা ধুই ল’ব পাৰে। “মোৰ স্বামী চাফাই কৰ্মিকুলু (পৌৰনিগমৰ চাফাই কৰ্মী) নাছিল। তেওঁক পইচাৰ প্ৰয়োজন আছিল বাবেই সেই কাম কৰিছিল,” মংগাম্মাই কৈছিল।

PHOTO • Amrutha Kosuru
PHOTO • Amrutha Kosuru

বাওঁফালে: গুডলু মংগাম্মাই বাস কৰা হায়দৰাবাদৰ কটি অঞ্চলৰ ৰাস্তাত বহিছে। সোঁফালে: ঘৰৰ বেৰত ওলমি আছে গিৰীয়েক গুডলা কটেইয়াহৰ ফটো, ২০১৬ৰ ১ মে’ৰ দিনা তেওঁ মেনহ’ল এটাত সোমাই সহকৰ্মীজনক বচাবলৈ যাওতে তেওঁৰ মৃত্যু হৈছিল

সিদিনা তেওঁক চহৰখনৰ পুৰণি অঞ্চল ব্যস্ততাপুৰ্ণ চুলতান বজাৰত বন্ধ নলা এটা চাফা কৰিবলৈ মতা হৈছিল। এনেকৈ নলা বন্ধ হৈ পৰিলে হায়দৰাবাদ মেট্ৰ’পলিটান ৱাটাৰ চাপ্লাই এণ্ড চেৱেজ ব’ৰ্ডৰ থাৰ্ড পাৰ্টি ঠিকাদাৰে হাতেৰে চাফাই কৰা কায়িক চাফাইকৰ্মীক নলা চাফা কৰিবলৈ ভাৰা কৰে।

তাৰে মাজৰ এজন আছিল বংগু বীৰা স্বামী, কটেইয়াহৰ সহকৰ্মী আৰু বন্ধু, তেওঁ কোনো সুৰক্ষামূলক আহিলা-পাতি নোহোৱাকৈয়ে মেনহ’লটোত প্ৰৱেশ কৰে আৰু কেইমিনিটমানৰ ভিতৰতে তেওঁৰ মৃত্যু ঘটে। তেওঁক দেখি একেলগে কাম কৰি থকা কটেইয়াহে বন্ধুক উদ্ধাৰ কৰিবলৈ নিজে জপিয়াই পৰে। কেইমিনিটমানৰ ভিতৰত কটেইয়াহৰো মৃত্যু হয়।

দুয়োজনৰ কোনো এজনকো সুৰক্ষামূলক আহিলা যেনে মাস্ক, গ্ল’ভচ্ কিম্বা আন কিবা সামগ্ৰী দিয়া হোৱা নাছিল। এনেকৈয়ে কায়িক চাফাইকৰ্মীৰ তালিকাত আৰু দুজন লোকৰ নাম সন্নিবিষ্ট হ’ল। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ তথ্য অনুযায়ী ১৯৯৩ৰ পৰা ২০২২ৰ এপ্ৰিললৈকে “নলা আৰু চেপ্টিক টেংকৰ বিপজ্জনক চাফাইকৰ্মৰ সময়ত হোৱা দূৰ্ঘটনাত” ৯৭১ জন লোকৰ মৃত্যু ঘটিছে।

যেতিয়া মংগাম্মাই কটেইয়াহ আৰু বীৰা স্বামীক মৃত্যুৰ কেইঘণ্টামানৰ ভিতৰত দেখিছিল, তেওঁঁৰ মনত আছে, “মেনহ’লৰ সেই দুৰ্গন্ধ তেতিয়াও যোৱা নাছিল।”

২০১৬ৰ ১ মে’ত গুডলা কটেইয়াহৰ মৃত্যু হৈছিল। সেইদিনা আছিল বিশ্ব শ্ৰমিক দিৱস। সমগ্ৰ বিশ্বৰ শ্ৰমিকক সেই দিনটোৱে অধিকাৰৰ প্ৰতিশ্ৰুতি দিয়াৰ দিন। তেওঁ কিম্বা তেওঁৰ পত্নীয়ে নাজানিছিল যে কায়িক চাফাইকৰ্মী নিয়োগ কৰাটো অবৈধ কাম। ১৯৯৩ৰ পৰা এই কাম অবৈধ। কায়িক চাফাইকৰ্মী হিচাপে নিয়োগ নিষিদ্ধকৰণ আৰু তেওঁলোকৰ পুনৰ্সংস্থাপন আইন, ২০১৩ অনুসৰি এতিয়া এই কাম দণ্ডনীয়। এনে কৰিলে দুবছৰ কাৰাদণ্ড বা এক লাখ টকালৈ জৰিমনা বা দুয়োটাই হ’ব পাৰে।

“এয়া (কায়িক চাফাইকৰ্ম) অবৈধ বুলি জনা নাছিলো। তেওঁৰ মৃত্যুৰ পাছতো মই নাজানিছিলো যে আমাৰ পৰিয়ালটোৱে ক্ষতিপূৰণ পোৱাৰ কিবা আইন আছে,” মংগাম্মাই কয়।

PHOTO • Amrutha Kosuru
PHOTO • Amrutha Kosuru

বাওঁফালে: মংগাম্মাৰ এতিয়াৰ ঘৰৰ প্ৰৱেশদ্বাৰ, হায়দৰাবাদৰ কোটি অঞ্চলৰ এপাৰ্টেমেণ্টৰ বেচমেণ্টত। সোঁফালে: প্ৰয়াত কটেইয়াহৰ পৰিয়াল (বাওঁফালৰ পৰা): বামচি, মংগাম্মা আৰু অখিলা

কটেইয়াহ কেনেকৈ ঢুকাল, সেই কথা জনাৰ পিছত তেওঁলোকৰ সম্পৰ্কীয় লোকেও তেওঁলোকৰ সৈতে সম্পৰ্ক ছিন্ন কৰিলে। “ভাবি আঘাত পাওঁ যে সিহঁতে মোক সান্তনা দিবলৈকো নাহিল। মোৰ স্বামী নলা চাফা কৰোঁতে ঢুকোৱা বুলি জানি সিহঁতে মোৰ সৈতে আৰু মোৰ সন্তানকেইটাৰ সৈতে কথা পতা বন্ধ কৰিলে,” তেওঁ কয়।

তেলেগুত কায়িক চাফাইকৰ্মক ‘পাকি’ বুলি কোৱা হয়, এইটো এটা অৱমাননাসূচক শব্দ। বোধকৰো সামাজিক বহিস্কৰণৰ ভয়ত বীৰা স্বামীয়ে পত্নীক কোৱা নাছিল তেওঁ কি কৰে। “তেওঁ কায়িক চাফাইকৰ্ম কৰে বুলি মই নাজানিছিলো। তেওঁ কেতিয়াও এই বিষয়ে মোৰ সৈতে আলোচনা কৰা নাছিল,” তেওঁৰ পত্নী বংগু ভাগ্যলক্ষ্মীয়ে কয়। তেওঁ বীৰা স্বামীৰ সৈতে বিয়া হোৱা সাত বছৰ হৈছিল আৰু গিৰীয়েকলৈ মনত পেলাই কয়, “তেওঁৰ ওপৰত মই সদায় নিৰ্ভৰ কৰিছিলো।”

কটেইয়াহৰ দৰে বীৰা স্বামীও ২০০৭ত হায়দৰাবাদলৈ প্ৰব্ৰজন কৰিছিল। ২০০৭ত তেওঁ আৰু ভাগ্যলক্ষ্মীয়ে টেলাংগনাৰ এখন চহৰ নাগাৰ্কুৰ্নুলৰ পৰা পুত্ৰ মাধৱ আৰু জগদীশ (ক্ৰমে ১৫ আৰু ১১ বছৰ) আৰু বীৰা স্বামীৰ মাতৃ ৰাজেশ্বৰীৰ সৈতে হায়দৰাবাদলৈ আহিছিল। পৰিয়ালটো মাডিগা সম্প্ৰদায়ৰ, অনুসূচিত জাতি হিচাপে অন্তৰ্ভূক্ত। “মই আমাৰ সম্প্ৰদায়ৰ এই কাম বেয়া পাইছিলো, ভাবিছিলো তেওঁ বিয়া হোৱাৰ পিছত এই কাম বন্ধ কৰিছিল,” তেওঁ কয়।

কটেইয়াহ আৰু বীৰা স্বামী মেনহ’লৰ সেই বিষাক্ত গেছৰ পৰা বিষক্ৰিয়া হৈ মৃত্যুবৰণ কৰাৰ পিছত মংগাম্মা আৰু ভাগ্যলক্ষ্মীক ঠিকাদাৰজনে ২ লাখ টকা গাইপতি দিছিল।

কিছু মাহ পিছত ভাৰতত কায়িক চাফাইকৰ্ম নিৰ্মূলৰ বাবে কাম কৰা চাফাই কৰ্মচাৰী আন্দোলন (এছ.কে.এ.) সংস্থাই মংগাম্মাৰ সৈতে যোগাযোগ কৰে। তেওঁলোকে তেওঁৰ পৰিয়ালক জনায় যে তেওঁলোকে ১০ লাখ টকা পৰ্য্যন্ত সাহায্যৰ যোগ্য। ২০১৪ৰ উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানে এই ক্ষতিপূৰণ নিৰ্ধাৰণ কৰিছিল, ১৯৯৩ৰ পৰা নৰ্দমা বা চেপ্টিক টেংক চাফা কৰি মৃত্যুমুখত পৰা লোকৰ পৰিয়ালক এই ধনৰাশি দিয়াৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। কায়িক চাফাইকৰ্মীৰ পুনৰ্সংস্থাপনৰ বাবে স্বনিয়োগ আঁচনিৰ অধীনত চৰকাৰে নগদ ধনৰ সাহায্য আগবঢ়ায় (১৫ লাখ পৰ্য্যন্ত) আৰু কায়িক চাফাইকৰ্মী হিচাপে কাম কৰা লোকক আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকক কৌশল বিকাশৰ প্ৰশিক্ষণ দিয়ে

টেলাংগনা উচ্চ ন্যায়ালয়ত এছ.কে.এ.য়ে পিটিশ্যন দাখিল কৰাৰ পাছত কায়িক চাফাইকৰ্মত মৃত্যু হোৱা লোকৰ নটা পৰিয়ালে ২০২০ত সম্পূৰ্ণ ক্ষতিপূৰণ লাভ কৰে - কেৱল কটেইয়াহ আৰু বীৰাৰ পৰিয়ালত বাদে। এছ.কে.এ.ৰ টেলাংগনা শাখাৰ মুৰব্বী কে. সৰস্বতীয়ে কয় যে তেওঁলোকে কটেইয়াহ আৰু বীৰাৰ গোচৰটো আদালতলৈ নিয়াৰ বাবে উকীলৰ সৈতে কাম কৰি আছে।

PHOTO • Amrutha Kosuru
PHOTO • Amrutha Kosuru

বাওঁফালে: শাহুৱেক ৰাজেশ্বৰীৰ সৈতে ভাগ্যলক্ষ্মী। সোঁফালে: ভাগ্যলক্ষ্মী, প্ৰয়াত স্বামী, বংগু বীৰা স্বামী যাক কটেইয়াহে বচাবলৈ চেষ্টা কৰিছিল, তেওঁলোকৰ এখন ফটো

কিন্তু মংগাম্মা সুখী হোৱা নাছিল। “মই ঠগ খোৱা যেন অনুভৱ কৰিছিলো,” তেওঁ কয়, “মোক ক্ষতিপূৰণৰ আশা দিয়া হৈছিল আৰু এতিয়া সেই আশাৰ ফল পোৱা নাই।”

ভাগ্যলক্ষ্মীয়ে কয়, “বহুত সমাজকৰ্মী, উকীল, সংবাদকৰ্মী আমাৰ ওচৰলৈ আহিছিল। কিছু সময়ৰ বাবে মোৰ মন আশা জন্মিছিল। কিন্তু এতিয়া সেই পইচা যে পাম, আশা নাই।”

*****

এইবছৰ অক্টোবৰৰ শেষৰফালে মংগাম্মাই হায়দৰাবাদৰ কটি এলেকাৰ পুৰণি এপাৰ্টমেণ্ট বিল্ডিং এটাৰ পাৰ্কিঙৰ প্ৰৱেশদ্বাৰৰ এঢলীয়া অংশটোত এটা কাট্টেলা পইয়ি (অস্থায়ী চৌকা) সাজিছিল। তেওঁ ইটোৰ ওপৰত সিটো ইটা জোৰা জোৰাকৈ ৰাখি ত্ৰিভুজ আকৃতিৰ গাঁথনি এটা সাজিছিল। “কালি গেছ (এল.পি.জি.) শেষ হ’ল। নতুন চিলিণ্ডাৰ নৱেম্বৰৰ প্ৰথমটো সপ্তাহত আহিব। তেতিয়ালৈ কাট্টেলা পইয়িয়েই সাৰথি,” তেওঁ কয়। “মোৰ মানুহজন ঢুকোৱা পিছৰে পৰা আমাৰ এই অৱস্থা।”

কটেইয়াহ ঢুকোৱাৰ ছটা বছৰ পাৰ হৈছে। এতিয়া ৩০ বছৰ বয়সত ভৰি দিয়া মংগাম্মাই কয়, “মোৰ মানুহজন ঢুকাওতে মই দিক-বিদিক হেৰুৱাই পেলাইছিলো। দুখত অন্তৰ ভাগি গৈছিল।”

তেওঁ আৰু তেওঁৰ দুই সন্তান বামচি আৰু অখিলাই বহুমহলীয়া অট্টালিকা এটাৰ বেচমেণ্টত চিৰিৰ কাষৰ এটা পোহৰ নোসোমোৱা কোঠা এটাত থাকে। একেটা অঞ্চলতে ৫-৬ হাজাৰ টকা ভৰি থকাটো তেওঁলোকৰ বাবে সম্ভৱ হৈ থকা নাছিল বাবে ২০২০ৰ শেষৰ ফালে তেওঁলোকে সেই কোঠাটোলৈ আহিছিল। মংগাম্মাই পাঁচমহলীয়া ঘৰটোৰ চোৱাচিতা কৰে আৰু চৌহদটো পৰিষ্কাৰ কৰে। তেওঁ মাহে ৫,০০০ টকা পায় আৰু পৰিয়ালটোক থাকিবলৈ সেই কোঠাটো দিয়া হৈছে।

“তাত কোনোমতেহে আমাৰ তিনিটাক আটে,” তেওঁ কয়। কোঠাটো দিনৰ পোহৰতো আন্ধাৰ হৈ থাকে। কটেইয়াহৰ ফটোবোৰ উৱলি যোৱা বেৰত আঁৰি থোৱা আছে। চাপৰ চিলিংখনৰ পৰা চিলিং ফেন এখন ওলমি আছে। “ডাঙৰজনী ছোৱালী কল্পনাক ইয়ালৈ মতা হোৱা নাই। মাতিলে ক’ত বহিবলৈ দিম?” তেওঁ প্ৰশ্ন কৰে।

PHOTO • Amrutha Kosuru
PHOTO • Amrutha Kosuru

বাওঁফালে: বেচমেণ্টত মংগাম্মাৰ ঘৰৰ ভিতৰখন। সোঁফালে: এল.পি.জি. চিলিণ্ডাৰটো শেষ হোৱাত তেওঁ অট্টালিকাটোৰ পাৰ্কিং এৰিয়াত ইটাৰে এটা চৌকা বনাইছে

২০২০ত যেতিয়া কল্পনাৰ বয়স ২০ বছৰ হয়, মংগাম্মাই তাইক বিয়া দিয়াৰ সিদ্ধান্ত লয়। ঠিকাদাৰে দিয়া ২ লাখ টকা তেওঁ তাইৰ বিয়াৰ নামত খৰছ কৰিলে। গোসামহলৰ সুদখোৰৰ পৰাও তেওঁ পইচা ধাৰ কৰিলে। তেওঁ মাহে ৩ শতাংশ সুত দিয়ে। সমষ্টিৰ কাৰ্য্যালয়টো চাফা কৰোঁতে পোৱা টকাৰ আধাখিনি ঋণ শুজোত যায়।

বিয়াখনে পৰিয়ালটোক দেউলীয়া কৰিলে। “এতিয়া আমাৰ ৬ লাখ টকা ধাৰ আছে। (মোৰ উপাৰ্জনেৰে) দুবেসা দুসাজ খাবলৈ নুকুলে,” তেওঁ কয়। এপাৰ্টমেণ্টটোৰ চৌহদ চাফা কৰি পোৱা পইচাৰ উপৰি তেওঁ হায়দৰাবাদৰ পুৰণি চহৰত থকা গোসামহল বিধানসভা সমষ্টিৰ কাৰ্য্যালয়টোৰ চাফাইকৰ্মী হিচাপে মাহে ১৩ হাজাৰ টকা পায়।

ক্ৰমে ১৭ আৰু ১৬ বছৰ বয়সীয়া বামচি আৰু অখিলাই ওচৰৰে কলেজত পঢ়ে। সিহঁত দুটাৰ পঢ়াৰ মাচুল বছৰি ৬০ হাজাৰ টকা। বামচিয়ে হিচাপৰক্ষক হিচাপে অংশকালীন কাম এটাত সোামাই পঢ়া-শুনা অব্যাহত ৰাখিছে। তেওঁ সপ্তাহত ছটা দিন পিছবেলা ৩ বজাৰ পৰা ৰাতি ৯ বজালৈ কাম কৰি দিনে ১৫০ টকাকৈ পায়। সেইখিনিৰে মাচুল আদায় দিব পৰা হয়।

অখিলাই মেডিচিন পঢ়িব খোজে, কিন্তু তাই পাৰিব নে নাই তাকে লৈ মাকৰ সন্দেহ আছে। “তাইৰ পঢ়া-শুনা আগবঢ়াই নিবলৈ মোৰ হাতত টকা নাই। তাইক আনকি নতুন কাপোৰ এজোৰ কিনি দিয়াৰো মোৰ সামৰ্থ নাই,” মংগাম্মাই হতাশাৰে কয়।

ভাগ্যলক্ষ্মীৰ সন্তানকেইটা সৰু হৈ আছে। প্ৰাইভেট স্কুলত সিহঁতক নাম লগাই দিয়া হৈছে, তাত বছৰি ২৫ হাজাৰ টকা দিব লাগে। “সিহঁত পঢ়াত ভাল। মই সিহঁতক লৈ গৌৰৱ অনুভৱ কৰোঁ,” মাকে আনন্দমনেৰে কয়।

PHOTO • Amrutha Kosuru
PHOTO • Amrutha Kosuru

বাওঁফালে: বীৰা স্বামীৰ পৰিয়ালটো (বাওঁফালৰ পৰা): ভাগ্যলক্ষ্মী, জগদীশ, মাধৱ আৰু ৰাজেশ্বৰী। সোঁফালে: হায়দৰাবাদৰ এপাৰ্টমেণ্ট কমপ্লেক্স এটাৰ বেচমেণ্টত তেওঁলোকৰ থকা ঘৰটো

PHOTO • Amrutha Kosuru
PHOTO • Amrutha Kosuru

বাওঁফালে: ভাগ্যলক্ষ্মীৰ বয়-বস্তুৱে পাৰ্কিঙৰ কিছু অংশ দখল কৰিছে। সোঁফালে: প্লাষ্টিকৰ পৰ্দা এখনে পাকঘৰটো পৃথক কৰিছে

ভাগ্যলক্ষ্মীয়েও চাফাইকৰ্মী হিচাপে কাম কৰে। তেওঁ বীৰাস্বামীৰ মৃত্যুৰ পিছত সেই কাম কৰিবলৈ লয়। তেওঁ পুত্ৰ আৰু শাহুৱেকৰ সৈতে কটিৰ আন এটা এপাৰ্টমেণ্টৰ বেচমেণ্টত থাকে। বীৰা স্বামীৰ ফটো এখন কোঠাটোৰ সৰু টেবুলত বিভিন্ন বস্তুৰ মাজত থোৱা আছে, তাৰে বেছিভাগ বস্তু মানুহে দিয়া নাইবা পেলাই দিয়া বস্তু

ভিতৰত ঠাইৰ অভাৱ হোৱা কাৰণে পৰিয়ালটোৰ কিছুমান বস্তু কোঠাৰ বাহিৰত পাৰ্কিঙত থ’বলগীয়া হৈছে। বাহিৰত চিলাই মেচিন এটা আছে, তাৰে ওপৰত ব্লেংকেট আৰু কাপোৰ দ’মাই থোৱা আছে। “২০১৪ত চিলাইৰ ক’ৰ্ছ এটা কৰিছিলো, কেইটামান ব্লাউজ আৰু আন কাপোৰ চিলাইছিলো।” ভিতৰত সকলোৱে শুব পৰাকৈ ঠাই নাই, মাধৱ আৰু জগদীশ ভিতৰত শোৱে। ভাগ্যলক্ষ্মী আৰু ৰাজেশ্বৰীয়ে বাহিৰত প্লাষ্টিক আৰু কঠ পাৰি শোৱে। বিল্ডিংটোৰ আন এটা অংশত পাকঘৰটো আছে। ঠাইখন তেনেই সৰু আৰু পোহৰ নোসোমায়, প্লাষ্টিকৰ পৰ্দা দি কোঠালী কৰি লোৱা লৈছে।

ভাগ্যলক্ষ্মীয়ে এপাৰ্টমেণ্ট কম্প্লেক্সটো চাফা কৰি ৫০০০ টকা পায়। “ল’ৰাদুটাক স্কুলৰ পঠিয়াব যাতে পাৰো, তাৰবাবে মই এপাৰ্টমেণ্টতো কাম লওঁ।” যোৱা বছৰবোৰত তেওঁ সুদখোৰৰ পৰা লোৱা টকা ৪ লাখৰ ওচৰা-উচৰি হ’ব। “মাহে ধাৰৰ নামত ৮,০০০ টকা দিও।”

বিল্ডিংটোৰ ভূমি মহলাৰ দোকান-পোহাৰৰ অংশটোৰ কৰ্মচাৰীৰ শৌচালয়টোৱেই পৰিয়ালটোৱে ব্যৱহাৰ কৰে। “দিনৰ ভাগত তালৈ আমি কাচিৎহে যাও। মতা মানুহ অহা-যোৱা কৰি থাকে’’,  তেওঁ কয়। শৌচালয়টো চাফা কৰিবলৈ গ’লে, “মেনহ’লৰ পৰা অহা সেই তীব্ৰ দুৰ্গন্ধ মোৰ নাকত লাগে, মনত পৰে সেই দুৰ্গন্ধই মোৰ স্বামীক লৈ গ’ল,” তেওঁ কয়। “তেওঁ মোক যদি জনালেহেঁতেন, সেই কাম তেওঁক কৰিব নিদিলোহেঁতেন। তেওঁ এতিয়া জীয়াই থাকিলেহেঁতেন আৰু আমি এনেকৈ বেচমেণ্টত ফঁচি থাকিবলগীয়া নহ’লহেঁতেন।”

এই ষ্ট ’ৰিটো ৰং দে পৰা পোৱা অনুদানেৰে কৰা হৈছে

অনুবাদ: পংকজ দাস

Amrutha Kosuru

Amrutha Kosuru is a 2022 PARI Fellow. She is a graduate of the Asian College of Journalism and lives in Visakhapatnam.

Other stories by Amrutha Kosuru
Editor : Priti David

Priti David is the Executive Editor of PARI. A journalist and teacher, she also heads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum, and with young people to document the issues of our times.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das