“মই এই বিষয়ে একো নাজানো, মই ভাবিছো যে এয়া মোডী সংক্ৰান্ত কিবা বিষয়।মই ইয়ালৈ খাদ্যৰ বাবে আহো। আমি আৰু খালী পেটে ৰাতি শোৱাৰ চিন্তা কৰিব নালাগে,” ১৬ বছৰীয়া ৰেখাই কয়(এই প্ৰতিবেদনত উল্লেখিত অধিকাংশ মানুহৰ নিচিনা তাইও কেৱল নিজৰ প্ৰথম নামটো ব্যৱহাৰ কৰাটো পছন্দ কৰে)। তেওঁ জাবৰত থকা পেলনীয়া সামগ্ৰী ভাগ ভাগ কৰা এগৰাকী চাফাই কৰ্মী আৰু সিংঘুৰ প্ৰতিবাদস্থলীৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত উত্তৰ দিল্লীৰ আলিপুৰত বাস কৰে।
তেওঁ হাৰিয়ানা-দিল্লী সীমান্তত থকা সিংঘুৰ অৱৰোধস্থলীত আছিল,য’ত কৃষকসকলে যোৱা ২৬ ছেপ্টেম্বৰত চৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰি আছিল।আন্দোলনে সহস্ৰাধিক মানুহক আকৰ্ষণ কৰিছিল-কৃষক, সমৰ্থক, কৌতুহলীসকলক আৰু কিছুমান সহজ-সৰল বুভুক্ষামানুহক, যিসকলে কৃষক আৰু গুৰুদ্বাৰাৰ ৰান্ধনীশালতউদৰ পূৰাই খাবলৈ পায়।এই উমৈহতীয়া ৰান্ধনীশালত কাম কৰা মানুহবোৰেখাবলৈ অহা সকলোকে আদৰণি জনায়।
ইয়াৰ আশে-পাশে থকা পদপথ আৰু বস্তি এলেকাৰ বহুত পৰিয়ালৰ মাজৰ একাংশই প্ৰতিবাদস্থলীত থকা গুৰুদ্বাৰাৰ ৰান্ধনীশালত পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰায় দিনটো চলি থকা বিনামূলীয়া খাদ্যৰ বাবে আহে।চাউল, দাইল,ফুলাৰি, লাৰু, শাক, মাকৈৰ ৰুটি, পানী, ফলৰ ৰস-সকলো ইয়াত উপলদ্ধ।স্বেচ্ছাসেৱকসকলেও বিভিন্ন প্ৰকাৰৰ লাগতিয়াল সামগ্ৰী যেনে ঔষধ, কম্বল, চাবোন, চেন্দেল, কাপোৰ আদি বিনামূলীয়াকৈ বিতৰণ কৰিছিল।
স্বেচ্ছাসেৱকসকলৰ মাজত পাঞ্জাৱৰ গুৰুদাসপুৰ জিলাৰ ঘুমন কলান গাঁৱৰ ২৩ বছৰীয়া এগৰাকী কৃষক তথা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম পঢ়ি থকা হৰপ্ৰীত সিঙো আছিল।“মই বিশ্বাস কৰো যে এইবোৰ আইন ভুল" তেওঁ কয়। "আমাৰ পূৰ্বপুৰুষসকলে এই মাটিত খেতি কৰিছিল আৰু মাটিৰ মালিক আছিল আৰু এতিয়া চৰকাৰে আমাক ইয়াৰ পৰা বেদখল কৰাৰ চেষ্টা কৰি আছে।আমি এইবোৰ আইন সমৰ্থন নকৰো। যদি আমি ৰুটি খাব নিবিচাৰো, তেতিয়া কেনেকৈ আমাক এয়া খাবৰ বাবে বাধ্য কৰাব পাৰে? এইবোৰ আইন বাতিল কৰিব লাগিব।”

"ভাল খাদ্যতো দূৰৈৰ কথা, তলাবন্ধৰ সময়ত আমাৰ লগত কোনো খোৱাবস্তু নাছিল,", সিংঘু সীমান্তৰ পৰা ৮ কিলোমিটাৰ আঁতৰত উত্তৰ দিল্লীৰ আলিপুৰত থাকিপেট পুহিবলৈপথত বেলুন বিক্ৰী কৰা ৩০ বছৰীয়া মীনুই (সেউজীয়া চাদৰেৰে মূৰ ঢাকি) কয়।"আমি ইয়াত যি খাদ্য খাই আছো সেয়া আগতকৈ বহুত ভাল। কৃষকসকলে আমাক গোটেই দিনটোৰ বাবে কুলাকৈ ভালদৰে খুৱায়। আমি ইয়ালৈ এসপ্তাহ ধৰি দিনে দুবাৰকৈ আহি আছো।”

বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম পঢ়ি থকা পাঞ্জাৱৰ গুৰুদাসপুৰ জিলাৰ ধুমন কলান গাঁৱৰ ২৩বছৰীয়া কৃষক হৰপ্ৰীত সিং (নীলা পাগুৰিত), প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ বাবে আহ্বান পোৱাৰ পিছতে নিজৰ ঘৰৰ পৰা ৰাওনা হৈছিল।“আমি সকলো কৃষক আৰু বিশ্বাস কৰো যে এই আইন ভুল। আমাৰ পূৰ্বপুৰুষসকলে এই মাটিত বহু বছৰ ধৰি খেতি কৰি আহিছে, মাটিৰ মালিক আৰু এতিয়া চৰকাৰে আমাক তাৰ পৰা বেদখল কৰাৰ চেষ্টা কৰিছে। আমি এইবোৰ আইন সমৰ্থন নকৰোঁ। আমি যদি ৰুটী খাব নিবিচাৰোঁ কোনে আমাক খাবৰ বাবে জোৰ কৰিব পাৰে? এইবোৰ আইন বাতিল কৰিব লাগিব,” তেওঁ দৃঢ়তাৰে কয়।

“মই মোৰ ভাইসকলৰ সৈতে ইয়াত সেৱা আগবঢ়াই আহিছো,”হৰপ্ৰীত সিঙে কয় (যিগৰাকী এই ফটোত নাই)।“এয়া আমাৰ গুৰুদ্বাৰৰ ৰান্ধনীশাল। ইয়াৰ খাদ্য কেতিয়াও শেষ নহয়। এই আহাৰে আমাৰ লগতে বহুতকে খুৱাই আছে। বহু মানুহে আমাক সহায় কৰিবলৈ আহে আৰু এই কাৰণতে আমালৈ বৰঙণি যোগায়। আইনখন বাতিল নোহোৱালৈকে আমি ইয়াত থাকিবলৈ প্ৰস্তুত। ইয়ালৈ অহা সকলোৱে যাতে নিজৰ পেট পুৰাই যাব পাৰে তাৰবাবে আমি গুৰুদ্বাৰৰ ৰান্ধনীঘৰত দিনটো লাগি থাকো।”

৫০ বছৰীয়া ৰাজৱন্ত কৌৰ(নিজৰ আৰু লগৰীয়াৰ মূৰত ৰঙা ৰঙৰ চাদৰ মেৰিয়াই লোৱাজন)উত্তৰ-পশ্চিম দিল্লীৰ এগৰাকী গৃহিণী।তেওঁৰ ল’ৰাইসদায় ৰাজহুৱা ৰান্ধনীশালত কাম কৰিবলৈ আহে আৰু তেনেকৈয়ে তেওঁ আন্দোলনৰপ্ৰতি আকৃষ্ট হয়।“মই মোৰ সমৰ্থন দিয়াৰ বাদে বিশেষ একো কৰিব নোৱাৰো,"তেওঁ কয়।"সেইবাবে মোৰ ল’ৰাৰ লগত ইয়াত ৰন্ধাৰ বাবে আৰু ইয়ালৈ অহা সহস্ৰাধিক মানুহক খুৱাবৰ বাবে সহায় কৰাৰ মন কৰিছো। ইয়াত কাম কৰি আৰু আমাৰ কৃষকভাইসকলক সহায় কৰি মই আনন্দ পাওঁ।

পাঞ্জাৱৰ ছাংৰুৰ জিলাৰ মালেৰকোটলা নগৰৰ পৰা অহা এদল মুছলমান সম্প্ৰদায়ৰ মানুহে জৰ্দা নামে একতেওঁলোকৰ বিশেষ চাউলআগবঢ়াইছে। আন্দোলনৰ প্ৰথম দিনটোৰ পৰা তেওঁলোক ইয়াত আছে। মালেৰকোটলাস্থিতমুছলিম ফেডাৰেচন অৱ পাঞ্জাৱৰতাৰিক মঞ্জুৰ আলমে কয় যে তেওঁ এনেকুৱা ঠাইৰ পৰা আহিছে য'ত মুছলমান আৰু শিখসকলে শতিকাজুৰি এজনে আনজনৰ পক্ষত থিয় দি আহিছে। কৃষকসকলৰ আন্দোলনত সহায় কৰাৰ বাবে তেওঁ লগত বিশেষ খাদ্য লৈ আহিছে। “তেওঁলোকে তেতিয়ালৈকে যুঁজি থাকে,আমি তেওঁলোকক সমৰ্থন কৰি যাম,"তাৰিকে কয়, "আমি তেওঁলোকৰ লগত হাতে হাত ধৰি থিয় দি আছো।”

কৰণবীৰ সিং ১১ বছৰ বয়সৰ। তেওঁৰ দেউতাক সিংঘু সীমাত ঠেলাত চাওমিন বিক্ৰী কৰে।“মোৰ বন্ধুসকলে ইয়ালৈ আহিবলৈ কৈছিল। মই গাজৰৰ হালোৱা খাবলৈ বিচাৰিছিলো,” কৰণবীৰে গেৰুৱা ৰঙৰচাউল চোবাই হাঁহি হাঁহি কৈ যায়।

মুন্নী হাৰিয়ানাৰ সোণীপট জিলাৰ কুণ্ডলি গাঁৱত বাস কৰে আৰু নিৰ্মাণস্থলীবোৰত কাম কৰে। তেওঁ তেওঁৰ সন্তানকেইটাক খাদ্য খুওৱাৰ বাবে প্ৰতিবাদস্থলীলৈ লৈ আনিছে। “মোৰ কণ কণ ল’ৰা-ছোৱালী আছে, সিহঁতে কিবা খাব বিচাৰে,"তেওঁ কয়।"কি লৈ এইবোৰ হৈছে মই নাজানো। এওঁলোক শস্য আৰু শস্য চপোৱা বিষয়ক লৈ যুঁজি আছে বুলি অনুমান কৰিছোঁ।”

প্ৰতিবাদস্থলীবোৰ নিয়মিতভাৱে খাদ্য পোৱাৰ স্থান হোৱাৰ উপৰি কিছুমান মানুহৰ বাবে জীৱিকাৰ স্থানো হৈ পৰিছিল, যেনে জাবৰ সংগ্ৰহ কৰা পূজা, যিয়ে বিভিন্ন অফিছ-কাছাৰীৰ পৰা জাবৰ সংগ্ৰহ কৰে। তেওঁ হাৰিয়ানাৰ কুণ্ডলিৰ ছেৰছা ব্লকত বাস কৰেআৰু নিজৰ স্বামীৰ সৈতে বটল-বাকচ আদি সংগ্ৰহ কৰাৰ বাবে সিংঘুৰ প্ৰতিবাদ প্ৰদৰ্শন কৰি থকা খেলপথাৰলৈ আহিছে। “মই মজিয়াত ঝাড়ু দিও আৰু জাবৰ সংগ্ৰহ কৰো,"তেওঁ কয়।"তেওঁলোকে মোক খাদ্য আৰু মোৰ ছোৱালীৰ বাবে গাখীৰ দিয়ে। যেতিয়াৰ পৰা তেওঁলোকে শিৱিৰ স্থাপন কৰিছে, তেতিয়াৰ পৰা আমি সদায় আহো। তেওঁলোকে দিয়া সকলো বস্তু আমি ভাল পাওঁ। কেতিয়াবা কল আৰু কমলা দিয়ে আৰু কেতিয়াবা চাবোন আৰু কম্বল দিয়ে। মই বটলবোৰ বিক্ৰী কৰো আৰু তাৰপৰা দৈনিক ২০০-৩০০ টকা উপাৰ্জন কৰো। ইয়াৰ দ্বাৰা মোৰ সন্তান কেইটাৰ বাবে খৰছ উলিওৱাত সহায় হয়। মই আশা কৰো যে ৱাহেগুৰুয়ে তেওঁলোকক সকলো দিয়ক যি তেওঁলোকে বিচাৰিছে, কাৰণ তেওঁলোক আমাৰ বাবে পৰম দয়ালু।”

হাৰিয়ানাৰকাৰ্ণালৰ এখন আশ্ৰমৰ স্বেচ্ছাসেৱসকলে কৃষকসকলক নিশা গৰম কৰি ৰখাৰ বাবে গৰম সুগন্ধি গাখীৰ প্ৰস্তুত কৰি আছে। গাখীৰত শুকান ফল, ঘী, খেজুৰ আৰু মৌ মিহলি কৰা হৈছে। বিশুদ্ধ গাখীৰ সদায় পুৱা কাৰ্ণালৰ দুগ্ধ পামৰ পৰা অনা হয়।

পাঞ্জাৱৰ কপুৰথালা জিলাৰ এটা কল্যাণকামী সংস্থাৰ স্বেচ্ছাসেৱকসকলে সন্ধিয়াৰ খাদ্যৰ বাবে গৰম ফুলাৰি প্ৰস্তুত কৰি আছে। প্ৰতিবাদস্থলীত থকা এই দোকানখনত স্বাভাৱিকভাবেই সকলোতকৈ বেছি ভিৰ হয়।

অক্ষয়ৰ বয়স ৮ বছৰ আৰু ছাহিলৰ বয়স ৪ বছৰ। আমাৰ মা-দেউতা এটা কাৰখানাত কাম কৰে।“মোৰ মা পুৱা সোনকালে ওলাই যায় বাবে তেওঁ আমাৰ বাবে খাদ্য ৰান্ধিব নোৱাৰে। সেইবাবে আমি সদায় ইয়ালৈ খাদ্যৰ বাবে আহো,"সিহঁতে কয়।"মই স্প্ৰাইট ভাল পাওঁ,"অক্ষয়ে কয়,"আৰু সি (ছাহিল) বিস্কুট ভালপায়।”

৯ বছৰীয়া আঁচল আৰু ৭ বছৰীয়া সাক্ষী (মাটিত বহি আছিল), দুয়ো বান্ধৱীয়ে কয়, “সীমান্তত বহুত খাদ্য পাম বুলি কৈ চুবুৰীয়াসকলে আমাক তালৈ যাবলৈ কৈছিল।”

প্ৰতিবাদস্থলীত থকা চিকিৎসা শিবিৰত কৃষকসকলৰ লগতে ইয়ালৈ অহা সকলোকে চিকিৎসা আৰু বিনামূলীয়াকৈ ঔষধ দিয়া হৈছে। আশে-পাশে বাস কৰা বহু মানুহ এই শিবিৰবোৰলৈ আহিছে।

উত্তৰ প্ৰদেশৰ হৰ্দই জিলাৰ ৩৭ বছৰীয়া কাঞ্চনে কয় যে তেওঁ মাহিলী ৬৫০০ টকাত এটা কাৰখানাত কাম কৰে।“কিছুদিনৰ পৰা মোৰ জ্বৰ হৈ আছে। মই ইতিমধ্যে চিকিৎসাৰ বাবে বহুত টকা খৰচ কৰি পেলাইছিলো। মোৰ কাৰখানাৰ কোনো ব্যক্তিয়ে মোক জনাইছিল যে তেওঁলোকে সিংঘুৰ সীমান্তত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰি আছে। মই ইয়ালৈ আহি মোৰ পছন্দৰ ঔষধ লৈছিলো। মই সঁচাকৈ আমাৰ ভাইসকলক ধন্যবাদ দিব বিচাৰিছো যিসকলে সকলো অসহায় মানুহক সহায় কৰি আছে। তেওঁলোকে আমাক যি খাদ্য আৰু ঔষধ দিছে তাৰবাবে মই অতিৰিক্তকৈ শ শ টকা খৰচ কৰিব লাগিলহেতেন। ”

তৰণতাৰণ নামেপাঞ্জাৱৰ ২০ বছৰীয়া সুখপাল সিঙে টুথপেষ্ট, চাবোন আৰু বিস্কুট বিতৰণ কৰি আছিল। দিল্লী-হাৰিয়ানা সীমাৰ পথছোৱা অৱৰোধ হৈ থকাৰ বাবে ট্ৰেক্টৰৰ দীঘলীয়া শাৰীয়ে প্ৰতিবাদকাৰী কৃষকসকলক সহায় কৰাৰ লগতে ওচৰে-পাজৰে থকা দুখীয়া লোকসকলক সকলো ধৰণৰ সামগ্ৰী বিতৰণ কৰি আছে- চেনিটেৰি নেপকিনৰ পৰা আৰম্ভ কৰি কম্বল, খাদ্য, ঔষধ, টুথব্ৰাছ আৰু চাবোন আদি সকলো।
অনুবাদ - ভৱেশ মেধি