“স্কুলত যদি দিনে দুবাৰ খাবলৈ দিলেহেঁতেন।”
সাত বছৰীয়া বাসৱৰাজুৱে তেলাংগনাৰ ছেৰিলিংগমপাল্লী মণ্ডল মণ্ডল পৰিষদ প্ৰাথমিক বিদ্যালয়ত পঢ়ে। গৰম গৰম দুপৰীয়াৰ আহাৰ পোৱা দেশৰ ১১.২ লাখ খন স্কুলৰ মাজৰ ৰাংগা ৰেড্ডী জিলাৰ এইখনো এখন। বাসৱৰাজুৰ স্কুলৰ লগ ১০ বছৰীয়া অম্বিকাই স্কুললৈ অহাৰ আগেয়ে এগিলাচ ভাতৰ মাৰ খাই আহিছে, আন বহুতৰ দৰে তাইৰো সেয়া দিনটোৰ প্ৰথম সাজ আহাৰ।
ভাৰতত ১ম মানৰ পৰা ৮ম মানৰ ১১৮ মিলিয়ন শিক্ষাৰ্থীয়ে চৰকাৰী আৰু বেচৰকাৰী তথা ৰাজ্যচালিত শিক্ষণ কেন্দ্ৰসমূহত সৰ্বশিক্ষা অভিযানৰ অধীনত কোনো মাচুল নোহোৱাকৈ কৰ্মদিনকেইটাত মধ্যাহ্ন ভোজন কৰিবলৈ পায়। পেট ভৰি থাকিলে ভালকৈ যোগ-বিয়োগ অংক কৰিব পাৰি, নাইবা বানান শুদ্ধকৈ জোটাব পাৰি, এনে কোনো যুক্তি নাই। কিন্তু দুপৰীয়াৰ আহাৰ দিয়া উদ্দেশ্যে হৈছে শিশুক স্কুললৈ আহিবলৈ উৎসাহিত কৰা। (অতিকমেও ১৫০ মিলিয়ন শিশু আৰু যুৱক ভাৰতত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰা বাহিৰত, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা কৈছে)।
আমি যেতিয়া ৰাজস্থানৰ ভিলৱাৰা জিলাৰ যোৰগড় গাঁৱৰ ৰাজকীয় প্ৰাথমিল বিদ্যালাত দহ বছৰীয়া দক্ষ ভাটক লগ পাও, তেতিয়া দক্ষই স্কুললৈ অহাৰ আগতে দুখনমান বিস্কুট খাইছিল। হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৰ অসমৰ নলবাৰী জিলাত আলিশা বেগমে আমাক কয় যে তাই ৮৫৮ নং নিজ খাগাটা এল.পি. স্কুললৈ অহাৰ আগতে এখন ৰুটি আৰু অলপ লালচাহ খাই আহিছে। তাইৰ দেউতাক ৰাস্তাৰ কাষৰ বেপাৰী আৰু মাক গৃহিণী।
নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ খাদ্যত ৪৮০ কেলৰি আৰু ১২ গ্ৰাম প্ৰটিন (১ম শ্ৰেণীৰ পৰা ৫ম মানৈ) আৰু উচ্চ প্ৰাথমিক (৬ষ্ঠ মানৰ পৰা ৮ম মানলৈ)ত ৭২০ কেলৰি আৰু ২০ গ্ৰাম প্ৰটিন দৰিদ্ৰ আৰু উপান্ত শ্ৰেণীৰ শিশুৰ বাবে অত্যাৱশ্যকীয়। স্কুলৰ পৰা নাপালে তেনে শিশুৱে পুষ্টিকৰ খাদ্য পোৱাৰ কোনো উপায় নাই।
বেংগালুৰু চহৰৰ পাট্টানাগেৰে অঞ্চলৰ নাম্মুৰা চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰিন্সিপাল এন. সুগুণাই কয়, “দুই-এটা শিশুৰ বাদে বাকী সকলোৱে স্কুলত বিনামূলীয়া মধ্যাহ্ন ভোজন কৰে।” এইসকল কৰ্ণাটকৰ য়াৰগিৰ (য়াৰগিৰি বুলিও কয়) জিলাৰ পৰা অহা প্ৰব্ৰজনকাৰী শ্ৰমিক, তেওঁলোকে বেংগালুৰু চহৰৰ নিৰ্মাণ ছাইটবোৰত কাম কৰে।
মধ্যাহ্ন ভোজন আঁচনি যাক ২০২১ত ‘প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ’ বা ‘পি.এম. পোষণ’ বুলি পুনৰাই নামাকৰণ কৰা হয়, তাৰ উদ্দেশ্য হৈছে “শ্ৰেণীকোঠাত শিশুৰ নামভৰ্তি আৰু উপস্থিতি বঢ়োৱাৰ লগতে ৰিটেন্সন কৰাৰ সমানে সমানে শিশুৰ পুষ্টিগত দিশত উন্নতিসাধন।” ১৯৯৫ৰ পৰা কেন্দ্ৰ চৰকাৰৰ পৃষ্ঠপোষকতাত চলা এই ৰাষ্ট্ৰীয় কাৰ্য্যসূচী ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত ৰূপায়ন কৰা হৈছে। চত্তীশগড়ৰ ৰায়পুৰ জিলাৰ মাটিয়া গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী পুনম যাদৱে প্ৰায় ৮০টা মান শিক্ষাৰ্থীয়ে দুপৰীয়াৰ আহাৰ খাই থকা চাই আছে, মুখত তেওঁৰ হাঁহি। “খুব কম অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীক দুপৰীয়াৰ এই আহাৰ খুৱাব পাৰে,” তেওঁ আঙুলিয়াই দি কয়। “ইহঁতে ইমান ধুনীয়াকৈ একেলগে বহি খায়, সেয়াই মধ্যাহ্ন ভোজনৰ সৌন্দৰ্য্য, ইহঁতৰ বাবে এয়া ফুৰ্তিৰ সময়।”
ঘাইকৈ মূল খাদ্য হিচাপে চাউল, দাইল আৰু পাচলি আদি তেল নাইবা ঘীউ আৰু নিমখ-মছলাৰে ৰন্ধা হয় যদিও কিছুমান ৰাজ্যই খাদ্যতালিকাত নিজাকৈ পৰিপূৰক পুষ্টিকৰ খাদ্য যোগ দিছে বুলি শিক্ষা মন্ত্ৰালয়ৰ ২০১৫ৰ প্ৰতিবেদনে কয়। ঝাৰখণ্ড, তামিলনাডু আৰু কেৰালাই কণী আৰু কল যোগ দিছে, কৰ্ণাটকে পৰা খাদ্যৰ লগত এগিলাচ গাখীৰ (এইবছৰ কণী যোগ দিছে) দিয়া কৰিছে। চত্তীশগড়, অসম আৰু অৰুণাচল প্ৰদেশে পাচলিৰ খেতি কৰি খাদ্যৰ লগত পাচলি যোগ দিয়াৰ ব্যৱস্থা কৰিছে। গোৱাত আত্মসহায়ক গোটে খাদ্যৰ যোগান ধৰিছে, আনফালে মণিপুৰ আৰু উত্তৰাখণ্ডে অভিভাৱকৰ সহায় বিচাৰিছে। গুজৰাট আৰু মহাৰাষ্ট্ৰত স্থানীয় সংগঠনে স্বেচ্ছাই খাদ্যৰ লগত পুষ্টিকাৰক খাদ্য সামগ্ৰী যোগান ধৰিছে।
চত্তীশগড়ৰ ফুটাহামুড়া গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত দহজনৰ কেউজনেই কমৰ সম্প্ৰদায়ৰ, ৰাজ্যখনত বিশেষ বিপন্ন জনজাতীয় গোষ্ঠী (পি.ভি.টি.জি.) হিচাপে তালিকাভুক্ত। “কমৰসকলে প্ৰতিদিনে খৰি আৰু আন বনজাত সামগ্ৰী বিচাৰি হাবিলৈ যায়। স্কুলত তেওঁলোকৰ ল’ৰা-ছোৱালীৱে খাবলৈ পাব বুলি তেওঁলোক নিশ্চিত, লগতে পঢ়িবও,” ধামতাৰি জিলাৰ নাগ্ৰি ব্লকৰ এই সৰু স্কুলখনৰ দায়িত্বত থকা একমাত্ৰ শিক্ষয়িত্ৰী ৰুবিনা আলিয়ে কয়।
আন এক বনাঞ্চল, তামিলনাডুৰ সত্যমংগলম হাবিত, ইৰোড জিলাৰ গোবিচেট্টিপালায়াম তালুকৰ তালাইমালাই গাঁৱত ৰাজ্যচালিত জনজাতীয় আবাসিক বিদ্যালয়খনত শিক্ষাৰ্থীৰ সংখ্যা ১৬০ গৰাকী। তাৰে প্ৰায়ভাগে চলিগা আৰু ইৰুলা সম্প্ৰদায়ৰ (দুয়োটাই অনুসূচিত জনজাতি)। সিহঁতে ভাত-চম্ভাৰ আৰু সপ্তাহত দুই-দিনিবাৰ দিয়া কণী খাই বৰ ভাল পায়।
২০২১-২২ৰ পৰা ২০২৫-২৬লৈ পিএম-পোষণৰ অধীনত আবণ্টন দিবলগীয়া ধনৰ পৰিমাণ ১৩০,৭৯৪ কোটি - এয়া ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে মিলি বহন কৰিব। পুঁজি বিতৰণ আৰু ছয় লাখ মেট্ৰিক টন খাদ্যবস্তু হস্তাতৰণৰ কাম - কেতিয়াবা চাউল আহি স্কুল নাপায়। তেতিয়া শিক্ষক আৰু ৰান্ধনীয়ে বজাৰৰ পৰা চাউল কিনি আনি ৰান্ধে। হাৰিয়ানাৰ ইগৰাহ গাঁৱত ৰাজ্যচালিত শ্বহিদ হাৱালদাৰ ৰাজকুমাৰ আৰভিএম বিদ্যালয়ৰ এজন শিক্ষকে পাৰিক কয়, “ল’ৰা-ছোৱালীহঁত লঘোন নপৰক বুলিয়ে আমি সেয়া কৰোঁ।” হাৰিয়ানাৰ জিন্দ জিলাৰ এইখন স্কুলে দিনহাজিৰা কৰা, খৰিকটীয়া, ইটাৰ ভাতীত কাম কৰা শ্ৰমিক আৰু অনান্য দৰিদ্ৰ পৰিয়ালৰ পৰা শিশুক পোলাও, দাইল আৰু ৰাজমা-ভাত খুৱায়।
দেশৰ দৰিদ্ৰ শ্ৰেণীৰ শিশুক খুওৱাৰ এই প্ৰচেষ্টা বহুদিন ধৰি চলি আহিছে। এই তথ্য জানি আচৰিত হ’ব যে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ ২০১৯-২০ ( এন.এফ.এইছ.এছ.-৫ ) অনুযায়ী পাঁচ বছৰ বয়সৰ তলৰ ৩১ শতাংশ শিশুৰ ওজন স্বাভাৱিকতকৈ কম। দেশত অপুষ্টিৰ কাৰণে পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ ৬৯ শতাংশ, এয়া ইউনিচেফৰ ২০১৯ৰ এক প্ৰতিবেদনৰ তথ্য।
বন্ধৰ দিনতো মাকৰ লগত আঠ বছৰীয়া ৰনি সিংহাই কিয় পশ্চিমবংগৰ আন্দুল পোটা গাঁৱৰ ধোপাবেৰিয়া শিশু শিক্ষা কেন্দ্ৰলৈ নিজৰ ভাগৰ খিচিৰী নিবলৈ আহে, তাৰ কাৰণ চিন্তনীয়। স্থানীয় লোকে স্কুলখনত খিচিৰী স্কুল বুলি কয় আৰু ৭০ জন শিক্ষাৰ্থীয়ে তাত খাবলৈ পায়। অক্টোবৰৰ শেষৰফালে পাৰিয়ে পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাত থকা স্কুলখনলৈ যোৱাৰ সময়ত দেৱালীৰ বন্ধ চলি আছিল - কিন্তু ল’ৰা-ছোৱালীবোৰে দুপৰীয়াৰ আহাৰ নিবলৈ আহিছিল।
প্ৰায়ভাগ ছাত্ৰী-ছাত্ৰীয়ে দৰিদ্ৰ শ্ৰেণীৰ আৰু অভিভাৱকসকলে স্থানীয় ফিছাৰিত কাম কৰে। ৰনিৰ মাকেও (নিজৰ নাম প্ৰকাশ কৰিব নিবিচাৰিলে) কয়, “মহামাৰী (ক’ভিড-১৯)ৰ সময়ত স্কুলখনে বৰ উপকাৰ কৰিছিল, তেওঁলোকে নিয়মিত খাদ্য ৰান্ধি যোগান ধৰিছিল।”
২০২০ৰ মাৰ্চত যেতিয়া ক’ভিড-১৯ আহি পৰে, ভালেকেইখন ৰাজ্যত মধ্যাহ্ন ভোজনৰ আঁচনি বন্ধ হৈ পৰিছিল। স্কুল বন্ধ হোৱাত লাখ লাখ শিশুৰ ক্ষতি হৈছিল। কৰ্ণাটকত উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে মধ্যাহ্ন ভোজন শিশুৰ শিক্ষাৰ মৌলিক অধিকাৰৰ সৈতে জৰিত।
তেলাংগনাৰ গাচিবৌলিৰ নিম্ন আয়ৰ পৰিয়ালবোৰ থকা পি. জনাৰ্দন ৰেড্ডী নগৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী ঐশ্বৰ্য্য। তাইৰ দেউতাকে ৰাংগা ৰেড্ডী জিলাৰ নিৰ্মাণ ছাইটবোৰত কাম কৰি ফুৰা এগৰাকী দিনমজুৰ, মাক ঘৰুৱা কাম কৰা শ্ৰমিক। নবছৰীয়া ভোকাতুৰ ঐশ্বৰ্য্যই কয়, “স্কুলত সদায় যদি কণী দিলেহেঁতেন। মোক আৰু এটা কণী দিয়াহেঁতেন।”
লাখ লাখ শিশুক খুওৱাৰ এই বৃহৎ কাম কৰি থকা স্বত্ত্বেও মধ্যাহ্ন ভোজনত দুৰ্নীতি, ভেজালকৰণ, গুণগত মান কম হোৱা আৰু খাদ্যৰ বিভিন্নতা আৰু জাতিভেদৰ দৰে সমস্যাও আছে। গুজৰাট আৰু উত্তৰাখণ্ডত দলিত ৰান্ধনীয়ে ৰন্ধা খাদ্য উচ্চ জাতৰ শিক্ষাৰ্থীয়ে যোৱাবছৰ খোৱা নাছিল, আনকি এজন দলিত ৰান্ধনীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰো অভিযোগ উঠিছে।
কৰ্ণাটকত পাঁচ বছৰৰ তলৰ শিশুৰ শ্ৰীবৃদ্ধি নোহোৱাটো ২০১৫-১৬ আৰু ২০১৯-২০ত এক শতাংশ হ্ৰাস পাইছে - ৩৬ৰ পৰা ৩৫ শতাংশ ( এন.এফ.এইছ.এছ.-৫ )। আকৌ কড়াগু আৰু মহিশূৰ জিলাত শিশুৰ মাজত থকা পুষ্টিজনিত ঘাটি ২০২০ৰ এক চৰকাৰী প্ৰতিবেদনে দৃষ্টিগোচৰ কৰাইছে। কিন্তু ৰাজনৈতিক দলসমূহে মধ্যাহ্ন ভোজত কণী দিয়াটো আমিষ নে নিৰামিষ তাকে লৈহে লাগি আছে।
দেশত পুষ্টিৰ অভাৱৰ কথালৈ চাই আচৰিত হ’ব লাগে কেনেকৈ মহাৰাষ্ট্ৰত স্কুলবোৰ বন্ধ কৰি থকা হৈছে, তাত ৬.১৬ লাখ অপুষ্টিত ভোগা শিশু আছে - দেশৰ অপুষ্টিত ভোগা শিশুৰ এক পঞ্চমাংশতকৈ অলপ কম। আহমেদনগৰ জিলাৰ গুণ্ডেগাওঁ গাঁৱৰ এনে এখন স্কুলত প্ৰায়ভাগ শিশুৱে পাৰ্ধি সম্প্ৰদায়ৰ। ডিনটিফাইড জনজাতি পাৰ্ধিসকল ৰাজ্যখনৰ আটাইতকৈ দৰিদ্ৰ আৰু সা-সুবিধাবিহীন সম্প্ৰদায়ৰ মাজৰ এটা।
“স্কুল বন্ধ হোৱাৰ পিছত এই শিশুসকলৰ কেৱল পঢ়া-শুনাই বন্ধ নহয়, এসাজ পুষ্টিকৰ আহাৰৰ পৰাও তেওঁলোক বঞ্চিত হ’ব। ইয়ে জনজাতীয় আৰু বঞ্চিত শ্ৰেণীৰ শিশুৰ অপুষ্টি বঢ়াব আৰু পঢ়া-শুনাও আধৰুৱা কৰিব,” পৌটকাবস্তি গুণ্ডেগাওঁ প্ৰাইমেৰি জিলা পৰিষদ স্কুলৰ প্ৰিন্সিপাল কুশলকাৰ জ্ঞানদেৱ গংগাৰামে কয়।
মঞ্জুৰ ভোসলেৰ আঠ বছৰীয়া কন্যা ভক্তি ইয়াৰে ১৫ গৰাকী পাৰ্ধি ল’ৰা-ছোৱালীৰ মাজৰ এগৰাকী। “স্কুল নাই মানে খাদ্য নাই। ক’ৰনাৰ এই তিনিটা বছৰ বৰ বেয়া আছিল,” মঞ্জুৰে কয়। “স্কুলবোৰ আকৌ বন্ধ হৈ গ’লে আমাৰ ল’ৰা-ছোৱালীহঁত কেনেকৈ আগবাঢ়িব?”
এই ষ্ট’ৰিটো চত্তীশগড়ৰ পুৰুষোত্তম ঠাকুৰ, কৰ্ণাটকৰ চেন্তালিৰ এছ., তেলাংগনাৰ অম্ৰুতা কসুৰু, তামিলনাডুৰ এম. পালানি কুমাৰ, হাৰিয়ানাৰ আমিৰ মালিক, অসমৰ পিংকু কুমাৰ দাস, পশ্চিমবংগৰ ঋতায়ন মুখাৰ্জী, মহাৰাষ্ট্ৰৰ জ্যোতি চিনৌলি, ৰাজস্থানৰ হাজি মহম্মদে লিখিছে, সংবিতি আয়াৰৰ সম্পাদকীয় সহযোগত প্ৰীতি ডেভিদ আৰু বিনুথা মাল্যাই সম্পাদনা কৰিছে, আলোকচিত্ৰ সম্পাদনা কৰিছে বিনাইফেৰ ভাৰুছাই।
প্ৰচ্ছদ আলোকচিত্ৰ: আম. পালানি কুমাৰ
অনুবাদ: পংকজ দাস