“আমি কাম কৰো, সেইবাবে আপোনালোকে খাবলৈ পায়”, পুণে জিলাৰ খেড় তহসিলৰ এগৰাকী কৃষক কৃষ্ণাবাই কাৰলে কয়। তেওঁৰ এই বাক্যশাৰী চৰকাৰক মনত পেলায় দিয়াৰ বাবে আছিল। চলিত বৰ্ষৰ ছেপ্টেম্বৰত কেন্দ্ৰ চৰকাৰে প্ৰণয়ন কৰা তিনিওখন নতুন কৃষি আইন বিনা চৰ্তত প্ৰত্যাহাৰ কৰাৰ দাবী জনোৱা অসংখ্য কৃষকসকলৰ মাজত কৃষ্ণাবাইও এজন। দেশত অব্যাহত থকা কৃষকসকলৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই ১১ ডিচেম্বৰত পুণেৰ এখন সভাত তেওঁ বক্তব্য দিছিল।
কৃষক আৰু বিশেষকৈ খেতিৰ লগত জড়িত থকা মহিলাৰ ওপৰত নতুন আইনৰ প্ৰভাৱ সম্পৰ্কে দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে সমগ্ৰ জিলাৰ সকলো মহিলা কৃষক, কৃষিশ্ৰমিক আৰু কৰ্মকৰ্তাসকল পুণে চহৰত সমবেত হৈছিল।
যদিও মহিলাসকলে কৃষিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে- অতি কমেও ৬৫.১ শতাংশ মহিলা কৃষিত কৃষক অথবা কৃষি শ্ৰমিক হিচাপে কাম কৰে ( লোকপিয়ল ২০১১)- কিন্তু তেওঁলোকক কৃষক হিচাপে স্বীকৃতি দিয়া নহয় আৰু প্ৰায়ে তেওঁলোকক পৰিয়ালৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয়। পুণেৰ সভাত কৃষকসকলে কয় যে কেন্দ্ৰ চৰকাৰে কৃষকৰ জীৱন ধাৰণৰ প্ৰতি ভাবুকি থকা আইনখন কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে মহিলাসকলক কৃষক হিচাপে স্বীকৃতি দিয়া উচিত। দাউণ্ড তহসিলৰ এগৰাকী কৃষক আশা আটোলে কয়- “মহিলাই অকল কামে নকৰে, বৰং পুৰুষসকলতকৈ বেছি সময় কাম কৰে।”
৮ ডিচেম্বৰত কৃষকসকলৰ কিষাণ বাগ নামেৰে এখন ফৰাম গঠন কৰা হৈছিল আৰু তেওঁলোকে দেশজোৰা প্ৰতিবাদৰ ১৬ দিনৰ দিনা ১১ ডিচেম্বৰত নতুন আইনসমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰিছিল। মহাৰাষ্ট্ৰৰ মহিলা সংগঠনসমূহৰ ৪১ বছৰীয়া পুৰণি গোট স্ত্ৰী মুক্তি আন্দোলন সম্পৰ্ক সমিতিৰ দ্বাৰা এই সভাখনৰ আয়োজন কৰা হৈছিল।
প্ৰতিবাদৰ প্ৰতি সহমত প্ৰকাশ কৰি কৃষকসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী যেনে ঋণ আৰু বিপণনৰ সুবিধা দিয়াৰ দাবী পুনৰ উণ্থাপন কৰে।
সভাত দাবীৰ এখন তালিকা ঘোষণা কৰি তেওঁলোকে কয় যে কৃষকসকলক ৰাষ্ট্ৰ বিৰোধী আখ্যা দি বদনাম কৰা বন্ধ কৰিব লাগে। তেওঁলোকে লগতে চৰকাৰে শস্যৰ ন্যূনতম সমৰ্থন মূল্য( এম এছ পি) আৰু বিকেন্দ্ৰীকৃত বিক্ৰীৰ সুবিধাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কৃষি আয়োগ (বা স্বামীনাথন আয়োগ)ৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ বাবে দাবী কৰে।
দেশব্যাপী কৃষক আন্দোলন আৰু নতুন কৃষি আইন বাতিল কৰাৰ দাবীৰ প্ৰতি সমৰ্থন জনাই পুণে জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা মহিলা কৃষকসকলে ১১ ডিচেম্বৰত উপায়ুক্তৰ কাৰ্য্যালয়ৰ ওচৰত কিষাণ বাগ প্ৰতিবাদত অংশ লৈছিল।

খেড় তহসিলৰ কৃষক কৃষ্ণাবাই কাৰলে কয়- “এই কৃষকসকলে লকডাউনৰ সময়তো কাম কৰিছিল।যেতিয়া আপোনালোক ঘৰত সুৰক্ষিত আৰু আৰামত আছিল, সেইসময়ত তেওঁলোকে শাক-পাচলি আৰু খাদ্য শস্য উৎপাদন কৰি আপোনালোকৰ দুৱাৰডলিলৈ প্ৰেৰণ কৰিছিল।”

মাৱাল তহসিলৰ টিকোনা গাঁৱৰ শান্তাবাই বৰবে এগৰাকী সাধাৰণভাৱে জীয়াই থকা কৃষক। তেওঁ কয়- ‘’আমাৰ ইয়াত পাৱনা বান্ধ আমাৰ মাটি কাঢ়ি নি নিৰ্মাণ কৰা হৈছিল। কিন্তু ইয়াৰ পানী চিঞ্চৱাড়ৰ কাৰখানালৈ যায়।জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবে আমি বৰ্ষা নিৰ্ভৰ খেতি কৰিবলৈ বাধ্য হৈছো।‘’


মহিলাসকলে কৃষিৰ সকলো কামত কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰে, ভূমি প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি শস্য সিঁচা পৰ্যন্ত আৰু কাৰো পৰা সহায় নোলোৱাকৈ খাদ্য উৎপাদনৰ দৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সভাত তেওঁলোকে কৃষি উৎপাদন বিপণন কমিটীসমূহত ( এ পি এম চি এছ) মহিলাসকলৰ বাবে ৩০ শতাংশ প্ৰতিনিধিত্ব সম্পূৰ্ণৰূপে প্ৰয়োগ কৰা আৰু কম সূতৰ ঋণ দিয়াৰ ব্যৱস্থা কৰাৰ দাবী কৰে।

জুন্নৰ তহসিলৰ মাণেকেশ্বৰ গাঁৱৰ উপপ্ৰধান আৰু অল ইণ্ডিয়া কিষান সভাৰ সদস্য মাধুৰী কাৰোড়ে কয় যে নতুন আইনৰ বিৰুদ্ধে কৃষক আৰু কৃষিশ্ৰমিক সকলো ঐক্যবদ্ধ হৈছে।তেওঁ কয়- “লকডাউনৰ সময়ত কৃষিশ্ৰমিকসকল কৰ্মহীন হৈ আছিল, সেইকাৰণে আমি সিহঁতক এনৰেগাৰ জৰিয়তে কাম দিছিলো।”

ডাণ্ড তহসিলৰ কৃষক আশা আটোলে কয়— “মহিলা কৃষকসকলক নতুন আইন নালাগে। আমাক সিদ্ধান্ত লোৱাৰ অধিকাৰ লাগে। আমাৰ অধিকাৰ নোপোৱা পৰ্যন্ত আমি যুঁজি থাকিম।”


আত্মহত্যা কৰা কৃষক পৰিয়ালৰ মহিলাসকলৰ ঋণ ৰেহাই দিয়া দাবীটো প্ৰতিবাদী কাৰ্যসূচীত উণ্থাপন কৰা দাবীসূহৰ ভিতৰত অন্যতম দাবী আছিল।কৃষকসকলে এটা শক্তিশালী আৰু সাৰ্বজনীন ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত গুৰুত্ব দিয়ে।

“বৰ্তমানৰ বজাৰবোৰ যদি বন্ধ হৈ যায়, মোৰ নিচিনা কাম কৰা মানুহ কৰ্মহীন হৈ পৰিব। তেতিয়া আমি কেনেদৰে জীয়াই থাকিম?’’ সুমন গায়কোৱাডে প্ৰশ্ন কৰে। তেওঁ পুণে চহৰত কৃষি উৎপাদনৰ আৰু শস্যৰ পাইকাৰী বজাৰত কুলিৰ কাম কৰে।

কৃষকসকলে খাদ্য শস্যৰ উৎপাদনত পৰিৱেশগত বহনক্ষম কৃষিৰ ওপৰত তেওঁলোকৰ সমৰ্থন আগবঢ়ায়। তেওঁলোকে সৰু বাচনত বীজ আৰু গছপুলি ৰোপণ কৰি প্ৰতিবাদ প্ৰদৰ্শন কৰি তেওঁলোকৰ ঐক্যমত প্ৰকাশ কৰে আৰু পুনৰ সেইবোৰ ঘৰলৈ লৈ যায়।
অনুবাদঃ ভৱেশ মেধি