মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাদনাভিচে জুন মাহৰ ৬ তাৰিখে কৃষিঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ সময়ত সংবাদ মাধ্যমৰ আগত কৈছিল যে ইয়ে হ'ব "ইতিহাসৰ সৰ্ববৃহত।"কিন্তু মুৰকত দেখা গ'ল যে 'ৰেহাই'ৰ বাবে দিয়া চৰ্তাৱলীৰ মেৰপেচৰ সংখ্যাহে সৰ্ববৃহত হ'লগৈ।

সেয়ে ঔৰাংগাবাদ জিলাৰ চিৰালফটা দিয়া পাৰুন্দি গাঁৱত সকাহ পাব বুলি আশা পালি ৰৈ থকা বাপ্পাচাহেব ইকবালে এই চৰ্তাৱলীবোৰ শুনাৰ পিছত হাঁহিবই নে কান্দিব সেয়া থিৰাং কৰিবই নোৱাৰিলে। "উৰ্ধতম সীমা (ৰেহাইৰ) হৈছে ১.৫ লাখ টকা,"পত্নি ৰাধা আৰু পিতৃ ভানুদাসৰ সৈতে ১৬ একৰ মাটিত বন নিৰাই থকাৰ মাজতে ৪১ বৰ্ষীয় খেতিয়কগৰাকীয়ে কয়। "মোৰ ৯ লাখ টকাৰ ঋণ আছে, মই যদি ৭.৫ লাখ টকা পৰিশোধ কৰো, তেতিয়াহে মই ১.৫ লাখ টকাৰ ৰেহাই পাম।"

তেওঁলোকৰ বেংকৰ ঋণ ২০১২-১৫ চনৰ খৰাং বতৰত একেধাৰে খেতি বেয়া হোৱাৰ ফলত বাঢ়ি গ'ল, ৰাধাই ক'লে। পৰিয়ালটোৱে পানীৰ বাবে ওচৰৰে বিল এখনৰ সৈতে সংযুক্ত কৰি চাৰি কিলোমিটাৰৰ পাইপলাইন বহুৱালে। "কিন্তু এইবছৰো ভালদৰে বৰষুণ নহ'ল," তেওঁ ক'লে। "ৰহ আৰু কপাহৰ খেতি একেবাৰে শুকাই থাকিল। যেতিয়া ফাদনাভিচে ক'লে যে তেওঁ সংকটত পৰা খেতিয়কৰ ঋণ ৰেহাই দিব, সেই কথাই আমাক কিছু আশাৰ ৰেঙনি দেখুৱালে। কিন্তু আমাক লৈ যেন উপহাসহে কৰা হ'ল। আমাৰ যদি পৰিশোধ কৰিবলৈ ধন থাকিলহেঁতেন, আমি নতুনকৈ মুৰৰ ওপৰত ঋণৰ বোজা ল'লোহেঁতেন নে?"


PHOTO • Parth M.N.

পাৰুন্দিৰ বাপ্পাচাহেব আৰু ৰাধা ইৰকালে ৭ . ৫ লাখ টকা প্ৰথমে সংগ্ৰহ কৰিব পাৰিলেহে ১ . ৫ লাখ টকাৰ ৰেহাইৰ সুবিধা লাভ কৰিব ! … এয়া আমাক লৈ কৰা ঠাট্টাহে , ' ৰাধাই কয়।


১ জুনত মহাৰাষ্ট্ৰত হোৱা এক অভূতপুৰ্ব কৃষক ধৰ্মঘটৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিশ্ৰুতি দিয়ে। কৃষকে উত্পাদন সামৰি লোৱাকৈ নুন্যতম সমৰ্থন মূল্যৰ লগতে ৫০ শতাংশ পোৱা আৰু ব্লেংকেট ঋণ ৰেহাই পোৱাৰ বাবে স্মামীনাথন আয়োগৰ দীৰ্ঘদিন ধৰি এলাগী কৰি থোৱা পৰামৰ্শাৱলীসমূহ ৰূপায়ন কৰাটোৱে খেতিয়কসকলৰ অন্যতম দাবী আছিল। কৃষকসকলক ক্ষান্ত কৰিবলৈ ফাদনাভিচে ৰেহাইৰ প্ৰতিশ্ৰুতি দিলে। কিন্তু যেতিয়া ২৪ জুলাইত ৰেহাইৰ বাবে অনলাইন দৰ্খাস্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ল, উত্থাপিত হোৱা বিৰোধভাবে মাৰাথৱাড়াৰ সমগ্ৰ অঞ্চলটোৰে কৃষকক টিঙিৰিতুলা কৰি পেলালে।

১.৫ লাখ টকাৰ ৰেহাইৰ চৰ্তই আটাইতকৈ প্ৰয়োজনত পৰা বহুত খেতিয়ককে অন্তৰ্ভুক্ত নকৰাকৈ থাকিল। কিন্তু বেংকৰ ঋণ থকা, অথবা ১.৫ লাখ টকা ঋণ থকাবোৰৰ বাবেও ৰাস্তা উজু নহ'ল।

লাতুৰ জিলাৰ মাতেফল গাঁৱৰ মঙল জামফ্ৰেৰ বেংক অৱ মহাৰাষ্ট্ৰত ২ লাখ টকাৰ ঋণ আছে। তাই ভাবিলে যে ৫০ হাজাৰ টকা গোটাব পাৰিলেই তাই ৰেহাইৰ বাবে যোগ্য বিবেচিত হ'ব। কিন্তু তাতেই চৰ্তাৱলীয়ে বিপাক ঘটালে। "মোৰ ল'ৰাজন সেনা জোৱান, অসমত তাৰ পোষ্টিং," তাই কয়। "পৰিয়ালত চৰকাৰী চাকৰিয়াল থকা পৰিয়াল ৰেহাইৰ বাবে অযোগ্য বিবেচিত হয়।"

মঙলাই ১৫ বছৰ আগেয়েই এটা দুৰ্ঘটনাত গিৰিয়েকক হেৰুৱাইছিল। তেতিয়াৰপৰা তায়েই ঘৰ চলায় আৰু চাৰি একৰ মাটিত দিনে-ৰাতি কাম কৰি দুটাকৈ ল'ৰা আৰু এজনী ছোৱালীক তুলি-তালি ডাঙৰ-দীঘল কৰিছে। তাতে তাই ৰহ আৰু চয়াবিনৰ খেতি কৰে। ২ লাখ টকা আদায় নিদিয়াৰ বাবে তাই নতুন ঋণ নাপায়। জুন মাহত বীজ সিঁচাৰ সময়তে তাই এটা ব্যক্তিগত ক্ষুদ্ৰ-বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ১.৫ লাখ টকাৰ ঋণ লৈছিল। "ঋণ ৰেহাই দিয়াৰ কথাটো কাণত পৰোতে ভাবিছিলো যে এটা নতুন বেংক ঋণৰ বাবে মই যোগ্য হম আৰু এই ব্যক্তিগত ঋণটো পৰিশোধ কৰি দিয়াত ইয়ে মোক সহায় কৰিব," তাই কয়। "বেংকৰ হাৰতকৈ ইবোৰৰ সুতৰ হাৰ অতি বেছি। চাৰি বছৰৰ পিছত মই ৭০ কি ৮০ হাজাৰমান টকা মূলৰ সৈতে বেছিকৈ দিবলগা হ'ব। তদুপৰি বেংকে বেছি অশান্তি দি নাথাকে।"


ভিডিঅটো চাওকঃ মাতেফল গাঁৱৰ মঙল জামফ্ৰে ৰেহাইৰ বাবে অযোগ্য , কাৰণ তাইৰ এটা ল ' ৰা সেনা জোৱান ; পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিয়াল হ ' লে ৰেহাইৰ অনুমতি দিয়া নহয়


মঙলক ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ ৰিকভাৰী এজেণ্টে ভালেমান সময়ত অপদস্থ কৰিছে যিয়ে নেৰানেপেৰাকৈ কল কৰে আৰু দেখা কৰে। তাই প্ৰথম ছমাহৰ মুঠ ১৮,৮০০ টকাৰ কিস্তি দিবপৰা নাই। "সিহতে ঘৰটো দখল কৰি লোৱাৰ ভাবুকি দিয়ে," তাই কয়। "মাহত ৪-৫ বাৰমান সিহত আহে। কোনো সময়ত মই সিহত অহা দেখিলে চুবুৰীৰ ঘৰত লুকাই থাকিবলগা অৱস্থা হয়। ৰাজ্যিক ঋণ ৰেহাইৰ কামটো হৈ যোৱা হ'লে, মই ইবোৰৰপৰা স্থায়ীভাবে পৰিত্ৰাণ পালোহেঁতেন।"

গাঁৱৰ চাহৰ দোকানত ৬২ বৰ্ষীয় দিগম্বৰ খোছেও হতাশাত ভুগিছে। তেওঁৰ নিজৰ নামত তিনি একৰ মাটী আছে, দুজনকৈ পুতেকৰ নামত পাঁচ একৰকৈ মাটী আছে, আৰু তেওঁৰ বোৱাৰীৰ নামত তিনি একৰ মাটী আছে। "মই বেংকত এক লাখ টকা দিবলৈ আছে," তেওঁ বুজাই ক'লে। আমি গাঁৱৰপৰা ১৫ কিলোমিটাৰ দুৰৈৰ অনলাইন কেন্দ্ৰলৈ গৈ ফৰ্ম (ঋণ ৰেহাই দৰ্খাস্ত) ফিল আপ কৰিছিলো। আটাইবোৰ নথি দিলো। কালি ৰাতি মই এটা এছএমএছ পালো যে এটা পৰিয়ালত এজন ব্যক্তিয়ে ঋণ ৰেহাই পাব।"

খোছে ভাবে যে ৰাজ্য চৰকাৰে কৃষকক লৈ হেতালি খেলিছে। "তেওঁলোকৰ উদ্দেশ্য হৈছে মানুহক মুৰ্খ সজোৱা," তেওঁ খঙেৰে কয়। টিনৰ চালি দিয়া চাহৰ দোকানখনত অইন খেতিয়কবোৰে তেওঁৰ কথা হয়ভৰ দি মুৰ ডুপিয়ালে। "আমাৰ যদি পৃথকে পৃথকে মাটি আৰু একাউণ্ট থাকিলেহেঁতেন, তেন্তে আমি কিয় যোগ্য নহও?" 'চৰকাৰে আমাৰ মনত আশা জগাইছিল কেৱল মোহাৰি পেলোৱাৰ উদ্দেশ্যে।"


ভিডিঅ চাওকঃ '' চৰকাৰে আমাৰ মনত আশা জগাইছিল কেৱল মোহাৰি পেলোৱাৰ উদ্দেশ্যে , ' হতাশাত ভোগা দিগম্বৰ খোছে কয়


কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ সৈতে জৰিত কৃষক নেতা ৰাজে দেশলেয়ে কয় যে ৰেহাইৰ পৰা বহিৰ্ভুক্তকৰণে মহাৰাষ্ট্ৰৰ গৰিষ্ঠসংখ্যক কৃষকক একাষৰীয়া কৰিব। দেশলে আছিল জুন মাহৰ ধৰ্মঘটৰ সময়ত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰাৰ উদ্দেশ্যে গঠিত সুকানো কমিটি (মূল অথবা ষ্টিয়েৰিং কমিটি)ৰ সদস্য। "দেখা যায় যে ৰাজ্যই আনকি ৩৪ হাজাৰ কোটিও ৰেহাই দিব নোৱাৰিব," তেওঁ কয়। (এয়া আছিল ফাদনাভিছে ধাৰ্য্য কৰা মূঠ ৰেহাইৰ পৰিমাণ)। "যিমানবোৰ সাবধানবাণী তাতে দিয়া আছে সেয়া সন্দেহ হয় যে সিহতে সঁচাসচিকৈ কৃষকৰ হতাশা দুৰ কৰিব বিচাৰিছে নে নাই।"

নম্বৰেও এয়া সঁচা বুলি দেখুৱাইছেঃ ২২ ছেপ্তেম্বৰ ৰেহাইৰ দৰ্খাস্ত গ্ৰহণৰ শেষ তাৰিখ হোৱাৰ সময়তে, ৰাজ্য চৰকাৰে ৫৭ লাখখন দৰ্খাস্ত লাভ কৰিছে, কোঅপাৰেটিভছৰ ৰাজ্যিক মন্ত্ৰী সুভাষ দেশমুখে এই প্ৰতিবেদকক কয়। ইয়াৰে আটাইবোৰ যোগ্য বিবেচিত নহ'ব। আৰু টাইমচ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন মতে ৮৯ লাখ হিতাধিকাৰীৰ বাবে ৩১ লাখ টকাহে কম হৈছে- এয়া নিৰ্ধাৰণ কৰিছে ষ্টেট লেভেল বেংকাৰ্ছ কমিটিয়ে যিয়ে যোগ্যতাৰ বাবে অসংখ্য চৰ্তাৱলী অনুমান কৰিব নোৱাৰিলে।

ফাদনাভিছে কোৱামতে ২০১৬ চনৰ 'নন-পাৰফৰ্মিং এছেটছ' (এনপিএ)ৰ ক্ষেত্ৰত ৰেহাই পাব। এনপিএ হৈছে এনে এটা একাউণ্ট যিটো নিষ্ক্ৰিয় হৈ আছে, যেতিয়া একাউণ্টধাৰীজনে নিৰ্ধাৰিত সময়ৰ ভিতৰত ঋণ আদায় নিদিয়ে। কিন্তু তাৰে মাজতে সেয়া ধৰা যায়, সৰ্বভাৰতীয় বেংক কৰ্মচাৰী এছছিয়েছনৰ যুটীয়া সচিব দেবীদাস তুলজাপুৰকাৰে কয়। "প্ৰত্যেক বছৰে বেংকবোৰে সাম্ভাব্য এনপিএ একাউণ্টবোৰ পুনৰীক্ষণ কৰে, আৰু সেই এনপিএবোৰ যাতে কাগজে-পত্ৰই থাকে তাৰবাবে সেইবোৰ টাৰ্ম ঋণলৈ ৰুপান্তৰিত কৰে। তাৰে পিছতে সেই একাউণ্ট 'পাৰফৰ্মিং এছেট'লৈ ৰুপান্তৰিত হয়। এয়া হৈছে এন-মাছে প্ৰক্ৰিয়া। এনেদৰে বৃহত সংখ্যক ফাৰ্ম একাউণ্টে ঋণ ৰেহাই নাপাব।"

পাৰভানি জিলাৰ জাৱালা জুট গাঁৱৰ সুৰেশ জুটৰ বেংক ঋণ নবীকৰণ কৰা হৈছে, এনেদৰে ৪৫ বৰ্ষীয় খেতিয়কজনক বেংকৰ এনপিএৰ পৰা বাহিৰত ৰখা হৈছে। তেওঁ পাৰভানি জিলা কোঅপৰেটিভ বেংকক ১ লাখ টকা দিব আছে আৰু তেওঁৰ পত্নিৰ একাউণ্টটো ১.২০ লাখ টকাৰ ঋণ আছে। "মোৰ ডাঙৰ ভাই চন্দীকাদাসৰো ৬ লাখ টকাৰ ওপৰত ঋণ আছে," সুৰেশে কয়। "তেওঁ এনপিএ শাখাত অন্তৰ্ভুক্ত হ'ল, কিন্তু ১.৫ লাখ টকাৰ উৰ্ধতম সীমাৰ চৰ্তই নিশ্চিত কৰিলে যে তেওঁ ঋণ বিষয়ে একো কৰিব নোৱাৰে।"


PHOTO • Parth M.N.

সুৰেশে জুট ( সোঁফালে ) আৰু তেওঁৰ ভায়েক লক্ষ্মণে ঋণৰ সংকটৰ সময়ত ঘৰৰ দুজনকৈ সদস্য হেৰুৱালে যেতিয়া তেওঁলোকক ৰেহাইৰ বাবে অৰ্হতা নথকা বুলি ধৰা হৈছিল


৩ আগস্তৰ পিছত যেতিয়া কপাহৰ খেতিখিনি শুকাই থকা বুলি চন্দিকাদাসে বুজি পালে, চন্দিকাদাসে বিহ খাই আত্মহত্যা কৰিলে। সুৰেশৰ পৰিয়াল আৰু আত্মীয়-সম্পৰ্কীয়ই জুটৰ জাৱালা জুটস্থিত ঘৰত দেখা কৰিলে। লগতে চেলুত পঢ়ি থকা তেওঁৰ দুই পুত্ৰ আৰু ১৮ বৰ্ষীয় সৰিকাইয়ো তাকেই কৰিলে।

৮ আগস্তৰ দিনা ৰাতিপুৱা সৰিকাই শ্ৰদ্ধাঞ্জলী যাঁচিবলৈ অহাসকলক চাহ দি আছিল। তাৰপিছত তাই এটা কোঠাৰ ভিতৰত সোমাল। বহুসময় ধৰি ওলাই নহাত, ভায়েক এজনে দৰ্জাত টোকৰ মাৰিলে। সৰিকাই কোনো সঁহাৰি নিদিয়াত তেওঁলোকে দৰ্জা ভাঙি সোমাই তাইক নিথৰ দেহ চিলিঙৰপৰা ওলমি থকা দেখা পালে।

চুচাইড নোটত মাৰাথি ভাষাত তাই লিখি থৈ গৈছিলঃ মৰমৰ দেউতা, খুড়াই খেতি বেয়া হোৱা সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিছিল। আমাৰ খেতিবোৰে শুকাই গ'ল। সেই শস্যবোৰৰ সিচাৰ বাবে তুমি টকা ধাৰলৈ আনিছিলা। মই তোমাৰ আৰ্থিক কষ্ট চাই থাকিব নোৱাৰো। বায়ে যোৱাবছৰে বিয়া হৈ গুছি গ'ল আৰু তুমি আজিলৈ সেই ঋণ শুজিব পৰা নাই। মই ভয় খাইছো যে মোৰ বিয়াই তোমাৰ চিন্তা বঢ়াব। সেয়ে মই মোৰ জীৱন শেষ কৰিছো যাতে তোমাৰ তেনে নহয়।"

এসপ্তাহতে পৰিয়ালৰ দুজনকৈ সদস্য হেৰুওৱাৰ শোকত ম্ৰিয়মান হৈ পৰা সুৰেশে কেতিয়াও হেনো আশা কৰা নাছিল যে সৰিকাই এনেদৰে এটা তাত্ক্ষণিক সিদ্ধান্ত লৈ পেলাব। "আমি তাৰে দুদিন আগতে পথাৰলৈ গৈছিলো, তাতে তাই শস্যবোৰৰ অৱ্স্থা দেখিছিল," তেওঁ মনত পেলাই কলে, চকু তেওঁৰ চলচলীয়া। "মই নিৰক্ষৰ। তায়েই প্ৰায়ে মোৰ হিচাপ-নিকাচ মিলায়। আমি তাইৰ ভনীয়েকৰ বিয়াত কিমান খৰছ কৰিছিল সেয়া তাই জানিছিল। জীয়েকবোৰ খুব অনুভুতিশীল। সিহতে নিজৰ মাক-দেউতাকক লৈ যিমানখিনি চিন্তা কৰে, সিমানখিনি আন কোনেও নকৰে।"

তেওঁ ঋণ ৰেহাইৰ বাবে যোগ্য বিবেচিত হ'লে বোধকৰো সৰিকা ইমান চিন্তিত হৈ নপৰিলেহেঁতেন, সুৰেশে কয়। তাইৰ মৃত্যুৰ ঘটনাই গোটেই গাঁওখনকে জোকাৰি গৈছিল। এই মৰ্মন্তুদ ঘটনাটোই জিলা উপায়ুক্তক তেওঁলোকৰ পৰিয়ালক দেখা কৰি তেওঁলোকৰ বেংকৰ ঋণৰ সবিশেষ জানিবলৈ বাধ্য কৰায়। যদিও তেওঁ নিয়ম অধীনত ঋণ ৰেহাইৰ বাবে উপযুক্ত নহয়, তথাপি উপায়ুক্তগৰাকীয়ে সুৰেশক ঋণৰ বিষয়ে চিন্তা নকৰিবলৈ অনুৰোধ জনায়।

মাৰাথৱাড়াৰ আন বহুতো খেতিয়কৰ দৰে সুৰেশৰ ঋণো ৰেহাই দিয়া হ'ব, কিন্তু সেয়া হ'ব এক চূৰ্ণ-বিচূৰ্ণ কৰি পেলোৱা মূল্যৰ বিনিময়ত।

ফটোবোৰঃ পাৰ্থ এম.এন.
Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Rashmi Rekha Das
rashmirekhadas123@gmail.com