সোমবাৰৰ এটি উষ্ম ৰাতিপুৱা ৭ বজাত বন্দনা কলি আৰু গায়ত্ৰী পাটিলে মুম্বাইৰ ছাছুন ডকৰ সেতুখনত মাছ কঢ়িয়াই অনা নাওখন অহালৈ উৎকণ্ঠাৰে বাট চাই ৰৈছে।
তেওঁলোকে সেইদিনা ৰাতিপুৱা কোলাবাৰ কলিৱাড়া অঞ্চলত থকা তেওঁলোকৰ ঘৰৰপৰা জাহাজঘাটলৈ মাছ নিবলৈ প্ৰায় দুই কিলোমিটাৰ খোজকাঢ়ি আহিছে। এয়া হ’ল তেওঁলোকৰ সপ্তাহৰ পাঁচদিন তেওঁলোকৰ নিত্যনৈমিত্তিক কাম – সতেজ মাছবোৰ কিনা আৰু সেইবোৰ ওচৰৰ বজাৰত বিক্ৰী কৰা (মঙলবাৰ আৰু বৃহস্পতিবাৰে বহুতে মাছ নাখায় কাৰণে বিক্ৰী কম হয়, তেওঁলোকে কয়)।
“দেওবাৰবোৰত আমাৰ ব্যৱসায় আটাইতকৈ ভাল হয়, কিন্তু যোৱাকালি মোৰ বিশেষ লাভ নহ’ল। মই এই লোকচান পূৰাব লাগিব নহ’লে আমি এই সপ্তাহৰ ৰচদ-পাতি গোটাবৰ বাবে বহুত কষ্ট কৰিব লাগিব।” ৫৩ বছৰীয়া বন্দনাই কয়। তেওঁ আৰু ৫১ বছৰীয়া গায়ত্ৰী দুয়োগৰাকীয়েই কলি সম্প্ৰদায় (মহাৰাষ্ট্ৰৰ এক পিছপৰা সম্প্ৰদায় হিচাপে তালিকাভুক্ত)ৰ আৰু ২৮ বছৰ ধৰি তেওঁলোকৰ বন্ধুত্ব অটুট আছে।
জাহাজঘাটটোত নাওবোৰ লাগিবলৈ আৰম্ভ কৰে আৰু তাত বাট চাই থকা প্ৰায় ৪০-৫০ গৰাকী মহিলাই মাছৰ নিলাম কৰোঁতাসকলৰ চাৰিওফালে গোট খায়হি। মাছৰ নিলাম কৰোঁতাসকল হ’ল কিছুমান মধ্যভোগী যি নাৱৰ গৰাকী বা মাছমৰীয়াসকলক মাছ বিক্ৰী কৰে। “চল, আতা দে ২০০ মাধে (আহ, এয়া ২০০ টকাত দে),” বন্দনাই কয়। তেওঁ অলপ মিছামাছ ২৪০ টকাত বন্দৱস্ত কৰিলে। পুৱা ৯ বজাৰ আশে-পাশে, যথেষ্ট দৰ-দাম কৰাৰ পাছত, তেওঁ আৰু গায়ত্ৰীয়ে মিছামাছ, শ্ৰিম্প আৰু ব’ম্বিল আনিলে। দিনটোৰ দৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে সাধাৰণতে প্ৰতিবাৰতে মুঠতে ৭ৰ পৰা ১০ কিলো মাছ কিনে।
বন্দনাই গায়ত্ৰীক ইংগিত দিয়ে: “ঘেটলা, নিঘুয়া (পাই গ’লোএইখিনি পালো, যাওঁগৈ ব’ল)”।
'ইয়াত (কলিৱাড়াত) মহিলাসকলে স্বাস্থ্যপৰীক্ষা নকৰায়, তেওঁলোকে মাত্ৰ পেইনকিলাৰ লয়। হস্পিতাললৈ গৈ খৰছ কৰিবলৈ তেওঁলোকৰ পইচা নাই আৰু এতিয়া ক’ভিডৰ বাবেও তেওঁলোকে ডাক্তৰৰ ওচৰলৈ যাবলৈ ভয় কৰে...'
“আমি আৰু বেছি কিনিব পাৰিলোঁহেঁতেন, কিন্তু ক’ভিডৰ বাবে আমাৰ ব্যৱসায় মন্থৰ হৈ পৰিছে।” - বন্দনাই কয় (ধুমুহাত আশ্ৰয়হীন হৈ পৰা মুম্বাইৰ মাছমৰীয়া চাব পাৰে)। “আগৰ দৰে মানুহে আমাৰ পৰা মাছ নিকিনা হ’ল,” মাছেৰে ভৰ্তি হৈ থকা নীলা প্লাষ্টিকৰ চৰিয়াটো সীতা ছেল্কেৰ মূৰত তুলি দিয়াত সহায় কৰি থাকোঁতে তেওঁ আকৌ কয়। ছাছুন ডকত সীতা আৰু অন্য মুটিয়াসকলে কোলাবাৰ মাছৰ বজাৰলৈ চৰিয়া আৰু পাচিবোৰ কঢ়িয়াবলৈ প্ৰায় ৪০-৫০ টকাকৈ লয়। সেইদিনা গায়ত্ৰীয়ে সেইফালে যোৱা এগৰাকী প্ৰতিবেশীৰ দুচকীয়া বাহনত তেওঁৰ পাচিটো পঠিয়াইছিল।
“আগতে, মই এই পাচিটো মূৰত তুলিয়েই কঢ়িয়াব পাৰিছিলো, কিন্তু মোৰ হাৰ্টৰ অপাৰেশ্যনৰ পাছৰ পৰা মই বেছি ওজন কঢ়িয়াব নোৱৰা হ’লো,” বন্দনাই কয়। সীতাই তেওঁৰ মূৰত চৰিয়াটো ঠিক কৰি দিয়াৰ পাছতে তিনিও গৰাকী মহিলাই প্ৰায় দুই কিলোমিটাৰ আঁতৰত থকা বজাৰখনৰ ফালে খোজ দিছিল। মাজতে তেওঁলোকে এখন ক’ল্ড ষ্ট’ৰেজৰ দোকানৰ সন্মুখত ৰৈছিল য’ত বন্দনাই দুখন ১০ টকীয়া নোট দি এক পাচি ভঙা বৰফৰ টুকুৰা কিনিছিল।
২০১৮ চনৰ ডিচেম্বৰত বন্দনাই এটা এনজিঅ’প্লাষ্টি কৰিবলগীয়া হৈছিল। এৰাতি তেওঁ বুকুৰ বিষত ভোগাত তেওঁৰ স্বামীয়ে তেওঁক দক্ষিণ মুম্বাইৰ নাগপাৰা অঞ্চলত থকা ৰাজ্যিক চিকিৎসালয়লৈ লৈ গৈছিল। তাতে পৰিয়ালটোক জনোৱা হৈছিল যে বন্দনা হৃদৰোগত আক্ৰান্ত হৈছে। “এই অস্ত্ৰোপচাৰটোৰ পাছত মই আনকি এক লিটাৰৰ পানীৰ বটল এটাও কঢ়িয়াব নোৱৰা হ’লো। শৰীৰটো ভাঁজ কৰা বা ঘূৰি ফুৰা কাম কৰাটো কঠিন হৈ পৰিল। মোৰ স্বাস্থ্যৰ এই দুৰৱস্থা স্বত্বেও মই মোৰ পৰিয়ালটোৰ বাবে কাম কৰিবলগীয়া হয়,” তেওঁ কয়।
গায়ত্ৰীৰ ফালে চাই তেওঁ কয়, “তাই হস্পিতাললৈ সদায় ডাব্বা (টিফিন) লৈ আহিছিল। মই যেতিয়া হস্পিতালত ভৰ্তি হৈছিলোঁ, তাই মোৰ স্বামী আৰু পুত্ৰলৈও খাদ্য পঠিয়াইছিল। নিজৰ কঠিন সময়ৰ মাজতো তাই মোৰ পৰিয়ালটোৰ যত্ন ল’বলৈ আগবাঢ়ি আহিছিল। সেয়া আছিল মোৰ বাবে এক ডাঙৰ সকাহ। যিহেতু আমি দুয়োৱেই দৰিদ্ৰ, গতিকে আমি ইজনীয়ে সিজনীক টকা-পইচাৰে সহায় কৰিব নোৱাৰোঁ, কিন্তু আমি সদায় ভাল বন্ধু হৈ আছোঁ।”
গায়ত্ৰীয়ে কিডনী সংৰোপণ প্ৰক্ৰিয়াৰ পাছত থাকি যোৱা দাগটো দেখুৱাবলৈ তেওঁৰ শাড়ীৰ আঁচলখন সামান্য কোঁচাই ল’লে। “মোৰ ছোৱালীজনীক এটা কিডনীৰ প্ৰয়োজন আছিল আৰু ভগৱানৰ কৃপাত মোৰ কিডনীটো মিলি গ’ল,” তেওঁ কয়। “কিন্তু তাই বহুত কষ্ট ভূগিলে। বিষত তাই কান্দি থাকিবলগীয়া হৈছিল।”
২০১৫ চনৰ মে’ মাহত গায়ত্ৰীৰ ২৫ বছৰীয়া জীয়ৰী শ্ৰুতিকাৰ সকলো সময়তে গা বেয়া হৈ থাকিবলৈ লৈছিল। পৰিয়ালৰ লোকে তাইক কেইবাখনো স্থানীয় ক্লিনিকত দেখুৱাইছিল, কিন্তু জ্বৰ ভাল হোৱা নাছিল, আকৌ আৰম্ভ হৈছিল। তাইৰ মুখখন ক’লা পৰি আহিছিল আৰু ভৰিবোৰ ফুলিছিল। তেতিয়া তাইক দক্ষিণ মুম্বাইৰ এখন ৰাজ্যিক হস্পিতাললৈ লৈ যোৱা হৈছিল, কিন্তু শ্ৰুতিকাৰ মতে তাত চিকিৎসা পৰ্যাপ্ত নাছিল। “মোৰ গা খুব বেয়া হৈ আহিছিল, গতিকে বাবাই আৰু ৰিস্ক নোলোৱাৰ সিদ্ধান্ত লৈছিল। আমি (ব্যক্তিগতভাৱে পৰিচালিত) ব’ম্বে হস্পিতাললৈ গৈছিলোঁ,” তাই কয়। তাত শ্ৰুতিকা আৰু অভিভাৱকক কোৱা হৈছিল যে তাইৰ দুয়োটা কিডনীয়েই বেয়া হৈছে আৰু কিডনী সংৰোপণ কৰিব লাগিব।
হস্পিতালত ১০ দিন আৰু সংক্ৰমণৰ আশংকা কমাবলৈ কলিৱাড়াত এটা ভাৰাত লোৱা কোঠাত তিনিমাহ থকাৰ পাছত, পৰিয়ালটোৰ বিল হৈছিলগৈ প্ৰায় ১০ লাখ টকা। “মা আৰু বাবাই আমাৰ চিনাকি প্ৰত্যেকৰে পৰা টকা ধাৰলৈ ল’বলগীয়া হৈছিল। মোৰ ডায়েলাইছিছ কৰা হৈছিল। আমাৰ সম্বন্ধীয় লোকসকলে সহায় কৰিছিল আৰু বাবাই তেওঁৰ নিয়োগকৰ্তাৰ পৰা ঋণ (৩ লাখ টকা) লৈছিল,” শ্ৰুতিকাই কয়। পৰিয়ালটোৱে এটা এনজিঅ’ৰ পৰাও আৰ্থিক সহায় লাভ কৰিছিল। তাই আৰু কয়, “দেউতাই এতিয়াও সেই ঋণৰ ধন পৰিশোধ কৰি আছে।”
অস্ত্ৰোপচাৰৰ পাছত গায়ত্ৰী আৰু শ্ৰতিকাক ডাক্তৰে গধুৰ বস্তু দঙাত বাধা দিছিল। “বস্তু নকঢ়িয়াওৱাকৈ মই কেনেকৈ কাম কৰিম? এতিয়াও মই প্ৰতি মাহতে ছোৱালীজনীৰ ঔষধৰ বাবে যথেষ্ট খৰচ কৰিবলগীয়া হয়,” গায়ত্ৰীয়ে কয়। এই খৰচ প্ৰায় ৫০০০ টকা। “তাই আনকি এটা টেবলেটো কেতিয়াও নোখোৱাকৈ থাকিব নোৱাৰে। নহ’লে তাই বৰ কষ্ট পায়। তাইৰ চিকিৎসাৰ বাবে এটা-এটা টকা সাঁচিবলগীয়া হয়। কেতিয়াবা মোৰ পিঠি আৰু ভৰিৰ বিষ হয়, কিন্তু এয়া কেৱল মোৰেই নহয়। বহুতো মহিলাই এনেধৰণৰ বিষ লৈয়েই কাম কৰে। ভান্দুৰো আনকি এটা অপাৰেশ্যন হৈছিল।”
ইয়াত (কলিৱাড়াত) মহিলাসকলে ডাক্তৰক নেদেখুৱায়, তেওঁলোকে মাত্ৰ পেইনকিলাৰ লয়। হস্পিতালৰ বিলৰ বাবে খৰচ কৰিবলৈ তেওঁলোকৰ পইচা নাই আৰু এতিয়া ক’ভিডৰ বাবেও তেওঁলোকে ডাক্তৰৰ ওচৰলৈ যাবলৈ ভয় কৰে। কলিৱাড়াত কেৱল এখনেই সৰু ক্লিনিক (ব্যক্তিগত) আছে যিখন সদায় ৰোগীৰে ভৰ্তি হৈ থাকে। আৰু সেইখন লকডাউনৰ সময়ত (যোৱা বছৰ) বন্ধও হৈ আছিল,” গায়ত্ৰীয়ে কয়। “আমাৰ মানুহখিনিয়ে বহুত ভূগিছে। মানুহে ভাবে কলিসকল চহকী। কিন্তু আমাৰ সম্প্ৰদায়ত দুখীয়া লোকো আছে। লকডাউনৰ সময়ত আমাক কমেও এটা ভাল দিন দিবৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো। জাহাজঘাট বন্ধ হৈ আছিল। আমাৰ ঘৰত আনকি আলু-পিঁয়াজো নাছিল – আমাৰ তেনেকুৱা অৱস্থা হৈছিল। আমি দাইল খায়েই জীয়াই আছিলোঁ।”
অতি ঠেক গলিৰ দুয়োফালে সৰু সৰু এমহলীয়া আৰু দুমহলীয়া ঘৰৰ সৈতে তেওঁ বাস কৰা অঞ্চলটোত ৮০০টা পৰিয়াল আৰু ৪১২২ গৰাকী লোক (সাগৰীয় মীনমহল লোকপিয়ল, ২০১০ৰ মতে) থাকে। যোৱা বছৰ কোলাবাৰ কোনো কোনো অংশ কিছুদিন ধৰি ক’ভিডৰ ‘কণ্টেইনমেণ্ট এলেকা’ ঘোষিত হোৱাৰ বাবে “কোনেও কলিৱাড়ালৈ আহিব আৰু তাৰপৰা ওলাই যাব পৰা নাছিল। আনকি আমাক ৰেছন দিব বিচৰা লোকসকলকো সোমাবলৈ অনুমতি দিয়া হোৱা নাছিল। সেই সময় বৰ কঠিন আছিল। আমি আমাৰ আহাৰৰ পৰিমাণ কমাবলগীয়া হৈছিল,” ২০২০ৰ মাৰ্চ মাহৰ পৰা হোৱা লকডাউনৰ প্ৰথম কেইটামান মাহৰ কথা মনত পেলাই বন্দনাই কয়।
আনকি বজাৰবোৰ পুনৰ খোলাৰ পাছতো ইয়াৰ বহু পৰিয়ালে পাচলি কিনিব পৰা নাছিল, কাৰণ তেওঁলোকৰ হাতত পইচা বা কাম কোনোটোৱেই নাছিল। লকডাউনৰ আগতে বন্দনা আৰু গায়ত্ৰী দুয়োগৰাকীৰে এদিনত মোটামুটি ৫০০ টকাকৈ লাভ হৈছিল। নিৰ্দেশনা মতে বছৰি ২১ মে’ৰ পৰা ১ আগষ্টলৈ সকলো মাছ ধৰা কাৰ্য সাময়িকভাৱে বন্ধ কৰা হয়। সেইসময়ত কিছুদিনৰ বাবে উপাৰ্জন শূন্য হয়। তাৰপাছত, যোৱা বছৰ ছেপ্টেম্বৰৰ পৰা তেওঁলোকৰ উপাৰ্জন সপ্তাহটোৰ পাঁচদিন দিনে প্ৰায় ৩০০ টকাকৈ হৈছে।
আমি চাৰে দহমান বজাৰ আশে-পাশে বজাৰৰ ফালে খোজকাঢ়ি গৈ থাকিলো। দুই বান্ধৱীয়ে দোকান দিয়া ঠাইখিনি পোৱা সময়তে তেওঁলোকক আগতে কামত ৰখা মালিকজনক দেখা পালে। আগৰ মালিকজনৰ ঘৰুৱা কিবা কাম আছে নেকি তেওঁ সুধিলে আৰু দিনটোৰ খৰছবোৰৰ কথা পাতিবলৈ ল’লে। “প্ৰতি মাহে ঘৰ ভাৰা ৬০০০ টকাৰ বাহিৰেও আমি মাছ বিক্ৰী কৰিবলৈ বহুওৱা ষ্টলখনৰ ঠাইখিনিৰ বাবদ দিনে ২০০ টকাকৈ দিবলগীয়া হয়। আমাৰ স্বামী আৰু সন্তানেও কাম কৰিবলৈ যায়,” বন্দনাই কয়।
তেওঁৰ স্বামী ৫৯ বছৰীয়া যশৱন্ত কলি আৰু গায়ত্ৰীৰ স্বামী ৪৯ বছৰীয়া মনোজ পাটিল দুয়োজনেই ছাছুন জাহাজঘাটত মাছ ধৰা জাল মেৰামতি কৰা শ্ৰমিক হিচাপে কাম কৰিছিল আৰু ২০২০ চনৰ মাৰ্চ মাহত লকডাউন আৰম্ভ হোৱাৰ আগলৈকে দিনে ২০০-৩০০ টকাকৈ উপাৰ্জন কৰিছিল। বন্দনাই কয়, তেওঁৰ স্বামীয়ে এতিয়া দিনটো মদ্যপান কৰিয়েই কটায় আৰু কামলৈ উভতি যোৱা নাই। গায়ত্ৰীৰ স্বামীয়ে যোৱাবছৰ জানুৱাৰী মাহত তেওঁৰ বাওঁ বাউসিত আঘাত পালে আৰু তেতিয়াৰে পৰা তেওঁ আগৰ দৰে জাল মেৰামতি কৰা কাম কৰিব নোৱাৰা হ’ল।
বন্দনা আৰু গায়ত্ৰীৰ পুত্ৰ ক্ৰমে ৩৪ বছৰীয়া কুনাল আৰু ২৬ বছৰীয়া হিতেশে এটা খাদ্য যোগান ধৰা কোম্পানীত ডেলিভাৰী বয় হিচাপে কাম কৰি মাহে ৩০০০-৪০০০ টকাকৈ উপাৰ্জন কৰিছিল। কিন্তু লকডাউনৰ সময়ত তেওঁলোকে কাম হেৰুৱালে আৰু তেতিয়াৰে পৰা কৰ্মহীন হৈ আছে। এইবছৰ জুন মাহত শ্ৰুতিকাই কোলাবাৰ এখন জোতাৰ দোকানত এটা চাকৰি পালে আৰু তাই এতিয়া মাহে ৫০০০ টকাকৈ উপাৰ্জন কৰে।
আমি বজাৰখন গৈ পাওঁতে, বন্দনাই সীতাক মাছখিনি কঢ়িয়াই দিয়াৰ বাবে পইচা দি আছিল আৰু ৰাস্তাৰে পাৰ হৈ যোৱা এজন মানুহৰ সহায়ত তেওঁৰ মূৰৰ পৰা পাচিটো নমাইছিল। তেওঁ এটা ডাঙৰ থাৰ্ম’ক’লৰ কাৰ্টন মাটিত থ’লে আৰু তাৰ ওপৰতে এটুকুৰা কাঠৰ তক্তা পাৰি তাত মাছখিনি মেলি দিলে। তেতিয়া পুৱা প্ৰায় ১১ বাজিছিল। এইখিনি সময়তে তেওঁ গ্ৰাহকক মাতিবলৈ আৰম্ভ কৰে: “ঘে গা তাই”, “তাই ইথে য়ে”, “ঘে ৰে, মাউসী।”
গায়ত্ৰীয়েও তেওঁৰ ষ্টলখন পাতি লয় আৰু ক্ৰেতাৰ সন্ধান কৰে। দুপৰীয়া ১ বজাৰ আশে-পাশে তেওঁ কোলাবাতে ওচৰৰ এটা এপাৰ্টমেণ্টলৈ ঘৰুৱা সহায়কাৰী হিচাপে কাম কৰিবলৈ যায়। মাছ বিক্ৰীৰ ব্যৱসায় কমি অহাৰ পাছত ২০২০ৰ চেপ্তেম্বৰ মাহৰ পৰা তেওঁ কেইঘৰমানত ৰন্ধা-বঢ়া আৰু চাফ-চিকুণ কৰাৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল। পাঁচ ঘণ্টাকৈ কাম কৰি তেওঁ মাহে প্ৰায় ৪০০০ টকা উপাৰ্জন কৰে। “লকডাউনৰ সময়ত এগৰাকী মেডামে মোক আনকি এটকাও দিয়া নাছিল। মই এগৰাকী অস্থায়ী কৰ্মী। গতিকে তেতিয়াও মই উপায়হীন হৈ কাম কৰিবলগীয়া হৈছিল।” ষ্টলখন এৰি থৈ বন্দনাক চাবলৈ দি তেওঁ কৈছিল। “এই মাছখিনি তাই বিক্ৰী কৰিব। আমি এইদৰেই ইজনীয়ে সিজনীক সহায় কৰোঁ। তাইৰ চাউল নাথাকিলে মই তাইক দিওঁ। আৰু মোৰ যদি দাইল নাথাকে, তাই মোক দিয়ে।”
বন্দনা আৰু গায়ত্ৰী দুয়োগৰাকীয়ে প্ৰায় চাৰিটা দশক ধৰি মাছ বিক্ৰী কৰি আহিছে। গায়ত্ৰী চেণ্ট্ৰেল মুম্বাইৰ মাজগাঁৱৰ কলিৱাড়াত ডাঙৰ-দীঘল হৈছিল আৰু ২৮ বছৰৰ আগতে তেওঁ বিয়াৰ পাছত কোলাবালৈ আহিছিল, আনহাতে বন্দনা আগৰ পৰাই কোলাবা কলিৱাড়াতে আছে।
ওখ ঘৰবোৰৰ বাহিৰে আশে-পাশে বিশেষ একো পৰিৱৰ্তন হোৱা নাই বুলি বন্দনাই কয়। “মই এই গলিবোৰতে ডাঙৰ-দীঘল হৈছিলোঁ। মোৰ মা-দেউতাইও মাছৰ ব্যৱসায়েই কৰিছিল। মই গোটেই জীৱন বহুত কষ্ট কৰিলো, কিন্তু মোৰ পুত্ৰ বা আমাৰ কলি সম্প্ৰদায়ৰ লোকসকলৰ সন্তানে এই কাম কৰাটো নিবিচাৰো।”
অনুবাদ: বন্যা বৰুৱা