যেতিয়া হীৰা মুকানে থানে জিলাৰ ছাহাপুৰ তালুকৰ দূৰৱর্তী অঞ্চলত থকা তেওঁৰ ডালখান গাঁৱৰ ঘৰত আহি উপস্থিত হৈছিল, তেতিয়া ২৭ মার্চৰ নিশা ১ বাজিছিল। হীৰা, তেওঁৰ পুত্র মনোজ আৰু বোৱাৰী শালুৱে ক’তো অকণো নোৰোৱাকৈ ১০৪ কিমি খোজ কাঢ়ি আহিছিল। পালঘৰ জিলাৰ ডাহানু তালুকত অৱস্থিত গঞ্জৰ গাঁৱৰ ওচৰৰ যি ইটা ভটাত তেওঁলোক কাম কৰিবলৈ গৈছিল, তাৰ পৰাই তেওঁলোকে খোজেৰে ঘৰলৈ উভতি আহিছিল।
“কোনো যান-বাহন নাছিল; সেয়ে আমি গোটেই দিনটো খোজ কাঢ়িছিলো। সাধাৰণতে ৰাজ্যিক পৰিবহনৰ বাছখন গঞ্জৰৰ পৰা ছাহাপুৰলৈ যায়”, হীৰাই (৪৫) কয়। হীৰা তথা শালুৰ মূৰত কাপোৰৰ টোপোলা আৰু কিছু বাচন-বর্তনৰ এটা বস্তা সহ তেওঁলোকে ২৬ মার্চৰ কাহিলি পুৱা ৪ বজাত যাত্রা আৰম্ভ কৰিছিল। এই ২১ ঘন্টাৰ যাত্রাত মনোজৰ মূৰতো এটা ১২ কিলো চাউলৰ বস্তা আৰু হাতত ৮ কিলো ওজনৰ ৰাগী আটাৰ টোপোলা আছিল। “আমাৰ ভৰি নিবিষায়, কাৰণ আমি এনেও ৰাজ্যিক পৰিবহনৰ বাছ অনিয়মীয়া হোৱা বাবে দূৰ-দূৰলৈ খোজ কাঢ়োঁৱে। কিন্তু একোকে উপার্জন কৰিব নোৱৰাটো বৰ কষ্টকৰ”, তেওঁ কয়।
যেতিয়া হীৰাই ২৭ বছৰীয়া মনোজ আৰু ২৫ বছৰীয়া শালুক লৈ ২ মার্চত ইটা ভটালৈ বুলি কাম কৰিবলৈ ওলাইছিল, তেতিয়া তেওঁলোকে মে’ মাহতহে ঘূৰি অহাৰ পৰিকল্পনা কৰিছিল। কিন্তু ২৪ মার্চত দেশজুৰি ঘোষণা হোৱা লকডাউনে তেওঁলোকৰ পৰিকল্পনাৰ ম্যাদ চমুৱাই আনিলে। “আমি মার্চৰ পৰা মে’লৈ অন্তত ৫০,০০০ টকা ঘটিম বুলি আশা কৰিছিলো”, হীৰাই আমাক ফোনযোগে কয়, “মালিকে কাম ৰখালে আৰু আমাক উভতি যাবলৈ ক’লে। তিনি সপ্তাহৰ বাবদ তেওঁ আমাক মাথোন ৮,০০০ টকাহে দিলে।”
সেয়ে যেতিয়া তেওঁলোক তিনিজন অপ্রত্যাশিতভাৱে মার্চৰ শেষত আহি ডালখান পালেহি, হীৰাৰ স্বামী ভিত্থাল (৫২) আৰু কন্যা সংগীতা (১৫) আশ্চৰ্যচকিত হৈ পৰিছিল- হীৰাই ফোন যোগেও তেওঁলোক উভতিবলগা খবৰ ঘৰত দিব পৰা নাছিল। ঘৰৰ বাকী সকল গঞ্জৰলৈ যাওঁতে কাচিকোষীয়া ৰোগত আক্রান্ত আৰু শাৰীৰিক শ্রম কৰাত অক্ষম ভিত্থাল জীয়ৰী সংগীতাৰ লগত গাঁৱত থাকি গৈছিল।
২০১৮ ৰ জুলাই মাহত, ৰাতিৰ সাজৰ বাবে ডালখানৰ এখন ফাৰ্মত পাচলি তুলি থকা অৱস্থাত আমি হীৰাক লগ পাইছিলো। তেওঁ মহাৰাষ্ট্রৰ বিশেষভাবে প্ৰতিৰোধহীন জনজাতিৰ তালিকাভুক্ত কাটকাৰী জনজাতিৰ মহিলা।

হীৰা মুকানে (কন্যা সংগীতাৰ লগতঃ ফাইল ফটো) এটা ইটা ভটাত কাম কৰিবলৈ গৈ কেৱল তিনি সপ্তাহত ডালখান গাঁৱলৈ উভতে।
ঘৰ এৰি এটা ভটা এটাত কাম কৰিবলৈ যোৱাৰ সিদ্ধান্তটো আছিল হীৰাৰ পৰিয়ালৰ বাবে এটা ডাঙৰ পদক্ষেপ- এইখন ক্ষেত্রত এয়াই তেওঁলোকৰ প্রথম কাম আছিল। ইয়াৰ আগলৈকে তেওঁলোকে ভূমিহীন কৃষি শ্রমিক হিচাপে জীৱন যাপন কৰিছিল। কিন্তু যেতিয়া ২০১৭ ৰ পৰা ২০১৯ লৈ ডালখানৰ মাটিৰ মালিকসকলে তেওঁলোকৰ পামসমূহ মুম্বাই-নাগপুৰ এক্সপ্রেছ পথৰ বাবে বিক্রী কৰিবলৈ ধৰে, ই হীৰাহঁতৰ জীৱনক প্রভাৱিত কৰিবলৈ লয়।
“আমি প্রায় এবছৰতকৈও অধিক সময় পামত বিশেষ কাম পোৱা নাই, সেইবাবেই আমি ইটা ভটাত কাম কৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিলো। কিন্তু আমাৰ দুৰ্ভাগ্য- এই বেমাৰটোৰ কাৰণে আমি ঘূৰি আহিবলগা হ’ল”, হীৰাই কয়।
কৃষি শ্রমৰ পৰা হীৰা, মনোজ আৰু শালুৱে কৰা উপাৰ্জনৰ পৰাই তেওঁলোকৰ ঘৰখন চলি আহিছে। খেতিৰ দিনত মাহটোৰ মোটামুটি ২০ দিনত পামৰ দৈনিক হাজিৰা হিচাপে ১০০ টকাকৈ তিনিওৰে মুঠ মাহিলী উপার্জন প্রায় ৫০০০-৬০০০ টকা হয়গৈ। খেতিৰ পাছত থানে, কল্যান বা মুম্বাইৰ কনষ্ট্রাকশ্যন ছাইটসমূহত কাম কৰি মনোজে আৰু ৬০০০ মান টকা বেছিকৈ উপার্জন কৰে। “মই দুমাহৰ বাবে যাওঁ আৰু জুনত খেতি চপোৱাৰ সময় হোৱালৈ উভতি আহোঁ। মই চিমেণ্টৰ মাজত কাম কৰাতকৈ পামত কাম কৰি বেছি ভাল পাওঁ”, মনোজে আমাক ২০১৮ ত কৈছিল।
পৰিয়ালটোৱে তেওঁলোকৰ উপার্জনখিনি চাউল, ডাইল, তেল-নিমখৰ দৰে অত্যাৱশ্যকীয় সামগ্রী তথা ভিত্থালৰ চিকিৎসাৰ খৰচ আৰু এটা কোঠালীৰ খেৰি ঘৰটোৰ বিজুলীৰ বিলত খৰচ কৰে। ভিত্থালে মাহটোত দুবাৰকৈ ছাহাপুৰ উপ-জিলা চিকিৎসালয়ত ৰক্ত সঞ্চৰণ আৰু স্বাস্থ্য পৰীক্ষা কৰাব লাগে। আৰু যদি চিকিৎসালয়ত ঔষধ শেষ হয়, তেওঁলোকে ভিত্থালৰ টেবলেট কিনিবৰ বাবে মাহত অতিৰিক্ত ৩০০-৪০০ টকা খৰচ কৰিব লগা হয়।
যেতিয়া ক’ভিড-১৯ ৰ লকডাউন ঘোষণা কৰা হৈছিল, আৰু থানে-পালঘৰৰ ইটা ভটাসমূহৰ কাম স্থগিত কৰা হৈছিল, ৩৮ বছৰীয়া সখী মৈত্রেয় (প্ৰচ্ছদ ফটোত) আৰু তেওঁৰ পৰিয়ালো ডাহানু তালুকৰ চিঞ্চালে গাঁৱৰ ৰাণ্ডোলপাড়ালৈ উভতি আহিব লগা হৈছিল। তেওঁলোকে ফেব্রুবাৰীৰ পৰা কাম কৰি থকা থানে জিলাৰ ভিৱাণ্ডি তালুকৰ গণেশপুৰী গাঁৱৰ ওচৰৰ ইটা ভটাৰ পৰা প্রায় ৭০ কিমি বাট খোজেৰে অতিক্রম কৰিছিল।
সখীৰ স্বামী ঋষ্য (৪৭), কন্যা সাৰিকা (১৭) আৰু পুত্র সুৰেশ (১৪) সহিতে সখীৰ চাৰিজনীয়া পৰিয়ালটো ৰাণ্ডোলপাড়াত বাস কৰা ২০ টা ৱাৰ্লি আদিবাসী পৰিয়ালৰ এটা। থানে আৰু পালঘৰত বাস কৰা অন্যান্য জনজাতীয় পৰিয়ালৰ দৰে তেওঁলোকো প্রতিবছৰে ইটা ভটাত কাম কৰিবলৈ যায়।


ৰাণ্ডোলপাড়া গ্ৰামৰ সখী মৈত্রেয় আৰু তেওঁৰ পৰিয়ালটোৱে এই বছৰৰ ফেব্ৰুৱাৰীত এটা ইটা ভটাত কাম কৰিবলৈ গৈছিলঃ “যোৱা বছৰ আমি যাব নোৱাৰিলো, কিয়নো ভূমিকম্পই আমাৰ পঁজাটো ভাঙি পেলাব বুলি আমি ভয় খাইছিলোঁ। সেয়ে আমি ঘৰখন বচাবলৈ থাকি গ’লো” (ফাইল ফটো)
পালঘৰৰ পূর্বে, থানে জিলাৰ একাংশ ২০১৪ চনত অন্য জিলাত বিভক্ত হৈছিল। অবিভক্ত জিলাখনত অনুসূচীত জনজাতিৰ জনসংখ্যা আছিল ১৫,৪২,৪৫১- মুঠ জনসংখ্যাৰ (২০১১ লোকপিয়ল) ১৩.৯৫ শতাংশ। মা ঠাকুৰ, কাটকাৰী, ৱার্লি, মলহাৰ কলি আৰু অন্যান্য জনজাতিসকলে এই জিলাসমূহৰ প্রায় ৩,৩০,০০০ হেক্টৰ কালি জোৰা অৰণ্যৰ আশে-পাশে বাস কৰে।
প্রতি বছৰে, থানে আৰু পালঘৰৰ এই আদিবাসী কৃষি শ্রমিকসকলে নৱেম্বৰত মৌচুমী ঋতুত খেতি চপোৱাৰ পাছৰ পৰা প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ অধিকাংশই পৰৱৰ্তী মৌচুমী কাল নহা পর্যন্ত ইটা ভটাত কাম কৰিবলৈ যায়।
সখীৰ পৰিয়ালে সাধাৰণতে ভটাত ইটা বনাই বছৰি ৬০,০০০-৭০,০০০ টকা উপার্জন কৰে। “যোৱা বছৰ আমি যাব নোৱাৰিলোঁ, কিয়নো আমি ভূমিকম্পই আমাৰ পঁজাটো ভাঙি পেলাব বুলি ভয় খাইছিলোঁ। সেয়ে আমি ঘৰখন বচাবলৈ থাকি গ’লোঁ”, সখীয়ে আমাক ফোনেৰে কয়।
যেতিয়া আমি তেওঁক ২০১৯ চনৰ মার্চত লগ পাইছিলোঁ, তেতিয়া তেওঁৰ এছবেষ্টাৰ-চালিৰ মাটিৰ ঘৰটো এটা ভূমিকম্পত ফাঁট মেলিছিল। এই ভূমিকম্পটো আছিল ২০১৮ ৰ নৱেম্বৰৰ পৰা পালঘৰৰ ডাহানু আৰু তালছাৰি তালুকক জোঁকাৰি থকা ১০০০ তকৈ অধিক ভূমিকম্পৰ মাজৰ এটা সৰু ভূমিকম্প। সেই মাহতে তেতিয়ালৈকে সর্বাধিক ৪.৩ মাত্রাৰ এটা ভূমিকম্পই দাহানুক জোকাৰি গৈছিল। সেয়েহে ২০১৯ত ৰাণ্ডোলপাড়াৰ ৱাৰ্লি পৰিয়ালসমূহ ভটাৰ কামলৈ নগৈ ঘৰখন ৰক্ষা কৰিবৰ বাবে থাকি গৈছিল।
এই বছৰ সখী আৰু তেওঁৰ পৰিয়ালটো ফেব্রুৱাৰী মাহত ভটাত কাম কৰিবলৈ গৈছিল, কিন্তু লক ডাউন ঘোষণা কৰাৰ পাছত দুমাহতকৈও কম দিনৰ ভিতৰত উভতি আহিবলগীয়া হৈছিল। ২৭ মার্চৰ সূৰ্যোদয়ৰ পূর্বে তেওঁলোকে তেওঁলোকৰ কাপোৰ, বাচন আৰু ১০ কিলো চাউলৰ বস্তা- সকলো মূৰৰ ওপৰত তুলি গণেশপুৰীৰ পৰা উভতনি যাত্রা আৰম্ভ কৰিছিল। “মালিকে ভটা বন্ধ কৰি দিছে আৰু তেওঁ আমাক আমি কাম কৰা ৭ সপ্তাহৰ মাননি দিছে। কিন্তু আমাৰ প্রয়োজন আৰু বেছি আছিল। যোৱা বছৰো আমি একো উপার্জন কৰিব নোৱাৰিলোঁ। গোটেই বছৰৰ বাবে ২০,০০০ টকাৰে আমি কি কৰিম?” সখীয়ে প্রশ্ন কৰে। তেওঁ জানেনে মালিকে তেওঁলোকক কিয় ভটা এৰি আহিবলৈ কৈছিল? “কিবা ভাইৰাছ, মালিকে কৈছিল। আৰু মানুহে মানুহৰ পৰা দূৰত্ব বজাই থাকিব লাগে বুলিও কৈছিল”

বালা আৰু গৌৰী ৱাঘ তেওঁলোকৰ বৃষ্টি-আক্রান্ত ঘৰৰ বাহিৰত, আগষ্ট ২০১৯
প্রতি বছৰে, থানে আৰু পালঘৰৰ এই আদিবাসী কৃষি শ্রমিকসকলে নৱেম্বৰত মৌচুমী ঋতুত খেতি চপোৱাৰ পাছৰ পৰা প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ অধিকাংশই পৰৱৰ্তী মৌচুমী কাল নহা পর্যন্ত ইটা ভটাত কাম কৰিবলৈ যায়।
পালঘৰৰ বিক্রমগড় তালুকৰ বালা ৱাঘ (৪৮) আৰু তেওঁৰ কাটকাৰী জনজাতিৰে আন কেইজনমানে ২০১৯ ৰ প্রচুৰ বৃষ্টিপাতত ভাগি পৰা তেওঁলোকৰ ঘৰবোৰ পুণৰ নির্মাণ কৰাৰ আশা কৰিছিল। বৈতৰণ নদীখন উপচি পৰিছিল আৰু বানপানীত গাওঁখনৰ বহুতো ঘৰ ক্ষতিগ্রস্ত হৈছিল। বানপানীৰ পাছত পত্নী গৌৰী (৩৬), তিনিজনী কিশোৰী কন্যা আৰু এটি ৯ বছৰীয়া পুত্র সহিতে বালাৰ পৰিয়ালটো প্লাষ্টিকৰ টিৰ্পালৰ অস্থায়ী চালিৰ এটা ভগা জুপুৰিত আছে।
ঘৰটো মেৰামতি কৰিব পৰাকৈ উপার্জন কৰাৰ আশাত তেওঁলোকে ছাহাপুৰ তালুকৰ টেম্ভাৰে গাঁৱৰ ওচৰৰ এটা ইটা ভটাত কাম কৰিবলৈ গৈছিল। “আমি তালৈ ১১ মার্চত গৈছিলো আৰু ২৫ মার্চত উভতি আহিছিলো” তেওঁ আমাক ফোনেৰে জনায়। যেতিয়া তেওঁলোকে ঘৰলৈ বুলি ৫৮ কিলোমিটাৰ বাট খোজকাঢ়ি উভতে, তেতিয়া তেওঁলোকৰ হাতত দুসপ্তাহৰ উপার্জন, ৫০০০ টকা।
“সেয়া ইতিমধ্যে শেষ হৈছে”, নিৰাশ আৰু চিন্তাক্লিষ্ট মাতেৰে বালাই কয়। “আশা পেহী (স্বীকৃত সামাজিক স্বাস্থ্যকৰ্মী) আহিছিল আৰু আমাক চাবোনেৰে হাত ধুবলৈ আৰু ইজনে সিজনৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ কৈছিল। কিন্তু য’ত মোৰ পৰিয়ালটোৰ কাৰণে উচিত ঘৰ এটাই নাই, এইবোৰ সম্ভৱ নে? তাতকৈ আমি মৰি থকাই ভাল।”
২৬ মার্চত ক’ভিড ৰিলিফ পেকেজৰ অংশ হিচাপে বিত্ত মন্ত্রীয়ে ঘোষণা কৰা প্রধানমন্ত্রী গৰীৱ কল্যাণ যোজনাৰ অধীনত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাতৰিয়ে বালালৈ কিছু আশাৰ ৰেঙনি কঢ়িয়াই আনে। “গাঁৱৰে এজনে মোক এই বিষয়ে ক’লে,” তেওঁ কয়। “কিন্তু মই কিবা টকা-পইছা পামনে? মোৰ যে কোনো বেংক একাউণ্ট নাই।”
অনুবাদ: সৃষ্টি শ্ৰেয়ম